অহেতুক (ৰিছান কাশ্যপ)

গোশালাৰ ফালৰ পৰা অহা পথটোৰে আহি ৰে’লৱে ক্রছিংটো পাৰ হৈ মই ক্ষন্তেক ৰ’লো। ঘড়ীলৈ চালোঁ। নিশা বাৰ বাজিছে। এই সময়ত মালিগাঁও বাছ ষ্টপে’জৰ পৰা মোৰ ঘৰ অভিমুখে যাবলৈ কোনো চিটিবাছ পোৱা নাযাব। এনেতে মই আহি থকা দিশৰ পৰা মালিগাঁও চাৰিআলিৰ দিশে আহি থকা অটোৰিক্সা জাতীয় বাহন এখনৰ হে’ড্‌লাইটৰ পোহৰ দেখিলোঁ। আগ পিচ নুগুণি পোনচাটেই ৰখাবলৈ ছিগ্‌নেল দিলোঁ। হঠাৎ কিবা ভাবি পকেটলৈ হাত নিলোঁ। উস্‌ কি দুর্কপাল ! পাঁচটকীয়া মুদ্রা এটাৰ বাদে চোন আৰু একোৱেই নাই ! ইতিমধ্যে অটোৰিক্সাখন মোৰ ওচৰত ৰখালেই। অটোচালকে মূৰটো লাহেকৈ উলিয়াই সুধিলে- দাদা, ক’লৈ যাব?

হে ভগৱান ! মই এতিয়া কি উত্তৰ দিম?

– ক্ষমা কৰিব। এইপিনৰ পৰা মোৰ এজন বন্ধু অটোৰে অহাৰ কথা আছিল, সেয়ে এইখনতে অহা বুলি ৰখাইছিলোঁ।

অতি কম পোহৰৰ মাজতো অটোচালকজনৰ মুখাবয়ৱত মোৰ প্রতি জাগি উঠা বিৰক্তিৰ ছাপ মই ঠিকেই অনুমান কৰিব পাৰিলোঁ। তেওঁ অটোৰিক্সাখনতীব্র বেগে মোৰ ওচৰৰ পৰা আঁতৰাই লৈ গ’ল যেন মোৰ ওপৰত উঠা খঙটো ত্রিচক্রীখনৰ ওপৰতহে জাৰিব।

এতিয়া মই বুজিলোঁ যে খোজকঢ়াৰ বাদে মোৰ আৰু আন গতি নাই। এনেয়ে মোৰ যিহে সাহসী মন, তাতে আকৌ এই নির্জন নিশা। ঠাণ্ডাও বৰকৈ পৰিছে। চৌদিশৰ পৰা নামি অহা ঘন কুঁৱলীৰ আচ্ছাদনখনে যেন পৰিবেশটো অধিক ৰহস্যঘন আৰু জয়াল কৰিছে।

এই মুহূর্তত মোৰ সন্মুখত দুটা পথ। এটা হ’ল- মালিগাঁৱৰ পৰা ঘাইপথৰ কাষে কাষে যোৱা পদপথটো আৰু আনটো হ’ল- মই থকা স্থানৰ পৰা ৰে’লৰ আলিৰ কাষেৰে পূব দিশলৈ যোৱা চ্যাটলগে’ট সংযোগী পথটো। ক্ষন্তেক চিন্তা কৰি মই পিছৰ পথটোৰে যোৱাটোকে ঠিক কৰি খৰ খোজেৰে আগবাঢ়িলোঁ।

০০০০০০০০০০০

বিয়লি দুইমান বজাত মই গোশালা অঞ্চলত থকা মোৰ বন্ধু আকাশৰ ঘৰলৈ গৈছিলোঁ। মোৰ ফাফৰে খোৱা স্কুটাৰখনে শেষ নিশ্বাস ত্যাগ কৰাৰ ক্ষণ গণি থকাৰ বাবে আধা চিটিবাছেৰে আৰু বাকী আধা খোজকাঢ়িয়ে গ’লোঁ। উদ্দেশ্য আছিল বহুদিনৰ মূৰত বন্ধুৰ সৈতে প্রাণ ভৰি আড্ডা দিয়া আৰু পাঞ্জাবৰ মোহালিত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত টি-টুৱেন্টি ক্রিকেট মেচখন একেলগে উপভোগ কৰা।

সন্ধিয়া ৭ বজাৰ পৰা খেল আৰম্ভ হ’ল। অ’ৰ ত’ৰ কথা পাগুলি খেল চাই থাকোঁতেই নিশা ভালেখিনি হ’ল। খেলখনত ভাৰত আঠ উইকেটত শোচনীয়ভাৱে হাৰিল। মনটো সেমেকি গ’ল। মনটো ভাল লগাবলৈ অ’ত ত’ত চেনেল পকাই থাকোতে ৰং চেনেলত মোৰ প্রিয় শিল্পী ৰিছান কাশ্যপৰ গীতৰ অনুষ্ঠান চলি থকা দেখি তাকেই কিছুপৰ চালোঁ। শিল্পীৰ সুৰীয়া গীতেৰে মনটো সজীৱ কৰি লৈ আকাশৰ ঘৰৰ পৰা বিদায় ললোঁ। ৰাতি গভীৰ হোৱাত সি মোক বাৰম্বাৰ আহিবলৈ বাধা দিছিল। কিন্তু মইহে নামানিলোঁ।

০০০০০০০০০০০

এতিয়া মোৰ পৰিকল্পনা অনুসৰি গৈ আছোঁ। এই পথটোৰে চ্যাটলগে’ট পাৰ হৈ ৰে’লৱে হেডকোৱার্টাৰৰ সন্মুখত থকা খটখটীৰে ঘাইপথত উঠি কিছু দূৰ খোজ লৈ কামাখ্যা নার্চাৰীত ৰে’ললাইন পাৰ হৈ মোৰ ৰুম পামগৈ। অলপ দূৰ আগবাঢ়িছোঁহে। এনেতে পিছফালে আহি থকা কাৰোবাৰ খোজৰ মৃদু শব্দত অনুমান হ’ল যে মোৰ পৰা মাথোঁ কেইগজমান দূৰত্বত কোনোবাই মোক অনুসৰণ কৰি আছে। মোৰ সর্বশৰীৰতে এটা হিমশীতল শিঁহৰণে চুই গ’ল। যদি কোনোবা চোৰ ডকাইত হয় ! অৱশ্যে সেইবিধ হ’লে মোৰ পৰানো সি কিডাল নিব? টকা-পইচা বুলিবলৈ চিটিবাছৰ ভাড়ালৈ বুলি থকা পাঁচ টকাৰ বাহিৰে অইন একোকে নাপাব। অৱশ্যে কালিয়ে ১৩০ টকাৰে কিনা ছেকেণ্ডহেণ্ড চাইনিজ মোবাইলটো নথকা নহয়। নিয়ক বাৰু, কোনো আপত্তি নাই। পিছে সেইখিনিত মান্তি নহৈ মোৰ পৈত্রিক সম্পত্তি অমূল্য প্রাণটিও যদি পিস্তলৰ গুলী বা চুৰিৰে হানি খুচি কাঢ়ি নিয়ে… গাটো আকৌ এবাৰ জিকাৰ খাই উঠিল।

উস্‌…… ময়ো যে আৰু কি ! মানুহটো নেদেখকৈয়ে কথাবোৰ পাগুলি আছোঁ। কিজানি তেওঁৰ উদ্দেশ্য তেনে নহয়েই। কথাটো প্রমাণ চাবৰ বাবে মই হঠাতে উত্তৰ দিশে ফালৰি কাটি যোৱা পথ এটিৰে মোৰ গতি পথ সলনি কৰিলোঁ আৰু সেই সুযোগতে পিছপিনে একাষৰীয়াকৈ চাই ললোঁ। ঘিট্‌ মিট্‌ কৰে আন্ধাৰত একো উমান নাপালোঁ। অনুসৰণকাৰীৰ অস্তিত্ব আকৌ এবাৰ অনুভৱ কৰিলোঁ। মনৰ পৰা সাহস নামৰ চৰাইজনীয়ে ইতিমধ্যেই ভুৰুং কৰে উৰা মাৰিলে। তাহানি অসমীয়াৰ ক্লাছত পঢ়া দুলড়ী ছন্দৰ ঘোষা এফাকি কোনোমতে গুণ গুণালোঁ- “মঞি দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ…” য়ো য়ো হানি সিঙৰ ৰেপ্‌ চং মনত ৰাখি অভ্যস্ত হোৱা মগজে ইয়াতকৈ বেছি বেক আপ দিব নোৱাৰিলে।

মোৰ খোজ ক্রমে দ্রুততৰ হৈ আহিছে। ইতিমধ্যে মই মোৰ পদযাত্রাৰ মেপখন সলনি কৰি পেলালোঁ। অনুসৰণকাৰীৰ কবলৰ পৰা সাৰিবলৈ মই ঘাইপথৰ কাষৰ ষ্ট্ৰীট লাইটৰ পোহৰেৰে উদ্ভাসিত পদপথ ব্যৱহাৰ কৰিবলৈ মনস্থ কৰিলোঁ। সেইমতেই মই ৰে’লৱে হাইস্কুলৰ সন্মুখৰ পদপথত উঠিলোঁ। এতিয়াও অনুসৰণকাৰীয়ে মোৰ পিছ এৰা নাই।

পথত হেলজেন লাইটৰ সুতীব্র পোহৰ। মই বেগেৰে আগবাঢ়িছোঁ। অকস্মাৎ শিল এটাত উজুটি খাই পৰাৰ উপক্রম হ’লোঁ যদিও কোনোমতে ভাৰসাম্য ৰক্ষা কৰিলোঁ। ভৰিৰ আঙুলিকেইটা মোচোকা খাই গ’ল। পিছে এই মুহূর্তত উজুটি খোৱাটোও মোৰ বাবে আশীর্বাদ স্বৰূপ হ’ল। উজুটি খোৱাৰ সময়ত আগলৈ হাউলি যাওঁতে আৰু পিছত নিজকে চম্ভালি লোৱাৰ গইনা লৈ পিছফালে চাই অনুসৰণকাৰীৰ মুখখন চোৱাৰ এটা ভদ্রতাসূচক সুযোগ পালোঁ। পিছে সিয়ো বৃথা প্রমাণিত হ’ল। বান্দৰটুপীৰে ঢাক খাই থকা অনুসৰণকাৰীৰ মুখখন চিনাক্ত কৰাৰ কোনো উপায় নাই। এনেতে অনুসৰণকাৰীৰ মাত – অংকিত, ঐ অংকিত !

আৰে, ই কেনেকৈ সম্ভৱ? মোৰ নাম সি কেনেকৈ জানিলে? এইটো কিবা ভূত-চূত নহয়তো ! ভূতৰ ভয়ত মই পুহমহীয়া হাড় কঁপোৱা ঠাণ্ডাৰ মাজতো ঘামিবলৈ ধৰিলোঁ। ছেহ্‌ কি যে দূর্গতি হ’ল আজি মোৰ। মনত পেলাবলৈ চেষ্টা কৰিলোঁ আজি ৰাতিপুৱা প্রথমে মই বা কাৰ মুখ দেখিছিলোঁ ! ধেই, ময়ো যে কি বোৰ ভাবি আছোঁ, পুৱা চকু মোহাৰিয়েচোন আইনাত সদায় নিজৰেই মুখখন চাওঁ।

-অংকিত, ঐ অংকিত !

আকৌ অনুসৰণকাৰীৰ মাত।

উস্‌ এই ভূতডাল আজি মোৰ গাত বাৰুকৈয়ে লম্ভিল। এইবাৰ ‘ইস্ক’ চিনেমাৰ আমিৰ খানৰ দৰে ‘ৰাম নাম’ লৈ পিছপিনে উভটি নোচোৱাকৈ তৰা নৰা ছিঙি দৌৰ দিলোঁ। কিমান পৰ দৌৰিলোঁ নাজানো। কামাখ্যা নার্চাৰী আহি পালোঁ। ৰে’ল লাইন পাৰ হ’ব খুজি দেখোঁ ৰে’ল এখন আহি মোৰ ওচৰ পাওঁ পাওঁ হৈছে। মোৰ পিছে ৰৈ থকাৰ ধৈর্য নাই। আগ পিছ নাচাই এটা ‘লং জাম্প’ মাৰিলোঁ।

ধে-পে-চ……

ৰে’লখনৰ পৰা ঠিকেই বাচিলোঁ যদিও ‘লং জাম্প’টোৰ ছন্দ নিমিলাত ৰে’ল লাইনৰ কাষতে থকা নলাটোত চিতভোলোঙা খাই পৰিলোঁ। মোৰ গাটোৰ দুই তৃতীয়াংশই বর্তমান বোকাৰ সুকোমল পৰশেৰে ধন্য। শৰীৰটোৰ প্রতিটো অংগই যেন মোৰ বিৰুদ্ধে জংগী আন্দোলন ঘোষণা কৰিছে। তথাপি মনত যেন ধুমুহাৰ শেষৰ শান্তিয়ে বিৰাজ কৰিছে। অলপপৰ তেনেকৈয়ে পৰি থাকিলোঁ। ৰে’লখন ইতিমধ্যে পাৰ হ’ল। মোৰ বুকুৰ ধপধপনিটো কোনোমতে বন্ধ হৈছিলহে , এনেতে আকৌ সেই একেই কণ্ঠ – অংকিত, ঐ অংকিত !

এইবাৰ সেই অনুসৰণকাৰী মোৰ একেবাৰে সন্মূখত। মোক নলাৰ পৰা উঠাবলৈ হাতখন আগবঢ়াই দিলে। এইবাৰ মোৰ কল খোৱা ধাতু বাজ হ’ব ধৰোঁতেই আগন্তুকে পিন্ধি থকা বান্দৰ টুপীটো খুলি দিয়াত ভালকৈ চাই দেখিলোঁ সেয়া চোন মোৰেই ৰুমমেট অভিজিৎ। সি কৈ গ’ল – মই মালিগাঁৱত এটা পার্টিলৈ গৈছিলোঁ। উভটিবলৈ বাছ নাপাম বুলি জানিয়ে ভিতৰৰ ৰাস্তাৰে খোজ ললোঁ। তোৰ পিছে পিছেই আহি আছিলোঁ। তোক যেতিয়া ষ্ট্ৰীট লাইটৰ পোহৰত………

পিছৰ কথাবোৰ আৰু মোৰ কাণত নোসোমাল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments