সভ্য সমাজৰ বিভীষিকা – মায়া শৰ্মা

[১]
কংক্ৰীট মহানগৰীৰ
ব্যস্ত সময়ৰ 
ব্যস্ত ৰাজপথ
প্ৰতিযোগিতাৰ দৌৰত 
যান্ত্ৰিক মানৱ।
[২]
সভ্যতাৰ দেৱালত
অসভ্যতাৰ মকৰাজাল
আপোনে আপোনক কাটে 
আপোনে আপোনক মাৰে
আপোনৰ তেজেৰে ৰাঙলী হয় ধৰা।
[৩]
পৰিত্যক্ত মৰাশত
ভেনামাখিৰ খঁক
কাষেৰে পাৰ হয়
মানুহৰূপী অমানুহ
আজিৰ সমাজ হায় নিকৃষ্ট মানৱ।
[৪]
ক্ষুৰ্ধাত দুচকুত আশাৰ ৰেঙণি 
ডাষ্টবিনেই হ'ল খাদ্যৰ থলী
পাগলী হোৱাৰ দোষত পাগলীও হয় মাতৃ
মাজনিশা মাতাল হয় নগৰী
ৰাগিৰ ৰাগীত সৃষ্টি হয় বিভীষিকা 
অশ্লীল হয় নিষিদ্ধ গলি
অথবা বন্ধ শোৱনিকোঠা ॥☆★☆

One thought on “সভ্য সমাজৰ বিভীষিকা – মায়া শৰ্মা

  • December 20, 2017 at 1:04 pm
    Permalink

    সুন্দৰ লিখনি ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!