সুগন্ধিৰ বিষয়ে! — ডঃ বিক্ৰমজিত কাকতি

বিশ্বৰ পাৰ্ফিউম বা সুগন্ধিৰ বজাৰত অসমৰ এক উচ্চ আসন আছে৷ অসমৰ চাহৰ দৰে অসমৰ সুগন্ধিৰো আন্তৰ্জাতিক বজাৰত চাহিদা অতি উচ্চ৷ আমি প্ৰায় সকলোৱেই পাৰ্ফিউম ব্যৱহাৰ কৰোঁ৷ কিন্তু আমি বহুতেই ইয়াৰ বিভিন্ন Classificationৰ বিষয়ে নাজানো৷ এই লেখনিৰ দ্বাৰা সুগন্ধিৰ Classificationৰ বিষয়ে এক চমু আভাস দিয়াৰ প্ৰয়াস কৰা হৈছে৷
ইয়াত মাথোঁঁ পাৰ্ফিউমৰ কথা হে উল্লেখ কৰিছোঁ Deodorantsৰ বিষয়ে উল্লেখ কৰা নাই৷
যেতিয়া আপুনি পাৰ্ফিউম কিনিবলৈ যায় তেতিয়া বটল বোৰত তলত উল্লেখ কৰা যি কোনো এটা বাক্য দেখা পাবই
1) Parfum অথবা Extrait
2) Esprit de parfum (ESdP)
3) Eau de parfum (EdP) বা Parfum de toilette(PdT)

  1. Eau de Toilette (EdT)
    5) Eau de Cologne (EdC)
    6) Eau fraiche (Ef)

যদি উপৰোক্ত কথা কেইশাৰীৰ যদি এষাৰিও নাথাকে তেন্তে বুজিব যে সেই সুগন্ধি বিধ প্ৰকৃত পাৰ্ফিউম নহয়৷

আমি সচৰাচৰ পাৰ্ফিউম কিনিবলৈ যাওঁতে বিক্ৰী কৰা মানুহজনক বা মানুহ গৰাকীক সোধোঁ যে কিমান দেৰিলৈকে গোন্ধটো থাকিব, তেওঁলোকে আপোনাক ভাল লগাবলৈ কয়, সম্পূৰ্ণ দিনটো গোন্ধাই থাকিব৷ কিন্তু প্ৰকৃত অৰ্থত সেইটো নহয়৷ ইয়াৰ পাছৰ বাৰ পাৰ্ফিউম কিনিবলৈ যাওঁতে দোকানিক সুধি থকাত কৈ নিজেই জানিব পাৰিব কোনবিধ পাৰ্ফিউম সুগন্ধ কিমান দেৰিলৈকে টিকিব৷

পাৰ্ফিউম হৈছে aeromatic compound আৰু solvantৰএক সংমিশ্ৰণ৷ পাৰ্ফিউম প্ৰস্তুত কৰোঁতে এই সংমিশ্ৰণত ব্যৱহাৰ হোৱা aeromatic compound পৰিমাণৰ ওপৰতেই মূলতঃ শ্ৰেণীবিভাজন কৰা হয়৷ ইয়াৰ উপৰিও nature of fagrance আৰু nature of solvantৰ ওপৰতটো sub classification কৰা হয়৷
পূৰ্ব উল্লিখিত 6টা classificationৰ তাৎপৰ্য এনেধৰণৰ:
1) Parfum অথবা Extrait: – এই শ্ৰেণীত 40% পৰ্যন্ত aeromatic compound (AC) থাকে, দাম অতি বেছি হয় আৰু বহু দেৰিলৈকে সুগন্ধি বিলাই থাকে ( ৮ৰ পৰা ১২ ঘণ্টা পৰ্য্যন্ত)

2) Esprit de parfum (ESdP): এই শ্ৰেণীত 30% পৰ্যন্ত aeromatic compound (AC) থাকে, দাম বেছি হয় আৰু কিছু দেৰিলৈকে সুগন্ধি বিলাই থাকে ( ৮ ঘণ্টা পৰ্য্যন্ত)

3) Eau de parfum (EdP) বা Parfum de toilette(PdT): – এই শ্ৰেণীত 20% পৰ্যন্ত aeromatic compound (AC) থাকে, দাম মধ্যমীয়া হয় আৰু দেৰিলৈকে সুগন্ধি বিলাই থাকে (৪ৰ পৰা ৫ ঘণ্টা পৰ্য্যন্ত)

  1. Eau de Toilette (EdT): – এই শ্ৰেণীত ১৫% পৰ্যন্ত aeromatic compound (AC) থাকে, দাম মধ্যমীয়া হয় আৰু কিছু দেৰিলৈকে সুগন্ধি বিলাই থাকে ( ২ৰ পৰা ৩ঘণ্টা পৰ্য্যন্ত)৷

5) Eau de Cologne (EdC) এই শ্ৰেণীত ৩% পৰা ৮% পৰ্যন্ত aeromatic compound (AC) থাকে, দাম EdT কৈ কম আৰু প্ৰায় ২ ঘণ্টা পৰ্য্যন্ত সুগন্ধি বিলাই থাকে৷

6) Eau fraiche (Ef) এই শ্ৰেণীত ৩% পৰ্যন্ত aeromatic compound (AC) থাকে, যথেষ্ট কম হয় আৰু বহু প্ৰায় একৰ পৰা দেৰঘণ্টা সুগন্ধি বিলাই থাকে৷

ইয়াৰ উপৰিও পাৰ্ফিউমৰ গোন্ধৰ ওপৰত নিৰ্ভৰ কৰি Woody, Floral, Fresh, Oriental আদি sub class ত ভাগ কৰা হয়৷ এই বিষয়ে পাছত কেতিয়াবা কৈ জনাম৷

মুঠতে এইটো ঠিক যে এই বাৰৰ পৰা আপুনি পাৰ্ফিউম কিনোবলৈ গলে Eau de Cologne এটা হাতত লৈ দোকানীক 12 ঘণ্টা যাবনে বুলি প্ৰশ্ন নকৰে আৰু৷
যদি বটলত Pour Homme লিখা থাকে তেন্তে পুৰুষৰ বাবে আৰু Pour Femme লিখা থাকিলে মহিলাৰ বাবে বুলি বুজিব৷

সদৌ শেষত আমাৰ ঘৰত থকা লগুৱা পেটুৰ গাটোৰ পৰা গৰমত ইমানেই দুৰ্গন্ধ ওলাই যে মায়ে তাৰ কাপোৰত কেইটোপালআন কেৰাচিন সানি সেই দুৰ্গন্ধ কিছু হলেও প্ৰশমিত কৰে৷ অগৰু, আতৰ, Deo আদি একোৱেই কাম নিদিয়ে৷ পাৰ্ফিউমৰ ভাষাত বোধকৰোঁ ইয়াক Eau de Kerosine বুলি কব!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!