লক্ষ্মীনাথ বেজবৰুৱাৰ কাব্য চিন্তা- ( ড° মৃণাল জ্যোতি গোস্বামী)

(কাব্য সাহিত্য বিশেষ)

লক্ষ্মীনাথ বেজবৰুৱাৰ কাব্য চিন্তা
-ড° মৃণাল জ্যোতি গোস্বামী
 

লক্ষ্মীনাথ বেজবৰুৱা ‘জোনাকী যুগৰ ত্ৰিমূৰ্তি’ৰ অন্যতম৷ ১৮৮৯ চনত প্ৰকাশ পোৱা ‘জোনাকী’ৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশিত হয় লক্ষ্মীনাথ বেজবৰুৱাৰ এখন ধেমেলীয়া নাটক ‘লিটিকাই’৷ তেতিয়াৰে পৰা আৰু তেওঁৰ কলম থমকি ৰোৱা নাই৷ বেজবৰুৱাই ‘কবিতা হয় যদি হওক নহয় যদি নহওক’ বুলি এমুঠিমান কবিতা ৰচনা কৰিছিল৷ ইয়াৰে বহুখিনি কবিতাক কবিতা হিচাপে আখ্যা দিব নোৱাৰি যদিও প্ৰাৰম্ভকালৰ কবিতা হিচাপে সেইখিনিৰ মূল্য অপৰিসীম৷ তদুপৰি ৰোমাণ্টিক কাব্য-আন্দোলনৰ পথ প্ৰদৰ্শকৰূপেও সেইবোৰৰ মূল্য অপৰিসীম বুলি ড° মহেশ্বৰ নেওগেও মন্তব্য আগবঢ়াইছে৷ লক্ষ্মীনাথ বেজবৰুৱাৰ সমগ্ৰ কবিতাৰাজি বিচাৰ কৰিলে আমি প্ৰধানতঃ পাঁচ প্ৰকাৰৰ ধাৰা দেখিবলৈ পাওঁ৷ সেইকেইটা হ’ল –
 
(ক) প্ৰেম আৰু চহা জীৱনৰ কবিতা
(খ) দেশপ্ৰেমমূলক কবিতা
(গ) নীতি-উপদেশমূলক কবিতা
(ঘ) খুহুটীয়া বা ব্যঙ্গ কবিতা আৰু
(ঙ) আধ্যাত্মিক-ধৰ্মতত্ত্বমূলক কবিতা৷
 
তেওঁৰ কবিতাসৃষ্টিৰ প্ৰেৰণাৰ উৎস হিচাপে নিৰ্ধাৰণ কৰিব পাৰি প্ৰাচীন ভাৰতীয় সংস্কৃত কাব্য, সমসাময়িক শতিকাৰ ইংৰাজী কাব্য, প্ৰাচীন অসমীয়া কাব্য, বিভিন্ন অসমীয়া লোকগীত তথা সমসাময়িক বঙালী কবিৰ কবিতা৷ বিভিন্ন উৎসৰ পৰা উপাদান সংগ্ৰহ কৰিলেও তেওঁ সকলোখিনিৰ সমাহাৰণেৰে, নিজস্ব ভাৱনাৰে ৰূপদান কৰিছে৷ উল্লেখযোগ্য যে, বহু সময়ত তেওঁৰ কবিতাৰাজিৰ মাজতো কৃপাবৰী ভাবনাইও ভুমুকি মাৰিছে৷ ব্যংগ্যাত্মক আৰু পেৰডী জাতীয় কবিতাকেইটিৰ মাজত আমি সেই ভাবনা দেখিবলৈ পাওঁ৷
 
ৰোমাণ্টিক আন্দোলনৰ পুৰোধা ব্যক্তি হিচাপে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাত কল্পনা প্ৰৱণতা, অতীত প্ৰীতি আদি ৰোমাণ্টিক কবিতাৰ বৈশিষ্ট্য পুৰামাত্ৰাই প্ৰকাশ পাইছে৷ আনকি কোনো কোনো কবিতাত ইংৰাজী কবিতাৰ পৰোক্ষ প্ৰভাবো পৰিলক্ষিত হয়৷ বেজবৰুৱাই ‘মোৰ জীৱন সোঁৱৰণ’তো সেই কথা উল্লেখ কৰিছে- ‘‘মোৰ মনৰ বহল পথাৰখন বাইৰণৰ কবিতাই কোমলালে, শ্যেলীৰ কবিতাই হাল বালে, কীটছৰ কবিতাই মৈয়ালে আৰু ৰবীন্দ্ৰৰ কবিতাই এনে কৰিলে যে তাত লাহী ধানৰ কঠীয়াৰটো কথাই নাই বিহমনা কোটকৰা পথৰুৱা বিহলঙনি আৰু চোঁৰাতকে আদি কৰি যিহৰে গুটি হওক পাৰিলেই সিয়েই ভৰভৰ কৰি গজি ‘মোক চা’ ‘মোক চা’কে উঠিব৷’’ বেজবৰুৱা ৰোমাণ্টিক কবি সেয়েহে তেওঁৰ কবিতাত প্ৰেমৰ গভীৰতা সু-মহান ৰূপ প্ৰকাশ পাইছে,
প্ৰেমত ঘূৰিছে ভূমণ্ডল৷
প্ৰেমত ফুলিছে শতদল৷৷ (ৰেণুকা)
 
ঠিক সেইদৰে অসমীয়া লোকগীতৰ আৰ্হিত লিখি উলিয়ালে চাৰিটা কৃত্ৰিম মালিতা৷ সেইকেইটা হ’ল- ‘ধনবৰ আৰু ৰতনী’, ‘ৰতনীৰ বেজাৰ’, ‘নিমাতী কইনা’ আৰু ‘তিলিকা’৷ চহা জীৱনক পটভূমি হিচাপে লৈ ৰচনা কৰা কবিতাকেইটাত নিৰ্ভেজাল প্ৰেমৰ চিত্ৰ প্ৰকাশ পাইছে৷ সমালোচক নন্দ তালুকদাৰে এই কবিতা চাৰিটিক বেজবৰুৱাৰ ‘প্ৰতিভা আৰু অভিজ্ঞতাৰ মণি-কাঞ্চন সংযোগ বুলি’ অভিহিত কৰিছে৷
লুইতৰ পাৰৰে কাৰে এৰাবাৰী
চপৰা চপৰে খহে
লুইতৰ পাৰতে কাৰে ধনবৰ
ৰতনীৰ বেজাৰত জহে ৷ (ধনবৰ আৰু ৰতনী)
 
বেজবৰুৱাৰ দেশপ্ৰেমমূলক কবিতাকেইটাৰ মাজত সুস্থ আশাবাদে ভুমুকি মাৰিছে৷ অসমী আইৰ অতীতৰ যশকীৰ্ত্তিৰ কথা সুঁৱৰি সেইবোৰৰ দ্বাৰা দেশবাসীক স্বদেশপ্ৰেমেৰে উদ্বুদ্ধ কৰিবলৈ তেওঁ যেন সদা যত্নপৰ৷ ‘বীণ-বৰাগী’, ‘মোৰ দেশ’ ‘অসম সংগীত’ ‘আমাৰ জন্মভুমি’ ‘ব্ৰহ্মপুত্ৰ সংগীত’ আদি দেশপ্ৰেমমূলক কবিতাৰ উদাহৰণ৷
আমি অসমীয়া নহওঁ দুখীয়া
কিহৰ দুখীয়া হ’ম
সকলো আছিল সকলো আছে
নুবুজো নলওঁ গম৷ (অসম সংগীত)
 
‘কদমকলিত’ সন্নিৱিষ্ট ‘ঈশ্বৰ আৰু ভকত’, ‘মহা প্ৰয়াণৰ যাত্ৰী’, ‘তৰা ’, ‘অৱশেষ’ আদি কবিতাত ভগৱৎ প্ৰেমৰ চিত্ৰ চিত্ৰিত হৈছে৷ ক্ষণস্থায়ী মানৱ জীৱনত সুকীৰ্তিৰ বাদে বাকী সকলো পাৰ্থিব বস্তুৰ যে কোনো অস্তিত্ব নাই সেই ভাবধাৰা এই লানি কবিতাত প্ৰকাশ পাইছে—
ধন গ’ল জন গ’ল কায়ক্লেশ
সুখ্যাতি অখ্যাতি ৰ’ল আত্মা অৱশেষ৷ (অৱশেষ)
 
বেজবৰুৱাই তেওঁৰ কবিতাৰ মাজতো কৃপাবৰী ৰূপেৰে হাস্য-ব্যংগৰ অৱতাৰণা কৰিছে৷ সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ কাৰ্যকলাপ দেখি সেইবোৰৰ শুধৰণিৰ বাবে আহ্বান জনাই এইলানি কবিতা ৰচনা কৰিছিল৷ ‘চালনী আৰু বেজী’, ‘পকাচুলি’, ‘বৃন্দা-চন্দ্ৰাৱলী সংবাদ’, ‘ধোৱা খোৱা’, ‘ৰাধাৰ দ্বন্দ্ব’, ‘ছয় ঋতুৰ ডাক’, ‘চম্পা’ আদি এই ধৰণৰ উল্লেখযোগ্য কবিতা৷ ইংৰাজী ভাষা শিকি অশুদ্ধভাৱে য’তে ত’তে প্ৰয়োগ কৰাৰ কথাক ব্যংগ কৰি তেওঁ ‘বৃন্দ্ৰা-চন্দ্ৰাৱলী সংবাদ’ কবিতাত লিখিছে –
Now look here Brinda বাই
Go tell him go
মই ৰাধা নহওঁ বাঁহী বাই নচুৱাব মোক so !
Let him go to Radhas Bower here no চালাকি৷
 
‘ৰেণুকা’ৰ কবিতা লানি— ‘মোৰ লক্ষ্য’, ‘ভদ্ৰতা’, ‘কৰ্ম্ম’, ‘কৰ্ম্মৰ আত্মা’, ‘প্ৰতিদান’, ‘সৰু আৰু বৰ’ আদি কবিতাৰ মাজেদি কবি বেজবৰুৱাই দৰ্শন, কতৰ্ব্যনিষ্ঠা, কৰ্ম-বিশ্বাস আদি নীতিমূলক কথা দাঙি ধৰিছে৷ চুটি চুটি এনে কবিতাৰ মাজত গীতাৰ কৰ্মযোগ, সংস্কৃত আখ্যান-উপাখ্যান তথা ইংৰাজী নীতি কথাৰ সমল অনুৰ্ভুক্ত৷ সেয়ে এই শ্ৰেণীৰ কবিতাখিনিক নীতি-উপদেশমূলক কবিতা হিচাপে অভিহিত কৰা হয়৷ উদাহৰণস্বৰূপে উল্লেখ কৰিব পাৰি –
বাটৰ দুবৰি বন গচকৰ পৰা
তাৰো এটি পাতে দিয়ে সৰগৰ বতৰা৷ (ৰেণুকা)
 
এই আলোচনাৰ পৰা এটা কথা স্পষ্ট হয় যে,— বেজবৰুৱাৰ সৰহ সংখ্যক কবিতাৰ মূল উৎস স্বৰূপ হ’ল প্ৰেম৷ সেয়া— মানৱ প্ৰেম, ব্যক্তি প্ৰেম, স্বদেশ প্ৰেম আৰু ভগৱৎ প্ৰেম আদি ৰূপত বহুধা বিভক্ত৷ তেওঁৰ কবিতাত নিৰাশাবাদৰ স্থান নাই বুলিয়েই ক’ব পাৰি৷ ঘৰুৱা শব্দ, চিত্ৰকল্প আদিৰ সমাবেশেৰে তেওঁ কবিতা বৈশিষ্ট্যপূৰ্ণ৷ সেই বাবে বীৰেন বৰকটকীয়ে মন্তব্য কৰিছে – ‘‘অসমৰ প্ৰতি বেজবৰুৱাৰ মনৰ হেঁপাহে তেওঁৰ মানসিক স্তৰত হাড়ে হিমজুয়ে অসমীয়া কৰি তুলিছিল৷ অসমৰ সকলো কথা ফুটাই তুলিবলৈ তেওঁ নিভাঁজ অসমীয়া ভাষাৰ আশ্ৰয় লৈছিল৷ বেজবৰুৱাই ভালকৈ উপলদ্ধি কৰিছিল যে জাতীয় ভাষা নহ’লে জাতীয় সাহিত্য গঢ় লৈ উঠিব নোৱাৰে৷’’
 
প্ৰসংগপুথি:
গোহাঁই, হীৰেন (২০০৭); নিৰ্বাচিত সমালোচনা; গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদ।
ডেকা হাজৰিকা, কৰবী (১৯৯২); অসমীয়া কবিতা; গুৱাহাটীঃ ষ্টুডেণ্টচ ষ্ট’ৰচ।
ডেকা হাজৰিকা, কৰবী (২০০৮); অসমীয়া কবি আৰু কবিতা; ডিব্ৰুগড়ঃ বনলতা।
ডেকা হাজৰিকা, কৰবী (১৯৮৫); অসমীয়া সাহিত্যৰ ৰূপ-ৰস; ডিব্ৰুগড়ঃ বনলতা।
দত্ত, ভবানন্দ (১৯৯৩); অসমীয়া কবিতাৰ কাহিনী; গুৱাহাটী লয়াৰ্ছ বুক ষ্টল।
নেওগ মহেশ্বৰ (২০০০); অসমীয়া সাহিত্যৰ ৰূপৰেখা; গুৱাহাটীঃ চন্দ্ৰ প্ৰকাশ।
বৰকটকী, বীৰেন (১৯৯৬); সাহিত্যৰ পটভূমি; গুৱাহাটীঃ অসম বুক ডিপো।
ভূঞা, যোগেন্দ্ৰ নাৰায়ণ (২০০৫); বেজবৰুৱা কবিতাৰ বাস্তৱিকতা; গুৱাহাটীঃ কথা।
শৰ্মা, সত্যেন্দ্ৰনাথ (১৯৯৫); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত; গুৱাহাটীঃ সৌমাৰ প্ৰকাশ।
 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
aupam saikia
5 years ago

এই পৃষ্ঠা মোৰ বাবে বহু উপকাৰী হৈছে । ধন্যবাদ ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক