সাঁথৰৰ ধেমালি

ক)সংগ্ৰাহক :ঈশানজ্যোতি বৰা

১)এজোপা বিৰিণা/তাতে চৰে হৰিণা,দহোটাৰে খেদে/দুটাই মাৰে =ওকণি

২)এক মাতৃ গৰ্ভে আছেবহু পুত্ৰ গণ/তেজ-মাংস নাই তাৰ শৰীৰ শুকান,জনম লভিয়াসিটো মাতৃ আঘাত কৰে /সি কাৰণে সেই পুত্ৰ অকাৰণে মৰে =দিয়াচলাই

৩)এখোজ দুখোজ যায়/মূৰ তুলি তুলি চায় =বেজী

৪)পাখি নাই উৰি যায়/মুখ নাই মাতে,বুকু ফাটি পোহৰ ওলায় /কাণ আমাৰ ফাটি যায় =মেঘ

৫)ৰজাৰ কাপোৰ,তিয়াব পাৰি,শুকুৱাব নোৱাৰি=জিভা

৬)বাঘ নহয় মানুহ খায়/মাখি নহয় উৰি যায়,হাতী নহয় শুঁৰ আছে/জন্তু নহয় ঠেং আছে=মহ

৭)ক’ৰ পৰা আহি ক’ত দিলা ভৰি/চোতালখন ফাটি গ’ল চিৰাচিৰ কৰি =চিৰাল

৮)ওপৰৰ পৰা পৰিল টেকেলী/টেকেলীৰ ভিতৰত এশ ভেকুলী =কঁঠাল

৯)চাৰিটা বস্তু চাৰিটা ৰং/মুখত দিলে হয় এটা ৰং=তামোল,পাণ,চূণ আৰু চাধা

১০)বাৱন্নটা মানুহৰ চাৰিটা জাতি/তেওঁলোক ওমলেয’ত ত’ত বহি =তাচখেল
সম্পাদকত টোকা :সাঁথৰসমূহৰ শুদ্ধ উত্তৰ দি অকবৰ সক্ৰিয় সদস্য শ্ৰীভগৎলাল দত্তদেৱে শ্ৰেষ্ঠ বুধিয়কৰ সন্মান লাভ কৰাৰ উপৰিও মৃদুল কুমাৰ শৰ্মাৰ পৰা এটা কিতাপৰ টোপোলা পুৰস্কাৰ হিচাপে লাভ কৰে ৷ এই চেগতে পুৰস্কাৰৰ দাতা শ্ৰী শৰ্মাদেৱলৈ সাহিত্যৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হ’ল ৷

খ) সংগ্ৰাহক অঞ্জনা তামূলী

১)গিৰিয়েকৰনাম ক’বলৈ অমান্তি হোৱা এগৰাকী গাঁৱলীয়া মহিলাই এবাৰ এটা ঘাটেৰে নদী পাৰহ’বলৈ আহিছিল। ঘাটৰ নাৱৰীয়াই তেওঁক গিৰিয়েকৰ নাম সুধিলে। পিছে নামটোপোনপটীয়াকৈ নকৈ তেওঁ ক’লে এনেদৰে-

তিনি তেৰ, মধ্যে বাৰ
ন দি যোগ কৰা,
তাৰ পিছত লগাই ৰাম,
পাৰ কৰি দিয়া
ঘৰলৈ যাম।

আচলতে তেওঁৰ গিৰিয়েকৰ নাম কি বাৰু ?
উত্তৰ :ষাঠিৰাম
২) এজন মানুহ এদিন গাঁৱৰে আন এঘৰলৈ গৈছিল। বৰ ভোকত থকা মানুহজনে মানুহঘৰৰপাকঘৰত সোমাই কিবা কিবি খালে। ঘৰলৈ ওভতোঁতে আন এজনে সুধিলে- কি অ’, তোৰদেখোন মুখখন পকা কল পকা কল গোন্ধাই আছে। তেতিয়া মানুহজনে ক’লে –

শ্ৰীৰাম চন্দ্ৰক পানীত পেলালোঁ
ভীমৰ ভাঙিলোঁ মূৰ,
ৰঙা চন্দনলৈ হাত মেলিলোঁ
ভাগ্যে নপৰিলোঁ চোৰ।

আচলতে মানুহজনে বাৰু কি কি খাইছিল ?
উত্তৰ :চিৰা,ভীমকল আৰু গুৰ
৩) এজনীকণী বেপাৰীয়ে এপাচি কণী লৈ বজাৰলৈ গৈ আছিল। যাওঁতে একে গাৱঁৰে দুষ্ট প্ৰকৃতিৰ মানুহ এজনে বিনা পইচাতে কেইটামান কণী বিচাৰিলে। কণী বেপাৰীজনে নিদিওঁ বুলি কোৱাত দুষ্ট প্ৰকৃতিৰ মানুহজনে গোটেই পাচি কণী ৰাস্তাতে দলিয়াই ভাঙি পেলালে। বিবুধিত পৰা কণী বেপাৰীজনে সেই গাঁৱৰ গাঁওবুঢ়াৰ ওচৰত গোচৰ তৰিলেগৈ। গাওঁবুঢ়াই পঞ্চায়তৰ মেলুৱৈ কেইজনমানক গোটাই আনিলে। সকলোৱে কণীবেপাৰীজনক সুধিলে যে পাচিটোত কিমান কণী আছিল? কণী বেপাৰীজনে উত্তৰ হিচাপে কিন্তু এটা সাঁথৰহে ক’লে। আচলতে কিমানটা কণী আছিল উলিয়াব লাগে—-

দুটা হিচাপত গন্তি কৰিলে,এক বাকী থাকিব,
তিনিটা হিচাপত গন্তি কৰিলে, দুই বাকী থাকিব,
চাৰিটা হিচাপত গন্তি কৰিলে,তিনি বাকী থাকিব,
পাঁচোটা হিচাপত গন্তি কৰিলে চাৰিহে বাকী থাকিব,
ছয়টা হিচাপত গন্তি কৰিলে কিন্তু পাঁচোটা বাকী থাকিব,
সাতটা হিচাপত গন্তি কৰিলে কিন্তু একো বাকী নাথাকে।

ৰাইজে কওঁকচোন কিমানটা কণী আছিল
উত্তৰ:১১৯ টা

গ) সংগ্ৰাহক : ভাস্কৰ জ্যোতি

এজন খেতিয়কে তেওঁৰ লগত এটা বন্ধাকবি, এটা ছাগলী আৰু এটা শিয়াল লৈ গৈ আছিল ৷
ৰাস্তাত এখন নদী পাৰ হ’ব লগা হোৱাত তেঁও মহা বিপদত পৰিল ৷ কাৰন নাঁওখন মাত্ৰ দুটা বস্তুহে নিব পাৰি ৷সহজে লৈ যাবও নোৱাৰি কাৰন শিয়ালটোলৈ গ’লে এইফালে বন্ধাকবিটো ছাগলীয়ে খাব ৷ বন্ধাকবিটো লৈ গলে ছাগলীটো শিয়ালে খাব ৷ সি কি কৰিব কওঁকচোন ৰাইজ ৷ অকল এটা পাৰৰ কথা নাভাবিব দেই ৷ থৈ অহাৰ পিছৰ খিনি ও ভাবিব ৷

উত্তৰ : প্ৰথমবাৰত ছাগলীটো আনিপ্ৰথম পাৰৰ পৰা সিপাৰত থৈ যাব। প্ৰথম পাৰত থাকিল কবি আৰু শিয়াল।ঘুৰি গৈ কবিৰ টোপোলা লৈ আহিল। কিন্তু কবিৰ টোপোলাটো ২নং পাৰত থৈঘুৰি যাওঁতে লগত ছাগলীটো লৈ গ’ল (১নংপাৰতশিয়াল – নাওঁতছাগলী – ২ নং পাৰত কবি)। ছাগলীটো প্ৰথমৰ পাৰত থৈ শিয়ালটোলৈ আহিল (১নং পাৰত ছাগলী – নাওঁত শিয়াল – ২নং পাৰত কবিৰ টোপোলা)। এতিয়া দুইনম্বৰ পাৰত আকৌ কবি আৰু শিয়াল হ’ল। এইবাৰ ঘুৰি গৈ ছাগলীটো লৈ আনিলেই হৈ গ’ল ৷

ঘ) সংগ্ৰাহক –হিমজ্যোতি তালুকদাৰ

১)চিত পখিলা। তিনিমূৰ, দহঠেঙ্গ ক’ত দেখিলা?=গৰুৰ সতে হালোৱাজন।

২)এঙ্গেনাতে ছেঙ্গেনা। একেজোপা গছত মাহ, কপাহ, বেঙ্গেনা।=শিমলু গছ

৩)উপজি ৰক্তবৰ্ণ থাকে দিনাচাৰি
অনুদিনে হোৱে সিতো শিৰে জটা ভাৰী
দেৱৰাজ নুহি তাৰ সহস্ৰ লোচনা
শেষ কালে হয় সিতো হৰিদ্ৰা বৰণ=আনাৰস

৪)বিঘিনিৰ বিচিত্ৰ তাৰ বাপ মাৱ।
উপজিয়েই ডালত ধৰে তাৰ নাই হাত পাৱ
যাদুচন্দ্ৰে কথা কয় কথাৰ নিৰ্ণয়
দুই বুঢ়া লগ ললে প্ৰাণৰ সংশয়=ওকনি

৫)তপস্বী নহয় মূৰত জট
ক্ষত্ৰিয় নহয় যুদ্ধত শকত
পাৱত অস্ত্ৰলই যুজে
ভূতভবিষ্যত সকলোকে বুজে=মতাকুকুৰা

৬) হাত নাই ভৰি নাই নাহিকে চেতন
এক গোটা চক্ষু তাৰ পিঠিত বদন
পৰৰ হস্তে খাই
চতুৰ্দিশে যাই=হাতলেম্প

৭)ভো কৰে ভোমোৰাও নহয়
ঘুলীত পৰে মহো নহয়
পানীত থাকে মাছো নহয়
কৰটেৰে কাটে গছো নহয়= মূগালেটাৰ পৰা সূতাকটা পদ্ধতি
(সম্পাদকৰ টোকা:হিমজ্যোতি তালুকদাৰে সোধা সাঁথৰ কেইটাৰ উত্তৰ দিছে অকবৰ সদস্য সুব্ৰত গগৈয়ে ৷)

One thought on “সাঁথৰৰ ধেমালি

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!