বিষয়: ভালপোৱা(-বিচিত্র বৰদলৈ)

:: বিষয়: ভালপোৱা ::

ভালপোৱাটো ভালৰ লক্ষন নহয়
ভালপোৱাটো কুষ্ঠ ৰোগৰ দৰে
ইজনৰ বুকুৰ পৰা সিজনৰ বুকুলে
বৰ গুপুতে গুপুতে ই বিয়পে

ভয় পিচে নাখাব
স্পৰ্শৰ দ্বাৰা ভালপোৱা নিবিয়পে
একেলগে খেলা-ধুলা বা আহাৰ গ্ৰহণ কৰিলে
ভালপোৱা নিবিয়পে
মাইকী মহৰ কামোৰত নতুবা
অসুৰক্ষিত যৌন সংম্ভোগতো এই ভালপোৱা নিবিয়পে

bhalpowa

 

তথাপিও সাৱধান হোৱাটো ভাল
দীঘলীয়া যাত্ৰাত যাতে সহযাত্ৰীৰ পৰা
ভালপোৱা বিয়পি নাহে তাৰবাবে
কাণত বিশ্বাসহীনতাৰ ডাঠ
কপাহ দুটুকুৰা সুমুৱাই লওঁক |
আপোনাৰ ডিম্পল পৰা হাঁহিটোৰ বাবে
যাতে আপুনিয়েই দায়ী নহয়
তাৰ প্ৰতি সচেতন হওঁক |
অফিছ-কাছাৰীকো বৰ সুবিধা জনক
ঠাই বুলি ভৱাটো এৰক ,
গাম্ভীজতাৰ ’মাক্স’ এটা যদি
আলমিৰাত আছে সোমাই
জাৰি-জোকাৰি সদায় পিন্ধাৰ অভ্যাস কৰক |
কবি জাতীয় প্ৰজাতিটোৰ পৰা সদায়
নিৰাপদ দুৰত্বত অৱস্থান লওঁক |
ভালপোৱাটো মুঠেই ভাল কথা নহয়
পুৱা-গধুলি সদায় কথাষাৰ
নিজক সোৱৰাই থাকক |

বাথৰুমত গুন গুনাই কেতিয়াও গা নুধুব
ফুটপাথেৰে খোজকাঢ়োতে সদায় ছানগ্লাছ পিন্ধিব
এন্ধাৰ কোঠাত দোভাগ ৰাতি জগজিত্‍ সিঙৰ গজল নুশুনিব
আপোনাৰ খৱৰ কেনে ? সেই কথা আনক নুসুধিব
বৰষুণ জাকক বৰষুণ আৰু সন্ধিয়াটোক সন্ধিয়া বুলি ভাৱিব
শেষ কথা, পিয়াজ কাটিলেহে অকাৰণত
চকুপানী ওলাই সেই কথাষাৰত বিশ্বাস ৰাখিব
(অভ্যাস কৰক , ভালপোৱাৰ পৰা বাচি থাকিব )

ভালপোৱানো কি ?
ভালপোৱা বহুৰূপী
ভালপোৱা আত্মজাহৰ ট্ৰয় নগৰী
ভালপোৱা নিলাচল পাহাৰৰ চলনাৰ মুৰ্গী
ভালপোৱা য্ন্ত্ৰনাৰ কাৰাবাস
বিষন্নতাৰ বিবৰ্ণ দিনলিপী

আপুনি জীৱনৰ প্ৰেমিক ইহুদী
ভালপোৱা স্বেচ্ছাচাৰী হিটলাৰ |
আপুনি জীৱনৰ বিস্বস্ত সংগী
ভালপোৱা নিসংগ দ্বীপৰ আলেকজেন্ডাৰ চেলকাৰ্ক |
আপুনি প্ৰাথমিক স্কুলৰ এটা সৰল অংক
ভালপোৱা মেটা ফিজিক্সৰ উদ্ভত্‍ সমীকৰণ |
আপুনি সদায় আপোনাক আপোনাৰ দৰে বিচাৰে
ভালপোৱাৰ বাবে আয়নাৰ সমুখত
আপুনি আপোনাক নেদেখে |
ভালপোৱাৰ বাবেই আপোনাৰ কাৰ্শলা সাপৰ দৰে
ঢৌখেলা স্বাধীনতাৰ চুলিকোচা এতিয়া চুটি চুটি ,
ভালপোৱাৰ বাবেই প্ৰতি সন্ধিয়া খুলি থয়
আপোনাৰ হাতৰ ব্যস্ততাৰ বহুমূলীয়া হাতঘড়ী ,
ভালপোৱাৰ বাবে দেঁওবাৰে দেওঁবাৰে অনুৰাধাৰ আন্ধাৰ
ভালপোৱাৰ বাবেই আপুনি মিকি মাউচ
লোদোৰ পোদোৰ টেডী বিয়েৰৰ আদ্ধাৰ |
ভালপোৱাৰ বাবে আপুনি সলনি হৈ
হ’ল তেখেতৰ দৰে
ভালপোৱাৰ বাবে তেখেতৰ দুখ
আপুনি সলনি হ’ল ,নহয় আগৰ দৰে
ভালপোৱাৰ বাবে আপোনাৰ চহৰ ঘেৰি
অসংখ্য অভিমানৰ বিঞ্জাপন
ভালপোৱাৰ বাবে অলেখ অভিযোগ অনসন
শব্দৰ লাঠিচাৰ্জ,মৌনতাৰ লানি নিছিগা সমদল

ভালপোৱাৰ বাবে আপুনি নমৰে
অথচ জীয়াই আছে বুলিও দাবী কৰিব নোৱাৰে
কাৰণ মৃত্যুৰ বাট কোন দিশে
তেখেতে নেদেখুৱালে আপুনি নিছিনে ,
জীৱন নো কি ? তেওঁৰ আঙুলিৰে স্পৰ্শ নকৰালৈকে
তেওঁৰ চাৱনিৰে নোচোৱালৈকে
তেওঁৰ উশাহেৰে আপোনাৰ তামৰঙী হৃদপিণ্ড
ফুলাই নোলোৱালে আপুনি নুবুজে |

ভালপোৱাটো ভালৰ লক্ষন নহয়
লাগিলে মই আপোনাক এশবাৰ বুজাওঁ
তথাপিও আপুনি এই সাধৰণ কথাটোকে নুবুজে

এতিয়া নিশ্চয়কৈ প্ৰশ্ন উঠিব
’এই ভালপোৱা বিয়পে কিদৰে ?’

কৈছো শুনক-
ধৰাহওঁক আপোনাৰ গা বেয়া
ধৰক জ্বৰ-কাহ-চৰ্দি
ভাতৰ সলনি খাইছে ৰুটি , অথচ শুব পৰা নাই ৰাতি
আন কৰবাত কোনোবা আছে উজাগৰে
আপোনাৰ জ্বৰ সেয়ে তেওঁৰ গাত পোৰনি
আপুনি শুব পৰা নাই সেয়ে
তেওঁৰ বিচনাত ইকাতি সিকাতি |
ভালপোৱা তেতিয়া বিয়পে

ধৰাহওঁক
বাথৰূমত পৰি আপোনাৰ হাত মোছোকা খাইছে
আউল-বাউল ছুলিৰে তেজ দিবলে কোনোবা হস্পিটেল ওলাইছে
ভয়ত বেচেৰাৰ ওঠঁ-কলিজা শুকাই গৈছে
ভালপোৱা তেতিয়া বিয়পে

ধৰক
অচিনাকী ষ্টেচন এটাত শেষৰ ট্ৰেইনখন আপুনি ’মিছ’ কৰিছে
শ মাইল দুৰত, ফোনৰ সিপাৰে কোনোৱা উচুপি উঠিছে
শংকাৰ বৰঁভূইকপে বেছেৰীৰ বুকু কপাই তুলিছে
ভালপোৱা তেতিয়া বিয়পে

কেইটামান টকাৰ অভাৱত পুৰণি সপোনটোক
কবৰ দিয়াৰ আপুনি যো-জা কৰিছে
আৰু তেওঁ হাতৰ প্ৰিয় আঙুঠিটো খোলাৰ
চেষ্টাত নিজক ব্যস্ত ৰাখিছে
ভালপোৱা তেতিয়া বিয়পে

ভগৰুৱা দেহাৰে বিষন্ন হৈ
কামৰ পৰা গধুলি ঘৰলে উভতি আহিছে
সেউজীয়া হাঁহিৰ সতেজ ফুলৰ কুকি এটা লৈ
পদুলি মুখত তেওঁ আপোনাৰ বাবে পৰ দিছে
ভালপোৱা তেতিয়া বিয়পে

নিসংগতাৰ বৰষুণ জাকে আপোনাক তিয়াব ওলাইছে
ফুলাম চাতি এটা পিছ্ফালৰ পৰা তেওঁ আহি মেলি ধৰিছে
ভালপোৱা তেতিয়া বিয়পে

ভালপোৱা বিয়পাৰ অলেখ কাৰণ
ভালপোৱা বিয়পাৰ অলেখ ধৰন
সাৱধানী মানুহবোৰ বৰ সুখেৰে বাছি থাকে
এই বিশাল মৰুভুমিত
আৰু
ভালপোৱাত আক্ৰান্ত মানুহবোৰ
তিল তিল কৈ মৰে
সেউজীয়া পৃথিৱীত……………………………….

 

বিচিত্র বৰদলৈ

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!