সোণ কিনো আহক (অনুপমা বৰগোহাঁই)

সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই
চেনেহ যদি তই দিয় মোক হাততে পিন্ধাই” ……

জীয়ৰীয়ে যিমান কলেও আমাৰ দেশৰ পিতৃ মাতৃয়ে বিয়া দিবলৈ ওলোৱা কন্যাক সোণৰ খাৰু, কেৰু মণিৰে ভৰাই দিবলৈ যৎপৰোনাস্তি চেষ্টাৰ ক্ৰুটি নকৰে। বহু পিতৃ মাতৃয়ে পুত্রৰ বাবে আনিব বিচৰা কন্যাগৰাকীকো বুজন পৰিমাণৰ সোণৰ গহনাৰে সজাই পৰাই আনিব পাৰিলেহে সন্তুষ্টি লভে। ..এই সকলো ৰীতি নীতিৰ যুক্তি-যুক্ততা আছে বা নাই তাৰ ওপৰত আলোচনা নকৰি, আমাৰ সোণৰ প্রতি থকা অত্যাধিক আনুগত্যই অৰ্থনীতি ক্ষেত্রখনতনো কেনে প্ৰভাব পেলাইছে তাৰ ওপৰত সামান্য আলোকপাত কৰিবলৈহে লেখাটোৰ উদ্দেশ্য।
পৌৰাণিক কালৰ পৰাই “সোণ” নামৰ হালধীয়া দ্রব্যবিধৰ প্রতি মানুহৰ আকৰ্ষণ প্রয়োজনাধিক। ইয়াৰ কাৰণ কেৱল ইয়াৰ উজ্জ্বলতা বা দীৰ্ঘজীৱিতাই নহয় – ই হ’ল পৌৰাণিক কালৰ পৰাই বিনিয়োগৰ বা হঠাৎ আহি পৰা আৰ্থিক সংকট মোচনৰ এক সঁজুলি। সোণৰ গহনা বন্ধকত দি বহু পৰিয়ালে আটক কালত বিপদৰ পৰা হাত সাৰে বা বিক্ৰী কৰি পোৱা ধনেৰে অন্য স্থানত জোৰা মাৰে। গতিকে সোণৰ প্রতি মানুহৰ আদৰ বেচি। কিন্তু কথা হ’ল অত্যাধিক পৰিমাণৰ সোণৰ গহনা, বিয়াৰ কইনা মানেই সোণৰ গহনাৰে দো খাই পৰা এটা ডিঙি, সোণৰ খাৰুৰে লৰচৰ কৰিব নোৱাৰা দুখন হাতে সু-বিনিয়োগ বা সু-আৰ্থিক পৰিকল্পনা বুজায় নে? নিশ্চয় নুবুজায়। অলংকাৰ হিচাপে সোণ কিনিলে ইয়াৰ বিক্ৰী মূল্যত অলংকাৰ বনোৱাৰ খৰচটো নোসোমায় –তাৰোপৰি অলংকাৰ বনাবলৈ সোণৰ লগত মিহলি কৰা অন্য ধাতুৰ মূল্যও বিয়োগ কৰা হয়। সোণৰ মুদ্রা বা স্কেল ৰাখিলে সোণৰ অলংকাৰতকৈ বেছি বিক্ৰী মূল্য পোৱা যায়। সোণত প্রয়োজনাধিক বিনিয়োগ কৰাটো অৰ্থনীতিৰ ফালৰ পৰা (দীৰ্ঘম্যাদী) বেছি লাভজনক নহয়। সেয়ে অৰ্থনীতি বিশেষজ্ঞসকলে সোণত বিনিয়োগ কৰিবলৈ বেছি উৎসাহ নিদিয়ে। নিজৰ পৰ্টফ’লিও (বছৰি বা মাহিলী আয়ৰ হিচাব নিকাচ)ৰ ১০% তকৈ বেচি যদি সোণত লগায় সেয়া বুদ্ধিমানৰ কাম নহ’ব।
আচলতে মানুহে সোণ কিনি গোটাই থোৱা কামটো আৰ্থিক বিনিয়োগতকৈ বেছি আবেগিক কাৰণত কৰে। ২০০৮ চনৰ বিশ্ব আৰ্থিক মন্দাৱস্থাৰ পিছত মানুহে সোণত বিনিয়োগ কৰাটো সুৰক্ষিত বুলি ভাবি বেচি সোণত বিনিয়োগ কৰিবলৈ লোৱাৰ পৰাই (যিহেতু চাহিদা বৃদ্ধি হ’ল) সোণৰ দাম আকাশলংঘী হ’ল। তলত ফেব্রুৱাৰী ২০১২ ৰ পৰা জানুৱাৰী ২০১৩ লৈ সোণৰ দামৰ পৰিসংখ্যা এটা দিয়া হ’ল :

তাৰিখ                                          সোণৰ মূল্য প্রতি ১০গ্রামত(টকা)
ফেব্রুৱাৰী ১৬,২০১২                           ২৭,৮৬১
মে ১৬,২০১২                                      ২৭,৯৪৪
জুন ১৬,২০১২                                     ৩০,২৫১
চেপ্তেম্বৰ ১৬,২০১২                              ৩১,৮৯৫
নভেম্বৰ ১৬,২০১২                                ৩২,৪৬০
ফেব্রুৱাৰী ১৬,২০১৩                           ২৯,৭৯৪

ওপৰৰ তালিকাখনত আমি দেখিছোঁ যে সোণৰ মূল্য কেইবা মাহে ক্ৰমাৎ বৃদ্ধি হৈ থকাৰ পৰিবৰ্তে এই মাহত সোণৰ দাম যথেষ্ট কমি আহিল। বিশেষজ্ঞৰ মতে ইয়াৰ দাম আৰু কিছু কমাৰ সম্ভাৱনা আছে (কাৰণ বিশ্ব অৰ্থনীতি কিছু টনকিয়াল হোৱা তথা আমেৰিকাৰ অৰ্থনীতিৰ মন্দাৱস্থাৰ উত্তৰণ) সোণৰ বজাৰৰ উচ্চ হাৰৰ বাবে ইয়াৰ চাহিদা বাৰুকৈয়ে কমি গৈছিল (আগৰ বছৰৰ তুলনাত ভাৰতত সোণৰ চাহিদা ২০১২ চনত ১২% কমি গৈছিল; ৱৰ্ল্ড গ্ল’ড কাউন্সিলৰ হিচাপ) কিন্তু এতিয়া আমাৰ সকলো শংকাৰ ওৰ পেলাই সোণৰ দাম কমি আহিছে। গতিকে এইটো চেগতে নিজৰ ছোৱালী, বোৱাৰী, বা পত্নী, প্রেয়সীৰ বাবে দুই এপদ সোণৰ গহনা বনোৱাৰ লগতে পাৰিলে দুই এটা সোণৰ মুদ্রাও কিনি থওঁ আহক!!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!