সংখ্যাটোৰ আঁৰত

সংখ্যাটোৰ আঁৰত-

ফে’চবুকৰ “অসমীয়া কথা-বতৰা”, চমুকৈ “অকব” গোটৰ মই এজন সাধাৰণ সদস্য৷ মূলতঃ ফে’চবুক তথা অকব গোটত প্ৰকাশ পোৱা মোৰ লেখাসমূহ একত্ৰিত কৰিয়েই কস্তুৰী প্ৰকাশনে ২০১৭ চনৰ ৫ জানুৱাৰী তাৰিখে প্ৰকাশ কৰি উলিয়ালে মোৰ গ্ৰন্থ “সজল সন্তুষ্টি আৰু কিছু ৰচনা”৷ গ্ৰন্থখনৰ নামকৰণ কৰিলে অসমৰ এগৰাকী প্ৰথিতযশা উপন্যাসিক, গল্পকাৰ তথা ব্যংগলেখক সৌমিত্ৰ যোগীয়ে৷ অকব গোটৰ জৰিয়তে লাভ কৰা অপৰিসীম উৎসাহৰ বাবেই মোৰ গ্ৰন্থখনে প্ৰকাশৰ মুখ দেখিলে৷ গতিকে এই চেগতে অকব গোটৰ প্ৰতি মোৰ হিয়ভৰা কৃতজ্ঞতা জনালোঁ৷

অকব গোটত লিখা মেলা কৰাৰ সূত্ৰেই অকব গোট আৰু সাহিত্য ডট অৰ্গৰ তৰফৰপৰা মোলৈ এই সংখ্যাৰ সম্পাদনাৰ গুৰুদ্বায়িত্ব অৰ্পন কৰা হ’ল৷ অকব গোটে নিত্য নতুন প্ৰতিভাৰ জন্ম দিছে৷ নতুন লেখকসকলক প্ৰতিভা প্ৰকাশৰ বাবে এখন সুদৃঢ় ‘প্লেটফৰ্ম’ উপহাৰ দিছে৷ কিছুমান বাহিৰৰ লেখা সন্নিবিষ্ট কৰা হৈছে যদিও অকব গোটত প্ৰকাশ হোৱা লিখনিবোৰৰ মাজৰপৰা বিশেষ কিছু লিখনি বাচনি কৰিয়েই আগৰ সংখ্যাবোৰৰ দৰেই এই সংখ্যাটোও আমাৰ সম্পাদনা গোটে সজাই পৰাই তুলিবলৈ সক্ষম হৈছে৷ গতিকেই সংখ্যাটোৰ আঁৰত অকব গোটৰ অৰিহণাই সৰ্বাধিক৷

যিকোনো এটা কামেই সমূহীয়া প্ৰচেষ্টাতহে সফল হৈ উঠে৷ সাহিত্য ডট অৰ্গৰ মাৰ্চ, ২০১৭ সংখ্যাৰ সম্পাদনাৰ কালচোৱাত মই এক মধুৰ অভিজ্ঞতাৰ সন্মুখীন হ’লোঁ৷ অকব গোট তথা সাহিত্য ডট অৰ্গৰ প্ৰশাসকবৃন্দ তথা সম্পাদনা মণ্ডলীৰ সদস্যসকলৰ নিৰলস নিঃস্বাৰ্থ সহায় সহযোগিতাত কাম কৰি যোৱাটোত এটা আমেজ অনুভৱ কৰিছিলোঁ৷ বিশেষভাৱে উল্লেখ কৰিবলৈ বিচাৰিম সৰ্বশ্ৰী মৃদুল কুমাৰ শৰ্মা, মিতালী বৰ্মন, উৎপলা কৌৰ, দীপজ্যোতি বৰা, ধ্ৰুৱজ্যোতি শৰ্মা, ভাস্কৰজ্যোতি দাস, ৰূপাংকৰ চৌধুৰী, প্ৰিয়ংকা দাস, মৌচুমী বৰি, দিগন্ত কুমাৰ ভট্টাচাৰ্য্য আৰু উপাসনা কৃষ্ণাত্ৰেয়ৰ নাম৷ আপোনালোকৰ সহায় সহযোগিতাই আপোনালোকে নজনাকৈয়ে মোৰ অন্তৰত এক সুন্দৰ সাঁচ বহুৱালে৷

সম্পাদনা গোটৰ বাহিৰত থাকিও জ্যোতিৰূপম দত্ত, বৰ্ণালী আম্ফি মান্তা, ঊষামনি কাকতি আৰু জয়ন্ত আকাশ বৰ্মনে আগবঢ়োৱা সহায় সহযোগিতাক অন্তৰেৰে সুৱৰিছোঁ৷ আপোনালোকলৈ ধন্যবাদ৷

প্ৰেম বিশেষ সংখ্যাটোৰ বেটুপাতৰৰপৰা আৰম্ভ কৰি সৰিয়হ ফুল(কাৰ্টুন) আৰু প্ৰায়বোৰ শিতান ফটো নতুন ৰূপত সুন্দৰকৈ সজাই পৰাই তোলাৰ বাবে নৱপ্ৰজন্মৰ এগৰাকী উদীয়মান শিল্পী শ্ৰীমান দীপজ্যোতি তালুকদাৰলৈ অশেষ ধন্যবাদ৷

আগৰ শিতান ফটোবোৰৰ শিল্পী ৰাজশ্ৰী বৰগোহাঁই আৰু দ্বিজেন মহন্তলৈও আন্তৰিক ধন্যবাদ৷

শেষত নাম উল্লেখ কৰিবলৈ ৰৈ যোৱা সকলো লেখক লেখিকাৰ লগতে সমূহ বন্ধুবৰ্গলৈ আন্তৰিক কৃতজ্ঞতা জনালোঁ৷

বিনীত,
ডাঃ কুমাৰ পাৰ্থ প্ৰতিম,
সম্পাদক,
সাহিত্য ডট অৰ্গ,
মাৰ্চ, ২০১৭ সংখ্যা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!