ভাৰতীয় ইতিহাসৰ ইতিহাস বিচাৰি…- এক মাইক্ৰ’ অধ্যয়ন – ৰক্তিম গোস্বামী

ভাৰতৰ এজন প্ৰসিদ্ধ আৰু সন্মানীয় ইতিহাসবিদ ৰমেশ চন্দ্ৰ মজুমদাৰে কৈছিল যে, ‘এইটো এটা জনা শুনা কথা যে ৰাজতৰংগীনি (কাশ্মীৰৰ ইতিহাস)ৰ বাহিৰে সংস্কৃতত এনে কোনো লিখিত ইতিহাস নাই যি সমগ্ৰ ভৰতৰ অথবা ভৰতৰ বিভিন্ন অঞ্চলৰ কথাক সামৰি ৰাখিছে’৷ যদিও এই কথাত কিছু আসোঁৱাহ আছে তথাপিও এনে মন্তব্যৰ তাৎপৰ্য্যও অস্বীকাৰ কৰিব নোৱাৰা বিধৰ৷ বৃটিছসকলৰ ভাৰত আগমনে ভাৰতৰ বহু দিশ যাৰ বিষয়ে ভাৰতীয়সকল নিজেই অজ্ঞ আছিল তাক আগতে উন্মোচিত কৰিছিল৷ এই দিশবোৰৰ ভিতৰত এটা আছিল ভাৰতীয় সভ্যতা সংস্কৃতিৰ অতীজৰে পৰা সু-লিখিত ইতিহাসৰ অভাৱ৷ ইংৰাজসকলে যেতিয়া ভাৰতীয় ইতিহাসৰ বিষয়ে জানিবলৈ আগ্ৰহী হ’ল তেতিয়া তেওঁলোক লিখিত ইতিহাসৰ অভাৱত বাৰুকৈয়ে দোমোজাত পৰিছিল৷ বৈদিক যুগৰে পৰা সামাজিক স্তৰীকৰণেৰে (Social stratification) সমাজক বহুভাগ কৰি এই স্তৰীকৰণৰ সৰ্বোচ্চ আসনত থকা বাহ্মণসকলেই এক প্ৰকাৰ সংস্কৃতত ৰচনা কৰা ভাৰতীয় ইতিহাস বিষয়ক লেখাবোৰৰ গৰাকী আছিল আৰু এই লেখাবোৰৰ জ্ঞানো তেওঁলোকৰ মাজতেই সীমিত আছিল৷

ব্ৰাহ্মণসকলৰ দ্বাৰায়ে ৰচিত পুৰাণক ভাৰত উপমহাদেশৰ ইতিহাসৰ বিষয়ক এক প্ৰভাৱশালী আৰু বিশ্বাসযোগ্য উৎস বুলি বহু পণ্ডিত অথবা ইতিাসবিদে কয় কিয়নো, তেওঁলোকৰ মতে পুৰাণৰ বিষয়বস্তুৰ গঠনৰ ভিত্তি চৰিত্ৰৰ বংশজাত বা বংশপৰিক্ৰমাৰ (genealogy) আধাৰত ৰচিত৷ তেওঁলোকৰে এজন অন্যতম F.E. Pargiter য়ে তেখেতৰ গ্ৰন্থ ‘Ancient Indian Historical Traditionত এই সৰ্ন্দভত এইদৰে কৈছে- “It has long been recognized that the Purânas are based on a framework of a genealogical nature.” এইখিনিত তেওঁ এই কথা ক’ব বিচৰা যেন ধাৰণা হয় যে পুৰাণত সন্নিবিষ্ট কথাবোৰ কোনো নিৰ্দিষ্ট অঞ্চলৰ একো একোটা ৰাজবংশৰ ইতিহাস৷ তেওঁ তেওঁৰ ভাৰতীয় ইতিহাস বিষয়ক বিশ্লেষণত বৈদিক তথ্যতকৈ পুৰাণ আৰু মহাভাৰতৰ আলমত ক্ষত্ৰিয় পৰম্পৰাক অধিক প্ৰাধান্য দিছে যদিও এই কথা স্বীকৃতি দিয়াত বিফল হৈছে যে পুৰাণৰ প্ৰায়বোৰ ‘Geneology’ ৰ উৎস বেদ৷ ইতিহাসৰ সমল হিচাপে বেদৰ বিশ্বাসযোগ্যতাৰ ওপৰত পুনৰ এইখিনিতে এই কথা উল্লেখ কৰা বাঞ্ছনীয় যে বেদসমূহ ৰচনাৰ প্ৰায় ২০০০ বছৰলৈকে অপৰিৱৰ্তিত আছিল কিন্তু ‘Birdic tradition’ আৰম্ভ হোৱাৰ লগে লগে অৰ্থাৎ মহাভাৰত অথবা পুৰাণ ৰচনা কালত বেদসমূহ মুখবৰ্ণন কৰা পৰম্পৰা আৰম্ভ হোৱাৰ লগে লগে বেদ বৰ্ণন কৰা ব্যক্তিসকলৰ কল্পনা আৰু নিজা সংযোজনেৰে বেদৰ বহু কথা এওঁলোকৰ দ্বাৰা পুণঃনিৰ্মিত বা ৰচিত হৈ প্ৰকৃত ইতিহাসৰ বহু সালসলনি হ’ল বুলি কোৱা হয়৷

উদ্ধাৰ হোৱা ঐতিহাসিক পাণ্ডুলিপিবোৰৰ (manuscripts) শেষাংশত (colophons) উল্লেখ থকা সেইসময়ৰ ৰজা আৰু অন্যান্য ঐতিহাসিক তথ্যইয়ো বহু ইতিহাস বিষয়ক কথাৰ সম্ভেদ দিয়ে। কিন্তু পৰিতাপৰ কথা এয়ে যে এনে বহু ঐতিহাসিক পাণ্ডুলিপিবোৰৰ নষ্ট হোৱাৰ কাৰণ এয়ে যে বিশেষকৈ হিন্দুসকলে এইসমূহ গুৰুত্বপূৰ্ণ তথ্যক সংৰক্ষণ কৰাত বিশেষ গুৰুত্ব দিয়া নাছিল। কিয়নো তেওঁলোকৰ বাবে গুৰু, কবি অথবা কোনো পণ্ডিতৰ মৌখিক বৰ্ণনা বেছি মূল্যৱান আছিল৷ এই কাৰণতে প্ৰায়বোৰ ঐতিহাসিক পাণ্ডুলিপিয়ে সৃষ্টিৰ প্ৰায় ৫০০ বছৰৰ ভিতৰতে সংৰক্ষণৰ অভাৱত বিনষ্ট হ’ল৷ সৌভাগ্যবশতঃ জৈন, বৌদ্ধ ধৰ্মীয় সকলৰ লগতে নেপালীসকলেও তেওঁলোকৰ পাণ্ডুলিপিসমূহ যথেষ্ট আদৰৰে সংৰক্ষণ কৰিছিল৷ এই পাণ্ডুলিপিসমূহৰ মাজত আজিও উপলব্ধ নৱম শতিকাৰ প্ৰথমাৰ্দ্ধৰ পাণ্ডুলিপিয়ো আছে৷ এই পাণ্ডুলিপিসমূহ তথা ইয়াৰ শেষাংশত (colophons) এতিয়াও এনে কিছু তথ্য আছে যিবোৰ কাহানিও ভাৰতীয় ইতিহাস বৰ্ণনাত সঠিকভাবে ব্যৱহাৰ হোৱা নাই বা ব্যৱহাৰ কৰা যথেষ্ট থল আছে৷ উদাহৰণস্বৰূপে ১৬শ শতিকাত গুজৰাট আৰু নেপালত ‘ৰাম স্তুতি’ৰ প্ৰসাৰতাৰ বিষয়ে পাণ্ডুলিপিসমূহৰ শেষাংশ হঠাৎ বৃদ্ধি পোৱা বৈষ্ণৱ নামসমূহৰ পৰা ধাৰণা কৰিব পাৰি৷ ভাৰতীয় ইতিহাসৰ অন্যান্য উৎসসমূহৰ অন্যতম হৈছে শিলালিপি, তাম্ৰলিপি, মুদ্ৰা আদি অন্যতম৷ বিদেশী পৰ্যটকৰ বৰ্ণনাও এইক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ যদিও তেওঁলোকৰ বৰ্ণনা বহুদিশত সাংস্কৃতিকভাৱে পক্ষপাত দুষ্ট বুলিও কোৱা হয়৷

বৃটিশ ঔপনিবেশিক কাল ভাৰতীয় ইতিহাসৰ বাবে এক কণ্টকময় সময় আছিল। যিহেতু নিজ লাভালাভৰ বাবে ভাৰতীয় ইতিহাসৰ ঔপনিবশিকৰণ বা আন কথাত বিকৃতকৰণ অথবা ভুলকৈ বিশ্লেষণ কৰিবলৈ বৃটিশ শাসক গোষ্ঠীয়ে চেষ্টাৰ ত্ৰুটি কৰা নাছিল৷ বিশিষ্ট লেখক, অৰ্থনীতিবিদ সঞ্জীৱ সান্যালে Hindustan Times ত প্ৰকাশিত তেওঁৰ এক প্ৰবন্ধত এই সৰ্ন্দভত এক উল্লেখযোগ্য মন্তব্যৰ কিয়দাংশ তলত উল্লেখ কৰিলোঁ “The problem is that official history contained in our textbooks simply doesn’t ring true to most Indians. First of all, it is quite amazing the extent to which colonial-era prejudices have been perpetuated to this day. More overt biases such the blatantly racist Aryan Invasion Theory have been challenged, but many others remain embedded. For instance, we routinely term Chanakya as ‘Machiavellian’ and Samudra Gupta as the ‘Napoleon of Indian’. It may appear that calling someone ‘Napoleon’ is a compliment but even a casual deconstruction of these epithets shows that colonial historians meant something totally different. Remember that British were proud that they had defeated Napoleon repeatedly…”

ইতিহাস অধ্যয়নত বিকৃত তথ্যয়ে স্বয়ং ইতিহাসকে বিকৃত কৰে৷

ইতিহাস ৰচনা এক বৃহৎ দায়িত্ব৷ ঐতিহাসিক তথ্য উন্মোচন আৰু তাৰ নিখুঁট বিশ্লেষণ তাতোকৈ এক বৃহৎ কৰ্ম৷ ৰাজনৈতিক উদ্দেশ্যৰে ইতিহাস বিকৃতকৰণ ইতিহাসৰ সবাতোকৈ ডাঙৰ প্ৰত্যাহ্বান৷ ভাৰতীয় ইতিহাসৰ ঐতিহাসিক সত্যতাৰ নিৰন্তৰ অন্বেষণে ভাৰতীয় ইতিহাসৰ আৰু বহু ন ন তথ্য আৰু সত্যক যে উন্মোচন কৰিব ই ধূৰুপ৷■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক