অসমীয়াৰ সংকট আৰু কিছু খেলি মেলি অনুভৱ ( মনোজ মহন্ত)

(ক)

অসমীয়াৰ সংকট!! প্ৰকৃততে অসমীয়া জাতিয়ে এক সংকটৰ ফালে আগবাঢ়ি গৈছেনে? আজি চিন্তা কৰাৰ দৰে এদিন অসমীয়া জাতি নামৰ ‘সমাজ’খনে স্বকীয় অস্তিত্ব হেৰুৱাই ভৱিষ্যতে হাবাথুৰি খাব লাগিব নেকি? মাজে মাজে এই প্ৰশ্নবোৰে মনত খেলি লগাই থাকে। আকৌ প্ৰায়ে ভাৱিবলৈ চেষ্টা কৰো, আচলতে ‘অসমীয়াৰ সংকট’ নামৰ সমস্যাটো কোনোবা কৌশলী মগজুৰ উদ্ভুত সমস্যাহে নেকি?

আজিৰ পৰা ১৫-২০ বছৰ মানৰ আগতেই কাকতে পত্ৰই এই বিষয়ৰ ওপৰৰ শংকা প্ৰকাশ কৰা যেতিয়াই কিবা লেখাত চকু ফুৰাইছিলো ব্যক্তিগত ভাৱে মনে মানিবলৈ টান পাইছিল। নাই এনেকুৱা নহয় চাগৈ! কিন্তু সময় বাগৰাৰ লগে লগে অনুভৱ হ’ল অসমীয়া জাতীয় চৰিত্ৰৰ প্ৰতি চিন্তাবিদ সকলে কৰা এনে আগতীয়া শংকা প্ৰকৃততে অমূলক নাছিল। তাৰোপৰি তেতিয়াৰ সমালোচনাবোৰত শংকা প্ৰকাশ কৰা কাৰণ সমূহৰ ওপৰিও ভূতৰ ওপৰত দানৱ পৰাদি আজি আন কিছুমান কাৰকে অসমীয়া জাতি তথা অসমীয়াত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব ধৰিছে। ভাষা আন্দোলন, বিদেশী আন্দোলনে পিছৰ পৰ্য্যায়ত অসমীয়াৰ জাতিৰ বৃহৎ পৰিসৰটোক ঠেকাই আনিলে! আন্দোলন দুটাৰ পৰা যি অভূতপূৰ্ব ফলাফল লাভ কৰিব বুলি ধাৰণা কৰা হৈছিল সেয়াতো পোৱা নগ’লেই। বৰং ভাষা আন্দোলনে এফালে জনজাতীয় লোক সকলৰ মনত সন্দেহ, বিভেদৰ কঠীয়া সিঁচিলে। আনহাতে কেইবাটাও কাৰণত বিখ্যাত অসম আন্দোলনে অসমীয়া জাতিৰ শেহতীয়া কাঠামোটোক বৃহৎ এটা জোকাৰণি সৃষ্টি কৰিলে। আনকি অসম আন্দোলনৰ ফলস্বৰূপে সম্পাদন হোৱা ঐতিহাসিক ‘অসম চুক্তি’ৰ বহুবোৰ দুৰ্বলতাই জাতিটোক আজি সংকটৰ মুহূৰ্তলৈ ঠেলি দিব বিচাৰিছে। অসম চুক্তি আজি এজাক সুবিধাবাদী মধ্যবিত্ত আৰু ৰাজনৈতিক দল- সংগঠনৰ ক্ষমতা দখলৰ হাতিয়াৰ হৈ পৰিল আৰু হৈ আছে। অসমীয়া জাতিত এইবোৰৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী ৰূপত দেখা দিছে। আনহাতে নব্বৈৰ দশকৰ মাজভাগৰ পৰা অসমীয়াৰ মাজৰ পৰাই অন্য এক প্ৰতিবাদী ধাৰা – সশস্ত্ৰ বিদ্ৰোহী কাৰ্য্যকলাপে (আলফা) গা কৰি উঠিছিল৷ মন কৰিবলগীয়া এই ধাৰাৰ মাজত প্ৰথম অৱস্থাত কিন্তু জাতিগত ভেদ-বিভেদৰ পৰিবৰ্তে সমগ্ৰ অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰিব পৰা এক উমৈহতীয়া অন্য এক শক্তিৰ উত্থান হোৱাৰ আশা দেখুৱাইছিল। বিদ্ৰোহী ধাৰাটোৰ সমৰ্থন বা বিৰোধৰ বিষয়টো ইয়াত আনিবলৈ বিচৰা নাই৷ সেইটো এটা সম্পূৰ্ণ সুকীয়া বিষয়। কিন্তু বিভিন্ন কাৰণত এই বিদ্ৰোহী ধাৰাটো ভুলদিশে পৰিচালিত হ’ল বা কৰা হ’ল৷ উমৈহতীয়া শক্তি এটা উত্থানৰ স্বাৰ্থত সুচাৰুৰূপে সংগ্ৰামখন পৰিচালিত কৰিব পৰা হ’লে অসমীয়াৰ জাতিৰ এক প্ৰভাৱী ‘প্ৰেচাৰ গ্ৰুপৰ’ অভাৱ দূৰ হ’লহেঁতেন। দুৰ্ভাগ্যজনকভাৱে স্বয়ং আলফাৰ ছত্ৰছায়াতে অসম আন্দোলনে ইতিমধ্যে সৃষ্টি কৰা অসমীয়া জাতিৰ অভ্যন্তৰত ইতিমধ্যে সৃষ্টি হোৱা ফাটটোক আৰু অলপ বহল কৰি দিয়া হ’ল, বিভিন্ন গোষ্ঠীৰ সশস্ত্র গোট গঠনত উদগনি যোগাই। পিছৰ পৰ্য্যায়ত সশস্ত্র আন্দোলনৰ গুৰি ধৰা ‘আলফা’ নিজেই বহুধাবিভক্ত হৈ শক্তিহীন হৈ পৰিল। কিন্তু লগতে বিভিন্ন জনগোষ্ঠীৰ পৰা গোষ্ঠীস্বাৰ্থৰ দোহাই সশস্ত্ৰ গোট গঠন আৰু পিছত সুবিধাবাদ এই দুইটাই প্ৰক্ৰিয়া যতিহীনভাৱে চলি থাকিল। কিন্তু সেইবুলি অসমীয়াৰ সংকটৰ আলোচনা কালত ভাষা আন্দোলন, অসম আন্দোলন আৰু আলফাৰ সশস্ত্র বিদ্ৰোহ এই তিনিওটা আন্দোলনৰ জৰিয়তে প্ৰকট হৈ উঠা ভাৰতীয় শাসক পক্ষৰ শ্ৰেণীচৰিত্ৰৰ প্ৰকৃত স্বৰূপটোক আওকাণ কৰি আগবাঢ়িলে মহাভুল হ’ব।
(খ)
আনহাতে অতীজৰে পৰা যে এইখণ্ড এলেকাৰ প্ৰয়োজনীয়তাক দেশৰ শাসকীয় পক্ষই আন্তৰিকতাৰে চাবলৈ যত্ন কৰা নাই, সেয়া এক ভাল নলগা ঐতিহাসিক সত্য। আৰু ইতিহাসে কয় অসমীয়া জাতিৰ আভ্যন্তৰীণ শংকাকলৈ ‘অনৈক্যৰ মাজত ঐক্য’ বোলা ভাৰতীয় সম্প্ৰদায়টোৰ অলপো মুৰ কামোৰণি নাই। ভাৰতীয় অতিকেন্দ্ৰিক শাসকীয় শক্তিৰ এই অঞ্চলটোৰ ৰাইজৰ প্ৰতি এনে ধৰণৰ মনোভাৱে অসমীয়া জাতিক দেশবিভাজনৰ সময়ৰ পৰা বৰ্তমানলৈকে কেইবাবাৰো সংকটৰ মুখলৈ ঠেলি দিছে। ইয়াৰ ফলশ্ৰুতিত অসমীয়া ৰাইজে উপৰ্যুপৰি প্ৰতিবাদ, আন্দোলনৰ পথ ল’বলৈ বাধ্য হৈ আহিছে। প্ৰাপ্যৰ বাবে যেন অসমীয়া জাতিয়ে সদায়ে ৰাষ্ট্ৰৰ ওচৰত প্ৰতিবাদ, বিক্ষোভ আদি কৰি আদায় কৰিব লাগিব৷ বাধ্যহৈ তেনে ধাৰণাই সকলো সময়তে আমাৰ মাজত খোপনি পোতিবলৈ দেশৰ শাসকীয় পক্ষৰ কাৰ্যকলাপে প্ৰত্যক্ষভাৱে সুবিধা কৰি দিলে। কিন্তু ইয়াৰ ফলত সকলোৰে অত্যাধিক সদায় বেয়াৰ হোৱাৰ দৰে ঋণাত্মক ফল ভোগ কৰিলে সমগ্ৰ অসমীয়া জাতিয়ে৷ অসমীয়া জাতিয়ে হোৱাই নোহোৱাই আন্দোলনৰ পথত ভৰি দিব ধৰিলে। অন্য প্ৰান্তৰ লোক সকলে নিজৰ মাজত কৰ্ম সংস্কৃতি গঢ়াত মনপুতি লগা সময়তে আমাৰ মাজৰ পৰা কেৱল চামে চামে আন্দোলনকাৰী জন্ম হ’ল। তাৰ পৰা কি পালো বিচাৰিব নগৈ ক’ব লাগিব এই ধাৰাবাহিক প্ৰতিবাদ, আন্দোলনবোৰ জাতিৰ মাজত এক মাৰাত্মক পৰজীৱী শ্ৰেণীৰ জন্ম দিয়াৰ কাৰণ হৈ পৰিল। যাৰ কামেই হ’ল প্ৰতিবাদ, দাবী, ধমকিৰে নিজৰ পেট প্ৰবৰ্তোৱা। প্ৰতিবাদ, আন্দোলনৰ ’বাইপ্ৰডাক্ট’ স্বৰূপ এই শ্ৰেণীটোৱে সমগ্ৰ জাতিটোৰ সংহতিত আটাইতকৈ বেচি ক্ষতিগ্ৰস্ত কৰি সোঁচৰিব ধৰা সন্দেহ, সংশয়, হিংসা ,বিদ্বেষৰ পৰিবেশ গঢ়ি তুলিছে। গতিকে আমাৰ মাজত ইতিপূৰ্বে গঢ়ি উঠা এই সুযোগ সন্ধানী চামক যি কোনো উপায়ৰে গুৰুত্বহীন কৰাত পোনতে গুৰুত্ব দিব লাগে। তেতিয়া হয়তো পূৰ্বৰ দূৰ্বলতাবোৰ আঁতৰাই সমিল মিলৰে বৃহৎ অসমীয়া জাতি এটা গঠনৰ দিশে আগুৱাব পৰা যায়।

(গ)
‘অসমীয়াৰ সংকট’ৰ সন্দৰ্ভত বহু আগৰে পৰা যিবোৰ চিন্তা চৰ্চা আৰম্ভ হৈছিল বা হৈ আছে সুক্ষ্মভাৱে মন কৰিলে দেখা যায় সেইবোৰ যেন এটা গণ্ডীৰ মাজতে আৱদ্ধ হৈ আছিল। সম্ভৱ ষাঠি দশকৰ সময়ৰ পৰাই অসমীয়া বহু কেইজন গণ্যমান্য ব্যক্তিয়ে এই বিষয়ে অসমীয়া লোকক সচেতন কৰিবলৈ যত্ন কৰিছিল। কিন্তু দেখা যায় তেতিয়াও সমাজৰ সৰহ ভাগ লোকেই বিষয়টো উপেক্ষা কৰি চলিছিল। সাধাৰণ লোক একাত্মবোধ হ’বলৈ আগ্ৰহ প্ৰকাশ কৰা দেখা নগৈছিল। বিপৰীতে আবেগৰ ঢৌত উটি ভাঁহি যোৱা কেইবাটাও আবেগসৰ্বস্ব আন্দোলনত সৰ্বসাধাৰণ ৰাইজ জড়িত হৈ পৰে। জাতিৰ নামত কৰা এই জনজাগৰণ সদৃশ প্ৰতিবাদী আন্দোলনৰ তুলনাত তাহানিৰে পৰা অসমীয়া জাতি সত্বাৰ প্ৰতি কৰা সকীয়নি বোৰে অসমীয়াৰ মনত বৰকৈ ৰেখাপাত কৰা দেখা নাযায়। ইয়াৰ কাৰণ হয়তো বুদ্ধিজীৱী, চিন্তাবিদ, জাতীয় সমাজ সংগঠন, সংবাদ মাধ্যম আদিৰ ব্যৰ্থতাকে সূচায়। ক’ব পাৰি চলি অহা প্ৰচেষ্টাত, বিষয়টো লৈ সাধাৰণ জনতাক অংশগ্ৰহণৰ সুযোগ উলিয়াই দিয়াত ব্যৰ্থ হৈছে৷ বৰ্তমানেও চেগাচোৰোকাকৈ ওপৰত উল্লেখিত গণ্ডীৰ ভিতৰতে চিন্তাচৰ্চাবোৰ পৰিলক্ষিত হোৱা দেখা যায়। বুদ্ধিজীৱী- চিন্তাবিদ, জাতীয় দল সংগঠন সকলৰ মাজত সুসংবদ্ধ নিয়মীয়া যোগাযোগৰ অভাৱে বিভিন্ন স্তৰত হোৱা বিক্ষিপ্ত অথচ ভাল পদক্ষেপ বোৰে প্ৰচাৰ আৰু প্ৰসাৰ নাপাই থমকি ৰয়। সেয়ে এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰি লৈ আগবঢ়া উচিত। ভিন্ন জনৰ ভিন্ন মতৰ মাজতো এই গুৰুত্ব পূৰ্ণ বিষয়টোৰ একান্ত স্বাৰ্থত এক নিম্নতম উমৈহতীয়া মঞ্চৰ অতি দৰকাৰ।
এইখিনিতে প্ৰশ্ন হয় আজিৰ প্ৰজন্ম এইবিষয়ত কিমান সচেতন? বৰ্তমানৰ অসমীয়া জাতিৰ আৰ্থসামাজিক আৰু ৰাজনৈতিক বাতাৱৰনে অসমীয়াৰ সংকটৰ সন্দেহ ঘনীভূত যে কৰে তাক নুই কৰিব নোৱাৰি৷ কিন্তু আজিৰ প্ৰজন্মৰ বেচি ভাগেই এইবিষয়ে উদাসীন বুলি ভাৱি অহা প্ৰচলিত বাক্যষাৰ সঠিক নহয় কিজানি৷ আচলতে নিজৰ জাতিৰ প্ৰতি সকলোৰে জন্মগত টান আছে যদিও তাক সঠিক ৰূপত উলিয়াই অনাত আমি ব্যৰ্থ হৈছো। আজিৰ প্ৰজন্মৰ জাতি প্ৰেম কোনোগুণে আন সকলতকৈ কম নহয়। নতুন প্ৰজন্মৰ ভাল কথা বোৰ আস্থা বিশ্বাসৰে ভাল পাবলৈ, প্ৰশংসা কৰিব কৃপণালি কৰা অনুচিত। অনুভৱ হয় তাহানিৰ পৰা কিছু প্ৰবীণ বুদ্ধিজীৱিয়ে বিষয়টো ওলালেই কৰা চিন্তাভাৱনাহীন গালি-গালাজ, হা-হুতাশবোৰে নৱ প্ৰজন্মক বিষয়টোৰ ওপৰত বীতশ্ৰদ্ধ কৰি আহিছে৷ ফলত যাক প্ৰকৃতাৰ্থত গুৰুত্বপূৰ্ণ বিষয়টোত জড়িত কৰিব লাগে তেওঁলোকক আঁতৰাই পঠোৱাহে হৈছে যেন লাগে। আজি ইমান দিন ধৰি লেখা মেলাবোৰ যিটো গতত চলাই অহা হৈছে, সেইটোৰ ওপৰত নতুন ধৰণে চিন্তা কৰা দৰকাৰ৷ বিভিন্ন কিতাপ পাতি গোটাই তথ্যপূৰ্ণ, দীঘল লেখা এটা (যিটো পঢ়িবলৈ প্ৰায়ে বিৰক্তিকৰ হয়) দি, দ্বায়িত্বখিনি নতুন পুৰুষলৈ থেলি দিলেই যথেষ্ট নহয় চাগৈ! লেখা মেলাবোৰত নৱ প্ৰজন্মকে ধৰি সকলোকে অংশগ্ৰহণৰ সুবিধা কৰি সমানে চিন্তা কৰিবলৈ আগ্ৰহী কৰা নতুন উপায় কিছু বিচাৰি লোৱা উচিত।

(ঘ)
অসমীয়া বুলি কলে অসম ভূমিত বাস কৰা সকলো জাতি-জনজাতিক সামৰি যি বৃহৎ উমৈহতীয়া জাতি এটা পোৱা যায় তাকে অসমীয়া বুলি বুজা যায়। ইমান দিনলৈ অসমীয়া জাতিক থোৰতে এনেদৰে বুজি আহিছিলো। কিন্তু সময় আৰু পৰিস্থিতিৰ সাপেক্ষে এই সংঞ্জাটোৰ সংহতিৰ মাজত ভালেমান বিপৰীতমুখী প্ৰশ্নই মূৰ ডাঙি উঠিল৷ সেয়ে আজি এক উমৈহতীয়া তথা অসম ভূমিৰ সকলো জাতি-জনগোষ্ঠীয়ে তাৰ মাজত থাকি নিৰাপদ অনুভৱ কৰিব পৰা এক সংজ্ঞাৰ সন্ধান কৰা উচিত৷ য’ত সকলো উপজাতিৰ স্বকীয় পৰিচয়, কৃষ্টি সংস্কৃতি, ৰীতি নীতি আদি হেৰাই যোৱাৰ আশংকা নাথাকে। আজিৰ ভাৰতীয় অতিকেন্দ্ৰিক শাসকীয় গোষ্ঠী সমূহৰ অবৰ্তমানত অসমীয়া জাতি সত্বাটো বৰ্তি থাকিবলৈ সকলো একগোট হৈ বৃহৎ অসমীয়া জাতি ধৰি ৰখা অতি প্ৰয়োজন৷

স্বয়ং সম্পূৰ্ণ নহয় যদিও অসমীয়াৰ সংজ্ঞাটো এনে দৰে ভাৱিছো- জাতি ধৰ্ম নিৰ্বিশেষে অসম নামৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত ন্যায্য ভাৱে বাস কৰা সকলো জাতি-উপজাতি, যি নিস্বাৰ্থভাৱে নিজৰ গোষ্ঠীগত পৰিচয়ৰে অসমীয়া জাতীয় জীৱনলৈ অৱদান আগবঢ়াই আহিছে আৰু ভৱিষ্যতৰ যি কোনো জাতীয় সংকটৰ মুহূৰ্তত একগোট হৈ থকাৰ সম্ভাৱনা বহন কৰে সেই সকলো অসমীয়া। যাতে ইয়াৰ মাজতেই থাকি সকলোৱে নিজৰ স্বকীয় ভাষা-সাহিত্য চৰ্চা কৰাৰ লগতে অসমীয়া ভাষাক আপোন হিচাপে আঁকোৱালি লোৱাত কুণ্ঠাবোধ নকৰে বা কৰিব লগা নহয় তাৰ নিশ্চিতিকৰণ। আৰু অসমীয়াত্ব বুলিলে এই উমৈহতীয়া জাতিয়ে বহন কৰা চাৰিত্ৰিক বৈশিষ্ট্য সমূহকে বুলিব পাৰি।

(ঙ) পৰিচয় সংকটৰ কাৰণৰ অন্য এক দিশ

অসমীয়াৰ পৰিচয় সংকটৰ কাৰণ বিচাৰিব যোৱাৰ সময়ত বহুলভাৱে ব্যৱহৃত হোৱা দুটা নাম ‘তথাকথিত অসমীয়া’, ‘মূলসূঁতিৰ অসমীয়া’ সকলনো কোনবোৰ তাক জানিব ল’ব লাগিব। প্ৰকৃততে জাতি এটা বিষয়ক আলোচনা কৰিব যাওঁতে প্ৰথমতেই এই ‘গুৱালগালি’ জাতীয় (তথাকথিত অসমীয়া) আৰু উচ্চাত্মিকা ভাৱবোধৰ (মূলসূঁতি অসমীয়া) স্ববিৰোধী দুয়োটা শব্দকে পৰিহাৰ কৰি ল’ব লাগে। কাৰণ প্ৰয়োজন সাপেক্ষে যাকে তাকে কিন্তু নিৰ্দিষ্টকৈ কাকো আঙুলিয়াব নোৱৰা এই পৰিচয় দুটাই মাজে মাজে আমাক আহুকালত পেলায়। ধৰক কাৰোবাক তথাকথিত অসমীয়া বোলাৰ বিপৰীতে প্ৰকৃত সকলক জানিব লব লাগিব। ইতিহাস আৰু তথ্য পাতি খুচৰি লৈ পোৱা প্ৰকৃত অসমীয়া বোলা সকলে আকৌ আজি নিজকে অসমীয়াৰ সংজ্ঞাৰ পৰা আঁতৰাই নিব বিচৰা দেখিব পোৱাৰ অভিযোগ। অৰ্থাৎ তথাকথিত অসমীয়া সকলৰ মাজৰে পৰা বৃহৎ অসমীয়া জাতি গঠন(!) কৰিব বিচাৰিছে আৰু প্ৰকৃত সকলে প্ৰক্ৰিয়াটোৰ পৰা আঁতৰিব চাইছে! শব্দবোৰৰ প্ৰয়োগ স্ববিৰোধী যেন লাগে দেখোন! আনহাতে মূলসূঁতি অসমীয়া বোলাৰ লগে লগে মূলসূঁতিৰ পৰা অলপ আঁতৰত থকা আন আন সূঁতিৰ অসমীয়া সকলক বিচাৰি ফুৰাৰ সমস্যা এটা লাগি থাকে। আৰু মূলসূঁতিৰ অসমীয়া সকল বুলি কাৰোবাক কোৱাৰ বিপৰীতে বাকী ৰৈ যোৱা আন সকলক আপেক্ষিকভাৱে কম- অসমীয়া (হয়তো নকল!) বুলি বুজা নাযায় নে? নিজৰ ধাৰণাগত অনুভৱৰে কৈছো মূলসূঁতিৰ অসমীয়া বুলিলে চাগৈ অসমীয়া জাতিৰ পৰিসৰত বিভিন্ন উপজাতি, জনগোষ্ঠীয় লোকসকলক ভাগ ভাগ কৰি অৱশেষত ৰৈ যোৱা সমূহ যেনে : বামুণ ,গোঁসাই, কলিতা, কোঁচ, গৰিয়া, মৰিয়া, ভূঞা, যোগী, কৈৱৰ্ত আদি (সকলো নাম মনলৈ অহা নাই )আহে। যি সকলৰ অসমীয়া বাদে নিজস্ব কোনো ভাষা বা লিপি নাই৷ তাৰমানে এই ৰৈ যোৱা সম্প্ৰদায় সমূহ, আদিতে এই অঞ্চললৈ প্ৰব্ৰজিত কিন্তু যাৰ বৰ্তমান অসমীয়া পৰিচয় বাহিৰে আন গত্যন্তৰ নাই তেওঁলোককে মূলসূঁতিৰ অসমীয়া বুলি বুজোৱা হয় নিশ্চয়। পৰিঘটনাটো ভাৱিলে আচৰিত লাগে! নকৈ নোৱাৰি এই সকলৰ মাজৰে কিছুৱে ‘পৈত্ৰিক সূত্ৰে’ পোৱা সম্প্ৰদায়গত উচ্চ নীচ জাতীয় ধৰণ কৰণ, সামাজিক আচৰণ, অভব্য মন্তব্য, দাদাগিৰি, কাণ্ডজ্ঞানহীনতা আদিয়ে অসমীয়া জাতিটোৰ মাজত কেৰোণ লগোৱাত অৰিহণা যোগাই আহিছে। জ্যাতাভিমানী এচামৰ কথাই কামে নিজকে অসমীয়া জাতিৰ স্বয়ম্ভূ অভিভাৱক, ঠিকাদাৰ হিচাপে প্ৰক্ষেপ কৰি অহা ধৰণ কৰণে অসমীয়া জাতিক আজিৰ পৰিস্থিতিলৈ ঠেলি দিলে। ‘মূলসূঁতি’ৰ অসমীয়াৰ পোছাক পিন্ধি এনে উগ্ৰ মতৰ ‘তথাকথিত’ অসমীয়াৰ প্ৰজাতি সৃষ্টিকাৰী সকলেই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আন জনগোষ্ঠী লোকসকল চামিল হোৱাত ভয় আৰু শংসয়ৰ কাৰণ হৈ পৰিছে হয়তো। ‘মূলসূঁতি’ৰ অসমীয়া হোৱাৰ(!) অধিকাৰ সূত্ৰে পোৱা ‘লাইচেন্স’ৰ সুবাদতে ভৱিষ্যতে ৰাজনৈতিক, আৰ্থ-সামাজিক তথা সাংস্কৃতিক দিশত অসমৰ আন আন জনগোষ্ঠীৰ ওপৰত চলাব পৰা আগ্ৰাসনৰ শংকাই বৃহৎ জাতিগঠনৰ প্ৰক্ৰিয়াটোক স্থৱিৰ কৰাৰ নুই কৰিব নোৱাৰি৷ গতিকে গঠনমূলক আলোচনা কালত এই দুটা শব্দই ভেজালৰ হে সৃষ্টি কৰে যেন লাগে আৰু মনলৈ ভাৱ হয় যে যেতিয়াই শব্দ দুটা ব্যৱহৃত হয় সিয়ে পোনতে ঋণাত্মক দিশ কিছুমানহে প্ৰক্ষেপ কৰে! সেয়ে আমাৰ অনুভৱ তথাকথিত বা মূলসূঁতিৰে বুজাব খোজা অসমীয়া সকলক একেলগে ‘সুযোগ সন্ধানী অসমীয়া’ বা আন শব্দৰে বুজালে জটিলতা নাইকিয়া হব। তাত বিভিন্ন জনগোষ্ঠীৰ মাজত সৃষ্টি হোৱা সুবিধাবাদী শ্ৰেণীটোকো সমানে সাঙুৰিব পৰা যায়। যি সকল অসমীয়া জাতিৰ আজিৰ সংকটৰ অন্যতম এক মূল কাৰক বুলি ভাৱোঁ। আৰু হয়তো অসমীয়াৰ পৰিচয়ৰ সংকটৰ এইটোও এক বৌদ্ধিক কাৰণ৷ অৱশ্যে বিজ্ঞজনে এই বিষয়ে অধিক ক’ব পাৰিব।
অসমীয়াৰ সংকটৰ আভ্যন্তৰীণ কাৰণ বুলিলে
১) অত্যধিক ৰাজনৈতিক আত্ম-সচেতনতা৷ সময়ত ইয়াৰ সুবিধাবাদী ৰূপ। (ৰাজনৈতিক কাৰণ)
যেনে: এসময়ৰ অসমৰ প্ৰবল পৰাক্ৰমী জাতি, ৰাজ পৰিয়াল আহোম আৰু কোঁচ সম্প্ৰদায়ৰ ঘটনা চক্ৰত জনজাতিকৰণৰ দাবী ৰাজনৈতিক সুবিধাবাদৰ নামান্তৰ বুলিহে মনলৈ ভাৱ আহে৷
২) শ্ৰম বিমুখতা আৰু পৰমুখাপেক্ষী স্বভাৱ। (অৰ্থনৈতিক )
৩) অত্যধিক আবেগপ্ৰৱণতা।

জাতীয় ভাৱধাৰাৰ প্ৰতি অন্য এক ভাবুকি হ’ল ধৰ্মীয় আগ্ৰাসন। বৃটিছ আগমনৰ সময়ৰ পৰাই খ্ৰীষ্টীয় আগ্ৰাসনে অতি পৰিকল্পিত আৰু নীৰৱে কাম কৰি আহিছে। মিজোৰাম, মেঘালয় সুকীয়া ৰাজ্য গঠন প্ৰক্ৰিয়াত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ বিচাৰিলে ওলায়।
তেনেধৰণে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় মুছলিম মৌলবাদীৰ ছাঁ আৰু একেসময়তে মৌলবাদী হিন্দুত্বৰ আগ্ৰাসনৰ প্ৰচেষ্টাই সমাজখনক মেৰু বিভাজনৰ দিশে লৈ যাব বিচাৰি আছে। শেহতীয়াকৈ জাতীয়তাবাদী ৰাজনৈতিক শিবিৰৰ হিন্দুত্ববাদী ৰাজনৈতিক দলৰ প্ৰতি প্ৰয়োজনাধিক আস্থাৰ প্ৰৱণতা চিন্তাজনক। কিন্তু তাৰমাজতো আশাৰ বতৰা এই যে অসমীয়া সমাজখনত এনে মেৰু বিভাজনৰ বিৰোধী সচেতন লোকৰ সংখ্যা তেনেই তাকৰ নহয়। জাতীয়তাবাদৰ প্ৰসংগটো আহোতেই থোৰতে কৈ থওঁ অসমীয়া জাতীয়তাবাদ আৰু অসমীয়াৰ সংজ্ঞা দুটা ভিন্ন বস্তু নহয়। বৰং একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি।

শেষত কওঁ সাৱলীলতাৰ অভাৱৰ বাবে অনুভৱ খিনি ভালদৰে প্ৰকাশ নহ’ল হয়তো। আচলতে বিষয়টো চিন্তা কৰিলে এনে অৱস্থা হয় গৈ যে একেলগে বিভিন্ন দিশৰ বহু খেলি মেলি ভাৱ কিছুমানে দোলা দি থাকেহি। কিন্তু চিন্তাৰ গভীৰতাৰ অভাৱ বা প্ৰকাশভংগীৰ দুৰ্বলতাই পৰিপাটীকৈ কথাখিনি লিখা অসুবিধা। আগতেই কৈছো এয়া তথ্যনিৰ্ভৰ লেখাৰ পৰিবৰ্তে নিজা সীমিত দৃষ্টিকোণৰ অনুভৱ মাথো। সেয়ে অনাকাংক্ষিত ভাৱে হোৱা ভুল সমূহৰ বাবে আগতীয়াকৈ ক্ষমা খুজিছো আৰু ভুলবোৰ দেখুৱাই মূলভাৱটো (অসমীয়া জাতি গঠনৰ কেৰোণ) পোনাই লৈ যোৱাত সহায় কৰিলে কৃতাৰ্থবোধ কৰিম।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments