বৰ্ত্তমান সময়ত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰাসঙ্গিকতা (ডা: অজিত কুমাৰ পটঙ্গীয়া)

মধ্যযুগীয় সাংস্কৃতিক আন্দোলনে শঙ্কৰদেৱৰ প্ৰতিভাত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল – তাৰে পৰাই ফুলে পাতে বিকশিত হৈ উঠিল অসমীয়া সংস্কৃতি। এই সাংস্কৃতিক আন্দোলনে অসমীয়া সমাজ জীৱনক এক নতুন বাটৰ সন্ধান দিলে, এক ঐক্যবদ্ধ বৃহত্তৰ অসমীয়া সমাজৰ ভেটি গঢ়ি উঠাৰ পথ প্ৰশস্ত কৰিলে। তাৰেই ধাৰাবাহিকতাত ভাৰতীয় নৱজাগৰণৰ উদাৰ মানৱতাবাদী দৃষ্টিভঙ্গী, বিজ্ঞানসন্মত চিন্তাধাৰাৰ সমাহাৰ ঘটোৱা আধুনিক অসমীয়া সাহিত্যৰ প্ৰাণ-পুৰুষ হ’ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। শংকৰী সাহিত্যৰ অমূল্য সম্পদক পোহৰাই তোলাৰ পথেৰে অসমীয়া ভাষা-সাহিত্য-সৎস্কৃতি-শিল্পক আধুনিকীকৰণেৰে সঞ্জীৱীত কৰি লক্ষ্মীনাথ বেজবৰুৱাই আত্মবিস্মৃতি অসমীয়াৰ মনৰ হীনমন্যতা দূৰ কৰি জন্ম দিলে আত্মবিশ্বাস আৰু আশাবাদৰ।

ৰেনেছা বা নৱজাগৰণৰ মাজেৰে ভাৰতীয় সমাজৰ অভ্যন্তৰত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল তাৰ পৰাই জন্ম হয় সাম্য-মৈত্ৰী, নাৰীৰ মৰ্য্যদা, নাৰী স্বাধীনতা, মানৱতাবাদী চিন্তা-ভাবনাৰ। তাৰ প্ৰভাৱত অসমতো শিল্প সাহিত্য তথা সমাজ জীৱনত যি আধুনিক চিন্তা-ভাবনাই ভুমুকি মাৰিছিল, লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য কৰ্মত তাৰেই সংহত ৰূপ আমি দেখিবলৈ পাওঁ। অসমীয়া বৈষ্ণৱ ধৰ্মৰ উদাৰ প্ৰভাৱ আৰু কলিকতাৰ নব্য উদাৰপন্থী পাশ্চাত্য শিক্ষা প্ৰণোদিত আধুনিকতা – এই বহল মানসিক পৰিমণ্ডলটো বেজবৰুৱাৰ সাহিত্য সৃষ্টিৰ সুষমা। ইউৰোপীয় সাহিত্যৰ নৱজাগৰণপ্ৰসূত কাব্যিকতা আৰু ৰোমাণ্টিকতা, মানৱিকতা, জাতীয়তাবোধ, স্বদেশ-প্ৰেম আদি ভাৱনা চিন্তাবোৰে বেজবৰুৱাক বাৰুকৈয়ে আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিছিল। এই অনুপ্ৰেৰণাৰ পথেৰেই আত্মপ্ৰকাশ কৰে অসমীয়া ভাষা উন্নতি সাধিনী সভা(অ:ভা:উ:সা:)। লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ উদ্যোগত অ:ভা:উ:সা: সভা আৰু ‘জোনাকী’ কাকতেই আধুনিক অসমীয়া সাহিত্যত নবন্যাস ধাৰাৰ প্ৰৱৰ্ত্তন কৰে। সেই সময়তেই তেওঁ আধুনিক অসমীয়া সাহিত্যৰ মহাৰথীৰূপে আৱিৰ্ভূত হয়।
লক্ষ্মীনাথ বেজবৰুৱা একাধাৰে কবি, নাট্যকাৰ, গল্পকাৰ, উপন্যাসিক,ব্যংগ ৰচনা লিখক, জীৱনীকাৰ, সাহিত্য সমালোচক, শিশু সাহিত্যিক, বুৰঞ্জী লিখক আৰু সাৰ্থক গদ্যৰ ৰচিয়তা। আধুনিক সাহিত্যৰ সকলো দিশতেই বেজবৰুৱাৰ প্ৰতিভা বিকশিত আৰু সুপ্ৰতিষ্ঠিত। তেওঁৰ জীৱন হৈছে এগৰাকী অফুৰন্ত কৰ্মশক্তিসম্পন্ন মহান ব্যক্তিৰ দেশপ্ৰেমৰ কাহিনী। সেয়ে তেওঁৰ ৰচনাৰ ঘাই বৈশিষ্ট সুস্থ আশাবাদ আৰু জাগ্ৰত দেশপ্ৰেম।

লক্ষ্মীনাথ বেজবৰুৱাৰ সময়ত অসমৰ সমাজ জীৱনত ধৰ্ম্মীয় কুসংস্কাৰ, ভিন্ন ভিন্ন পৰস্পৰ বিৰোধী মানসিকতা, সাম্প্ৰদায়িক ভেদাভেদ, জনগোষ্ঠীগত ভিন্ন ভিন্ন অস্তিত্ববোধৰ প্ৰাদুৰ্ভাৱ আছিল খুবেই প্ৰকট। এনেকুৱা সামাজিক পৰিস্থিতিত তেওঁ বিভেদ, জাতিভেদ, উচ্চ-নীচ ভেদাভেদ, কুসংস্কাৰ, নাৰীৰ ওপৰত অত্যাচাৰ – এই সামন্তীয় ভাৱধাৰাৰ বিৰুদ্ধে সাহিত্যৰ মঞ্চকেই সংগ্ৰামৰ হাতিয়াৰৰূপে ব্যৱহাৰ কৰিছিল। মানুহৰ দুখ-দুৰ্দশা নানা সামাজিক অশান্তিৰ অন্যতম কাৰণ অৰ্থনৈতিক দুৰৱস্থা আৰু তাৰ লগতে ৰাজনৈতিক দিশটোও যে জড়িত এইটো তেওঁৰ সজাগ দৃষ্টিত চকুত নপৰাকৈ থকা নাছিল। বৃটিছ সাম্ৰাজ্যবাদী শাসনৰ বিৰুদ্ধে তেওঁৰ মনোভাৱ আছিল স্পষ্ট। সাম্ৰাজ্যবাদী ইংৰাজ চৰকাৰে যাচি দিয়া লোভনীয় হাকিমৰ পদ প্ৰত্যাখান কৰি তেওঁ স্বাধীনচিতীয়া মনোভাবকেই ব্যক্ত কৰিছিল।
উনবিংশ শতিকাত সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত যি নব্যচিন্তাৰ উন্মেষ ঘটিছিল সেই পৰিমণ্ডলতেই ৰাজনৈতিক ক্ষেত্ৰতো জন্মলাভ কৰে নতুন নতুন চিন্তা চেতনাৰ। ইয়াৰ ধাৰাবাহিকতাত বিকশিত হ’বলৈ আৰম্ভ কৰে ভাৰতীয় জাতীয়তাবোধ, গঢ়ি উঠে স্বাধীনতা আন্দোলন। অনিবাৰ্য্যভাবেই লক্ষ্মীনাথ বেজবৰুৱাৰ মাজতো স্বাধীনতাৰ আকাঙ্খা পৰিস্ফুট হৈ উঠে। তৰুণ ৰাম ফুকন প্ৰমুখ্যে অসমত স্বাধীনতা আন্দোলনৰ গুৰিধৰোতা ব্যক্তিসকলৰ লগত যোগাযোগ ঘনিষ্ঠ হয় আৰু ১৮৯২ চনত এলাহবাদত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম অসমীয়া প্ৰতিনিধি হিচাপে বক্তব্য দাঙি ধৰে। বৃটিছ সাম্ৰাজ্যবাদৰ শাসন আৰু শোষণৰ অৱসানত ভাৰতবৰ্ষ স্বাধীন ৰাষ্ট্ৰ হিচাপে আৱিৰ্ভূত হ’লে দাৰিদ্ৰ আৰু শোষণ মুক্ত সমাজ গঢ়ি উঠাৰ পথ প্ৰশস্ত হ’ব – এই আকূতি সিদিনা ফুটি উঠিছিল ৰবীন্দ্ৰনাথ, শৰৎচন্দ্ৰ, প্ৰেমচান্দ, লক্ষ্মীনাথ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ দৰে ভাৰতবৰ্ষৰ মহান শিল্পী সাহিত্যিক সকলৰ কলমত। কিন্তু তেওঁলোকৰ এই আকূতি, এই সপোনে বাস্তৱ ৰূপ নাপালে। ১৯৪৭ চনৰ ১৫ আগষ্টত বৃটিছ সাম্ৰাজ্যবাদৰ কবলৰ পৰা দেশ মুক্ত হৈছিল সঁচা, কিন্তু অলপ দিনৰ ভিতৰতেই দাৰিদ্ৰমুক্ত, শোষণমুক্ত সমাজৰ সেই সপোন ধূলিস্যাত হৈ গ’ল। শাসকৰ পৰিবৰ্ত্তন হ’ল কিন্তু শোষণ, উৎপীড়ন কেৱল যে একেই থাকিল সেয়াই নহয় বৰং প্ৰতিদিন তীব্ৰৰ পৰা তীব্ৰতৰ হ’ব ধৰিলে৷ যাৰ পৰিণামত আজি দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক সকলো ক্ষেত্ৰতেই এক গভীৰ সংকট।

সাহিত্যৰথী বেজবৰুৱাই ঐক্যবদ্ধ বৃহত্তৰ অসমৰ যি সপোন দেখিছিল সেয়া আজি থানবান হৈ পৰিছে। প্ৰতিদিন ভ্ৰাতৃঘাতী সংঘৰ্ষ, হত্যাই এক মাৰাত্মক ৰূপ ধাৰণ কৰিছে আৰু সাধাৰণ মানুহৰ তেজেৰে ৰাঙলী হৈ উঠিছে অসমৰ মাটি। সকলো দেশৰ সকলো মনীষীয়ে এষাৰ কথা বাৰে বাৰে জোৰ দি কৈছে – “এটা জাতি কঠিন পৰিস্থিতিত খাবলৈ নাপালেও তিষ্ঠি থাকিব পাৰে, যদি তাৰ নৈতিক মেৰুদণ্ড ঠিক থাকে৷” আজি গভীৰ উদ্বেগেৰে সৈতে সমাজৰ সকলো সচেতন লোকে লক্ষ্য কৰিছে যে আদৰ্শ, নীতি-নৈতিকতা, মূল্যবোধ, মানুহৰ সাংস্কৃতিক পৰিশীলিত মননৰ প্ৰতিদিন অপমৃত্যু ঘটি আছে, যাৰ ফলত লোভ, লালসা, চূড়ান্ত ব্যক্তিস্বাৰ্থ, আত্মকেন্দ্ৰিকতা, দেশ সমাজৰ প্ৰশ্নত অনীহাৰ ক্লেদে সমাজ জীৱনক শ্বাসৰুদ্ধকৰ অৱস্থালৈ অৱনমিত কৰিছে। অন্ধতা, গোড়ামি, কুসংস্কাৰ, অন্ধবিশ্বাস আদি প্ৰতি মুহূৰ্ত্তত বৃদ্ধি পাই আছে। নাৰী নিৰ্যাতন, ধৰ্ষণ, ডাইনী হত্যা, নাৰীৰ নিৰাপত্তাহীনতা আজি দেশৰ এক ভয়ঙ্কৰ সমস্যা। প্ৰেম প্ৰীতি ভালপোৱা আজি মানৱীক গুণাৱলী ক্ৰমাত তল পৰাৰ পথত। এক কথাত সমাজ জীৱনত দেখা দিছে এক ভয়াবহ দুৰ্দিন। জাতীয় জীৱনৰ এই ঘোৰ দুৰ্দিনত আৰু বিশেষকৈ অসমৰ জ্বলন্ত পৰিস্থিতিৰ মাজতেই এই মহান মানৱতাবাদী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ডেৰশ বছৰীয়া জন্মজয়ন্তী সকলো ফালে উদযাপন কৰা হৈছে। আজি বেজবৰুৱা সহ নৱজাগৰণৰ মনীষীসকলৰ জীৱন সাধনা, সাহিত্য সাধনা, সামাজিক দায়বদ্ধতাৰ চৰ্চ্চা সমাজ অগ্ৰগতিৰ স্বাৰ্থতেই প্ৰয়োজন। বৰ্ত্তমান সময়ত লক্ষ্মীনাথ বেজবৰুৱা সহ নৱজাগৰণৰ মনীষীসকলৰ যুগোপযোগী মূল্যায়ন আৰু তেওঁলোকৰ জীৱনৰ পৰা শিক্ষা গ্ৰহণ, যিয়ে বৰ্ত্তমান অবক্ষয়িত সমাজৰ বিষময় প্ৰভাৱৰ পৰা ছাত্ৰ-যুৱ তথা জনসাধাৰণক ৰক্ষা কৰাৰ ক্ষেত্ৰত কাৰ্য্যকৰী ভূমিকা পালন কৰিব। বেজবৰুৱা চৰ্চ্চাৰ প্ৰাসঙ্গিকতা এইখিনিতেই নিহিত৷ আজি  কেৱল আনুষ্ঠানিকতাই নহয়, অন্তৰৰ অন্ত:স্থলৰ পৰা উচ্চাৰিত শ্ৰদ্ধাৰে জাতি-ধৰ্ম্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে অসমৰ সকলো মানুহে এক সৰ্বব্যাপক সাংস্কৃতিক আন্দোলন গঢ়ি তুলি দেশপ্ৰেমিক ভাৱধাৰাৰ পুনৰুজ্জীৱন ঘটোৱাৰ সংকল্প গ্ৰহণেৰে নিবেদিত হওক তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধা জ্ঞাপন।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Menoka Devi
6 years ago

বৰ সুন্দৰ সময়োপযোগী লেখা৷ ডা:পটঙ্গীয়াৰ পৰা এনে উচ্চ মানৰ লিখনী সদায় আশা কৰো৷

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক