হৰিচন্দ্ৰৰ ঔলাদ – পৰশমনি কাশ্যপ

গাঁওখনত যদি কাৰোবাৰ ঘৰৰ কিবা হেৰাই¸ সকলোৱে তালৈ সন্দেহৰ চকুৰে চাই৷ চোৰ যিয়েই নকৰক¸ ধৰ্মচোৰ গাঁওখনৰ এটা কুখ্যাত নাম৷
আচলতে কুখ্যাত নহয় বিখ্যাতহে৷ তাৰ দৃষ্টিত যেন সেয়াও এটা কলা৷ ইমান সুন্দৰকৈ কামফেৰা কৰে যে কোনেও সুংশুত্ৰ উলিয়াব নোৱাৰে৷

‘‘চাল্লা হৰিচন্দ্ৰৰ ঔলাদ ধৰ্মচোৰে নিলে কাৰোবাৰ কিবা৷ ’’

কোনোবাৰ ঘৰৰ পৰা চিঞৰ-বাখৰ ভাহি আঁহিলেই মানুহবোৰে ধৰি লয়¸ সেয়া তাৰ কাম৷

তাৰ বাপেকৰ নাম কেতিয়াও হৰিচন্দ্ৰ নাছিল বা সিয়ো হৰিচন্দ্ৰৰ দৰে সত্যবাদী নাছিল৷ মদাহী বাপেকৰ চোৰ পুতেক৷ সৰুৰে পৰা কিবা অদ্ভুৎ চৰিত্ৰৰ আছিল ধৰ্ম৷ কি ভাবি মাক-বাপেকে তাৰ নাম ধৰ্মকান্ত ৰাখিছিল¸ সকলোৱে আচৰিত হয়৷ মিছা কথা কোৱাতো তাৰ যেন জন্মস্বত্ব অধিকাৰহে৷ লোকৰ বস্তুবোৰ যেন তাৰ নিজৰহে৷
কিন্তুু তাৰ মোহিনী মাতত সকলো মুগ্ধ হয়৷

‘‘হেৰি নহয় ধৰ্ম¸ লাওকেইটা বৰ ধুনীয়া হৈছে অ’৷ ’’
বজাৰত বেচিবলৈ নিয়া ধুনীয়া লাওকেইটা দেখি কোনোবাই সুধিলে কয়৷
‘‘দাদা¸ সাৰ নিদিয়া ঘৰৰ লাও৷ লৈ যাওক সস্তাতে দিছো৷ ’’ মিছা মাতে সি৷ সোধোতায়ো জানে¸ সি মিছা কৈছে৷ কাৰোবাৰ বাৰীৰ পৰা চুৰ কৰি আনিছে৷ তথাপিও বিনাবাক্যে কিনি নিয়ে৷ পুতৌ হয় তালৈ৷ আজিকালি ধৰ্মক মানুহে ধৰ্ম চোৰ বুলিহে জানে৷ কথাটো সিয়ো জানে৷ কিন্তুু বিশেষ নাভাবে৷ তাৰ নম্ৰ ব্যৱহাৰত কোনেও সমুখত একো নকয়৷ নিৰুপায় সি৷ সময়েই তাক বাধ্য কৰিছে৷ আজিকালি খুজিলে নাপায়¸লৈ আহিব লাগে৷

মাজে-সময়ে পথাৰলৈ গৈ কাৰোবাৰ পঠা ছাগলী খেদি বজাৰত বেচি দিয়েগৈ৷ মাংস খাবলৈ মন গলে কাৰোবাৰ ঘৰৰ হাঁহ¸ মুৰ্গী ধৰি নিয়েগৈ৷ মানুহবোৰে জানে৷ কাৰোবাৰ ঘৰত হাঁহ¸ পাৰ হেৰালে কয়¸ সেয়া ধৰ্মৰে কাম৷ কিন্তুু মুখ খুলি কোনেও সুধিব নাহে৷ গৃহস্থই অমাতেৰে গুৱালগালি দিয়ে৷

‘‘বৌহঁতৰ ঘৰত কি হৈছে অ’৷ কামতো ধৰ্মই কৰিলে হব পায়! ’’
মানুহবোৰে কোৱাকুই কৰে৷

‘‘এই ধৰ্মটোও যে আৰু৷ চুবুৰীয়া সকলৰ মুৰতো কোব মাৰিব লাগেনে! ’’
খগেনে কৈ আছিল৷ ৰাতিপুৱাৰ সাপ্তাহিক বজাৰত ধৰ্মই পকা তামোল কেইপোনমান বিক্ৰী কৰিছিল৷ অথচ তাৰ বাৰীৰ তামোলত এটাও তামোল নাই৷ চব কোন কাহানিবাই বিক্ৰী কৰিলে৷

শনিবাৰে গধূলি মদনে চাই থৈছিল¸ তামোল কেইপোনমান পকিছে৷ ৰবিবাৰে ৰাতিপুৱা বজাৰত বেচিবলৈ পাৰিব লওঁতেই দেখিলে এটাও তামোল নাই৷ সেইটো ধৰ্মই হব৷ সিয়ো জানে৷ কিন্তুু প্ৰমাণ নাই৷ ধৰ্মক সুধিলে আন বাৰৰ দৰে এইবাৰো কব লোকৰ বেচিব নিয়া বুলি৷ ইমানেই পাকৈত চোৰ যে কোনেও ধৰিব নোৱাৰে হাতেলোটে৷

হৰিনাথ মানুহটোৱে মদ খালেও চোৰ নাছিল৷ মিছা নকৈছিল¸ লোকক নঠগাইছিল৷ পুতেক ধৰ্ম ওলোটা৷ মদ নাখাই¸ কাজিয়াও নকৰে৷ চুৰ নহলে ভালেই আছিল লৰাটো৷

‘‘হেৰৌ ধৰ্ম¸ এইবোৰ কিয় কৰ অ’৷ মিস্ত্ৰীৰ লগত যোগালি কৰিচোন ভালকৈ চলিব পাৰ! ’’

‘‘কি কৰো অ’ ককাই৷ সৰুতে পিতাৰ জেপৰ পৰা চুৰ কৰি খাওঁতে¸ খুৰাহঁতৰ বাৰীৰ পৰা লাও-কোমোৰা চুৰ কৰি খাওঁতে স্বভাবটো বেয়া হৈ গল৷ এৰো বুলি এৰিবই নোৱাৰা হলো অ’৷ মনটো কুটকুটাই থাকে৷ তহঁতৰ ফালে চকু নিদিওঁ বাৰু৷ ’’

হাঁহি মাৰি কৈ উঠে সি৷ সোধোতাই হুমুনিয়াহ কাঢ়ে৷ স্বভাব চোৰ সি৷ অভাবেই স্বভাব বেয়া কৰিলে৷

হৰিনাথে মদত ডুবি থকাৰ সুযোগতে ভায়েকঁহতে চব আত্মসাৎ কৰিছিল৷ দুখত ডাঙৰ হোৱা লৰা সি৷

‘‘এইদৰে আৰু কিমান দিন অকলে থাকিবি অ’ ধৰ্ম৷ বয়স ৰৈ নাথাকে৷ এজনী গোটাই ল’৷ ’’
চুবুৰীয়া খুড়ীয়েকহঁতে ক’লে হাঁহি মাৰি কয় সি
‘‘কতনো অকলশৰীয়া হলো খুড়ী৷ গাঁওখনচোন আছেই৷ ’’
সৰু ডাঙৰ যাকেই লগ নাপাওক আগধৰি মাতে৷ মুখৰ হাঁহিটো যেন নুগুছেই৷
এয়াই ধৰ্ম৷ চুৰ কৰি অনা গৃহস্থয়ো তাক বেয়া পাই থাকিব নোৱাৰে৷

হৰিচন্দ্ৰৰ ঔলাদ সি! মাজে-সময়ে কথা প্ৰসংগতে কয় সি৷ মানুহবোৰে ৰসপায়৷

সেইবেলি নাটকত ভাও এটা পাইছিল সি৷ নামঘৰটোৰ প্ৰতিষ্ঠা দিবসত গাঁৱৰ ডেকাকেইটাই মিলি নাটক এখন কৰিছিল৷ পুৰ্বৰে পৰম্পৰা সেয়া৷ তাহানি পুৰুষে নাৰীৰ চৰিত্ৰ লোৱাৰ সময়ৰে পৰা৷ আখৰা আধাদিন গৈছিল৷ হৰিচন্দ্ৰৰূপী মাষ্টৰ দাইটিৰ লগত কিবা লাগি ৰজনী মহাজনে পুতেকক অভিনয় কৰিব নিদিয়া হল৷ মহাজনী তেতিয়া নাই¸ কিন্তুু বাপেকৰ দিনৰ মহাজনৰ ঢং এৰিব পৰা নাছিল৷ ইপিনে সবাহলৈ বেছি দিন নাই৷ তেনে বয়সীয়া কাকো নাপায় ধৰ্মকে ধৰিলেহি ৰাইজে৷ কাজে কৰ্মই আগৰণুৱা ল’ৰা সিহে আছে৷ নাটকৰ দিনা ৰুহিদাসে দৰ্শকক কন্দুৱাই দিলে৷ মাষ্টৰ আৰু তাৰ যুটিয়ে মঞ্চ কঁপাই দিলে৷ নাটকৰ শেষত ফুৰ্তিতে কৈ দিলে মাষ্টৰে ই হৰিচন্দ্ৰৰ ঔলাদ৷ বাহ¸ কি অপুৰ্ব অভিনয়!

বচ¸ তেতিয়াৰ পৰাই কথাই কথাই ধেমালিতে কৈছিল সি৷ মানুহবোৰে হাঁহিছিল৷ হৰিনাথ মদাহীৰ কথা কোনে নাজানে৷ সন্ধিয়া হলেও টেটুলৈকে খাই আহি ঘৈনীয়েকক মাৰ ধৰ কৰিছিল৷ ধৰ্ম সৰু থাকোতেই অচিন ৰোগত গলগৈ৷ সম্পত্তি বুলিবলৈ মাথোঁ ভেটিটোহে আছিল৷ তথাপি ধৰ্মৰ একো আপত্তি নাই৷ আৰ-তাৰ ঘৰত সহায় কৰি দি চলিছিল৷ কাঠমিস্ত্ৰীৰ যোগালি হৈছিল৷ কিছু বছৰ পিছত মাকো গলগৈ৷ নিঠৰুৱা হৈ পৰিছিল সি৷ তথাপি হাৰি যোৱা নাছিল৷

গাঁৱৰ ৰাইজেও বুজে কাম-কাজ নথকা দঙদঙীয়া লৰাটোৱে কি কৰি চলিব৷
মাজে-সময়ে চুৰ কৰিলেও মানুহবোৰৰ সিমান অভিযোগ নাছিল তালৈ৷ কাৰো বৰ বিশেষ অন্যায় কৰা নাছিল৷

*******

‘‘কামতো বৰ ভাল নহল৷ ধৰ্মই এনে কৰিব নালাগিছিল৷”-
মানুহবোৰে কোৱাকুই কৰিছে৷

‘‘মই ধৰ্মক জানো৷ চুৰ কৰিলেও ভুল নকৰে সি৷ কিবা বেলেগ কথাহে আছে৷ ’’
মাষ্টৰ ডাইটিয়ে লাখুটি লৈ নামঘৰলৈ আহিল৷ বয়স হৈছে তেওঁৰ৷ চুলিবোৰ বগা হৈ গাৰ চাল সোতোৰা-সোতোৰি হৈছে৷

নামঘৰৰ খুটা এটাত ধৰ্মক বান্ধি থৈছিল৷ অলপ লেবেজান সি৷ হয়তো ডেকাঁহতে মাৰধৰ কৰিছে৷ অলপ দুৰত কপাহী থিয় হৈ আছে৷ ঠিকাদাৰৰ ভায়েকে মেল দিছে৷

যোৱাৰাতি কপাহীৰ ঘৰৰ পৰা ওলাই আহোতে ডেকাহঁতে ধৰিছে তাক৷ কপাহী এজনী বিধবা৷ তাতে এটা সন্তানৰ মাতৃ৷ ব্যভিচাৰী ধৰ্মৰ কুকৃতি প্ৰথম বলেনেই দেখিছিল৷ মেলকীসকলৰ আগত বলেনে ডিঙিৰ শিৰ ফুলাই কৈ আছে৷
‘‘এনেকুৱা পাষণ্ডী লোকক গাঁৱত থাকিব দিব নালাগে৷ চুণৰ কটা ডিঙিত আঁৰি ঘূৰাই লৈ ফুৰিব লাগে৷ ’’

মানুহজাকৰ মাজত গুণগুণনি৷ নামঘৰত বিস্ফোৰণ ঘটিছে৷ স্থিৰ দৃষ্টিৰে ধৰ্মই বলেনৰ ফালেই চাই আছে৷

‘‘তোৰ কিবা কব লগা আছে নেকি ধৰ্ম? ’’
সিদ্ধান্ত দিয়াৰ আগতে গাঁওবুঢ়াই এবাৰ ধৰ্মৰ ফালে চালে৷ ইতিমধ্যেই মেলকী সকলে শাস্তিৰ বিধান কৰিছেই৷ কোনোবাই পুলিচত গতাই দিয়াৰ কথাও কৈছো৷ বয়সৰ অভিজ্ঞতাৰে পুষ্ট গাঁওবুঢ়াই জানে¸ দেখা কথাবোৰ সদায় সত্য নহবও পাৰে৷ বান্ধ খুলি দিবলৈ ডেকাকেইজনক ক’লে তেওঁ৷ ইতস্থত কৰি বান্ধ খুলি দিলে সিঁহতে৷

‘‘ৰাইজ বিশ্বাস কৰা নকৰা আপোনালোকৰ কথা৷ কিন্তুু কব লগাখিনি কম৷ কপাহীক মোৰ ভাললগা কথাটো সঁচা৷ তাইৰ ঘৰলৈ মাজে সময়ে যাওঁ সেয়াও সঁচা৷ কিন্তুু আজিলৈ তাইক স্পৰ্শ কৰা দুৰৰ কথা আজিলৈ মনৰ কথাও কোৱা নাই৷ তাইৰ আৰু মোৰ সম্পৰ্ক এজন বন্ধুৰ¸ মানবীয়তাৰ৷ আজি কিছুদিনৰ পৰা বলেনে তাইক অশান্তি কৰি আহিছে৷ মদখাই ৰাতি দৰ্জা থেলে৷ মই মাথো বচাবহে খুজিছিলো৷ যদি প্ৰমাণ লাগে বলেনৰ চাৰ্টতো খুলি চাওক৷ তাৰ পেটত ভলুকা বাঁহৰ খুটিৰে খোচ মাৰিছিলো৷ তাৰ পোটক লবলৈকে মোক ফচাইছে৷ ’’
সভাথলীত যেন বোমাহে ফুটিল৷ চবপিনে কাঁহপৰি জীণ যোৱা অবস্থা৷ ঠিকাদাৰ কেহেঁৰাজ বটা যেন হৈ বহি পৰিল৷ বিস্ফোৰিত নেত্ৰে সকলোৱে তালৈকে চাই আছে৷

‘‘ৰাইজ¸ আৰু এটা কথা৷  অকলশৰীয়া গাভৰু নাৰী এগৰাকী সুৰক্ষিত নহয়৷ যদি ৰাইজৰ বিচাৰত অপৰাধী নহওঁ আৰু কপাহীয়েও সন্মতি দিয়ে¸ মই তাইৰ সংগী হব খোজো৷ ’’
কৈ কৈ কপাহীৰ চকুলৈ চালে সি৷ লাজতে তাই তলমুৰ কৰিলে৷ মাৰধৰ কৰা ডেকাকেইটাই ফৰিং চিটিকা দিলে৷ নিৰ্বাক¸ নিস্তব্ধ হৈ চাই আছে মানুহবোৰে৷ কিমান সাহস থাকিলে কোনোবাই এনেকৈ মুকলিকৈ কব পাৰে৷
নিস্তব্ধতা ভংগ কৰি হাত চাপৰি বজাই দিলে মাষ্টৰ ডাইটিয়ে৷
চাব্বাচ¸ হৰিচন্দ্ৰৰ ঔলাদে মিছা নকয়৷ লাখুটিত ভৰ দি মানুহকজাকৰ ভিৰফালি আগলৈ আহিল তেওঁ৷ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!