চলচিত্ৰ আলোচনা : ডন অৱ দা প্লেনেট অৱ এপছ (দেৱপ্ৰতীম হাজৰিকা)

ছিমিয়ান ফ্লুৱে বিধ্বস্ত কৰি যোৱা এখন চহৰ৷ য’ত নাই বিদ্যুৎ সেৱা, নাই সংযোগ পৃথিৱীৰ আন ঠাইৰ লগত৷ চহৰ খনৰ একমাত্ৰ আশা ৰূপে থিয় দিছে বৰ্তমান হাবিৰ ৰূপ লোৱা এটা পাৱাৰ ষ্টেচনে, যি ঘূৰাই আনিব পাৰে চহৰ খনলৈ বিদ্যুৎ সেৱা৷

পাৱাৰ ষ্টেচন বিচৰাৰ পথত তেওঁলোকে ভৰি দিলেহি এখন অদ্ভুত পৃথিৱীত৷ য’ৰ বাসিন্দা মানুহ নহয়, কিন্তু সেই প্ৰাণী বিলাক অছিল মানুহৰ দৰেই বুদ্ধিমান, মানুহৰ দৰেই চিন্তা-ভাৱনা কৰিব পৰা, মানুহৰ দৰে কথা ক’ব পৰা৷ সেই প্ৰাণীবিলাক আছিল মানুহৰ পূৰ্বজ বুলি কোৱা বনমানুহ(এপ)৷ জেনেটিকেলী এডভান্সড সেই বনমানুহ বিলাক অছিল মানুহৰেই সৃষ্টি, বিজ্ঞানীৰ পৰীক্ষাৰ ফলাফল৷

বনমানুহ বিলাকৰ নেতা আছিল ছিজাৰ৷ আন বিলাক বনমানুহতকৈ বুদ্ধিমান ছিজাৰ আছিল শান্তিপ্ৰিয়৷ মানুহৰ বেয়া গুণবিলাক বেয়া পোৱা ছিজাৰ মানুহৰ সমস্যাৰ বিষয়ে অৱগত হয়৷ দৰদী ছিজাৰে মানুহক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ কিন্তু এই কথা কেইটামান বনমানুহে ভাল পোৱা নাছিল, কাৰণ সিহঁতৰ চকুত অছিল মানুহ বনমানুহৰ চৰম শত্ৰু, অতীতত সিহঁতৰ ওপৰত পৰীক্ষাৰ নামত কৰিছিল নানা অত্যাচাৰ৷

এই অসন্তুষ্টিয়ে পিছত গা কৰি উঠি বনমানুহৰ নিজৰ মাজতে সংঘাত সৃষ্টি কৰে আৰু ইয়াৰ বাবে জগৰীয়া কৰা হয় মানুহক৷ সেয়ে আৰম্ভ হয় মানুহ অৰু বনমানুহৰ মাজত এখন যুদ্ধৰ৷

ওপৰত কোৱা কথাখিনি এই সপ্তাহত মুক্তি লভা ‘ডন অৱ দা প্লেনেট অৱ এপছ’ৰ কাহিনীৰ এটি থুলমূল আভাষ৷ সাধাৰণতে আমি কথাছবিত মানুহৰ মাজেৰে আৱেগ, অনুভূতি আদি বিচাৰিবলৈ চেষ্টা কৰো৷ কিন্তু এইখন কথাছবিত আমি এইবিলাক বস্তু বিচাৰিব লাগিব বনমানুহৰ মাজেৰে, আৰু নিঃসন্দেহে বিচাৰিও পাম৷

ছিজাৰৰ পত্নীয়ে এটি সন্তান জন্ম দিওতে ছিজাৰৰ মুখত ফুটি উঠা আনন্দৰ চিন লগতে পত্নীলৈ থকা চিন্তাৰ চিহ্ন ফুটি উঠা দৃশ্যটো চালে আপুনি ক্ষন্তেক মুহূৰ্ত্তলৈ পাহৰি যাব সেইয়া মানুহৰ সন্তান নে এটা বনমানুহৰ সন্তান জন্ম হৈছে৷ আন এটা দৃশ্যত দেখা পাব এটা খঙাল বনমানুহ, ঘোঁৰা চেকুৰাই দুয়োহাতৰ দুটা মেচিন গান গৰজাই আগবাঢ়িছে মানুহৰ ফালে৷ এনে কিছুমান দৃশ্যই কথাছবিখন অতি মনোমোহা কৰি তুলিছে৷

২০১১ চনৰ ‘ৰাইজ অৱ দা প্লেনেট অৱ এপছ’ৰ ছিকুৱেল ‘ডন অৱ দা প্লেনেট অৱ এপছ’ নিঃসন্দেহে এখন ডাঙৰ পৰ্দাত চাবলগীয়া কথাছবি৷ ইয়াত বিচাৰি পাব মানুহ আৰু বনমানুহৰ মাজৰ শত্ৰুতা তথা বন্ধুত্বৰ লগতে ছিজাৰৰ ৰূপত দেখা পাব এজান দায়িত্বশীল নেতাক, যি নিজৰ জাতি, পৰিয়ালৰ কাৰণে যিকোনো ধৰণৰ কঠিনতাৰ সন্মুখীন হ’বলৈ কুন্ঠাবোধ নকৰে৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!