স্তনৰ কৰ্কট ৰোগ আৰু সজাগতা – পাৰ্থসাৰথি ভূঞা

Banana, Apple, Avocado ৰ আঁত ধৰিঃ
কেইদিনমান আগতে ফেচবুকত বহুতো যুৱতী/মহিলাই Banana, Apple আদি ফলমূলৰ নাম আপলোড কৰিছিল৷ পুৰুষসকলৰ কৌতূহল বাঢ়িছিল, এইবিলাক কি বস্তু তাকে লৈ৷ পিছত গম পোৱা গৈছিল স্তনৰ কৰ্কট ৰোগৰ সজাগতাৰ এটা অংশ হিচাপে এই চিক্ৰেট গেম৷
ভাৰতত বেছিভাগ পুৰুষ মহিলা উভয়েই বহু কথা মুকলিমূৰীয়াকৈ আলোচনা কৰিবলৈ সংকোচ কৰে৷ তাৰ ফলত বহুতো ৰোগ আৰম্ভণিতে ধৰা নপৰে আৰু গুৰুতৰ অৱস্থা পায়গৈ৷ বিশেষকৈ ছোৱালী বা মহিলা সকলে নিজৰ দেহৰ গোপনীয় অংশৰ কিবা বিসংগতি মন কৰিলেও, কেইদিনমান চাই লওঁ, নিজে ঠিক হৈ যাব, এই মনোভাৱেৰে নিজৰ স্বামী বা মাকৰ আগতো এই বিষয়ে নোকোৱাকৈ থাকে৷ এনেবোৰ কাৰণতে স্তনৰ কৰ্কট ৰোগে বৰ্তমান সময়ত ভাৰতত গুৰুতৰ ৰূপ ধাৰণ কৰিছে আৰু হৈ পৰিছে মহিলাৰ মৃত্যুৰ এক প্ৰধান কাৰণ৷ যদিও এই ৰোগ পুৰুষ আৰু মহিলা উভয়ৰে হব পাৰে, পুৰুষৰ তুলনাত মহিলাৰ বহু বেছি পৰিমাণে হয়৷
যদিও আগতে বিশ্বৰ আন দেশৰ তুলনাত ভাৰতত স্তনৰ কৰ্কট ৰোগ কম হৈছিল, বৰ্তমান ই ভাৰতত হোৱা মহিলাৰ কেন্সাৰৰ ভিতৰত প্ৰথম স্থান পালেগৈ৷ বিশ্বৰ মহিলাৰ কেন্সাৰৰ প্ৰায় এক তৃতীয়াংশ এতিয়া স্তনৰ কেন্সাৰ৷ সজাগতাৰ অভাৱ স্তন কেন্সাৰ গুৰুতৰ ৰূপ ধাৰণ কৰাৰ এটা প্ৰধান কাৰণ৷ সেয়ে প্ৰতি অক্টোবৰ মাহত বিশ্বৰ বিভিন্ন দেশত স্তন কেন্সাৰ সজাগতা মাহ হিচাপে পালন কৰি অহা হৈছে৷
স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা থকা কাৰক সমূহঃ
(Risk Factors)
১) জেনেটিকঃ পৰিয়ালত স্তনৰ কৰ্কট ৰোগী থাকিলে (বিশেষকৈ মাক, জীয়েক, বায়েক বা ভনীয়েকৰ) এই ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ে৷
২) সাধাৰণতে ৫০ বছৰৰ উৰ্ধৰ মহিলাৰ এই ৰোগৰ সম্ভাৱনা বেছি আৰু ২৫ বছৰৰ তলত কম দেখা যায় যদিও, আজিকালি কম বয়সতেই বহু মহিলা আক্ৰান্ত হোৱা দেখা গৈছে৷
৩) স্তনত হোৱা আন ৰোগ৷
৪) এটা স্তনত হ’লে আনটোতো হোৱাৰ সম্ভাৱনা থাকে৷
৫) কম বয়সতে বেছি radiation exposure হ’লে৷
৬) কম বয়সতে মাহেকীয়া আৰম্ভ হোৱা আৰু দেৰিকৈ মেন’পজ হোৱা মহিলা৷
৭) সন্তানহীনা বা মাত্ৰ এটি সন্তানৰ মাতৃ৷
৮) ৩০ বা ৩৫ বছৰৰ পিছত সন্তান হোৱা মহিলা
৯) মেন’পজ হোৱা শকত মহিলা৷
১০) পৰিৱেশ আৰু জীৱন ধাৰণৰ শৈলীৰ ওপৰতো ই নিৰ্ভৰ কৰে৷
গৱেষণাৰ পৰা দেখা গৈছে যে কিছুমান সাৱধানতা অৱলম্বন কৰিলে এই ৰোগৰ পৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা কমে৷ যেনেঃ
১) শৰীৰৰ ওজন সঠিককৈ ৰখা, বিশেষকৈ মেন’পজৰ পাছত৷
২) শাৰীৰিকভাবে কৰ্মঠ হৈ থাকিবলৈ চেষ্টা কৰা, ঘৰুৱা কাম-বনেই হওঁক বা ব্যায়াম, যোগ আদিৰ দ্বাৰা নিজকে acitve কৰি ৰখা৷
৩) খাদ্যাভ্যাস এটা গুৰুত্বপূৰ্ণ বিষয়৷ ফলমূল বেছিকৈ খাব লাগে আৰু আজিকালি সহজতে উপলব্ধ ফাষ্ট ফুডৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে৷
৪) মদ আৰু চিগাৰেট, এই দুই বিধৰ পৰা যিমান পাৰি আঁতৰি থকা৷ দেখা গৈছে যে ধূমপান কৰা আৰু অত্যধিক মদ পান কৰা মহিলাৰ ক্ষেত্ৰত স্তন কেন্সাৰৰ অনুপাত নকৰা সকলতকৈ বহু বেছি৷
৫) কেঁচুৱাক স্তনপান কৰালে স্তন কেন্সাৰৰ সম্ভাৱনা বহুখিনি হ্ৰাস পায় বুলি প্ৰমাণিত হৈছে৷
৬) ৩৫ বছৰৰ পিছত জন্ম নিৰোধক ঔষধৰ সেৱন যিমান পাৰি কমাই অনা, ইয়াৰ ব্যৱহাৰ আৰু লগতে ধূমপানে (যদি মহিলা গৰাকী ধূম্ৰপায়ী) সম্ভাৱনা বহুত বঢ়ায়৷
৭) মেন’পজ হোৱা মহিলাই হৰমন জাতীয় বা আন যিকোনো দৰৱ ব্যৱহাৰৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লৈহে ব্যৱহাৰ কৰা৷
ওপৰৰ কথাবিলাক লক্ষ্য কৰিলে দেখিব যে জীৱনশৈলীৰ এই Risk factor বিলাক চহৰীয়া মহিলাৰ ক্ষেত্ৰত বেছি আৰু সেইবাবেই গাঁৱৰ মহিলাৰ তুলনাত চহৰৰ মহিলাৰ ক্ষেত্ৰত স্তনৰ কেন্সাৰ বহু বেছিকৈ হোৱা দেখা গৈছে৷
আপোনাৰ কৰণীয়ঃ
স্তনৰ কেন্সাৰ আৰম্ভণিতে যদি ধৰা পৰে তেন্তে তাৰ চিকিৎসা সহজ হয় আৰু সুচিকিৎসাৰে দীৰ্ঘজীৱন লাভ কৰে৷ গতিকে যাতে ৰোগ বাঢ়ি নাযায় আৰু সোনকালে ধৰা পৰে তাৰ বাবে স্তনৰ স্ব-পৰীক্ষা (Self examination of breast) অতি জৰুৰী৷ আজিকালি ২০ বছৰৰ পাছত সকলো যুৱতীয়েই মাজে মাজে ইয়াক কৰা দৰকাৰ৷ যিহেতু আজিকালি প্ৰায় সকলোৱেই ইণ্টাৰনেটৰ ব্যৱহাৰ জানে, গুগলত Self examination of breast বুলি লিখি বিচাৰিলে, ফটো সহ পৰীক্ষা কৰাৰ নিয়ম পোৱা যায়৷
এই পৰীক্ষাত চাবলগীয়া বিষয়বোৰ হ’ল, স্তনৰ আকাৰৰ সালসলনি, কিবা গোটাজাতীয় বস্তু ভিতৰত থকা যেন অনুভৱ বা বিষ৷ ছালৰ ৰঙৰ পৰিৱৰ্তন বা ওখহা৷ স্তনৰ ছাল এৰাই যোৱা বা ৰঙা পৰা আৰু nipple ৰ পৰা তেজ বা আন তৰল পদাৰ্থ নিৰ্গত হোৱা বা nipple ৰ আন কিবা পৰিৱৰ্তন হৈছে নেকি তাক লক্ষ্য কৰা৷ এনেবোৰ কিবা দেখিলে অতি সোনকালে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ৷ অৱশ্যে কিবা গোটা জাতীয় বস্তু অনুভৱ কৰিলেই আতংকিত হোৱাৰ প্ৰয়োজন নাই, কাৰণ বেছিভাগতে ই Fibroadenoma নামৰ সাধাৰণ ৰোগ বুলি চিনাক্ত হয়৷ কিন্তু লগে লগে পৰামৰ্শ লোৱাটো দৰকাৰ৷
৪০ বছৰৰ উৰ্ধৰ মহিলাই স্ব-পৰীক্ষাৰ লগতে বছৰি এবাৰকৈ হ’লেও চিকিৎসকৰ পৰামৰ্শ লৈ Mammogram নামৰ পৰীক্ষাটো কৰাই থকাটো খুবেই প্ৰয়োজনীয়৷
কেন্সাৰ সজাগতাৰ বাবে আজিকালি বহু কিবাকিবি গ্লেমাৰাছ অনুষ্ঠান হৈ আছে, ভাল কথা৷ পিছে বহুক্ষেত্ৰত কেতিয়াবা মূল বিষয়তকৈ আন কথাই প্ৰাধান্য পোৱা যেন অনুভৱ হয়৷ গতিকে এটা কথা যদি প্ৰতি গৰাকী মহিলাই অনুভৱ কৰিব পাৰে যে তেওঁৰ নিজৰ সুৰক্ষা তেওঁৰ নিজৰ হাতত আৰু উপৰোক্ত কথাখিনি গুৰুত্বসহকাৰে নিজে পালন কৰি তেওঁৰ পৰিয়ালৰ আন সদস্য বা বান্ধৱীক এই বিষয়ে সজাগ কৰে, স্তনৰ কৰ্কট ৰোগৰ ভয়াবহতা নিশ্চয় বহু পৰিমাণে কমিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!