এখন ডায়েৰীৰ ইতিবৃত্ত…… (অনামিকা বৰুৱা)

এখন ডায়েৰীৰ ইতিবৃত্ত……

 

অনামিকা বৰুৱা

(৫)

অনিচ্ছা স্বত্তেও জোনা আৰু মোৰ মাজত কিছু ব্যৱধান আহি পৰিল। স্নাতকোত্তৰৰ জটিল পাঠ্যক্ৰম আৰু অ’ত ত’ত দিয়া আবেদনবোৰৰ বাবে লিখিত পৰীক্ষা, মৌখিক পৰীক্ষা আদিৰ সূচী অনুসৰণ কৰোঁতে মোৰ সময়ৰ টনাটনি হৈছিল। তাৰ পৰাই চাগে জোনা আৰু মোৰ মনৰ দূৰত্বৰ প্ৰথমটো খোজৰ আৰম্ভ হৈছিল। এটা দুটাকৈ লাহে লাহে কিছু কথা বাদ পৰি গৈছিল। আৰু জোনাই লাহে লাহে নিজক লুকুৱাবলৈ আৰম্ভ কৰিছিল ঠিক তেতিয়াৰ পৰাই। বিশ্ববিদ্যালয়ৰ শেষ পৰীক্ষা দি উঠি মই গুৱাহাটীলৈ গ’লো আন এটা ক’ৰ্চৰ কাৰণে। মনে মনে নিজকে প্ৰস্তুত কৰিছিলোঁ মই আই.এ.এচ পৰীক্ষাৰ বাবে। এইক্ষেত্ৰত প্ৰশান্তই সহায় কৰিছিল মোক। এহাতে পৰীক্ষাৰ ব্যস্ততা আনহাতে প্ৰশান্তৰ সান্নিধ্যই মোক আপোন পাহৰা কৰি ৰাখিলে। ক’ব নোৱাৰাকৈয়ে(খেলিমেলি লাগিছে অলপ) নিজক লৈ মগ্ন হৈ গ’লোঁ। তাৰ মাজতে জোনাৰ বিয়াৰ যা-যোগাৰ চলিল। খবৰটো শুনিয়েই মই থত্‌মত্‌ খালোঁ। জোনাৰ বিয়া??? যেন নহ’বলগীয়া কিবা এটাহে হ’বলৈ গৈছে! সকলো পেলাই থৈ চিধাই ঢাপলি মেলিলোঁ ঘৰলৈ। গৈয়েই জোনাক ফেপেৰি পাতি ধৰিলোঁ-

: অই এইবোৰ কি?
: কি কি?
: তই কেনেকৈ বিয়া হ’ব পাৰ?
: কি বলকিছ? কিয় বিয়া নহ’ব মোৰ?
: ধেৎ নহয় অ’ মানে ল’ৰা কোন? ক’ৰ? কোনে চাই দিলে তোক? মইহে তোৰ বিয়াৰ বন্দোৱস্ত কৰি দিয়াৰ কথা আছিল। তই মোক একো নোকোৱাকৈ একো নোসোধাকৈ বিয়াত বহিবলৈ লৈছ যে?
: ল’ৰা নামনিৰ। ভিনদেৱে চাই দিছে। যোৱা তিনিমাহে তোৰ কোনো খা-খবৰ নাই বুলিয়েই ক’ব পাৰি। তই ল’ৰা চাই দিয়ালৈ ৰৈ থাকিলে মই বুঢ়ী হ’ব লাগিব। তোৰ আজিকালি মোৰ কথা ভাবিবলৈ সময়েই নাই। ভীষণ ব্যস্ত তই উন্নতিৰ জখলা বিচৰাত।  বগাবলৈ হ’লে মোক পাহৰিয়ে(পাহৰিয়েই ?) থাকিবি!
: তয়ো এনেকৈ কৈছ! ক’ আৰু। ভুল মোৰেই। সঁচাই অলপ ব্যস্ত হৈ গৈছিলোঁ।  কিন্তু মোৰ কথা বাদ দে। সেইবোৰ সময়ত হৈ থাকিব। তোৰ কথা ক’। তই লগ পাইছনে তেখেতক? দেখিছনে? কথা পাতিছনে? কি কৰে? ক’ত থাকে? তোক বুজিছেনে? তই জানো নিজক দেখুৱাব পাৰিছ? বৰমাহঁতে কি কৈছে?
: বাপ্‌ৰে তইচোন একেবাৰে চি.আই.ডি.য়ে সোধা দি সুধিছ! মই দেখিছোঁ যদিও কথা পতা নাই। সকলোৱে ভাল বুলি কৈছে যেতিয়া ভালেই হ’ব চাগৈ। নামনিত ঘৰ, চাকৰি কৰে দুলীয়াজান অইলত। থাকেও দুলীয়াজানত। মাক-দেউতাক নাই। তিনিজন ককাই-ভাই। এখেত সৰু। মই সিমানখিনিয়ে জানো।
: কিন্তু তোৰ পছন্দ-অপছন্দ বুলিওতো কথা এটা আছে। তেখেতে তোক ক’ত দেখিছিল?
: মোক হেনো বা’ৰ ঘৰলৈ যাওঁতে দেখিছিল। ছোৱালী মানুহৰ পছন্দ-অপছন্দ বুলি একো নাথাকে দিতি। তাতে আমাৰ দৰে অভাৱে খুন্দি থকা সৰু মানুহৰ নিজা ইচ্ছা-অনিচ্ছা বুলি একো নাথাকে।
: তোৰ মন নাই নেকি জোনা? মোক খুলি ক’। মই কথা পাতিম সকলোৰে লগত।
: ইতিমধ্যে কথাবোৰ প্ৰায় ঠিক হৈছেই। মাহঁতে দিন-বাৰ লোৱাৰ কথা আলোচনা কৰিছে।  তই মিছাই ভাবিছ। সকলোৱে ভাল বুলি কৈছে যেতিয়া ইমান ভাবিব লগা নাই দে।
: কিন্তু জোনা, বিয়া মানে গোটেই জীৱনৰ কথা। নজনাকৈ নুবুজাকৈ অচিনাকি মানুহ এজনৰ সৈতে গোটেই জীৱনটো কেনেকৈ পাৰ কৰিবি? অলপ সময় ল। তেওঁকো বুজিবলৈ দে। তয়ো তেওঁক জানিবলৈ বুজিবলৈ সময় পাবি।
: তই দেৰি কৰিলি দিতি আহোঁতে। এতিয়া আৰু কিবা কৰাৰ সময় নাই। তই একো নাভাবিবি। সময়ত সকলো ঠিক হৈ যাব চাগে। বিয়া মানেনো কি? অলপ এৰা ধৰা অলপ বুজা-বুজি। পাৰিম চাগৈ সংসাৰখন গঢ়িব। মোৰতো তেনেকৈ কোনো কথাতে ওজৰ আপত্তি নাথাকেই। তেওঁৰ কিবা থাকিলেও বুজাই ল’ব নোৱাৰিম জানো? প্ৰেম বিবাহ নহ’লে চাই-মেলি ঠিক কৰা বিয়া এনেকুৱাই হয় কিজানি অ’।

মই ঠিক ধৰিব নোৱাৰিলোঁ জোনাৰ মনোভাৱখিনি। এনে লাগিল তাই যেন বাধ্যত পৰিহে বিয়াত বহিবলৈ ৰাজী হৈছে। অথচ তাইৰ ব্যৱহাৰত কোনো খুঁত নাই। স্বাভাৱিকভাৱে কথা কৈছে, হাঁহিছে। আলেঙে আলেঙে লক্ষ্য কৰিলোঁ তাইক। তাই বোধহয় মোক লৈ সচেতন হৈ আছিল। মই থকা কেই দিনতেই এদিন তাইক বিয়া কৰাব খোজা মানুহজন আহিল।

মলয় বৰুৱা। প্ৰায় পাঁচ ফুট পাঁচ ইঞ্চি উচ্চতাৰ মানুহজনক প্ৰথম দেখাতেই বেয়া যেন নালাগিল। চা-চিনাকি হৈ মই তেওঁৰ লগত কথা পতাত লাগিলোঁ। ভালেই লাগিল। অলপ লাজকুৰীয়া যেন লাগিল তেওঁক। নে মোৰ ওলোটা-ওভোতা(??) কথা শুনিয়েই বেচেৰাই লাজত পৰিল তাৰো ঠিক নাই। জোনাকো কাষত বহুৱাই লৈ দুই এটা ধেমেলীয়া কথাৰে তেওঁলোকক সহজ কৰি দিবলৈ চালোঁ। সেইদিনা নিশাটো থাকি পাছদিনা পুৱাতে তেওঁ গ’লগৈ। মই জোনাক ইটো সিটো সুধি ব্যতিব্যস্ত কৰাৰ চেষ্টা কৰিলোঁ যদিও তাইৰ পৰা সঠিক প্ৰত্যুত্তৰ নাপালোঁ। মোৰ ষষ্ঠ ইন্দ্ৰিয়ত কথাটোৱে খুন্দিয়াই থাকিল। সেই সময়ত কিয় যে দীপৰ কথা মনলৈ নাহিল! মোৰ পিছতেই জোনাই দীপক সকলো কথা খুলি কৈছিল। তাক সোধা হ’লেও মই সকলো গম পালোঁ হয়, কিন্তু ভুল কৰিলোঁ মই। মোৰ এই এটা ভুলেই জোনাৰ জীৱনলৈ অভিশাপ নমাই আনিলে। চিৰদিনৰ কাৰণে জোনা আৰু মোৰ মাজত এখন অদৃশ্য দেৱাল গঢ় লৈ উঠিল। হেৰাই গ’ল জোনা মোৰ জীৱনৰ পৰা। নে মই এৰি দিলোঁ তাইক তিল তিলকৈ মৰিবলৈ? তাইৰ মুখলৈ নাচাই তাইৰ চকুলৈ চোৱাহ’লে? কিহে পাইছিল মোক?

*****************
পাগলীৰ দৰে কান্দিছোঁ আৰু কান্দিছোঁ। কোনেও সান্ত্বনা দিয়াৰ চেষ্টা কৰা নাই মোক। শেষত উশাহ ল’ব নোৱাৰা যেন দেখি প্ৰশান্তই সাৱটি ধৰিলে মোক। দুহাতেৰে চকুৰ পানী মচি দিলে মোৰ। প্ৰশান্তক পাই মোৰ শোক আকৌ উথলি উঠিল। কিবা এটা ক’ব খুজিও ক’ব নোৱাৰিলোঁ। খং নে ক্ষোভ নে আক্ৰোশত ডায়েৰীখন দূৰলৈ দলিয়াই দিলোঁ। প্ৰশান্তই জোৰ কৰি শুৱাবলৈ চেষ্টা কৰিলে মোক।

দহা-কাজ শেষ কৰি আমি উভতি আহিলোঁ আমাৰ কৰ্মক্ষেত্ৰলৈ। কান্দোঁতে কান্দোঁতে মোৰ চকুৰ গুৰি ক’লা পৰি গৈছে। এতিয়াও স্থিৰ হ’ব পৰা নাই মই। মোৰ মানসিক অৱস্থা দেখি প্ৰশান্তই নিজেই আৰু দুদিনমান ছুটি বঢ়াই দিলে। উকা হৈ গৈছে মোৰ মন-মস্তিষ্ক। ধাৰণাৰ বাহিৰ হৈ গৈছে পৃথিৱী। মোৰ কণমানিটোৱেও চাগে মোৰ মনৰ যাতনাখিনি বুজি পাইছে। এইকেইদিন সিও বৰকৈ আমনি নাই কৰা। শান্ত-শিষ্ট হৈ খাইছে, শুইছে। স্কুলৰ পৰা আহিও বৰকৈ চিঞৰ বাখৰ নাই কৰা। তাৰ মেঘালী পেহীয়েকে যি কৈছে তাকেই মানি লৈছে। তাক দেখি জিত্‌ আৰু মিতুলৈ মনত পৰি বুকুখন আকৌ বিষাই উঠিল।

উকা আকাশলৈ চাই চাই এনেই বহি আছিলোঁ চাঁদত। সন্ধ্যা নামি আহিছে ধৰাৰ বুকুলৈ। ঘৰমুৱা পখীৰ জাকে আকাশ ছানি ধৰিছে। এনেকৈ ঘৰমুৱা বগলীৰ জাক দেখি সৰুতে আমি গাইছিলোঁ-

বগলী বগা ফোঁট দি যা
বগলী বগা ফোঁট দি যা

গাই উঠি হাতৰ নখকেইটা খৰধৰকৈ চাওঁ নখত বগা ফোঁট পৰিল নেকি! ক’ৰ পৰা পৰে নাজানোঁ, নখত কিবা এটা চিন দেখা পালেই হুলস্থুল লগাই দিওঁ মোক দিলে চা! সঁচা? চাওঁ চাওঁ বুলি আটাইকেইটা ল’ৰি আহে বগলীয়ে ফোঁট দি যোৱা চাবলৈ। শৈশৱৰ নিৰ্মল ধেমালিয়ে জুৰাই তোলে  জীৱন। সৰু হৈ থকা হ’লেই ভাল আছিল।  কিয় বয়স বাঢ়ে? কিয় ডাঙৰ হ’লোঁ? কিয় জটিলতাই গ্ৰাস কৰে জীৱনৰ সহজ ক্ষণ? মৰুদ্যানৰ সন্ধানত মৰীচিকা খেদে মনে অজানিতে।  তথাপিও জীৱন আগবাঢ়ে এনেকৈয়ে…
(ক্ৰমশঃ)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক