আৰম্ভণি (ফাৰুক আজিজ)

“হেল্লো ঋতু, কি কৰিছা? আজি কলেজ যোৱা নাই?”

“নাই যোৱা৷ তুমি?”

“ভালেই হ’ল দিয়া৷ ময়ো নগ’লো৷ আজি কথাকে পাতো৷”

“নাই আজি ৱৰ্ল্ড কাপৰ ফাইনেল৷ ইণ্ডিয়া- শ্ৰীলংকা৷ আজি নাপাতো দিয়া৷ লগৰবোৰৰ লগত খেল চাবলৈ যাবলৈ উলাইছোঁ৷”

“তুমি মোক ভাল পোৱা নে ক্ৰিকেটক ভাল পোৱা? নহ’ব মোৰ লগত কথা পাতিবই লাগিব৷ গোটেইবোৰ খেল চাবলৈ গ’ল, মই কি কৰি থাকিম এতিয়া?”

“অ’কে”, ফোনটো কাণৰ পৰা আঁতৰাই, “অ’ই তহঁতবোৰ যা৷ মই অলপ দেৰিকৈ গৈ আছোঁ৷”

——-

“ঋতু, মই শুই থাকো দিয়া৷ টুপনি ধৰিছে মোৰ৷ তুমি খেল চোৱাগৈ৷”

“অ’কে, তুমি শুৱা তেনেহ’লে, মই শেষৰ অভাৰ কেইটা চাওগৈ৷ গুদ নাইট৷”

বাহিৰত তেতিয়া আতচবাজী৷ ইণ্ডিয়া- ইণ্ডিয়া, ধোনী- ধোনী……..

*************

“হেল্লো ঋতু, আমি জানা গোটেই গ্ৰুপটো পিকনিকলৈ যাম৷ মানাহলৈ৷ থাৰ্টি ফাৰ্ষ্ট পিকনিক৷ য়ে য়ে৷”

“আমিও যাম৷ তোমাক কোৱাই হোৱা নাছিল৷ আমিও গোটেই ব্ৰাঞ্চটো একেলগে যাম৷ ফাৰ্ষ্ট জানুৱাৰী৷”

“কোনো দৰকাৰ নাই৷ নালাগে যাবলৈ৷”

“কিয়?”

“মই কৈছোঁ নহয় নালাগে বুলি৷ কোনো দৰকাৰ নাই ছোৱালীবোৰৰ লগত গা ঘেলাই ঘেলাই পিকনিকলৈ যাবলৈ৷”

“তুমিওতো যাবা তোমাৰ কলেজৰ ল’ৰাবোৰৰ লগত?”

“তুমি মোক তাৰমানে বিশ্বাস নকৰা? তুমি আজিৰ পৰা যাতে মোক কেতিয়াও ক’ল নকৰা৷ ৰাখিছোঁ৷”

“জানু জানু ৰ’বা ৰ’বা মই কেতিয়া ক’লো তোমাক বিশ্বাস নকৰোঁ বুলি৷ মই এনে যুক্তিৰ ক্ষাতিৰতহে কৈছিলোঁ৷ চ’ৰি৷ আজিৰ পৰা কেতিয়াও নকওঁ এনে কথা৷ আই এম ৰিয়েলি ভেৰি ভেৰি চ’ৰি”

“অ’কে৷ সেইবুলি তুমি কিন্তু যাব নোৱাৰা৷”

“আৰে আমাৰ ব্ৰাঞ্চত ছোৱালী নাইয়ে চোন৷ মই মেকানিকেল ব্ৰাঞ্চৰ হে পাহৰিলা? ”

“হে হে৷ যাবা যাবা৷ মই এনেই ধেমালিহে কৰিছিলোঁ৷ মোৰ কাৰণে তুমি তোমাৰ লগৰবোৰৰ লগত অলপ ফুৰ্তিও নকৰিবা নে?”

********

“ক’ত আছিলা তুমি? ইমান দেৰিৰ পৰা ফোন কৰি আছিলোঁ৷ কেইটা মিচ ক’ল হ’ল চোৱা চোন৷”

“চালোঁ৷ ১২টা৷”

“লাজ লগা নাই ক’বলৈ তোমাৰ? কি কৰি আছিলা কোৱা? কাৰ লগত কি কৰি আছিলা?”

“টামাম জমি আছে আমাৰ ইয়াত৷ টেবল টেনিছ কম্পিটেশ্যন৷ তোমাক মই আধা ঘণ্টাৰ পাছত ফোন কৰি আছোঁ৷ হ’ব?”

“নহ’ব৷ মই কথা পাতিম এতিয়া৷ তুমি আগতে কোৱা মোক মই ডাঙৰ নে টেবুল টেনিছ ডাঙৰ তোমাৰ মনত৷”

“Obviously তুমি৷”

“তেনেহ’লে ফোন কৰা৷”

ফোনটো কাণৰ পৰা আঁতৰাই, “অ’ই তহঁতে খেল৷ মোৰ অলপ কাম আছে৷”

এজনে টিপ্পনি দিলে, “নাইট ডিউটি৷”

গোটেইগালে গিৰ্জনী মাৰি হাঁহিলে৷

********

“হেল্লো ঋতু, মই আজি কাৰ লগত আহিলো কোৱা?”

“কাৰ লগত?”

“অৰ্জুন দাৰ বাইকত৷ ইমান স্পীডত বাইক চলাই জানা অৰ্জুন দাই৷ একদম পৰি যাবই খুজো মাজে মাজে৷”

“তুমি চিটি বাছত কিয় নাহিলা? ”

“অ’ তুমি মানে বিচাৰা মই এই গেলা গৰমত চিটি বাছেৰে আহিব লাগে৷”

“তথাপি অচিনাকী ল’ৰা এজনৰ বাইকৰ পাছত……”

“অৰ্জুন দা অচিনাকী নহয়তো৷ আমাৰ চিনিয়ৰ৷ বহুত হেল্পফুল হয়৷”

“তথাপি….”

“তুমি মোক সন্দেহ কৰিছা মানে? তুমি মোক এইখিনিও বিশ্বাস নকৰা?”

“আৰে নাই কৰাতো৷ তোমাক বিশ্বাস কৰোঁ কাৰণেইতো লং ডিচটেঞ্চতে অতদিন ৰিলেশ্বন চলাই আছোঁ৷”

“হাউ চুইট৷ তুমি ইমান ভাল৷ বেলেগ হোৱা হ’লে এতিয়া কাজিয়াই কৰিলে হয়৷ মই এতিয়া ৰাখো হা৷ দেউতাই ফোন কৰি আছে৷ বাই বাই৷ চি ইউ৷”

********

“হেল্লো ঋতু, ৰাতিপুৱাৰ পৰা খবৰেই নাই যে? বিজি আছা?”

“নাই এনেই৷ গল্প এটা লিখি আছিলোঁ৷”

“তুমি গল্পও লিখা নেকি?”

“কিয় মাজে মাজে ফেচবুকত লিখি থাকো যে৷ তুমি পঢ়া নাই কেতিয়াও?”

“অ’ সেইবোৰ “মোৰ ক্ষেত্ৰত এনে হৈছিল?” টাইপ পষ্টবোৰ৷ তুমি সেইবোৰ গল্প বুলি কোৱা? থোৱা আৰু দেই৷ কি কি কৰি যে তুমি টাইমবোৰ ৱেষ্ট কৰি থাকা নহয়?”

“দেখা নাই কিমান লাইক পাওঁ৷”

“হৈছে আৰু দেই৷ সেইবোৰ যে কোনেও নপঢ়ে৷ এনেই লাইক কৰে৷ মানুহেতো কুকুৰৰ ফটো ভিক্ষাৰীৰ ফটো সকলোতে লাইক কৰে৷ বন্ধ কৰাচোন এইবোৰ এতিয়া৷ আমি এতিয়া কথা পাতিম৷”

লেপটপটো অলপ জোৰকৈয়ে বন্ধ কৰি, “কোৱা…..”

*********

ভেলেণ্টাইন ডেৰ দিনা দুপৰিয়া৷ ৰাতিপুৱাৰে পৰা ফোনটো ন’ট ৰিচ্ছেভল হৈ আছিল অনুৰাধাৰ৷ ঋতুৰ মনতো কিবা গোমা হৈ আছিল, ঋতুক যে ভেলেণ্টাইন ডেৰ শুভেচ্ছা জনোৱা হোৱা নাছিল৷ ডাইনিং হ’লত এনেই ভাতবোৰ পিটিকি আছিল ঋতুৱে৷ তেনেতে লগৰ এজনে সুধিলে, “অ’ই সন্ধিয়া উলাই যাবি অলপ টাউনৰ ফালে? ”

“অলপ কাম আছে ঔ৷”

গোটেই গালে গিৰ্জনী মাৰি হাঁহিলে৷

ঋতুৱে নিজৰ কোঠালৈ আহি বাৰে বাৰে ট্ৰাই কৰিও নাপাই অনুৰাধাৰ লগত একেলগে থকা আচমালৈ ফোন লগালে, “আচমা, অনুৰাধালৈ ফোনতো লগা নাই৷ অলপ তাইৰ তালৈ যায় ফোনটো দিব পাৰিবা নেকি? ”

“ঋতু দা, আপোনাক কথা কিছুমান ক’বলগীয়া আছিল৷ আচলতে আগতেই ক’ব লাগিছিল৷ আপুনি বেয়া পাই বুলিহে কোৱা নাছিলোঁ৷ তাই হোষ্টেলত নাই নহয়৷ ৰাতিপুৱাই অৰ্জুন নামৰ চিনিয়ৰ এজনৰ লগত ওলাই গৈছে…………….”

আৰু বহুত কিবা কিবি কৈছিল৷ কিন্তু ঋতুৰ কাণত একো সোমোৱা নাছিল৷ আনুৰাধাৰ অৰ্জুনৰ বাইকত উঠা, ঘৰৰ পৰা সঘনাই ফোন আহা, ৰাতি ৰাতি বিজি থকা, সদায় সদায় লগৰ ছোৱালীৰ লগত ফুৰিব যোৱা আদি কথাবোৰ পাগুলি থাকোতে কেতিয়ানো টোপনি গৈছিল মনত নপৰিল৷ সন্ধিয়া যেতিয়া সাৰ পাইছিল, দেখিছিল গাৰুতো কিবা অলপ অলপ সেমেকি আছিল৷ কেইবাটাও মিছ্ড কল৷ অনুৰাধাৰ৷ ম’বাইলটো ছুইট্চ অফ কৰি দি বাহিৰলৈ ওলাই আহি বেলকণীৰ পৰা জোনটোলৈ চাই ঋতুৱে এটা দীঘলীয়া এঙামুৰি মাৰিছিল৷ তলত দেখিছিল লগৰ কেইজনমানে ক’ৰবালৈ যাবলৈ উলাইছে৷

“অ’ই ৰ ঐ৷ ময়ো যাম তহঁতৰ লগত৷”

সিদিনা চাগে পূৰ্ণিমা আছিল৷ ফটফটিয়াকৈ জোনাক আহি আন্ধাৰ ৰাস্তাটো জিলিকাই পেলাইছিল৷ বহু বছৰৰ মূৰত জোনাকৰ বৰষুণত তিতি ঋতুৰ মনতো কিবা মুকলি মুকলি লাগিছিল৷ এয়া চাগে এক নতুন আৰম্ভণি৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!