সম্পাদকীয় – ষষ্ঠ বৰ্ষ, একাদশ সংখ্যা

মানুহেই শ্ৰেষ্ঠ৷ বাংলা কবি চণ্ডীদাসে কৈছিল, “সবাৰ উপৰে মানুষেই শ্ৰেষ্ঠ”৷ তাৰো হেজাৰ বছৰ আগেয়ে বেদ, উপনিষদৰ যুগৰ পৰাই বাৰম্বাৰ দোহাৰি থকা হৈছে যে মনুষ্যই শ্ৰেষ্ঠতম সত্ত্বা৷
বৈদিক সাহিত্যত কোৱা হৈছে পুৰুষো য়ঃ পৰাৰ্ধ্যঃ পশুনাম্৷ সকলো জীৱই একে সৃষ্টিকৰ্তাৰ পৰা সৃষ্ট হলেও মানুহেই জীৱশ্ৰেষ্ঠ৷ কাৰণ মানুহৰ বোধজ্ঞান আছে৷ মহাভাৰততো এইদৰে কোৱা হৈছে,
ন মানুষাচ্ছ্ৰেষ্ঠতৰং হি কিঞ্চিৎ
মানুহতকৈ শ্ৰেষ্ঠ আন একো নাই৷
দেৱৰো দুৰ্লভ, এই মানবী জীৱন৷ মানুহকলৈয়ে মানৱতাবাদ৷ যি সকলো বাদতকৈ শ্ৰেষ্ঠতৰ বাদ৷ মানুহৰ কল্যাণ আৰু শ্ৰীবৃদ্ধিৰ কামনাই মানৱতাবাদৰ মূল লক্ষ্য৷ হেজাৰ বছৰ আগতে ঋষি-মুনি বিৰচিত বৃহদাৰণ্যক উপনিষদত মানৱৰ কল্যাণ কামনা কৰি লিপিবদ্ধ কৰা শ্লোকত মানবতাবাদৰেই ধ্বনি প্ৰতিফলিত হৈছে৷
সৰ্বে ভবন্তু সুখিন
সৰ্বে সন্তু নিৰাময়া
সৰ্বে ভদ্ৰাণি পশ্যন্তু:
মা কশ্চিত্ দুঃখ মা ভাগ্ভৱেত্
ঔম শান্তিঃ শান্তিঃ শান্তিঃ
সকলোৰে সুখ হওক৷ সকলোৱে নিৰোগী হৈ থাকক! সকলোৱে আধ্যাত্মিক দিশত সুদৃষ্টি সম্পন্ন হওক! কাৰো দুখ নহওক! শান্তি! শান্তি! শান্তি! !মানুহৰ কল্যাণৰ হকে কাম কৰি অহাসকলেই মানবতাবাদী৷
মানবতাবাদী সকলে জাতি ধৰ্ম বৰ্ণ নিৰ্বশেষে সকলো মানুহৰ মনত সম-ভাবনা জাগ্ৰত কৰি মানুহৰ কল্যাণ সাধন কৰাটোৱে আচল উদ্দেশ্য হিচাপে লয়৷ ইটালীত আৰম্ভ হৈ সমগ্ৰ ইউৰোপত সোতৰ /ওঠৰ শতিকাত মানবতাবাদৰ এক জাগৰণৰ সৃষ্টি হৈছিল৷ ফৰাচী দাৰ্শনিক কঁটৰ প্ৰত্যক্ষবাদেও (Postivism) কৈছিল যে, অদৃশ্য ঈশ্বৰৰ পূজা-অৰ্চনাৰ সলনি মানৱ জাতি আৰু মানবতাবাদৰহে পূজা কৰা উচিত৷ বাৰু, যিয়েই নহওক মানবতাবাদী সকলৰ মানুহৰ কল্যাণ আৰু শ্ৰীবৃদ্ধিয়েই আছিল মূল প্ৰতিপাদ্য উদ্দেশ্য৷ তাৰ ফলস্বৰূপে এচাম লোকে ন ন আবিষ্কাৰত ব্ৰতী হৈছিল৷ বিজ্ঞান, চিকিৎসা আৰু সকলো ক্ষেত্ৰতে তেওঁলোকে কৰা সাধনাত ব্ৰতী হ’ল৷ সেই সকললোকৰ কৰ্মই আজি সকলো মানবজাতিৰেই উৎকৰ্ষ সাধন কৰিছে৷ সেইটো অস্বীকাৰ কৰিব নোৱাৰি৷
বেদ উপনিষদৰ যুগৰ পৰাই মানবতাৰ জয়গান গোৱা ভাৰতীয়সকল পিছলৈ  ধৰ্মীয় ৰীতি-নীতিক মুখ্য কৰি চলাৰ বাবে আধ্যাত্মিকভাৱে বহু আগুৱাই গ’লেও মানব কল্যাণকাৰী উৰণ, বুৰণ, ভ্ৰমণৰ যুগ সৃষ্টিকাৰী উদ্ভাৱনত বহু পিছত ৰ’ল৷ অপ্ৰিয় হ’লেও সত্য যে, অতীতৰ মহান মনিষী আৰ্যভট্ট, বৰাহ মিহিৰ, চৰক, সুশ্ৰুত আদি নমস্য পুৰুষ আৰু মুষ্টিমেয় কেইগৰাকীমানৰ কিছুক্ষেত্ৰত কৰা আবিষ্কাৰৰ অবদানৰ বাহিৰে নাম লবলৈ চমকপ্ৰদ আবিষ্কাৰ তথা উদ্ভাৱন একো নাই৷ যিবোৰ আছে,সিংহভাগেই আনৰ পৰা ধাৰ কৰা কাৰিকৰী কুশলতা৷
এইখিনিতে প্ৰশ্ন হয়, ধৰ্ম মানবাদতাবাদৰ পৰিপন্থী নেকি? উত্তৰ, কেতিয়াও নহয়৷
কোনো ধৰ্ম প্ৰচাৰকে কৈ যোৱা নাই, মানুহৰ ওপৰত ধৰ্ম শ্ৰেষ্ঠ৷ সকলো ধৰ্মতে আছে অজস্ৰ মানুহৰ বাবে শান্তিৰ বাণী৷ ত্যাগৰ বাণী আত্মোৎকৰ্ষৰ বাণী আৰু মানুহৰ সুখকৰ জীৱনযাত্ৰাৰ পথ নিৰ্দেশনা৷ আত্মাক কলুষিত কৰা গৰ্হিত কাৰ্যক সকলো ধৰ্মতে পাপ বুলি অভিহিত কৰা হৈছে৷ সকলো ধৰ্মৰ বাণীতে কোৱা হৈছে, নিজৰ বাবে যিটো আচৰণ আশা কৰা, সেই আচৰণ তুমি লোককো কৰিবা৷ কিন্তু যি ক্ষেত্ৰত ঈশ্বৰপ্ৰতীম মহান পুৰুষসকলৰ অমৃতবাণীত মোহ গৈ অনুগামীৰ সৃষ্টি হৈ ক্ৰমশঃ সংখ্যাগত ভাবে বৰ্ধিষ্ণু হৈ বিশাল সমাগমত পৰিণত হয়, সেইক্ষেত্ৰত কাল পৰিক্ৰমাত গুণগত ভাবে নগণ্য সংখ্যক লোকেহে তেখেতসকলৰ অমৃতবাণীৰ মৰ্ম অনুধাৱন কৰিব পাৰেগৈ৷ মিছিলৰ পিছত মিছিল বাহ্যিক পোচাকধাৰী অনুগামীৰ সৃষ্টি হৈছে৷ কাৰ্যতঃ যিসকলে সমাজত শান্তিৰ বাবে ধৰ্মকেই একমাত্ৰ উপায় বুলি কৈ আছে, আজিৰ বাস্তৱ পৃথিৱীত সেয়া এক প্ৰহসনস্বৰূপ হৈছে৷ ৰূঢ়ভাষাত কব পৰা যায়, হতাশাগ্ৰস্ত, অন্তঃসাৰশূন্য সমাজত আজি বাহ্যিকভাৱে ধৰ্মৰ নাম লৈ মিছিল তৈয়াৰ হৈছে৷ ধৰ্মৰ প্ৰকৃত মৰ্ম বুজা লোক নগণ্য৷ ফলত ঈশ্বৰক প্ৰতিপলে হত্যা কৰি থকা হৈছে৷ আদৰ্শপুৰুষৰ বাণীক প্ৰতি মুহূৰ্ততে ভ্ৰূকুটি কৰি অপমানিত কৰি থকা হৈছে৷ বহু পুৰোধা ব্যক্তিয়ে কয়, আত্মাৰ প্ৰশান্তিৰ বাবে ধৰ্মত আশ্ৰয় লোৱা উচিত৷ তেতিয়া সমাজ শৃংখলিত হ’ব৷
আজিৰ বাস্তৱ ক্ষেত্ৰত ধৰ্মৰ আশ্ৰয়ত সামাজিক সমস্যাৰ সমাধান আৰু সমতা স্থাপন হব বুলি কব পৰা নাযায়৷ যদি তেনেকুৱাই হ’লহেঁতেন, গাত গা লাগি থকাজনৰ লগত আজি পূৱ -পশ্চিম দিশত উপাসনা লোক, সাকাৰ নে নিৰাকাৰ ঈশ্বৰক উপাসনা কৰা লোক আদিৰ মাজত বিভাজনৰ কথা নাহিলহেঁতেন৷ পৃথিৱীৰ ইতিহাসত ধৰ্মৰ নামত কোনো মন্দিৰ-মছজিদ নাভাঙিলহেঁতেন৷ মধ্য প্ৰাচ্যত প্ৰত্নতত্ত্বৰ দৃষ্টিৰে অমূল্য হেজাৰ বছৰীয়া সেই বিশাল বিশাল বুদ্ধমূৰ্ত্তিসমূহ চূৰ্ণ বিচূৰ্ণ নহ’লহেঁতেন, সাগৰতীৰত কোনো অবোধ শিশুৰ মৃতদেহ পৰি নাথাকিলহেঁতেন! শান্তিৰ নোবেল বিজয়িনীৰ দেশত ধৰ্মৰ নামত মানবতা ভুলুণ্ঠিত নহ’লহেতেন!
চকু মুদি শান্তিঃ শান্তিঃ বুলি পলায়নবাদী ৰূপ ল’লেই সকলো অশান্তি শেষ হৈ নাযায়৷ এই সময়ত, বিপন্ন মানৱতাৰ বাবে হায়ৈ বিয়ৈ কৰি থকাৰ বাহিৰে আমি কি কৰিব পাৰো! প্ৰতিপলে মানবতাক উচ্চ স্থান দি সকলোৱে অহোৰাত্ৰি শুনি অহা বাণী বসুধৈব কুটুম্বকম মৰ্ম উপলব্ধি কৰি কাৰ্যত প্ৰয়োগ কৰিলে ধৰ্ম তথা তথাকথিত ধৰ্মাচৰণ নকৰিও বহুখিনি শান্তিৰ পথত আগবাঢ়িব পৰা যায়৷ কাৰ্যতঃ বিশ্বৰ সকলো কুটুম হওক৷ সমগ্ৰ বিশ্বই শান্তি আৰু সমৃদ্ধিৰ দিশে আগুৱাই যাওক৷
ইংৰাজ কবি আলেকজেণ্ডাৰ পোপে সৌ তাহানিতে এক সমাহিত জীৱনৰ আকাংক্ষা কৰি লিখি পেলাইছিল, ’দি কোৱাইট লাইফ’৷ আধুনিক পৃথিৱীৰ আমি সকলোৱে বুকুত নিশ্চয়কৈ ৰিণিকি ৰিণিকিকৈ দেখি থাকোঁ সেই সমাহিত জীৱন৷ সেয়ে, সকলোৱে বিভীষিকাৰ পৰা দূৰৈত থাকি এক সুখী সমাহিত জীৱন লাভ কৰো আহক৷
আমি সকলোৰে সুখ, শান্তি, ঐক্য কামনা কৰি ব্যক্তিগত ভাবেও দেশৰ দহৰ ভালৰ বাবে কাম কৰি যাব পাৰোঁ৷ মানবী জীৱন বৰ অমূল্য আৰু সঠিক দিশত মানবৰ কল্যাণৰ হকে কাম কৰিবলৈ ইমান চুটিও নহয়৷ জীয়াই থকা দিনত দেশৰ, দহৰ বাবে মঙ্গলৰ বাবে নিজক নিয়োজিত কৰি, সময়ত মৃত্যুক এটা শিল্পত পৰিণত কৰিব পাৰি৷ কিন্তু মৃত্যু শিল্প কেতিয়া হব! যেতিয়া কাৰোবাৰ মৃত্যুত এক বুজন সংখ্যক লোকে শূন্যতাবোধ কৰিব৷ সেই শূন্যতাবোধ কেতিয়া হব, যেতিয়া তেখেতে সকলোৰে মনাকাশ জুৰি থাকিব৷ এক স্থূল জীৱন, এক ভিৰৰ মাজৰ এজন হৈ থকা জীৱনে কাৰো জীৱনত আচোঁৰ পেলাব নোৱাৰে৷
আনন্দময় আৰু অৰ্থপূৰ্ণ হওক সকলোৰে জীৱন৷
শাৰদীয় শুভকামনা আৰু ধন্যবাদেৰে-
কুসুমাঞ্জলি শৰ্মা
১ আহিন, ১৯৩৯ শক
সম্পাদক, সাহিত্য ডট অৰ্গ
ষষ্ঠ বৰ্ষ, একাদশ সংখ্যা
■■■

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
3 years ago

বৰ সুন্দৰ সম্পাদকীয় । ধৰ্ম আৰু মানৱতাবাদৰ এই বিশাল আলোচনাই সঁচাকৈয়ে এক চিন্তাৰ খোৰাক যোগালে ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক