আই (দীপালি বৰা)

photo aai DB(মাইনুৰ বাবে এটি কবিতা)

কোনো এক মুক্তাখচিত মুহূর্তত
তেওঁৰ বুকুৰে গজি উঠিছিলোঁ মই।
প্ৰতিপালিত হৈছিলোঁ তেওঁৰ স্বৰ্ণাভ হৃদয়ৰ
সমস্ত হেঁপাহ আৰু আদৰেৰে,
মুকুলিত হৈছিলোঁ
তেওঁৰ চেনেহৰ সাৰপানীৰে।

তেওঁৰ বাবে মই এক
উমাল স্বপ্নৰ সুগন্ধি বাস্তৱ
আশাৰ সুশোভিত কুঞ্জবনৰ এপাহি ৰজনীগন্ধা
আলফুলে তুলি লৈ হাতত
তেওঁ সুঘ্ৰাণ লৈছিল মোৰ
উপভোগ কৰিছিল মোৰ শৈশৱ,কৈশোৰ;
মোৰ ল’ৰালিৰ প্ৰতিটো মুহূৰ্ত
আলোকিত হৈছিল তেওঁৰ স্নেহময় স্পৰ্শত।
যৌৱনৰ বৰ্ণিল স্বপ্নৰ অংশীদাৰ হ’ব পৰাকৈ
তেওঁ মোৰ সখী,ক্ষণ-প্ৰতিক্ষণৰ লগৰী,
মোৰ সমগ্র সত্বাত বিয়পি পৰা
এটি উজ্জ্বল,ঝলমল হাঁহি।
তেওঁৰ দুচকুত গজালি মেলে
মোৰ ভৱিষ্যতৰ সেউজ সপোন,
তেওঁ দেখুওৱা পোহৰৰ পথেৰে
তেওঁৰ হাতত ধৰি খোজ কাঢ়োঁ মই
মোৰ আকাংক্ষাৰ খেজুৰ বনত;
নিৰংকুশে পাৰ হওঁ
দুৰ্যোগৰ এন্ধাৰকলীয়া ৰাতি;
তেওঁৰ অনুভৱৰ গভীৰতাত ডুব মাৰি
উজ্জ্বল হয় মোৰ মনৰ ৰ’দালি।

মোৰ স্বপ্ন মুখৰিত আকাশৰ
তেওঁ এটি চিৰ আলোকিত নক্ষত্ৰ
কাহানিও নিৰ্বাপিত নোহোৱা এটি দীপশিখা
অন্তহীন এক সুপবিত্ৰ প্ৰাৰ্থনাৰ ধ্বনি।
জীৱনৰ কঠিনতম ক্ষণবোৰত
তেওঁৰ এপলক সাহচৰ্যই মোৰ বুকু ভৰায়
তেওঁৰ স্পৰ্শৰ নিবিড়তাই হৃদয় জুৰায়।
তেওঁৰ দুনয়নৰ স্নিগ্ধতাত বাৰে বাৰে মুগ্ধ হওঁ মই
মোৰ চৌপাশ সুবাসিত কৰি ৰখা
তেওঁ এপাহি কাহানিও নজহা খৰিকাজাঁই
তেওঁ মোৰ চেনেহৰ আই।
মোৰ চিৰ জনমৰ আই।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments