সম্পাদকীয়:ঈশান জ্যোতি বৰা

সপোনৰ ভাৰতখন কিমান দূৰত :
মোৰ দেশ ভাৰতবৰ্ষ ৷ প্ৰায় ১২০ কোটি জনসংখ্যাৰ দেশ মোৰ এই ভাৰত ৷ আপেক্ষিকতাবাদৰ(Relativity) স্ৰষ্টা তথা সৰ্বকালৰ এজন মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে ভাৰতবৰ্ষ আৰু ভাৰতীয়সকলৰ গুন বখানি এসময়ত এটা মন্তব্য কৰিছিল “We owe a lot to Indians, who taught us how to count, without which no scientific discovery could have been made.” | আজি আইনষ্টাইন জীয়াই থকা হ’লে ভাৰতবৰ্ষৰ বৰ্তমানৰ দুৰৱস্থা দেখি হতচকিত হ’লহেতেন ৷ যিটো সময়ত আমেৰিকাকে ধৰি বিশ্বৰ ভালেকেইখন দেশে ভাৰত আৰু ভাৰতীয়ৰেই বল-বুদ্ধি আৰু সমলৰ সুব্যৱহাৰ কৰি দিনে-নিশাই উন্নতিৰ জখলাদালেদি বগাই নিজৰ দেশক সৰ্বদিশত সৰ্বশ্ৰেষ্ঠ কৰি তুলিবলৈ উঠিপৰি লাগিছে সেই সময়তে আমাৰ দেশৰ সৰহসংখ্যক মানুহে নিজৰ কৰ্তব্য আৰু দ্বায়িত্বৰ প্ৰতি অৱহেলা প্ৰদৰ্শন কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নিৰন্তৰ চেষ্টা চলাই যোৱাটো অতিশয় দুৰ্ভাগ্যজনক ৷ ১৯৪৭ চনত স্বাধীনতা প্ৰাপ্ত আমাৰ দেশ ভাৰতবৰ্ষৰ সাম্প্ৰতিক অৱস্থা শোচনীয় ৷ শোচনীয় শব্দটোৰ আগত যদি “অতি” যোগ দিয়া হয় তেতিয়াও বোধহয় অত্যুক্তি কৰা নহ’ব ৷ স্বাধীনতাৰ ৬৫ বছৰ পাছতো আমাৰ দেশখন তৃতীয় বিশ্বৰ দেশ হৈ আছে ৷ জনসংখ্যাৰ দিশৰপৰা বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰা আমাৰ দেশ ভাৰত; প্ৰাকৃতিক দিশত বিশ্বৰ বহুকেইখন দেশৰ লগত ফেৰ মাৰিব পৰা আমাৰ দেশ ভাৰত; অৰ্থনৈতিক,মানৱ-সম্পদ আদি ক্ষেত্ৰসমূহত আৱশ্যকীয় সমল থকা স্বত্বেও আমাৰ দেশ ভাৰতৰ প্ৰায় ৮৩.৫ কোটি মানুহৰ দৈনিক উপাৰ্জন কিয় ২০ টকাৰ তলত,প্ৰায় ৪০ কোটি ভাৰতীয়ই কিয় এবেলা খাই এবেলা লঘোন দিব লগা হয় সেইটো আশ্চৰ্যকৰ কথা ৷ কোৱা বাহুল্য যে ,যিখন ভাৰতত কোটিপতিয়ে শ-শ কোটি টকা খৰচ কৰি পৃথিৱীবিখ্যাত অট্টালিকা গঢ়ে, সেইখন ভাৰততে লাখ-লাখ মানুহে এটা অন্নৰ সন্ধানত তীব্ৰ সংগ্ৰাম কৰিবলগা হয় ৷ দুৰ্নীতি-কেলেংকাৰী,ৰাজনৈতিক কাৰচাজী,সন্ত্ৰাসবাদৰ দৰে ভয়ানক ব্যাধিৰ নিৰাময়ৰ সমাধান সুত্ৰ ক’ত ? কালামৰ সপোনৰ ভাৰত আৰু কিমান নিলগত ?
আমিবোৰ বাৰু ভাল অসমীয়া হয়নে ?
“ভাল অসমীয়া নহ’লে ভাল ভাৰতীয় হ’ব নোৱাৰি আৰু ভাল ভাৰতীয় নহলে বিশ্বৰ শৰীৰত পংগু অংগৰ স্থান নাই।” – ড°ভূপেন হাজৰিকা।
ভাৰতৰ পূৰ্ব দিশত অৱস্থিত অসম মুলুকত এতিয়া সমস্যাৰ জোৱাৰ উঠিছে ৷ কোকৰাঝাৰৰ হিংসাত্মক কাৰ্যকলাপ,বাংগালোৰৰ পৰা প্ৰায় ৩০ হাজাৰ উত্তৰ-পুৰ্বাঞ্চলৰ লোকৰ পলায়ন,জি.এছ.ৰ’ডৰ পৈশাচিক কাণ্ড,লাখ-লাখ বাংলাদেশীৰ উৎপাত ইত্যাদি ইত্যাদি বহু ন-পুৰনি সমস্যাই অসমখনক আকৌ এবাৰ ৰাষ্ট্ৰীয় সংবাদপত্ৰৰ শিৰোনামালৈ টানি নিলে ৷ দিনে দিনে অসম বন্ধবোৰো জনপ্ৰিয় হৈ পৰিছে ৷ চাৰিওফালে কেৱল হত্যা-হিংসা,মাৰ-পিট,হাই-কাজিয়া ৷ মানুহবোৰক আজিকালি মানুহ বুলি ক’বলৈ দ্বিধাবোধ হয় ৷ “বেয়া খবৰ”ৰ উপদ্ৰৱত “ভাল খবৰ”বোৰৰ অৱস্থা “ফাট দিয়া বসুমতী পাতালে লুকাও” ৰ দৰে হয় ৷ কিহৰ বাবে আমাৰ এই অমানৱীয় আচৰণ? কিহৰ বাবে এই হিংসা-বিদ্বেষ? মানৱজাতিটো নিজৰ মাজতে খোৱা-কামোৰা কৰি শেষ হৈ যাবনেকি ?
ক’লৈ গৈ আছো আমিবোৰ ?
ৰাজ্যবাসীৰ বিপদৰ সময়ত ঘৰৰ চুকত লুকাই থকা অসমৰ অকৰ্মণ্য ৰাজনৈতিক নেতাসকলৰ কথা বাৰু নকলোৱেই ৷ অসমৰ বিকাশ আৰু উন্নয়নত তেওঁলোকৰ অৰিহণা নূন্যতম ৷ ১১ টা বছৰত যিসকল জনসেৱকে প্ৰায় শ-শ কোটি টকা প্ৰচাৰৰ নামতে খৰচ কৰিব পাৰে সেইসকল মেৰুদণ্ডহীন,অনিষ্ঠাৱান,অসৎ ৰাজনৈতিক নেতাই “অসমৰ আমি উন্নতি সাধিছো” দৰে টুলুঙা মন্তব্য দিয়াটো হাস্যকৰ ৷ আগে-পিছে ১৫-২০ খন গাড়ী ন’হলে এটা খোজো দিব নোৱাৰা আমাৰ তথাকথিত জনসেৱকসকলৰ পালমৰা কাম আৰু দায়িত্বজ্ঞানহীনতায়ে বাৰে বাৰে প্ৰমাণ কৰি আহিছে যে তেওঁলোক কেৱল কাগজৰ বাঘহে ৷ কেইখনমান আঁচনিৰ নাম কৈ বাতৰিকাকতৰ শেষপৃষ্ঠাত ‘মিঠা হাঁহি’ এটা লৈ ফটো দিয়াটো ‘হবি’ হৈ পৰিছে এইসকল নেতাৰ ৷ তেওঁলোকৰ বহু নামজ্বলা আঁচনি বাতৰিকাকতেই আৰম্ভ আৰু বাতৰিকাকতেই শেষ ৷ সমস্যাৰে জৰ্জ্জৰিত অসমত ৰাইজৰ বাবে চিন্তা কৰা ,প্ৰকৃতাৰ্থত ৰাইজৰ বাবে কাম কৰা এজন ‘ভাল মন্ত্ৰী’ৰ অভাৱ কেতিয়াকৈ পূৰণ হ’ব ?
নিজৰে ভাই-ভনীক গুলি মাৰি ,তেজৰ ফাঁকু খেলি ৰং চোৱা আৰু নিজকে ‘স্বাধীনতা সংগ্ৰামী’ , ‘অসমী আইৰ সন্তান’ বুলি জহাই ফুৰা ‘শ্ৰদ্ধা’ৰ নেতাসকলৰ দেশপ্ৰেমৰ নমুনাও প্ৰতিবছৰে দেখি আহিছো ৷ নিজৰে আপোন ভাই-ভনীক মৃত্যুৰ মুখলৈ ঠেলি দিবলৈ কুন্ঠাবোধ নকৰা “অসমৰে অসমীয়া” নেতাই অসমলৈ যে শান্তি ঘূৰাই আনিব , সি গছত গৰু উঠা কথাৰ বাহিৰে আন একো হ’ব নোৱাৰে ৷ নিৰীহৰ প্ৰাণ লোৱা ,সুবিধা বুজি দুই-এঠাইত গ্ৰেণেড দলিওঁৱা , ১৫ আগষ্টৰ দিনা ‘অসম বন্ধ’ ঘোষনা কৰাটোৱেই তেওঁলোকৰ এতিয়া একমাত্ৰ লক্ষ্য আৰু নীতি হৈ পৰিছে ৷ আমাক নালাগে আৰু হিংসা-হত্যা,বিষ্ফোৰণ ৷ নিবিচাৰো চাব আৰু তেজৰ কৰাঁল ৷ কিমান কন্দুৱাই আপোনালোকে আৰু অসমী আইক ?আপোনালোকৰ সেইসকলৰ বহুতে অট্টালিকা গঢ়িলে ৷ দুই-এজন এতিয়া আকৌ জনসেৱক ৷ ৱাহ ! কি আপোনালোকৰ দেশ-প্ৰেম !! কোৱা বাহুল্য যে নেতাক এতিয়া বহু অসমীয়াই আকৌ মৰমৰ চকুৰে চায় ৷ বগা সাজ পৰিধান কৰিলেই আপুনি নিকা হৈ নপৰে ৷ ধিক আপোনালোকৰ অসম-প্ৰেম !
আমি কি কৰিছো ?
“ডাঙৰ,ডাঙৰ” মানুহৰ কথাবোৰ বাৰু বাদ দিলো ৷ আমি অসমীয়াবোৰেনো কি কৰিছো ? নিজৰ ভৰিত নিজে কুঠাৰ মাৰি আমি সমস্যাবোৰ বঢ়োৱাই লোৱা নাইনে ? দুৰ্নীতি-পৰায়ন নেতা-মন্ত্ৰীক দেখোন আমিয়েই ভোট দি প্ৰতিটো নিৰ্বাচনতে জিকাই আছো ৷ কোটি টকাৰ কেলেংকাৰী কৰি ৰজাৰ দৰে ঘূৰি ফুৰাজনকহে দেখোন সভাই-সমিতিয়ে আমিয়েই গামোচা পিন্ধাই সভাপতি পাতিছো ৷ এতিয়া বাংলাদেশী খেদিব লাগে বুলি কৈ সমগ্ৰ অসমতে হুলস্থুল হৈছে ৷ পিছে এই সকল বাংলাদেশীৰ অবিহনে কুটা এডালো ইফাল-সিফাল কৰিব নোৱাৰা অসমীয়া এইখন অসমত বিচাৰিলে নোলোৱাকৈ থাকিবনে ? নিজৰ মাটিত নিজে খেতি কৰিবলৈও আমাৰ এলাহ ! নিজৰ গেঞ্জীটোও নিজে ধুবলৈ টান পোৱা অসমীয়াই বাংলাদেশীক খেদাত কিমান সফল হয় সেইয়া সময়হে ক’ব ৷
আমাৰ মাজত নাই কোনো একতাৰ ভাৱ,নাই কোনো মিলা-প্ৰীতিৰ চিন ৷ মানুহক মানুহ বুলি ভাবিবলৈ নিশিকিলো ৷ দেৱালত ‘থু-খেকাৰ নেপেলাব’ বুলি লিখি লৈ পিছমূহুৰ্ত্ততে সেই দেৱালখন নিজে খোৱা তামোলৰ পিকেৰে ভৰাই পেলায় ৷ সকলোতে কেৱল উপদেশৰ ফুলজাৰি ৷মেলে-মিটিঙে শংকৰদেৱৰ ওপৰত ডাঙৰ ডাঙৰ ভাষন দি হাততালি আদায় কৰা তথাকথিত কিমানজন অসমীয়াই নিজৰ কাৰ্যক্ষেত্ৰত শংকৰদেৱৰ নীতি-আদৰ্শ মানি চলিছে ? দিনে-দিনে দেখোন জাতি-ভেদ,উচ্চ-নীচ বাঢ়িহে গৈছে ৷ দুখীয়া মানুহ এজনে ভিক্ষা খুজিবলৈ গৈ গৃহস্থৰ ঘৰৰ পৰ্দাখন চুলেও গৃহস্থই আহি সেই পৰ্দাত পানী ছটিয়াই দিয়ে ৷ কি ঠিক ! ভিক্ষাৰীজনৰ গাত যদি বেমাৰৰ বীজাণু থাকে? ‘কোঁচ’ৰ ছোৱালীক ‘কলিতা’ৰ ল’ৰালৈ বিয়া নিদিয়ে ৷“মানুহে মানুহক ভাল পালেহে সমাজৰ উন্নতি হ’ব ” বুলি সভা-সমিতিত ফটা-লেকচাৰ দি সমাজত আগস্থান দখল কৰা মানুহৰূপী অমানুহজনে তেওঁৰে ঘৰৰ কাষৰ অলপ কম পইচা থকা মানুহ দেখিলেই লেই-লেই চেই-চেই কৰে ৷ তেঁওলোকৰ সৰহসংখ্যককেই সমাজে আকৌ শিক্ষিত বুলি কয় ! দহটামান ডিগ্ৰী থাকিলেই মানুহ শিক্ষিত নহয় ৷ শিক্ষিত হোৱাৰ আগতে মানুহ হোৱাটো জৰুৰী ৷ একেই তেজ-মঙহৰ মানুহৰ ক’ত যে ভাগ-বিভাগ ! কোনো কোনো ভাৱৰীয়াৰ আকৌ নামঘৰত পতা ভাওনাখনত দুই-এপেগ মদ নাখালে মুখৰ পৰা বচনেই নোলায় ৷ মদ ন’হলে আজিকালি পূজা-হোলী নচলে ৷ যিখন অসমত দুবেলা-দুসাজ খাবলৈ নাপাই আত্মহত্যা কৰা মাতৃ আছে ,সেইখন অসমতে হোলীৰ দিনা কোটি টকাৰ মদ্যপান কৰি ‘টকাৰ হোলী’ খেলিব পৰা অসমীয়াও বিৰাজমান ৷ শংকৰদেৱে আমাক ইয়াকে শিকালেনে ? শংকৰদেৱৰ নীতি-আদৰ্শৰ প্ৰতি এয়া অপমান নহয়নে ? কীৰ্ত্তন-নামঘোষাৰ শাৰীকেইটা মুখস্থ কৰি আনক শুনালেই শংকৰদেৱক সন্মান দিয়া নহয় ৷ “অখণ্ড ভাগৱত পাঠ”ৰ আয়োজন কৰি মাহ-প্ৰসাদকেইটা খাই ক্ষন্তেকীয়া আমেজ লাভ কৰিলেই শান্তি ঘূৰি নাহে ৷ নিজে তৈয়াৰ কৰি লোৱা কিছুমান নীতি-নিয়ম মানি ,তাক পালন কৰি ,সেইবোৰৰ দ্বাৰা অন্ধৰ দৰে পৰিচালিত হৈ থাকিলে অসমৰ উন্নতি নহয় ৷ ভাৰতৰ বিকাশ নহয় ৷ যদি অসমীয়া জাতিয়ে মহাপুৰুষজনাৰ সকলোবোৰ কথা আখৰে আখৰে পালন কৰি আহিলেহেতন তেন্তে আজিৰ অসমৰ লগত ফেৰ মাৰিব পৰা কোনো নোলালহেতেন ৷এই কথা দৃঢ়তাৰে ক’ব পাৰি ৷ আমি ভূপেন হাজৰিকাৰ গান শুনো ৷ কিন্তু কিমান জনে তেখেতৰ গানবোৰ উপলব্ধি কৰিব পাৰিছে ? “মানুহে মানুহৰ বাবে’’গানটোৰ অৰ্থ আমি অসমীয়াবোৰে কেতিয়া বুজি উঠিম ?
বৰ্তমান সময়ত যুৱ-মানসিকতাৰ পৰিৱৰ্তন এটা চিন্তাৰ বিষয় হৈ পৰিছে ৷ আজিৰ বহু অসমীয়া ডেকাই কষ্টৰে কাম কৰি নিজৰ ভৰিত নিজে থিয় দিব নিবিচাৰে ৷ সকলোকে আঁঠুৰ ওপৰত সোণ লাগে ৷ অতি আৱেগিক হৈ ‘ঘৰ এৰি নাযাওঁ’ বুলি কৈ নিজৰ কৰ্তব্যলৈ পিঠি দিয়া আজিৰ বহু অসমীয়াই নিবনুৱাৰ ‘লেবেল’টো মাৰি ঘৰতে বহি-শুই কটাইছে ৷ দৃঢ়তাশূন্য,আত্মবিশ্বাসহীন,মনোবল নথকা আৰু সাহস নাইকিয়া আজিৰ বহু অসমীয়াই আকৌ সময়বিশেষে ‘মই লাচিতৰ দেশৰ মানুহ’ বুলি উফাইদাং মাৰে ৷ খুব কম লোকেহে নিজৰ দ্বায়িত্ব ভালদৰে পালন কৰে ৷ এইয়াই আমাৰ কৰ্মসংস্কৃতিৰ নমুনা ! বোধহয়,প্ৰাশ্চাত্যৰ দেশৰ পৰা আমি এতিয়াও বহু শিকিবলগা আছে ৷ প্ৰাশ্চাত্যৰ দেশবোৰৰ পৰা আমি কেৱল বেয়াবোৰহে শিকো ৷ তেওঁলোকৰ কৰ্মনিষ্ঠাৰ পৰা আমি কিয় একো শিক্ষা নলওঁ ? ভালখিনি কিয় আকোৱালি নলওঁ ? বিল গেটছ,ৱাৰেন বাফেট আদি বিলিয়নাৰে কোটি কোটি টকা দুখীয়া দেশবোৰৰ কল্যানৰ হকে দান দিয়ে ৷ মানৱপ্ৰেমৰ কি সুন্দৰ নিদৰ্শন !
যিখন অসমত ড.ভৱেন্দ্ৰ নাথ শইকীয়া, ভূপেন হাজৰিকাৰ দৰে মানুহৰ জন্ম হয় আৰু যাৰ প্ৰতিটো কামেই মানুহক ভাল পাবলৈ শিক্ষা দিয়ে সেইসকল লোকৰ কৰ্মজীৱনৰ পৰা আমিবোৰে কি শিকিলো ?আমি বাৰু প্ৰকৃততেই ভাল অসমীয়া হয়নে ?
আগুৱাই যাবৰ হ’ল :
“মোক কেইজনমান পবিত্ৰ আৰু স্বাৰ্থহীন মানুহ দিয়া ৷ মই পৃথিৱী কঁপাই তুলিম ৷ ” -স্বামী বিবেকানন্দ ৷
সময় এতিয়াও শেষ হোৱা নাই ৷ লুইতপৰীয়া ডেকা-গাভৰু এতিয়া শুই থাকিলে ন’হব ৷ আমি জাগিবৰ হ’ল ৷ ভাৰতবাসী এতিয়া জাগিবৰ হ’ল ৷ ৰৈ থকাৰ সময় নাই ৷ চীন,জাপান আদি দেশ বহুদূৰ আগুৱাই গ’ল ৷ জাপানৰ দৰে এখন দেশৰ দৈনন্দিন উন্নতিৰ ৰহস্য কি ? তেওঁলোক কৰ্মমূখী ৷ কথাৰে পৰিচয় নিদি কামেৰে পৰিচয় দি তেওঁলোকে আনন্দ পায় ৷ আমিনো কিয় নোৱাৰিম ? নিশ্চয় পাৰিম ৷ মন কৰিলেই চন ৷ সকলোবোৰ সম্ভৱ হ’ব যদি প্ৰতিজন ভাৰতীয়ই নিজৰ দ্বায়িত্ব ভালদৰে পালন কৰে ৷ সততা আৰু নিষ্ঠা বজাই ৰাখে ৷ নিজৰ দেশক আমি ভাল পাবলৈ শিকিব লাগিব ৷ অসমক লৈ গৌৰৱ কৰিবলৈ শিকিব লাগিব ৷ যিমানেই সৰু কাম নহওঁক কিয় ,সেই কামটোক ভাল পাব লাগিব ৷ কৰ্মই ধৰ্ম ৷ ভাৰতবৰ্ষৰ উন্নতি তেতিয়াহে হ’ব যেতিয়া প্ৰতিজন ভাৰতীয়ই বুকুত অজস্ৰ সাহস বান্ধি নিজ নিজ কৰ্মক্ষেত্ৰত একোটা ৰণুৱা ঘোঁৰাৰ দৰে জঁপিয়াই পৰিব ৷ ৷
কৰ্তব্যৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাই কেৱল সহজলভ্য উপায়েৰে ধন ঘটাৰ মানসিকতাক আমি বৰ্জন কৰিবৰ হ’ল ৷কেৱল টকা এসোপা ঘটি, দুই-এখন দামী গাড়ী কিনি,সন্ধিয়া সময়ত পত্নীৰ সৈতে হাতত কফিৰ কাপ লৈ দেশৰ ওপৰত ক্ষোভ উজাৰি গোৱাল-গালি পাৰিলেই সকলোবোৰ সমস্যাৰ সমাধান নহয় ৷ নিজৰ দেশৰ প্ৰতি,নিজৰ জনমভূমিৰ প্ৰতি প্ৰতিজন মানুহৰে দ্বায়িত্ববোধ থকা উচিত ৷ উচ্চ-পদস্থ চৰকাৰী বিষয়া,ডাক্টৰ-ইঞ্জিনীয়াৰ,শিক্ষকৰ পৰা আৰম্ভ কৰি বাতৰি-কাকত,নিউজ-চেনেলৰ সাংবাদিকলৈকে সকলোৱে যদি নিজৰ কামবোৰ নিষ্ঠাসহকাৰে কৰে তেন্তে অসম বা ভাৰতৰ সাম্প্ৰতিক অৱনতিৰ বহুখিনি অৱসান ঘটিব বুলি দৃঢ়তাৰে ক’ব পাৰি ৷ দেশৰ পৰা কিবা এটা আশা কৰাতকৈ আমি দেশৰ বাবে কি কৰিছে সেইটো ভাবি চাবৰ হ’ল ৷ নিজৰ কাম আমি ভালদৰে কৰিছোনে ? সেইটো প্ৰশ্ন সকলোৱে নিজকে কৰা উচিত ৷ সৰু-সৰু কথাত লাগি নাথাকি অলপ বহল দৃষ্টিৰে কথাবোৰ ভাবিবৰ হ’ল ৷
সকলো পিতৃ-মাতৃয়ে সন্তানক‘ভালমানুহ’ হ’বলৈ শিক্ষা দিয়া উচিত ৷ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাটো সিমান কঠিন নহয় যিমান কঠিন এজন ভাল মানুহ হৈ জীয়াই থকাটো ৷ ‘ভাল মানুহ’ৰ আজিৰ সমাজত প্ৰয়োজনীয়তা বেছি ৷ সমাজখনৰ উন্নতিৰ বাবে,ৰাজ্যখনৰ বাবে,দেশৰ উন্নতিৰ বাবে আজি আমাক ভাল মানুহ লাগে ৷তাৰবাবে আমি উঠি অহা প্ৰজন্মক সাহস দিব লাগিব ৷ কাম কৰিবলৈ অনুপ্ৰেৰণা দিব লাগিব ৷মানুহক ভাল পাবলৈ শিকাব লাগিব ৷যিকোনো বস্তু, ব্যক্তি বা বিষয়ৰ ভাল-বেয়া দুয়োটা দিশ ফঁহিয়াই চাব পৰাকৈ সন্তানক মানসিকভাৱে প্ৰস্তুত কৰি তুলিব পাৰিব লাগিব আৰু ভাল কামটো সদায় কৰি যাবলৈ উৎসাহ দিব লাগিব ৷
“এই দেশ মোৰ দেশ
দেশ বুলিলে আদেশ নালাগে,
মোৰ তুমৰলি তেজত তগবগাই উঠে
এহেজাৰ ৰণুৱা ঘোঁৰা” –হীৰুদা
সুজলা-সুফলা ,শস্য-শ্যামলা আমাৰ দেশ ভাৰত নিশ্চিতভাৱে এখন জাকত-জিলিকা দেশ হ’ব পাৰিব ৷ আয়েংগাৰ,কালামৰ দৰে প্ৰতিভাধৰৰ জন্মস্থান এই ভাৰত ৷ শচীন,ধ্যানচান্দৰ দৰে খেলৰ যাদুকৰৰ জন্ম হয় এই ভাৰততে ৷ মেৰি কমৰ দৰে হাৰ নমনা নাৰীৰ জন্ম এই ভাৰততে ৷ অসমৰ চাহ গোটেই বিশ্বতে জনপ্ৰিয় ৷ ৰংঘৰ,কাৰেংঘৰ,তাজমহল,কুটুবমিনাৰ চাবলৈ বিদেশৰ মানুহে ভিৰ কৰেহি ভাৰতত ৷ কোনে কয় ভাৰতত একো নাই বুলি? ভাৰতত সকলো আছে ৷ বহুতো ভাল মানুহ এতিয়াও জীয়াই আছে -অসমত,ভাৰতত ৷ তেওঁলোকে নিৰন্তৰ কাম কৰি গৈছে নিজৰ জনমভূমিৰ বাবে ৷ ঘন ক’লা এন্ধাৰৰ মাজতো তেওঁলোকে দেখা পাইছে অলপ পোহৰ ৷ সেই পোহৰৰ তীব্ৰতা বঢ়াবৰ বাবে আমি সকলোৱে ককাঁলত টঙালি বান্ধিবৰ হ’ল ৷
……………………………………………………………………………………………………….
একতাই আমাৰ শক্তি
বেয়াবোৰ পৰিহাৰ কৰি ,সমাজ ধ্বংস কৰা দুষ্টলোকবোৰৰ বাধা-বিঘিনি সাহসেৰে অতিক্ৰম কৰি কৰ্তব্যনিষ্ঠা,দৃঢ়তা,সততা,আত্মবিশ্বাস আদি গুনবোৰ আয়ত্ব কৰি নিজৰ নিজৰ কৰ্মক্ষেত্ৰত এতিয়া আগবাঢ়ি যোৱাৰ সময় ৷ এতিয়া নিজকে সাহসী বুলি প্ৰতিপন্ন কৰাৰ সময় ৷ আজিৰ পৃথিৱীত দুৰ্বল মানুহৰ কোনো স্থান নাই ৷ ধনী-দুখীয়া ,উচ্চ-নীচ পাহৰি সমুখলৈ চাই এতিয়া হাতে-হাত ধৰি খোজ দিয়াৰ সময় ৷ দেশ সলনি কৰিবলৈ যোৱাৰ আগতে নিজক সলনি কৰিবৰ হ’ল ৷ নিজৰ মাজতে দ্বণ্ড-খৰিয়াল নকৰি একেলগে থাকি নিজৰ ৰাজ্যক,নিজৰ দেশক আগুৱাই নিয়াৰ সময়। আমাৰ সিৰা-ধমনীত কনকলতা আৰু লাচিতৰদৰে বীৰ-বীৰাংগনাৰ ৰক্ত প্ৰবাহিত ৷ ভগৎ সিং,গান্ধীজীৰ দেশৰ মানুহ আমি ৷ তেওঁলোকৰ অৰিহণাৰ প্ৰতি উচিত সন্মান দিয়া তেতিয়াহে হ’ব যেতিয়া আমি এখন নতুন ভাৰত গঢ়িবৰ বাবে প্রতিজ্ঞাবদ্ধ হ’ম ৷ আহিবনে সেই দিন যিদিনা ভাৰতক গোটেই বিশ্বৰ জনগনে ‘চেল্যুট’ দিব ? পাৰিমনে আমি এখন ‘ছুপাৰপাৱাৰ’ ভাৰত গঢ়িব ?
প্ৰশ্নদুটাৰ উত্তৰ ‘হয়সূচক’ কৰিবলৈ আমি এই মূহুৰ্ত্তৰ পৰাই চেষ্টা চলাব নোৱাৰোনে ?
আহক,আজি এই মূহুৰ্ত্ততে আমি প্ৰতিজ্ঞাবদ্ধ হঁও ৷ আমাৰ সপোনৰ অসমখন,স্বপ্নৰ ভাৰতখন নিৰ্মান কৰিবৰ বাবে,নিজৰ সামৰ্থ্যানুযায়ী কাম কৰি যাম বুলি বুকুত সাহস বান্ধি লঁও৷ আহক,সকলোৱে উপলব্ধি কঁৰো ড.ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰৰ সেই অমোঘ বাণী,জগাই তোলো নিজৰ অন্তৰাত্মাক,জীৱন্ত কৰি তোলো সুপ্ত হৈ থকা আমাৰ আগ্নেয়গিৰিক আৰু দ্ৰুতবেগী কৰি তোলো আমাৰ তুমৰলি তেজত তগবগাই থকা এহেজাৰ এটা ৰনুৱা ঘোঁৰাক :

“মই সুপ্ত-শীতল গ্ৰহ হোৱাতকৈএটা উজ্জল উল্কা হ’ম,
আৰু সেই উল্কাৰ প্ৰতিটো কণা দীপ্ত হৈ থাকিব ৷
মই কেৱল বাচি থাকিবলৈ সময় নষ্ট নকৰো ৷
সেইখিনি সময় মই কামত লগাম—
মই প্ৰতিজ্ঞা কৰিছো
মই হ’ম এক লাভ,লোকচান নহওঁ ৷
মই হ’ম সৎ,দুষ্ট নহঁও ৷
মই হ’ম সফল,বিফল নহঁও ৷”
ইতি-
ঈশান জ্যোতি বৰা
সম্পাদক , সাহিত্য ডট্ অৰ্গ
১৬ আগষ্ট-১৪চেপ্টেম্বৰ, ২০১২

Subscribe
Notify of
5 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
xyz.
8 years ago

দেশপ্ৰেমৰ ওপৰত নেতাৰ বৰ বৰ ভাষণ শুনি হাঁহি আৰু আমনি লগাৰ পাছত পুনৰ একেখিনি কথা সাহিত্য ডট অৰ্গৰ সম্পাদকীয়ত পঢ়িবলৈ বিচৰা নাছিলো । ইয়াৰ পৰিৰ্ৱতে আমাৰ কামত আহিব পৰাকৈ এক বিশেষ বিষয়ৰ ওপৰত আলোকপাত কৰি ন-চিন্তাৰ পাতবি মেলিব পাৰিলেহেঁতেন ।
বাকী থাকিল ভাৰতীয় বনাম অসমীয়াৰ কথা । আমি অসমীয়াবোৰ ভাৰতীয় হয় নে নহয় আৰু হলেও কিমান শতাংশ ভাৰতীয় সেইটো নিৰ্ভৰ কৰিব আমাক মুল-সুঁতিৰ ভাৰতীয়ই কিমান ভাৰতীয় বুলি ভাবে ? অসমীয়াক যেতিয়া ভাল ভাৰতীয় হবলৈ নেতা , বুদ্ধিজীৱী , আৰু সম্পাদকসকলে পাঠ পঢ়োৱাই থাকে তেতিয়া আমাৰ দৰে নিঃকিণ সকলৰ মনলৈ প্ৰশ্ন আহে যে কেন্দ্ৰ চৰকাৰৰ চাকৰিয়ালে অসমত চাকৰি কৰিলে বিশেষ দুৰ্গম অঞ্চলৰ ভাত্তা কিয় পাই , সেই চাকৰিয়ালসকলে অসমত মাথো তিনি বছৰ চাকৰি কৰিলেই তেওঁলোকে দেশলৈ বিশেষ অৰিহণা আগবঢ়োৱা বুলি কেন্দ্ৰ চৰকাৰে কিয় স্বীকৃতি দিয়ে ?
অসমীয়াৰ নোপোৱাৰ ক্ষোভ নাই , আছে প্ৰতাৰণাৰ ক্ষোভ । নিজৰ সম্পদৰ ওপৰত নিজৰে নিয়ন্ত্ৰণ নথকাৰ ক্ষোভ । নিজৰ মাটিত কোনে ঘৰ বান্ধিব সেইটো যেতিয়া আনে ঠিৰাং কৰি দিয়ে তেতিয়া মানুহৰ ক্ষোভ বাঢ়িবই । ক্ষোভ বাঢ়িলেই মানুহ বিদ্ৰোহী হয় আৰু হেজাৰজনৰ জীৱন নাশ হয় । বিপ্লবৰ কণ্টকময় পথত হেজাৰ হয় পথভ্ৰষ্ট ।
জাতিপ্ৰেমেৰে প্ৰথমে আমি অসমীয়া , সচাঁ অসমীয়া । দেশপ্ৰেম কৰি ভাল ভাৰতীয় হম বুজা-বুজিৰ মাজেৰে , আলোচনাৰ মাজেৰে !

BRAJEN PATHAK
8 years ago

লিখকে ভালেকেইটা বিষয় লৈ আগবঢ়োৱা সম্পাদকীয় পঢ়ি ভাল লাগিল| আটাইবোৰ অভাবৰ মুল কথাটো সততে একতাৰ অভাব বুলি অনুভব হয়| ছাত্ৰ-ছাত্ৰীয়ে পঢ়ি ফলাফল ভাল কৰি উঠিয়েই দেশৰ বাহিৰত মোটা অংকৰ চাকৰিৰ কথা ভাবে| এনে মগজুৰ বৰ্হিগমন সদায় হয়| আমাৰ ভালবোৰৰ ফল আন দেশে পায়| লোকচান আমাৰ হয়| আত্ম সমালোচনা সকলোৰে কাম্য হোৱা উচিত|

ঈশান জ্যোতি বৰা
8 years ago

শ্ৰদ্ধাৰ XYZ মহোদয়/মহোদয়া,
আপোনাৰ দৰে কিছুমান মানুহ যি নিজৰ নাম লুকুৱাই ৰাখি মোৰ দৰে সাধাৰণ এজন সম্পাদকৰ সম্পাদকীয় পঢ়ি কমেন্ট দিয়ে ,তেনে এজন ভয়াতুৰ/পলায়নবাদী মানুহৰ মুখৰ পৰা এনেধৰনৰ মন্তব্য শুনাৰ মোৰ ধৈৰ্য নাই ৷ ক্ষমা কৰিব ৷ আচলতে,আপোনাৰ দৰে কিছুসংখ্যক লোকে লোকচক্ষুৰ পৰা আতঁৰত থাকি উভটগোৰে নাচি ঘোৰ জাতীয়তাবাদী মনোভাৱ লৈ সমাজক বিপথে পৰিচালিত কৰা দেখা যায় ৷ আৰু আপোনাৰ যদি সম্পাদকীয় পঢ়ি ভাল নালাগিল,তেন্তে তাত মোৰ কৰিবলগীয়া একো নাই ৷ আপোনাক সুধি বা আপোনাৰ মতে মই সম্পাদকীয় নিলিখো ৷ যিহেতু আপোনাৰ অসমক লৈ চিন্তা বেছি ,গতিকে মই ভাবো অসমৰ হকে কাম কৰাৰ আগতে নিজৰ প্ৰকৃত পৰিচয় দিয়াৰ সাহস থাকিব লাগে যিটো আপোনাৰ নাই ৷ আৰু যি মানুহে নিজৰ পৰিচয় XYZ ৰে দিয়ে,সেইজন মানুহৰ মুখত এনে বক্তৃতাই শুভা নাপায় ৷ বৰঞ্চ হাঁহিয়াতৰ পাত্ৰ হৈ হয় ৷ ধন্যবাদ ৷৷

Anonymous
8 years ago

Val lagil dada.

শুভ্ৰজিত বৰুৱা
5 years ago

আপোনাৰ দৰে দহ জন মানুহ লগ হলে সমগ্ৰ বিশ্ব সলনি হব।
আপোনাৰ লেখনিটো মোৰ খুেবই ভাল লাগিল।