অসমীয়া আখৰ-জোঁটনি (পৰিশিষ্ট :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা)



অসমীয়া ভাষাৰ ৰূপতত্ত্বঃ লীলাৱতী শইকীয়া বৰাঃ পৰিশিষ্ট

পৰিশিষ্ট

অসমীয়া আখৰ-জোঁটনিৰ ঐতিহাসিক পৰ্যালোচনা

পৃথিৱীৰ প্ৰায় সকলো জীৱিত আৰু লিখিত ভাষাৰে আখৰ-জোঁটনিৰ সমস্যা আছে। কিন্তু যিবিলাক ভাষাৰ ধ্বনিগত বৰ্ণ-লিপি (Phonetic alphabet) আছে অৰ্থাৎ যি ভাষাত প্ৰতিটো আখৰেই একোটা বিশিষ্ট ধ্বনি, তেনে ভাষাত আখৰ-জোঁটনিৰ সমস্যা তুলনামূলক ভাৱে তেনেই নগণ্য বুলিব পাৰি। কিয়নো তেনে ভাষাত উচ্চাৰিত ধ্বনি আৰু আখৰৰ মাজত কোনো পাৰ্থক্য নাই; যিটো ধ্বনি যেনেদৰে উচ্চাৰিত হয়, লেখাতো সেই একে ধ্বনি প্ৰতীককে ব্যৱহাৰ কৰা হয়। সংস্কৃত এনে এটা ধ্বনিগত বৰ্ণলিপি থকা ভাষা। অসমীয়া বৰ্ণমালা সংস্কৃত বৰ্ণমালাত আৰ্হিত তৈয়াৰ কৰা হৈছে যদিও এই বৰ্ণমালা সম্পূৰ্ণভৱে ধ্বনিগত বা উচ্চাৰণগত নহয়। কিছুমান ধ্বনি উচ্চাৰণ কৰা হয় এক ধৰণে আৰু লেখা হয় এক ধৰণে। উদাহৰণ স্বৰূপে, অসমীয়াত হ্ৰস্ব-দীৰ্ঘ উচ্চাৰণৰ মাজত কোনো পাৰ্থক্য নাই। কিন্তু লিখোঁতে এই পাৰ্থক্য ৰক্ষা কৰি ‘বুদ্ধি’ শব্দত হ্ৰস্ব ‘ই-কাৰ’ আৰু ‘নদী’ শ্বদত দীৰ্ঘ ‘ঈ-কাৰ’ ব্যৱহাৰ কৰা হয়। সেইদৰে অসমীয়াত তালব্য, দন্ত্য আৰু মূৰ্দ্ধন্য ধ্বনিসমূহ দন্তমূলীয় হিচাপে উচ্চাৰিত হয়। কিন্তু ‘চাকি’, ‘তৰা’, ‘টকা’ আদি শব্দ লিখোঁতে তালব্য ‘চ’, দন্ত্য ‘ত’ আৰু মূৰ্দ্ধন্য ‘ট’ ধ্বনি ব্যৱহাৰ কৰা হয়। মন কৰিবলগীয়া যে দন্তমূলীয় ধ্বনি বুজাবৰ কাৰণে অসমীয়াত কোনো নিৰ্দিষ্ট ধ্বনি প্ৰতীকো নাই। এনে ধৰণৰ বিভিন্ন কাৰণত অসমীয়া ভাষাৰ বৰ্ণ-বিন্যাসত বা আখৰ-জোঁটনিত বিভ্ৰাট ঘটে। phonetic alphabet নথকা পৃথিৱীৰ প্ৰায় সকলো ভাষাতে আখৰ-জোঁটনিৰ বিবিধ সমস্যা আছে। কিন্তু আখৰ-জোঁটনিয়ে লগোৱা জোঁটৰ কাৰণে কোনো এখন দেশৰ কোনো এটা জাতিৰে ভাষা-সাহিত্য পিছ পৰি থকা নাই। সময়ৰ লগে লগে সকলোৱে প্ৰয়োজনসাপেক্ষে কিছুমান নীতি উদ্ভাৱন কৰি আখৰ-জোঁটনিৰ জোঁট ভাঙিবলৈ চেষ্টা কৰি আহিছে। কোনো এটা ভাষাৰ আখৰ জোঁটনিয়ে একে সময়তে একে দিনাই গঢ় নলয়। তেনে জোঁটনিৰ এক পৰম্পৰা থাকে। অসমীয়া আখৰ-জোঁটনিৰো এক সুদীৰ্ঘ পৰম্পৰা আৰু ইতিহাস আছে। প্ৰকৃতাৰ্থত ত্ৰয়োদশ-চতুৰ্দশ শতিকাতহে বিশুদ্ধ অসমীয়া ভাষাই সাহিত্যিক প্ৰতিষ্ঠা লাভ কৰে যদিও দৰাচলতে খৃষ্টীয় ৫ম-৬ষ্ঠ শতিকামানৰপৰাই এই ভাষাৰ উচ্চাৰণ-বৈশিষ্ট আৰু লেখন-পদ্ধতিয়ে এক বিশেষ গড় ল’বলৈ ধৰে। খৃষ্টীয় ৫ম শতিকাৰপৰা দ্বাদশ শতিকালৈকে, এই সুদীৰ্ঘ সময়ছোৱাত সুৰেন্দ্ৰ বৰ্মাৰপৰা বল্লভদেৱলৈকে, প্ৰায় দুকুৰি ছয়জনমান হিন্দু ৰজাই প্ৰাচীন কামৰূপত ৰাজত্ব কৰিছিল। ভাৰতীয় সভ্যতা-সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল এই্ বিদ্যানুৰাগী ৰজাসকলৰ মাজৰে কিছু সংখ্যক অত্যুৎসাহী ৰজাই অভিজ্ঞ সংস্কৃত পণ্ডিতৰ হতুৱাই ঘাইকৈ নিজৰ বংশ পৰম্পৰা তথা উপাস্য দেৱতাৰ উল্লেখেৰে বিভিন্ন শিলৰ আৰু তামৰ ফলি খোদিত কৰাইছিল। বৰ্তমানলৈকে আৱিষ্কৃত ফলিবোৰৰ ভিতৰত ৫ম শতিকাৰ উমাচল ফলি আৰু নগাজৰী গাঁও প্ৰস্তৰ খণ্ডকেই সৰ্বপ্ৰাচীন বুলি কোৱা হৈছে। ফলিবোৰ লেখা হৈছিল সংস্কৃত ভাষাত; কিন্তু ইবোৰৰ লিপি আছিল পূৰ্বী বা কামৰূপী লিপি, যিটো অসমীয়া লিপিৰ পূৰ্বৰূপ। কামৰূপী লিপিৰে সংস্কৃত ভাষাত লিখা এই্ ফলিবোৰত সংস্কৃত নিয়মানুযায়ী বৰ্ণ-বিন্যাস কৰা হৈছে যদিও সেইবোৰৰ মাজত ঠায়ে ঠায়ে প্ৰাকৃতৰ লগতে অসমীয়া উচ্চাৰণ-বৈশিষ্ট আৰু পুৰণি অসমীয়া লিখন-ৰীতি স্পষ্টকৈ ফুটি ওলাইছে। অসমীয়া ভাষাৰ দৰে ফলিৰ সংস্কৃত আখৰ-জোঁটনিতো মাজে মাজে স্বৰৰ হ্ৰস্ব-দীৰ্ঘ উচ্চাৰণৰ মাজত থকা পাৰ্থক্য ৰক্ষিত হোৱা নাই। তদুপৰি প্ৰাকৃত ভাষা আৰু পুৰণি অসমীয়া সাঁচিপতীয়া পুথিত দেখাৰ দৰে এটা ভিন্ন গুণবিশিষ্ট স্বৰৰ ঠাইত আন এটা ভিন্ন গুণবিশিষ্ট স্বৰৰ ব্যৱহাৰৰ ৰীতিও এই ফলিৰ ভাষাত দেখা যায়। শিলৰ ফলি আৰু তামৰ ফলিত দেখা এনে স্বৰ পৰিৱৰ্তনবোৰ তলত দিয়াৰ দৰে দেখুৱাব পাৰি।

সবৰ্ণৰ স্বৰৰ মাজত পাৰস্পৰিক পৰিৱৰ্তন: এনে পৰিৱৰ্তনত সাধাৰণতে দীৰ্ঘস্বৰ হ্ৰস্ব আৰু হ্ৰস্ব স্বৰ দীৰ্ঘ হোৱা দেখা যায়। যেনে-

অ > আ; অশ্বত্থ > আশ্বত্থ

আ > অ; গুহা > গুহম্‌; সাৱৰ্ণি > সৱন্নি

ঈ > ই; শাসনীকৃত্য > শাসনিকৃত্য; ৱীৰ্য্য > ৱিজ্জ

ঊ > উ; ব্ৰূমহ্‌ > ব্ৰুম

ই > ঈ; ইত্যাদি > ইত্যাদী; সিংহ > সীহো

উ > ঊ; ভুৱম > ভূৱম ইত্যাদি।

সবৰ্ণৰ স্বৰৰ মাজত পাৰস্পৰিক পৰিৱৰ্তন:

অ > ই; পুষ্কৰিণী > পুষ্কিৰিণী

ই > অ; কল্পিতা > কল্পতা; ৰচিত > ৰচত

এ > ই; দীঘিতে > দীঘিতি

ও > অ; যশোভূতি > যশভূতি

দ্বি স্বৰৰ পৰিৱৰ্তন:

ঐ > অ; দ্বৈৰথ > দ্বৰথ

ঐ > ই; শনৈশ্বৰ > শনিশ্বৰ

ঔ > ও; কৌশিকো > কোসিকো ইত্যাদি।

ঋ-ধ্বনিৰ পৰিৱৰ্তন:

ঋ > অ; বৃহদাল্যাং > ৱহদাল্যাং

ঋ > ই; হৃত > হিত

ঋ > ৰি; কৃত্বা > ক্ৰিত্বা

ঋ > ৰু; ঋষিগণ > ৰুষিগণ ইত্যাদি। (উ. অসমীয়া ভাষা, পৃ. ২৭)

এইদৰে ফলিৰ সংস্কৃত ভাষাত যি পৰিৱৰ্তন দেখা যায়, সেইবোৰ মধ্য ভাৰতীয় আৰ্য ভাষাৰ বিভিন্ন আঞ্চলিক প্ৰাকৃতত দৃষ্ট হোৱাৰ দৰে পুৰণি অসমীয়া ভাষাৰ সাঁচিপতীয়া বা তুলাপতীয়া পুথিৰ জোঁটনিতো সঘনাই পৰিদৃষ্ট হয়।

ব্যঞ্জন ধ্বনিৰ ক্ষেত্ৰতো কামৰূপত হিন্দু ৰজাসকলৰ ফলিৰ সংস্কৃত ভাষাত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা যায়, যিবোৰে তৎকালীন কামৰূপত স্থানীয় প্ৰাকৃত এটা গঢ় লৈ উঠাৰো ইঙ্গিত দিয়ে। ফলিৰ ব্যঞ্জন ধ্বনিৰ জোঁটনিও দেখা মন কৰিবলগীয়া বিশেষত্ব কিছূমান হৈছে এনে ধৰণৰ:

১. সংস্কৃত তালব্য (শ) মূৰ্দ্ধন্য (ষ) আৰু দন্ত্য (থ) উষ্ম ধ্বনিকেইটাৰ উচ্চাৰণত পাৰ্থক্যহীনতা; সেয়েহে একেটা শব্দতে এই ধ্বনিকেইটাৰ বিকল্প প্ৰয়োগ দেখা যায়। যেনে–

অশেষ > অসেস

পিশিতা > পিষিতা

গোষ্ঠেষু > গোষ্টেষু

শুভে > সুভে

কল্মষ: > কল্মশ:

২. অৰ্দ্ধ ব্যঞ্জন ‘য়’ৰ ‘ই’ আৰু ‘জ’লৈ পৰিৱৰ্তন; যেনে–

শাসয়িতা > শাসইতা

দোলায়িতম্‌ > দোলাইতম্‌

তায়িকা > তাইকা

য়শা > জশা

৩. মধ্য স্থানত থকা ‘য়’-ৰ লোপ; যেনে–

কাশ্যপো > কাশপো

প্ৰাগজ্যোতিষা > প্ৰাগজোতিষা

৪. ৰেফযুক্ত বৰ্ণৰ দ্বিত্ব প্ৰয়োগ আৰু ৰেফৰ লোপ; যেনে–

ৱীৰ্য > ৱিজ্জ

কৰ্ণ সুৱৰ্ণ > কণ্ণ সুৱণ্ণ

৫. ক্ষ > খ, খ্য, ক্খ; যেনে–

ক্ষিতিমথ > খিতিমথ

৬. প্ৰি > পৃ; যেনে– প্ৰিয়া > পৃয়া

৭. ৎস > চ্ছ; যেনে–বৎসৰে > বচ্ছৰে ইত্যাদি।

স্বৰৰ দৰে ব্যঞ্জনৰ এই পৰিৱৰ্তনবোৰৰো কিছূমান মধ্য ভাৰতীয় আৰ্য ভাষাত অপৰিৱৰ্তিত ৰূপত দেখা যায়। এই বৈশিষ্ট্যবোৰৰ কিছুমান পুৰণি অসমীয়া সাঁচিপতীয়া পুথিতো একে ৰূপত পোৱা যায়। বিশেষকৈ প্ৰি > পৃ, ৰ্ণ > ৰ্ণ্ণ, ৰ্য > জ্জ — এনে জোঁটনি সাঁচিপতীয়া পুথিত সঘনে পোৱা যায়।

ওপৰৰ আলোচনাৰপৰা দেখা যায় বে অসমীয়া ভাষাই উচ্চাৰণৰ ক্ষেত্ৰত ৫ম-৬ষ্ঠ শতিকামানেৰপৰাই এই বিশিষ্ট গঢ় ল’বলৈ আৰম্ভ কৰিছিল। ৭ম শতিকাত উত্তৰ ভাৰতৰপৰা কামৰূপলৈ অহা চীনা পৰিব্ৰাজক হিউয়েন চাঙে তৎকালী কামৰূপৰ মানুহৰ মাত-কথা শুনি এইদৰে মন্তব্য দিছিল, “তেওঁলোকৰ (কামৰূপৰ মানুহৰ) ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপহে বেলেগ।” শিলৰ আৰু তামৰ ফলিৰ বৰ্ণ বিন্যাসত থকা প্ৰাকৃত বৈশিষ্ট্যৰ লগতে উল্লিখিত ধৰণৰ অসমীয়া ভাষাৰ ধ্বিনগত বিশেষত্বই এহাতেদি হিউয়েন চাঙৰ উক্তিৰ সত্যতা প্ৰমাণ কৰি অসমীয়া ভাষাৰ স্বকীয়তা প্ৰতিপন্ন কৰে আউৰ আনহাতে গঠন কালৰ (Formative period) অসমীয়া ভাষাৰ আখৰ-জোঁটনিৰ কিছু ধাৰণা স্পষ্ট কৰি দিয়ে।

অসমীয়া ভাষাৰ জোঁটনিৰ প্ৰাচীনতম আন এটি ৰূপ ৰক্ষিত হৈ আছে প্ৰত্ন অসমীয়া ভাষাৰ একমাত্ৰ লিখিত নিদৰ্শন চৰ্যাগীতসমূহত। বৰ্তমান অসমীয়া, বঙলা, উৰিয়া, মৈথিলী আদি ভাষাৰ উমৈহতীয়া সাহিত্যসম্পদ হিচাপে স্বীকৃত চৰ্যাগীতৰ একমাত্ৰ তালপতীয়া পুথিখন অসমৰ মাটিত নহয়, নেপালৰ ৰাজদৰবাৰ গ্ৰন্থাগাৰতহে আৱিষ্কাৰ কৰা হৈছৈ। কিন্তু পুথিখনৰ ভাষাৰ ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক বিশেষত্ব, শব্দভাণ্ডাৰ, শিলৰ ফলিৰ পূৰ্বী বা কামৰূপী লিপিৰ লাগত সাদৃশ্য থকা অথচ স্পষ্ট অসমীয়া গঢ় লোৱা ‘আদি অসমীয়া লিপি’ আৰু ইয়াৰ আখৰ-জোঁটনিয়ে অসমীয়া ভাষাৰ লগত ইয়াৰ সম্পৰ্ক বেছি সুদৃঢ় কৰি তোলে। চৰ্যাগীতসমূহ ৮ম-১২শ শতিকাৰ ৰচনা যদিও ইয়াৰ লিপিকাল ত্ৰয়োদশ শতিকাৰ শেষ ভাগ বুলি অনুমান কৰা হৈছ। গতিকে ইয়াৰ আখৰ-জোঁটনিয়েও ত্ৰয়োদশ শতিকা তথা তাৰ পূৰ্বৰ অসমীয়া হাতে লিখা পুথিৰ ভাষাৰ উচ্চাৰণ-ৰীতি আৰু লেখন প্ৰণালীৰ এক স্পষ্ট ধাৰণা দিয়ে। মন কৰিবলগীয়া যে মূল তালপতীয়া চৰ্যাগীতিকোষৰ ভিত্তিৰ সম্পাদনা কৰা চৰ্যাগীতৰ পুথি অসমীয়া ভাষাত এতিয়ালৈকে প্ৰকাশ হোৱা নাই। সেয়েহে বৰ্তমান আলোচনাত তালপাতৰ পুথিৰ জেৰক্স কপি সম্বলিত একমাত্ৰ চৰ্যাগীতৰ পুথি ড. নীলৰতন সেনৰ ‘চৰ্যাগীতিকোষ’ৰপৰা উদাহৰণ দাঙি ধৰিবলৈ যত্ন কৰা হৈছে।

চৰ্যাগীতৰ বৰ্ণ-বিন্যাসলৈ লক্ষ্য কৰিলে দেখা যায় যে চৰ্যাৰচকসকলেও স্বৰ ধ্বনিৰ হ্ৰস্ব-দীৰ্ঘ উচ্চাৰণৰ মাজত কোনো পাৰ্থক্য নাৰাখিছিল। অপভ্ৰংশ স্তৰত দীৰ্ঘ স্বৰ হ্ৰস্ব হিচাপে উচ্চাৰিত হোৱাৰ যি প্ৰৱণতাই দেখা দিছিল, তাৰ ফলতে সম্ভৱ পূৰ্বী নব্য ভাৰতীয় আৰ্য ভাষাবোৰত হ্ৰস্ব-দীৰ্ঘ উচ্চাৰণৰ মাজত পাৰ্থক্য নোহোৱা হৈ পৰিছিল। ফলত একেটা চৰ্যাৰ একেটা শব্দতে কেতিয়াবা অ/ই/উ আৰু কেতিয়াবা আ/ঈ/ঊ ব্যৱহৃত হৈছে। যেনে–লইঅ/লাইঅ (১১) হৰিণি/হৰিণী (৬), লুই/লূই (২৯)। কেতিয়াবা একেটা শব্দই বিভিন্ন গীতত পাঁচ ধৰণৰ ৰূপ লৈছে। যেনে** –লুই/লূই/লূয়ী (১,২৯,৩৪), লুঈ (২৯) আৰু লুয়ী (৩৪)। চৰ্যাৰ ভাষাত ঐ আৰু ঔ দ্ব স্বৰৰ লগতে সমান্তৰাল ভাৱে ‘অই’ আৰু ‘অউ’ সংবৃত্ত স্বৰৰ ব্যৱহাৰ মন কৰিবলগীয়া। যেনে–নৈৰামনি (৫০), নইৰামণি (২৮), চৌসঠ্‌ঠি (১০), চউদিস (৮)। স্বৰ ধ্বনিৰ দৰে ব্যঞ্জন ধ্বনিৰ ক্ষেত্ৰতো কিছুমান ব্যঞ্জনৰ মানত উচ্চাৰণগত পাৰ্থক্য লোপ পাইছে আৰু ফলত ইয়াৰ আখৰ জোঁটনিয়ে বিচিত্ৰ ৰূপ লৈছে। উচ্চাৰণগত পাৰ্থক্য হেৰুওৱ ব্যঞ্জনকেইটা হৈছে ঘাইকৈ ন/ণ, জ/য, শ/ষ/স। এই ধ্বনিবোৰ একেটা শব্দতে বেলেগ বেলেগ ধৰণে ব্যৱহৃত হৈছে। যেনে–জোইনি (৪), জোইণি (২৭), যোইনী (১৭), ণৱ (৬), নৱ (২০), জাই, যাই (৪২,১৫), শশী, সসি (১১,১৭) শিআলী, ষিআলা (৫০,৩৩), শূন, সুন (২৬,৩১) ইত্যাদি। উষ্ম ধ্বনিকেইটাৰ ব্যৱহাৰত চৰ্যাৰ ভাষাত যে প্ৰাকৃতৰ ‘শষো: স:’ নীতিয়ে ক্ৰিয়া কৰিছিল, উল্লিখিত শেষৰ উদাহৰণকেইটায়েই তাৰ সাক্ষ্য দিয়ে। চৰ্যাৰ আখৰ-জোঁটনিৰ মন কৰিবলগীয়া এটি বিশেষত্ব হৈছে যে অনুস্বাৰ, চন্দ্ৰবিন্দু আৰু ‘ঙ’ যুক্ত ব্যঞ্জন বুজাবলৈ মূল বৰ্ণৰ মাত্ৰাৰ ওপৰত সোঁফালে বিন্দু চিনৰ ব্যৱহাৰ হোৱাটো। ফলত বহুত শব্দৰ সঠিক উচ্চাৰণ কোনটো, সেই লৈ সন্দেহৰ অৱকাশ থাকে। যেনে — সাঁকমত, মাঁসে শব্দ সাঙ্কমত, মাংসে হ’ব নেকি জনা নাযায়। আন যুক্তাক্ষৰৰ ক্ষেত্ৰত ফলিৰ সংস্কৃত জোঁটনিত থকাৰ দৰে (যেনে — বীজ্জ, বচ্ছৰে)১০ চৰ্যাৰ আখৰ-জোঁটনিতো সমীভৱনৰদ্বাৰা যুক্তাক্ষৰ সৰল কৰাৰ ৰীতি দেখা যায়। যেনে–অষ্ট > অঠ (২৬), নিশ্চল > নিচ্ছল (২১) আদি। উত্তৰ চৰ্যাগীত কালৰ আন সাঁচিপতীয়া-তুলাপতীয়া পুথিতো সমীভৱনৰ এনে প্ৰক্ৰিয়া লক্ষণীয়।

চৰ্যাগীতৰ ঠিক পাছতে প্ৰাচীন অসমীয়া আখৰ-জোঁটনিৰ নমুনা দাঙি ধৰা আন এখন পুথি হ’ল বডু চণ্ডীদাস ৰচিত ‘শ্ৰীকৃষ্ণ কীৰ্ত্তন’ কাব্য। এই পুথিখন তুলাপতীয়া আৰু ইখনিও অসমৰ বাহিৰত পশ্চিমবঙ্গৰ বাঁকুৰা জিলাৰ বন বিষ্ণুপুৰৰ সমীপৱৰ্তী কঁকিলা গাঁৱৰ দেৱেন্দ্ৰনাথ মুখোপাধ্যায়ৰ ঘৰৰপৰা ১৯০৯ চনত উদ্ধাৰ কৰা হয়। উদ্ধাৰকৰ্তা পণ্ডিতপ্ৰবৰ বসন্তৰঞ্জন ৰায়ে কাব্যখনি সম্পাদনা কৰি প্ৰকাশ কৰে ১৯১৬ চনত। জন্ম খণ্ডৰপৰা ৰাধা বিৰহলৈকে মুঠ তেৰটা খণ্ডযুক্ত এই পুথিখন প্ৰকাশ হোৱাৰ লগে লগে পুথিখনত থকা বঙলা অসমীয়া আৰু উৰিয়া ভাষাৰ দুই-এটা বিশেষত্বই তিনিওখন প্ৰদেশৰ ভাষাবিদসকলৰ সঁচকিত কৰি তোলে। বঙলা পণ্ডিতসকেল ‘খাঁটি বাংলা’ ভাষাৰ নিদৰ্শন বুলি দাবী কৰা এই্ কাব্যখনিৰ ভাষাত প্ৰচুৰ পৰিমাণৰ অসমীয়া ভাষাৰ বিশেষত্ব থকালৈ চাই সেইখন যে বিশাল প্ৰাচীন কামৰূপৰ পশ্চিমাঞ্চলৰে কোনোবা এঠাইত ৰচিত হৈছিল, সেই কথা ভাবিবলৈ বাধ্য কৰায়। বঙলা পণ্ডিতসকলেও সেই ভাষিক বৈশিষ্ট্য অস্বীকাৰ কৰিব নোৱাৰি পুথিখনে শেষ লিপিকাৰৰ হাতত পৰাৰ পূৰ্বে প্ৰাচীন কামৰূপ ভ্ৰমণ কৰি অহা বুলি স্বীকাৰ কৰিছে।১১ সি যি কি নহওক, পেটকটা ‘ৰ’ যুক্ত আদি অসমীয়া লিপিৰ নিদৰ্শন এই পুথিখনত থকা প্ৰাচীন হস্তাক্ষৰ, প্ৰাচীন হস্তাক্ষৰৰ অনুলিপি আৰু অপেক্ষাকৃত আধুনিক হস্তাক্ষৰলৈ ৰক্ষা কৰি লিপি বিশাৰদ ৰাখাল দাস বন্দোপাধ্যায়ে কাব্যখনিৰ ৰচনাকাল ১৩৮৫ খৃষ্টাব্দৰ পূৰ্বৰ সম্ভৱত: চতুৰ্দশ শতিকাৰ প্ৰথমাৰ্দ্ধ বুলি মত প্ৰকাশ কৰিছে।১২ কাব্যখনিৰ ভাষিক বৈশিষ্ট্যলৈ সাধাৰণভাৱে লক্ষ্য কৰিলে ইখনিক নি:সন্দেহে চতুৰ্দশ শতিকাৰ বিশুদ্ধ অসমীয়া কাব্য সাহিত্যৰ সমসাময়িক বুলি ক’ব পাৰি। কিন্তু পুথিখনত মাজে মাজে থকা কিছূমান ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক বৈশিষ্ট্যই ইখনিক দ্বাদশ আৰু চতুৰ্দশ শতিকাৰ মধ্যৱৰ্তী সময়ৰ ৰচনা বুলি ভবাৰ অৱকাশ দিয়ে। সেয়েহে কাব্যখনিক প্ৰাক শঙ্কৰী যুগৰ সাহিত্যৰ প্ৰাক কালৰ ৰচনা বুলি ধৰি সেই হিচাপে ইয়াৰ আখৰ-জোঁটনিৰ কিছু সংক্ষিপ্ত পৰিচয় দিবলৈ চেষ্টা কৰা হৈছে। এই ক্ষেত্ৰত যথোপযুক্ত উদাহৰণ দাঙি ধৰা হৈছে তুলাপতীয়া পুথিখনৰ জেৰক্স কপি সম্বলিত আৰু কিছু পৰিমাণে পাঠ-সমীক্ষাৰ আধাৰত সম্পাদনা কৰা অমিত্ৰসূদন ভট্টাচাৰ্যৰ ‘বড়ু চণ্ডীদাসের শ্ৰীকৃষ্ণ কীৰ্ত্তন’ (১৯৭৫) গ্ৰন্থৰপৰা।

‘শ্ৰীকৃষ্ণ কীৰ্ত্তন’ পুথিখনৰ আখৰ-জোঁটনিলৈ লক্ষ্য কৰিলে দেখা যায় যে সেই জোঁটনিয়ে এহাতেদি ফল ইআৰু চৰ্যাৰ আৰু আনহাতদেই বিশুদ্ধ অসমীয়া ভাষাত লিখা প্ৰাচীন অসমীয়া সাঁচিপতীয়া পুথিৰ আখৰ-জোঁটনিৰ মাজত এক নিবিড় সম্পৰ্ক ৰক্ষা কৰিছে। ইয়াৰ ভাষাতো স্বৰৰ হ্ৰস্ব-দীৰ্ঘ উচ্চাৰণৰ মাজত পাৰ্থক্য ৰখা হোৱা নাই আৰু ইয়াৰ ফলস্বৰূপে একেটা শব্দতে আখৰ-জোঁটনিয়ে ভিন ভিন ৰূপ লৈছে। যেনে–কৰি (বংশী, ৫/২৬১), কৰী (ভাৰ, ২/২১৮), থিৰ (ৰা, বি, ৩/৩৬৫), থীৰ (দান, ১/১৯৬), উদ্দেশ্য (তাম্বূল, ৪/১৮৭), উদ্দেস্য (ৰা, বি, ১/৯৮৮) ইত্যাদি। পুৰণি অসমীয়া আন সাঁচিপতীয়া পুথিত আদ্য ‘অ’ প্ৰায়েই ‘আ’ হয়। ‘শ্ৰীকৃষ্ণ কীৰ্ত্তন’তো আদ্য অৱস্থানৰ ‘অ’ প্ৰায়ে ‘আ’লৈ ৰূপান্তৰিত হৈছে। যেনে– আশেষ (বংশী, ৪/২৭২), আনুসাৰে (বংশী, ১/২৭৩) ইত্যাদি। ব্যঞ্জন ধ্বনিৰ জোঁটনিতো ভালেখিনি শিথিলতা পৰিদৃষ্ট হয়। ঘাইকৈ জ/য, জ/ঝ, ণ/ন, ৰ/ড় আৰু শ/ষ/স — এই ধ্বনিখিনিৰ ব্যৱহাৰত কোনো নিৰ্দিষ্ট নিয়ম মানি চলা দেখা নাযায়। ইয়াৰপৰা অনুমান কৰিব পাৰি যে এই ধ্বনিখিনিয়েও স্বকীয় উচ্চাৰণ-বৈশিষ্ট্য হেৰুৱাই পেলাইছিল আৰু সেয়েহে লিপিকাৰে যেতিয়াই যিটো ধ্বনি মনলৈ আহিছিল, তাকে শব্দত প্ৰয়োগ কৰিছিল। কাব্যখনিত এই ধ্বনি সমূহৰ প্ৰয়োগ এনে ধৰণৰ: জাওঁ (দান, ২/১৯৪), যাহা (দান, ২/১৯৫), জীউ (দান, ২/১৯৩), ঝিউ (বংশী, ৩/২৬৭), কমণ (দান, ২/২১০), কমন (বংশী, ৪/২৬৮), পুৰিআঁ (বংশী, ৭/২৬১), পুড়িআঁ (বংশী, ৩/২৮৭), শীতলে (ৰা. বি. ৩/৩০৬), সিতল (ৰা.বি., ৬/৩১২), আশেষ (ৰা.বি., ৩/৩১১), আসেস (ৰা.বি., ৩/৩৬৯), সুনিআঁ (বাণ, ২/২৫৯), শুনিআঁ (বংশী, ১/২৬৯) ইত্যাদি। যুক্ত ব্যঞ্জনৰ ক্ষেত্ৰত আটাইতকৈ মন কৰিবলগীয়া যে ফলি আৰু পুৰণি আন সাঁচিপতীয়া পুথিৰ দৰে ইয়াতো ‘প্ৰি’ ধ্বনি ‘পৃ’ হৈছে। যেনে– পৃয় (ৰা.বি., ৩/৩৩৪)। সেইদৰে ‘ক্ষ’ প্ৰায়ে ‘খ’লৈ ৰূপান্তৰিত হৈছে। যেনে–খেমা (বংশী, ৪/২৭৪), সাখী (বংশী, ৩/২৯৪) আদি। কন্দলি ৰামায়ণৰ বিভিন্ন সাঁচিপতীয়া পুথিত ‘দ্ব’, ‘ধ্ব’ ধ্বনি প্ৰায়ে দু, ধু হোৱা দেখা যায়। শ্ৰীকৃষ্ণ কীৰ্ত্তনতো এনে প্ৰয়োগ দেখা যায়। যেনে দ্বিতীয় > দুঅজ (ৰা.বি., ২/৩০৮), ধ্বনি > ধুনী (বংশী, ১/২৮৫) আদি। অনুস্বাৰ, চন্দ্ৰবিন্দু বুজাবলৈ শ্ৰীকৃষ্ণ-কীৰ্ত্তন পুথিতো কেতিয়াবা মূল বৰ্ণৰ ওপৰত বিন্দু চিহ্ন দিয়া দেখা যায়। সেয়েহে তেনে শব্দৰ জোঁটনিত ‘ং’ নে ‘ঁ’ ব্যৱহাৰ হৈছে ধৰা টান।*

নিশ্চিতভাৱে বিশুদ্ধ অসমীয়া ভাষাৰ সাহিত্যিক নিদৰ্শন পোৱা যায় চতুৰ্দ্দশ শতিকাৰ পৰাহে। প্ৰথম অসমীয়া পদ-ৰামায়ণ-ৰচয়িতা মাধৱ কন্দলিয়েই আচলতে এই সময়ছোৱাৰ একমাত্ৰ নিৰ্ভৰযোগ্য কবি, যিজনাৰ কাব্যিক মহত্ব আৰু কৃতিত্বৰ কথা মহাপুৰুষ শঙ্কৰদেৱে সপ্ৰশংসভাৱে স্বীকাৰ কৰি গৈছে। প্ৰাক শঙ্কৰী যুগৰ বুলি ভবা বাকী তিনিজন কবি হৰিবৰ বিপ্ৰ, হেম সৰস্বতী, আৰু কবিৰত্ব সৰস্বতীৰ উল্লেখ পৰৱৰ্ত্তী কোনো কবিয়ে কৰা নাই। কিন্তু কবি কেইজনাৰ নিজ নিজ কাব্যত উল্লিখিত পৃষ্ঠপোষক ৰজা দুৰ্লভ নাৰায়ণ আৰু তেওঁৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ আনুমানিক সময়ৰ ওপৰত ভিত্তি কৰিহে উক্ত তিনিওগৰাকী কবিকে শংকৰপূৰ্ব মাধৱ কন্দলি কবিৰ সমসাময়িক বুলি ধৰা হৈছে।১৩ সি যি কি নহওক মাধৱ কন্দলিৰ সময়ৰ পৰাই সণ্ঢালনিভাৱে বিশুদ্ধ অসমীয়া ভাষাত ৰচিত সাহিত্য পোৱা গৈছে। সেই তেতিয়াৰ পৰা প্ৰায় অৰুণোদয়ৰ সময়লৈকে এই্ সুদীৰ্ঘ কালছোৱাত ভালেমান সাঁচিপতীয়া আৰু তুলাপতীয়া পুথি ৰচিত হৈছিল। সামগ্ৰিকভাৱে সেই সকলো পুথিৰে আখৰ-জোঁটনি প্ৰায় একে ধৰণৰ। সেয়েহে সমূহ সাঁচিপতীয়া-তুলাপতীয়া পুথিৰ আখৰ-জোঁটনিৰ প্ৰতিনিধিত্ব কৰিব পৰাকৈ বৰ্তমান আলোচনাৰ বাবে বিভিন্ন সময়ৰ বিভিন্ন লেখকৰ কেইখনমান পুথি বাছি লোৱা হৈছে। মন কৰিবলগীয়া যে এই পুথিবোৰৰ কোনোখনেই লেখকৰ স্বহস্ত লিখিত নহয়। এইবোৰ নকলৰো, নকলৰো নকল। তদুপৰি বৰ্তমানলৈকে উদ্ধাৰ হোৱা পুথিসমূহৰ কোনোখনেই্ সময়ৰ পিনৰ পৰা চতুৰ্দশ পঞ্চদশ শতিকাৰ নহয়। ষোড়শ শতিকাত নকল কৰা পুথিও বিৰল। সপ্তদশ শতিকাৰ আৰম্ভণিৰ বুলি ক’ব পৰা পুথিৰ সংখ্যাও তেনেই নগণ্য। দৰাচলতে সন্ঢালনিকৈ পোৱা গৈছে সপ্তদশ শতিকাৰ মাজভাগৰ পৰাহে।১৪ মন কৰিবলগীয়া যে পুৰণি হাতে লিখা পুথিৰ লিপিকাৰ সকলে প্ৰায়ে পাঠৰ শেষত “ভীমস্যাপি ৰণে ভঙ্গো মুনিনাঞ্চ মতিভ্ৰম: যথা দৃষ্টং তথা লিখিতং লেখকে নাস্তি দূষণম্‌” বুলি বাৰম্বাৰ স্বীকাৰ কৰাৰ পাছতো একেজন লিপিকাৰৰ একেখন পুথিৰ একেটা শব্দৰে বিভিন্ন সময়ত বিভিন্ন ৰূপ দেখা যায়। এনে ধৰণৰ পুৰণি পুথিয়ে মূল লেখকসকলৰ নিজস্ব আখৰ-জোঁটনিৰ বিশুদ্ধ ৰূপ দাঙি ধৰিছে বুলি ক’ব নোৱাৰি। তথাপি ইবোৰে তৎকালীন অসমীয়া উচ্চাৰণ-বৈশিষ্ট্যৰ লগতে প্ৰাচীন অসমীয়া বৰ্ণবিন্যাস পদ্ধতিৰো কিছু আভাস দিয়ে। হাতেলিখা পুথিৰ আখৰ-জোঁটনিৰ পৰ্যালোচনাৰ বাবে নিৰ্বাচন কৰি লোৱা পুথিকেইখন হৈছে — মাধৱ-কন্দলিৰ ৰামায়ণৰ ‘অযোধ্যা কাণ্ড’, সাঁচিপতীয়া পুথি নং ৯৫০, ‘অৰণ্য-কিষ্কিন্ধ্যা-সুন্দৰা কাণ্ড’ সাঁচিপতীয়া পুথি নং ১৬৭৯, হৰিবৰ বিপ্ৰৰ ‘বব্ৰুবাহনৰ যু্দ্ধ’ তুলাপতীয়া পুথি নং ২৬০৫, শঙ্কৰদেৱৰ ‘কিৰ্ত্তনৰ পদ’ সাঁচিপতীয়া পুথি নং ১২৪৭, ‘ৰুক্মিনীহৰণ নাট’ সাঁচিপতীয়া পুথি নং ১৪৯৫ (২০ আঘ্ৰাণ ১২৫৩ শক), মাধৱদেৱৰ ‘নামঘোষা’ সাঁচিপতীয়া পুথি নং ২১৫৩ (১৬৫৫ চন), ভট্টদেৱৰ ‘কথা-ভাগৱত’ সাঁচিপতীয়া পুথি নং ৭৪৩, ৰঘুনাথ মহন্তৰ ‘শত্ৰুঞ্জয়’ তুলাপতীয়া পুথি নং ৫৫৪, ‘কথা-গুৰুচৰতি’ (ড. বাণীকান্ত কাকতীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ক দান দিয়া) সাঁচিপতীয়া পুথি নং ১ আৰু অসম বুৰঞ্জী তুলাপতীয়া পুথি ন১ ২২৫৮। উল্লিখিত পুথিকেইখনৰ ভিতৰত কেৱল ৰুক্মিণীহৰণ আৰু নামঘোষাতহে সময়ৰ উল্লেখ আছে। বাকী কেইখনত সময়ৰ উল্লেখ নাই যদিও পুথিকেইখনৰ আৱয়ৱিক অৱস্থা, আখৰৰ গঢ় আদিলৈ লক্ষ্য কৰি সিকিখনৰ লিপিকাল সপ্তদশ শতিকাৰ মাজভাগৰপৰা অষ্টাদশ শতিকা বুলি অনুমান কৰিব পাৰি।

ওপৰোক্ত সাঁচিপতীয়া-তুলাপতীয়া পুথিৰ বৰ্ণবিন্যাস সম্পৰ্কে আলোচনা আগবঢ়ৌৱাৰ পূৰ্বে কালিৰাম মেধিদেৱে সম্পাদনা কৰি ১৯১৩ চনত প্ৰকাশ কৰা হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’ৰ আৰু হৰিনাৰায়ণ দত্ত বৰুৱাই প্ৰকাশ কৰা ৪৯৪ শকাব্দৰ সংস্কৰণ শঙ্কৰদেৱৰ ‘আদি দশম’ৰ আখৰ জোঁটনি সম্পৰ্কে কোৱা কথাখিনি বিচাৰ কৰি চোৱাটো বাঞ্চনীয়। কিয়নো পুথি দুখনিৰ বানান বা জোঁটনি সম্পৰ্কত মেধি আৰু দ্ত্তবৰুৱাই আঙুলিয়াই দিয়া বিশেষত্বখিনি চৰ্যাগীত, শ্ৰীকৃষ্ণকীৰ্ত্তৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো পুৰণি হাতেলিখা পুথিৰ ক্ষেত্ৰতে প্ৰযোজ্য। মেধিয়ে ‘প্ৰহ্লাদ চৰিত’ৰ পাতনিত কৈছে, “কবিৰ ভাষা সংস্কৃতমূলক কিন্তু বৰ্ণবিন্যাস সম্পূৰ্ণ প্ৰাকৃতিক। জোজন, য়েক, মঞি আৰু শব্দৰ বৰ্ণবিন্যাসেই তাৰ প্ৰমাণ। অৱশ্যে ইয়াত যে নকলকাৰৰ হাত নাই, এনে কথা আমি কোৱা নাই; কিন্তু নকলকাৰৰো যে প্ৰাকৃত আৰ্হি আছিল ইও এটা প্ৰাচীনত্বৰ প্ৰমাণ।… প্ৰাকৃতৰ সময়ত সংস্কৃত শব্দাৱলীৰ যি বৰ্ণবিন্যাস ঘটিছিল ‘প্ৰহ্লাদ চৰিত’ত তাৰ চিন পূৰ্ন মাত্ৰাত দেখা যায়। কিন্তু উচ্চাৰণৰ প্ৰতি দৃষ্টি কৰিলে দেখা যায়, অসমীয়া উচ্চাৰণ সেই কালতে বঙ্গালী, হিন্দী আদি ভাষাৰ বৰ্তমান উচ্চাৰণৰ পৰা সম্পূৰ্ণ পৃথক আছিল। পুথিৰ শব্দাৱলীত বৰ্ণবিন্যাসৰ ব্যতিক্ৰম হোৱা স্বত্ত্বেও তাৰ উচ্চাৰণত অসমীয়া বিশেষত্ব সম্পূৰ্ণ ৰক্ষিত হৈছিল। প্ৰাকৃতৰ “শষো:স:” সুত্ৰ প্ৰায়ে ৰক্ষিত হৈছিল। কিন্তু এই্ কথা মনত ৰাখিব লাগে যে অসমীয়া ‘স’-ৰ দৰে উচ্চাৰিত হোৱা ‘শ’ আৰু ‘ষ’কহে সদাই ‘স’ কৰা হৈছিল। অন্যত্ৰ ‘ষ’ৰ উচ্চাৰণ ‘খ’ আৰু ‘খ’ৰ উচ্চাৰণ ‘ষ’ দি দেখুৱা পাইছোঁ। ‘ণ’ আৰু দীৰ্ঘ ঈ-কাৰ আৰু ঊ-কাৰো পুথিত প্ৰায় নাই। ‘ব’ আৰু ‘ৱ’ৰ উচ্চাৰণ অনুসৰি নামখৰি সদাই ব্যৱহৃত হোৱা দেখা যায়।” ‘আদি দশম’ৰ নিবেদনত দত্ত বৰুৱাই সেই পুথিৰ বানানৰ বিষয়ত আৰু দুটামান নতুন কথা সংযোগ কৰিছে এইদৰে, “পুথিখনৰ বানানৰ বিষয়ে মন কৰিবলগীয়া এই যে ইয়াত ‘স’ৰ প্ৰাধান্য বেছি, দীৰ্ঘ ঈ-কাৰ, দীৰ্ঘ ঊ-কাৰ বৰ কম, ৰেফযুক্ত আখৰ ক’ৰবাত ক’ৰবাত দ্বিত্ব কৰা নাই। বিশেষকৈ ৰেফযুক্ত ‘ৰ্য্য’ বোৰ প্ৰায়ে ‘ৰ্য’ কৰি ৰাখিছে। যেনে — ‘সূৰ্য’ক সূৰ্য, ‘ভাৰ্য্যা’ক ভাৰ্যা, ‘কাৰ্য্য’ক কাৰ্য আদি বানানেৰে লিখিছে। আন আন ‘য’ৰ ঠাইত প্ৰায়ে ‘জ’ লিখিছে। এ-কাৰান্ত ক্ৰিয়াববোৰ প্ৰায়ে ঐকাৰান্ত কৰিছে; যেনে — ‘কৰে’ ‘কৰৈ’, ‘পিয়ে’, ‘পিয়ৈ’ ইত্যাদি। ‘ত্ৰি’টো তৃ লিখিছে। যেনে — তৃদশা, কিন্তু, ‘পিতৃ’, ‘মাতৃ’ৰ ‘তৃ’টো ত্ৰৃ কৰিছে। যেনে পিত্ৰৃ, মাত্ৰৃ ইত্যাদি। ‘গোষ্ঠ’টো প্ৰয়ে গোষ্ট কৰিছে।… ” আলোচ্য সাঁচিপতীয়া আৰু তুলাপতীয়া পুথিকেইখনৰ বানান বিচাৰ কৰিলে দেখা যাব যে মেধি আৰু দত্তবৰুৱাই কোৱাৰ দৰে ইবোৰতো দীৰ্ঘ ঈ, ঊ স্বৰৰ ব্যৱহাৰ কম; বিশেষকৈ স্বতন্ত্ৰ স্বৰ হিচাপে এই দুটাৰ ব্যৱআৰ অতি বিৰল। ‘ঈ’ কাৰ চিহ্নৰ প্ৰয়োগো তুলনামূলক ভাৱে কম। ঊ-কাৰ চিহ্নও কথা-ভাগৱত, কথা-গুৰুচৰিতকে ধৰি দুই-এখন পুথিতহে দেখা যায়। আনহাতে ‘ত’ৰ লগত ‘ঋ’ ধ্বনি প্ৰায়ে ‘ত্ৰি’ হৈছে। সেইদৰে ৰ্য্য > ৰ্য; কিন্তু ৰেফযুক্ত ‘ণ’ সদায় ‘ৰ্ণ্ণ’ হৈছে। ইয়াৰ পৰা দেখা যায় পুথিসমূহত একে সময়তে কিছুমান ধ্বনিত দ্বিত্ব পৰিহাৰ কৰা হৈছে আৰু কিছূমানত দ্বিত্ব মানি লোৱা হৈছে। ‘ণ’ আৰু ‘ঙ’ৰ একক ব্যৱহাৰ বিৰল। জ/ঝ, চ/ছ আদিৰ ব্যৱহাৰতো কোনো বিশেষ নীতি মানি চলা দেখা নাযায়। ‘য’ প্ৰায়ে ‘জ’ হৈছে। ‘শ’, ‘ষ’, ‘স’ৰ ব্যৱহাৰতো কিছু পৰিমাণে প্ৰাকৃতৰ ‘শষো:-স:’ সূত্ৰ ৰক্ষিত হৈছে; তলত বিভিন্ন স্বৰ ব্যঞ্জন ধ্বনিয়ে নিজস্ব উচ্চাৰণ-বৈশিষ্ট্য হেৰুৱাই কেনে ৰূপ লৈছে তাৰ দুটামান উদাহৰণ দাঙি ধৰা হ’ল:

অ > আ : আনুপাম (অযো. ৯১), আতি (না.ঘো. পৃ.৪৬৪);
ঈ > ই : সৰ্পিনি (অযো, ৯৯), পাপিনি (বব্ৰু, পৃ. ৮১), ৰুক্মিনি (ৰু.হ.নাট, পৃ. ১৬), কিৰ্ত্তন (কি. পদ., পৃ. ৬), গোপিনাথ (না.ঘো., পৃ. ৬৭৫), পৃথিৱি (গু.চ.ল, পৃ. ৩), পাণি (অ.বু., পৃ. ৪), প্ৰাণি (শত্ৰু, পৃ.৩৬) ইত্যাদি।
ঊ > উ : কৰ্ণ্ণসুত (বব্ৰু., পৃ, ১৬), পূৰ্ণ্ণচন্দ্ৰ (কি. পদ., পৃ. ৯), দুৰ (না.ঘো.,পৃ. ৫৫৫), সুৰ্যবৰে (গ.চ.ক., পৃ.৪), পুৰ্ব্ব (অ.বু., পৃ. ৮) ইত্যাদি।
চ/ছ : বছন (অযো, পৃ. ১৪৪), আচেমানে (বব্ৰু, পৃ. ৩২), বিচাৰি (কি.পদ., পৃ. ৭), বিছাৰি (ক.ভা., পৃ. ৪৩), পচাএ/পাছে (গ.চ.ক., পৃ. ৭), মিচা (অ.বু., পৃ. ৩৪) ইত্যাদি।

জ/য/ঝ :

ঝি (অযো., পৃ ১২৭). জেন (বব্ৰু., পৃ. ১২১), জদি/যদি (ক.ভা., পৃ. ১০৩), দেৱঝাক (শত্ৰ., পৃ. ৮৭), জদি (কি.পদ., পৃ. ১০), জাত্ৰী (গু.চ.ক., পৃ. ৮৬). জাৰ (অ.বু., পৃ. ৪) ইত্যাদি।

শ/ষ/স :

কোষল্যা (অযো., পৃ. ১০৭), সাস্ত্ৰত (সু.কা., পৃ. ১৫০), দোস (বব্ৰু., পৃ. ১১১), সুনিয়ে (ৰু.হ. নাট, পৃ. ১৬), স্যামল (কি. পদ., পৃ. ৯), সৰণ (না.ঘো., পৃ. ৩০), কুষল (ক.ভা., পৃ. ৯৩), সকতি, দোস, দস, দেষ (শত্ৰু., পৃ. ক্ৰমে -৩,৬,৭,২৯), বিসম (অ.বু., পৃ. ৩৯) ইত্যাদি।

ক্ষ/খ/খ্য :

খেমা (সু.কা., পৃ. ৪৮), নখ্যত্ৰ (অৰ., পৃ. ৮), মুক্ষ (বব্ৰু., পৃ. ২১৫), প্ৰক্ষাত (না.ঘো., পৃ. ১৪, অ.ব., পৃ. ২), সাখ্যাৎ (না.ঘো., পৃ. ১৪), সাখি (ক.গ.চ., পৃ. ৭২), না.ঘো., পৃ. ২৩) ইত্যাদি।

–ইয়াৰ বাহিৰেও পুথিসমূহত কেতিয়াব — ৰ . ড়, আদ্য অ > আ, আদ্য আ > য়া, আদ্য অ > ৱ, অন্ত্য য় > ই, মধ্যৱৰ্ত্তী ৱ > অ/য়/ই, ঢ় > ড় হোৱা দেখা যায়। দুই-এখন পুথিত আদ্যস্থানত ড়,ঢ় ব্যৱহাৰ হোৱালৈ চাই মূৰ্দ্ধন্য ড, ঢ আৰু ড়, ঢ়-ৰ উচ্চাৰণৰ মাজতো ভেদ ৰক্ষিত হোৱা নাছিল বুলি অনুমান কৰিব পাৰি। পুথি সমূহৰ জোঁটনৰ এটি মন কৰিবলগীয়া বিশেষত্ব হৈছে যে ইবোৰত ‘ঙ’ আৰু ‘ণ’ স্বতন্ত্ৰভৱে ব্যৱহাৰ হোৱা দেখা নাযায়। ‘ঙ’ সদায় ‘ক’ বা ‘গ’ৰ লগত আৰু মূৰ্দ্ধন্য ‘ণ’ সেই বৰ্গৰ আন বৰ্ণৰ লগত বিশেষকৈ ‘ট’ৰ লগত যুক্ত হৈ ব্যৱহৃত হয়। আন ঠঅইত মূৰ্দ্ধন্য ‘ণ’ দন্ত্য ‘ন’লৈ ৰূপান্তৰিত হৈছে।

পুথিসমূহত সংযুক্ত ব্যঞ্জনৰ জোঁটনিও মন কৰিবলগীয়া। কেতিয়াবা যুক্ত ব্যঞ্জন সৰলীকৃত হৈ তিনিটা ব্যঞ্জন দুটা ব্যঞ্জনত পৰিণত হৈছে আৰু কেতিয়াবা অপ্ৰয়োজনীয়ভাৱে দুটা ধ্বনিৰ যুক্ত ব্যঞ্জন তিনিটা ধ্বনিৰ যুক্ত ব্যঞ্জনলৈ ৰূপান্তৰিত হৈছে। তলত ইবোৰৰ প্ৰয়োগ-ৰীতি উদাহৰণসহ দাঙি ধৰা হ’ল:

ৰ্য্য > ৰ্য > ৰ্জ :

যেনে – ভাৰ্যা (সু.কা.,পৃ. ১৪৩), কাৰ্জ (বব্ৰু., পৃ. ১৯), কাৰ্য (না.ঘো.প., পৃ. ১৪, ক.ভা.,পৃ.৯৮), সূৰ্য (কি.প.,পৃ. ৩৯, ক.গু..চ., পৃ.৬) আদি।

ৰ্ণ > ৰ্ণ্ণ, ৰ্ন্ন :

কৰ্ণ্ণ (সু.কা., পৃ. ১৫৩), পুৰ্ণ্ণ (বব্ৰু., পৃ. ৭৩, কি.প., পৃ. ৯, ক.ভা., পৃ. ৫০), সুবৰ্ন্ন (কি.পদ, পৃ. ৩০, ক.গু.চ., পৃ. ১৪), বৰ্ন্ন (না.ঘো.,পৃ. ১০), পুৰ্ণ্ণিমা (শত্ৰু., পৃ. ৯৩) ইত্যাদি।

ৰ্গ, ৰ্প > ৰ্গ্গ, ৰ্প্প :

স্বৰ্গ্গ (কি.পদ., পৃ. ১৭, ক.ভা., পৃ. ২১, অ.বু., পৃ. ৪), কৰ্প্পুৰ (ৰু.হ. নাট, পৃ. ১৫), সৰ্প্প (না.ঘো., পৃ. ১৫, বব্ৰু., পৃ. ৩৫), দৰ্প্প (ক.ভা., পৃ. ৪৯) ইত্যাদি।

শ্চ > চ/চ্চ/ছ :

নিচ্চয়ে (বব্ৰু., পৃ. ১৭, না.ঘো., পৃ. ১৫), আচৰ্য (না.ঘো., পৃ. ৪০, ক.গু.চ., পৃ. ৬৭, অ.বু., পৃ. ৩৯), নিছই (শত্ৰু., পৃ. ২৯), পচিম (অ.বু., পৃ. ৪৫) ইত্যাদি।

ষ্ঠ > স্ত /ষ্ট :

শ্ৰেস্ত (অযো., পৃ. ১০৫), পাপিস্তি (বব্ৰু., পৃ. ৪১), দুস্ত (ৰু.হ. নাট, পৃ. ১৬), জেস্ত (ক.গু.চ., পৃ. ১৪), শ্ৰেষ্ট (কি.প., পৃ. ১০), কনিষ্ট (শত্ৰু., পৃ. ১২) ইত্যাদি।

ইয়াৰ বাহিৰেও পুথিসমূহত আৰু এনে অনেক যুক্তাক্ষৰৰ সৰলীকৃত ৰূপ আছে, যিবোৰে তৎকালীন অসমীয়া ভাষাৰ উচ্চাৰণ-ৰীতিৰ পৰিচয় দিয়াৰ লগতে অসমীয়া আখৰ-জোঁটনিৰো সুন্দৰ চানেকি দাঙি ধৰে। উদাহৰণস্বৰূপে, আদ্য ধ্বনি শ্ৰ/স্ব, মধ্য ‘ৎস’, ‘চ’ হিচাপে (চেস্ত, চৰ্গ, উচৱ আদি) আৰু ‘শ্ৰী’ ধ্বনি শৃ/ছিৰি হিচাপে (শৃমন্ত, ছিৰি সঙ্কৰে আদি) ব্যৱহাৰ হোৱাৰ কথা উল্লেখ কৰিব পাৰি। ফলি আৰু পুৰণি হাতেলিখা পুথিবোৰৰ জোঁটনিৰ এটি মন কৰিবলগীয়া বিশেষত্ব হৈছে যে ইবোৰৰ ক’তোৱেই দাঁড়ি আৰু দুটা ফুট কলোনৰ (:) বাহিৰে শব্দ যতি দেখা নাযায়। এইদৰে দুটা শব্দৰ মাজত কোনো ফাঁক নথকাৰ কাৰণে ফলি বা পুথিৰ শুদ্ধ পাঠ নিৰূপণ কৰাতো প্ৰায়ে বিভ্ৰান্তিৰ সৃষ্টি হয়। তদুপৰি চৰ্যা, শ্ৰীকৃষ্ণকীৰ্ত্তন আদিৰ দৰে উল্লিখিত পুথিসমূহতো মাজে মাজে অনুস্বাৰ আৰু চন্দ্ৰবিন্দু বুজাবলৈ মূল বৰ্ণৰ মাত্ৰাৰ ওপৰত সোঁফালে বিন্দু চিহ্নৰ ব্যৱহাৰ কৰাত (যেনে – ব.স, পদ্ম. আদি) তেনে শব্দৰ সঠিক উচ্চাৰণ সম্পৰ্কতো সন্দেহ ওপজে।

এইদৰে পুৰণি হাতেলিখা পুথিবোৰত আখৰ-জোঁটনিয়ে এক বিচিত্ৰ ৰূপ লৈছে। পুৰণি কালত অসমীয়া ভাষাত লিখিত ব্যাকৰণ নাছিল, অভিধানো নাছিল। সংস্কৃত বৰ্ণবিন্যাস আৰু তৎকালীন অসমীয়া ভাষাৰ উচ্চাৰণ-বৈশিষ্ট্য, ইয়াৰ ওপৰত ভিত্তি কৰিয়েই্ প্ৰাচীন অসমীয়া কবি-সাহিত্যিকসকলে বিভিন্ন গ্ৰন্থ ৰচনা কৰিছিল। কিন্তু দুৰ্ভাগ্যবশত: সেইসকল পুৰণি অসমীয়া সাহিত্যিকৰ স্বহস্ত লিখিত এখন পুথিও আৱিষ্কাৰ হোৱা নাই। প্ৰাপ্ত পুথিসমূহৰ সৰহখিনিয়েই সম্প্ৰাসাৰিত পাঠ, অৰ্থাৎ মূল পুথিৰ নকল বা নকলৰ পৰা কৰা নকলহে। নকলকাৰক বা খনিকৰ সকলৰো অধিকাংশই অনভিজ্ঞ, অৰ্দ্ধ শিক্ষিত বা কেতিয়াবা সম্পূৰ্ণ অশিক্ষিত আছিল আৰু তেওঁলোকে ছবি অঁকাৰ দৰে আখৰৰ গঢ় চাইহে পুথি লিখিছিল। সেয়েহে পুৰণি পুথিৰ আখৰ-জোঁটনিয়ে ভিন ভিন ৰূপ লৈছে। কেতিয়াবা অৱশ্যে ভাল বা অভিজ্ঞ লিপিকাৰৰ পুথিতো অনেক ভুল থাকে।১৫ পুথিৰ জোঁটনিত থকা বিসঙ্গতি তথা খেলিমেলি যেন লগা সেই ভিন্ন ৰূপবোৰক ভুল বুলি নাভাবি পাঠ-সমীক্ষাৰ জৰিয়তে সকলো অমিল-মিলৰ মাজতো পুৰণি অসমীয়া ভাষাৰ নিজস্ব এক আদৰ্শ বৰ্ণবিন্যাস নিৰূপণ কৰাটো আদৰ্শনীয় হ’ব।১৬

সাঁচিপতীয়া-তুলাপতীয়া পুথিৰ পিছত অসমীয়া ছপাপুথিৰ আখৰ-জোঁটনিৰ প্ৰথম নমুনা পোৱা যায় আত্মাৰাম শৰ্মাৰ কলিকতাৰ শ্ৰীৰামপুৰৰ পৰা প্ৰকাশিত প্ৰথম অসমীয়া ছপা গ্ৰন্থ ‘ধৰ্ম পুস্তক’ত (১৮১৩)। ইয়াৰ মাজে মাজে পুৰণি অসমীয়া বৰ্ণবিন্যাস ৰীতি (যেনে-‘ভাৰ্যা’ৰ লেখীয়া) মানি চলা হৈছে যদিও এই বৰ্ণবিন্যাস বহু পৰিমাণে বঙলা প্ৰভাৱিত। কিন্তু উল্লেখযোগ্য যে ‘ধৰ্ম পুস্তক’ৰ ‘নতুন নিয়ম’ খণ্ডৰ আৰম্ভণিতে থকা ‘নামোচ্চাৰণৰ বৰ্ণবিচাৰ’তে সৰ্বপ্ৰথমে উচ্চাৰণ পদ্ধতি বা আখৰ-জোঁটনি সম্পৰ্কীয় চিন্তা-চৰ্চাৰ আৰম্ভ হয়। তাৰ পিছতে এই বিষয়ৰ আলোচনা পোৱা যায় যাদুৰাম ডেকা বৰুৱাই বঙলা-অসমীয়া অভিধানত নিৰ্দিষ্ট কৰা উচ্চাৰণ-ভিত্তিক বৰ্ণবিন্যাস প্ৰক্ৰিয়াত। যাদুৰাম বৰুৱাৰ মতে আমি যিটো কথা যেনেকৈ উচ্চাৰণ কৰোঁ, তাক লেখোঁতেও তেনেকৈ লিখিব লাগে। সেইবাবে তেওঁ একে উচ্চাৰণৰ আখৰ-বিলাকৰ (যেনে- শ, ষ, স; চ,ছ; জ,য,ঝ) ভিতৰত এটা আখৰ মাথোন ব্যৱহাৰ কৰি ইবোৰ এৰি দিছিল।১৭ যাদুৰামৰ এনে উচ্চাৰণভিত্তিক বৰ্ণবিন্যাসকে ব্ৰাউন-ব্ৰন্সন প্ৰভৃতি অসমৰ পাদুৰী লেখকসকলে বাস্তৱানুগ বুলি গ্ৰহণ কৰি তেনে জোঁটনিৰেই পোন প্ৰথমে অসমীয়া ভাষাত অভিধান-ব্যাকৰণ প্ৰণয়ন কৰিছিল আৰু অসমৰ প্ৰথম আলোচনী ‘অৰুনোদই’তো এনে জোঁটনিকে মানি চলিছিল। ১৮৫৪ চনৰ এপ্ৰিল সংখ্যা ‘অৰুনোদই’ৰ ‘style and mode of spelling’ শিতানত লিখা কথাখিনিয়ে অসমৰ মিছনেৰী পণ্ডিতসকলৰ আখৰ-জোঁটনি সম্পৰ্কীয় মূল কথা: “ভাসা লিখোঁতে, আখৰৰ জিমান জাতি, তিমানহে লিখিব লাগে, একে জাতিৰে দুই তিনি প্ৰভেদৰ সকাম নাই। জ,য-ৰ একেটা উচ্চাৰণ; এই্ হেতুকে ‘জ’ৰ বাহিৰে আন য নিলিখোঁ। শ, ষ, স এই তিনিতাৰে একে মাত, শ্ৰী, স্ৰী,ৰ একো ভেদ নে দেখোঁ, আমি কেৱল সহে লিখোঁ। ন, ণ আৰু হ্ৰস্ব-দিৰ্ঘতো এইদৰে বুজিবা।” আ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক