সম্পাদকীয় (ইন্দুকল্প শইকীয়া)

মইনাজান মইনাজান
লুইত পাৰে হ’লোঁ,
মইনাজান মইনাজান
ডিক্ৰং পাৰে হ’লোঁ…..
শিশুকালতে মনত ৰৈ যোৱা এটি গীত। নিজৰ অস্তিত্বক নিজে অনুভৱ কৰিব পৰা নোহোৱালৈকে হয়তো সংগীত বুলিলে এনেকৈয়ে বুজিছিলোঁ। সংগীত মানে ড: ভূপেন হাজৰিকাদেৱৰ ছবি থকা এখন কেছেট আৰু আৰু তাৰ সেই বিশেষ গীতটি। নিশ্চিতভাৱেই এনে খুব কম মানুহ থাকিব যাৰ মনত সংগীত বুলি ক’লে কোনো এক বিশেষ ভাৱে দোলা কৰি নাযায়।

সংগীতৰ বিশ্বজনীনতাই ভৌগোলিক পৰিধিক উপলুঙা কৰি যায়। ঠাই বিশেষে সংগীতৰ ভাষাত যদিওবা ভিন্নতা আহে, সুৰৰ প্ৰাথমিকতা প্ৰায় সকলো সংগীততে একেই হোৱা দেখা যায়। সপ্ত স্বৰৰ সংমিশ্ৰণতে জন্ম হয় বিভিন্ন ঠাইৰ ভিন ভিন লোক সংগীতসমূহ। হয়তো সেই সুৰ সৃষ্টিৰ প্ৰাথমিকতাত থকা সাদৃশ্যই, ভাষা অথবা ভৌগোলিক বৈসাদৃশ্যখিনি লুকুৱাই এটি লোক-সংগীতক সকলোৰে উপভোগ্য কৰি তুলিব পাৰে।
অসমৰ লোক-সংগীতো ইয়াৰ ব্যতিক্ৰম নহয়। অসম বিভিন্ন জনগোষ্ঠী তথা সেই জনগোষ্ঠীসমূহৰ ভিন ভিন জনগোষ্ঠীয় উৎসৱসমূহৰ মিলন ভূমি। আদিম কালৰে পৰা উদ্‌যাপিত হৈ অহা সেই প্ৰতিটো উৎসৱৰ লগতে জড়িত হৈ থাকে সেই কিছু গীত। দৰাচলতে এইদৰে সংগীতে আমাক লৈ যায় আমাৰ পূৰ্বপুৰুষ তথা আমাৰ ইতিহাসলৈ। সংগীত দৰাচলতে এক বহু প্ৰাচীন কথিত ভাষা। আদিম যুগত আমাৰ পূৰ্বপুৰুষ সকলে হাবিত শিল বা বিভিন্ন তেনে ধৰণৰ বস্তুত আঘাতেৰে শব্দৰ সৃষ্টি কৰি বিভিন্ন হিংস্ৰ বন্য প্ৰাণীসমূহক খেদিবলৈ চেষ্টা কৰিছিল আৰু এইধৰণৰ শব্দৰ ইংগিতেৰেই প্ৰাথমিক যোগাযোগ ব্যৱস্থাও আৰম্ভ হৈছিল। কালক্ৰমত এই ধৰণৰ শব্দ সৃষ্টিৰ অভিজ্ঞতা তথা বিভিন্ন প্ৰাকৃতিক শব্দৰ উৎস যেনে নদীৰ পানী বৈ থকা শব্দ, ঢেৰেকনিৰ শব্দ, চৰাই-চিৰিকটিৰ মাতৰ শব্দ ইত্যাদিৰ পৰাই সৃষ্টি কৰা হৈছিল “সা…ৰে.. গা… মা… পা.. ধা… নি” এই সপ্ত স্বৰৰ আৰু এই দৰেই জন্ম হৈছিল সংগীতৰ।
অসমৰ সংগীত ক্ষেত্ৰখনত সংগীত ৰজা-মহাৰজাৰ ৰাজসভাৰ এক প্ৰধান অংগ আছিল। লাহে লাহে ৰাজ সভাৰ পৰা সংগীতে গতি কৰি সাধাৰণ জনতাৰ কাষ পাইছিলগৈ। এই ৰাজসভাৰ অংগ হিচাপেই সংগীতৰ ভঁৰালত বহু অমূল্য সৃষ্টিৰো যোগ হৈছিল।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চকু ফুৰালে সংগীতৰ বিভিন্ন ৰূপ চকুত পৰে। ৰক্, জেজ্‌, শাস্ত্ৰীয়, লোক সংগীত ইত্যাদি। অসমৰ সংগীতৰ ক্ষেত্ৰত লোক-সংগীতৰ অৱদান উল্লেখনীয়। নিচুকনি গীতৰ পৰা ম’হ খেদা গীতলৈ, বিয়া নাম, আই নাম, লোকগীত, বৰগীত, গোসাঁই নাম, বিহুনাম, ঐনিতম, তিৱাগীত, ৰাভাগীত আদি বহু বাচকবনীয়া সংগীতৰ ধাৰাই অসমীয়া সংগীতৰ ক্ষেত্ৰখনক চকুত লগাকৈ চহকী কৰি থৈছে। স্থান বিশেষে অথবা জনগোষ্ঠী বিশেষে বিভিন্ন অঞ্চলত লুকাই থকা এনে লোক-সংগীতসমূহক সকলোৰে মাজত দাঙি ধৰিব পাৰিলেহে অসমৰ এই ঈৰ্ষণীয় লোক-সংগীত উত্তৰ পুৰুষৰ বাবে জীয়াই থাকিব তথা অসমত বা অসমীয়াৰ লোক-সংগীত চৰ্চ্চাৰ যি ইতিহাস সেয়া জীৱিত হৈ থাকিব। আমি প্ৰত্যেক অসমীয়াৰ কৰ্ত্তব্য হোৱা উচিত আমাৰ অগ্ৰজসকলৰ পৰা এই বাপতিসাহোন সংগীতসমূহ সন্মানেৰে শিকা তথা আমাৰ উত্তৰ পুৰুষক সেই একেই শ্ৰদ্ধা তথা দায়িত্বৰে এই সংগীতসমূহৰ উত্তৰাধিকাৰ স্বত্বক অৰ্পণ কৰা। এনে কৰিলেহে অসমীয়াৰ লোক-সংগীতৰ এই চহকী ভঁৰাল চিৰ যুগমীয়া হৈ অসমীয়া সংগীতৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰি জীয়াই থাকিবলৈ সক্ষম হ’ব।
 
বিনম্ৰতাৰে,
ইন্দুকল্প শইকীয়া
চেন্নাই (তেজপুৰ)
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক