অৰুণোদয়ৰ বাট বিচাৰি, উত্তৰ-পূবৰ অন্তিম পূবলৈ ( আব্দুছ ছাজিদ)

(মোৰ এই দীঘলীয়া, ধাৰাবাহিক, সচিত্ৰ ভ্ৰমণ-লেখা ‘অকব’ৰ ভ্ৰমণ ভাল পোৱা বন্ধু-বান্ধৱীসকলৰ হাতত আনন্দমনে তুলি দিলোঁ৷ প্ৰস্তুতি কালত যুগুতোৱা, পূৰ্বতে প্ৰকাশিত লেখাৰ পৰা প্ৰয়োজন অনুসৰি তথ্যাদিৰ সংযোজন ইয়াত থাকিব৷)

‘অৰুণাচলৰ মিঠা ৰ’দ-কাঁচলিত
নিৰল আদিম সৰু গাঁও এখনি
নাম দিলে ডং যাৰ আকাশে আজি
উঠিছে শতিকাৰ প্ৰথম বেলি…’

(গীতৰ কথা : ডাক্তৰ লোকেন্দ্ৰ ভট্টাচাৰ্য, কণ্ঠ : সন্ধ্যা মেনন, ৰচনা-কাল : ১৯৯৯চন)

এক ৷৷ ডঙলৈ এবাৰ যাব পৰা হ’লে!

সহস্ৰাব্দৰ সূৰ্যোদয়ক লৈ বিখ্যাত হৈ পৰা ডঙলৈ এবাৰ যাব পৰা হ’লে! মনে মনে এইদৰে ভাবিছিলোঁ অনেকবাৰ৷ আজিও চিন্তা কৰোঁ, ১৯৯৯-২০০০ৰ সেই বিৰল সংক্রান্তিত ডঙত ঘটা মহাজাগতিক পৰিঘটনাৰ সময়ত মই ক’ত, কিহত ব্যস্ত আছিলোঁনো? তেতিয়া এই কথাটো মূৰত কিয় খেলোৱা নাছিল? ইন্‌ফৰ্মেচন নাছিল নে কি? কিয় ১৫বছৰ লাগিল মোৰ, ডংমুখী যাত্ৰা এটা সাকাৰ কৰি তুলিবলৈ? ১৯৯৩তেইতো এবাৰ তেজু পাইছিলোঁগৈ৷ তেনেহ’লে, সময়ত সেই জাগতিক সংঘটনৰ সাক্ষী হ’ব নোৱাৰিলোঁগৈ কিয়? কি অসুবিধা আছিল? নিজকে নিজে প্ৰায়ে সোধো৷ উত্তৰ বিচাৰি নাপাওঁ৷ বিমৰ্ষ হওঁ৷ এটা যেন ডাঙৰ আফচোচ! তৎসত্ত্বেও অসন্তুষ্টি নাশ কৰিবলৈকে উক্ত স্থানত জীৱনৰ পৰৱৰ্তী সময়ত হ’লেও কেতিয়াবা এদিন ভৰি থ’বলৈ মনতে পাঙি ৰাখিছিলোঁ৷ সেয়েহে ‘লে’ক অৱ ন’ ৰিটাৰ্ণৰ পিছৰ এডভেন্সাৰ ট্ৰিপটো ক’লৈ মৰা হ’ব?’ বুলি কথা ওলাওঁতে চিধাই অৰুণদাক কৈ দিছিলোঁ, ‘ডঙলৈ যাওঁ ব’লক’ বুলি৷ ডং কি, ক’ত, কিয় বিখ্যাত মই বুজাবলগীয়া হৈছিল তেতিয়া৷ লোকালয়ৰ পৰা আঁতৰত বিৰাজমান নীৰৱতা আৰু পাহাৰ-পৰ্বত, নৈ-নিজৰাৰ যুগলবন্দীৰে কুমাৰী প্ৰকৃতিৰ মোহময়ী সৌন্দৰ্যৰ ব্যাখ্যা মোৰ মুখত শুনি তৎমুহূৰ্ততে আগ্ৰহী হৈ পৰিছিল অৰুণদা৷ কৈছিল, ‘ষ্টাডী কৰকচোন আপুনি৷ সময়-সুবিধা মিলাই ওলাম৷’ নিজেও ইণ্টাৰনে’টত খুঁচৰি চাই উৎসাহিত হৈছিল, ভাবত তন্ময় হৈছিল৷
Arunudoyor bat bisari1
এইখিনিতে কোৱা ভাল, অৰুণদা মানে অৰুণ টেৰণ৷ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ গধুৰ দায়িত্ববাহী হৈয়ো অফিচৰ সীমাহীন কৰ্মব্যস্ততাক চেৰাই সুযোগ পালেই যি ডুবি থাকিব খোজে কিতাপ, কবিতা, ভ্ৰমণ-লেখা, মেণ্ড’লিন, মাউথ অৰ্গেন, কেমেৰা, ফটোগ্ৰাফী, চিত্ৰাংকন আদি বিষয়ত৷ মোৰ দৰেই এডভেন্সাৰ ট্ৰিপ মৰা আৰু যেতিয়াই তেতিয়াই প্ৰকৃতিৰ বুকুত মুক্ত বিচৰণ, তেওঁৰো প্ৰিয়৷ প্ৰিয় মানে খুবেই প্ৰিয়৷ বয়সৰ প্ৰভেদ থাকিলেও সেয়ে তাল-মিল আছে আমাৰ, মনে বিচৰা এনে কথা-কাণ্ডবোৰৰ অচিলাৰেই৷ চাকৰি বা ব্যৱসায়, পেছাৰ নামত যিয়েই নাথাকক, অন্ততঃ এইটো নিচাৰ ক্ষেত্ৰত আমি দুয়ো ফ্ৰি লেন্স মানুহ৷ তাৰ বাবে জীৱনৰ অন্য কিছুমান কথা-কাণ্ডত্যা গ কৰিবলৈও সাজু৷

অগ্ৰজ ভ্ৰাতৃপ্ৰতিম অৰুণদাৰ কথামতেই ষ্টাডী কৰিছিলোঁও, পাৰ উপচি পৰা উদ্দীপনা বুকুত লৈ৷ সেই মানসিক অৱস্থাটোত প্ৰকৃততে ক্রিয়াশীল আছিল অন্তৰত স্বতঃস্ফূৰ্তভাৱে উদ্ৰেক হোৱা এটা যোগাত্মক প্ৰৱণতা৷ যাৰ পৃষ্ঠপটত উহ্য হৈ আছিল পূব অৰুণাচলৰ পাহাৰত সেউজীয়া সৰল গছ আৰু সোণোৱালী ববচা বনেৰে পৰিপূৰ্ণ ডং উপত্যকা চোৱাৰ সুতীব্ৰ হেঁপাহ৷ গতিকে একেটা বহাতে ডং সম্পৰ্কে কেইবা পৃষ্ঠাৰ নোট ৰেডী হৈ গৈছিল মোৰ৷ স্ফটিক-উজ্জ্বল, খৰস্ৰোতা, ৰূপহী লোহিতৰ ওপৰৰ হেঙিং ব্ৰীজ পাৰ হৈ ডেৰঘণ্টীয়া ট্ৰেকিং কৰি ইতিমধ্যে ডং মালভূমি পাইছিলোঁগৈয়ে, কল্পনাতে৷ স্বীকাৰ কৰোঁ, সেই অধ্যয়নত মোৰ মূল সহচৰ আছিল ইণ্টাৰনেট৷ থপিয়াই থপিয়াই য’তে যি পাওঁ পঢ়ি পেলাইছিলোঁ৷ টোকাটো সাজু কৰি অৰুণদাক জনাইছিলোঁও৷ কিন্তু নাজানো, কি কাৰণত যাত্ৰাটো বাস্তৱায়িত হৈ উঠা নাছিল তেতিয়া৷ সময় হোৱা নাছিল চাগৈ৷ নিয়তিৰ দ্বাৰা নিয়ন্ত্ৰিত সকলো কাম-কাজৰে সময় বন্ধা থাকেযে! পৰিয়ালসহ অৰুণদা ফুৰিবলৈ গুচি গৈছিল ভূটানলৈ৷ সময়ে-অসময়ে ময়ো ভ্ৰমি ফুৰিছিলোঁ দিহিঙে-দিপাঙে৷ কেতিয়াবা অকলেই ‘হিল কুইন’ত ল’ৱাৰ হাফলঙলৈ, মেলেং গ্ৰাণ্টৰ প্ৰশান্ত কুমাৰ বৰাৰ আহ্বানত সঞ্জু বৰাৰ সৈতে গিবন অভয়াৰণ্যত সোমাইছিলোঁগৈ, ৰেঞ্জাৰ বিভীষণ টকবিৰ আতিথেয়তাত গৰমপানী সংৰক্ষিত বনাঞ্চলৰ মাজৰ ফটাশিল জলপ্ৰপাত চাইছিলোঁগৈ৷ কেতিয়াবা আকৌ মেঘালয়ৰ চেৰাপুঞ্জী বা শ্বিলং-মাউলিননং পাৰ কৰি ডাউকী-তামাবিল পালোঁগৈ৷ বিনিময় প্ৰথা চোৱাৰ তাগিদাত কেতিয়াবা অকলেই আন্ধাৰে-মুন্ধাৰে জোনবিল মেলা, সুৰেন ক্রামছাৰ ঘৰৰ আগেদি খোজ কাঢ়ি কাংথিলাংছ’, ইত্যাদি ইত্যাদি৷ তাৰ মাজতো মনৰ খু-দুৱনি মাৰিবলৈ অৰুণদাৰ লগত একেলগে সোমাইছোঁগৈ বাদুলী খোৰোঙত৷ জাছিংফাত এসন্ধ্যা বহিছোঁ৷ ভৱিষ্যতৰ স্পটসমূহৰ কথা ভাবি উলিয়াইছোঁ৷ যোৱাও হৈছিল৷ কেৱল যোৱা হোৱা নাছিল ডঙলৈহে৷ দু্য়ো দুয়োকে লগ পালেই সেই বিষয়ে মুকলি আলোচনাও নোহোৱাকৈ নাছিল অৱশ্যে৷ বোধ হয় সময়টো অহা নাছিল৷ বুজি পাইছিলোঁ, নিয়তিৰ পৰিকল্পনামতে সকলো কামৰে সময় একোটা নিৰ্দিষ্ট কৰা থাকে৷ বিশ্বাস কৰিবলৈ মন যায়, ভ্ৰমণৰ ক্ষেত্ৰত জোতাযোৰেহে যাত্ৰাৰ চয়-নিচয় কৰে! ‘চৰণেহে জানে মৰণৰ ঠাই’, জোতাইহে জানে ভ্ৰমণৰ ঠাই৷

দুই৷৷ ডঙতকৈ আগলৈ যোৱাৰ সময় আহিল

বছৰ বাগৰি গৈছিল৷ লোহিতৰ বুকুৰেও অনেক সেউজীয়াৰ ঢল বৈ গৈছিল৷ এদিন কিবা সংক্রান্তত অৰুণদাৰ অফিচলৈ যাওঁতে, ‘ইক্‌লেক্‌টিক্‌’ নামৰ আলোচনীখনৰ সৈতে চাপ্লিমেণ্ট হিচাপে পোৱা ‘নৰ্থ ইষ্ট ট্ৰেভেল গাইড’ নামৰ ৰঙীন বুকলেট এখনৰ বিশেষ পৃষ্ঠা এটা মেলি মোৰ পিনে আগ বঢ়াই দিলে৷ সৰু পুথিখন তেওঁ বৰ আটোম-টোকাৰিকৈ ৰাখিছিল৷ ভ্ৰমণ সম্পৰ্কীয় কিতাপ-আলোচনী বা তদনুৰূপ লেখা ওলোৱা বাতৰি কাকত কিনা, পঢ়া, সংগ্ৰহ কৰাটো আমাৰ দুয়োৰে কমন ইণ্টাৰেষ্টৰ ভিতৰত পৰে৷2  1

পৃষ্ঠাটো মেলি সোঁহাতৰ তৰ্জনী আঙুলিটোৰে উপৰ্যুপৰি দুবাৰমান টুকুৰিয়াই অৰুণদাই ক’লে, ‘ইয়ালৈ যাম দিয়ক৷ একেলগে৷ ভাল লাগিব৷’ তাৰ পিছত মোলৈ ঠেলি দিলে, চাবলৈ৷ হাতত লৈ দেখো যে ছবি এখন, লেখা সামান্য অলপমান৷ ওপৰত উজলি আছে এটা শব্দ… কিবিথো৷ ভাৰত-চীন সীমান্তৱৰ্তী ঐতিহাসিক আৰু সামৰিক গুৰুত্বপূৰ্ণ জেগা এয়া য’ত ১৯৬২ৰ ‘বেটেল্‌ অফ ৱালং’ চলিছিল৷ প্ৰাণহানি আৰু পৰাজয়ৰ সন্মুখীন হোৱা ভাৰতীয় সৈন্যই ছত্ৰভংগ দিয়াৰ পিছত চীনে অনায়াসে দখল কৰিছিল উক্ত অঞ্চল৷ দেশৰ অন্তিম পূবত থকা সেই অন্তিম জনপদৰ নামেই কিবিথো৷ ভাৰতবৰ্ষৰ পূৰ্ব প্ৰান্তলৈ যোৱা ৰাস্তাৰ শেষমূৰটোও তাতেই৷ পৰ্যটন মহলত যাক ‘ইষ্ট অফ দ্যা নৰ্থ-ইষ্ট’ অৰ্থাৎ ‘উত্তৰ-পূবৰ পূব’ বুলি গৰ্বৰে অভিহিত কৰা হয়৷ উক্ত পথতে আগলৈ থকা হালধীয়া চাইনব’ৰ্ড এখনে পথিকক কৈ দিয়ে যে আগলৈ আৰু পথ নাই৷ পূবৰ পথটো তাতেই অন্ত হৈছে৷ এ’ণ্ড অফ দ্যা ৰ’ড হে’ড৷ তাৰোপৰি আৰু এক গুৰুত্বপূৰ্ণ কথা, সেইফালেৰেই চীন এৰি ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিছে লোহিত নৈখন৷ লোহিত হৈছে ব্ৰহ্মপুত্ৰৰ সেইমূৰৰ প্ৰধান উপনৈ৷ অসমৰ সমতলত এই লোহিতেই  দিবাং আৰু চিয়াঙৰ সৈতে মিলি পৰিচিতি লাভ কৰিছে ব্ৰহ্মপুত্ৰ নদ বুলি৷ পৃথিৱীৰ একমাত্ৰ পুৰুষ নদী এইখন৷ গতিকে সন্দেহ নাই, তাৰ অগ্ৰভাগ শক্তিমন্ত হ’বই হ’ব৷ ক্ষুদ্ৰ কিতাপখনৰ পৃষ্ঠাটোত সংলগ্নকৃত স্নেপটো আছিল ৱালঙত লোহিতৰ পাৰত নি্ৰ্মীয়মান বিমানকোঠটোৰ দীঘলীয়া ৰানৱে’ৰ৷ ৱালঙৰ আগলৈ কিবিথো৷ কিবিথোৰ বাটতে আছে সেই ডং, যাৰ বিষয়ে আগতে এবাৰ ভবা হৈছিল৷ গতিকে উচ্ছ্বসিত হোৱাৰ কথাই৷ ডঙতকৈ আগুৱাই যামগৈ আমি! একেবাৰে সীমান্ত পামগৈ! অৰুণাচল বুলিলে, সীমান্ত বুলিলে এনেয়েও বুজাব নোৱাৰা মাদকতা৷ এখন ভৰি দাং খায়ে থাকে মোৰ, আগৰে পৰাই৷

2  2দ্বিতীয়তে, মায়’ডিয়াৰ প্ৰতিও অৰুণদা আছিল ভীষণ উৎসাহী৷ যেতিয়াই তেতিয়াই, কথাই কথাই কেৱল মায়’ডিয়া, মায়’ডিয়া, মায়’ডিয়া৷ মায়’ডিয়াৰ বাবে যেন অসম্ভৱ মতলীয়া! মন্ত্ৰ মতাৰ দৰে, লগ পালেই জিভাৰ আগেৰে শব্দটো নিগৰি ওলাই আহে তেওঁৰ মুখগহ্বৰৰ পৰা৷ ‘মায়া নামৰ এজনী নেপালী যুৱতী, যি এদিন হঠাতে বৰফৰ বুকুত হেৰাই গল, তাইৰ নামেৰেই পাৰ্বত্য-নিবাস মায়’ডিয়া’… বৰ্ণনা কৰি যায় মায়’ডিয়া নামটোৰ উৎপত্তিৰ আঁৰৰ কাহিনী৷ সেয়া মই নাজানিছিলোঁ৷ উত্তৰ-পূব ভাৰতৰ জৈৱ বৈচিত্ৰ্যৰ এটা প্ৰধান অঞ্চল বুলিহে মাত্ৰ জানিছিলোঁ৷ সীমিত জ্ঞানেৰে আৰু জানিছিলোঁ যে অৰুণাচল বুলিলেই কিছুমান ঠাই আছে যিবোৰে বিশ্বৰ সৈতে সহজে ফেৰ মাৰিব পাৰে, তাৰ ভিতৰত মায়’ডিয়া অন্যতম৷ গতিকে অৰুণদাৰ সন্মুখত চমজদাৰ শ্ৰোতা হিচাপে বহি কাণ থিয় কৰি কেৱল শুনিহে গৈছিলোঁ৷ মনতে গুণা-গঁথা এটা চলাইছিলোঁ যে ইমান ইচ্ছা যেতিয়া মানুহটোক লৈ যাব লাগিব মায়’ডিয়াৰ শুকুলা বৰফৰ মাজলৈ, পাৰিলে কিবিথোৰে সৈতে একেটা ট্ৰিপতে মিলায়৷ পিছে এতিয়া গ’লে বৰফ কিন্তু শীতকালৰ ৰূপত সহজলভ্য ধৰণে বাটে-পথে নাপাব৷ ‘দৈনিক জনমভূমি’ত বক্স আইতেম হিচাপে ওলোৱা ৰ’য়িং, মায়’ডিয়া টুৰ অপাৰেটৰৰ ফোন নম্বৰৰ সৈতে দিয়া সৰু, দুই বৰ্গ ইঞ্চিমান জোখৰ এড মানে বিজ্ঞাপন এটা কোনোবা এদিন পাই কাটি ৰাখিছিল অৰুণদাই৷ কাগজৰ সেই টুকুৰাটোও মোলৈ সাগ্ৰহে আগুৱাই দিলে বুকলেটখনৰ পিছে পিছে৷ প্ৰস্তুতিৰ উদ্দেশ্যৰে দুয়োটা বস্তু হাতত লৈ তেওঁৰ অফিচ ৰুমৰ পৰা বাহিৰ ওলালোঁ৷ ঘৰ পায়ে আকৌ আৰম্ভ হৈ গ’ল অবিৰত অধ্যয়ন৷ মৃণাল তালুকদাৰৰ ক্রমে ‘ছাংপোৰ পৰা ব্ৰহ্মপুত্ৰলৈ’, ‘১৯৬২’ আদি গ্ৰন্থ সেই আপাহতে উৰাই-ঘূৰাই ঘোদালি পেলালোঁ৷ ৰাতি ৰাতি গুগল খুঁচৰিলোঁ৷ বিভিন্নজনৰ ট্ৰেভেলগ পঢ়াৰ উপৰি মেপ অধ্যয়ন কৰিলোঁ, ফটো চালোঁ৷ তেনেদৰে যিখিনি তথ্য উদ্ঘাটন আৰু আয়ত্ত কৰিব পাৰিলোঁ তাকে সাৰথি কৰি ৰঙীন চিত্ৰসহ আগতীয়াকৈ টোকা প্ৰস্তুতকৰণেৰে নিজৰ ব্লগত ভৰালোঁ৷ সংগীসকলকো খবৰ দিলোঁ পঢ়ি চাবলৈ৷ চাই কিছু কথা জানিবলৈ৷ কাৰণ এঠাইলৈ যোৱাৰ আগতে সেই ঠাইখনৰ বিষয়ে যিমান পাৰি পঢ়ি লোৱাটো ভাল৷2  3

তিনি ৷৷ দিন আৰু টীম ঠিক হ’ল

তিনিমাহমানৰ আগৰে পৰাই কুৰু কাৰাং কৰি থকা হৈছিল যদিও নিৰ্ধাৰিত দিনটো অহাৰ দুমাহৰ আগতে এদিন আমাৰ আলোচনাত বিহুৰ বন্ধত যোৱাটোকেই খাটাং কৰি পেলোৱা হ’ল৷ ‘১০এপ্ৰিলৰ নিশা ওলাই যাম দিয়ক’ বুলি অৰুণদাই কেলেণ্ডাৰ চাই মতামত দি দিলে৷ কাৰণ তেওঁ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ চৰকাৰৰ নিমখ খোৱা মানুহ৷ অফিচিয়েল কাম আৰু ছুটী মিলোৱাৰ কথা আছে৷ ঈশ্বৰৰ কৃপাত মোৰ যেনিবা সেইটো ঝামেলা নাই৷ লিভৰ এপ্লিকেচনো কাকো কৰিবলৈ নাই, কাকো কৈফিয়ৎ দিবলৈও নাই৷3  1

অলপ পিছতে কি ভাবি জানো, যাত্ৰাটোৰ কথা গোপনে ৰাখিবৰ বাবে অৰুণদাই অনুৰোধ জনালে৷ কাকো নোকোৱাকৈ চুপে-চাপে যোৱাৰ মতলব৷ ঘূৰি আহি ‘অসমীয়া প্ৰতিদিন’ৰ ‘দেওবৰীয়া সম্ভাৰ’ত সবিস্তাৰে লেখা আগ বঢ়োৱাৰ ইচ্ছা, যিদৰে নামপং, ভূটান, লেহ, লাডাখৰ ধাৰাবাহিক ভ্ৰমণ কাহিনী তেওঁ উক্ত স্পটবোৰ ভ্ৰমি আহি গৰমে গৰমে লিখি পেলাইছিল৷ তেনে ধৰণৰ গোপনীয়তাতো চাগৈ লুকাই থাকে বুজাব নোৱাৰা এক ধৰণৰ সুকীয়া আনন্দ৷ ল’ব জনাই ল’ব জানে৷ অৰুণদাই বোধ কৰোঁ তাকেই বিচাৰে মনে মনে৷ খেলি-মেলি, হাই-উৰুমি ভাল নোপোৱা কবিমনৰ সৰলচিতীয়া সংবেদনশীল মানুহ৷ গুপুত অভিযাত্ৰী হৈ ৰ’ব খোজে প্ৰতিটো অভিযানৰ৷ মনে-প্ৰাণে কিন্তু বিচাৰে, সেই যাত্ৰাক অনুসৰণ কৰি আনেও চলাওক অভিযান৷ হেৰাই যাওক৷ হেৰাই যোৱাৰ আনন্দ লওক আন কোনোবায়ো৷ সেয়েহে তেওঁ নিজৰ লেখাত ভ্ৰমণস্থলত পাই অহা গাড়ীৰ ড্ৰাইভাৰ, হ’ম ষ্টে’ বা আন আন সহায়কাৰীসকলৰ ফোন নম্বৰ পৰ্যন্ত খোলাখুলিকৈ উল্লেখ কৰি দিয়ে, পৰ্যটন কৰাত পৰৱৰ্তীজনৰো সহজ হওক বুলি৷

দাদাৰ সুবিধামতে দিন ঠিক হোৱাৰ পিছত টীম ঠিক কৰাৰ সময় আহিল৷ মাৰ্ক’ পল’ৰ এইবাৰৰ সদস্য নিৰ্বাচনৰ সংক্রান্তত ঠিৰাং হ’ল যে দলত মুঠতে চাৰিজন যাত্ৰী থাকিব৷ বেছি নহয়৷ কাৰণ গাড়ী আৰু ছিট কেপাচিটিৰ কথা আছে৷ বেছি হ’লে বাহন ডাঙৰ হ’ব বা সংখ্যা বঢ়াব লাগিব৷ থকা-মেলাতো তেতিয়া খেলিমেলি হ’ব পাৰে৷ গতিকে সীমিতসংখ্যক ভ্ৰমণকাৰী৷ ড্ৰাইভাৰক বাদ দি কেৱল চাৰিজন৷ তাৰে অৰুণদাই নিজৰ এজন পাৰ্টনাৰ নিৰ্বাচন কৰি ল’ব বুলি ছিট এটা ৰিজাৰ্ভ কৰিলেই৷ পিছত জানিলোঁ, সেইজন অনিলদা৷ অনিল সূত্ৰধাৰ৷ পেছাত ব্যৱসায়ী আৰু ফুৰা-চকাত ৰুচি থকা দিল খোলা স্বভাৱৰ বুদ্ধিমান লোক৷ যোৱাবাৰ তেৱোঁ গৈছিল নামপঙৰ পাংচাও পাচ ৱিণ্টাৰ ফেষ্টিভেল আৰু লে’ক অফ ন’ ৰিটাৰ্ণলৈ, তেওঁলোকৰ গ্ৰুপত৷ তাৰ মানে মোক লৈ তিনিজন হ’লেই৷ বাকী থাকিল এখন মাথো আসন৷ মনে মিলা কাৰোবাক বাছি ল’বলৈ ক’লে মোক৷ চিন্তা কৰিলোঁ, কাক লোৱা যায়? কাক ধৰিম, কাক এৰিম? ইফালে মন কৰিবলগীয়াযে যাত্ৰা কালটোও পৰিছে আকৌ বছৰেকৰ বিহুটোৰ ভৰপক বতৰতে৷ পৰিবাৰ, সতি-সন্ততি এৰি, ব’হাগৰ ৰং ত্যাগ কৰি ওলাবনে কোনোবা অত্যুৎসাহী, এনে এক অনিশ্চয়তাভৰা যাত্ৰালৈ, য’ত যোৱাৰ দিন ঠিক আছে, ঘূৰি অহাৰ দিন একো ঠিক নাই? একে কথা প্ৰযোজ্য গন্তব্যস্থলৰ ক্ষেত্ৰতো৷ ডং, কিবিথো বাৰু ঠিক আছে৷ ওচৰা-ওচৰি ঠাই৷ মায়’ডিয়াৰ ভৌগোলিক অৱস্থান হ’লগৈ কেনিবা! ইফালে মোৰো ম্যানমাৰলৈ যোৱা পুৰণি সংগী আছে তিনিজনকৈ৷ এইবাৰ যাওক-নাযাওক পিছ কথা, প্ৰসংগটো তেওঁলোককো অৱশ্যেই অৱগত কৰিব লাগিব৷ অন্যথা পিছত কিবা কথা উঠিব পাৰে৷ তাকে কেন্দ্ৰ কৰি মনান্তৰ ঘটিব পাৰে৷ অৰুণদা কিন্তু দৃঢ়৷ কাকো ক্ষুণাক্ষৰেও কোৱা নাই৷ নক’বও চাগৈ৷ কিন্তু মই কি কৰোঁ? দুই নাও দুই ভৰি৷

দকৈ ভবাৰ অন্তত আগৰবাৰৰ সংগী তথা ‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লেখক, বন্ধু সঞ্জু বৰাক প্ৰথমে টুকুৰিয়াই চালোঁ৷ একে আষাৰেই সৈমান হৈ গ’ল তেওঁ৷ একেই উৎসাহ-উদ্দীপনা, যোগাত্মক চিন্তাধাৰা, সাহসী আৰু এডভেন্সাৰাচ মানসিকতা৷ ভাবিছিলোঁ, ব’হাগী বতৰত পত্নী স্বৰ্ণালী আৰু পুত্ৰ সন্দীপনক এৰিব নোৱাৰি তেওঁ এইবাৰৰ প্ৰগ্ৰাম দস্তৰমত কেনচেল কৰিব৷ কিন্তু ক’তা? ওলালেহেচোন আগ বাঢ়ি৷ একে আষাৰতে একদম স্পষ্ট ভাষাৰে কৈ দিলে, ‘যাব পাৰি৷ আৰু কোন কোন যাব আমাৰ লগত?’ বুলি৷ সদস্য সংখ্যা অনুপাতে দল গঠন সম্পূৰ্ণ হৈয়ে গ’ল তেতিয়াই৷ ৰাতিয়েই অৰুণদাক এছ.এম.এছ. যোগে অগ্ৰগতিৰ বাৰ্তা জনালোঁ৷ সেই কেইদিনত অনেক এছ.এম.এছ.ৰ আদান-প্ৰদান চলিল, বিভিন্ন প্ৰসংগ লৈ৷ অৰুণদা সুখী হ’ল৷ মইহে পিছে দোমোজাত পৰি ৰ’লোঁ৷ যি হয় হ’ব বুলি আন দুজন প্ৰাক্তন ভ্ৰমণ-সংগীৰ আগত কথাটো সোনকালেই বেকত কৰি পেলালোঁ আৰু য়েছ-ন’ হিচাপত শীঘ্ৰে এককথীয়া জবাব আশা কৰি বহি ৰ’লোঁ৷ উৎকণ্ঠাৰে কেইটামান দিন পাৰ হোৱাৰ পিছত ব্যক্তিগত অসুবিধাৰ উল্লেখেৰে ‘মন থাকিলেও যাত্ৰা সম্ভৱ নহ’ব’ বুলি উভয়ে জনালে৷ ডক্টৰ ৰাজু গগৈৰ কলেজৰ পৰীক্ষাৰ বহী চোৱাৰ দায়িত্ব, পংকজ দাসৰ জীয়েক উদ্ধৃতিয়ে বিহুত নাচিব৷ নিগেটিভ যদিও উত্তৰ দুটা কিন্তু বেয়া নালাগিল৷ কাৰণ পজিটিভ হোৱা হ’লে সমস্ত ডিজাইনটোৱেই সলাব লাগিলহেঁতেন! বাচি গ’লোঁ৷

বচ৷ মাৰ্ক’ পল’ৰ টীম ফাইনেল৷ আৰু এটাও ছিট নাই গাড়ীত৷ কল্পনাতে মনটো অৰুণাচলৰ পাহাৰে পাহাৰে ঘূৰিব লাগিল৷

চাৰি ৷৷ আই.এল.পি. তৈয়াৰ হৈ গ’ল

দিন আৰু টীম ফাইনেল হ’লত অকণো কালবিলম্ব নকৰি নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলেৰে ২৩মাৰ্চৰ পুৱাতে অকলেই ৰাওনা দিলোঁ প্ৰভিজনেল ইনাৰ লাইন পাৰ্মিট উলিয়াবৰ নিমিত্তে, গুৱাহাটীলৈ৷ কাৰণ সেইটো এটা গুৰুত্বপূৰ্ণ কাম৷ যাত্ৰাটোৰ বাবে পৰিকল্পনা, দৰকাৰী যোগাযোগ, অনুমতি আদিৰ উপৰি ট্ৰেইনৰ টিকট, গাড়ী, ড্ৰাইভাৰ, থকা, খোৱা ইত্যাদি সমস্ত ব্যৱস্থাপনাৰ দায়িত্ব স্বেচ্ছাই কান্ধ পাতি লৈছিলোঁ৷ কাৰণটো আছিল আগতে উল্লেখ কৰি অহা সেই জ্বলন্ত ইচ্ছাটো৷ সেই বাৰ্ণিং ডিজায়াৰ, ডং পাবই লাগে, এবাৰ নহয় এবাৰ৷ আৰু তাৰ সুবৰ্ণ সুযোগ এইটোৱেই বুলি ষষ্ঠ ইন্দ্ৰিয়ই মোক সকীয়াই আছিল৷ ইপিনে হায়ুলিয়াঙত থকা অৰুণাচলী সহপাঠীয়ে কৈ আছিল, ‘গে’টত মই ফোন কৰি কৈ দিম, আহি যাবি, পাছ নালাগে’ বুলি৷ মই নামানিলোঁ৷ বহিঃৰাজ্যখনত প্ৰৱেশৰ ক্ষেত্ৰত বাহাল থকা নিয়মক সন্মান জনোৱাটোহে উচিত কথা হ’ব৷4 - 1

ইণ্টাৰনেট যোগে আই.এল.পি.ৰ বিষয়ে আগতীয়াকৈ অধ্যয়ন কৰি আমাৰ চাৰিওজনৰে ভোটাৰ আই.ডি., পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্সৰ ফটোক’পি, নিৰ্দিষ্ট আকাৰ অনুযায়ী কেইবাক’পিও ফটোগ্ৰাফ সুন্দৰভাৱে সজাই-পৰাই ল’লোঁ যাতে সময়ত অফিচত এটাও আপত্তি দৰ্শাব নোৱাৰে৷ ফৰ্মখনো ডাউনল’ড কৰি পৰিষ্কাৰ ৰূপত পূৰাই ল’লোঁ৷ উক্ত দিনাই দুপৰীয়ালৈ বিচাৰি উলিয়ালোঁ গুৱাহাটীৰ ৰুক্মিণী গাঁওস্থিত অৰুণাচল প্ৰদেশ চৰকাৰৰ ডেপুটি ৰেচিডেণ্ট কমিচনাৰৰ কাৰ্যালয়৷ ক’লা-বগা চাইনব’ ‘ৰ্ডখন দূৰৰ পৰাই দেখা মাত্ৰকে মনটোৱে নাচিবলৈ আৰম্ভ কৰিছিল৷

দায়িত্ববাহী বিষয়াজনে মই আগ বঢ়াই দিয়া ফৰ্মখনলৈ চাই সুধিলে, ‘কিবিথো? কিয় যায় কিবিথোলৈ?’ ডেষ্টিনেছন লক্ষ্য কৰি অফিছাৰ বৰাছাৰ বোধ হয় আচৰিতেই হৈছিল৷ কাৰণ, আজিও খুব কমসংখ্যক অসামৰিক মানুহহে সেই বাটে যায়৷ মন কৰিছিলোঁ, সিদিনাৰ পাছ-প্ৰয়াসীসকলৰ বেছিভাগৰে উল্লিখিত গন্তব্যস্থল আছিল হয় ইটানগৰ, নহয় পাছিঘাট; বৰ বেছি তেজু৷ ৱালং, কিবিথো, ডং কাৰো লক্ষ্যস্থান নাছিলেই৷ সাধাৰণতে দৰকাৰো নপৰে বা যাওঁ বুলিলেও সতকাই আহ-যাহ কৰিব পৰা সহজ লক্ষ্যও নহয় চাগৈ৷ উত্তৰত ক’লোঁ, ‘ভ্ৰমণৰ উদ্দেশ্যৰে যাওঁ ছাৰ৷’ ‘নৰ্থ ইষ্ট ট্ৰেভেল গাইড’খন সেই মুহূৰ্তত মোৰ আঙুলিৰ ফাঁকত আছিল৷ অৰুণদাই সেইখন মোক পঢ়িবলৈ দিছিল, যাত্ৰাৰ প্ৰস্তুতি চলাবৰ অৰ্থে৷ কিন্তু হাতত পৰাৰে পৰাই বুকলেটখন নিজৰ ৱৰ্কিং টেবুলত চকুৰ আগত সজাই থৈছিলোঁ৷ পাৱাৰ অফ ভিচুৱেলাইজেচন যেনিবা! ভিচুৱেলাইজ কৰি কৰি সেই ঠাই কেতিয়া পামগৈ তাৰে উত্তেজনাত মছগুল আছিলোঁ দিনটোৰ সৰহ সময়৷ সিদিনাও বেগত সুমুৱাই সেইখন লৈ গৈছিলোঁ৷ বুকলেটখনৰ পাত লুটিয়াই অফিছাৰজনক দেখুৱালোঁ, কিবিথো পৃষ্ঠাটো৷ লগতে দৃঢ়তাৰে উত্থাপন কৰিলোঁ, ‘সুবিধা কৰিব পাৰিলেই উত্তৰ-পূৰ্বাঞ্চলৰ দুৰ্গম, অনিশ্চয়তাৰে ভৰা, কষ্টগম্য ঠাইবোৰ আমি ভ্ৰমি ফুৰোঁ৷ আমাৰ বাবে সেইটো এটা পছন্দৰ অভিযান৷ জীৱনৰ আনন্দ৷ জয়ৰামপুৰ গে’টেৰে পাংচাও পাছ অতিক্রম কৰি ম্যানমাৰৰ লে’ক অৱ ন’ ৰিটাৰ্ণলৈকে পদব্ৰজে গৈছোঁ৷ নামচিক গে’টলৈকো গৈছোঁ৷ লিকাবালি গে’টৰ মালিনী থানৰ ওপৰলৈ উঠিছোঁ৷ অৰুণাচলৰ নিৰজুলিত পঢ়ি থকা কালতে কিমিন গে’টেৰে য়াজালিলৈ গৈ ৰঙানদী হাইড্ৰ’ইলেক্‌ট্ৰিক্‌ প্ৰজেক্ট চাইছিলোঁ৷ বান্দৰদেৱা, ইটানগৰ, নাহৰলাগুন, দুইমুখ, টাৱাং, ব’মডিলা, ভালুকপুং, টিপি আদিতো তেতিয়াই ঘূৰিছোঁ-ফুৰিছোঁ৷ তেজুলৈ ছাত্ৰাৱস্থাত, ১৯৯৩চনতে যোৱা৷’ ইচ্ছা কৰিয়ে পৰিসংখ্যা অলপ শুনাই দিলোঁ৷ মানুহজনে হাঁহিলে৷ পাগল বুলি ভাবিলে যদিও নাজানো৷ ভাবিলেও কোনো কথা নাই৷ মুঠতে আমাক আই.এল.পি. লাগে, ডিৰাক গে’টেৰে, কিবিথোলৈ৷ ইফালে তেওঁৰ সন্মুখতে বহা অৰুণাচলী লেডীগৰাকীয়েও পুস্তিকাখন খুজি লৈ পাত-পাতকৈ চাব ধৰিলে৷ সুধিলে, ‘য়ে’ আপক’ কাহাঁছে মিলা?’ উৎসটোৰ সম্বন্ধে চমুকৈ বিৱৰিলোঁ৷ দিওঁ-নিদিওঁকৈ ঘূৰাই দিলে অলপ পিছত৷ বুজি পালোঁ, তেওঁ সেইখনৰ প্ৰতি আকৃষ্ট হৈছে৷ দ্বিতীয় এক’পী থকা হ’লে দিয়ে দিলোঁহেঁতেন কিজানি৷ কি ঠিক, তেওঁৰো আমাৰ দৰে ভ্ৰমণপিয়াসী মন এটা জানোচা আছেইবা!

কাউণ্টাৰৰ পৰা ফৰ্ম লৈ নতুনকৈ ফিল্‌-আপ কৰি ফটো আৰু আইডেণ্টিটি প্ৰুফখিনি প্ৰত্যেকৰে বাবে ভাগে ভাগে গাঁথি দিবলৈ নিৰ্দেশ দিলে৷ এখনত ২০টকাকৈ ৮০টকাৰে চাৰিখন ফৰ্ম সংগ্ৰহ কৰি ল’লোঁ৷ পূৰাই জমা দিয়াৰ অলপ পৰৰ পিছতে মুখৰ আগতে ভেৰিফিকেচনৰ কামখিনি হৈ গ’ল৷ আই.এল.পি. ফিজ হিচাপে ১০০ টকা জমা দিবলৈ ক’লে৷ কাউণ্টাৰত বহা বাইদেউ এগৰাকীয়ে ফৰ্মকেইখন চাই আৰু ইতিমধ্যে তেজু-কিবিথোৰ কথাখিনি শুনা পাই নিজকে দমাই ৰাখিব নোৱাৰিলে৷ উৎসাহ আৰু গৰ্বেৰে জনালে যে তেওঁবিলাকো একালত তেজুত আছিল৷ সত্তৰৰ দশকত স্বামীয়ে আৰক্ষী বিভাগত কাম কৰিছিল৷ কৰ্তব্যৰ খাতিৰত খোজ কাঢ়িয়ে গৈছিল দুৰ্গম কিবিথোলৈ৷ তেওঁৰ মুখে তেনেকৈ শুনি আমাৰ ভ্ৰমণটোযে কিমান ৰোমাঞ্চকৰ হ’ব পাৰে, তাৰে কাল্পনিক ৰেখাংকন এটা মনৰ তুলিকাত তৎমুহূৰ্ততে কৰি পেলালোঁ৷ কাষৰ কাউণ্টাৰত বহাজনে ‘কাইলৈ পুৱা ১০বজাত অফিছ খোলাৰ পৰত পাছকেইখন লৈ যাবহি’ বুলি জনালে৷ ‘হ’ব’ বুলি স্বস্তিৰ নিশ্বাস এৰি দিছপুৰ লাষ্ট গে’ট পালোঁহি, প্ৰশান্ত কুমাৰ বৰাৰ কৰ্মস্থলী জনসংযোগ বিচাৰি৷ বাটত দেৱাল লিখন এটা চকুত পৰিল… ‘মৃত্যু নোহোৱা, যদি প্ৰকৃতিপ্ৰেমী হোৱা’৷ কথাষাৰে মনত ৰেখাপাত কৰাৰ লগতে ভবাই তুলিলে৷

পিছদিনা ঠিক অফিচ খোলাৰ সময়তে উপস্থিত হ’লোঁগৈ৷ ১১এপ্ৰিলৰ পৰা ১৭এপ্ৰিল পৰ্যন্ত ইনাৰ লাইন ক্রছ কৰাৰ অনুমতি-পত্ৰ চাৰিখন সাগ্ৰহে গ্ৰহণ কৰি উজনিমুৱা গুৱাহাটী-মৰিয়নি ইণ্টাৰচিটি এক্সপ্ৰেছত আনন্দমনে ঘৰলৈ উভতিলোঁ৷ বাটে বাটে নিজকে নিজে কৈ আহিলোঁ এষাৰ কথা, সেই পথৰ পথিক হ’ম, যি পথে যোৱা নাই সৰহ মানুহ৷ ‘সৰহ’ আৰু ‘মানুহ’ শব্দ দুটাৰ মাজত কোনোবাই বহুৱাই দিছিল ‘অসমীয়া’ শব্দটো৷

পাঁচ ৷৷ পূবৰ পৰা ড্ৰাইভিং আৰম্ভ কৰিব খোজা চিনাকি এজনো নাপালোঁ

আই.এল.পি.ৰ গুৰুত্বপূৰ্ণ কামটো মাৰ্চৰ ২৩-২৪ তাৰিখেই আৰামছে হৈ গ’ল৷ এটা চিন্তা গ’ল৷ এতিয়া চঞ্চলতাৰে মাথো ক্ষণ গণি আছোঁ৷ নিৰ্দিষ্ট দিনটো কেতিয়া আহে কেতিয়া আহে লাগিছে৷ আহিলেই পূবমূৱা হোৱাৰহে কথা৷ লুক্‌ ইষ্ট পলিচীয়েও বাৰে বাৰে তাকেই কৈছে৷ পূবলৈ চোৱা, পূবক জানা৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীজীয়েও মন্তব্য কৰিছে, ‘আমি পূবৰ পৰাই আৰম্ভ কৰিম ভাৰতবৰ্ষৰ উন্নয়ন’৷ ময়ো ভাবোঁ, পূবত আছে কি, পূবত নাই কি? অন্য কথা মোৰ ক’বলৈ নাই, পিছে নিজৰ মনৰ এটা অতি সাধাৰণ ধাৰণা এনেকুৱা যে ট্ৰেভেলিঙক হ’বী হিচাপে গ্ৰহণ কৰা প্ৰতিজন ভ্ৰমণকাৰীয়ে দৰাচলতে পূবৰ পৰাহে আৰম্ভ কৰা উচিত ভাৰত দৰ্শনৰ কাৰ্যসূচী৷ অন্যথা যিমানেই নুঘূৰক, দিল্লী-মুম্বাই-কলকতা-চেন্নাই; ভাৰত দৰ্শন অসম্পূৰ্ণ৷ দেশৰ পূব প্ৰান্ত, উত্তৰ-পূবৰ অন্তিম পূব নেদেখাকৈ পশ্চিম-উত্তৰ-দক্ষিণ চোৱাটো মিছা৷ পূবলৈ যোৱাৰ আন্তৰিক তাগিদাটো এই যুক্তিটোৱেই পলে পলে সবল কৰিছে মোৰ মন-গহনত৷ নিজকে নিজে বাৰে বাৰে কৈছোঁ, ভাৰতবৰ্ষৰ যি স্থানত প্ৰতিটো পুৱা সূৰুযৰ হেঙুলী কিৰণ সবাতোকৈ আগতে পৰে, সূৰ্য উঠা পূবৰ সেই স্থান চাবগৈ লাগিবই লাগিব এদিন৷ মিলেনিয়াম চানৰাইজ কিবা কাৰণত মিছ কৰিব পাৰোঁ, কিন্তু ভাৰতীয় সূৰ্যোদয়ৰ বাট বিচাৰি উলিয়াব পৰাটো এইটো জীৱনত হ’ব এটা অৱশ্যকৰণীয় কাম৷ তাৰ পৰৱৰ্তী খেপত থাকিব দেশৰ অন্তিম সূৰ্যাস্ত অৰ্থাৎ সবাতোকৈ পশ্চিম স্থান দৰ্শনৰ প্ৰচেষ্টা৷ তাৰ পিছত একেবাৰে উত্তৰ, তাৰ পিছত একেবাৰে দক্ষিণ৷ দেশৰ অন্য তিনিটা চুকত সেইবোৰ ক’ত কেনেকৈ আছে তাৰ বিচাৰো নোলোৱাকৈ নাথাকিম, কিন্তু সূৰ্যোদয় অৰ্থাৎ পূব আকাশ অৱশ্যেই হ’ব লাগিব ফাৰ্ষ্ট চইচ৷ এনে এটা টুৰিষ্ট চাৰ্কিট কমপ্লিট কৰা পৰিব্ৰাজক আছেনে নাই, থাকিলেও কিমান আছে নাজানো৷ নিতৌ সূৰ্য-নমস্কাৰ কৰা মানুহৰো কিমানেনো দেখিছে ডং নামৰ সেই কষ্টগম্য ঠাইটুকুৰা, তাক লৈও প্ৰশ্ন জাগে মনৰ সংগোপনত৷ সি যি কি নহওক, নিৰ্দিষ্ট দিনটো নহালৈকে সূৰ্য অহা সেই বাটটো চাবলৈ ভিতৰি উত্তেজনা এটা অহৰহ চলি থাকিল আমাৰ মনত৷ এইটো কাৰণতে সূৰ্যটোলৈ অৰ্থপূৰ্ণ দৃষ্টিৰে চাই থকা হ’লোঁ৷5 - 1

গাড়ী আৰু ড্ৰাইভাৰ তিনিচুকীয়াত যোগাৰ কৰা হওক বুলি আগৰ বৈঠকত ইতিপূৰ্বে সিদ্ধান্ত লোৱা হৈছিলেই৷ তবু মনে মনে ভাবি থাকিলোঁ, ডিফুৰ পৰাই হ’লে কেনে হয়? অন্ততঃ খৰছ কিছু বাচিব৷ গাড়ী যোগাৰ হৈ যাব বাৰু৷ ড্ৰাইভিং ছিটটোও খালী আছে৷ পিছে দূৰত্ব যিহেতু বহুত, তাতোকৈ, যিহেতুকে কেতিয়াও নোযোৱা অচিন পাহাৰীয়া ৰাস্তা, গাড়ী চলাব কোনে? মোৰ বাদে সহযাত্ৰী সংগী প্ৰত্যেকজনৰে ঘৰত নিজৰ নিজৰ গাড়ী-মটৰ আছে৷ চলাবও জানে প্ৰতিজনে৷ কিন্তু…! এই আপাহতে নিজৰ গাড়ী থকা আৰু নিজে চলাব জনা অন্য কেইজনমান বন্ধু-বান্ধৱক পোনপটীয়াকৈ টুকুৰিয়াই চালোঁ চমু প্ৰশ্ন এটাৰে… ‘গাড়ী চলোৱাটো আপোনাৰ হ’বিনে?’ উত্তৰ আশাব্যঞ্জক নাপালোঁ কিন্তু কাৰো পৰাই৷ কোনোৱে ক’লে, ‘চলাওঁ আৰু…’৷ ঢিলা কণ্ঠস্বৰ৷ কোনোবাই ক’লে, ‘হ’বি বুলি নহয়, এনেয়ে চলাওঁ আৰু৷’ বুজিলোঁ, ডিফু চহৰত উৰাই-ঘূৰাই গাড়ী দৌৰায় যদিও ড্ৰাইভিং এজনৰো হ’বি নহয়৷ মানে হ’বি হিচাপত গঢ়িব পৰা নাই আজিলৈ৷ সন্তানক স্কুললৈ অনা-নিয়া কৰা, পৰিবাৰক বজাৰলৈ নিয়া, নিজে অফিছলৈ যোৱা, কাৰোবাৰ ঘৰত বিয়া-জন্মদিন খাবলৈ যোৱা, ক্লাব বা মেলে-মিটিঙে যোৱা, বিহুৱে-সংক্রান্তিয়ে সপৰিয়ালে শহুৰৰ ঘৰলৈ যোৱা, ডাক্তৰৰ গুৰিলৈ বা হস্পিতাললৈ যোৱা, দৈবাৎ এদিন টাউনৰ বাহিৰলৈ… বচ; মাইল-মিটাৰে ধৰি ৰখা কিল’মিটাৰৰ পৰিধি সিমানেই৷ তাৰ আগলৈ আৰু কোনো অভিজ্ঞতা নাই৷ আনহাতে নিজৰ গাড়ীখনৰ কাৰিকৰী সম্পৰ্কীয় জ্ঞানো নিচেই সীমিত৷ সামান্য কিবা এটা বিজুতি ঘটিলেই মেকানিক বিচাৰি হায়ৰাণ৷ ষ্টীয়েৰিং, গীয়েৰ, ব্ৰে’ক, এক্সিলাৰেটৰ, মিউজিক চিষ্টেম, কাৰ ৱাশ্ব৷ ইমানৰ ভিতৰতে পাক-ঘূৰণি৷ গতিকে গাড়ী চলোৱা হ’বিৰ নিৰ্ভৰযোগ্য, নিকট বন্ধু মানুহ এজনো নোলাল৷ নহ’লেবা প্ৰায় ১,৫০০ৰ পৰা ১,৮০০কিল’মিটাৰ ড্ৰাইভিঙৰ অভিজ্ঞতা আৰু আমেজ ল’ব পৰা সোণালী সুযোগ এটা হাতে ঢুকি পোৱাতে আছিল৷ পূবৰ স্পৰ্শেৰে তেৱোঁ হয়তো উন্মোচন কৰিব পাৰিলেহেঁতেন বিৰল প্ৰয়াস এটাৰ৷ পিছে…
নিজাকৈ গোপনে চলোৱা সেই প্ৰচেষ্টা আৰু আশা বাদ দি পূৰ্বৰ দলীয় মত কাৰ্যকৰী কৰিবলৈকে এম.ভি.আই. বন্ধু মণ্টু দাসক এদিন ফোন লগালোঁ৷ তেওঁ আগতে তিনিচুকীয়াত আছিল৷ তেতিয়াই আমাৰ আগৰবাৰৰ যাত্ৰাটোত সহায় পাইছিলোঁ৷ এতিয়া পিছে কৰ্মস্থান সলনি হৈছে গোলাঘাটলৈ৷ সি যি কি নহওক, মণ্টুৰ আগত ভ্ৰমণৰ সবিশেষ প্ৰথমে দাঙি ধৰিলোঁ৷ গোলাঘাটৰ পৰাই ফোনেৰে তিনিচুকীয়াত কথা পাতি ভাল গাড়ী এখন বন্দবস্তৰ উপৰি ম’বাইলৰ নম্বৰ যোগাৰ দি মণ্টুৱে আন্তৰিকতাৰে সহায়ৰ হাত আগ বঢ়ালে৷ সজ পৰামৰ্শও কিছু পালোঁ৷ সেইমতে ড্ৰাইভাৰ সুমিত সিং পেটেলৰ লগত প্ৰথমে এদিন ফোনত যোগাযোগ কৰিলোঁ৷ অৰুণাচলৰ পাহাৰে-পানীয়ে দীৰ্ঘদিনীয়া ড্ৰাইভিঙৰ অভিজ্ঞতাৰে পুষ্ট পেটেলৰ পৰা অনেক খবৰ আগধৰি জানি ল’ব পাৰিলোঁ৷ তেওঁক আৰু এৰি দিয়া নহ’ল৷ যোগাযোগ বৰ্তাই ৰাখি মাজে মাজে কথা-বতৰা চলি থাকিল৷ আনহাতে যাত্ৰাৰ দুদিন আগতেহে গাড়ীৰ মালিক দেৱজিত দুৱৰাৰ লগত ফোনযোগে বাৰ্তালাপ হ’ল৷ ‘আগধন লাগিব নেকি’ সোধাত তেওঁ ‘নালাগে’ বুলিয়ে খোলামনে জনালে৷ আগদিনাখন এহাজাৰ টকাৰ তেল ভৰাই ড্ৰাইভাৰসহ স্কৰপিঅ’খন আমাৰ বাবে তিনিচুকীয়া ৰে’ল ষ্টেচনৰ বাহিৰত সাজু কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিলে৷ পেটেলক আনকি আগদিনা অন্য কোনো ভাড়া মাৰিবলৈ ওলাই যাবলৈ নিদি সম্পূৰ্ণ ৰে’ষ্ট দিলে, আমাৰ বাবেই৷ কাৰণ অসমৰ সমতল এৰি অধিকাংশ সময় অৰুণাচলৰ বিপদসংকুল পাৰ্বত্য পথত গাড়ী দৌৰাব লাগিব একেৰাহে কেইবাদিনলৈ৷ যাত্ৰা সমাপ্তিৰ তাৰিখ নাই৷ আৰম্ভণিৰ তাৰিখহে জনোৱা হৈছে, ১১এপ্ৰিল বুলি৷

হাতত থকা সময় আৰু দায়িত্ব বুজি ইতিমধ্যে ডিফুৰ পৰা তিনিচুকীয়ালৈ যাবৰ বাবে ট্ৰেইনৰ টিকটকেইটা ১০দিন আগতে অগ্ৰিমভাৱে বুক কৰি পেলালোঁ৷ ১৫৯৫৯নং উজনিমুৱা হাওড়া-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছৰ ১০এপ্ৰিল তাৰিখৰ শ্লিপাৰৰ টিকট চাৰিটা কটা হ’ল৷ নিশা ৮বাজি ৪৮মিনিটত ডিফু৷ পিছদিনা পুৱা ৪বাজি ২০মিনিটত নিউ তিনিচুকীয়া৷ তাৰ পৰা আগলৈ পথে পথে, একেবাৰে সীমান্তলৈ৷ অন্তিম পূবৰ পথ শেষ নোহোৱালৈকে৷ ড্ৰাইভি হুইলত থাকিব সুমিত সিং পেটেল৷

ছয় ৷৷ পুৰণি বন্ধু, নতুন সংযোগ

 6 - 1

মোৰ যোৰহটীয়া অধ্যয়নকালৰ অৰুণাচলী সহপাঠী বন্ধু ধৰ্মেন৷ লগৰ ল’ৰাবিলাকে জোকাইছিল ‘ডফলা’ বুলি৷ মই মাতো ‘ধৰ্মেন বাবু’৷ বছৰদিয়েক আগতে ইটানগৰত দৈবাৎ এদিন তাৰ সৈতে দেখাদেখি৷ সেয়াই লাষ্ট৷ সম্প্ৰতি ক’ত আছে, কি কৰিছে নাজানো এতিয়া৷ যাত্ৰাৰ বিষয় লৈয়ে তালৈ এৰি দিলোঁ এটা এছ.এম.এছ…. ‘নমস্কাৰ এণ্ড গুড মৰ্নিং ডিয়েৰ ধৰ্মেন বাবু৷ মি এণ্ড ছাম অফ মাই নেচাৰ এণ্ড এডভেন্সাৰ লাভাৰ ফ্ৰেইণ্ডছ টুগেদাৰ ৱিশ্ব টু ভিজিট কিবিথো এণ্ড ডং অফ আঞ্জাৱ ডিষ্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশ অন ইলেভেনথ এপ্ৰিল টু থাউজেণ্ড এণ্ড ফিফটিন৷ বিইং এন এক্সপিৰিয়েনচড য়ং মেন হেইলিং ফ্ৰম তেজু হাউ কেন ইউ হে’ল্প আছ ইন দিছ ৰিগাৰ্ড বাই প্ৰভাইডিং ইয়’ৰ নলেইজ এণ্ড কেপাচিটি?’

উদ্দেশ্য আছিল, তেজুৰ ল’কেল হিচাপে সি যদি কিবা সহায় কৰিব পাৰে দেখা যাওকচোন৷ সিদিনা আছিল ১৩মাৰ্চ৷ মেচেজ প্ৰেৰণ কৰাৰ পিছত আধা মিনিটো পলম নহ’ল৷ লগে লগে ৰিংট’নটো বাজি উঠিল মোৰ ম’বাইলৰ৷ সিটো মূৰত সেই পৰিচিত কণ্ঠস্বৰ৷ ‘আৰে আব্দুছ ছাজিদ… মেৰে ভাই… কাহাঁ হ’ তুম… কেইছা হ’? ‘ দীঘলীয়া লেকচাৰ চলিল৷ ক’লে যে বৰ্তমান তাৰ কৰ্মস্থলী হায়ুলিয়াং৷ থাকে খুপাত৷ আৰে! আমিতো সেই বাটেৰেই যাব লাগিব কিবিথোলৈ! নভবাকৈয়ে কি আচৰিতভাৱে মিলি গৈছে এই সংযোগ! উত্তেজিত হৈ পৰিলোঁ৷ সেই পথেৰেই সংগীসহ মই যাবলৈ ওলাইছোঁ বুলি শুনি সিও আচৰিতেই হ’ল৷ হ’বৰ কথাই৷ কেইজন পুৰণি বন্ধুনো গৈছে, সেই দিশে? উত্তৰ নিশ্চয় শূন্যই ওলাব৷ গৰজডালনো কি? কলীয়াপানী সদৃশ সেইবোৰ ঠাইলৈনো যায়নে? যাব লাগে কাশ্মীৰ, যাব লাগে পোখৰা; পাৰিলে একেবাৰে চুইজাৰলেণ্ড৷ তাতে বহুতো সহপাঠীৰ কাৰণে ধৰ্মেন গগৈ এতিয়া নিঃসন্দেহে এটা স্মৃতিধূসৰিত পৃষ্ঠা, এটা মলিন অতীত৷ ‘পাৱেট’ৰ তিনি নম্বৰ হোষ্টেলৰ ফেয়াৰৱেল মিটিঙত তাৰ ৰুমমেত তথা বে’ষ্ট ছিংগাৰ চন্দন পাঠকে দৰদ ঢালি গোৱা জ্যোতিষ ভট্টাচাৰ্যৰ ‘যোৱাৰ পৰত সৰা শেৱালি বুটলি কি হ’ব কোৱা’ গীতটোলৈ মনত পৰি যায়৷ সি যি কি নহওক, মোৰ বাবে কিন্তু সেই সম্পৰ্ক আজিও অমলিন৷ কাৰণ ২২বছৰৰ আগতে একেলগে মই তাৰ সৈতে সিহঁতৰ তেজুৰ ঘৰলৈ গৈছোঁ৷ তাত আছোঁ, খাইছোঁ, ফুৰিছোঁ, খেলিছোঁ৷ মাজতে সংযোগ হেৰুৱাইছোঁ ঠিকেই৷ কিন্তু আকস্মিকভাৱে নাহৰলগুণত তাক নিজেই এবাৰ আৱিষ্কাৰ কৰিছোঁ৷ আকৌ হেৰুৱাইছোঁ৷ হঠাতে ইটানগৰত লগ পাইছোঁ৷ কিবা ঈশ্বৰীয় সংযোগ! সেয়াহে আচৰিত হ’বৰ কথা৷ আৰু আচৰিত যে এইবাৰ হায়ুলিয়াং কিম্বা খুপাত আমি আকৌ মুখামুখি হ’ম! ঘূৰাৰ বাটত পাৰিলে তেজুৰ ঘৰত সোমাই তাৰ মিছিমি মাকজনীক আৰু শাৰীৰিকভাৱে অক্ষম সৰু ভনীয়েক সৰুক এবাৰ চাম৷ স্বাভাৱিকতেই উত্তেজনাৰ মাত্ৰাটো মোৰ দেহত ক্রমাৎ বৃদ্ধি পাই আহিছিল৷

যাত্ৰাৰ কথা জানি সি ভাল পালে যদিও সময়টোক লৈহে প্ৰকাশ্যভাৱেই কিছু সংশয় ব্যক্ত কৰিলে৷ পৰৱৰ্তী দিনবোৰত চলা ফোনকলবোৰতো একেটাই ভাষ্য, ‘ট্ৰিপটো প্ৰিপ’ন কৰ৷ দেৰি হ’লে বৰষুণ আহিব, জাননে নাই? ফচি যাবি৷ ইয়াত খুব বৰষুণ দিয়ে৷ কি গাড়ী আনিবি তহঁতে?’ মই কনটেক্ট কৰিলেও সেই একেটাই প্ৰকাশ, ‘বৰষুণ আহি আছে৷ এইফালে বহুত জোৰত বৰষুণ হয়, গম পাৱনে নাই? নেৰানেপেৰা বৰষুণত পাহাৰ খহে৷’ আকৌ এদিন খবৰ দিলে, ‘বৰষুণ আৰম্ভ হৈ গৈছে৷ কেইটামান স্পট বৰ বেয়া৷ বিৰাট লেণ্ড স্লাইড হয়৷ ৰাস্তা বন্ধ হৈ যাব৷ এশ কিল’মিটাৰ খোজ কাঢ়িব পাৰিবি তেতিয়া? খাবলৈও একো নাপাবি৷’ ময়ো নাছোড়বান্দা৷ পুৰণি বন্ধু, গতিকে নিঃসংকোচে দেখুৱাইছোঁ পুৰণি ডেমাকি৷ তাতে আকৌ বাৰ্ণিং ডিজায়াৰটো আছেই ভিতৰি ভিতৰি, ডং চোৱাৰ৷’আৰে ওলাইছোঁ যেতিয়া গৈ এৰিম৷ কাম হোৱাট মে’৷ লেণ্ড স্লাইডত ফচিলে ফচিম

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
senapati
5 years ago

excellent….apunar kahani2 pohi val lagil…I too went to annini & hunli…ultimate place ..