অসমীয়া নজনা সেই অসমীয়া ল’ৰাজন ….(-মণ্টু কুমাৰ ডেকা)

 

দিল্লীলৈ অহাৰ বেছিদিন হোৱা নাছিল , সেইয়া আছিল ২০০৬ চনৰ ডিচেম্বৰ মাহৰ কোনোবা এটা দিন | মাঘ বিহুৰ বাবে ৰাতিপুৱা সেই মাইনাচ পাঁচ নে ছয় কিবা এটা চেলচিয়াছৰ ঠাণ্ডাত ৭৭ নম্বৰ বাছখনত বহিছো | বাছত বহিয়েই মনে-মনে ভাবিলো ট্রেইনৰ যাত্রাত কোনোবা অসমীয়াক লগ পালে ভাল আছিল | যথা সময়ত ষ্টেচন পালোগৈ , ডাঙৰ-ডাঙৰ ,ৰঙা-ৰঙা আখৰ কেইটা সেই অনুসন্ধান কোঠাটোৰ ওচৰত থকা ডিজিটেল বর্ডখনত জিলিকি আছিল | কিছু সময় পাছত গুৱাহাটীলৈ যোৱা নর্থ-ইষ্ট এক্সপ্রেছ ট্রেইনখনৰবিষয়ে হিন্দীতে কিবাকিবি ঘোষণা কৰিলে| লগে-লগে সেই ডিজেটেল বর্ডখনৰ ওপৰত গতি কৰি থকা ৰঙা- ৰঙা আখৰ কেইটাই সংকেত দিলে যে নর্থ-ইষ্ট এক্সপ্রেছ ট্রেইনখন দুই ঘণ্টামান দেৰিকৈহে প্রস্থান কৰিব৷উপায়হীন হৈ প্লেটফর্মত বহি ক্ষণ গণি থাকিলোঁ যথা সময়লৈ ..| গোটেই ট্রেইনখনতেই কোনো অসমীয়া নাপালে বৰ আমনিদায়ক হ’ব | কথাষাৰ ভাবি থাকোতেই মনলৈ ধাৰণা এটা আহিল | সকলোৱে ঠাণ্ডাত গৰম কাপোৰেৰে গা-মুখ ঢাকি লৈছে৷ময়ো যদি মায়ে সযতনে দিয়া গামোছাখন গলত মেৰিয়াই লওঁ তেতিয়া দুটা কথা হ’ব পাৰে , প্রথম কথাটো, ঠাণ্ডাৰ পৰা হাত সৰা , দ্বিতীয় কথাটো প্লেটফর্মত থকা কোনোবা অসমীয়াক মই অসমীয়া বুলি চিনাকী দিয়াটো | মোৰ বুদ্ধিটোৱে কাম দিলে; কিছু সময় পাছতেই পাছফালৰ পৰা বাইদেউ এজনীয়ে মাত লগালে , “ হেই ভাইটি ….” কিছু সকাহ পালো | সেইদিনাই গম পালো গামোচাৰ লগতে পৰৰ দেশত অসমীয়া মাতষাৰৰ মূল্যৰ কথা | কথাবতৰা পাতি গম পালো তেওঁৰ লগতে আৰু কেইবাজনো মোৰ সমনীয়া ডেকা ল’ৰা আছে | টিকেটটো চাই গম পালো আমাৰ চিটবোৰো একেলগেই , আমাক আৰু কোনে পায় | খন্তেকৰ ভিতৰতে আটাইয়ে মিলি চাহ-বিস্কুট খালোঁ | বাইদেউজনীয়ে বেগৰ পৰা তামোলৰ টোপোলাটো উলিয়াই এখন তামোল মোকো দিলে৷সম্পূর্ণ এবছৰ পাছত সেইদিনা সেই তামোলখন খাই কিছু আনন্দ লভিলোঁ৷অতি কম সময়ৰ ভিতৰতে আমি আটাইয়ে এটা পৰিয়ালৰ দৰে হৈ পৰিলোঁ | ট্রেইনখন আহিল , আমি নিজৰ নিজৰ আসনবোৰ ল’লো | বাইদেউজনীয়ে তেওঁ অনা সেই পুৰীৰ টিফিনটোৰ পৰা পুৰী কেইখনমান উলিয়াই আমাক খাবলৈ দিলে | খাই বৈ লাগি গ’লো কথা-বতৰাত |

মই স্লিপাৰ ক্লাচৰ সেই কাষৰ ওপৰৰ চিটটোত বহি আছো | মোৰ তলৰ চিটটোত নতুনকৈ ল’ৰা এজন আহিছে৷দেখাই শুনাই অসমীয়া৷দুই এবাৰ হাতত থকা সেই দামী মোবাইলত কাৰোবাৰ লগত অসমীয়াত কথা পতাও শুনিলোঁ | কিছু সময় পাছত মই চিধাই সুধিলোঁ,

“ দাদা , আপুনি অসমৰ কোন ঠাইৰ ?”

তেওঁ মোৰ ফালে কিছু সময় চালে আৰু ক’লে,

“ আসাম , জানা হে , তেজপুৰ ” |

মোৰ অলপ সন্দেহ হৈ গ’ল ,মই আৰু কিবা সুধিম বুলিয়েই তেখেতে খিৰিকিৰে বাহিৰলৈ চাই পঠিয়ালে | মোৰ ওচৰত থকা আটাইবোৰ নিৰব হৈ ৰ’ল৷বাইদেউজনীৰ মুখখন খঙতে ৰঙা-চিঙা পৰি গ’ল | কিছু সময়ৰ পাছত ল’ৰাজনে চিটৰ পৰা উঠি মোলৈ চাই ক’লে,

“ টাইম কিতনা হোৱা ?

মই অসমীয়াতে ক’লো,

“ দহটা বাজিবৰ হ’ল ”

তেওঁ যেন একোয়েই নুবুজিলে , বাথ ৰুমলৈ গ’ল | আমাৰ লগত থকা বাইদেউ জনীয়ে খঙতে মুখেৰে কিবা কৈ আছে | তাকে দেখি ভায়েকজনে ক’লে,

“ তেখেতে দিল্লীলৈ আহি অসমীয়াই পাহৰি গ’ল|”

লাহে-লাহে ৰাতি হ’ল৷বাইদেউজনীয়ে টোপোলাবোৰ উলিয়াই খোৱা বস্তুবোৰ ভগাই দিলে | মাজতে এবাৰ সেই ল’ৰা জনকো সুধিলে,

“ ভাইটি পুৰি খাবা? ” ,ল’ৰা জনে হিন্দীতে নেখাওঁ বুলি ক’লে | খাই বৈ শুই থাকিলোঁ |

ৰাতিপুৱা হ’ল ,শুই উঠিয়েই গ’ম পালো ল’ৰাজনৰ লগত কোনোবা বেলেগ এজন ল’ৰাই খুব কথা পাতি আছে৷অলপ কানপুৰৰ যেন লাগিল| দুয়ো একেল’গে লালবিহাৰী চাহো খালে৷কিমান যে কি কথা পাতিছে দুয়োয়ে৷কথা-বতৰাৰ পৰা এইটো বেছিকৈ স্পষ্ট হৈ পৰিছে যে তেখেত এজন অসমীয়া |

ৰাতি হ’ল , সেই একেটা চিটতে দুয়ো মিলামিছাকৈ শুইছেও৷আমিও ভাত পানী খাই শুই থাকিলোঁ |আকৌ ৰাতিপুৱা হ’ল, বিহাৰ পাৰ হওঁ হওঁ৷আমি সকলোৱে আকৌ লালবিহাৰী চাহৰ জুতি ল’লো৷আঠ বাজিবৰ হ’ল | ল’ৰাজনক তেতিয়ালৈকে শুই থকা দেখা গ’ল | লাহে লাহে মানুহৰো ভিৰ লাগিল , তথাপি ল’ৰাজন শুইয়ে আছে | আমাৰ লগৰ বাইদেউজনীয়ে অসম পুলিচত কাম কৰে৷তেখেতে কথাটো অলপ মন কৰিলে৷ল’ৰাজনৰ লগৰ সেই কানপুৰৰ হিন্দী ভাষী ল’ৰা জনো নাই৷নাই তেখেতৰ মুৰৰ ফালে থকা এডিদাচৰ ৰঙা বেগটো আৰু চিটৰ তলত থকা সেই জোটাযোৰ.. কেবল তেখেতৰ চেন্দেল যোৰৰ এপাতহে তলত এফালে পৰি আছে | কথাটোৱে সকলোকে আচৰিত কৰি পেলালে | তেখেতক হিন্দীতে জগালো৷কিছু সময়ৰ পাছত তেখেতৰ টোপনি ভাগিল৷বাথৰুমৰ পৰা চকু কেইটা ধুই আহি ধলং-পলংকৈ আমাক এইবাৰ অসমীয়াতে ক’লে,

“ ল’ৰাজনে মোক চাধা খুৱাই সকলোবোৰ লৈ গ’ল ” |

পকেটৰ পইচা, বেগটোৰ ভিতৰত থকা ভনীয়েক়লৈ লৈ অনা সেই সোণৰ চেইনডাল , মাকলৈ লৈ অনা বিহুৰ কাপোৰ, ঘৰৰ সেই সৰু-সৰু ল’ৰা-ছোৱালী কেইটাৰ কাপোৰ সেই আটাইবোৰ লৈ গ’ল | কিছুসময় সেমেনা- সেমেনি কৰি থাকিল |

বাইদেউজনীয়ে এইবাৰ হিন্দীতে ক’লে,

“ থোৰা চাই পি লে , লাল বিহাৰী..পেইচা মেই হি দে দুংগী৷”

ল’ৰা জনৰ চকুলো নিগৰি গ’ল৷লাজে-ভয়ে-অপমানে সেমেনা-সেমেনি কৰি থাকিল | যি নহওঁক আমি অসমীয়া , দয়া উপজিল৷গুৱাহাটী পালোহি৷সকলোৰে পৰা ১০ , ২০ টকা লৈ তেখেতৰ কাৰণে এযোৰ চেন্দেল আৰু তেজপুৰলৈ যোৱা ভাড়াটো হাতত দি দিলো | এইবাৰ মই সকলোৰে পৰা বিদায় লৈ ল’ৰাজনৰ কথা ভাবি ভাবিয়েই আদাবাৰীলৈ যোৱা বাছখনত বহিলোঁ | ল’ৰাজনৰ সুৰেৰে ময়ো এবাৰ কণ্ডাকটৰক কৈ চালো ,

“আদাবাৰী জানা হে|”

কণ্ডাকটৰজনে চিঞৰি ক’লে,

“ আদাবাৰী নেযায় , নামি দিয়ক৷” মানুহবোৰে ঘূৰি মোৰ ফালে চালে ..মই যে অসমীয়া কথাটো আটাইয়ে জানিছিল | বাছৰ পৰা নামি মযো এজন অসমীয়াৰ দৰে দ্বিতীয়খন বাছলৈ ৰৈ থাকিলোঁ…|

( হিন্দী আৰু ইংৰাজী ভালদৰে শিকিবলৈ সকলোকে পৰামর্শ দিওঁ৷কাৰণ এইটোও এজন অসমীয়াৰ বাবে অতি প্রয়োজনীয়৷বিশেষকৈ অসমৰ বাহিৰত থকাবোৰৰ কাৰণে; কিন্তু সেইবুলি অসমীয়া নজনা হৈ গ’লে এনেধৰণৰ ঘটনা হোৱাটো নিশ্চিত ..| ”

© মণ্টু কুমাৰ ডেকা

মোবাইল : 08800305719

নতুন দিল্লী

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments