সাম্প্ৰতিক অসমীয়া সাহিত্য: নিৰ্মিত সৌন্দৰ্য – সৌমিত্ৰ যোগী

ভাৰতীয় বিজ্ঞানীসকলৰ অগ্ৰগণ্য আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে অসম ছাত্ৰ সন্মিলনৰ ১৯১৯ চনত তেজপুৰত অনুষ্ঠিত অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। তেওঁ আছিল বংগীয় সাহিত্য সন্মিলনৰো সভাপতি। সভাপতিৰ অভিভাষণত আচাৰ্য ৰায়ে অসমীয়া আৰু বাংলা সাহিত্যৰ অতীত আৰু বৰ্তমানৰ এক তুলনামূলক বিৱৰণ দাঙি ধৰি কৈছিল – “আপোনালোকৰ বাবে বৰ গৌৰৱৰ বিষয় যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে বংগদেশৰ চৈতন্যৰ পূৰ্বেই অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰে আৰু কৃত্তিবাস, কাশীৰাম দাসৰ পূৰ্বেই গদ্য-পদ্যত পুথি লিখে। যি সময়ত বংগদেশে কৃত্তিবাস বা কাশীৰামক জন্ম দিয়া নাছিল আৰু যি সময়ত গদ্য নামৰ উপযুক্ত সাহিত্য ওপজোৱা নাই, সেই সময়ত অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শংকৰদেৱ আৰু তেৰাৰ উপযুক্ত শিষ্য মাধৱদেৱ – দুয়োজনেই কায়স্থ চৈতন্যৰ জন্মৰ পূৰ্বেই পদ্যত পুথি লিখে।“ ইয়াৰ পাছত তেওঁ ক’লে – “অসমীয়া সাহিত্যই ষোল্ল শতিকাত যি উন্নত অৱস্থা পাইছিল, বঙলা সাহিত্যই তেনে অৱস্থা ঈশ্বৰচন্দ্ৰ আৰু বংকিমচন্দ্ৰৰ দিনতহে মাথোন পাইছে।“ (অসমৰ ছাত্ৰ সংগঠন আৰু আন্দোলনৰ ইতিহাস, প্ৰফুল্ল চন্দ্ৰ বৰুৱা, সম্পাঃ পৰী শইকীয়া, আঁক-বাক, পৃষ্ঠা ২৭)

এই প্ৰসংগটো উদ্ধৃত কৰাৰ কাৰণ হল, অসমীয়া সাহিত্যৰ মান অথবা অৱস্থানৰ তুলনা কৰিবলৈ আমি সকলোৱে সততে চুবুৰীয়া ৰাজ্য আৰু আমাৰ ভাষাৰ ওচৰ চপা বাংলা সাহিত্যৰ উদাহৰণকে লওঁ। আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ কথাটোৰ পৰা আমাৰ এই কথা পৰিষ্কাৰ হৈ পৰে যে অসমীয়া সাহিত্যৰ বাংলা সাহিত্যতকৈ পুৰণি এটা চহকী অতীত আছিল। কিন্তু ঈশ্বৰচন্দ্ৰ আৰু বংকিমচন্দ্ৰৰ পাছত ৰবীন্দ্ৰনাথ ঠাকুৰৰ আগমনৰ লগে লগে গোটেই দৃশ্যপটেই যেন সলনি হৈ গ’ল। তাৰ পাছত তাৰাশংকৰ, মানিক বন্দ্যোপাধ্যায়, তাৰ পাছত সুনীল গংগোপাধ্যায়, শীৰ্ষেন্দু মুখোপাধ্যায়, সমৰেশ মজুমদাৰ আদিৰ দৰে শক্তিশালী লেখকসকল আহিল। একেদৰে অসমীয়া সাহিত্যতো লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নৱকান্ত বৰুৱা, সৌৰভ কুমাৰ চলিহা, ভূপেন হাজৰিকা, মামণি ৰয়ছম গোস্বামী, নীলমণি ফুকন, ডঃ হীৰেন গোহাঁই আদি শক্তিশালী লেখকৰ আৱিৰ্ভাব হ’ল।

অৱশ্যে এই কথা স্বীকাৰ কৰি লোৱা ভাল হ’ব যে ইংৰাজৰ আগমনৰ লগে লগে বঙালী জাতিয়ে লাভ কৰা আধুনিক শিক্ষা, সা-সুবিধাই তেওঁলোকক বহু ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাট সুচল কৰি দিলে। সেয়া এক অন্য বিষয়। মই এই লেখাটোত তুলনামূলক অধ্যয়নৰ বাবে প্ৰসংগটো উলিয়াই লোৱা নাছিলোঁ, আৰু তাৰ কাৰণে প্ৰয়োজনীয় অধ্যয়নো মোৰ নাই, গতিকে প্ৰসংগটো ইয়াতে সামৰি থৈ এই কথাটো ক’বলৈ মন গৈছে যে ইমান এটা চহকী ঐতিহ্য থকা আমাৰ সাহিত্যত এতিয়া তাৰ নিৰ্যাস পোৱা যায়নে?

ইয়াৰ উত্তৰ আপুনি ইতিবাচক অথবা নেতিবাচক, দুইধৰণেই দিব পাৰে। নিৰ্ভৰ কৰিব কেৱল আপুনি নিৰ্ধাৰণ কৰি লোৱা মান আৰু আপোনাৰ ৰুচিৰ ওপৰত।

এজন পঢ়ুৱৈ অথবা লেখক, পৰ্যবেক্ষক হিচাপে আপোনাৰ ৰুচি কি – আপোনাৰ বৌদ্ধিক পৰ্যায় আৰু অধ্যয়নৰ ভেটিত গঢ় লোৱা মানৰ ধাৰণা কি – এই কথাই গোটেই বিষয়টো নিয়ন্ত্ৰণ কৰে। কথাটো স্পষ্ট হবলৈ আমি প্ৰসংগ এটা উদাহৰণ হিচাপে ল’ব পাৰোঁ। এক অনানুষ্ঠানিক হিচাপ মতে, অসমত এতিয়া কবিৰ সংখ্যা প্ৰায় ৩৩,০০০ গৰাকী, গল্পকাৰ প্ৰায় ১২,০০০ গৰাকী, ঔপন্যাসিক প্ৰায় ২০০ গৰাকী, লেখক প্ৰায় ৪০,০০০ গৰাকী আৰু চিন্তাবিদ তথা বুদ্ধিজীৱী প্ৰায় ৫০০ গৰাকী। সেই হিচাপে প্ৰায় ৮৫,৭০০ গৰাকী। কিন্তু আমাৰ ইয়াত যিহেতু কেতিয়াবা এজন মানুহেই কবি, গল্পকাৰ, ঔপন্যাসিক, লেখক, বুদ্ধিজীৱী – সকলো, গতিকে এনে লোকৰ সংখ্যা ৩০,০০০ বুলি ধৰিলেও অসমত ৫৫,৭০০ গৰাকী লেখক ওলাই যাব।

সৌভাগ্যক্ৰমে ৫৫,৭০০ গৰাকী লেখক থকা ৰাজ্যখনত অসমীয়া ভাষাৰ ভাল কিতাপ এখন ১০,০০০ ক’পীও বিক্ৰী নহয়। ৩ কোটি জনসংখ্যাৰ এই অসম দেশত খুউব সম্ভৱ পঢ়ুৱৈৰ সংখ্যা ৩ লাখো নহয়। অসমীয়া সাহিত্য বা বৌদ্ধিক জগতখনৰ এই ৰূপটোৰ মাজত এতিয়া কি ধৰণৰ সৌন্দৰ্য আৱিষ্কাৰ কৰিব পাৰে সেয়া আপোনাৰ দক্ষতা আৰু মহানুভৱতাৰ ওপৰত নিৰ্ভৰ কৰিব। এই পঁয়ালগা অৱস্থাটোৰ ওপৰত আপুনি বিভিন্ন লেপন সানিব পাৰিব পাৰে, কিন্তু এই নিৰ্মিত সৌন্দৰ্যৰে সত্যক ঢাকি বা লুকুৱাই ৰখা নাযায়। অথবা ইয়াতকৈ পৰিষ্কাৰকৈ ক’ব পাৰি, মুখত দিয়া কৃত্ৰিম লেপনেৰে মৃতপ্ৰায় শৰীৰ এটালৈ শক্তি ঘূৰাই আনিব নোৱাৰি।

এই বাস্তৱৰ পাছতো বহুসংখ্যক মানুহ সুখী আৰু সন্তুষ্ট। তেওঁলোক কালবাদী। সমস্ত কথা-কামৰ বিচাৰ তেওঁলোকে সময়ৰ হাতত এৰি দিব খোজে। এই বেমাৰটো আৰম্ভ হৈছিল মূলত আশীৰ দশকৰ পৰা। ডঃ হীৰেন গোহাঁই, ভবেন বৰুৱাৰ দৰে শক্তিশালী সমালোচকৰ উপস্থিতিৰ মাজতো সহজ খ্যাতিৰ বাবে সাহিত্যচৰ্চা কৰা এটা স্বাধীন ধাৰা তলে তলে প্ৰবহমান হৈ আছিল। এই ধাৰাৰ লেখকসকল আছিল প্ৰগলভ, বেপৰোৱা আৰু খ্যাতিপ্ৰিয়। এই তলে তলে, ভয়ে ভয়ে চলি থকা ধাৰাটো যোৱা শতিকাৰ শেষৰ ফালে ক্ৰমাৎ প্ৰবল হৈ এই শতিকাৰ প্ৰথমটো দশকৰ পৰাই শক্তিশালী ৰূপত আৱিৰ্ভাৱ হল। এই পৰিস্থিতিৰ বাবে সাৰ-পানী যোগালে মূলতঃ চাৰিটা কাৰকে। (১) অসমৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত কাকত-আলোচনীৰ সংখ্যা যথেষ্ট বাঢ়িল। ফলত লেখা-মেলা কৰাৰ সুযোগ-সুবিধা বাঢ়িল। মানৰ প্ৰতি গুৰুত্ব দিয়াতকৈ কাকতৰ খালী ঠাই পূৰোৱাত গুৰুত্ব দিবলগা হ’ল। (২) অত্যাধুনিক ছপা ব্যৱস্থাৰ আমদানি হ’ল। কম খৰচতে, কম কষ্টতে কিতাপ ছপাব পৰাৰ পৰিৱেশ এটা ৰচনা হ’ল। (৩) সাহিত্য বুজি পোৱা, জনা মানুহক এলাগী কৰি ৰাজনৈতিক মুখপাত্ৰৰ দৰে কাম কৰা এচাম মানুহক নতুন পৰিচয় দিয়া হ’ল। ইয়াৰ মাজেৰে পথ প্ৰদৰ্শক বা অভিভাৱকত্বৰ ধাৰণা নস্যাৎ কৰি পেলোৱাৰ চেষ্টা চলিল। বহু পৰিমাণে সফলতাও লাভ কৰিলে। ইয়াৰ ফলত সাহিত্য বা বৌদ্ধিক সমৃদ্ধিৰ কথা-বতৰাবোৰ একপ্ৰকাৰ মূল্যহীন হৈ পৰিল আৰু তাৰ বিপৰীতে দলীয় ভাবাদৰ্শৰ প্ৰচাৰ আৰু অনুশীলন প্ৰসংগই প্ৰাধান্য পালে। (৪) এই তিনিওটা কাৰণৰ ফলস্বৰূপে এক নতুন ৰাজনৈতিক সংস্কৃতিয়ে বিকাশ লাভ কৰিলে। ইয়াৰ ফলত লেখক এজন কেনেকৈ আৰু কিমান জনপ্ৰিয় হ’ব পাৰে তাৰে আখৰা চলিল। যি সংস্কৃতিৰ মাজেৰে এজন লেখক আগবাঢ়িলে সাহিত্য আৰু বৌদ্ধিক সমৃদ্ধিৰ বাট মুকলি হয়, এই নতুন ৰাজনৈতিক সংস্কৃতিয়ে সেই বাট প্ৰায় মষিমূৰ কৰি পেলালে। ফলত যিকোনো উপায়েৰে জনপ্ৰিয়তা অৰ্জন, বঁটা-বাহন হস্তগত কৰাটোৱেই লেখকৰ একমাত্ৰ উদ্দেশ্য হৈ পৰিল।

এতিয়া অসমীয়া সাহিত্যত কোনো কাৰো মাত নুশুনা এক পৰিৱেশ। ঐতিহ্যৰ অজ্ঞতাই গৰিষ্ঠসংখ্যক লেখককে এনে এক বিজ্ঞৰ ৰূপত গঢ় দিছে যে তেওঁলোকে এতিয়া কাৰো কথাই নুশুনে। জনপ্ৰিয়তাৰ মোহত ক’ব পৰাসকলে মুকলিকৈ একো নকয়ো। আশীৰ দশকত আৰম্ভ হোৱা প্ৰগলভ, বেপৰোৱা আৰু খ্যাতিপ্ৰিয় ধাৰাই যেন এতিয়া অসমীয়া সাহিত্যৰো আচল ধাৰা। এতিয়াৰ লেখকৰ প্ৰায়সংখ্যকেই ফে’চবুকত পোৱা লাইক-কমেণ্টৰ সংখ্যাৰে নিজৰ সৃষ্টিৰ মান পৰিমাপ কৰে।

এই কথাখিনিৰ অৰ্থ এইটো নহয় যে অসমীয়া ভাষাত একো ভাল সাহিত্য সৃষ্টি হোৱাই নাই। যোৱা দুটা দশকত আমি কেইবাজনো শক্তিশালী কবি, গল্পকাৰ, লেখক আৰু সমালোচক লাভ কৰিছোঁ। সেয়া এক অন্য বিষয়। সমস্যাটো হৈছে তেওঁলোকক সঠিক পঢ়ুৱৈজনৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত বাটৰ ভিৰটোৱে বৰ ক্ষতি কৰিছে। ক্ষতি হৈছে সাহিত্যৰ, ক্ষতি হৈছে অসমীয়া ভাষাৰ।

কেতিয়াবা ভাবোঁ, হাতত বল-বেট লৈ ক্ৰিকেট খেলি থকা সকলো মানুহেই শচীন তেণ্ডুলকাৰ বুলি ভাবি ল’লে ভুল হ’ব নেকি? এয়া মোৰ নেতিবাচক নে ইতিবাচক চিন্তা?

কথা হৈছে, হাতত বল-বেট লৈ ক্ৰিকেট খেলি থকা সকলো মানুহেই যে শচীন তেণ্ডুলকাৰ নহয় বা হ’ব নোৱাৰে, সেইটো ক্ৰিকেটৰ সাধাৰণ জ্ঞান থকা মানুহেও জানে। কিন্তু সাহিত্য বা বৌদ্ধিক কাৰবাৰবোৰ তেনেকুৱা নহয়। আপেক্ষিক। ফলত আপেক্ষিকতাৰ সকলো চৰ্তৰ ঊৰ্ধ্বলৈ গৈ ভাল-বেয়া বুজি পোৱা মানুহ কম আৰু বুজিব খোজা মানুহ নাই। মোৰ অজ্ঞাতে যদি কোনোবা আগ্ৰহী লোক ৰৈ গৈছে মই নাজানো, কিন্তু দীৰ্ঘদিনীয়া অভিজ্ঞতাই বেছিভাগ সময়তে তিক্ততাৰে মুখামুখি কৰোৱায়।

এই পৰিস্থিতিত আমাৰ সন্মুখত দুটা পথেই খোলা থাকে। ভাল লেখকখিনিক নিৰ্দিষ্ট কাৰ্যক্ৰমণিকাৰ মাজেৰে ভাল পঢ়ুৱৈৰ ওচৰলৈ লৈ যোৱা আৰু সাহিত্য বুজিবলৈ আগ্ৰহীসকলক দায়বদ্ধ লেখকসকলে পোনাই-পঁজৰাই সমৃদ্ধিৰ বাটেৰে আগবঢ়াই লৈ যোৱা। এই পদক্ষেপ শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰিলে আপোনা-আপুনি অসমীয়া সাহিত্যৰ পৰিস্থিতি সলনি হৈ যাব। কাৰণ সকলো লেখকেই প্ৰায় একেধৰণেই জন্মলাভ কৰে, বেয়া কৰে কেৱল চৌপাশৰ মানুহবোৰে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments