ভোক (ৰুৱাদ লঃয়ৃং)

bhokআন্ধাৰত তিতা
এখনি গাল
সাৰে থাকে প্ৰতিনিশা।

চুলেও জঁয় নপৰা
কেঁচা হিয়াখন
শিল হৈ পৰিছে।

ভোক এতিয়া মোৰ মুখত, হাতত,
উঠন বুকুত,
উদৰত
আৰু এতিয়া মোৰ অন্তৰতো ভোকে বৰ বেয়াকৈ শিপাইছে।

শূন্য হাঁহিত
ওলমাই থওঁ উশাহবোৰ,
ঘনকৈও নলওঁ।

দুচকুত টিপচাকি জ্বলাই
ব্যর্থ মিলনৰ
আভোক আভোক
ভোক-পিয়াহ পি
মই হ’লো আজিৰ নীলকণ্ঠ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments