অচিন চিনাকি – ৰিংকি চক্ৰৱৰ্ত্তী

টিকটটো কাটি লৈ তাই নিৰ্দিষ্ট প্লেটৰ্ফমটোলৈ আগবাঢ়ি গ’ল৷ বহুদিনৰ মূৰত তাই ঘৰলৈ যাব আজি৷ স্বাভাবিকতে তাইৰ মনটো আনন্দিত হৈ থাকিব লাগিছিল৷ ভাল যে লগা নাই তেনেও নহয়, কিন্তুু যোৱা নিশাৰ ঘটনাটোৱে তাইৰ মনটো খেলি-মেলি কৰি আছে৷ আজিৰ পৰা তিনিবছৰ আগতেই তাই চহৰলৈ আহিছিল৷ চহৰৰ কলেজ এখনত তাইৰ এডমিছন হৈছিল, তেতিয়াৰ পৰাই কলেজৰ ওচৰতে থকা হোষ্টেলটোতে তাই তিনিবছৰীয়া সময়খিনি পাৰ কৰি এতিয়া কলেজৰ শেষৰ ফালৰ দিনকেইটাত আহি উপস্থিত হৈছেহি৷ কিমান মানুহ, কিমান ঘটনাৰ লগত যে তাইৰ পৰিচয় ঘটিল এইকেইটা বছৰত৷ কিন্তুু যোৱা নিশাৰ ঘটনাটোৱে তাইৰ মনটো অস্থিৰ কৰি পেলাইছে৷

কথাবোৰ ভাবি ভাবি তাই ট্ৰেইনখনৰ ওচৰ পালে৷ ৰৈ থকা ট্ৰেইনখনত উঠি তাই ইফালে-সিফালে চাই খালী থকা দীঘলীয়া চিটটোৰ ওচৰলৈ গৈ খিৰিকীৰ ওচৰত বহি ল’লে৷ সাধাৰণতে ঘৰলৈ গ’লে তাই বেছিকৈ ট্ৰেইনতে অহা-যোৱা কৰে৷ বাছতকৈ ট্ৰেইনৰ যাত্ৰাটো তাইৰ প্ৰিয়৷ তাই নমা ষ্টেচনৰ পৰা ঘৰলৈও বেছি দূৰ নহয়৷ এজন-দুজনকৈ মানুহবোৰ উঠি আছে ডবাটোত৷ ইতিমধ্যে তাইৰ ওচৰৰ চিটবোৰতো মানুহ আহি বহিছে৷ সন্মুখৰ চিটটোত এতিয়াও মানুহ বহিবলৈ বাকী৷ ট্ৰেইনখনে চাৰে পাঁচ বজাত হে যাবলৈ আৰম্ভ কৰিব৷ তাই হাতৰ ঘড়ীটোলৈ চালে ইতিমধ্যে পাঁচ বাজি পোন্ধৰ মিনিট গৈছে৷ লাহে লাহে সন্মুখৰ চিটটোৰ খালী ঠাইবোৰো পূৰণ হ’ল৷ কিছুসময়ৰ পিছতেই ট্ৰেইনখনে দীঘলীয়া উকি এৰি যাবলৈ আৰম্ভ কৰিলে৷

বতৰটো ৰাতিপুৱাৰে পৰা ডাৱৰীয়া, বতাহ বলি আছে৷ আস্থাই খিৰিকীৰে বাহিৰলৈ চাই গৈ আছে৷ ফিৰফিৰিয়া বতাহজাকে তাইৰ দীঘল চুলিকোছা উৰুৱাই নিছে৷ কিছুসময়ৰ বাবে তাইৰ মনটো ভাল লাগি গ’ল৷ ৰাতিৰ পৰা তাই ক’তো শান্তিত উশাহকণো যেন ল’ব পৰা নাছিল৷ সকলোৰে মুখে মুখে কি হোষ্টেল কি ৰাস্তা কেৱল সেই ঘটনাটোৰে কথা৷ সিহঁতৰ হোষ্টেলৰ পৰা ওলাই সেই তিনিআলিটোতে নিশা চাৰে সাত মান বজাত ঘটনাটো ঘটিছিল৷ ছোৱালীজনীয়ে কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতিছিল৷ বৰষুণ বতৰ, টেম্পোখনৰ পৰা নামি ৰাস্তাটোৰে খোজ কাঢ়ি আহি থকা ছোৱালীজনীৰ ওচৰত চাৰিচকীয়া গাড়ীখন আহি ৰৈছিল৷ প্ৰথম অবস্থাত অলপ সময় তৰ্ক-বিতৰ্কৰ দৰে হৈছিল যদিও পিছত ছোৱালীজনীক জোৰ কৈ গাড়ীত তুলি লৈ গৈছিল৷ মুহুৰ্ততে খবৰটোৱে চাৰিওফালে বিয়পি গৈছিল৷ আস্থাহঁতৰ ভাতখোৱাৰ সময়ত ৱাৰ্ডেন সিহঁতক খবৰটো দিছিল৷ উৎকণ্ঠা, ভয়ত সিহঁতবোৰৰ বহু ৰাতিলৈ টোপনি অহা নাছিল, পুৱতি নিশা হাইৱেৰ ওচৰত সেই ছোৱালীজনীৰে ডেডবডীটো পুলিছে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷ পুলিচৰ ভাষ্য প্ৰথমতে দলবদ্ধ ধৰ্ষণ আৰু পিছত নিৰ্মমভাবে হত্যা৷ বহুদিনীয়া প্ৰেমৰ প্ৰস্তাব নাকচ কৰি অহাৰ বাবে মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ছোৱালীজনীৰ ঘটনাটো নাইট চকীডাৰজনে জনোৱাৰ পিছত তাইৰ মন-মগজু খেলিমেলি হৈ পৰিছিল৷ সকলোৰে মুখত কেৱল ঘটনাটোৰে কথা৷ উফ্ তাই যেন অস্থিৰ হৈ পৰিছিল৷ ফাইনেল পৰীক্ষালৈ এমাহ মান হে আছিল৷ ঘৰলৈ একেবাৰে পৰীক্ষা দি অহাৰ কথা আছিল যদিও, পৰিবেশটো ইমানেই বেয়া হৈ পৰিল যে অবশেষত তাই ঘৰত থাকিয়েই এমাহতো পঢ়াৰ সিদ্ধান্ত লৈ পেলালে৷

….ভণ্টি টিকট…টি়.টি জনৰ মাতত তাই উচপ খাই উঠিল৷ চেহ্ খিৰিকীলৈ চাই যে একেবাৰে আপোনপাহৰা হৈ গৈছে তাই৷ ট্ৰেইনখন ইতিমধ্যেই ভালেমান দূৰ আহি পাইছিলহি৷ টিকটটো দেখুৱাই তাই ইফালে-সিফালে দুবাৰমান চাই পঠিয়ালে৷ ইমানসময়ে যে তাইৰ কালৈকো একো চাবলৈয়ে যেন সময়ে পোৱা নাছিল৷ হঠাৎ তাইৰ চকু সমুখৰ চিটটোলৈ গ’ল৷ মুহূৰ্ততে তাই উচপ খাই উঠিল৷ এয়া কি সমুখৰ ল’ৰাজনে তাইলৈ একেৰাহে চাই আছে৷ তাই লগে লগে ল’ৰাজনৰ পৰা চকু আঁতৰাই বাহিৰলৈ চাই পঠিয়ালে৷ মনলৈ নানান ভাব আহিবলৈ ধৰিলে৷ কিয় বাৰু ল’ৰাজনে তাইলৈ এনেকৈ চাই আছে? চিনাকি আগত ক’ৰবাত দেখা নেকি তাই মনত পেলাব চেষ্টা কৰিলে৷ ওহো নাই তো, ক’তো দেখা মনত নপৰে৷ এবাৰত তাই আকৌ তালৈ চাই পঠিয়ালে৷ এয়া কি সি চোন এতিয়াও তাইলৈ চাই আছে৷ এইবাৰ অনিচ্ছাসত্ত্বেও তাই এবাৰ জোৰকৈ কাঁহি দিলে, হঠাৎ ল’ৰাজনে উচপ খাই উঠিল আৰু তাইৰ চকুত তেনেকৈ ধৰা পৰাত তলমূৰ কৰি দিলে৷

তাই ল’ৰাজনলৈ মন কৰিলে৷ দেখাততো ভাল যেনেই লাগে৷ পিন্ধনতো বেছ মাৰ্জিত কাপোৰ৷ হয়তো তাইতকৈ তিনি-চাৰিবছৰে ডাঙৰ৷ মুখত লাজ-লাজ ভাব এটাও আছে৷ তেন্তে তাইক ইমানকৈ চাই থকাৰ কাৰণ কি? কিবা বেয়া উদ্দেশ্য নাইতো৷ আৰু কি ঠিক মানুহক দেখিলেটো একো ক’ব নোৱাৰি৷ ভদ্ৰ মানুহে জানো এনেকৈ ছোৱালী চাই আহে? বিভিন্ন চিন্তা তাইৰ মগজুত অহা-যোৱা কৰিবলৈ ধৰিলে৷ চেহ্ এনেই অশান্তি লাগি আছিল কিছুসময়ৰ বাবে মনটো পাতল হৈছিলহে আকৌ এইবোৰ চিন্তা….নাই নাই এনেকৈ ভাবি থাকিলে নহ’ব মনলৈ চিন্তাবোৰ নাহক বুলিয়েই তাই মোৱাইলটো বেগৰ পৰা লৰালৰিকৈ উলিয়াই হেডফোনডাল কাণত লগাই গান বজাই দিলে৷ লাহে লাহে ধৰালৈ আন্ধাৰ নামিছিল৷ পথাৰৰ পৰা গৰু-ছাগলীবোৰ ঘৰমূৱা হৈছিল৷ কাণত তাইৰ বাজি ৰৈছিল তাইৰ ভাললগা গীতটি-সন্ধ্যা যেতিয়া নামে, জিলমিলাই কাঁচি জোনে, আইলৈ মনত পৰে…….
ডবাটোৰ ভিতৰত লাইটবোৰ জ্বলি উঠিছিল৷ আচৰিতভাবে তেতিয়াও ল’ৰাজনে প্ৰায়ে তাইলৈ চাই ৰৈছিল৷ কিবা এটা যেন ল’ৰাটোৱে তাইক ক’বলৈ বিচাৰি আছিল তেনে এটা ভংগীত৷ লাহে লাহে তাইৰ যাত্ৰাপথটো দীঘলীয়া যেন লাগিছিল৷ সন্মুখৰ মানুহ এজনে এনেকৈ অনবৰতে চাই থকাটোৱে তাইক বাৰুকৈয়ে অশান্তি দিছিল৷ লাহে লাহে কাষৰ চিটবোৰো খালী হৈ পৰিছিল৷ আৰু এটা সময়ত তাই তাইৰ ষ্টেচনটো আহি পাইছিল৷ ইতিমধ্যেই ধৰালৈ বৰষুণজাক নামিছিল৷ চিপচিপীয়া বৰষুণজাকৰ উমান পাই তাই বেগৰ পৰা লৰালৰিকৈ ছাতিটো উলিয়াই চিটৰ পৰা উঠি ষ্টেচনটোত নামি পৰিলে৷

আনদিনা ষ্টেচনত এইখিনি সময়ত মানুহ থাকে বৰ-বেছি নহ’লেও দোকানবোৰত মানুহ কিছু থাকে৷ কিন্তুু বৰষুণৰ বাবে মানুহৰ সংখ্যা আজি কম৷ ষ্টেচনৰ পৰা তাইৰ ঘৰ বেছি দূৰত নহয় যদিও বৰষুণজাক ডাঙৰকৈ আহিব পাৰে বুলি তাই খোজবোৰ বেগাই দিবলৈ ধৰে৷ ঘৰলৈ ফোন কৰি কোনোবা এজনক আগবাঢ়ি আহিবলৈ ক’বলৈও তাইৰ ফোনটো অফ হৈ গ’ল৷ কিহে পাইছিল জানো আহোতে গানবোৰ শুনি আহিবলৈ বুলি মুখতে ভোৰভোৰাই তাই ষ্টেচনৰ পৰা নামি ৰাস্তাটোৰে খোজ ললে৷ হঠাৎ পিছফালে কাৰোবাৰ খোজৰ শব্দত তাই উভতি চাই থতমত খাই উঠিল৷ এয়া কি সন্মুখত চোন সেই ট্ৰেইনত তাইলৈ চাই থকা ল’ৰাজন…..

পৃথিৱীৰ সমস্ত চিন্তাই আহি যেন তাইৰ মগজুত থিতাপি ল’লে৷ ওচৰত বৰষুণৰ বাবে মানুহ এজনো পাবলৈ নাই৷ তাইৰ মনলৈ আগদিনাৰ ঘটনাটোৱে বাৰে বাৰে আহিবলৈ ধৰিলে৷ তাইৰ এই চিন্তাত আউল লগাই হঠাৎ ল’ৰাজনে মাত দিলে-অলপ মাত দিব নেকি? চিন্তাবোৰৰ সৈতে মনত ভয়টো ৰাখি লাহেকৈ তাই ক’লে-হয় কওঁকচোন…

ল’ৰাজনে খুব নম্ৰভাবে ক’লে-অথনি ছাতিটো উলিয়াওতে আপোনাৰ আই কাৰ্ডখন ট্ৰেইনখনতে পৰি গৈছিল৷ আইকাৰ্ডখন কিমান প্ৰয়োজনীয় মই বুজি পাওঁ সেয়েহে আপোনাক….তাৰ কথা শেষ নৌহওঁতেই তাই কৈ উঠিল-অহ্ ছৰী, মই মানে একদম গম পোৱা নাছিলো৷ মোৰ বাবে আপোনাৰ মিছাতে কষ্ট হ’ল৷ কিন্তুু আপোনাৰ ট্ৰেইন…সেইখনটো গুচি গ’ল৷

…নাই নাই ময়ো এইটো ষ্টেচনতে নামিছো৷ আপুনিহে মন কৰা নাছিল৷ আচলতে ইয়াৰ পৰা কিছু দূৰত মোৰ লগৰ এজনৰ ঘৰ আৰু মই তালৈহে আহি আছো৷

ল’ৰাটোৰ কথাবোৰে তাইৰ মনটো একেবাৰে পাতল কৰি তুলিছিল৷ বৰষুণজাকত তিঁতি তিঁতি কৈ থকা ল’ৰাটোৰ কথাবোৰে তাই ল’ৰাটোৰ সম্পৰ্কে ইমান সময়ে ভাবি অহা সকলোবোৰ চিন্তা-ধাৰণা আতৰাই পেলাইছিল৷ চেহ্ কি কি যে ভাবি আছিল ল’ৰাটোৰ বিষয়ে তাই৷ শুনকচোন…ল’ৰাটোৱে পুনৰ তাইক কৈছিল-আপোনাক আৰু এটা কথা কওঁ বেয়া নাপাব, আপুনি চাগে ট্ৰেইনত ভাবি আহিছিল মই আপোনালৈ চাই অহা কথাটো, হয়তো আপোনাৰ মনত বহু চিন্তাই বাস লৈছিল…নাই নাই তেনে কথা নহয় হঠাৎ তাই কৈ উঠিছিল৷ নাই মিছা ক’ব নালাগে মই বুজি পাওঁ, সেইখিনি সময়ত আপোনাৰ ঠাইত আন হোৱা হ’লেও আনকি মোৰ ভনীজনী হ’লেও চাগে তাইও কথাবোৰ তেনেকৈয়ে ভাবিলেহেঁতেন কিন্তুু…..কিন্তুু কি? আস্থাই সুধি পেলাইছিল৷ দুবছৰ আগত মোৰ ভনীজনীয়েও এনেকৈ ট্ৰেইনত উঠি তাইৰ লগৰ এজনীৰ বিয়ালৈ বুলি আহিছিল, খুব ফূৰ্তিত তাই ঘৰৰ পৰা ওলাই আহিছিল সিদিনা কিন্তুু তাইৰ সেই ফূৰ্তি বেছিসময়ৰ নাছিল৷ ট্ৰেইনখন দুৰ্ঘটনাত পতিত হৈছিল৷ তাই থকা ডবাটো ৰেলখনৰ পৰা আতৰি গৈছিল, ডবাটোত থকা প্ৰায়বোৰ যাত্ৰীৰে মৃত্যু হয়৷ খবৰ পোৱাত মই যেতিয়া তালৈ আহিছিলো তাইৰ ডেডবডীটো চাব পৰা অৱস্থাত নাছিল, কিন্তুু তাইৰ হাতত থকা দাগটোৰ বাবেই…….মোৰ ভনীজনীক হেৰুওৱা আজি দুবছৰ হ’ল৷ কিন্তুু তাইৰ স্মৃতিবোৰ এতিয়াও মোৰ বুকুত সজীব হৈ আছে৷ ট্ৰেইনৰ ভিতৰত আপোনাক দেখি মোৰ ভনীজনীলৈ বৰকৈ মনত পৰিছিল, বয়সত আৰু দেখাতো তাই প্ৰায় আপোনাৰ দৰেই আছিল, ঠিক আপোনাৰ দৰেই তাইৰ চুলিকোছা দীঘল আছিল, ট্ৰেইনত অহা-যোৱা কৰি তাই খুব ভালপাইছিল আৰু হেডফোনত গান শুনি শুনি কৰবালৈ যোৱাটো তাইৰ নিচা আছিল, হয়তো আপোনাৰো৷ আপোনাক দেখাৰ পিছৰে পৰা গোটেই সময়ছোৱাত মই এবাৰো ভনীজনীৰ স্মৃতি মোৰ পৰা আঁতৰ কৰিব নোৱাৰিলো আৰু সেয়েহে মোৰ ভনীজনীক আকৌ এবাৰ হেঁপাহ পলুৱাই চোৱাৰ আশাত মই আপোনালৈ…অনুগ্ৰহ কৰি মোক বেয়া নাপাব৷ ভনীজনীলৈ বৰকৈ মনত পৰে কেতিয়াবা জানে, তাই যে মোৰ একমাত্ৰ………থোকাথুকি মাতেৰে কথাবোৰ কৈ কৈ সি এটাসময়ত ৰৈ গৈছিল আৰু দুচকু চকুপানীৰে চলচলীয়া হৈ পৰিছিল৷ কিছুসময়ৰ নীৰৱতা ভংগ কৰি আস্থাই এটা সময়ত কৈ উঠিছিল-দাদা, নাকান্দিব ভগবানে যি কৰে ভালৰ বাবেই কৰে৷ চাওঁকচোন মোৰো দাদা নাই, দাদা এজনৰ অভাব মই যে বৰকৈ অনুভৱ কৰিছিলো৷ যিজন দাদাই মোৰ দৰে হাজাৰ ভনীক প্ৰতিখোজতেই সুৰক্ষা দিব পাৰে, যিজন দাদাই মোক মৰম আৰু চেনেহৰ ডোলেৰে বান্ধি ৰাখিব পাৰে, যিজন দাদাই মোক প্ৰতিটো বেয়া দিশৰ পৰা প্ৰতিমুহুৰ্ততে ৰক্ষা কৰিব পাৰে…মোৰ তেনে এজন দাদাৰ বৰ অভাব আছিল…কিন্তুু আপুনি মোৰ সেই অভাব আজি পূৰণ কৰিলে৷ মই আজি বহুত সুখী দাদা বহুত…
বৰষুণজাক ইতিমধ্যে আতৰি গৈছিল, ফিৰফিৰিয়া বতাহজাকে আস্থাৰ মনটো চুঁই গৈছিল৷ এটা ফৰকাল মনেৰে আস্থাই ককায়েকৰ পৰা বিদায়লৈ ঘৰলৈ বুলি খোজ আগবঢ়াব খোজোতেই সি কৈ উঠিছিল-ভণ্টি অকলে যাব নালাগে, ৰাতি হ’ল নহয় ব’ল তোক মই ঘৰত থৈ আহো……■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments