স্বকীয় প্ৰতিভাৰে উজলি উঠা সাহিত্যিক অনিমা দেৱী – ৰাজেন পূজাৰী

১৯৮০-৯০ দশকৰ পৰা অসমৰ সাহিত্য আৰু সাংবাদিকতা ক্ষেত্ৰখনৰ লগতে নাৰী জাগৰণত বিশিষ্ট বৰঙণিৰে সুনাম কঢ়িয়াইছে দেৰগাঁৱৰ এগৰাকী নাৰীয়ে৷ দেৰগাঁও ৩ নং ৱাৰ্ড কুমাৰ গাঁৱৰ বাসিন্দা প্ৰচাৰ বিমুখ প্ৰতিভাশালী মহিলা গৰাকী হৈছে অনিমা দেৱী৷ ১৯৫২ চনত দৰং জিলাৰ শিঙৰী বাগিচাত জন্ম গ্ৰহণ কৰা দেৱীৰ পিতৃ গঙ্গাধৰ শৰ্মাই বাগানত চাকৰি কৰিছিল৷ বাগিচাত প্ৰাথমিক শিক্ষা আৰম্ভ কৰি দেৰগাঁৱৰ মোমায়েকৰ ঘৰত থাকি দেৰগাঁও বালিকা উচ্চতৰ মা: বি: ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা স্নাতক হোৱা অনিমা দেৱীয়ে হাইস্কুলীয়া শিক্ষা কালতে ছাত্ৰ নেতৃত্ব দি শৈক্ষিক – সামাজিক দায়িত্ব পালন কৰিছিল৷

কলেজীয়া শিক্ষা কালতে পিতৃহীনা হোৱা দেৱীয়ে তীব্ৰ আৰ্থিক সংকটত পৰা ৬জনীয়া পৰিয়ালটোৰ মাতৃকে ধৰি চাৰিজন ভাতৃৰ পঢ়া-শুনাকে ধৰি পোহ-পালৰ সমগ্ৰ দায়িত্ব ল’ব লগীয়া হয়৷

১৯৮০ চনত অগ্ৰদূত কাকতত প্ৰকাশিত লেখাৰে আত্ম প্ৰকাশ কৰা দেৱীয়ে বিভিন্ন কাকত -আলোচনীত আজিলৈকে অজস্ৰ লেখাৰে বৰঙনি আগবঢ়াই প্ৰতিভা স্বাক্ষৰ বহন কৰিছে৷ তেওঁৰ প্ৰকাশিত গ্ৰন্থ হৈছে- “ সিহঁত অনিৰ্বাপিত তৰা “ (গল্প), “অন্য এক বানপ্ৰস্থ“ (গল্প), “আশ্ৰয়“ ( অনাতাঁৰ নাটক) আৰু “ফৰলেনৰ অংক আৰু মদন তিলক …(গল্প)৷ “ অসমীয়া আহাৰৰ জুতি “ নামৰ পুস্তিকাও প্ৰকাশ পাইছে৷ তেখেতে যোৰহাট লেখিকা সমাৰোহ সমিতিৰ মুখপত্ৰ “মনিহাৰ“ আৰু “দিচৈৰ কলকণ্ঠ“ নামৰ গল্প সংকলন সম্পাদনা কৰিছে৷ তেখেতৰ গল্পত সমসাময়িক সমাজ সচেতনতা ফুটি উঠিছে৷

সদৌ অসম লেখিকা সমাৰোহৰ লগত জড়িত থাকি দেৰগাঁৱত লেখিকা সমাৰোহৰ শাখা গঠনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি বৌদ্ধিক সৃষ্টিমূলক কাম -কাজৰ বাতাবৰণ গঢ়ি তুলিছিল৷ দেৰগাঁৱৰ বাহিৰেও যোৰহাটত বহুত বছৰ জীৱিকা সূত্ৰে কটাই লেখিকা সমাৰোহৰ এগৰাকী নিষ্ঠাৱান অগ্ৰণী কৰ্মী হিচাবে তেওঁ জড়িত হৈছিল৷ “মেচাচ অভিলাষ শিল্পানুষ্ঠান “ নামৰ প্ৰতিষ্ঠান খুলি মৰাপাটৰ পৰা তৈয়াৰ সামগ্ৰীৰ প্ৰশিক্ষণ আৰু উৎপাদনেৰে মহিলাৰ আত্ম স্বাৱলম্বী তথা সৱলীকৰণত লোৱা সাফল্যৰ বাবে ২০০১ চনত সুনিপুণ শিল্পীৰ বঁটা অসম চৰকাৰৰ পৰা লাভ কৰিছিল৷ তেতিয়া অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পৰা তেওঁ এই বঁটা গ্ৰহণ কৰিছিল৷ নিখিল ভাৰত গ্ৰামীণ নাৰী সংঘৰ দিল্লীত ১৯৮৬ চনত অনুষ্ঠিত হোৱা অধিৱেশনত এই নাৰী নেত্ৰী গৰাকীয়ে অংশ গ্ৰহণ কৰিছিল৷ স্ক্ৰীণ প্ৰিণ্টিঙৰ প্ৰশিক্ষণ লৈ দেৱীয়ে যোৰহাটত বিভিন্ন আকৰ্ষণীয় হস্তজাত ঘৰুৱা শিল্প সামগ্ৰী প্ৰস্তুত কৰি সুনাম অৰ্জন কৰিছিল৷ এই সামগ্ৰীসমূহকলৈ গুৱাহাটী দূৰদৰ্শনে ১৯৯৮ চনত উদ্যোগী মহিলাৰ তথ্যচিত্ৰ প্ৰস্তুত কৰিছিল৷ যোৰহাটত তেওঁ মইনা পাৰিজাতকে ধৰি বিভিন্ন সামাজিক সংগঠনৰ লগত জড়িত হৈ পৰিছিল৷ আকাশবাণী ডিব্ৰুগড়, গুৱাহাটী আৰু যোৰহাট কেন্দ্ৰত অনিমা দেৱীৰ গল্প, কবিতা সম্প্ৰচাৰ হৈছে৷
বিভিন্ন কাকতত লেখাৰে বৰঙণি আগবঢ়োৱা দেৱীয়ে ১৯৮৬ চনৰ পৰা ১৯৯৫ চনলৈকে তেজপুৰৰ পৰা প্ৰকাশিত মহাজাতি কাকতত উপ-সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰিছিল৷ ঘৰুৱা জঞ্জালৰ বাবে তেওঁ সাংবাদিকতাও ত্যাগ কৰিব লগীয়া হয়৷

২০১৮ বৰ্ষত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰা এই গৰাকী লেখিকা সাহিত্যিকে ১৯৮২ চনত সদৌ অসম লেখিকা সমাৰোহৰ উপন্যাস পাণ্ডুলিপি প্ৰতিযোগিতা, নাজিৰা লেখিকা সমাৰোহে আয়োজন কৰা কবিতা প্ৰতিযোগিতা আৰু যোৰহাট জিলা লেখিকা সমাৰোহৰ দ্বাৰা আয়োজিত গল্প প্ৰতিযোগিতাত পুৰষ্কৃত হৈছিল৷ জীৱনত বহু দুৰ্যোগ মূৰ পাতি লৈ তাক প্ৰত্যাহ্বান ৰূপে লৈ এইগৰাকী স্বনামধন্যা লেখিকাৰ কলম আজিও স্তব্ধ হোৱা নাই৷ তদুপৰি তেখেতৰ গৃহত অসম আন্দোলন কালৰ বাতৰি টুকুৰা আৰু ফটোৰ আপুৰুগীয়া সংগ্ৰহ দেখিলো৷ বাতৰি কাকতত প্ৰকাশিত অজস্ৰ প্ৰবন্ধ পৰি আছে৷ ধনৰ অভাৱত গ্ৰন্থৰ আকাৰে প্ৰকাশ কৰিব পৰা নাই৷

এইবোৰ সাহিত্যই প্ৰকৃত অৰ্থত কৃতিত্ব দাবী কৰিব নোৱাৰে৷ জীৱন সংগ্ৰামৰ মাজত জন্মগত স্বকীয় প্ৰতিভা আৰু সাধনাৰে উজ্জ্বলি উঠা সাহিত্য সাধনাইহে সদায়ে সুধী মহলৰ সমাদৰ লাভ কৰে আৰু সময়ে স্বীকৃতিও দিয়ে৷ অনিমা দেৱী যথাৰ্থতে এনে এগৰাকী নিভাজ প্ৰতিভাশালী সামাজিক দায়বদ্ধ লেখিকা- সাহিত্যিক৷ বাইদেউৰ সাহিত্য সাধনাৰ উত্তৰোত্তৰ বিকাশ কামনা কৰিছো৷■ ■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!