পিতা – উৎপলা কৌৰ

দোকমোকালিতে কাউৰীজাকৰ হুলস্থুলত টোপনি ভাঙি গ’ল পৰমৰ। খিৰিকীৰ কাষৰ আমডালতে কাউৰী এযোৰে বাহ লৈছে। অনিচ্ছা স্বত্বেও পৰম শোৱাৰ পৰা উঠিল। আমজোপাৰ ফালৰ খিৰিকীখন খুলি দিলে। তাৰ মূৰটো ভীষণ বেয়া লাগিছে। যোৱাৰাতি অলপ পৰিমাণটো বেছি হ’ল। এনেই দোকান বন্ধ কৰি খোৱা-বোৱা কৰে মানে বহুত পলম হৈ যায়। আৰু এঘণ্টামান শুব পাৰিলে দিনটো ভালে গ’লহেঁতেন!

বতাহত আমজোপা হালি জালি নাচিছে। কেইবাজাকো শিলবৰষুণৰ ধুমুহাৰ পাছত সীমিত সংখ্যক আমকলিহে বাচিছেগৈ গছজোপাত। যোৱাৰাতিও বৰষুণ দিছিল।

কিবা এটাক কেন্দ্ৰ কৰি কাউৰীজাকে খুউব ৰমলিয়াইছে। ডিঙি মেলি পৰমে চালে। প্ৰকাণ্ড মলুৱা এটা বহি আছে গছডালত। আমকলি চিঙিছে, অলপমান চোবাইছে আৰু তললৈ দলিয়াইছে।

পাহাৰৰ উপকণ্ঠত অৱস্থিত হোৱাৰ কাৰণে প্ৰায়েই বান্দৰৰ আগমন ঘটে অঞ্চলটোত। খিৰিকীখন বন্ধ কৰি পৰম বিচনাত পৰিল। নবীন নামৰ ল’ৰাটোৱে শুই শুইয়েই ফুচফুচাই প্ৰেমিকাৰ লগত কথা পাতিছে। কথা নহয়, তৰ্ক সেয়া। প্ৰেমিকাৰ ফোন বিজি কিয় থাকিব সেয়া লৈ কাজিয়া লাগিছে। পৰমে কেতিয়াও নিজৰ পত্নীৰ লগত কাজিয়া কৰি পোৱা নাই কাৰণে চাগে’ ইমান অথন্তৰ ঘটিব ধৰিছে জীৱনত!

পৰম সৰুৰ পৰা শান্ত-শিষ্ট ল’ৰা। সৰুতে মাক ঢুকুৱাৰ পাছত বায়েক দুজনীৰ লগতে ডাঙৰ হৈছিল সি। বায়েকদুজনী ভিনিয়েকহঁতলৈ পলাই যোৱাৰ পাছত সি তেনেই অকলশৰীয়া হৈ পৰিছিল। তাৰ নিমাখিত স্বভাৱটোৰ বাবে গাঁৱৰ তাৰ সমবয়সীয়া অথবা একেলগে কাম কৰা ল’ৰাবোৰে তাৰ কেও-কিছু নোহোৱা ঘৰখন আড্ডাথলীলৈ পৰিবৰ্তন কৰিবলৈ বেছি সময় নল’লে। শেলুৱৈ পৰা দমকলটোৰ পাৰত দম লাগিবলৈ ধৰা বটলবোৰ  আৰু ঘৰখনৰ জৰাজীৰ্ণ ৰূপটো দেখি বায়েকহঁতেই নিজৰ পচণ্ডমতে তাক ছোৱালী এজনী তেল-সেন্দুৰ পিন্ধাই চপাই দিলে। তেতিয়া সি নতুনকৈ মাৰোৱাৰীৰ চাহৰ হোটেলত সহায়কাৰী কামত সোমাইছে। সৰুতেই মাকক হেৰুওৱা, নিজৰ বায়েকহঁতৰ লগতেই দূৰত্ব বজাই ৰখা পৰমৰ পাৰুল, তাৰ পত্নী অহাৰ পাছত নিজৰ ঘৰখনতেই থাকিবলৈ সংকোচ লগা হৈছিল। কিন্তু তাৰ স্বভাৱৰ সম্পূৰ্ণ বিপৰীত পাৰুলক তাক সহজ কৰি ল’বলৈ বেছি সময়ৰ দৰকাৰ নহ’ল। পাৰুল অহাৰ পাছত এচোৱালৈ শেলুৱৈ পৰি সেউজীয়া পৰা ঘৰৰ বেৰকেইখনত গোবৰ মাটিৰ প্ৰলেপ পৰিল, পাকঘৰৰ লামলাকটুকেইটা চকচকীয়া হৈ ৰূপৰ বৰণ ল’লে। বগাৰ পৰা মটীয়া বৰণ লোৱা গামোছাকেইখন নীলৰ পৰশ পাই আকাশৰ সৰু সৰু টুকুৰাহেন হৈ কাপোৰ মেলা তাঁৰত ওলমি থকা হ’ল। ওচৰ-চুবুৰীয়াৰ পদধূলা নোপোৱা ঘৰখনলৈ ইজনী সিজনী আহি মেল মাৰি পৰম নামৰ মানুহজন থকা ঠাইডোখৰ ঘৰলৈ ৰূপান্তৰিত কৰিলে।

পৰমৰ শান্ত স্বভাৱৰ কাৰণে সি কাম কৰা ভাতৰ হোটেলখনৰ বাকী কৰ্মচাৰীবোৰৰ বাবে সি আছিল এটা অঁকৰা। তাক জোকাই খং উঠাই মজা লৈছিল সিহঁতে। খং উঠিলেও একো ক’ব নোৱাৰা পৰমৰ বিয়া হোৱাৰ দুই তিনিবছৰ হোৱাৰ পাচতো যেতিয়া সিহঁত দুটাৰ পৰা তিনিটা নহ’ল সিহঁতে জোকাবলৈ যেন নতুন বিষয় এটাহে পালে!

আকৌ নতুন বিষয় এটা পালে চাৰিবছৰ ল’ৰা-ছোৱালী নোহোৱাকৈ থকাৰ পাচত পাৰুল কাষৰ গাঁৱৰ ল’ৰা এটালৈ পলাই যোৱাত। উদং ঘৰখনত পাৰুলৰ মাতটো, হাঁহিটো শেষলৈ কথাই প্ৰতি দিয়া গালি-গালাজবোৰ বতাহত ওপঙি ফুৰিল। দিনটো সেই পৰিবেশত কাম কৰি আহি পাৰুলৰ ভাল মাত এষাৰ নোপোৱা স্বত্বেও ঘৰখনলৈ আহি ঘৰ যেন লাগিছিল তাৰ। নিসংগতাতকৈ একে ঘৰত অচিনাকিৰ দৰে কাৰোবাৰ লগত থকাই ভাল।

সেই ঘটনাৰ পাছত সি বেলেগ এখন ধাবাত কামত সোমাল। ঘৰৰ  পৰা দূৰত।

তাৰ ঘৰৰ বেৰত আকৌ শেলুৱৈয়ে ঘৰ বান্ধিলে। পিৰালিলৈকে বন গজিল। বাৰীখন বনৰীয়া লতাই আৱৰি ধৰিলে। পৰম প্ৰায়েই ধাবাতে থাকে। কেতিয়াবা মোহনৰ ঘৰত থাকে। মোহন তাৰ লগতে ধাবাত কাম কৰে। ধাবাৰ কাষতে তাৰ ঘৰ। টিফিনত ভৰাই কুকুৰাৰ মাংস, লিভাৰ, গাহৰিৰ খাদ্যনলী ভাজি লৈ যায়। সেইটো পৰ্ব শেষ হোৱাৰ পাচত মিনতিয়ে ভাত বাঢ়ি দিয়ে। মিনতি মোহনৰ ভনীয়েক। কেতিয়াবা পৰমেও বজাৰ কৰি লৈ যায়, মোহনৰ মাকৰ হাতত দিয়ে।

—   —-    —    —  —

পৰম আৰু মিনতিৰ ল’ৰা পোণাকণে এইবাৰ স্কুললৈ গৈছে। তাৰ খৰচ বাঢ়িছে। মিনতিক অনাৰ পাচতেই ধাবাখনৰ কামটো এৰি সি চহৰত আাগতকৈ বেছি দৰমহা দিয়া ৰেষ্টুৰেণ্ট এখনত সোমাইছে। মিনতিয়ে এৰাবাৰীখন পুনৰ ঘৰলৈ পৰিবৰ্তন কৰিলে। গাঁৱৰ আটাইয়ে কোৱা-কুই কৰিলে পাৰুলেই ঠিক নাছিল। পৰমৰ ভাগ্যত এনেহেন লক্ষী তিৰুতা আছিল! আহিয়েই গোঁসাই হেন চেহেৰাৰ ল’ৰাৰ মাক হ’ল। কোনে ক’ব এইটো পৰমৰ ল’ৰা বুলি?

——— —  —–

কালিৰ পৰা পৰমৰ মনটো বেয়া। এটা দুঃচিন্তাই খুলি খুলি খাইছে তাক । সি কাকো ক’বও নোৱাৰে।

কালি একেখন ৰেষ্টুৰেণ্টতে কাম কৰা পোৱালি নামৰ ৱেইটাৰজন গাঁৱৰ পৰা ঘূৰি আহিছে। পৰমৰ গাঁৱৰ কাষৰ গাঁৱতে তাৰ ঘৰ। সি ঘৰলৈ গ’লে পৰমে ঘৰলৈ কিবাকিবি কিনি দি পঠয়ায়। কাপোৰ-কানি অথবা ৰেষ্টুৰেণ্টৰ পৰা লুকুৱাই ৰখা কাজু-কিচমিচ অথবা জিৰা-জালুক, কেতিয়াবা দৰৱ আদি!

পোৱালি পৰমৰ ঘৰলৈ যোৱাৰ সময়ত পিংকুদা বহি আছিল। মিনতিয়ে পিংকুদাৰ লগত পোৱালিক চিনাকি কৰাই দিলে- “এয়া মাহঁতৰ ঘৰৰ ওচৰৰ পিংকুদা..” অকল সেয়ে নহয় পিংকুদাই অনা ছাগলী মাংসৰে পোৱালীয়ে তাৰ ঘৰত ভাত খাই অহাৰ পাচত তাৰ মুখত কেৱল পিংকুদাৰেই কথা!

যিমানে পিংকুদাৰ নাম শুনিছে সিমানে পৰমৰ বুকুত জুই জ্বলিছে।

পিংকুদা!!

মোহনৰ লগত লিভাৰ ফ্ৰাই খাই থকাৰ মাজতে প্ৰায়েই সি সৰুপানী চুবলৈ পাচফালৰ বাৰীলৈ গৈছিল। তাতেই সি মিনতিৰ লগত পিংকুক বহুদিন দেখিছিল। সিহঁতৰ কথা কাকো নক’বলৈ দুয়োটাই হাতে-ভৰিয়ে ধৰি অনুৰোধ কৰিছিল। প্ৰেমিক-প্ৰেমিকাৰ মাজত সোমোৱাটো তাৰ স্বভাৱো নহয়। সি মনে মনে থাকিল। সিহঁতৰ প্ৰেমো চলি থাকিল। তাৰ কেইমাহমানৰ পাছতে ঘটিছিল ঘটনাটো!

মিনতিয়ে ঘৰৰ চিলিঙত ওলমিব লওঁতেই মাকে দেখা পাইছিল। ওচৰ-চুবুৰীয়া মাতি কোনোমতে প্ৰাণটো বচালে তাইৰ!

মোহনৰ চকু পকাই সোধা প্ৰশ্নৰ উত্তৰত তাই কান্দি কান্দি লাহেকৈ ক’লে, “পৰমদা”!!

“ঘৰত ডেকা ল’ৰাৰ আড্ডা বহিলে এইবোৰ হ’বয়ে” … চুবুৰীয়াৰ মন্তব্য!

“এতিয়া সি ছোৱালীজনী বৰবাদ কৰি পলালে নহ’ব নহয়!”

মুখেৰে মাতিব নোৱাৰা পৰমে মুখৰ মাত দিব নোৱাৰাকৈয়ে মিনতিক সেন্দূৰ পিন্ধালে…. সেই ৰাতিয়েই, ৰাইজক সাক্ষী কৰি। পিচদিনা এৰাবাৰী যেন হৈ পৰা ঘৰখনৰ সন্মুখত ৰিক্সাৰ পৰা নামিল পৰম, নিজে নামি লাহেকৈ মিনতিক হাতত ধৰি নমাই দিলে।

একলা-দুকলাকৈ বাঢ়ি অহা মিনতিৰ পেটটোলৈ চাই তাৰ তাইৰ প্ৰতি থকা খং-বিৰাগ লাহে লাহে কমিল। ছমাহৰ পাছতে কেঁচুৱাৰ কান্দোনে ঘৰখনৰ নিৰৱতা-খং আদিক বহু দূৰলৈ খেদি পঠিয়ালে!

কণমানিটোৰ নিতৌ নতুন কথাই মিনতিৰ সেই তাৰ বুকুত মৰা মৰকামোৰটোৰ কবৰৰ ওপৰত কেতিয়ানো সংগোপনে মায়াজাল ৰচিলে সি গমেই নাপালে। এতিয়া সেই মায়াত জোঁটপোট খাইছে সি!

কাষতে টুল এখনত বহি কাটিং ব’ৰ্ডত খচ্ খচ্ কৈ পিঁয়াজ কাটি থকা চামচুলক জুই উঠি থকা চাও চাওৰ পেনখন ল’ৰাই ল’ৰাই সি ক’লে, “তোৰ ৰুমৰ কাষতে ৰুমটো যে আছিল…মানুহ আহিল নেকি তালৈ? বৌয়েৰহঁতক ইয়ালৈকে লৈ আঁহো বুলি ভাবিছোঁ।”

                                                *****************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments