ষ্টিফেন হকিঙৰ এক স্মৰণীয় আৱিষ্কাৰঃ হকিং বিকিৰণ- পংকজ বৰুৱা

শতিকাৰ শ্ৰেষ্ঠতম বিজ্ঞানী ষ্টিফেন উইলিয়াম হকিঙৰ কৃষ্ণ গহ্বৰ সমন্ধে কৰা আৱিষ্কাৰ সমূহৰ অন্যতম হ’ল এই হকিং বিকিৰণ৷ হকিঙে ১৯৭০ চনৰ পৰা ১৯৭৪ চনলৈকে কেৱল কৃষ্ণ গহ্বৰৰ বিষয়েই অধ্যয়ন চলাই৷ সেই সময় চোৱাত বহুতো মূল্যৱান তত্ত্বৰ তেওঁ আৱিষ্কাৰ কৰে৷ ১৯৭৪ চনৰ শেষৰ ফালে তেওঁ এটা অভাৱনীয় তথ্যৰ আৱিষ্কাৰ কৰি সকলোকে আচৰিত কৰি তুলিলে৷ সেই আৱিষ্কাৰক লৈ তেওঁ নিজেও আচৰিত হৈছিল৷ তেওঁ অঙ্ক কৰি পাইছিল যে কৃষ্ণ গহ্বৰ বোৰ সম্পূৰ্ণ ক’লা নহয়৷ হকিঙে কৈছিল “ I made my most surprising discovery ঃ blackholes r not completely black .“
তেওঁ কৈছিল যে কণিকা আৰু বিকিৰণ কৃষ্ণ গহ্বৰ এটাৰ উপৰিভাগৰ পৰা নিগৰি ওলাই আহিব পাৰে৷ এটা তপত বস্তুৱে তাপ বিকিৰণ কৰাৰ নিচিনাকৈ৷ কৃষ্ণ গহ্বৰেও বিকিৰণ কৰে৷ এই আৱিষ্কাৰক তেওঁ গাণিতিক ভাৱে প্ৰমাণ কৰিও দেখুৱাইছিল৷
হকিং বিকিৰণ নো কি? আমি সদায় শুনিব পাওঁ বা পঢ়িব পাওঁ যে মহাকাশত এক নীৰৱ শূন্যতাই বিৰাজ কৰে৷ কিন্তু কোৱাণ্টাম বিজ্ঞানৰ মতে মহাকাশ একেবাৰে শূন্য নহয় তাত কিছুমান বাস্তৱ কণৰ জন্ম হয় যি বোৰ ধনাত্মক আৰু ঋণাত্মক আধান যুক্ত হয় আৰু এই বোৰ পৰস্পৰে লগ হৈ ধ্বংস হয় এনে কাৰ্য অবিৰাম চলি থাকে৷ কৃষ্ণ গহ্বৰৰ পৰা উলটি যোৱাৰ অসম্ভৱনীয়তাৰ যি পৰিসীমা এই পৰিসীমাৰ চাৰিওফালেও এনে ধনাত্মক আৰু ঋণাত্মক কণিকাৰ সৃষ্টি হয়৷ ঋণাত্মক কণিকা বোৰৰ শক্তি কম আৰু ইহঁতে বাহিৰৰ পৰা বল নোপোৱালৈকে কৃষ্ণ গহ্বৰৰ মাধ্যাকৰ্ষণ বলক অতিক্ৰম কৰি ওলাই আহিব নোৱাৰে আৰু কৃষ্ণ গহ্বৰৰ দিশে গতি কৰে আৰু ওলটি আহিব নোৱাৰে ধনাত্মক কণিকাবোৰ বাহিৰলৈ গতি কৰে যাক কৃষ্ণ গহ্বৰৰ পৰা বাহিৰ হোৱাৰ দৰে লাগে যাক বৈজ্ঞানিক সকলে হকিং বিকিৰণ আখ্যা দিয়ে৷ এই ঋণাত্মক কণাবোৰ কৃষ্ণ গহ্বৰলৈ প্ৰবেশ কৰাটোৱে কৃষ্ণ গহ্বৰ ধ্বংস হোৱাৰ কাৰণ বুলি বিজ্ঞানী সকলে ক’ব খোজে৷ অৱশ্যে আজিলৈকে কোনো কৃষ্ণ গহ্বৰ ধ্বংস হোৱাৰ তথ্য আমাৰ হাতত আজিকোপতি নাই৷ ঋণাত্মক কণা সমূহে কৃষ্ণ গহ্বৰৰ ভৰ হ্ৰাস কৰে আৰু কৃষ্ণ গহ্বৰ সমূহ ক্ৰমান্বয়ে সংকুচিত হৈ গৈ থাকে, ভৰ কমাৰ লগে লগে ইয়াৰ উত্তাপ আৰু বিকিৰণৰ মাত্ৰাও বৃদ্ধি হয় আৰু একেবাৰে শেষত এক মহাবিষ্ফোৰণৰ জৰিয়তে নিজৰ সকলো শক্তি ব্ৰহ্মাণ্ডত বিলীন কৰি দিয়ে৷

S= πAkc3/2hG এইটো আছিল হকিঙৰ বিখ্যাত সমীকৰণ৷
ইয়াত
S=entropy মানে বিশৃংখলতা৷
π=পাই, যিকোনো বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাতক এই ধ্ৰুৱকৰ দ্বাৰা প্ৰকাশ কৰা হয়৷ ই এক অপৰিমেয় সংখ্যা – অৰ্থাৎ ইয়াক দুটা পূৰ্ণ সংখ্যাৰ অনুপাত হিচাপে দশমিক ভগ্নাংশত সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব নোৱাৰি, পাইৰ মান ২২ ভাগৰ ৭ (২২/৭) বা দশমিকত ৩.১৪১৫৯…অসীম হিচাপে ধাৰ্য্য কৰা হৈছে৷

A=area of event horizon যাক উলটি অহাৰ অসম্ভৱৰ সীমা বুলিও ক’ব পাৰি৷
k= বোলট্জম্যান ধ্ৰুৱক পৰিসাংখ্যিক বল-বিজ্ঞানৰ এটি গুৰুত্বপূৰ্ণ মৌলিক ধ্ৰুবসংখ্যা য’ত তাপমাত্ৰা আৰু শক্তিৰ এককৰ মাজত সংযোগ হিচাপে কাম কৰে৷ ইয়াৰ মান 0.00008617 ইলেকট্ৰন ভ’ল্ট প্ৰতি কেলভিন৷
c= পোহৰৰ বেগ ৩০০০০০কিঃমিঃ/চেঃ৷
H=প্লেংকৰ ধ্ৰুৱক মান হ’ল ৬.৬২৬১৯৬×10−৩৪ জুল-ছেকেণ্ড, জাৰ্মান পদাৰ্থবিজ্ঞানী মেক্স প্লেংকৰ নাম অনুসৰি এই ধ্ৰুৱক নামকৰণ কৰা হৈছে৷
G= নিউটনৰ মধ্যাকৰ্ষণিক ধ্ৰুৱক৷

ষ্টিফেন হকিঙৰ অভিনৱ আৱিষ্কাৰ সমূহক প্ৰথমতে সৰ্বসাধাৰণৰ কথাই নাই জনা বুজা বিজ্ঞানী সকলেও বিশ্বাস কৰিবলৈ টান পাইছিল৷ সেইবোৰ সন্দেহৰ চকুৰে চাইছিল৷ তেওঁৰ আৱিষ্কাৰ সমূহ গ্ৰহণ কৰা দূৰৰ কথা বহুতে তাচ্ছিল্যহে কৰিছিল৷ নিৰ্ভুল অংকৰে তেওঁৰ সত্যতা প্ৰমাণ কৰিছিল৷ শেষত সকলো বিজ্ঞানীয়ে তেওঁৰ মত মানি লোৱাই নহয়, কৃষ্ণ গহ্বৰৰ পৰা নিৰ্গত হোৱা কাণসমূহক হকিঙৰ নামেৰে তেওঁলোকে হকিং বিকিৰণ নামে নামকৰণ কৰে৷ হকিং বিকিৰণৰ আৱিষ্কাৰৰ পিছৰ পৰা বিজ্ঞ সমাজত এজন প্ৰাতঃ স্মৰণীয় মনীষী বুলি বিবেচিত হয় আৰু মাত্ৰ ৩২ বছৰ বয়সতেই তেওঁক বৃটেইনৰ ৰয়েল চ’চাইটিৰ ফেল’ হিচাপে নিৰ্বাচিত কৰা হয়৷ এই মৰ্যাদা প্ৰতিজন বিজ্ঞানীৰ বাবে এক সপোন স্বৰূপ৷

ষ্টিফেন হকিঙৰ এই সমীকৰণটোৰ লগত বহু কথা জড়িত হৈ আছে সকলোবোৰ কথা মোৰ দ্বাৰা বৰ্ণিত হোৱা নাই৷ হকিং বিকিৰণ সম্বন্ধে এটি সাম্যক আভাস দিয়াৰ হে চেষ্টা কৰিছোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!