ভাল নেলাগে (ৰাজু সোণোৱাল)

ভাল নেলাগে 

ৰাজু সোণোৱাল

 

 

আজিকালি কিয় জানো বাচি থকাত আৰু কোনো মাদকতা নাই । সকলো সময়তে জীৱন বীণাত সেই একেই ঝালা– ভাল নালাগে, ভাল নালাগে ।
কিয় ভাল নালাগে বাৰু ?
সঠিক উত্তৰ কোনোবাই দিব পাৰিব নে ? ভাল নলগাটো যেন এক সংক্ৰামক ব্যাধি । বাপেকে বোলে ভাল নালাগে, জীয়েকৰ মুখত প্ৰতিধ্বনি– ভাল নালাগে । সাত বছৰীয়া শিশুৰ কপালত শিয়াল পণ্ডিতৰ বিতচকু, সিও গহিনাই বোলে – ভাল নালাগে । এইয়া যেন ইদানীন্তন যুগৰ এক ফেচন । চুলিত তেল নাই, পগলা শিৱৰ দৰে চুলি আলাহতে উৰিছে – ফেচন । চোলাত হাত নাই – ফেচন । স্ত্ৰী-পুৰুষ সকলোৰে গলত লকেট, হাতত বালা – ফেচন । ভৰিত হাই হিল – ফেচন । তাজা বস্তু এৰি ফ্রীজৰ মর্গৰ পৰা ডেড্ বডী উলিয়াই ভক্ষণ কৰাটোও এক ফেচন ।
উদাস মুখ, উৰু উৰু চুলিৰে ভাল নালাগে বুলি কোৱাত কিবা এটা বাতুলতাৰে প্রকাশ যেন । পৃথিবীৰ ডাঙৰ ডাঙৰ বুদ্ধিজীৱী সকলেও হতাশাত ভুগিছে । আমিও ভোগো । অতএব আমিও বুদ্ধিজীৱী । মানুহৰ সমাজত ভাল নলগাৰ এনে এক বতাহ বলিছে ঠিকেই, তবে সঁচাকৈয়ে জানো ভাল লগা নাই ? শিশুৰ ভাল লগা নাই, বয়স্ক সকলৰো ভাল লগা নাই ।
কি কৰিলে ভাল লাগিব ।
মধ্যবিত্ত আৰু উচ্চ মধ্যবিত্ত পৰিয়ালৰ এটি শিশুৰ অৱস্থা পৰ্যবেক্ষণ কৰা যাওক । বসবাস যেনিবা ফ্লেটত অথবা দুটা ৰুমৰ ভাৰা ঘৰত । যিফালেই চোৱা যায় মাত্র দেৱাল । হয় বগা নহয় পেস্টেল । পাতল নীলা অথবা পিঙ্ক । এখন দেৱালত যদি ছবি সিখনত কেলেণ্ডাৰ । কোনো এখন দেৱালত বগলী নাইবা উৰন্ত হাঁহৰ জাক । চেপেটা মাটিৰে তৈয়াৰী । চেপেটা মাটিৰ ‘গাগৰি ভৰণি’ সুন্দৰীও কোনো কোনো দেৱালত ওলমে । যিসকল আকৌ সংস্কৃতিক লৈ উস্তম-খুস্তম, তেওঁলোকৰ দেৱালত বন-লতিকাও ওলমে । কোনো এক সময়ত ঘোঁৰাৰ পট্ৰেইট দেৱালত আঁৰি থোৱাটো এক ফেচন আছিল । এতিয়া আৰু ঘোঁৰাৰ উর্দ্ধত্য চকুত নপৰে । এতিয়া মানুহৰ জীৱনটোৱেই একো একোটি ‘ওয়েলাৰ’ ঘোঁৰা । দপদপাই নিজেই দৌৰি ফুৰিব লগা হয় ।
দেৱালৰ ৰঙেনো কি মনত প্রভাৱ পেলাব, মনেই বিবৰ্ণ ।
খিৰিকীৰ বাহিৰত আকাশৰ লুকাভাকু আৰু নাই । তাতো দেৱালৰ প্রভাৱ । অহংকাৰী আট্টালিকাই আকাশতো মূৰ সুমাই প্ৰাচীৰ হৈ ৰৈ আছে । বাৰাণ্ডাৰ ৰেলীং, খিৰিকীৰ গ্রীলত সমস্ত ভাৰস্তৰ কাপোৰ ওলমে । কাৰ ভাগ্য যে ছাদত বহি বিলাসিতা কৰে !
এডভেঞ্চাৰ এটাই – ৰাস্তালৈ ওলাই গৈ প্রাণটো হাতত লৈ চিঙ্গলপিচ্ ঘুৰি অহাটোহে ।
টাইমপাছ বা অৱসৰ বিনোদন হ’ল হাই-কাজিয়া, খিয়লা-খিয়লি । অফিচত সহকৰ্মীৰ সৈতে চেপা আলোচনা, পার্টীবাজি । ৰাস্তাত পৰস্পৰে দবৰাদবৰি । বজাৰত কঢ়া-কঢ়ি, তই থাক মই যাওঁ ।
নিজ সংসাৰত চুলিয়াচুলি । ভগ্নীয়ে ভগ্নীয়ে, ভাতৃয়ে ভাতৃয়ে । স্বামী-স্ত্রী মুখামুখি হ’লেই টেনিচৰ চিঙ্গলচ । কথাৰ, চার্ভিচ, ৰিটার্ণ, প্লেচিং, স্মাছ । ইয়াৰ মাজতেই বৃ্দ্ধাই মালা জপিছে, বৃদ্ধই আলেঙেআলেঙে চাই ফুৰিছে ।
চহৰতত পক্ষী বুলিবলৈ কেৱল কাউৰীহে ৰ’লগৈ । বসন্তৰ শ্যামলীৰ ফিকা ছাঁ । মূৰৰ ওপৰত নীলা আকাশৰ ফ্রেম । দেখি পোৱাৰ কোনো চান্স নাই । ডিঙি বেঁকা কৰি মূৰ তুলি ধৰিব লাগিব তেহে যদি হয়গৈ । ডিঙিয়ে ডিঙিয়ে আকৌ স্পণ্ডেলাইটিচ্ । সভ্যতাৰ ব্যাধি । সকলো মানুহেই একোটা সাৰমেয় । কাৰণ সৰু ডাঙৰ সকলোৱেই জীৱিকাৰ দাস । সেই অৰ্থত কোনোবা এলচেচিয়ান, পেৰিয়াৰ মাউণ্ট, ডালমেচিয়ান অথবা চেণ্টবানার্ড । কোনোবা আকৌ নিহকটোয়া ঢেঁকুৰাটো । কোনোবা নহয় কোনোবাই, কাৰোবাৰ নহয় কাৰোবাৰ পদলেহন কৰিবই লাগিছে । তবে নকৰিলে যে ৰোজি-ৰুটী নিমিলে ।
সংসাৰত কাৰো কোনো ধৰণৰ নিৰাপত্তা নাই ।
যাৰ নিজা ঘৰ আছে তেওঁও সেই ঘৰ ভাৰালৈ দিব নোৱাৰে । বিপদত পৰি ঘৰ ভাৰাত দি ৰোজগাৰ কৰাৰ পথো বন্ধ । ভাৰাতো নাপাবই, ওলটাই ঘৰটোৱেই হয়তু বেদখল হৈ যাব । তাৰো ওপৰত আকৌ টেক্স । ভেটীয়ে মাটিয়ে আয়কৰ ধার্যও হ’ব পাৰে । মানুহৰ ধাৰণা, ঘৰ হ’ল চিকিউৰিটি । কিন্তু সেই ধাৰণা যে মুঠেই শুদ্ধ নহয়, ফুটুকাৰ ফেন ।
চাকৰিতো সহজতে পোৱা নাযায়েই আৰু কোনোবাই যদি পাইও, তলৰ ফালৰ হ’লে সেই ‘বেড অফ প্রোকাচ্’টেচ্ । এই গ্রীক ৰসিক জনৰ এখন খাটিয়া আছিল । তেওঁ আক’ বৰ অতিথি পৰায়ণ আছিল । সন্ধ্যা সদায় একোজনকৈ অতিথি ধৰি লৈ আহে । ভোজন-পাণেৰে আপ্যায়িত কৰি সেই খাটিয়া খনত শুবলৈ দিয়ে । যিজনে শোওঁতে তেওঁ খাটিয়াৰ মাফতকৈ দীঘল হয়, তৎক্ষণাৎ বাঢ়ি থাকা অংশ কাটি পেলোৱা হয় আৰু যদি মাফত চুটি হয় টানিটুনি হলেও দীঘল কৰা হয় ।
তলৰ ফালৰ চাকৰিৰ ৰোজগাৰ হ’ল সেই গ্রীকৰসীক জনৰ খাটিয়া খন । প্রয়োজন মতে দীঘলেই হওক বা চুটিয়েই হওক নিজে নিজে ফিট কৰি লোৱা । গোটেই জীৱন পঙ্গুৰ জীৱন । ওপৰ ফালৰ চাকৰিৰ চেপাতো আৰুহে অধিক । সামান্য ইফাল সিফাল হ’লেই এস্টাবলিচ্’মেণ্টে মাৰিব লাথ, ভিজিলেন্স ।
এনে বাতাবৰণতে শিশুৱে গাখীৰ খায়, কণি খায়, ছানা খায়, কল খায়, চিট এণ্ড ড্র’ কৰে, আবৃত্তি কৰে, গ্রন্ঠমেলালৈও যায় । কিন্তু শিশুৱে নেহাঁহে । মুখ দেখিলে ভাৱ হয় যেন গ্রেভদার্শনিক ।
ভৰি মুচুকাখালেদ ভৰিত গৰম প্রলেপ সানি ফ্লানেল কাপোৰেৰে বান্ধি ৰখা হয় । আমাৰ মোচোকা খোৱা জীৱনেও সেইদৰেই সভ্যতাৰ গৰম প্ৰলেপত লেঙেচিয়াই লেঙেচিয়াই চলি বৈ লাগিছে । ক’তো আনন্দ নাই, মুক্তিৰ সন্ধান নাই ।
আধুনিক সংগীতত একা ?
হে প্রভু, কি যে হুলস্থুল ! কান্দি বাচিবলৈকো উপায় নাই । হিন্দী চিনেমাৰ এনে এখন প’ষ্টাৰ নাই য’ত তিনিটাতকৈ কম পিষ্টলৰ সমাবেশ ঘটা নাই । তিনিফালে তিনিটা উদ্যত পিষ্টল । তাৰ মাজতে লাস্যময়ী নায়িকাৰ নাচোনে জেলেপীৰ পাক মাৰিছে ।
এইবোৰৰ মাজত সোমাই পৰিয়েই আধুনিক যুৱক সকলে কেতিয়াবা পেণ্টৰ ঘেৰ বহল কৰিছে আৰু কেতিয়াবা চুঙা । যুৱতী সকলেও বিৰক্ত হৈ হাত কটা গেঞ্জীৰ হাত আৰু ব্লাউজৰ হাত একাকাৰ কৰি পেলাইছে ।
ধেৎ তেৰি ! যায় যদি যাওক উটি-ভাঁহি, জীৱন, যৌৱন, ধন, মান । চুলিত ক্ষুৰ চলাই দিয়া । ইয়াৰ পাচৰ ষ্টেজত মহাপ্রভুৰ ছাঁ । পাচফালে লাউৰ ঠাৰিটোৰ দৰে সৰু এটি চুট্’কি । তাকে দেখি মডার্ণ কবিয়ে লিখিলে –
“চুলি নাই তাৰ আৰু আছে লৰফৰ ।
লাউৰ ঠাৰিটোত ধৰি বিৰহতে মৰ ।।”

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক