সঠিক চিন্তাৰ আচৰিত ফল (মীনাক্ষী বৰুৱা)

জীৱনটো সুন্দৰভাৱে যাপন কৰিবৰ বাবে প্ৰত্যেকে মানুহৰে এক আকাংক্ষা থাকে৷ সুখী আৰু সুন্দৰ জীৱনৰ বাবে অতীজৰে পৰা বৰ্তমানলৈকে ন ন চিন্তা-চৰ্চা চলিয়েই আছে৷ মনে বিচৰা সকলো পাইও মানুহ অসুখী হোৱা আমি দেখিছো আৰু সাধাৰণ জীৱন যাপন কৰা সুখী মানুহৰ সংখ্যাও এই পৃথিৱীত বৰ তাকৰ নহয়৷ ইয়াৰ দ্বাৰা এই কথা স্পষ্ট হয় যে বাহ্যিক লাহ-বিলাহৰ ওপৰত সুখ নিৰ্ভৰশীল নহয়, ইয়াৰ বাবে প্ৰয়োজন হয় জীৱন সম্পৰ্কে শুদ্ধ দৃষ্টিভংগী৷ অলপতে ভাগি পৰা, হতাশাপূৰ্ণ জীৱন যাপন কৰা, জীৱনত সফলতা লাভ কৰিব নোৱাৰা লোকৰ বাবে এখন অতি প্ৰয়োজনীয় হাতপুথি নৰ্মান ভিনচেণ্ট পীলৰ ‘The amazing results of positive thinking’. এই কিতাপখন অসমীয়া ভাষালৈ অত্যন্ত সাৱলীল ৰূপত অনুবাদ কৰিছে হেমন্ত কুমাৰ ভৰালীয়ে৷ কিতাপখনৰ নাম ‘সঠিক চিন্তাৰ আচৰিত ফল’৷

বুদ্ধিমত্তা আৰু সুযোগ-সুবিধা থকা স্বত্বেও বহু লোকে যোগ্যতা নিৰূপণৰ দিশত পিছ পৰি ৰোৱা আমি দেখিছো৷ বাতৰি কাকত, ৰেডিঅ’, টেলিভিশ্যন, আদি মাধ্যমৰ জৰিয়তে বিশ্বৰ চুকে-কোণে মানুহে অসাধ্য সাধন কৰা খবৰ এতিয়া সহজলভ্য৷ এজনৰ বাবে দুঃসাধ্য কাম এটা আন এজনৰ বাবে সহজসাধ্য হোৱাটো কেৱল প্ৰতিভাৰ ওপৰতে নিৰ্ভৰ নকৰে৷ ইয়াৰ বাবে প্ৰয়োজন হয় সঠিক চিন্তা আৰু একাণপতীয়া প্ৰচেষ্টা৷ মানুহৰ মনটোৰ শক্তি কিমান, সাধাৰণ অন্তঃদৃষ্টিসম্পন্ন লোকৰ বাবেও সেইকথা সহজেই অনুমেয়৷ জন্ম প্ৰতিভাক অৰ্জিত শক্তি আৰু সঠিক চিন্তাৰে কেনেকৈ বিকাশ কৰিব পাৰি সেই কথা অৱগত হলেই মানুহে অসাধ্যকো সাধন কৰিবলৈ সক্ষম হ’ব পাৰে৷ কেৱল প্ৰতিভা বিকাশৰ ক্ষেত্ৰতে নহয়, দৈনন্দিন জীৱনৰ পৰিক্ৰমাত মানুহৰ চিন্তাশক্তিৰ প্ৰভাৱৰ কথা আজিৰ যুগৰ সাধাৰণ লোকেও বুজি উঠিছে৷

হতাশাৰ সময়ত সঠিক চিন্তাই কেনেকৈ মনটো উজ্জীৱিত কৰি তুলিব পাৰে এই সম্পৰ্কে পীলে ব্যক্তিগত অভিজ্ঞতাৰে এটা বৰ প্ৰেৰণাদায়ক ঘটনাৰ অৱতাৰণা কৰিছে৷ কাৰণ দৰ্শোৱাৰ জাননী নিদিয়াকৈ পীলৰ বন্ধু বিলক প্ৰতিষ্ঠানৰ মুৰব্বীজনে চাকৰিৰ পৰা নিলম্বিত কৰিলে৷ অথচ বিলে এই চাকৰিটো কৰি থকাৰ সময়ত আন বহুটো লোভনীয় চাকৰিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল৷ স্বাভাবিকতে নিলম্বনৰ পিছত হতাশা আৰু তিক্ততাই বিলৰ মন ভাৰাক্ৰন্ত কৰি তুলিলে৷ এনে সময়তে বিলে লগ পাইছিল বন্ধু পীলক৷ পীলে কথাবোৰ শুনাৰ পাছত বিলৰ হাতত ‘শুদ্ধ চিন্তা’ৰ কিতাপ এখন হাতত তুলি দিলে৷ এই গ্ৰন্থৰ বুকুতে উদ্ধাৰ হ’ল বিয়োগাত্মক ভাৱনাক মনৰ পৰা আঁতৰাই যোগাত্মক চিন্তাৰে নতুন জীৱনৰ বাবে মনটোক প্ৰস্তুত কৰিবপৰা কৌশল৷ বিৰাগৰ অৱসান ঘটাৰ পাছত নতুন উদ্যমেৰে আন এটা চাকৰিৰ বাবে বিলে নিজকে প্ৰস্তুত কৰি তুলিলে৷ ক্ৰোধ, ইৰ্ষা আৰু ঘৃণাই নষ্ট কৰা যোগ্যতা বিজ্ঞানসন্মত নীতিৰে পুনৰোদ্ধাৰৰ পিছত নতুন কোম্পানী এটাৰ সম্ভাৱনাময় পদ এটাত তেওঁ নিযুক্ত হ’ল৷

বিপদ বা অনাকাংখিত পৰিস্থিতিৰ সন্মুখীন হলে অনিয়ন্ত্ৰিত আৱেগৰ বশৱৰ্ত্তী হৈ বহু মানুহে অস্বাভাবিক আচৰণ কৰে৷ এই কিতাপখনত পীলে আবেগ, বিশেষকৈ খং নিয়ন্ৰ্ণৰ বিভিন্ন কিটিপ বাস্তৱ অভিজ্ঞতাৰ দ্বাৰা বৰ মনোগ্ৰাহীকৈ বৰ্ণনা কৰিছে৷ মূৰামূৰি সময়ত গাড়ীখন লৈ তীব্ৰগতিত অফিচলৈ ওলাই যাওঁতে যদি এটা চকা পামচাৰ হয়, সেই সময়ত মনৰ অৱস্থা কেনে হ’ব পাৰে? ক্ৰোধত ওফন্দি থকা বিভাগৰ মুৰব্বীজনৰ ভয়ংকৰ মুখখনে এনে পৰিস্থিতিত এজন চাকৰিয়াল ব্যক্তিক বোধহীন কৰি তোলাৰ পূৰ্ণ সম্ভাৱনা থাকে৷ সঠিক চিন্তা এনেবোৰ মুহুৰ্তৰ বাবেই৷ বিজ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল যান্ত্ৰিক জীৱন যাত্ৰাত জঞ্জাল বহিৰ্ভূত স্বাভাৱিক সময় সদায় সম্ভৱনে? বিশ্বায়নৰ প্ৰভাৱে সাধাৰণ মানুহৰ জঞ্জাল যেন দ্ৰুতহাৰত বৃদ্ধি কৰি আনিছে৷

এই কিতাপখন পীলে সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ উপযোগী হোৱাকৈ প্ৰস্তুত কৰিছে৷ ৰেস্তোৰাঁ চলাই জীৱিকা উপাৰ্জন কৰা এগৰাকী মহিলাই হঠাতে এদিন যদি দৃষ্টিশক্তি হেৰুৱাই পেলায়? শাৰীৰিক অক্ষমতা ভেদি সঠিক চিন্তাৰ যোগেদি মানসিক শক্তি কেনেকৈ বৃদ্ধি কৰিব পাৰি, এই সম্পৰ্কতো পীলে কেইবাটাও সৰু সৰু ঘটনা কিতাপখনত উপস্থাপন কৰিছে৷ প্ৰেমাস্পদৰ সৈতে বিচ্ছেদ, অকাল মৃত্যু অথবা অন্ধকাৰাছন্ন পৰিস্থিতিৰ সন্মূখীন হ’লে আমি সঠিক চিন্তাৰ সহায় ল’বই লাগিব৷ যাত্ৰাপথত সমস্যা যিমানেই নাহক, যেনেকৈয়ে নাহক আমি জীয়াই থাকিবলৈ বাধ্য৷

চুটি চুটি শিৰোনামাৰে কিতাপখন কেইবাটাও শিতানত বিভক্ত কৰা হৈছে৷ প্ৰতিটো বিভাগৰ আকৰ্ষণীয় শিৰোনামা আৰু হেমন্ত কুমাৰ ভৰালীৰ সাৱলীল অনুবাদে পঢ়ুৱৈক বিষয়বস্তুৰ গভীৰলৈ সোমাই যোৱাৰ পথ মসৃণ কৰি তুলিছে৷ কিতাপখনত আছে দৈনন্দিন জীৱনৰ পদে পদে প্ৰয়োজনীয় বহু প্ৰেৰণাদায়ক পৰিস্থিতিৰ বৰ্ণনা৷ সেয়েহে সাধাৰণ পাঠকৰ বাবে কিতাপখন উপভোগ্য আৰু আদৰণীয়৷ মানুহৰ জীৱনতো সফলতাৰ অৰ্থ ব্যাপক আৰু ভিন্ন৷

সফলতাৰ সৈতে ইচ্ছাশক্তি ওতপ্ৰোতভাৱে জড়িত৷
: তুমি শক্তিশালী ল’ৰা৷ তোমাৰ মগজু আছে, ব্যক্তিত্বও আছে৷ তুমি এনেদৰে জীৱনটো নষ্ট কৰিছা কিয়?
: মই নোৱাৰো চাৰ, মই সেই কাম কৰিব নোৱাৰিম৷

এনেকৈ নিজৰ ওপৰত বিশ্বাস নথকা ল’ৰা এজনে যাচি দিয়া কাম এটাৰ দায়িত্ব ল’বলৈ ভয় কৰিছিল৷ কিন্তু ব্যৱসায়ৰ ‘ডাক্তৰ’ হিচাপে পৰিচিত ‘জন’ নামৰ ব্যক্তিজনে ল’ৰাজনক এৰি নিদিলে আৰু অৱশেষত সেই ল’ৰাজনেই এদিন কোম্পানীৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ট কৰ্মী হিচাপে চিহ্নিত হৈ পৰিল৷ এগৰাকী মনস্তত্ত্ববিদে কৈছিল – আমি আমাৰ মনত যি হ’ম বুলি বা কৰিব পাৰিম বুলি ভাবি থাকো, বাস্তৱত তেনেকুৱাই হ’ব পাৰো৷ কেবল এই কল্পনা অলৌকিক বা ফেণ্টাছী হ’ব নালাগিব৷ চিন্তা হ’ল কৰ্মৰ পুৰ্বপুৰুষ৷

সাধাৰণভাৱে কৰা চিন্তা বা চেষ্টা আৰু গভীৰভাৱে কৰা চিন্তা বা চেষ্টাৰ মাজত বৃহৎ পাৰ্থক্য৷ বেছিসংখ্যক লোকেই অলপতে ক্লান্ত হয়৷ কিন্তু মনত ৰখাটো প্ৰয়োজন যে প্ৰকৃতিয়ে আমাৰ মাজত অফুৰন্ত শক্তিৰ ভাণ্ডাৰ জমা কৰি থৈছে৷ এই অসীম শক্তিৰ বিকাশৰ বাবে প্ৰয়োজন কেৱল প্ৰচেষ্টাৰ৷ কিছুমান গুণ ইচ্ছা কৰিলে মানুহে নিজৰ আয়ত্তলৈ আনিব পাৰে৷ পীলে কৈছে কেতিয়াবা কিছুমান সৰু-সৰু ঘটনাই মানুহৰ নিজৰ প্ৰতি থকা ধাৰণাৰো সলনি কৰি দিব পাৰে৷ প্ৰশংসাৰ অভাৱত মানুহৰ জীৱনলৈ কেতিয়াবা হতাশা আহে, সকলো লোককে সমানে আমাৰ কিয় ভল নালাগে, সমাজৰ বেছিভাগ মানুহেই সমালোচনালৈ কিয় ভয় কৰে – এনেকুৱা অনেক বাস্তৱ বিষয় কিতাপখনত সামৰি লোৱা হৈছে৷ মানুহৰ মন মগজুক আচ্ছান্ন কৰি ৰখা অস্থিৰ সময়বোৰৰ কথা পীলে সহজ সৰল ভাষাত উদাহৰণ সহিতে দাঙি ধৰা বাবে কিতাপখন বহু লোকৰ বাবে মহৌষধস্বৰূপ হৈ উঠিব পাৰে৷

প্ৰকৃততে জীৱনত আছে প্ৰচুৰ আনন্দ৷ সূক্ষ্ম বিশ্লেষণেৰে পৰিস্থিতিক নিয়ন্ত্ৰণলৈ আনিব জানিলে মানুহে নিৰাশাত ভুগি থাকিব নালাগে৷ গুণগুণাই গান গাই থকা, সুহুৰিয়াই কাম কৰি থকা মানুহ আজিৰ যুগত ক্ৰমান্বয়ে কমি আহিছে৷ কোনো পূৰ্ব নিৰ্ধাৰিত সূত্ৰমতে জীৱন পৰিচালিত নহয়৷ যথাৰ্থ চিন্তাৰে সময়ৰ প্ৰত্যবাহ্বান গ্ৰহণ কৰিব জানিলে বহু যন্ত্ৰণা লাঘব কৰা সম্ভৱ৷ এলবাৰ্ট হুবাৰ্টে কৈছিল- ‘পুৱা দহ বজা পৰ্য্যন্ত আনন্দিত হৈ থাকক৷ তাৰ পিছত সমস্ত দিনটোৰ দায়িত্ব সেই ‘আনন্দ’ই ল’ব৷ ’ প্ৰাচুৰ্য্যৰ তৰঙ্গই মানুহক কেনেকৈ উজ্জীৱীত কৰিব পাৰে সেই কথা অনুভৱ কৰিবৰ বাবে বিপদত পৰা মানুহক সহায় কৰাৰ প্ৰয়োজন৷ মনৰ গভীৰত সঠিক চিন্তাৰ ভাৱ প্ৰোথিত কৰিব জানিলে মানুহে নিজৰ মাজতে বিচাৰি উলিয়াব পাৰে আনন্দময় জীৱনৰ সোণোৱালী পথ৷ আমেৰিকাৰ বিখ্যাত চিকিৎসক-গৱেষক এগৰাকীয়ে ‘লছ এঞ্জেলছ টাইমছ’ত প্ৰকাশিত এটা প্ৰৱন্ধত লিখিছিল- ‘যিসকল মানুহ উদ্বেগ আৰু দুশ্চিন্তাত আক্ৰান্ত, বেক্টেৰিয়া আৰু অন্যন্য জীৱাণুৱে তেওঁলোকক সহজেই আক্ৰমণ কৰিব পাৰে৷ ’

কিতাপখনৰ শেষাংশলৈ আগবাঢ়ি যাওঁতে এজন পঢ়ুৱৈয়ে স্বতঃস্ফুৰ্তভাৱে বিশ্বাস কৰি উঠে যে সঠিক চিন্তাই মনৰ নঞাৰ্থকভাৱ আঁতৰাই কেনেকৈ সুস্বাস্থ্য আৰু সুন্দৰ জীৱন গঢ়ি তোলাত সহায়ক হ’ব পাৰে৷ বিতৃষ্ণা আৰু ঘৃণাই বৃদ্ধি কৰা যন্ত্ৰনাৰ উপশমৰ বাবে সদৰ্থক শক্তিৰ উন্মেষ নিত্যন্তই জৰুৰী৷ জীৱনকালত সন্মুখীন হোৱা প্ৰতিকূল পৰিস্থিতিৰ পৰা উদ্ধাৰ হ’বৰ বাবে পীলৰ কিতাপখন নিঃসন্দেহে হ’ব পাৰে এক অমূল্য গ্ৰন্থ৷ মোৰ ব্যক্তিগত জীৱনতো এই কিতাপখনক সাৰথি বা বিশ্বাসী বন্ধু হিচাপে বিবেচনা কৰো৷ অহেতুক চিন্তা আৰু অনাকংক্ষিত পৰিস্থিতিৰ মুখামুখি হ’লেই মই হাতত তুলি লওঁ – ‘সঠিক চিন্তাৰ আচৰিত ফল’৷ কিতাপখন প্ৰকাশক বনলতা৷
☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!