সহজলভ্য শুভফল মোক নালাগে- জ্যোতিমণি দেৱী

খণ্ড -১
হেড এণ্ড টেইলঃ
এটি মুদ্ৰাৰ দুটা পিঠি৷ ধৰি লোৱা হৈছে এপিঠি হেড আৰু আন পিঠি টেইল৷ দুপক্ষৰ খেলুৱৈৰ মাজত মুদ্ৰাটো ওপৰলৈ মাৰি টচ কৰি চোৱা হ’ল কোনে আগতে বেটিং কিম্বা বলিং কৰিব৷ এটা সময়ত টচত জিকা পক্ষই সিদ্ধান্ত ল’লে আগতে কি ল’ব৷ এই যে মুদ্ৰাটো, ময়ো ধৰি লৈছোঁ সেইটোৰ এপিঠি আছে আবেগ আৰু আনপিঠি আছে যুক্তি৷ কোনোৱে যদি সিদ্ধান্ত এটা লওঁতে আবেগক আগস্থান দিছে, কোনোৱে যুক্তিক৷ কোনোবাই কৈছিল যুক্তি আহিলে আবেগ পিছ দুৱাৰেদি পলায়৷ ক’তা, দেখোন এটা মুদ্ৰাৰে টচ কৰি জিকা পক্ষই অকলে খেলখন খেলিব পৰা নাই, কেৱল প্ৰাধান্য লাভ কৰিছে এটি সিদ্ধান্ত গ্ৰহণত৷ মোৰ মতে জীৱনটো এটি খেল, সিদ্ধান্ত গ্ৰহণৰ মাধ্যম মুদ্ৰাটো, যাৰ এপিঠি আছে যুক্তি আনপিঠিত আছে আবেগ৷ কোনোৱে কাকো এৰাব নোৱাৰাকৈ মুদ্ৰাটোত সাঙোৰ খাই আছে৷ গতিকে সিদ্ধান্ত গ্ৰহণৰ বেলিকাও আমি যুক্তিৰ সৈতে আবেগ, আবেগৰ সৈতে যুক্তিক ৰাখিয়েই নিশ্চয় কাম কৰিব লাগিব, যিদৰে হেড এণ্ড টেইলৰ বিজেতা আৰু বিজিত দুয়োপক্ষই খেলখনত সমানেই অংশগ্ৰহণ কৰিব লাগিব৷
খণ্ড -২
যুক্তিৰ পথাৰত এখোজঃ
খুব সম্ভৱ পাঁচবছৰীয়া সি, অৰ্থাৎ মোৰ ভাগিন ল’ৰাটো৷ এদিন ভৰ দুপৰীয়া মোৰ সৈতে লগ লাগি দুয়ো ৰবাব টেঙা খাব লৈছোঁ৷ এনেতে মোৰ ছয়/সাত বছৰীয়া কন্যা কৰবাৰ পৰা দৌৰি আহি দেখিলে আমি টেঙা খাই থকা আৰু কাৰোবাৰ পৰা শুনিয়েই হয়তো শিকা কথা এষাৰ ক’লে –’মোক এৰি টেঙা খাইছা, পেট ফুলিব৷ ’
কথাষাৰ শুনিয়েই ভাগিনটোৱে তপৰাই মাত দি ক’লে — টেঙা মিঠা বুলি কি কথা আছে, পেট তেতিয়াহে ফুলিব যদি সেইটো বেয়া বস্তু৷ ভাল বস্তু খালে কিয় পেট ফুলিব, হয়নে নহয় মাহী? তাৰ যুক্তি দেখি মোৰ চকু কপালত উঠিল৷ কি অকাট্য যুক্তি!
এৰা, অন্ধভাৱে কিহবাক অনুকৰণ কৰাতকৈ যুক্তিৰে ফঁহিয়াই চাব লাগে, কণমানি ভাগিনটোৰ দৰে যিয়ে বিদ্যালয়ৰ এটা শ্ৰেণীও গচকা নাই তেতিয়ালৈ৷
খণ্ড -৩
সহজলভ্য শুভফলঃ
এইখন পৃথিৱীত মানুহক যদি আটাইতকৈ বুদ্ধিমান বুলি ভাবিব পাৰি তেনেকৈ মূৰ্খ বুলিও ভাবিব পাৰি৷ কিয়নো মানুহে জধে-মধে বিশ্বাসক খামুচি যুক্তি হেৰুৱায়, শক্তি হেৰুৱায়, বিবেক হেৰুৱায় আৰু নিজকো হেৰুৱাই হৈ পৰে পৃথিৱীৰ একেবাৰে ইতৰ প্ৰাণীৰ সমতুল্য৷ লোভৰ পিছত দৌৰি পাহৰে আছলতে নিজৰ প্ৰয়োজন কি আছিল৷ তাতোকৈ ভয়ানক ভাৱে মানুহে যেতিয়া অন্ধবিশ্বাসৰ শৰণাপন্ন হয়, তেতিয়া তেওঁৰ কষ্টোপাৰ্জিত বহু কিবাকিবিয়েই চল বুজি আনে শুহি লৈ নিজৰ শক্তি বঢ়ায়৷
এই যে ইমানবোৰ কথা ক’লো তাৰ আঁৰত আছে কিছুমান চিন্তনীয় কথা৷ এতিয়া স্মাৰ্ট ফোন আৰু ৱৰ্ড ৱাইড ৱেবচাইটৰ যুগ৷ যি এবাৰ ইয়াৰ সোৱাদ লৈ চাইছে তেওঁ বিনা ভাতে হয়তো এদিন / এসপ্তাহো থাকিব পাৰিব, কিন্তুু নেট নোহোৱাকৈ এখন্তেকো থাকিবলৈ পৰাপক্ষত নোৱাৰে৷ এনে চাহিদা বঢ়াইছে আকৌ ফেচবুক, হোৱাটচ্ – এপ জাতীয় এপ বোৰে যিয়ে পৃথিৱীখন সৰু কৰি আনি সকলো মানুহৰ সৈতে ভাব বিনিময়ত সহায় কৰিছে৷ এইখিনি সহায়ৰ বাবে ইয়াৰ চাহিদা ইমানেই বাঢ়িছে যে নেট ব্যৱসায়ীসকলে একপ্ৰকাৰ কোৰোণাৰে ধন কোঁচাইছে৷ তথাপি ইয়াৰ প্ৰয়োজনীয়তা কেতিয়াও নুই কৰিব নোৱাৰাকৈ এয়া আমাৰ জীৱনৰ অংশস্বৰূপ হৈ উঠিছে৷ তাৰ ফলশ্ৰুতিত লক্ষণীয়ভাৱে বাঢ়িছে কিছুমান মানুহক আভুৱা ভৰোঁৱা কৌশল৷ তাৰে ভিতৰত আছে কিছুমান বাৰ্তা, যিবোৰে মানুহৰ বিশ্বাস আৰু আবেগক প্ৰৰোচিত কৰে৷ তাতোকৈ ওচৰ চাপি ক’ব বিচাৰিছোঁ এই বাৰ্তাসমূহ, যেনে — ভগৱানৰ নাম কেইটিমান লিখা বাৰ্তা এটি, তাত লিখা আছে ’ এই বাৰ্তাটি অমুক জনলৈ প্ৰেৰণ কৰক, আপুনি চব্বিশ ঘণ্টাৰ ভিতৰত ভাল ফল লাভ কৰিব৷ এটি পূৰ্ণিমাৰ জোনৰ ছবি থকা দৃশ্য, তাত লিখা আছে ছবিখন বিভিন্ন জনলৈ প্ৰেৰণ কৰিলে আপোনাৰ ঘৰ ধন সম্পদেৰে ভৰি পৰিব৷ আকৌ কিছুমান বন্ধুত্বৰ প্ৰমাণ পোৱা লোৱাৰ বাৰ্তা, কিমানটা উত্তৰ পালে আপুনি কি ধৰণৰ বন্ধু হ’ব তাকে নিৰ্ধাৰণ কৰা আছে৷ আছলতে এইবোৰ ব্যৱসায়িক লাভালাভৰ একো একোটি সূক্ষ্ম কৌশল যি আপোনাক, মোক আবেগিকভাৱে প্ৰৰোচিত কৰি আমাক মূৰ্খৰো মূৰ্খ সজাই ধন ঘটাই ঘটি আছে আৰু আমি আমাৰ কষ্টোপাৰ্জিত ধন অজানিতে উলিয়াই দি আছোঁ৷ এতিয়া কথা হ’ল আমাক কিয় লাগে ইমান সহজলভ্য শুভফল৷ আমাৰ লক্ষ্যবিন্দুৰ ফল সোণকালে পোৱাৰ পিছত আমি তাকে লৈয়ে গোটেই জীৱন কটাম নে সিমানতে জীৱনটোৰ সামৰণি পেলাম? এবাৰ চাওক, মই বা আপুনি কোনোৱেই দেখোন এই পৃথিৱীলৈ ইমান সহজভাৱে অহা নাই৷ এটা শুক্ৰকীট আৰু এটি ডিম্বকীট প্ৰথমে লগ লাগিবৰ বাবে যুঁজিছে মাতৃগৰ্ভত৷ তাৰপিছত ভ্ৰূণ হৈ যুঁজিছে এটি মানৱ আকাৰ ল’বলৈ৷ মাতৃয়ে তিল-তিলকৈ গঢ়ি আনিছে সেই ভ্ৰূণ নমাহ দহদিন ধৰি আৰু সিমান অপেক্ষাৰ মূৰত দেখিছো আমি এই পৃথিৱীৰ পোহৰ৷ যদি আমি ভ্ৰণৰ পৰাই যুঁজি যুঁজি পূৰ্ণ মানৱৰ কায়া লৈ পৃথিৱীলৈ আহিবলৈ সক্ষম, তেন্তে আমাৰ বাবে পৃথিৱীত নিৰ্ধাৰিত দিনকেইটা জীয়াই থাকিব পৰাকৈ যুঁজিবলৈ আমি সক্ষম নহ’মনে? নিশ্চয় হ’ম আৰু সেই সফলতাই হ’ব আমি মানুহ হৈ ওপজাৰ গৌৰৱ৷ সেয়েহে কথাবোৰ অন্ধবিশ্বাসৰ আবেগেৰে ভবাতকৈ যুক্তিৰে বিচাৰ কৰা উচিত সকলোৱে৷ মিছাকৈয়ে এইবোৰ সহজলভ্য আকাংক্ষাৰ পিছত দৌৰিবলৈ এৰক৷ অযুক্তিকৰ আবেগেৰে পাব পৰা এনে সহজলভ্য শুভফল মোক হ’লে নালাগে৷ মোৰ কৰ্মই মোক যি তুচ্ছ শুভফল প্ৰাপ্ত কৰে মোৰ বাবে সেইখিনিয়েই যথেষ্ট আৰু গৌৰৱৰ কাৰক৷ গতিকে এই লিখনিৰ জৰিয়তে সকলোৱে তেনে বাৰ্তা আৰু মোলৈ প্ৰেৰণ কৰাৰ পৰা বিৰত থকাটো কামনা কৰিলো আৰু লগতে মোৰ সৈতে একমত হ’ব পাৰিলে নিজেও সেই সহজলভ্য শুভফল প্ৰাপ্তিৰ পিছত দৌৰি নুফুৰিব বুলি আশা কৰিলোঁ৷ কাৰণ সহজলভ্য কোনো শুভফলেই আপোনাক অন্তৰৰ গভীৰতম কোণৰ পৰা আনন্দ দিব নোৱাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!