সৈনিক নবীন (প্ৰতিম প্ৰতাপ বৰুৱা)

পাৰ্ট -১

নবীনে মাজতে কিছুদিন সেনাবাহিনীত চাকৰি কৰিছিল । বৰ্ডাৰত পোষ্টিং । মাজতে মাক-বাপেকে ঘৰলৈ মাতি আনি বিয়াখন পাতি দিলে । দুদিনমান পিছত নবীন উলটিল বৰ্ডাৰলৈ । ঘৰলৈ ঘনে ঘনে মনত পৰি থাকে । ওপৰৱালাক ক’লেগৈ – “চাৰ ছুটি দিয়ক, ঘৰলৈ যাওঁ ।“ ওপৰৱালাই ক’লে – “কিবা সাহসী কাম কৰি দেখুৱা, তেতিয়াহে ছুটি দিম ।“ পিছদিনা নবীনে পাকিস্থানী টেংক এটা লৈ আহিল । ওপৰৱালাক ক’লে – “এটা পাকিস্থানী টেংক লৈ আহিলো । এতিয়া ছুটি দিয়ক ।“ ছুটি লৈ নবীন ঘৰলৈ গ’ল, দুদিনমান থাকি উভতি আহিল । আকৌ ঘৰলৈ মনত পৰি থাকে । এইবাৰ নবীনে প্ৰথমতে পাকিস্থানী টেংক এটা লৈ আহিল আৰু তাৰ পিছত ছুটি বিচাৰিলে । তাৰ পিছৰ পৰা নবীনে যেতিয়াই ছুটি বিচাৰে লগত পাকিস্থানী টেংক এটা লৈ আহে । ওপৰৱালাৰ মাথা খাৰাপ হৈ গ’ল – কি কেচ ? সুধিলে – “ইমানবোৰ পাকিস্থানী টেংক তই কেনেকৈ আনিলি ইয়ালৈ ? এটা ৰেজিমেন্টে কৰিব নোৱাৰা কাম তই অকলে কেনেকৈ কৰিলি ?” নবীনে উত্তৰ দিলে – “আপুনি সুধিছে যেতিয়া কৈয়ে দিওঁ আৰু । যেতিয়াই ঘৰলৈ মনত পৰে অমুকাই নিজৰ টেংক এটা লৈ বৰ্ডাৰলৈ গুচি যাও । সিটো পাৰৰ ভাইসকলৰ লগত কথা বতৰা পাতোঁ । …
ভাইসকলৰ যাকে ছুটি লাগে তাকে নিজৰ টেংকটো দি দিওঁ আৰু তাৰ টেংকটো ইয়ালৈ লৈ আনো । সি তাত ছুটি পাই যায় আৰু মই ইয়াত ছুটি পাই যাও । দুইটাৰে কাম হৈ যায় ।“

পাৰ্ট টু

এবাৰ নবীনে আনৰ আগত ওস্তাদি মাৰি নিজৰ সৈন্যবাহিনীত চাকৰি কৰা দিনৰ কথাবোৰ কৈ আছে । “চীনৰ লগত সাংঘাটিক যুদ্ধ চলি আছে । যেনি তেনি ধিচিউ ধিচিউ গুলী চলিছে । লাহে লাহে আমাৰ গুলী কমি আহিল । সিহঁতৰো গুলী কমি আহিল । মোৰ মূৰত এটা বুদ্ধি খেলালে । লুকাই থকাৰ পৰা থিয় হৈ চিঞৰিলোঁ – “চিং চং চিং” । সিহঁতৰ এটাই থিয় হৈ চেলুট দিলে । দিলোং তাৰ বুকুতে গুলীয়াই । তাৰ পিছত আকৌ চিঞৰিলোঁ – “হিং পং পিং” । আকৌ সিহঁতৰ এটাই থিয় হৈ চেলুট দিলে । আকৌ এটা গুলী মাৰি দিলো তাৰ বুকুতে । এনেকে এনেকে কেইবাটাকো মাৰিলোং বাপ্পেকে । পিছে সিহঁতৰ অপিচাৰটোৱে মোৰ বুদ্ধিটো জানি গ’ল । সি থিয় হৈ চিঞৰিলে – “ৰাম চিং” । আমাৰ ফালৰ পৰা কোনো থিয় নহ’ল । সি আকৌ চিঞৰিলে – “বাহাদুৰ থাপা” । আমাৰ ফালৰ পৰা তেতিয়াও কোনো থিয় নহ’ল । এইবাৰ সি চিঞৰিলে – “নবীন” । ময়ো থিয় নহ’লো বাপ্পেকে । সি দেখিলে তাৰ বুদ্ধিটোৱে কাম নিদিলে । সি আকৌ লুকাই পৰিল । মই তেতিয়া থিয় হৈ চিঞৰিলোঁ – “ হোং পিং পাং নবীনক কোনে মাতিছিলি ?” সি থিয় হৈ ক’লে – “চেং পং মই মাতিছিলোঁ” । লগে লগে তাৰ বুকুতে দিলোং বাপ্পেকে গুলীয়াই ।“

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!