ডা০ ভৃংগেশ্বৰ শৰ্মাৰ স’তে এক বাৰ্তালাপ

চিত্তাকৰ্ষক, তীব্ৰ সংবেদনশীল তথা ধাৰাল ব্যংগ ৰচনাৰে জনমানসত প্ৰতিষ্ঠা লাভ কৰা ডা০ ভৃংগেশ্বৰ শৰ্মাৰ স’তে এক মধুৰ আলাপৰ উদ্দেশ্যে সাহিত্য ডট অৰ্গৰ ফালৰ পৰা তেখেতৰ লগত যোগাযোগ কৰা হৈছিল। ‘প্ৰান্তিক’ নামৰ আগশাৰীৰ পষেকীয়া আলোচনীখনৰ  পৃষ্ঠাত তেওঁৰ ‘দৈনন্দিন’ শিতানসমূহৰ অনুভূতিবোৰ তেখেতৰ ভাষাৰে ৰাইজৰ আগত দাঙি ধৰাটোৱেই আমাৰ মূল লক্ষ্য আছিল যদিও সদাব্যস্ত লোকজনৰ কিছু ব্যক্তিগত কথাৰো লোভ সামৰিব নোৱাৰি প্ৰশ্ন তুলিছিলো শৈশৱ তথা শিক্ষা জীৱনৰ বিষয়ে৷ ‘তেজে ধোৱা সময়’, ‘দেউতাৰ বাবে এখন ৰচনা’, ‘মুখাগ্নি’, ‘বিয়লি বেলাৰ গল্প’, ‘মৃত্যু সম্পৰ্কীয় এটা বাজি’ আদি উচ্চমানৰ গ্ৰন্থ সংকলনেৰে সাহিত্য জগত চহকী কৰা মৃদুভাষী, পৰিমিত ব্যক্তিত্বৰ অধিকাৰী সাহিত্যিকগৰাকীৰ সৈতে কথোপকথনৰ কিয়দাংশ ইয়াত দাঙি ধৰা হ’ল৷

সাহিত্য ডট অৰ্গ :
পেচাত এগৰাকী চিকিৎসক হৈও সাহিত্যৰ প্ৰতি আপোনাৰ যি স্পৃহা সেইটোত কৌতূহলবোধ কৰিছো৷ কেতিয়াৰ পৰা কেনেকৈ কলমৰ প্ৰতি আপোনাৰ এই টান অনুভৱ কৰিলে আৰু এই ব্যংগ ৰসৰ প্ৰতি কিয় ঢাল খালে?

ডা০ ভৃংগেশ্বৰ শৰ্মা:
কিহৰ বাবে কৌতূহল বাৰু? চিকিৎসক হৈ সাহিত্য চৰ্চা কৰা বাবে নে? মই ভাবোঁ – সাহিত্য চৰ্চাৰ ক্ষেত্ৰত বৃত্তি বা পেছা কেতিয়াও বাধা হ’ব নোৱাৰে। কেতিয়া, কেনেকৈ লেখাৰ প্ৰতি আগ্ৰহ জন্মিল সেই কথা একে আষাৰে কোৱা টান। তথাপি ভাবোঁ, সৰুৰে পৰাই লেখাৰ প্ৰতি আগ্ৰহ আছিল। সৰুৰে পৰাই যথেষ্ট বাহিৰা কিতাপ, আলোচনী পঢ়িছিলোঁ। সেইবোৰ পঢ়ি মনতে ভাবিছিলোঁ– ময়ো যদি এনেদৰে লিখিব পাৰিলোঁহেঁতেন! তেনেকৈয়ে হয়তো কলমৰ প্ৰতি টানটো আহিল। হাইস্কুলত থাকোঁতেই সৰু সুৰা দুই-এটা কিবাকিবি লিখিবলৈ চেষ্টা কৰিছিলোঁ যদিও চিকিৎসা মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাত, ১৯৮৫ চন মানৰ পৰা আলোচনীত লিখিবলৈ আৰম্ভ কৰিছিলোঁ।

এই টান ব্যংগ ৰসৰ ফালে ঢাল খোৱা বুলি ক’লে ভুল কোৱা হ’ব। মই হাস্য-ব্যংগ লেখা (বিশেষকৈ ‘প্ৰান্তিক’ৰ ‘দৈনন্দিন’) লিখি আছোঁ যদিও, একে সময়তে গল্প, উপন্যাস, প্ৰবন্ধ-পাতিও লিখি আছো।

বোধকৰোঁ ২০০২-০৩ চন মানৰ পৰা মই ব্যংগ ৰচনা লিখিছোঁ। প্ৰান্তিকৰ ‘দৈনন্দিন’ পঢ়ি অনুভৱ কৰিছিলোঁ– এনেধৰণৰ হাস্য-ব্যংগ ৰচনা দেখোন ময়ো লিখিব পাৰিম। এটা লিখিলোঁ, প্ৰকাশ হ’ল। পাঠকৰ ইমান বেছি সঁহাৰি পালোঁ যে আৰু এটা লিখিলোঁ। সেইটোতো ইমান বেছি সঁহাৰি পালোঁ যে আৰু এটা লিখিলোঁ। তেনেকৈয়ে আৰু এটা আৰু এটা……

সাহিত্য ডট অৰ্গ :
সাধাৰণতে আমি অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলে দেখা পাম যে ব্যংগ লেখা এটা পাঠকৰ মনঃপূত হোৱাকৈ ৰসালভাৱে উপস্থাপন কৰাটো সহজ কথা মুঠেই নহয়৷ এই ক্ষেত্ৰত আপোনাৰ পাঠক সমাজ এশ শতাংশই সুখী৷ ইমান সুন্দৰ আৰু বিচক্ষণ উপস্থাপন যে বাৰে বাৰে পঢ়ি থাকিবলৈ মন যায়৷
আপোনাৰ এই সফলতা আপোনাৰ স্বভাৱসিদ্ধ স্বতঃস্ফূৰ্ততা নে আপুনি আয়ত্ত কৰা বিদ্যা ?

ডা০ ভৃংগেশ্বৰ শৰ্মা:
হয়, ব্যংগ লেখা এটা পাঠকৰ মনঃপূত হোৱাকৈ ৰসাল ভাৱে উপস্থাপন কৰাটো যথেষ্ট কঠিন কাম। এই যে ৰসাল ভাৱে বুলি ক’লে, ময়ো ভাৱোঁ, এই ধৰণৰ লেখাবোৰ আচলতে অকল ব্যংগ ৰচনা নহয়, হাস্য-ব্যংগহে। কাৰণ মই ব্যক্তিগত ভাৱে অনুভৱ কৰোঁ, হাস্য অবিহনে ব্যংগ বা ব্যংগ অবিহনে হাস্য যেন কিছু পৰিমাণে অসম্পূৰ্ণ। হাস্য আৰু ব্যংগ যেন একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। ব্যংগ অবিহনে হাস্যৰস বহু সময়ত সস্তীয়া হাস্যৰস বা কৌতুকত পৰিণত হয়। একেদৰে হাস্য অবিহনে ব্যংগ বহু সময়ত সাধাৰণ বিদ্ৰূপ বা গালি-গালাজলৈ ৰূপান্তৰিত হয়।

মোৰ এই ধৰণৰ লেখাবোৰ পঢ়ি পাঠক সমাজ এশ শতাংশই সুখী বুলি কোৱা কাৰণে বহুত ধন্যবাদ। এয়া কিছু পৰিমাণে স্বভাৱ সিদ্ধ স্বতঃস্ফূৰ্ততা, কিছু পৰিমাণে আয়ত্ত কৰা। হাস্য ৰস সৃষ্টিৰ বাবে লেখকজনে নিজে নাহাঁহিব পাৰে, কিন্তু তেওঁৰ অন্তৰত sense of humour গুণ কিছু পৰিমাণে থাকিবই লাগিব। আনহাতে ভাল লিখিবৰ বাবে বছৰ বছৰ ধৰি লিখি কিছুমান গুণ আয়ত্ব কৰিবই লাগিব। চৰ্চা, চেষ্টা, সাধনা অবিহনেও লিখিব পাৰি, ভাল লিখিব নোৱাৰি।

সাহিত্য ডট অৰ্গ :
প্ৰান্তিকত প্ৰকাশিত দৈনন্দিন শিতানত আপোনাৰ লিখনি পঢ়ি অনন্য অনুভৱ কৰা যায়৷ এফালে ব্যংগাত্মক শ্লেষ, আনফালে ৰাজনীতিবিদ তথা ছাত্ৰনেতাসকলৰ সুবিধাবাদী  চৰিত্ৰৰ প্ৰতি চোকা সমালোচনা৷ এফালে যদি পতি পত্নীৰ কথোপকথনৰ মাজেৰে নিৰ্মোহ কৌতুক আনফালে বিকলাংগ সমাজ ব্যৱস্থাৰ প্ৰতি আশাহত হোৱা এজন অভিজ্ঞ জেষ্ঠ্য নাগৰিকৰ মনোকষ্ট৷
ছাৰ আপুনি ৰচনাৰ মাজেদি সামাজিক দায়বদ্ধতা পালন কৰিছে৷ সমাজৰ কু-ব্যৱস্থা সমূহ নিৰ্মূল কৰিবলৈ ব্যংগ সাহিত্য আপোনাৰ দৃষ্টিত কিমান ফলপ্ৰসূ?

ডা০ ভৃংগেশ্বৰ শৰ্মা:
নাজানো মই কিমান দূৰ সামাজিক দায়বদ্ধতা পালন কৰিব পাৰিছোঁ। কিন্তু এইটো ঠিক যে, সমাজৰ কু-ব্যৱস্থাসমূহ নিৰ্মূল কৰিবলৈ হাস্য-ব্যংগ সাহিত্য যথেষ্ট ফলপ্ৰসূ বুলি ভাবোঁ। হাস্য-ব্যংগৰ মাধ্যমটো অন্যতম চোকা মাধ্যম। ই গল্প বা প্ৰবন্ধতকৈয়ো চোকা। গল্প বা প্ৰবন্ধৰ যোগেদি ক’ব নোৱৰা কথাবোৰ হাস্য-ব্যংগৰ মাধ্যমেদি ক’ব পাৰি। হাস্যৰ দ্বাৰা পাঠকক আকৰ্ষণ কৰিব পাৰি আৰু ব্যংগৰ দ্বাৰা দোষ-ত্ৰুটিবোৰ সমালোচনা কৰি আঁতৰাবৰ চেষ্টা কৰিব পাৰি। অন্য অৰ্থত, হাঁহি হাঁহি কৈ চাবুকৰ দৰে কোবাব পাৰি।

সাহিত্য ডট অৰ্গ :
আপুনি এজন চিকিৎসক তথা সাহিত্যিক। আজিৰ ব্যস্ত জীৱন-ধাৰণত মানসিক ভাৱে নিজকে সুস্থ কৰি ৰাখিবলৈ ব্যংগ সাহিত্যৰ নিশ্চয় খুবেই প্ৰয়োজন৷ এই বিষয়ে দুআষাৰ ক’ব নেকি ?

ডা০ ভৃংগেশ্বৰ শৰ্মা:
হয়, মই এজন চিকিৎসক। মোক সাহিত্যিক বুলি নক’লেই ভাল পাম। মই কোনো দিনে, ক’তো, কাৰো আগত নিজকে সাহিত্যিক বা লেখক বুলি কৈ পোৱা নাই, নকওঁ আৰু আনে ক’লেও বৰ ভাল নাপাওঁ। কিবাকিবি লিখিলেই সাহিত্যিক হ’ব নোৱাৰি। সাহিত্যিক শব্দটোৰ অৰ্থ ব্যাপক। অৱশ্যে আজিকালি সাধাৰণ মানৰ কিবা এটা লেখা লিখিও মানুহে নিজকে সাহিত্যিক বুলি কোৱা দেখিছো।

আজিৰ ব্যস্ত জীৱন ধাৰণত মানসিক ভাৱে নিজকে সুস্থ কৰি ৰাখিবলৈ হাস্য-ব্যংগৰ খুবেই প্ৰয়োজন। আকৌ কৈছোঁ, অকল ব্যংগ নহয়, হাস্য-ব্যংগ। আজিকালি মানুহে হাঁহিবলৈ পাহৰি গৈছে। হাঁহিবলৈ সময় ক’ত? ৰাতিপুৱা সাৰ পোৱাৰ পৰা ৰাতি টোপনি যোৱালৈকে আমি অনবৰতে কিছুমান দুশ্চিন্তা, কিছুমান টেনছন লৈ থাকিবলগীয়া হৈছে। হাঁহিবৰ বাবে মানুহে লাফিং ক্লাব খুলিবলগীয়া হৈছে। কিন্তু মই কৃত্ৰিম হাঁহিৰ সমৰ্থক নহওঁ, মই বিশ্বাস কৰোঁ স্বতঃস্ফূৰ্ত হাঁহিত। স্বতঃস্ফূৰ্তভাৱে অন্তৰৰ পৰা ওলাই অহা, আমাক বিমল আনন্দ প্ৰদান কৰা নিৰ্মল হাঁহিটোহে আমাৰ দেহৰ বাবে মহৌষধ।

সাহিত্য ডট অৰ্গ :
প্ৰায়ভাগ ৰচনাতে আপুনি প্ৰথমপুৰুষ ব্যৱহাৰ কৰে৷ প্ৰতিটো লেখনিতে নিজকে ব্যংগৰচনাৰ অংশ হিচাপে দাঙি ধৰিবলৈ কেনেকৈ মানসিকভাৱে প্ৰস্তুত হয় ?

ডা০ ভৃংগেশ্বৰ শৰ্মা:
হয়, বেছিভাগ ৰচনাতে মই প্ৰথম পুৰুষ ব্যৱহাৰ কৰোঁ। প্ৰথম পুৰুষত লিখি মই স্বাচ্ছন্দ্য অনুভৱ কৰোঁ। কিন্তু এটা কথা, বেছিভাগ পাঠকে ভবাৰ দৰে, মোৰ বেছিভাগ লেখাৰ যি দুটা মূল চৰিত্ৰ– ‘মই’ আৰু মোৰ ‘শ্ৰীমতী’, সেই চৰিত্ৰ দুটা আচলতে ব্যক্তিগত জীৱনৰ মই আৰু মোৰ শ্ৰীমতী নহয়। সেয়া দুটা চৰিত্ৰহে। মই যিবোৰ কথা লিখোঁ, সেইবোৰ আমাৰ দৈনন্দিন জীৱনত প্ৰতিদিনে প্ৰত্যেকৰে জীৱনত কম বেছি পৰিমাণে ঘটিয়েই থাকে। গতিকে প্ৰতি গৰাকী পুৰুষ আৰু নাৰীয়েই, প্ৰতিগৰাকী স্বামী আৰু পত্নীয়েই অলপ কল্পনা কৰিলেই ‘মই’ আৰু ‘শ্ৰীমতী’ নামৰ চৰিত্ৰ দুটাৰ ভিতৰত, সেই খোলা দুটাৰ ভিতৰত সোমাব পাৰে। কথাখিনি মই ঠিক বুজাব পাৰিছোঁ নে নাই নাজানো।

সাহিত্য ডট অৰ্গ :
ব্যংগ ৰচনাৰ ভাষা কেনে হোৱা উচিত? আজিকালি কৌতুকৰ নামত ভুল শব্দপ্ৰয়োগ তথা লিখন দেখা যায়৷ বহুক্ষেত্ৰত দেখা যায় ব্যংগ-সাহিত্যৰ নামত বহু লেখকে কথিত-ভাষা, শাৰিৰীক অক্ষমতাক আহিলা হিচাপে ব্যৱহাৰ কৰে৷ নিশ্চয় এইবোৰ সুস্থ মস্তিস্কৰ পৰিচায়ক নহয়। সাহিত্যিক দৃষ্টিভংগীৰে এনে কাৰ্য্য সমৰ্থনযোগ্য বুলি ভাৱেনে ? এইবোৰত নাকী লগাবলৈ আপুনি কি উপদেশ দিব?

ডা০ ভৃংগেশ্বৰ শৰ্মা:
মই ভাবোঁ, ব্যংগ ৰচনাৰ ভাষা সহজ-সৰল, প্ৰাঞ্জল আৰু শক্তিশালী হ’ব লাগে। সহজ-সৰল ভাষাও শক্তিশালী হ’ব পাৰে। কথিত ভাষা, শাৰীৰিক অক্ষমতা, ব্যক্তিগত আক্ৰমণ আদি মই মুঠেও পছন্দ নকৰোঁ। সাধাৰণ কৌতুক আৰু সৰল হাস্যৰস, বুদ্ধিদীপ্ত হাস্যৰস, পৰিহাস, ব্যংগ আদি একে নহয়। যিসকলে এই কথাবোৰ বুজি নাপায়, সেইসকলে হাস্য বা ব্যংগ লিখিবই নালাগে। আজিকালি আমাৰ বেছিভাগ আলোচনী, বাতৰি-কাকত, পূজা সংখ্যা, বিহু সংখ্যা আদিত যিবোৰ লেখা হাস্য-ব্যংগ শিতানত প্ৰকাশ পায়, সেইবোৰৰ বেছিভাগেই অত্যন্ত তৰল আৰু সেইবোৰৰ সাহিত্যিক মূল্য শূন্য। একেদৰে আমাৰ বেছিভাগ ভ্ৰাম্যমান থিয়েটাৰৰ নাটক, টিভভি ছিৰিয়েল, চিনেমা আদিত হাস্যৰসৰ বাবে সৃষ্টি কৰা হয় নামনি অসমৰ ভাষা কোৱা এটা চৰিত্ৰ। নামনি অসমৰ ভাষা হাঁহিবৰ বাবেহে নেকি? এয়াই হৈছে আমাৰ এচাম লেখক, প্ৰযোজক, পৰিচালকৰ হাস্যৰসৰ ওপৰত থকা জ্ঞানৰ গভীৰতা। অৱশ্যে পৰিৱেশ পৰিস্থিতিৰ খাতিৰত এনেবোৰ চৰিত্ৰও ভালদৰে উপস্থাপন কৰিলে মই আপত্তি নকৰোঁ।

দায়িত্ব আছে আমাৰ আলোচনী, বাতৰি-কাকতৰ সম্পাদক সকলৰ। হাস্য-ব্যংগ লেখা প্ৰকাশ কৰাৰ খাতিৰত কিছুমান তৰল বা সস্তীয়া মনোৰঞ্জনধৰ্মী লেখা ‘হাস্য-ব্যংগ’ ৰচনা বুলি চলাই দিব নালাগে। ভ্ৰাম্যমাণ নাট্যদল বা টিভি ধাৰাবাহিকৰ প্ৰযোজক, পৰিচালকৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। ছিৰিয়াছ পাঠক বা দৰ্শক সকলেও এইবোৰ কথাৰ প্ৰতিবাদ কৰিব পাৰে।

সাহিত্য ডট অৰ্গ :
সাহিত্যৰ প্ৰতি মানুহক আকৰ্ষিত কৰিবলৈ ব্যংগ সাহিত্য এক উপযোগী মাধ্যম। নতুনকৈ সাহিত্য সৃষ্টিৰ জগতখনৰ প্ৰতি আকৃষ্ট অনুজ সকললৈ আপুনি কেনেধৰণৰ উপদেশ দিব ?

ডা০ ভৃংগেশ্বৰ শৰ্মা:
উপদেশ দিব পৰাকৈ মই কোনো ডাঙৰ মানুহ নহওঁ। উপদেশ দিবলৈ মইনো কোন? মোৰ উপদেশেই বা শুনিব কোনে? গতিকে মই উপদেশ নিদিওঁ। কিন্তু এটা কথা ঠিক, মোৰ কিছু ক্ষোভ আছে। স্থানান্তৰত মই উল্লেখ কৰিছোঁ, হাস্য-ব্যংগ এটা শক্তিশালী ধাৰা যদিও এই ধাৰাটোৰ প্ৰতি আমাৰ নতুন লেখক-লেখিকাসকল আগ্ৰহী নহয়। ইয়াৰ মূল কাৰণ তিনিটা। প্ৰথম আৰু উল্লেখযোগ্য কাৰণ, পুৰস্কাৰ বা বঁটা বাহনৰ কথা। গল্প, কবিতা, উপন্যাস আদি লিখি থাকিলে ‘বিশিষ্ট সাহিত্যিক’ হোৱাৰ সম্ভাৱনা থাকে, পুৰস্কাৰ বঁটা বাহন পোৱাৰ সম্ভাৱনা থাকে। হাস্য-ব্যংগ লেখা লিখি বঁটা বাহন পোৱাৰ সম্ভাৱনা কম। আজিলৈকে অসমীয়া সাহিত্যত কোনোবাই হাস্য-ব্যংগ লিখি সাহিত্য অকাদেমি বঁটা পাইছেনে? দ্বিতীয় কাৰণ– আমাৰ তথাকথিত লেখক, সাহিত্যিক, বুদ্ধিজীৱীসকলে হাস্য-ব্যংগ সাহিত্যক এতিয়াও মূল সুঁতিৰ সাহিত্য বুলি মানি ল’বলৈ টান পায়। সাহিত্য বুলি ক’লে যেন কেৱল গল্প, উপন্যাস, কবিতা, প্ৰবন্ধ আদিহে। তৃতীয় কাৰণ– হয়তো হাস্য-ব্যংগ ৰচনা লিখাটো তুলনামূলকভাৱে কঠিন। এতিয়া অসমত কবিয়েই কবি, সাহিত্যিকেই সাহিত্যিক। তাৰ বিপৰীতে আপুনি পাঁচজন ভাল হাস্য-ব্যংগ লেখকৰ নাম কওকচোন। হয়তো কিছু সময় চিন্তা কৰিব লাগিব। গ্ৰন্থমেলাৰ বতৰত হাজাৰ-বিজাৰ গ্ৰন্থ প্ৰকাশ পায়। হাস্য-ব্যংগৰ কিতাপ কেইখন ওলায়?
তথাপি কওঁ নতুন লেখক-লেখিকাসকল হাস্য-ব্যংগ ধাৰাটোৰ প্ৰতি আগ্ৰহী হ’লে ভাল পাম।

সাহিত্য ডট অৰ্গ:
ব্যংগ সাহিত্যৰ বাহিৰেও সাহিত্যৰ কোনবোৰ ধাৰাৰ লগত আপুনি জড়িত? কিয়নো ভৃংগেশ্বৰ শৰ্মা বুলিলে ব্যংগ সাহিত্যহে আমাৰ দৰে সাধাৰণ পাঠকৰ মনলৈ আহে।

ডা০ ভৃংগেশ্বৰ শৰ্মা:
আগতে উল্লেখ কৰি আহিছোঁ যে হাস্য-ব্যংগৰ বাহিৰেও মই নিয়মিতভাৱে গল্প আৰু প্ৰবন্ধ লিখি আছোঁ। সংখ্যাত তাকৰ হ’লেও উপন্যাসো লিখিছোঁ। গতিকে মই হাস্য-ব্যংগহে লিখোঁ বুলি ক’লে ভুল কোৱা হ’ব। হাস্য-ব্যংগও লিখোঁ বুলি ক’লেহে শুদ্ধ হ’ব। যি হওক, হয়তো হ’ব পাৰে, এক বুজন সংখ্যক পাঠকে মোৰ হাস্য-ব্যংগ লেখাবোৰ অন্তৰেৰে আদৰি লৈছে। সেইকাৰণে মোৰ নামটো ক’লে তেওঁলোকৰ মনলৈ হাস্য-ব্যংগ সাহিত্যৰ কথাহে আহে।

সাহিত্য ডট অৰ্গ:
“তেজে ধোৱা সময়”-এইখন  এক ব্যতিক্ৰমধৰ্মী কিতাপ৷ ইয়াৰ আঁৰৰ তথ্যবোৰ গোটোৱা কাহিনীটো কব নেকি?

ডা০ ভৃংগেশ্বৰ শৰ্মা:
‘তেজে ধোৱা সময়’ — ছবছৰীয়া বিদেশী বহিষ্কৰণ আন্দোলনৰ ওপৰত ভিত্তি কৰি লিখা উপন্যাস। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অসমত যি ‘অসম আন্দোলন’ হৈছিল, সেই আন্দোলনে গোটেই অসমীয়া জাতিটোক জোকাৰি গৈছিল। সেই অসম আন্দোলনৰ ওপৰত ভিত্তি কৰি এখন কালজয়ী গ্ৰন্থ বা উপন্যাস সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল। কিন্তু নহ’ল। সেইটো আক্ষেপ মোৰ সদায়েই আছিল। মইতো কালজয়ী গ্ৰন্থ বা উপন্যাস লিখিব নোৱাৰোঁ। তথাপিও আন্দোলনৰ সময়ৰ বিভিন্ন ঘটনা, আন্দোলনৰ বিভিন্ন কাৰ্যসূচীৰ চন, তাৰিখ উদ্ধৃতি আদি যথাসম্ভৱ শুদ্ধ ৰূপত সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। কেবাবছৰো ধৰি কষ্ট কৰি আন্দোলনৰ কাৰ্যসূচী, বিভিন্ন ঘটনা আদিৰ বিষয়ে য’তেই যি পাওঁ সংগ্ৰহ কৰি, তাৰিখ, চনৰ ক্ৰম হিচাপে লিখি গৈছিলোঁ। তথ্যপাতিবোৰ গোটাই কিতাপ আকাৰে প্ৰকাশ কৰিবলৈ গৈ ভাবিলোঁ– এইখননো কি হ’ল? বুৰঞ্জীও নহ’ল, প্ৰবন্ধও নহ’ল। কোনে পঢ়িব? তাতকৈ উপন্যাস হিচাপে লিখাই ভাল। নতুনকৈ উপন্যাস হিচাপে লিখিবলৈ ধৰিলোঁ। সেইকাৰণে ‘তেজে ধোৱা সময়’ কিতাপখনৰ আৰম্ভণিতে ‘অলপ ব্যক্তিগত’ত মই লিখিছোঁ– ‘এইখন হয়তো ভাল উপন্যাস নহ’ল। ভাল কিয়, হয়তো উপন্যাসেই নহ’ল। এটাই সান্ত্বনা, কিবা এটা হ’ল। সমালোচনাৰে থকা-সৰকা কৰিব পৰা কিবা এটাতো হ’ল।’

সাহিত্য ডট অৰ্গ:
“মৃত্যু সম্পৰ্কীয় এটা বাজি” গল্প সংকলনটো যথেষ্ট সংবেদনশীল৷ মূলতঃ পাৰিবাৰিক জীৱনৰ মাজেৰে পতি পত্নীৰ কথোপকথনৰ যোগেদি আপুনি বিভিন্ন জ্বলন্ত সমস্যা দাঙি ধৰে৷ এইবিষয়ে আপোনাৰ মতামত?

ডা০ ভৃংগেশ্বৰ শৰ্মা:
হয়, ‘মৃত্যু সম্পৰ্কীয় এটা বাজি’ গল্প সংকলনখন যথেষ্ট সংবেদনশীল। অৱশ্যে কেৱল সেইখনেই নহয়, মোৰ অন্য গল্প সংকলন– ‘মুখাগ্নি’, ‘বিয়লি বেলাৰ গল্প’ বা অলপতে প্ৰকাশ পাবলগীয়া ‘অন্তৰংগ আলাপ’– আটাইবোৰ ছিৰিয়াছ গল্প। বাৰ্ধক্য আৰু মৃত্যু মোৰ প্ৰিয় বিষয়। মই একে সময়তে দুটা সম্পূৰ্ণ বিপৰীত ধাৰাৰ গল্প লিখিবলৈ চেষ্টা কৰি আহিছো। এফালে যদি হাস্য-ব্যংগ গল্প, একে সময়তে মৃত্যু বা বৃদ্ধাৱস্থাক লৈ অতি ছিৰিয়াছ গল্প।

সাহিত্য ডট অৰ্গ:
বঁটা বাহনে সাহিত্যৰ মান নিৰ্ধাৰণ কৰে বুলি ভাৱেনে ?

ডা০ ভৃংগেশ্বৰ শৰ্মা:
মুঠেও নাভাবোঁ। আজিকালি বিশেষকৈ অসমত ইমান বেছি বঁটা-বাহন, পুৰস্কাৰ, উপাধি আদিৰ উৎপাত হৈছে যে কোনে কি বঁটা পালে, কি উপাধি পালে মনত ৰখাই টান হৈ পৰিছে। বঁটা-বাহনৰ বিতৰ্ক সদায়েই আছে। শেহতীয়াভাৱে সাহিত্য অকাদেমিৰ যুৱ বঁটাটোক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। সেইবোৰ বিতৰ্কলৈ মই নাযাওঁ। তথাপি কওঁ, অসমত এচাম বঁটা-বাহনৰ লোভ থকা লেখক। সাহিত্যিকৰ জন্ম হৈছে। কিছুমান লবীৰ সৃষ্টি হৈছে। এইবোৰ দুখৰ কথা, লাজৰ কথা বুলি ভাবোঁ। বঁটা-বাহনৰ প্ৰয়োজনীয়তা অস্বীকাৰ নকৰোঁ। বঁটা-বাহনে লেখক এগৰাকীক প্ৰেৰণা যোগায়। যিসকলে ভাল লিখি আছে, যিসকলে আত্ম প্ৰচাৰ নকৰাকৈ নিৰৱে সাধনা কৰি আছে, সেইসকলক স্বীকৃতি দিব লাগে। বঁটা-বাহন একপ্ৰকাৰৰ স্বীকৃতিহে। বঁটা-বাহনে সাহিত্যৰ মান নিৰ্ধাৰণ কৰে বুলি ক’ব নোৱাৰি। এগৰাকী লেখকে এখন গ্ৰন্থৰ বাবে এটা বঁটা পালে– সেই গ্ৰন্থখনেই সেই গৰাকী লেখকৰ শ্ৰেষ্ঠ গ্ৰন্থ বুলি নুবুজায়।

সাহিত্য ডট অৰ্গ:
আপোনাৰ শৈশৱ, কৈশোৰ তথা শিক্ষা জীৱনৰ বিষয়ে ক’ব নেকি ?

ডা০ ভৃংগেশ্বৰ শৰ্মা:
মোৰ জন্ম পাঠশালাত। শৈশৱ আৰু কৈশোৰ পাঠশালাতে পাৰ হৈছে। বজালী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক আৰু বজালী মহাবিদ্যালয়ৰ পৰা পি.ইউ. পাছ কৰোঁ। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা কাণ, নাক, ডিঙি (ENT) বিভাগত এম.এছ. ডিগ্ৰী লওঁ।

সাহিত্য ডট অৰ্গ:
সকলো সফল ব্যক্তিৰে প্ৰেৰণাৰ উৎস থাকে জনা যায়৷ আপোনাৰ ক্ষেত্ৰত সফল লেখক হোৱাৰ আঁৰৰ উৎস কি বুলি ক’ব বিচাৰে ?

ডা০ ভৃংগেশ্বৰ শৰ্মা:
মই বিশ্বাস কৰোঁ, কিবাকিবি লিখিলেই এজন মানুহ লেখক নহয়। অতি বিনয়েৰে মই আকৌ কওঁ– মই কেতিয়াও, কোনোদিনে নিজকে লেখক বুলি ভবা নাই আৰু নাভাবোঁ। সফল লেখক হোৱাৰ কথাই নাহে। সকলো সফল ব্যক্তিৰ পিছফালেহে প্ৰেৰণাৰ উৎস থাকে। গতিকে মোৰ প্ৰেৰণাৰ উৎস থাকিব ক’ৰপৰা।

সাহিত্য ডট অৰ্গ :
আপোনাৰ জীৱনৰ প্ৰথম লেখাটিৰ বিষয়ে কিবা এষাৰ ক’ব নেকি?

ডা০ ভৃংগেশ্বৰ শৰ্মা:
মোৰ জীৱনৰ প্ৰথম লেখাটোৰ বিষয়ে মনত পৰিলে মই বৰ আমোদ পাওঁ, কিবা এক বিমল আনন্দ পাওঁ। আচলতে মোৰ জীৱনৰ প্ৰথম লেখাটো মই লিখাই নাছিলোঁ। মই তেতিয়া পঞ্চম-ষষ্ঠ শ্ৰেণীত। সেই সময়ত বজালী অঞ্চলৰ সকলো স্কুলৰ মাজত আন্তঃ বজালী স্কুল প্ৰতিযোগিতা হৈছিল। মই ৰচনা প্ৰতিযোগিতাত ভাগ লৈছিলোঁ। ৰচনাৰ বিষয় আছিল– ‘মোৰ জীৱনৰ লক্ষ্য’। মোৰ ঘৰৰ ওচৰৰে এগৰাকী বাইদেউ তেতিয়া কলেজত পঢ়ি আছিল। বাইদেউক কুতুৰি মই ৰচনাখন লিখাইছিলোঁ। ওচৰৰে আন এগৰাকী বাইদেউৰ হাতৰ আখৰবোৰ বৰ ভাল আছিল। সেইগৰাকী বাইদেউৰ দ্বাৰা ক’পী কৰাইছিলোঁ। প্ৰতিযোগিতাত মই প্ৰথম পুৰস্কাৰ পাইছিলোঁ। অৰ্থাৎ মোৰ জীৱনৰ প্ৰথম লেখাটো মই নিজেতো লিখা নাছিলোঁৱেই, নিজ হাতেৰে ক’পীও কৰা নাছিলোঁ।

সাহিত্য ডট অৰ্গ :
আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কিছু কথা ক’ব নেকি ?

ডা০ ভৃংগেশ্বৰ শৰ্মা:
পৰিকল্পনা মোৰ বহুত আছে। কিন্তু লেখা মেলাৰ ক্ষেত্ৰত মই যথেষ্ট এলেহুৱা। ভবামতে কেতিয়াও নহয়গৈ। তাৰোপৰি চিকিৎসক হিচাপে প্ৰতিটো দিনেই যথেষ্ট ব্যস্ততাৰ মাজেৰে পাৰ হয়। ঘৰ, পৰিয়াল, ল’ৰা-ছোৱালী আদিৰ কথাও আছে। গতিকে পৰিকল্পনা মতে কামবোৰ কৰিব নোৱাৰোঁ। তথাপি চাওঁচোন৷

■■■

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
উৎপলা
3 years ago

ভাল লাগিল। “মোৰ প্ৰথম লেখাটো মই লিখাও নাছিলো, কপিও নিজে কৰা নাছিলো”!
ইমান অকপট স্বীকাৰোক্তি!

PK
2 years ago

Khub bhal lagise interview tu porhi… Bixehkoi prosnoburor maandondo bhal hoise.. Hatote kitapkhon loi poha hen lagil.. God bless team

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক