স্বাস্থ্য কথা : পানী লগা, চৰ্দি-জ্বৰ আদিৰ নিৰাময়ৰ বিধান (ডা০ ভূপেন শইকীয়া)

পানীলগা, চৰ্দি-জ্বৰ, হুৰহুৰীয়া শুকান  কাঁহ, ডিঙি চেৰচেৰাই থকা,মাত ভঙা,নাক বন্ধ হোৱা, কাণ দুখন ঘোপ  মাৰি বন্ধহৈ থকা – এইবিলাকৰ অনুভৱ নোহোৱাকৈ থকা লোক  খুউব কমহে ওলাব৷ অসুখ দেখাত  সামান্য  যদিও ই একঅতি বিৰক্তিকৰ অনুভৱ ৷ অসুখত ভোগাজনৰ কাম আৰু সময়ৰ ক্ষতি হয়  আৰু ৰোগে কামত মনোযোগ দিয়াত বাধাৰ সৃষ্টি  কৰে৷

কথিত আছে পানী লগাৰ  দৰবনাখালে ভাল হবলৈ ৭ দিন  সময়  লাগে আৰু দৰব  ব্যৱহাৰ কৰিলে এসপ্তাহতভালহয়৷ তেনেহ’লে কিহৰ  বাবেনো এই  লিখনি, চিন্তা চৰ্চা ? আচলতে মানুহে সাবধানে চলিলেও কেতিয়াবা নহয় কেতিয়াবা ৰোগাক্ৰান্ত  হবলগীয়াহয়৷ কিন্তু ৰোগত  আক্ৰান্ত হোৱাৰপিছত তাৰ  পৰা হোৱা কষ্টসমূহ  চিকিৎসাৰদ্বাৰা লাঘব কৰিব পাৰে, যাৰদ্বাৰা ব্যক্তিজনৰ  কামৰ ক্ষতি কম  হব৷

মানুহৰ শৰীৰ হ’ল বহুতবোৰ বেক্টেৰিয়া আৰু ভাইৰাচৰ  আশ্ৰয়স্থলী৷সিহঁতি দিনৰ পিছত  দিন, মাহৰ পিছত মাহ আমাক একো  অপকাৰ নকৰাকৈ আমাৰ  শৰীৰত  আশ্ৰয় লৈ থাকে৷ কিন্তু  অসমীয়াত এটা প্ৰবাদ আছে – হলা গছত  বাগীকুঠাৰসকলোৱে মাৰে৷ ঠিক তেনেদৰে আমাৰ  শৰীৰৰ ৰোগ প্ৰতিৰোধক্ষমতাকমিগলে,শৰীৰকোনো কাৰণত  দূৰ্বলহলে -সেই সুপ্তবেক্টেৰিয়াআৰু ভাইৰাচ  সমূহৰবাবে অনুকুল পৰিবেশৰ সৃষ্টি হয়, ফলত  তাহাঁতি সক্ৰিয়হৈ মানৱ  শৰীৰৰ অনিষ্ট  সাধিব  আৰম্ভ  কৰে৷গতিকে আমি কিদৰে আমাৰ  ৰোগপ্ৰতিৰোধ ক্ষমতাবঢ়াবপাৰো, তাৰ  চৰ্চাকৰাইহ’ল  এই লিখনিৰ উদ্দেশ্য৷

আৰু এটা জৰুৰী কথা৷ এনে শ্বাস- প্ৰশ্বাসজনিত  ৰোগবিলাক  সাধাৰণতে অতি সংক্ৰমণশীল  হয়, অৰ্থাৎ সহজতে এজনৰ পৰা আন এজনলৈ ৰোগ  সোঁচৰে৷ সাধাৰণতে ৰোগ বিয়পে  প্ৰদূষিত বায়ুমণ্ডলৰযোগেদি৷ ইয়াকচিকিৎসা বিজ্ঞানৰ  ভাষাত Droplet Infection বুলি কয়৷ৰোগীয়ে কাঁহিলে, হাঁহিলে,হাঁচিয়ালে,থুই-খেকাৰ পেলালে  বেক্টেৰিয়াআৰু ভাইৰাচ বায়ুৰ কণিকাত  বাস্পআৰু বতাহৰ লগত  মিহলিহৈ  উটি-ভাঁহি  থাকে আৰু আমি নেদেখাকৈয়ে অইন  নিৰোগী মানুহৰ শৰীৰত প্ৰবেশ কৰে৷গতিকে এনে ড্ৰপলেট  সংক্ৰমণক বাধা দিবলৈ হলে – ৰোগী, পৰিয়ালৰ মানুহআৰু সংস্পৰ্শত অহা সকলোৱে প্ৰতিৰোধক  মুখা পিন্ধিব লাগে৷ ৰোগী বন্ধ  কোঠাত  নাথাকি বায়ু চলাচল  কৰা মুকলি পৰিবেশত  থাকিলে ভাল৷ সেয়েহে চিনেমাহল বা আনযি কোনো প্ৰেক্ষাগৃহ এনে সংক্ৰমণশীল  ৰোগৰ উৎপাদনথলী হব পাৰে৷

শৰীৰৰ  ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ যোগাসন আৰু ব্যায়ামৰ  ভূমিকা সৰ্বদা স্বীকৃত৷ ইয়াৰ পিছত আহে বনৌষধি বা আন ঔষধৰ ব্যৱহাৰ৷ তুলসীআৰু আদাক  একেলগে পিচি লৈ মৌজোলৰ  সৈতে মিহলাই কৰা সংমিশ্ৰণ  এনে বিভিন্ন  কাঁহ-জ্বৰ-চৰ্দিৰ  বাবে আজিও  বহুতো অসমীয়া পৰিয়ালত  ঘৰুৱা চিকিৎসা  হিচাবে ব্যৱহৃত  হয়৷  তুলসীৰ নিশ্চিত ঔষধি গূণ  আছে- যাৰ বাবে ই  ঋষি মুনিৰ দিনৰ  পৰা সন্মানিত হৈ আহিছে৷  তুলসী গছ  হ’লজিনচেং পৰিয়ালৰ৷  জিনচেং গছে শাৰীৰিক, স্নায়বিক  দূৰ্বলতা আতৰাই  দীৰ্ঘায়ু প্ৰদান কৰাত  সহায়কবুলি স্বীকৃতি পাইছে৷ ভিটামিন-চিআৰু এন্টিঅক্সিডেন্ট  ঔষধসমূহে  প্ৰদূষিত  ৰক্ত পৰিশোধনকৰাৰদৰেকামকৰে৷আজিকালি দিনক দিনে এইবিলাকৰ  ব্যৱহাৰচিকিৎসা -ক্ষেত্ৰত  বাঢ়িআহিছে৷

Septilin নামৰ আয়ুৰ্বেদিক টেবলেট বা চিৰাপ ২৷৩মাহ খালে এনেৰোগ সমূহৰ  কষ্টৰপৰিমানকমহোৱাদেখাযায়- দৰাচলতে এনে ঔষধো শৰীৰৰ  সুৰক্ষা বৃদ্ধিত সহায়ক  হয়৷ মেন্ঠলৰ ভাপ দিনে ২৷৩বাৰ ললে বন্ধ নাক-কাণখোলাত সহায়ক হয়৷ কুহুমীয়া গৰম নিমখ  পানীৰে দিনে ২৷৩বাৰ  কুলকুলি কৰিলে ডিঙিৰ অসুখৰ  কষ্টসমূহৰভালেখিনিউপশমহয়৷

এতিয়া এবিধ লাগতিয়াল  প্ৰতিষেধক বা  ভেকচিনৰবিষয়ে উল্লেখ  কৰিম৷যিসকল ব্যক্তিয়ে বছৰি বছৰি শ্বাসজনিত বিভিন্নৰোগ,এলাৰ্জি, হাঁপানি আদিত ভোগি আহিছে, তেওঁলোকে বিশেষকৈ ইয়াৰ ব্যৱহাৰৰদ্বাৰা উপকৃত হব৷ কিছুমান ব্যক্তিয়ে  বৃত্তিগতকাৰণত (যেনেগায়ক,অভিনেতা,শিক্ষক,অধিবক্তা আদিয়ে)ভঙা মাতলৈ জীৱিকা ক্ষতিগ্ৰস্ত  কৰিবনোৱাৰে – তেনেলোকৰ  বাবেও ই উপকাৰী ৷ ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই আৰু ইকোনো নিয়ন্ত্ৰিত  ড্ৰাগছোনহয়৷তথাপিও এজন  MBBS ডাক্তৰৰ  তত্বাবধানত  ইয়াক লবলৈ  পৰামৰ্শদিম৷মাত্ৰ১মিলিলিটাৰৰ এইবেজীটোছালৰ তলত লব লাগে (Subcutaneously) – গতিকে বিষ অনুভৱ নহয়৷  Histaglobin  নামৰ এইবেজীটো এজনে  ১২টাৰ পৰা ২৫টালৈ লব লাগে৷ ৰোগৰ গভীৰতা আৰু ৰোগ কিমানপূৰণি তাৰ ওপৰত নিৰ্ভৰ  কৰিবেজীৰ সংখ্যাঠাৱৰকৰাহয়৷ প্ৰথমতে সপ্তাহতদুটা, পিছত ক্ৰমে সপ্তাহত এটা, দুসপ্তাহত এটাকৈ শেষত মাহত এটাকৈ এই ভেকচিন  ব্যৱহাৰ কৰা হয়৷ মই যোৱা ৫৷৬ বছৰে বহু ৰোগীক  এই ঔষধপ্ৰদানকৰিসুফলপাইছো৷

 

 

ডা০ ভূপেন শইকীয়া

20 এপ্ৰিল ২০১২

ড’হা, কাটাৰ

 

One thought on “স্বাস্থ্য কথা : পানী লগা, চৰ্দি-জ্বৰ আদিৰ নিৰাময়ৰ বিধান (ডা০ ভূপেন শইকীয়া)

  • February 12, 2013 at 12:11 am
    Permalink

    পঢ়ি যথেষ্ঠ উপকৃত হলো ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!