২০১২-(উজ্জল ফুকন)

২০১২
-(উজ্জল ফুকন)

“চিত্ৰ, ক’ত গুপ্ত হৈ আছ? এনেই তোৰ নাম চিত্রগুপ্ত দিয়া নাই।” যমৰাজে গৰগৰাই উঠিল।
“প্রভু মই ইয়াতে আছো।” দুটা পেটুৱা অসুৰৰ পিছপিনৰ পৰা চিত্রই মাত লগালে।
“এইমাত্র ভাৰতমুলুকৰ বাঙ্গালোৰৰ পৰা গাড়ী এখন আহিছে। সোনকালে ডাটাবেচ আপডেট কৰিব লাগে । আৰু তই ইয়াত এইটো কি পিটিক্ পাটাক্ কৰি আছ?” যমৰাজে চিত্রৰ হাতখনলৈ চাই সুধিলে।
“এহ নক’ব আৰু প্রভু, বহুদিনৰপৰা ৰেগিং কৰিম কৰিম বুলি ভাবি থকা এটাক কালি লৈ গলো আমাৰ লোহা গৰম কৰি পিছপিনে লগোৱা কক্ষটোলৈ । জীৱিতকালত বৰ বেছি বেয়া কাম কৰা নাছিল সি। কিন্তু মানুহৰ কামবোৰ বৰ সহজ কৰি দিছিল। আৰামেই হাৰাম হয় প্রভু। মোৰ এতিয়া সেইটোৱেই হৈছে। মই তাক সুধিলো ‘শাস্তিৰ আগতে তোৰ কিবা ইচ্ছা আছে নেকি?”
সি কলে “বিশেষ একো ইচ্ছা নাই। কিন্তু মই আৱিস্কাৰ কৰা এই আই ফ’নটো এবাৰ ব্যৱহাৰ কৰি চাওক। তাৰপিছত কব মই কি ভুল কৰিলো।”
সেই যে প্রভু মই এইটো হাতত ললো আৰু একোৱেই কৰিব নোৱাৰা হলো নহয়। আৰু আপুনি যে ৰম্ভা মেনকাৰ কথা ভাবি হুমূনিয়াহ কাঢ়ে ইয়াত চাওক ভিডিঅ। ইজনীতকৈ সিজনী চাৰ । শীলাকে চাব নে মুন্নীকে চাব নে চিকনি চামেলিক চাব।
চিত্রৰ আনন্দত চকুদুটা জিলিকি উঠিল।
“কি নাম অ’ তাৰ?” যমৰাজে সুধিলে।
“ষ্টিভজ’ নে কিবা এটা কৈছিল।” চিত্রই বহুত ভাবি কলে।
“ষ্টিভ জব’চ্” এইমাত্র অহা উৰন্ত বাছখনৰপৰা নমা পিলিঙা এটাই চিঞৰি কলে।
চিত্র আৰু যমৰাজ দুয়োজনে একেলগে তাৰফালে চালে। সি তেতিয়াও মবাইলত কথা পাতিয়েই আছে “ইয়া বেবি!! ৰিছ’ড্ চেফলি। হুৱেৰ আৰ ইউ? অকে, ইউ আৰ কামিঙ ইন নেক্সট বাছ। ফাইন। বাই। টেক কেয়াৰ। লাভ ইউ। উমমমৱাহ।”
“প্রভু বাঙ্গালোৰৰ গাড়ীখন পালেহি। কামত লগাই ভাল। এইকেইটাক কিবা কৰাৰ আগতেই ইহঁতে আমাক চিলেক্ট কৰি ডিলিট কৰে বুলিহে ভয়।” চিত্রই খৰখেদা কৰি ডাটাবেচ চাৰভাৰটোৰ পিনে দৌৰ দিলে।
কিন্তু চাৰভাৰৰ ওচৰলৈ গৈ মূৰে কপালে হাত দি বহি থকা ছফ্টৱেৰ ইঞ্জিনিয়াৰটোক দেখি চিত্রই সুধিলে “কি হ’ল অই মূৰখোৱা ? এতিয়া নকবি এইডালে কাম কৰা নাই বুলি।”
এইটো ইঞ্জিনিয়াৰ মৰি ভূত হৈ আহিও চাৰভাৰ চাপৰ্ট কৰি আছে। তাকো নৰকৰ ডাটাবেচ চাৰভাৰ। অনবৰত স্পেচৰ সমস্যা, এক্সেছ সমস্যা আৰু সকলোতকৈ কম’ন সমস্যা “ন’ দাতা ফাউণ্ড ইন হিউমেন টেবুল”।
হিউমেন টেবুলখন আকৌ ব্রহ্মাই সৃষ্টি কৰে তেওঁৰ চাৰভাৰত। সেইখন মিনিটে মিনিটে এক্সপৰ্ট কৰিব লাগে। তাৰ কামৰ অন্ত নাই। যমৰাজ আৰু চিত্রৰ মতে ইয়াতকৈ ডাঙৰ শাস্তি আৰু একো নাই।
“প্রভু মই নোৱাৰিছো। একো বুজি পোৱা নাই কি হৈছে।” সি কন্দনামুৱা হৈ ক’লে।
“তই কহিনুৰ থিয়েটাৰত কাম কৰিছিলি নেকি অ’? ইমান কিয় ভাও দি থাক। অই ইয়াৰ পৃথিৱীত থকা মেনেজাৰটো কেইদিনমানৰ আগতে আহিছে। তাক মাতি লৈ আহ। সি ইয়াক ডেড-লাইন দিলে এইদালে সকলো কাম সময়মতে কৰিব” চিত্রই তালৈ চাই অসুৰ এটাক কলে।
অলপ পিছত মাজ টপা, পেটতো ডাঙৰ, ভৰিকেইটা সৰু, টেলেকা চকুৰে মেনেজাৰটো আহি চিত্রৰ কাষত হাজিৰ হ’লহি।
চিত্রই তাক কথাখিনি বুজাই ক’লে “তই কামত লাগি যা। নহ’লে ছুটিত যাব লাগিব।” নৰকত ছুটিত যোৱা মানে গৰম তেলত ভাজ খোৱা। আৰু যমৰাজে নিৰ্দেশ নিদিয়ালৈকে কোনো আত্মাই নৰকৰপৰা মুক্তি নাপায়।
“শুন, তই মোৰ পৃথিৱীৰহে মেনেজাৰ আছিলি; ইয়াৰ নহয়। মোকটো এনেও তেলত ভাজিব, কিন্তু মই কাম নকৰিলে তোকো ভাজিব। আৰু তেলত ভাজ খাই থাকোতেই দুয়োটাই সমস্যাটোৰ ওপৰত আলোচনা কৰিম। আৰু তই মোক এতিয়া তোৰ ব্রহ্মাস্ত্র ‘হাইক নিদিও’ মাৰিব নোৱাৰ। হিঁ হিঁ হিঁ” চফ্টৱেৰ ইঞ্জিনিয়াৰটোৱে বহুদিনৰ পিছত প্রাণ খুলি হাঁহিলে।

মেনেজাৰটোৱে তাৰ কথা নুশুনা ভাও ধৰি ডাটাবেচ চাৰভাৰটো অলপ পিটিক পাটাক কৰি কলে “প্রভু এইটো ইয়াৰ আৰু মোৰদ্বাৰা ঠিক কৰা সম্ভৱ নহয়। ‘ড° এডগাৰ টেড কড’ আৰু ৰবাৰ্ট মেটকাল্ফক মাতিব লাগিব। তেওঁলোকেহে পাৰিব।”
“সেই কেইটা আকৌ কোন?” চিত্রই চেলাউৰি কোচ খোৱাই সুধিলে।
“প্রভু সেইকেইটাই যতকূটৰ ঘাই। এটা ডাটাবেচৰ জনক আৰু আনটো নেটৱৰ্কিঙৰ” মেনেজাৰে কলে।

“অ’ সেইকেইটাক চাগৈ আউটচৰ্চ কৰি দিয়া হ’ল। ৰোমান যমৰজা প্লুট’ আৰু গ্রীক যমৰজা থানাটচক সুধিব লাগিব। আমাৰ যমৰজাই কেতিয়াবা কিছুমানক আউটচৰ্চ কৰি দিয়ে। ” চিত্রই কথাটো কৈ দুয়োজনলৈ মেছেজ পঠাই দিলে ফেচবুকত।
অলপ পিছত দুয়োজন আহি চাৰভাৰ ঠিক কৰাৰ কামত লাগি গ’ল। মেনেজাৰে মিচিকিয়া হাঁহি মাৰি চিত্রৰ কাষত ৰৈ কাম চাই আছে। সি লাহেকৈ ছফ্টৱেৰ ইঞ্জিনিয়াৰটোলৈ চাই কলে “প্রাৰ্থক্য বুজিলি ছফ্টৱেৰ ইঞ্জিনিয়াৰ আৰু মেনেজাৰৰ? মেনেজাৰে নৰকতো মেনেজ কৰিব পাৰে।”

“ইয়াৰ পিছপিনৰ ছালখন চেলাই চুৰাট পাত আৰু বান্দৰ কেকুৱা মিহলি কৰি লগাই দে। তাৰপিছত গৰম পানী ঢালি দিবি। একো কাম কৰিব নোৱাৰে ভালকৈ।” চিত্রই ছফ্টৱেৰ ইঞ্জিনিয়াৰটোলৈ চাই ওচৰতে থকা টেকেলা এটাক কলে।
ইঞ্জিনিয়াৰটোৰ কন্দনামুৱা মুখখন দেখি হাঁহিত ৰব নোৱাৰি মেনেজাৰৰ মস্ত পেটটো কঁপি উঠিল।
“আৰু ইয়াক গৰম পানী দিব নালাগে ঠাণ্ডা পানী দিবি। বাকিখিনি কাম একেই কৰিবি।” হাঁহি থকা মেনেজাৰটোলৈ চাই চিত্রই টেকেলাক নিৰ্দেশ দিলে।
এইবাৰ যেন ছফ্টৱেৰ ইঞ্জিনিয়াৰটোৰ হঁহাৰ পাল। সি হাঁহিত বাগৰি পৰিল।
“অই এই পাগল দুটাক লৈ যা সোনকালে।” শাস্তি দিবলৈ নিলেও ইমান হঁহা মানুহ প্রথম দেখি চিত্রই চিঞৰি উঠিল।

“চিত্র তই সেইবোৰ বাদ দে। এইফালে আহ” যমৰাজে চিঞৰি মাতিলে চিত্রক।
চিত্র উৰি যোৱাদি গৈ যমৰাজৰ কাষ পাই সুধিলে “কি হ’ল প্রভু? কিবা অথন্তৰ? ”
“ভোলানাথে ডেডলাইন দি দিলে পৃথিৱী ধ্বংস প্রজেক্টৰ। ‘২১ ডিচেম্বৰ,২০১২’, যদিও সলনি হব পাৰে বুলি কৈছে কিন্তু আমি সেইটো তাৰিখ মানিয়েই চলিম।” যমৰাজে কলে।
“ঠিক আছে প্রভু। মই সকলো সাজু কৰি থৈছো। শাস্তিৰ প্রধান কক্ষ কেইবাটাও। ‘ছেঙ্গিজ খাঁ কক্ষ’, ‘ইডি আমিন কক্ষ’, ‘হিটলাৰ কক্ষ’, ‘মাওঁ কক্ষ’, ‘পল’ পট কক্ষ’, ‘চাদ্দাম কক্ষ’ আদি সাজি শেষ হৈছে। আৰু বহু কেইটা সাজিবলৈ বাকী আছে। কিন্তু হৈ যাব সময়মতে। পৰীক্ষাৰ বাবে মই আপোনাক ইডি আমিন কক্ষটো দেখুৱাও বলক।” চিত্রই যমৰজাক ইডি আমিন কক্ষলৈ লৈ গ’ল।
গৰম তেলৰ প্রকাণ্ড কেৰাহীবোৰত মানুহবোৰ ভাজি থকা হৈছে। মাজে মাজে টেকেলাকেইটাই জুই বঢ়াই দিয়ে আৰু জলকীয়া গুৰি দি ভাজি থাকে।
“ঠিক আছে। ভাল হৈছে।” যমৰাজে কলে।

“মাইকেল..মাইকেল..” হঠাত কেৰাহীবোৰৰ মাজৰ পৰা তেলত ভাজ খাই থকা মানুহবোৰে একেলগে চিঞৰীবলৈ ধৰিলে। ছোৱালীবোৰ ফুৰ্তিত গৰম তেলৰ ওপৰতে জপিয়াবলৈ ধৰিলে।
“চিত্র কি হৈছে এইবোৰ?” যমৰাজে সুধিলে।
“প্রভু অলপ দিনৰ আগতে মাইকেল জেকছন বোলা গায়ক এটা আনিছিলো মনত আছেনে ? সি আকৌ নাচিবও পাৰে আৰু বৰ বিখ্যাত আছিল পৃথিৱীত। এইবোৰ মানুহক শাস্তিও দিব নোৱাৰি আৰু স্বৰ্গলৈও পঠাব নোৱাৰি। আপুনিটো জানেই কলিযুগত কোনো স্বৰ্গলৈ নাযায়। গান্ধী বাপুৱেই আবেদন পত্র লৈ ইফাল সিফাল ঘূৰি ফুৰিছে। আৰু এইদালক দেখিছেনে ইখন কেৰাহিৰপৰা সিখনলৈ কেনেকৈ ‘মুন ৱাক’ কৰিছে।”
“মাইকেল যাবিনে নে ইয়াৰপৰা” চিত্রই ধমক দিয়াৰ সুৰত কলে।
“ডেনঞ্জাৰাছ..” মাইকেলে ‘মুন ৱাক’ কৰি কৰি চিত্রক জোকাই গুছি গ’ল।
“নৰকত এটা কথা ভাল চিত্র, সকলোৱে সকলোৰে কথা বুজে। ভাষা সমস্যা নাই। নহ’লে আমিও আকৌ কি কয় আজিকালি ইউনিকডত কাম কৰিব লগা হ’ল হয় নিজৰ ভাষাৰ প্রচাৰ আৰু প্রসাৰৰ বাবে। ভোলানাথে ফেচবুকত মেছেজ পঠাইছে এক মিনিট । ফেচবুকত অদৃশ্য হৈ থাকিও শান্তি নাই।” যম ৰাজে কলে।
“অসম মুলুকৰ এজাক আহি আছে আজি। ভালকৈ চম্ভালিবি। আৰু পৃথিৱী ধ্বংস প্রজেক্ট কিমান আগবাঢ়িছে? ইফালে ব্রহ্মাই আজি নতুন পৃথিৱী আৰু নতুন জীৱ সৃষ্টিৰ ডিজাইন ডকুমেন্ট দিলেই। আইনষ্টাইন, নিউটন, গেলিলিও, এডিছন আদিয়ে ব্রহ্মাৰ নিৰ্দেশত ৰাতিয়ে দিনে কাম কৰি আছে। বিশ্বকৰ্মাই টিম লিড হিচাপে সকলো ডিজাইন সাজু কৰি ৰাখিছে। এইবাৰ প্রজেক্টটো ভাল হব যেন পাইছো। এনিৱে, ভালকৈ হেণ্ডল কৰিবি অসমৰ মানুহমখাক। আই বিলিভ অন ৰিজাল্ট।” ভোলানাথৰ মেছেজটো পঢ়ি যমৰজা ঘামিবলৈ ধৰিলে।

“চিত্র, ইডি আমিন কক্ষটো অসমৰ মানুহৰ বাবে ঠিক কৰ । জীয়াই থাকোতে একো শাস্তি নোপোৱা কেইটাক শাস্তি কি বুজাই দিয়া হব। ডাঙৰ ডাঙৰ কেৰাহী সাজু কৰ। এখন কেৰাহীৰ নাম দিবি ‘অসম আন্দোলন’। এইখনত থাকিব মহন্তকে আদি কৰি অসম গণ পৰিষদৰ গোটেইজাক আৰু ৰাজীৱ বোলাটোক । সেইযে প্ৰধানমন্ত্ৰী আছিল । যাক ইমান দিন ভাজি আছিলি তাকো লৈ আহিবি এই কেৰাহীখনলৈ । শ্বহিদ খৰ্গেশ্বৰ তালুকদাৰ আৰু আন আন শ্বহিদবোৰে এই কেৰাহীত জুই দিব । আন এখন কেৰাহীৰ নাম দিবি ‘আলফা’ । ইয়াত থাকিব আত্মসমৰ্পণ কৰা আলফা, হৰেশ বৰুৱা গোট, হিতেশ্বৰ আৰু গগৈ । পিছে মহন্তক এইখনতো উঠাব লাগিব। তাৰ গুপ্তঘাটকৰ শাস্তি দিয়া হব ইয়াত । এইখনত জুই দিব ভাল ভাল শ্বহীদ হোৱা আলফা কেইটাই। আৰু পৰাগ দাসকো কব লাগিব জুই দিবলৈ এইখনত। আৰু এখন কেৰাহি হব ‘নদীবান্ধ’ । ইয়াত থাকিব নিখিল, হিমন্ত, বিদ্যুত আৰু ইহতৰ পালি-পহৰীয়া মখা। কাজিয়া আৰম্ভ হলেই জুই বঢ়াই দিবি। শেষত আন এখন কেৰাহীৰ নাম দিবি ‘ইউনিকড’। এইখনত সেইজাক ভুছুঙপহুক ৰাখিবি যি নিজৰ ভাষাটো কবলৈ লাজ পাই আৰু লোকৰ ভাষাটোও ভালকৈ কব নোৱাৰে।”
“মানে প্রভু নাই পো লনি, নাই পো ধনী, নাই পো মুখে, নাই পো গোফেৰ দৰে।” চিত্রই যমৰাজৰ কটা ঘাঁত নিমখ ছটিয়াই দিলে।
“ঠিক কৈছ’ চিত্র। মোৰফালৰ পৰা আৰু এষাৰ লগাই দে ‘নাই পো ইউনিকডে’। যেতিয়ালৈকে নিজৰ ভাষা শুদ্ধকৈ কব নোৱাৰে এইজাকক মোৰ কাষলৈ নানিবি। নতুন নতুন শাস্তি দি থাকিবি। এইখনত জুই দিব সত্যনাথ বৰা, ড° বাণীকান্ত কাকতি, হেমচন্দ্র বৰুৱা, ভবানন্দ ডেকা আদিয়ে। বেকগ্রাউণ্ডত গান গাবলৈ ড° ভুপেন হাজৰিকাক মাতি পঠিয়াবি। গানটো হব ‘অগ্নিযুগৰ ফিৰিঙটি মই ..নতুন অসম গঢ়িম, সৰ্বহাৰাৰ সৰ্ৱস্ব পুনৰ ফিৰাই আনিম।’ পিছে তেওঁ বৰ ব্যস্ত আজিকালি । আগতীয়াকৈ খবৰ দিবি। তেওঁ জয়ন্ত, জগজিৎ, ভীমসেন জোসী, কিশোৰ, ৰফী আদিৰ লগত সুৰ বাহিনী সৃষ্টি কৰি ঘূৰি ফুৰিছে। কালি বিষ্ণুৰ তাত গোটেই জাকে সাংস্কৃতিক সন্ধিয়া কৰি আহিছে।”
“প্রভু আমাকো টিভি চেনেল লগা হৈছে অসমৰ মানুহৰ দৰে। আমাৰো ‘লাইভ’ চাব মনলৈ যায় দিয়কছোন। মোৰ ভতিজা আৰু ভতিজীক লব পাৰো ৰিপৰ্টাৰ হিচাপে।” চিত্রই কলে।
“কি নাম অ’ সিঁহতৰ?” যমৰাজে সুধিলে।
“আদান প্রদান শৰ্ম্মা বৰদলৈ আৰু জাকত জিলিকা শৰ্ম্মা বৰদলৈ। প্রভু শৰ্ম্মা বৰদলৈ উপাধিটো বৰ হিট মাৰিছে অসমত, সেয়েহে মই লগাই দিছো।” চিত্রই কলে।
“ঠিক আছে। মই চাম বাৰু; পৃথিৱী ধ্বংস প্রজেক্টটো লাইভ চাব পাৰিলে মোৰো ভাল লাগিব।” যমৰাজে কলে।
“মেৰে দেচ কি ধৰতিতিতি…..চনা ওগলে..ওগলে হীৰে মৌতি..মেৰে দেচ কি ধৰতি”
“চিত্র, মনোজ কুমাৰ কেতিয়া পালেহি?” যমৰাজে মুখখন হাতেৰে ঢাকি সুধিলে।
“মনোজ কুমাৰ নহয় প্রভু। মহেন্দ্র কাপুৰ। নৈপথ্য গায়ক আছিল। মহেন্দ্র যাৱ নে ইয়াৰ পৰা।” চিত্রই চিঞৰি উঠিল আৰু কেৰাহীবোৰ সাজু কৰাত লাগিল।।
অলপ পিছত চিত্র আহি কলে “প্রভু সকলো আপুনি কোৱা মতে সাজু হৈ আছে।”
“কিন্তু চিত্র, ভোলানাথে আকৌ মেছেজ কৰিছে এইমাত্র। মোম্বাই ফিল্ম ইণ্ডাষ্ট্ৰিৰ এজাকো একে সময়তে পাবহি। ইডি আমিন কক্ষত অসমৰ মানুহজাকৰ লগতে ৰাখিব লাগিব সিহঁতক। জেনেৰেল কেৰাহীবোৰ ব্যৱহাৰ কৰিবি।” যমৰাজে ক’লে।
“ঠিক আছে প্রভু।” চিত্রই কলে।

চিত্রৰ কথা শেষ নহওতেই মোম্বাই আৰু অসমৰ পৰা অহা উৰন্ত বাছ দুখন আহি উপস্থিত হ’লহি।
“হয় নে নহয়। সকলোবোৰ বৰ ভাল হৈছে। দেখিছানে হিমন্ত নৰকখন একেবাৰে আমাৰ আসামৰ নিচিনা। তথাপি আমি যমৰজাৰ পৰা শিকিব লগা বহুত কথা আছে। কিন্তু আমি পাৰিম। হেঁ হেঁ হেঁ।” গগৈয়ে আহি পায়েই হিমন্তক কলে।
“ভাল চাৰ, ভাল চাৰ।” হিমন্তই হয়ভৰ দিলে।
“এহ ইয়াত আৰু এনেকৈ নকবা। শগুনক জোকোৱা বুলি ভাবিব। ইয়াত শগুন মানুহ সকলো একে।” গগৈয়ে কলে।
“ঠিক কৈছে গগৈ দা। ইয়াত আপুনি মই সকলো এক।” বুধিন বৰাই কাষৰপৰা মাত লগালে।
“দিছ ইজ অলচ এ ইম্পৰটেন্ট মেটাৰ। হয় নে নহয়। হেঁ হেঁ হেঁ।” গগৈয়ে ক’লে।
ইফালে মদন আৰু ৰমেনে চুচুক চামাকৈ মানুহৰ মাজে মাজে আগবাঢ়িছে। জেতুকী বাইৰ আগত দেখুন প্রিয়ঙ্কা চোপ্রা আৰু দিপীকা পাডুকন। জেতুকীয়ে দুয়োজনীক তামোল খাব নেকি সুধিছে।
“পিলিংকা আৰু পিটিকা তহঁতৰ যে চিনেমা চায়েই থাকো । আজিহে দেখিছো ভালকৈ। দেখাত সাইলাখ টিভিত ওলোৱাৰ দৰেই । মইনো আৰু কি দিম, ল তামোল এখনকে খা। ” জেতুকীয়ে ক’লে।
“নালাগে আইতা” দুয়োজনীয়ে হাঁহি হাঁহি উত্তৰ দিলে।
“বাই, অ’ বাই, আমাৰ দুটাৰতো বিয়া নহলেই পৃথিৱীত। ইহঁত দুজনীৰ লগত একেলগে ভাজ খাব পাৰিলে আত্মাই সদগতি পাব বাই। আপুনি এই অসুৰ আইতাকক অনুৰোধ কৰি চাওকচোন।” মদন আৰু ৰমেনে জেতুকীক খোচামতি কৰিবলৈ ধৰিলে।
“বাই, মোৰ কাৰণে ৰাখী চাৱন্তক পাৰে নেকি চাবচোন” কলিতাই আগদাঁত দুটাৰে হাঁহি এটা মাৰি কলে।
“ৰ ৰ’ কটা নিধকহঁত, সুধিবলৈ দে। মোৰো এই জোনক ভাল লাগিছে। জোন আবাহাম। মই তাৰ লগতে ভাজ খাম” জেতুকীয়ে হাঁহি হেলেঙি উলিয়াই দিলে।
“বাইদেউ, আমাৰ এইকেইটা বৰলা আত্মা। পাৰিলে পিলিংকা চলিহা, পিটিকা ফুকন আৰু মাখি মহন্তৰ লগত ইহঁতক একেখন কেৰাহিতে ৰাখিব।” জেতুকীয়ে তামোল এখন দি অসুৰ আইতাক ক’লে।
“এই কেইজনীৰ পৃথিৱীত থাকোতে ধুনীয়া ধুনীয়া ল’ৰা সলনি কৰাৰ বৰ চখ আছিল। এতিয়া এই কেইটাৰ লগত অনিৰ্দিষ্ট কাললৈ থকাটোৱেই ইহঁত কেইজনীৰ ভাল শাস্তি হব্” অসুৰ আইতাই মনে মনে ভাবিলে।
“ঠিক আছে। আৰু তই নামবোৰ ভালকৈ কবলৈ শিক। নৰকতো তোৰ এই অৱস্থা।” অসুৰ আইতাই জেতুকীক ক’লে।
“ভাল বাৰু। মোক জোনৰ লগত ৰাখিব নেকি বাইদেউ?” জেতুকীয়ে লাহেকৈ অসুৰ আইতাক সুধিলে।
“চুপ থাক বুঢ়ী। তাক মই চাই আছো।” অসুৰ আইতাৰ গৰ্জনত জেতুকী নিটাল মাৰিলে।
দূৰৰ পৰা মদন আৰু ৰমেনে গহীনক চাই হাঁহিবলৈ ধৰিলে। এটাৰ গাত পিলিংকা ঢলি পৰিছে আনটোৱে পিটিকাৰ লগত হাতত ধৰাধৰিকৈ কেৰাহিৰ ফালে আগবাঢ়িছে।
সিহঁতৰ হাঁহিটোৱে যেন কব বিচাৰিছে “আৰু বিয়া পাত গহীন। এতিয়া আমাক চা। ক’ত সৰস্বতী আৰু ক’ত পিলিংকা পিটিকা। হিঁ হিঁ হিঁ।”
“জেতুকী বাই, মোকো লাগে পিলিংকা নহলে পিটিকা। মোৰ কথাও কোৱা।” গহীনে চিঞৰী উঠিল।
“খজুৱতি, হেৰৌ তোৰ মানুহটোৰ কি হৈছে চাগৈ যা। মোৰ নাম লৈ চিঞৰী আছে।” জেতুকী বাইয়ে সৰস্বতীলৈ চাই ক’লে।
“হেৰি উঠিছেনে। কিনো চিঞৰি আছে এইবোৰ। দুপৰীয়াৰ ভাতকেইটা খায় টোপনিয়াই একেবাৰে সপোন দেখি গ’ল।” সৰস্বতীয়ে গহীনৰ গাত হেচুকি ক’লে।
“অ’ মই ক’ত? মদন আৰু ৰমেন ক’ত? পিলিংকা আৰু পিটিকা ক’ত গ’ল?” গহীনে সপোন আৰু দিঠকৰ মাজত বহি গোটেই জাকক বিচাৰিবলৈ ধৰিলে।
“আপুনি বিচনাত আৰু এয়া কাষত মই।” গহীনে সপোন দেখাৰ কথা বুজি পাই সৰস্বতীয়ে হাঁহি হাঁহি ক’লে।
“তই হাঁহিব নালাগে। সময় বেছি নাই। ২১ ডিচেম্বৰ। দুৱাৰখন বন্ধ কৰি আহ সোনকালে। মৃত্যুৰ পিছত মোৰ কপালত যে একো নাই দেখুৱাই দিলে যমৰাজে।” গহীনে সৰস্বতীক ক’লে।
সৰস্বতীয়ে বুজিলে এইজনক আৰু একো বুজাই লাভ নাই।
গহীনে বিচনাৰ তললৈ হাতখন নি মবাইলেৰে একো নোচোৱাকৈ ফট’ মাৰিবলৈ ধৰিলে।
“হেৰি কি কৰিছে? বিচনাৰ তলখননো কিয় ফট’ মাৰিছে?” সৰস্বতীয়ে একো বুজিব নোৱাৰি গহীনক সুধিলে।
“নাই অ’ জেকপট সোমাই থাকে কেতিয়াবা। এলাহ বেছি হৈছে মোৰ। নিজে চোৱাতকৈ ফটখন তুলি চাইছো সি আছে নেকি? জেকপট জেকপট” গহীনে মাতিবলৈ ধৰিলে।
হঠাত আ’লনাৰ কাষৰপৰা জেকপট ওলাই আহিল।
“দেখিলি সেইদিনা গোটেই ৰাতি আমাৰ বিচনা তলত সোমাই আছিল। ৰাতিপুৱা তাৰ চকু দেখিয়েই মই বুজি পাইছো সি যে এক টিপো মৰা নাই। ফ্রীতে চিনেমা চাবলৈ লাগে তাক। যাবিনে ইয়াৰপৰা।” গহীনে চিঞৰি উঠিল।
সৰস্বতীয়ে জেকপটক বাহিৰলৈ উলিয়াই দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলে। জেকপটেও কুঁ কুঁৱাই নেজডাল জোকাৰি জোকাৰি জেতুকী বাইৰ ওচৰ পালেহি ।
দুৱাৰ বন্ধ কৰাৰ শব্দ শুনি জেতুকীয়ে বুধিনক ক’লে “বুদ্ধিহীন, তোৰ আজোককা হবলৈ আৰু বেছিদিন নাই।”
জেতুকীৰ কথা শুনি বুধিন আৰু পদুমীৰ মুখৰ পৰা শব্দ নোহোৱা মিচিকিয়া হাঁহি এটা ওলাই আহিল।

—————***——————–

আমি আহিছিলো নাঙঠ হৈ
উভটিম একো নিপিন্ধাকৈ।
মৰমৰ টি-চাৰ্টটো আলমাৰিৰ চুকত পৰি ৰব
মোৰ চিনাকি ঘামৰ সুৱাস লৈ।

দিন যাব ৰাতি হব
পৃথিৱীয়েও মোট সলাব।
নতুন যুগৰ নতুন জীৱই
মোৰ টি-চাৰ্টটো হয়তো বিচাৰি পাব।

কবতো নোৱাৰি মোৰ ঘামৰ পৰাই আকৌ মোক জীৱন দিব
কিন্তু তেতিয়াতো মোৰ চিনাকি কোনো নোলাব
নতুন জীৱন পাই কি হব
বন্ধু টেনচন নলবা, পৃথিৱী এতিয়াও জীয়াই আছে আৰু লগতে আমিও
মুখত এৰি দিয়া চিনাকি হাঁহিটো
গাত সোমোৱাই লোৱা মৰমৰ টি-চাৰ্টটো
কৰি যোৱা যি ভালপোৱা
জীৱন যুজৰ গান গোৱা।
নৰবা বন্ধু সময় তাকৰ
মৃত্যুৰ পিছত ভাবিম কথা নৰকৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!