আমি অসমীয়া নহওঁ দুখীয়া (গণশিল্পী সূৰ্য দাস)

 অসমীয়া ভাষা-সাহিত্যৰ জৰিয়তে গভীৰভাৱে দেশক ভালপোৱাৰ বিৰল নিদৰ্শন দেখুৱাই থৈ গৈছে সৰ্ব-গুণাকৰ লক্ষ্মীনাথ বেজবৰুৱাই৷ অসমীয়া সাহিত্যত যুগ যুগ ধৰি প্ৰভাৱ পেলোৱা বেজবৰুৱাদেৱৰ জীৱনটোৱেই আছিল বৈচিত্ৰময়৷ তেওঁৰ বৈশিষ্টপূৰ্ণ ব্যক্তিত্ত্বৰ চৰিত্ৰ গঢ়াত বিশেষভাৱে সহায় কৰিছিল অসমৰ মাটি, প্ৰাকৃতিক সৌন্দৰ্যৰাজিয়ে আৰু সামাজিক জন-জীৱনে৷ এই সকলোবিলাকে তেওঁৰ অন্তৰত বিশেষভাৱে সাঁচ বহুৱাইছিল৷

          মহাপুৰুষ শংকৰদেৱৰ পিছতেই আমি অসমীয়াই বেজবৰুৱাদেৱক অসমীয়া জাতীয় জীৱনৰ পিতৃস্বৰূপ বুলি ক’ব পাৰোঁ৷ সাহিত্যৰথী বেজবৰুৱাদেৱে সকলো সামাজিক দিশ তেওঁৰ সাহিত্য-কৰ্মৰ মাজেৰে জাতিটোক বিশ্বৰ দৰবাৰত আগুৱাই ৰাখিব বিচাৰিছিল৷ তেওঁ ৰচনা কৰা গল্প, কবিতা, নাট, গীত, প্ৰবন্ধ, জীৱনী, শিশু গল্প, বুৰঞ্জী সাহিত্য আদিৰ মাজেৰে নানান চিন্তাধাৰা প্ৰকাশ পাইছে৷ ইয়াৰোপৰি বৰ্তমান সমাজ-সম্প্ৰদায়বোৰৰ মাজত শাসক পক্ষই নিজ গাদি ৰক্ষাৰ হকে যি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিছে সেইবোৰো তেওঁ ‘বাঁহী’ কাকতৰ পঞ্চম সংখ্যা ১৮৪১ শক, ভাদ সংখ্যাত প্ৰকাশ পোৱা সংখ্যাত উল্লেখ কৰিছে৷ একেদৰে তেওঁৰ নাটক আৰু অন্য বহু সৃষ্টিশীল ৰচনাৰ মাজত দেশ আৰু জাতিক ধ্বংস কৰিব বিচৰা ৰজাঘৰীয়া মানুহৰ অনেক চৰিত্ৰ দাঙি ধৰিছিল৷

          সাহিত্যৰথী বেজবৰুৱাদেৱে সামাজিক উচ্চ-নীচৰ কিছুমান ঘটনা প্ৰবাহক ভিত্তি কৰি বহুতো ধেমেলীয়া নাটক আৰু ব্যংগ ৰচনাৰ মাজেৰে সামাজিক সচেতনতাৰ মহৌষধ দি থৈ গৈছে৷ বেজবৰুৱাদেৱে ৰাজনীতিৰ পিনে যেনেকৈ চকু দিয়ে ঠিক তেনেকৈ শিক্ষাৰ পিনেও চকু দি লেখি থৈ গৈছে যে ‘শিক্ষা মানেই এম.এ, বি.এ পাছ কৰাটোৱেই নুবুজাই৷ যি শিক্ষাৰ দ্বাৰা মানুহৰ মনুষ্যত্ব ও আত্মজ্ঞান সজাগ নহয় – সেই শিক্ষা আচল শিক্ষা হ’ব নোৱাৰে৷

          বেজবৰুৱাদেৱৰ সকলো দিশৰ ৰচনাৱলীৰ মাজত অসমক ভালপোৱাৰ আদৰ্শৰ চানেকী পোৱা যায়৷ তাৰ উদাহৰণস্বৰূপে তেওঁ যি কালজয়ী জাতীয় সঙ্গীত ‘অ’ মোৰ আপোনাৰ দেশ’ ৰচনা কৰি থৈ গৈছে সি অসম আৰু অসমীয়া জাতি জীয়াই থাকে মানে চিৰযুগমীয়া হৈ ৰ’ব৷ আনহাতে ‘অসম সঙ্গীত’ত উল্লেখ থকা ‘আমি অসমীয়া নহওঁ দুখীয়া’ এই গীতৰ মাজেৰে তেওঁৰ গভীৰ আশাবাদ ফুটি উঠিছে৷ তদুপৰি এই গীতৰ কণ্ঠ ও সুৰ দি আমাৰ সুধাকণ্ঠই জাকত জিলিকা কৰি থৈ গৈছে৷ তেওঁ বিহু আৰু হুঁচৰিৰ মাজেৰেও দেশপ্ৰেম আৰু জাতীয় সংস্কৃতিক উচ্চ স্থান দি থৈ গৈছে৷ তেওঁ ‘আমাৰ জন্মভূমি’ কবিতাতা উল্লেখ কৰি থৈ গৈছে –

“ক’ত আছে এনে চাউল পানীত দিলে ভাত?

ক’ত এনে কুঁজী থেকেৰা টেঙাই যায দাঁত?

ক’ত পাবা পকা-খৰিছা ক’ত ঢেকীয়া শাক?

এঠা-দৈ ক’ত এনে নেৰাই ধুলে যাক৷”

গতিকে এনে কবিতা-গীতেৰে বেজবৰুৱাদেৱে অসমক ভালপোৱাৰ নিদৰ্শন দাঙি ধৰিছিল৷

          বেজবৰুৱাদেৱৰ এনে কিছুমান ঘটনা প্ৰবাহ আছে যে সেইবোৰ আজিও অসমীয়া মানুহৰ হৃদয়ত বোৱঁতী নদীৰ দৰে বৈ আছে৷ সাহিত্যৰথী বেজবৰুৱাক অনেক দৃষ্টিকোণৰ পৰা চিন্তা কৰিব পাৰি৷ তেওঁৱেই সমাজৰ ভণ্ডামিবোৰ কাৰ্টুনৰ সহায়ত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল৷ প্ৰবাদ আছে, তেওঁৱেই অসমীয়াৰ প্ৰথম কাৰ্টুনিষ্ট৷ কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা আৰু অন্যান্য কিতাপসমূহত কাৰ্টুনৰ জৰিয়তে তেওঁ সমাজত হোৱা ভণ্ডামিবোৰ প্ৰকাশ কৰাৰ চেষ্টা কৰিছিল৷ পিছে আজি যিদৰে কাৰ্টুনৰ প্ৰচাৰ লেখত ল’বলগীয়া, তেতিয়াৰ দিনত সিমান প্ৰভাৱ পৰা নাছিল৷

          বেজবৰুৱাদেৱে নিজক কোনো দিনাই আনৰ ওচৰত হেয় নকৰাইছিল৷ প্ৰবাদ আছে তেওঁৰ বিবাহৰ সময়ত যৌতুক ঘুৰাই পঠিয়াইছিল৷ আনপিনে তেওঁ চাকৰিৰ প্ৰসঙ্গত কৈছিল – ‘মই স্বাধীনভাৱে জীয়াই থাকি ভাল পাওঁ৷’ তেওঁ উচ্চ শিক্ষাৰে শিক্ষিত হৈও স্বাধীনতাৰ সোৱাদ নাপালে মৃত্যৱেই শ্ৰেয় বুলি অনুভৱ কৰিছিল৷ তেওঁ সদায় জাতীয় দুৰ্যোগৰ সময়ত সকলো সময়তে মাত মাতি তেওঁৰ জাতীয় আদৰ্শৰ নিদৰ্শন দাঙি থৈ গৈছে৷ তেওঁ সদায় এটা কথাত গুৰুত্ব আৰোপ কৰিছিল যে দেশৰ ৰাজনীতি, অৰ্থনীতি, শিক্ষা, সামাজিক নীতি ইত্যাদিবোৰত যদি ৰাইজক কোনটো ভাল কোনটো বেয়া সহজভাৱে বুজাই দিয়া হয়, তেতিয়াহে সকলোৱে শিক্ষাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিব পাৰিব৷

          বেজবৰুৱাই অসমীয়া ভাষাৰ ওপৰত কাৰোৰে তিৰস্কাৰ সহ্য কৰা নাছিল৷ তেওঁ সেই সময়ৰ বহু যোগ্য কবি-সাহিত্যিককো প্ৰত্যাহ্বান জনাইছিল৷ এবাৰ তেওঁৰ দাদা-শহুৰ কবি ৰবীন্দ্ৰনাথ ঠাকুৰক অসমীয়া ভাষাৰ বিৰুদ্ধে কথা কোৱাৰ কাৰণে, বাংলা কাকতত নিজে প্ৰতিবাদ প্ৰবন্ধ লিখিছিল৷ ইয়াৰ পৰা আমি অনুভৱ কৰিব পাৰোঁ যে বেজবৰুৱাদেৱে অসমীয়া ভাষাক অন্যান্য ভাষাৰ আগত সদায় ৰাখিব বিচাৰিছিল৷

          লক্ষ্মীনাথ বেজবৰুৱাৰ মাতৃৰ নাম আছিল বৈষ্ণৱ কবি অনন্ত কন্দলী ঘৰৰ জীয়ৰী থানেশ্বৰী দেৱী আৰু পিতৃ দিননাথ বেজবৰুৱা৷ তেওঁৰ জন্ম হৈছিল ব্ৰহ্মপুত্ৰই দি ভটিয়াই যাওঁতে নাৱত৷ সেইদিনা আছিল লক্ষ্মীপূৰ্ণিমা ১৮৬৪৷ জীৱনৰ সৰহভাগ দিন অতিবাহিত কৰিছিল ভাগিৰথি ও মহানদীৰ পাৰত৷ কিন্তু শেষ নিস্বাস লৈছিল লুইতৰ পাৰতেই – চন ২৬ মাৰ্চ  ১৯৩৮৷ অনেক গুণৰ অধিকাৰী বেজবৰুৱাদেৱ অসমীয়া জাতি জীয়াই থকালৈকে অমৰ হৈ থাকিব৷ আজিৰ বৰ্তমান প্ৰজন্মৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰৰ মাজত বেজবৰুৱা সম্বন্ধে উচিতভাৱে তেওঁৰ প্ৰতিভাৰাজীৰ ওপৰত বিষদ আলোচনা হোৱাটো উচিত বুলি ভাবো৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক