এঞ্জেল ৰিটাৰ্ণছ (“আই এছ এলত এনেকুৱাও হয়নে”ৰ দ্বিতীয় খণ্ড) (নিলোৎপল শর্মা)

anjel returnsৰাইজৰ বাৰু এঞ্জেললৈ মনত আছেনে ? নাই চাগে ! ক’তনো থাকিব ! এঞ্জেলতো আৰু প্ৰীতি জিন্টা নহয় যে বহুত দিনৰ মূৰত ভোটোংকৈ ওলালেও মনত পৰি যাব । নাথাকিলেও নাই…মোৰনো কি ! এনেই সুধি চালো হে ! মোৰ কিন্তু মনত আছে আৰু দস্তোৰমত থাকিবও । হেইয়া…! ভাবিছিলোৱে । কোন এঞ্জেল বুলি যে নুসুধাকৈ থাকিব নোৱাৰে, ভাবিছিলোৱে…! বৰ দিগদাৰ দেই, আনৰ কথাৰ ভাগ ল’বলৈ খুব ভাল পায় ন’ !! মই যদি নিজে ক’ব ওলালো হয় তেতিয়া কথাটো বেলেগ । কি যে হ’ব…!! আচ্ছা, ঠিক আছে,সুধিলেই যেতিয়া কওঁ- সেই যে “আই এছ এল”ত ভাগিনক কোলাত লৈ খেল চাবলৈ সুযোগ পাইছিলো, বোলো হয়….! সেই এঞ্জেলৰ কথাকে কৈছো । আপোনালোকে চাগে ভাবিছে ইয়াৰ আকৌ আজি হঠাৎ এঞ্জেললৈ মনত পৰিল কিয়…!! পিছে খাতাং খিতিং কৈ থওঁ, এঞ্জেললৈ মোৰ এনেই মনত পৰা নাই । আজি ‘ভেলেন্টাইন ডে’ নহয় নেকি । ৰাস্তাই ঘাটে কিমান এঞ্জেলে এইটো দিনত পিয়াপি দি ফুৰিছে, সেইবোৰ দেখিলে মোৰো এঞ্জেললৈ মনত নপৰাকৈ থাকিব পাৰে জানো !!
কিছুবছৰ আগৰ কথা, সেইবছৰ ‘ভেলেন্টাইন ডে’ৰ কেইদিন মান আগতে এঞ্জেলৰ লগত ফোনত কথা পাতি থাকোতেই হঠাৎ ‘ডাবৰ হানি’, ‘ডাবৰ হানি’ গোন্ধ এটা পালোঁ, এনে লাগিল যেন এঞ্জেলৰ মুখৰ পৰা এসোপামান মৌ সৰসৰাই ওলাইছে আৰু সেইসোপা ফোনটোৰ মাজেৰে বৈ আহি মোৰ কাণত সোমাইছেহি । লগে লগেই বুজিলো যে এঞ্জেলৰ মাত্ৰাধিক মৌবৰষা মাত ওলাল মানেই পাৰ্চত থকা গান্ধীকেইটাৰ ওলাই যোৱাৰ সময় হ’ল । তাকে নকৰিলেই ফেনে ফুটুকাৰে ওফন্দি উঠিব বৰলুইত । ড’ন্ট আৰ্ণ্ডাৰেষ্টিমেট দ্যা পাৱাৰ অৱ হাৰ ওফন্দা মুখ । তাতকৈ সকলোখিনি ঢালি বাকি উলিয়াই দি, পাৰ্চত খুচুৰা পইচা লৈ ফুৰাই ভাল !
ষষ্ঠ ইন্দ্ৰীয় সাৱধান হৈ পৰিল এইবাৰ বা আকৌ কি ! এইবাৰ ব্লুটুথ হেডফোন । আচলতে সেইখিনি সময় অসমৰ চুকে কোণে ব্লুটুথ হেডফোন সোমাই পৰিছেতো সেইকাৰণেই এটা নিজৰ কাণতো লগাই চাব মন গৈছে চাগৈ । আপোনালোকে চাগে ভাবিছে তাই যি দেখে তাকেই লাগে ধৰণৰ ছোৱালী । কিন্তু এইবাৰো আপোনালোকৰ ধাৰণা ভুল । আমাৰ তাই তেনেকুৱা একদমেই নহয় ।
তাই মোক কি ক’লে জানে- “জানানে জান, মোৰ লগৰ যে পম্পী, তাইক দূৰ্গাপূজাত এইবাৰ বয়ফ্ৰেণ্ডে ব্লুটুথ হেডফোন এটা দিলে । ইচ্ কি যে ওষ্টাদি ওষ্টাদি কথা তাইৰ সেইডাল কাণত লগাই লৈ । মই কেতিয়াবা তোমালৈ ফোন কৰা তাই যদি দেখে মোৰ ফালে যিহে চাৱনি দিয়ে । ইমান ঠাট্টা মাৰি হাঁহে নহয় । দেতাক ক’লো, দেতাই আকৌ গালি হে পাৰিলে জানানে ! ক’লে- এনেই দুটা মাহে দৰমহা নাই, কি যে ফটুৱা বস্তুবোৰ বিচাৰি থাক নহয় । ইফালে আকৌ ৰিজাল্ট কৰিছ সেইখন…
এই দেতাতোও মানে একদম একো নুবুজে । চব কথাতে মোৰ ৰিজাল্টটোক নাটানিলে কথাই ক’ব নোৱাৰে । খঙেই উঠি যায় কেতিয়াবা ।“

“নকৰনো কিয় খং তেন্তে…হেৰৌ, বাপেৰৰ দৰমহাৰ, বাপেৰৰ পইচাৰ চিন্তা খুব কৰ… মোৰ পাৰ্চটো কি ৰিজাৰ্ভ বেংক নেকি হা…”
আপোনালোকে কি মই তাইক এনেকৈ কৈছোঁ বুলি ভাবিছে নেকি…?? কিয় কম…? কিয় কম হে…? কৃষ্ণ.. কৃষ্ণ.. এনে কথা কোৱাও পাপ, ভাবাও পাপ দেই…ইচ ইচ ইচ…আৰু কেতিয়াবা ভাবিলেও মনে মনে ভাবিব লাগে…।
মোৰ তেতিয়া চাকৰি বাকৰি নাই, আৰু তেনেকুৱা অৱস্থাত কলিজা ডাঠ জনেহে লগত এঞ্জেল লৈ ঘুৰিব পাৰে । মইতো ঘুৰাই নহয়, ধুনীয়াকৈ মেনেজো কৰি গৈছোঁ । এই ধৰক ব্লুটুথ হেডফোনটো তাই বিচাৰি দিলে । আইদিয়া এটা কৰি সেইটোৰ দামটো কিমান হ’ব পাৰে উলিয়াই ল’লো, বুজিলো পাৰ্চত থকা কেইটাৰে নহ’বগৈ । তেতিয়া এইবিধ কৰ্ণ অলংকাৰ চৌখিন জনেহে পিন্ধে । কি কৰা যায়, ইফালে আকৌ ‘ভেলেন্টাইন ডে’ৰ খৰচটোও আছে । মই এঞ্জেলক ক’লো- “চোৱা মই আকৌ বেলেগ এটা কথাহে ভাবিছো, ভেলেন্টাইন ডে টো চবেই চেলিব্ৰেট কৰে, তাতকৈ আমি আমাৰ এনিভাৰ্চেৰীটো চেলেব্ৰেট কৰিম । ধুনীয়াকৈ, ডাঙৰকৈ…। ভেলেন্টাইন ডে টো আৰু কমন ফেষ্টিভেল দিয়াচোন ।”
কথাটো শুনি তাই যে ইমান ভাল পালে নহয়…..!! হেইয়া, কিয় ইমান চকুচৰহা হে আপোনালোক…কিয় খং কৰিব আকৌ তাই ! তাই কথাটো শুনি সঁচাকৈয়ে ভাল পালে, তাই বুজা ছোৱালী, মই কিবা এটা কথা এবাৰ ক’লেই তাই বুজি পায় ।
তাই মোক কি ক’লে জানে ? ক’লে- “সঁচা… আমাৰ এনিভাৰ্চেৰীটো সঁচাকৈ ডাঙৰকৈ চেলিব্ৰেট কৰিবা… অ’, ওৱাও… মজা হ’ব.. এতিয়াই কৈ থৈছো, মোক কিন্তু তেতিয়া ধুনীয়া এন্ড্ৰইড ফোন এটা দিব লাগিব…আজিকালি বহুতেই লৈছে, তোমাৰ লগত কথা পাতিবলৈ কিমান যে ভাল লাগিব তেতিয়া….”

মই বোলো- “হেৰি নহয়, তোমাৰ দুবাৰ ৰিজাল্ট বেয়া হৈছে, হেডফোন লগালে কালিলৈকে যদি পম্পীয়ে হাঁহি দিয়ে ! আকৌ দেতাই দেখিলেতো কথাই শেষ । তাতকৈ এইবাৰ পৰীক্ষাটো দি লোৱা, কেইদিননো আছে পৰীক্ষালৈ, তাৰ পিছত মই ধুনীয়া হেডফোন এটা দিম… হ’ব…??”
তই চাওঁক কিমান নিৰ্জু ছোৱালী… আনে হোৱা হ’লে খঙত গৰজি উঠিল হয়, কিন্তু তাই গৰজি উঠাতো দূৰৈৰ কথা কান্দিহে দিলে । কান্দি কান্দি ক’লে- “মোক কোনেও নুবুজে, কিবা এটা বিচাৰিলেই চবেই মোৰ ৰিজাল্টটোকে পাই…! ৰিজাল্ট কিবা অকলে মোৰহে বেয়া হৈছে নেকি…!! নালাগে, নালাগে কোনেও একো দিব নালাগে মোক…! মই মৰি যোৱাই ভাল… এনেই চবৰে বোজাহে হৈছো মই…!”

মই কিন্তু বুজিলো, আজে বাজে কথাত আৰু মূৰ মাৰি থাকি লাভ নহ’ব, হেডফোনটো কেনেকৈ কিনিব পাৰি চিন্তা কৰাহে ভাল হ’ব । ঘৰত বিচাৰিয়ে দিও নেকি টকা দুটামান… পিছে, হঠাৎ এছ্ ছান্দলৈ মনত পৰিল… সেই যে কিতাপৰ প্ৰকাশন গোষ্ঠী “এছ চাণ্ড এণ্ড কম্পেনী লিমিটেড”..। টেবুলখনত ইঞ্জিনীয়াৰিঙৰ কিতাপে দম হৈ আছে, দাটাবেছ মেনজমেন্ট চিষ্টেমৰ তিনিখন কিতাপ আছে, ধুৰ তিনিখন কিতাপ কিয় লাগে, চবতেইতো নৰ্মেলাইজচন একে কেইটাই, ইঞ্জীনিয়াৰিং মেথেমেটিকছো দুখন আছে, দুয়োখনতেইতো একেই ইন্টিগ্ৰেচন, একেই প্ৰেবেবিলিটি, এখন নিজে কিনিছিলো এখন পিছত কলেজৰ পৰা দিছিল…মুঠতে কিতাপৰ পৰা মোটামুটি পাঁচশ মান ওলাব, পুৰণি ট্ৰিবিউনৰ দমটোৰ পৰাও তিনিশমান আহি যাব…।।

মুঠতে শেষত কিবা কিবিকৈ মেনেজ হ’ল…। অশেষ বিচাৰ খুচাৰ কৰি, লিৰিকি বিদাৰি চাই, পুংখানোপুংখকৈ এক্কেবাৰে আঁতিগুৰি মাৰি শেষত কিতাপ, পেপাৰ, দেউতাৰ দৰমহা আদিৰ সন্মিলিত প্ৰচেষ্টাত ব্লুটুথ হেডফোন এটাৰ গৰাকী হ’লো, খন্তেকৰ বাবে হ’লেও হওঁক, কিন্তু গৰাকী হ’লো আৰু…।

ফাইনেলি, ভেলেন্টাইন ডেও পালেহি । সেইদিনা এঞ্জেলৰ কথামতেই মন্দিৰ দৰ্শন কৰিলোগৈ । ভাবিছে চাগে, এঞ্জেল সাংঘাটিক ধাৰ্মিক, লগতে মইও । পিছে কৈ থওঁ- মই সিমান নহয়, কিন্তু এঞ্জেল…বাপৰে, সাংঘাটিক ধাৰ্মিক । তাইতো কৈয়ে দিছিল- পাৰ্ক ৰেষ্টুৰেন্টততো চবেই যায়, কিন্তু মন্দিৰৰ শিলবোৰৰ ফাকে ফাকে প্ৰেম কৰিবলৈকো অন্তৰত ভক্তি লাগে । দেখিছে তাই কিমান দকৈ কথাবোৰ ভাবিব পাৰে । কিমান গূঢ়াৰ্থ থাকে তাই কোৱা কথাবোৰৰ । মন্দিৰ গৈ পাইয়ে তাই লৰালৰিকৈ নিজেতো সেৱা কৰিলেই, মই দিয়া ভেলেন্টাইন ডে গিফ্টটোকো মানে হেডফোনটোকো মন্দিৰৰ পুৰোহিতৰ হতোৱাই ফুল নিৰ্মালি দি পূজা কৰালে । দেখিছে, মই দিয়া গিফ্টটোলৈ কেনেকুৱা আগ্ৰহ । ইয়াতেই প্ৰমাণ হয় মই দিয়া একোটা সৰু গিফ্টৰো তাইৰ জীৱনত মূল্য কিমান আছে । চকুচৰহা মখাই জ্বলি মৰিলেও লাভ নাই । মোৰ দৰে কঁপাল সকলোৰে নাথাকে । ভেলেন্টাইন ডেটো সুন্দৰকৈ পাৰ কৰিলো ।
হওঁক দিয়ক, যেনেকেই নহওঁক মই যে তাই বিচৰা বস্তুটো দিব পাৰিলোগৈ । পিছে, এন্ড্ৰইড ফোন এটাৰ কথাও কৈছিল নহয়, পাৰ্চটো খুলি চালো, কেইটামান দহটকীয়া আৰু দুখ ভাগৰত কোচমচ খাই পৰি থকা পঞ্চাশটকীয়া এটা । এহ্ বাদ দিয়া, এনিৰ্ভাচেৰীলৈ এতিয়াও সাত মাহ বাকী আছে । কিবা এটা কৰিব লাগিব । একো নহ’লেগৈ ঘৰৰ পৰা লম আৰু ।
পিছে এইবাৰ চিন্তা কৰাৰ পাল তাইৰ পৰীক্ষাকলৈহে । চেহ্ কি বা কৰে । আগৰ দুবাৰ ৰিজাল্ট বেয়া কৰিছে । দেউতাকেতো তাইক কৈয়ে দিছে- “এইবাৰ বেয়া হলে তই ঘৰলৈয়ে নাহিবি ।”
সোমাব নিদিলে তাই আকৌ আহি মোৰ তাত সোমাবহি নেকি…!!
হেই… চব কথা আপোনালোকে আগতেই ভাবি লয় কিয় হে…মই কৈ আছোঁতো…অমংগলীয়া কথাবোৰ কিয় ইমানকৈ চিন্তা কৰে হয়নে…!
মই এইবোৰ একো ভাবা নাই, তাই এইবাৰ পাছ কৰিবই হে… এতিয়ালৈকে পঢ়া-শুনা ইমানকৈ কৰা নাই, নাই পঢ়া যদিও পঢ়িব আৰু । মুঠতে পাছ কৰি ওলাই যাব লাগে এইবাৰ…!! ধেই লাগে নহয়, এইবাৰ পাছ কৰিবই । এনেও তাইৰ ব্ৰেইনটো ভাল, অলপ পঢ়িলেই হ’ব । পাছো কৰিব, বাপেকে ঘৰত সোমাবও দিব ।

পৰীক্ষা হৈ গ’ল, ৰিজাল্ট দিয়াৰ দিনাহে মোৰ শান্তি নাই, তিনিদিন মানৰ পৰা তাইৰ ৰিজাল্ট বেয়া হ’ল বুলি সপোন দেখিছো, মনটো মাৰি দিয়ে বুলিয়ে তাইক কিন্তু কোৱা নাই । দুপৰীয়া সময়ত তাইৰ ফোন আহিল । মোৰ ব্লাডপ্ৰেচাৰ বাঢ়ি গৈছে । ৰিচিভ কৰাৰ লগে লগে তাই চিঞৰি উঠিল । তাই পাছ… পাছ মানে একেবাৰে ফ্ৰাৰ্ষ্ট ক্লাছ…!! । মই ক’লো- “হেই হ’বই নোৱাৰে ।” খঙত লগে লগে তাই ফোনটো কাটি দিলে । ধেইত্… কি যে ওলাই যায়, শ্লিপ অৱ টাং…। মোৰোনো কি দোষ কওঁকছোন… খবৰতোৱে তেনেকুৱা…
পিছত বহু বুজনিৰ মূৰত তাইৰ উষ্ণতা স্বভাৱিক অৱস্থালৈ ঘুৰাই আনিলো, লগতে এইটোও গম পালো যে তাই কোৱাতোৱে সঁচা, দুবছৰ ৰিজাল্ট বেয়া হোৱাৰ পিছতো হাৰ নামানিলে আৰু এইবাৰ এঞ্জেলে সকলোৱে চক খোৱাকৈ ফাটাফাটি ৰিজাল্ট কৰি দেখুৱালে ।

মই সেই সময়ত কিমান হেপ্পী নুবুজালেও হ’ব চাগৈ । কি…? কি ক’লে…? আৰে অ’.. অ’… তাই সঁচাকৈয়ে পাছ কৰিছে, ফ্ৰৰ্ষ্ট ক্লাছো পাইছে । হে হৰি…!! ইমান পৰে যে দুবছৰ ফেইল বুলি কৈ আছিলো সেইটোচোন একেবাৰতে বিশ্বাস কৰিছিল..! পাছ বুলি ক’লোতো, দহবাৰ শুনিলেহে বিশ্বাস কৰিব মানে !! এতিয়া আৰু চৰ্টিফিকেটখন দেখুৱালেহে হ’ব… আপোনালোকো যে আৰু…।
আৰু এনেও তেৰাই পৰীক্ষা ৰিজাল্ট ফালি দিয়াৰ পিছতে মোৰো কঁপালখন দুফাল কৰিছিল নহয় । সেই যে অজুহাতবোৰ… “তুমি শকত হৈছা”, “ক’লা পৰিছা”… “মোক আজিকালি তুমি অলপো নুবুজা”…ইত্যাদি ইত্যাদি…। এই শক্তিশালী সংলাপবোৰ তেতিয়াৰ পৰাই লাহে লাহে আৰম্ভ হৈছিল । ইফালে তেৰাই আকৌ মোৰ ফেচবুকৰ পাছৱৰ্ডো জানিছিল, মইও জানিছিলো । হাও সেইখিনি সময়ৰ কথাই বেলেগ আছিল…মইয়ে স্বৰ্গ, মইয়ে ধৰ্ম, মইয়ে পৰমং তপঃ । যেন মোক মাটিত থলে পৰুৱাই খাব, মূৰত থলে ওকনিয়ে খাব, ক’ত থব চিন্তাতে মৰিছিল । সেইকাৰণে মই যাতে মোৰ ফেচবুক একাউন্টত আন কোনো সন্দেহজনক প্ৰিঞ্চেচৰ লগত আপত্তিজনক বৈঠকত মিলত হ’ব নোৱাৰো তাৰ কাৰণে চি বি আইৰ এঞ্জেল শাখাৰ চেকিং চলিছিল প্ৰায়ে । তেতিয়া মোৰ একাউন্টটোক লৈ স্বয়ং জোকাৰবাৰ্গো নিচিন্ত আছিল যে মোৰ একাউন্টৰ পৰা কোনো কম্প্লেইন নাহে । মুঠতে মোকলৈ বিৰাট চিন্তা । পিছলৈ যেনিবা নিজে খন্দা গাতত নিজেই সোমাই মৰিল । এদিনহে মই তাইৰ একাউন্টটো চাদেন ভিজিত এটা দিলো…যি দেখিলো, জয় হনোমান, জয় হনোমান বুলি তিনিবাৰ নামলৈ কিমান দিনলৈ যে ফেচবুক বুলিলেই ভয় খোৱা হ’লো । কেৱল মনত ৰৈ গ’ল কেইটামান নাম…জোনাক শুভ্ৰজিত বৰুৱা, নিলিম কুণ্ডন ভট্টাচাৰ্য, পৰিক্ষীত মধুকল্য…. এনেকুৱা মুঠতে আঠটামান আছিল নেকি…!! গোটেইবোৰক এতিয়া মনত নাই ।

বাৰু যিয়েই নহওঁক, মোৰ লগত কানেকচন দি এণ্ড হোৱাৰ পিছত বহুত দিনলৈ একো খবৰ নাপাও । যিকেইদিন তাইৰ লগত থাকিলো ভালেৰেই থাকিলো, মাহীৰ ছোৱালীৰ পৰা নোটছ অলপ জেৰক্স কৰি সেইবোৰো পঢ়িবলৈ বাধ্য কৰালো, মোৰ কথা শুনি পঢ়িলে কাৰণেই সেইবাৰ পাছো কৰিলে । এইয়াই সম্ভৱ মোৰ ভালপোৱাৰ সফলতা । ইমানৰ পিছত এটা কথাকে বুজিলো সঁচা ভালপোৱাই সকলো কামকেই সম্ভৱ কৰি তোলে । মোৰ প্ৰতি থকা মৰমৰ বাবেই মোৰ কথা পেলাব নোৱাৰি মই দিয়া নোটছখিনিৰ সদব্যৱহাৰ কৰিলে । নকৰিবনো কিয়, হেডফোনটোকে যদি মন্দিৰত পূজা কৰাইহে গ্ৰহণ কৰে তেন্তে নোটছবোৰ জানো দলিয়াই পেলাব পাৰে । মুঠতে মোৰ দীৰ্ঘদিনীয়া ৰিলেচনটোৰ এইটোৱে সুখৰ কথা যে মই নেৰানেপেৰাকৈ লাগি থকা আৰু নোটছ যোগাৰ কৰি দিয়াকে আদি কৰি তাইৰ কাৰণে কৰা কষ্টখিনিৰ ফলতেই দুটা বছৰে পাছ কৰিব নোৱাৰাকৈ থকা বাধাতো আঁতৰি গৈছিল, কেৱল আঁতৰাই নহয় চকিং ৰকিং ৰিজাল্টো কৰি দেখুৱাইছিল ।

পিছে যোৱা বছৰ ভেলেন্টাইন ডেৰ দিনা তাইৰ এটা মেছেজ আহিছিল । মেছেজটোত লিখা আছিল – “মই জানো, মই বহুত ভুল কৰিলো, তুমি মোৰ পৰীক্ষাৰ বাবে বহুত কষ্ট কৰি দিলা অথচ তোমাক মই ধন্যবাদ এটাই দিয়া নহ’ল । তোমাৰ এই সহায় মই কেতিয়াও নাপাহৰো, কিন্তু সহায় এটা বেলেগ বস্তু আৰু সম্পৰ্কও এটা বেলেগ বস্তু । সেয়ে মই আঁতৰি আহিলো । মোক ক্ষমা কৰি দিবা নিকু…।”
মেছেজটো দেখি মোৰ আৰু ক’তনো খং উঠিব, নাই উঠা । পিছে ভাবিলো মোক জানো তাই নিকু বুলি মাতিছিল কেতিয়াবা…!!! জান…, সোণ, দেহা, হানি, চুইটহাৰ্ট….নাহ্…নাই মাতা…কোনোদিন মোক নিকু বুলি নাই মাতা…তাৰমানে তাই মোৰ নামটোও পাহৰিলে নেকি…!! নে এইটো মেছেজ বেলেগলৈ পঠিয়াইছিল ! কিন্তু বেলেগলৈওনো কেনেকে পঠিয়াব ! কাৰণ মেছেজটোতচোন মই তাইক পৰীক্ষাত কৰা সহায়খিনিৰ কথাই লিখিছে । ধেই, বৰ কনফিউজ দেই, হেৰৌ ঘৰত মা-বেহেন….অহ্ নহয়, ঘৰত গিৰিয়েৰ-কেঁচুৱা নাই নেকি যে পুৰণা এলবামবোৰ খুচৰি আছ…মোকনো মেছেজটো দিলি কিয়…!

ইমান কনফিউজ লোড ল’ব নোৱাৰি…লগে লগে তাইৰ বান্ধৱী ৰিমিক ফোন কৰিলো আৰু সুধিলো- ৰিমি এই নিকু কোন অ’…তাইৰ গিৰিয়েকৰ নামছোন কিবা অনিৰ্বান নে নিবাৰণ এনেকুৱাহে কিবা এটা আছিল !!
ৰিমিয়ে ক’লে- তুমি নিকুৰ কথা নাজানাই নেকি…?
মই বোলো – নাজানো !
ৰিমিয়ে ক’লে- ধেই, তুমিও যে মানুহ আৰু…! নিকুৰ কাৰণেইতো তাই দুবছৰৰ মূৰত বি এ ফাইনেলটো পাছ কৰিছিলগৈ ।
মই বোলো- হেই কি কোৱা অ’… তাইকচোন পৰীক্ষাত মইহে…

:অ’… তুমি তাৰমানে কথাবোৰ গমেই নোপোৱা ?

মই বোলো – নাপাওঁ, কি কথানো…?

ৰিমিয়ে কৈ গ’ল–“নিকুৱে তাইক ব্লুটুথ হেডফোন এটা দিছিল, পৰীক্ষা হলত তাই সেইটো কাণত পিন্ধি যায়, চুলিবোৰেদি সেইটো ঢাকি লয় আৰু লগতে স্কাৰ্ফ বা ষ্টল জাতীয় পাতল কাপোৰ এখনেৰেও মূৰটো ঢাকি লয়…কোনোবাই সুধিলে কয় তাইৰ হেনো অলপ টনছিল প্ৰব্লেম হৈ আছে, ঠাণ্ডা লগাব নোৱাৰে…। গতিকে কোনেও একো নাভাবেও…। ইফালে তাই ফুচফুচাই প্ৰশ্নটো কৈ দিয়ে, সিফালে নিকুৱে ঘৰত বহিয়ে তাইক কৈ গৈ থাকে আৰু তাই লিখি যায়… নিকুৰ ওচৰত বোলে তাৰ মাহীয়েকৰ জীয়েকৰ নোটছ অলপ আছে , তাৰ পৰা চাই চাই সি তাইক কৈ থাকে । আমাৰ লগৰ যে পম্পী…তাইও তেনেকুৱাই কৰে পৰীক্ষা হলে…।”

মোৰ সেই সময়ত অৱস্থা কি হ’ব…বুজিব পাৰিছেই নিশ্চয়…!! লগে লগেই ফ্লেচবেক— এছ ছান্দৰ কিতাপ কেইখন, পুৰণা আছাম ট্ৰবিউণৰ ওখ দমটো, ডাঙৰ ব্লুটুথ হেডফোন বেয়া লাগে বুলি কোৱা কাৰণে বহুত বিচাৰি বিচাৰি দিয়া কলা ৰঙৰ সৰু অকণমানি হেডফোনটো, মন্দিৰত সেইটোক কিয় পূজা কৰাইছিল সেইয়াও বুজি উঠিলো… মাহীৰ ছোৱালীৰ জেৰক্স কৰা নোটছবোৰ… আৰু সেইবোৰকে চাল্লা চাই চাই এই নিকুৱে…!! কিন্তু এই নিকু কোন…?? মইতো কেতিয়াও তাইৰ মুখত নিকুৰ নাম শুনা নাছিলো…! তেন্তে কোন এইজন ভদ্ৰলোক নিকু…?
মই বোলো – ৰিমি, এটা কথা কোৱাচোন..এই নিকু কোননো..?

: নিকু আচলতে তাই মৰমতে মাতা নাম, তাৰ আচল নাম- নিলিম কুণ্ডন… নিলিম কুণ্ডন ভট্টাচাৰ্য…। চমুকৈ নিকু…! তাইৰ এক্স আকৌ…

অত্ টেৰি… সিও তাৰমানে এক্স হে…! হেই.. সি কি হয় সেইটো বাদ, মই নিজে কি !! মই দেখুন তেন্তে ওৱাই বা জেড্ হে হমগৈ…বুজিলো, এইজন সেইজনেই যি জনক মই তাইৰ ফেচবুক একাউন্টটো চাদেন ভিজিত দিওতে দেখিছিল– “কাজল ল’লে তোমাক তামাম লাগে” বুলি এইজন ভদ্ৰলোকেই কৈছিল…ঠিকেই…।

কিন্তু হেডফোনটো ?? সেইটো আজিকালি তাই ব্যৱহাৰ কৰে নে কেঁচুৱাটোক খেলিবলৈ দিয়ে…নাজানো । কিন্তু ভেলেন্টাইন ডে আহিলেই মোৰ তালৈ বৰকৈ মনত পৰে…

আজি হেডফোনটোৰ পঞ্চমটো জন্মদিন । এইদিনটোত তোমাক সেমেকা চকুৰে সোঁৱৰিছোঁ…। তুমি যতেই আছা, যি কণ্ডিচনতেই আছা, সুখ আৰু শান্তিৰে এনেকৈয়ে মাথো যুগে যুগে চাৰ্ভিছ দি থাকা….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments