বিজ্ঞান বনাম ধৰ্ম (আৰহান ইনামূল)

ধৰ্ম আৰু বিজ্ঞানৰ মাজৰ সম্পৰ্ক অথবা সংঘাতৰ বিষয়ে গ্ৰীক-ৰোমানিয়ান যুগৰ পৰাই বিস্তৰ মাত্ৰাত বিভিন্ন মহলৰ মাজত আলোচনা, তৰ্ক হৈ আহিছে৷ এই আলোচনাসমূহত ভিন্ন মহলে ভিন্ন মত নিৰ্ণয় কৰা দেখা যায়; এচামে যদি দাবী কৰে যে বিজ্ঞান অবিহনে ধৰ্ম মাত্ৰ অন্ধবিশ্বাস আৰু ধৰ্ম অবিহনে বিজ্ঞান মাথোঁ ভোগবাদৰ আহিলাহে, তেন্তে আন এচামে মত পোষণ কৰে যে ধৰ্ম আৰু বিজ্ঞান একেটা মুদ্ৰাৰেই ইপিঠি -সিপিঠি, সেয়েহে দুয়োটাৰ সহাৱস্থান সম্ভৱ, তদুপৰি আৰু এচাম থাকে যি ধৰ্ম আৰু বিজ্ঞান দু্য়োটাকেই পৰস্পৰৰ পৰা স্বাধীন আৰু ধৰ্মই বিজ্ঞানক অথবা বিজ্ঞানে ধৰ্মক কোনো ক্ষতি কৰিব নোৱাৰে বুলি দাবী কৰি আহিছে৷ কিন্তু ধৰ্মৰ ভয়ংকৰ নিচাৰ পৰা নিজকে মুক্ত কৰি যিসকল লোকে প্ৰকৃতাৰ্থত বিজ্ঞানৰ সংজ্ঞা অনুধাৱন কৰিব পাৰিছে আৰু বিজ্ঞান মনষ্কতাৰ সপক্ষে দৃঢ়ভাৱে থিয় দি বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰতাৰ যোগেদি এখন প্ৰগতিশীল আৰু প্ৰকৃত সভ্য সমাজৰ কামনা কৰি আহিছে তেওঁলোকে পোনচাটেই এই কথা নুই কৰে যে ধৰ্ম আৰু বিজ্ঞানৰ সহাৱস্থান সম্ভৱ৷ ধৰ্মীয় নেতা, আধ্যাত্মিক গুৰু আৰু অন্য সাধাৰণ ধৰ্মানুৰাগীসকলে সততে হুমকি মাৰি কোৱা দেখা যায় যে ধৰ্ম আৰু বিজ্ঞানৰ মিলন অথবা সহাৱস্থান নোহোৱাৰ কোনো কাৰণেই নাই; এই কথাষাৰ হয়তো ৰাজনৈতিক দৃষ্টিকোণেৰে গ্ৰহণযোগ্য যেন লাগিব পাৰে কিন্তু এই কথা কদাপি সত্য হ’ব নোৱাৰে, সাধাৰণভাৱেই ই এটা ভ্ৰান্ত আৰু উদ্ভট ধাৰণা৷ বহুতেই প্ৰাচীন ভাৰতবৰ্ষ অথবা প্ৰাচীন মধ্য-প্ৰাচ্যত বিজ্ঞানৰ যি চমকপ্ৰদ বিকাশ হৈছিল তাৰ উদাহৰণ দি প্ৰায়েই দাবী কৰে যে সেই সময়খিনিত ধৰ্ম আৰু বিজ্ঞানৰ ইমান শান্তিপূৰ্ণ সহাৱস্থান সম্ভৱ হৈছিল বাবেই বিজ্ঞানৰ দ্ৰুত বিকাশ সম্ভৱপৰ হৈছিল। কিন্তু ইতিহাস জনা প্ৰত্যেকেই এই কথাক লৈ দ্বিধাবোধ নকৰে যে যুগে যুগে বিজ্ঞানৰ বিকাশমুখী গতিৰ সন্মুখত ধৰ্মই প্ৰধান অন্তৰায় হিচাপে থিয় দি আহিছে আৰু মানব সমাজত ধৰ্ম থকালৈকে দি যাব। ধৰ্ম আৰু বিজ্ঞানৰ মাজৰ সংঘাতৰ ইতিহাস বহু পুৰণি, তেনে কেইটামান সংঘাতৰ বিষয়ে তলত উল্লেখ কৰা হৈছে—

প্ৰাচীন সংঘাত – ইতিহাসে ঢুকি পোৱাৰ ভিতৰত আটাইতকৈ পুৰণি ধৰ্ম আৰু বিজ্ঞানৰ সংঘাতৰ তথ্য পোৱা যায় প্ৰাচীন বেবিলনত, এই সংঘাতৰ মূল কাৰণ আছিল “চন্দ্ৰগ্ৰহণ’’, ধৰ্মপুৰোহিতসকলে সাধাৰণ মানুহক এই বুলি শিক্ষা দি আহিছিল যে ঈশ্বৰৰ অস্থিৰতাৰ বাবেহে “চন্দ্ৰগ্ৰহণ” সংঘটিত হয়, আৰু এইটো এটা বেয়া লক্ষণ(OMEN), কিন্তু বেবিলনৰ স্থানীয় জ্যোৰ্তিবিদে পৰ্যবেক্ষণ আৰু গণনাৰ যোগেদি প্ৰমাণ কৰি দেখুৱালে যে “চন্দ্ৰগ্ৰহণ” এক প্ৰাকৃতিক পৰিঘটনা, ইয়াৰ পৰা চিন্তা কৰিবলগীয়াকৈ কোনো ঋণাত্মক প্ৰভাৱ মানৱ জাতিৰ ওপৰত নপৰে, এই সত্য উন্মোচনৰ পিছতো কিন্তু পুৰোহিত শ্ৰেণীটোৱে সেই বৈজ্ঞানিক সত্য মানি ল’ব বিচৰা নাছিল, তাৰ পিছত স্বাভাবিকতেই ধৰ্ম আৰু বিজ্ঞানৰ সংঘাত হৈছিল সেই প্ৰাচীন বেবিলনত৷
অন্য এক জনাজাত সংঘাত: – প্ৰায় সকলোৱেই জনা এই সংঘাত হৈছিল গেলিলিঅ’ আৰু গীৰ্জ্জাৰ মাজত, গেলিলিঅ’ই প্ৰকৃত ব্যাখ্যা আগবঢ়োৱাৰ আগলৈকে বাইবেলত উল্লিখিত কথাকেই সম্পূৰ্ণ শুদ্ধ বুলি মানি প্ৰচাৰ কৰি আহিছিল যে পৃথিবী বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ আৰু অন্যসকলো গ্ৰহ-নক্ষত্ৰই পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰে, কিন্তু গেলিলিঅ’ই এই কথা ভুল বুলি দাবী কৰি সূৰ্য-কেন্দ্ৰিক সৌৰজগতৰ আৰ্হিহে শুদ্ধ বুলি দাবী কৰে, তাৰ ফলশ্ৰুতিত গেলিলিঅ’ক ইনকুইজিশ্যনত দোষী সাব্যস্ত কৰি গৃহ-বন্দীত্বৰ শাস্তি দিয়া হয়৷

বৰ্তমান সময়ৰ সংঘাতসমূহ: –
(১) সৃষ্টিবাদ বনাম বিবৰ্তনবাদ: – প্ৰায়বিলাক মুখ্য ধৰ্মই দাবী কৰে যে জীৱ-জগত সম্পূৰ্ণৰূপে ভগৱানৰ সৃষ্টি আৰু এক নিৰ্দিষ্টসময়ত (উদাহৰণস্বৰূপে খ্ৰীষ্টিয়ানসকলে বিশ্বাস কৰে যে ভগৱানে জীৱ-জগত প্ৰায় খ্ৰীষ্টপূৰ্ব ৪০০৪-ৰ পৰা ৮০০০-ৰ ভিতৰত মাত্ৰ ৬ দিনৰ সময় কালত সৃষ্টি কৰিছিল) ভগৱানে জীৱকুলৰ সৃষ্টি কৰিছিল৷ কিন্তু বিজ্ঞানে এই কথা পোনচাটেই নাকচ কৰে আৰু বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ যোগেদি “বিবৰ্তনবাদ” আৰু “প্ৰাকৃতিক নিৰ্বাচন”ৰ তত্ত্ব আগবঢ়ায়। এই সংঘাতৰ প্ৰাৱল্যৰ মান ইমানেই বেছি যে শৈক্ষিক পাঠ্যক্ৰমৰ পৰা “বিবৰ্তনবাদ”ক বাদ দিবলৈ এতিয়াও বহু ধৰ্মকৰ্তৃপক্ষই হেঁচা প্ৰদান কৰি আছে৷

(২) সমকামীতা/স্বকামীতা, তৃতীয়লিংগ, LGBT সন্দৰ্ভত  হোৱা সংঘাত: – মানৱীয় যৌনতা গৱেষক আৰু থেৰাপিষ্টসকলৰ মতে সমকামিতা অন্য সৰল-যৌনকামিতাৰ দৰেই সম্পূৰ্ণ প্ৰাকৃতিক আৰু জিনৰ প্ৰভাৱত এয়া হয়, ব্যক্তি বিশেষৰ নিজস্ব নিৰ্বাচন বা ৰুচিৰ ওপৰত নিৰ্ভৰ নকৰে, কিন্তু আনহাতেদি ধৰ্মান্ধতাৰ পৃষ্ঠপোষকসকলে দাবী কৰে যে সমকামীতা/স্বকামীতা, তৃতীয় লিংগ, LGBT আদি বিকৃত যৌন-মানসিকতাৰ ফলতেই হয় আৰু এয়া সম্পূৰ্ণ ৰূপে ব্যক্তিবিশেষৰ নিজস্ব নিৰ্বাচন বা ৰুচিৰ ওপৰত নিৰ্ভৰ কৰে৷
ওপৰত মাত্ৰ কেইটামান ধৰ্ম-বিজ্ঞান সংঘাত বিষয়ক উদাহৰণ দিয়া হৈছে, ধৰ্ম আৰু বিজ্ঞানৰ মাজৰ সংঘাতৰ এনে আৰু অজস্ৰ নজিৰ আছে৷ গতিকে এই কথা দৃঢ়তাৰে প্ৰতিষ্ঠা কৰিব পাৰি যে ধৰ্ম আৰু বিজ্ঞানৰ মাজৰ বন্ধুত্ব মৌলিকভাৱেই অসম্ভৱ হৈ আহিছে আৰু অসম্ভৱ হৈয়ে ৰ’ব৷
বিজ্ঞানৰ কেইটামান মৌলিক উপাদান হ’ল “যুক্তি”(REASON), “প্ৰয়োগবাদ”(EMPIRICISM) আৰু “প্ৰমাণ”(EVIDENCE), আনহাতে ধৰ্মৰ মৌলিক উপাদানসমূহ হ’ল “উদ্ঘাটন বা প্ৰকাশবাদ” (REVELATION) (থিয়’লজি মতে প্ৰকাশবাদ মানে হ’ল কোনো দৈৱ অথবা অতিভৌতিক সত্বাৰ যোগেদি জ্ঞান অথবা সত্যক প্ৰকাশ কৰা), “আস্থা বা বিশ্বাস” (FAITH) আৰু “পূজ্যবাদ” (SACREDNESS), ধৰ্মীয় দৃষ্টিকোণেৰে চৌপাশৰ অথবা বিশ্বব্ৰহ্মাণ্ডৰ পৰিঘটনাসমূহক কেৱল দাৰ্শনিক(PHILOSOPHICAL) আৰু আধ্যাত্মিক(METAPHYSICAL) ব্যাখ্যাৰ যোগেদিহে উপস্থাপন কৰা হয়৷ “বিশ্বাস” (FAITH) হ’ল সমৰ্থনযোগ্য প্ৰমাণৰ অনুপস্থিতিত গ্ৰহণ কৰা একমত, ধৰ্মীয় দৃষ্টিকোণৰ পৰা ইয়াক অলংঘনীয় বুলি গণ্য কৰা হয়, কেতিয়াবা তেনে বিশ্বাসৰ অসাৰতা প্ৰতিষ্ঠা কৰা প্ৰমাণৰ উপস্থিতিতো অন্ধভাৱে তেনে বিশ্বাস গ্ৰহণ কৰি থকা দেখা যায়, সেয়েহে বৰ্তমান সময়তো পৃথিৱীখন চেপেটা বুলি বিশ্বাস কৰা মানুহৰ সংখ্যা নগণ্য নহয়৷ এই কথা কোনেও নুই নকৰে যে ধৰ্ম সম্পূৰ্ণৰূপে বিশ্বাসৰ ওপৰত আধাৰিত। কোনো কোনোৱে আকৌ বিজ্ঞানো বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল বুলি দাবী কৰা দেখা যায়। সেয়া যি কি নহওঁক বিজ্ঞানে কেতিয়াও “বিশ্বাস”ক লৈ কোনো মতবাদৰ গ্ৰহণযোগ্যতা মানি নলয় কাৰণ বিজ্ঞানে কোনো পৰ্যবেক্ষণৰ পৰা আহৰিত তথ্যক নিৰ্দিষ্ট পদ্ধতিগত নীতিনিয়ম অনুসৰণ কৰি আৰু আৰ্হি-সূত্ৰ ব্যৱহাৰ কৰি বিশ্লেষণ কৰাৰ পিছতহে তাৰ গ্ৰহণযোগ্যতা (বিশ্বাসযোগ্যতা নহয়) বিচাৰ কৰে৷ উদাহৰণস্বৰূপে নিউটনে আপেল এটা সৰি পৰা দেখি এই কাণ্ডৰ আঁৰত এক শক্তি আছে বুলি কেৱল বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল হৈ ৰোৱাহেঁতেন বিজ্ঞানে কেতিয়াও সেই শক্তিক স্বীকৃতি নিদিলেহেঁতেন৷ বিজ্ঞানে কোনো এটা পৰিঘটনাৰ ব্যাখ্যাক তেতিয়াহে স্বীকৃতি দিয়ে যেতিয়া তাক পৰীক্ষাৰ যোগেদি প্ৰমাণ কৰিব পাৰি অথবা তাৰ শুদ্ধ গাণিতিক উপস্থাপন কৰিব পাৰি। ধৰ্মৰ দৰে কেৱল আধ্যাত্মিক চিন্তাৰ পৰা উদ্ঘাটন কৰা কিছুমান দৰ্শনগত আৰু প্ৰায়েই পৰস্পৰ বিমুখ ধাৰণাৰ ওপৰত বিজ্ঞান নিৰ্ভৰশীল হৈ নাথাকে৷

আমি “বিশ্বাস” আৰু “আস্থাৰ”ৰ মাজৰ পাৰ্থক্য জনা উচিত। বিজ্ঞানে প্ৰমাণিত সফলতাৰ যোগেদি আমাৰ আস্থা পাইছে কিন্তু ধৰ্মই বাৰম্বাৰ ইয়াৰ বিফলতাৰ যোগেদি আমাৰ আস্থা হেৰুৱাইছে। বিজ্ঞানে প্ৰদান কৰা উৰাজাহাজখনৰ প্ৰযুক্তিৰ ওপৰত আমাৰ আস্থা আছে বাবেই নিসংশয়ৰে আমি আকাশীপথেৰে ভ্ৰমণ কৰোঁ, কিন্তু প্ৰত্যেক বছৰেই পূজা কৰি অহাৰ পিছতো লুইতে কৰা গৰাখহনীয়া ৰোধ হোৱা নাই; স্বাভাবিকতেই তেনে ধৰ্মীয় বিশ্বাসৰ ওপৰত আস্থা হেৰাব৷
প্ৰয়োগবাদী বিকাশৰ যোগেদি বিজ্ঞানে আমাক দুৰাৰোগ্য বেমাৰৰ পৰা বচাই আহিছে, মহাকাশ ভ্ৰমণ সম্ভৱ কৰাইছে, জীৱৰ সূক্ষ্মতম সংগঠনলৈকে জানিবলৈ দিছে ইত্যাদি। মানৱ সভ্যতা থকালৈকে এইদৰেই অহৰহ বিজ্ঞানৰ বিকাশ হৈ থাকিব, আনহাতে ধৰ্মই আমাক কি দিছে “ইনকুইজিশ্যন”, এখনৰ পিছত আনখন ধৰ্মযুদ্ধ, অসহনশীলতা, সাম্প্ৰদায়িকতা, ধৰ্মীয় সন্ত্ৰাসবাদ ইত্যাদি, কিন্তু উদ্বেগৰ বিষয় যে তাৰ পিছতো আমাৰ মাজৰ সৰহ সংখ্যককেই অদ্যাপি ধৰ্মৰ ৰাগীত মতলীয়া হৈ আছে৷ ওপৰত কৈ অহা হৈছে যে ধৰ্ম আৰু বিজ্ঞান মৌলিকভাৱেই এটা আনটোৰ লগত খাপ নাখায়, আমাৰ চৌপাশৰ বিভিন্ন পৰিঘটনা, প্ৰাকৃতিক পৰিঘটনা, বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন ঘটনাবোৰৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা মতবাদবিলাক দুয়ো ক্ষেত্ৰতে ভিন্ন হয়, আমি আমাৰ চৌপাশৰ অথবা প্ৰাকৃতিক পৰিঘটনাবোৰ ইন্দ্ৰিয়ৰ যোগেদি বা বৈজ্ঞানিক সা-সঁজুলিৰ দ্বাৰা পৰ্যবেক্ষণ কৰি সেই পৰ্যবেক্ষণৰ ওপৰত পদ্ধতিগতভাৱে কৰা অধ্যয়নেই হ’ল বিজ্ঞান৷ প্ৰায় প্ৰত্যেকটো ধৰ্মতেই থকা এটা সাধাৰণ বিশ্বাস হ’ল যে মানৱদেহৰ ইন্দ্ৰিয়জাত চেতনাৰ উৰ্ধত আৰু এক আত্মিক অৱস্থিতি আছে যাৰ যোগেদি দৃশ্যমান বিশ্বব্ৰহ্মাণ্ডৰ আঁৰত থকা অন্য এখন জগতৰ অৱস্থিতিৰ উমান পাব পাৰি, ধৰ্মীয় বিশ্বাসত সেই জগতখনৰ অৱস্থিতিক সাধাৰণ ভৌতিক ধাৰণাৰে পাব নোৱাৰি বুলি গ্ৰহণ কৰা হয়, অৰ্থাৎ সেয়া এক অতিপ্ৰাকৃতিক ধাৰণা, গতিকে অতি-প্ৰাকৃতিক ধাৰণা অবিহনে ধৰ্মৰ কোনো প্ৰকৃত ভেটিয়েই নাই৷

এইটো সত্য যে বিজ্ঞানৰো বহু সীমাবদ্ধতা আছে, এতিয়াও বিজ্ঞানে বহু প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হোৱা নাই, কিন্তু তাৰ অৰ্থটো এইটো নহয় যে যিসমূহ প্ৰশ্নৰ উত্তৰ অদ্যাপি বিজ্ঞানে দিব পৰা নাই সেই প্ৰশ্নসমূহৰ উত্তৰ আমি ধৰ্মীয় দৰ্শনৰ পৰা পাম৷ উদাহৰণস্বৰূপে এতিয়ালৈকে বিজ্ঞানে বিশ্বব্ৰহ্মাণ্ডৰ পৰিবৰ্তিত ৰূপ সন্দৰ্ভত (বহু বিজ্ঞানৰ লেখকেও এইখিনিতেই এটা ৰহস্যাবৃত ধাৰণাৰ সৃষ্টি কৰা দেখা যায় “বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি” বুলি শব্দ-যুগলৰ ব্যৱহাৰ কৰি, কিন্তু সেয়া একান্তই অবৈজ্ঞানিক, কাৰণ হঠাতে সৃষ্টি হোৱা বিশ্বব্ৰহ্মাণ্ডৰ ধাৰণাক বিজ্ঞানে অদ্যাপি স্বীকৃতি দিয়া নাই), জীৱনৰ আৰম্ভণিৰ (?) সন্দৰ্ভত থিৰাংকৈ কোনো তত্ত্ব আগবঢ়াব পৰা নাই, কিন্তু সেইবাবেই আমি ধৰ্মীয় ধাৰণাকৃত “সৃষ্টিবাদ“ক গ্ৰহণ কৰাটো মাথোঁ মূৰ্খামি হ’ব৷ অন্যহাতেদি বহু বিজ্ঞজনেও এই দাবী কৰা দেখা যায় যে বিজ্ঞানে এই কাৰণেই আধ্যাত্মবাদক স্বীকৃতি নিদিয়ে কাৰণ বিজ্ঞানৰ প্ৰতিটো পৰ্যবেক্ষণৰ আৰম্ভণিতেই অতি-প্ৰাকৃতিক কাৰকসমূহক নেওচা দি আগবঢ়া হয়, কিন্তু এনে কথা দাবী কৰাসকলে এই কথা বিশ্লেষণ কৰি চাই নে যে যদি প্ৰকৃততেই তেনে কোনো অতিভৌতিক কাৰকৰ অৱস্থিতি থাকিলেহেঁতেন তেন্তে যুগ যুগ ধৰি প্ৰবাহমান বিজ্ঞানৰ গতিক প্ৰভাৱাম্বিত কৰিব পৰাকৈ তেনে কোনো কাৰকৰ কোনোধৰণৰ ক্ৰিয়া বাস্তৱ জগতখনত কিঞ্চিতমানৰো চকুত পৰাকৈ কিয় নাই? তেনেধৰণৰ অতি-ভৌতিক কাৰকৰ অৱস্থিতি দাবী কৰাসকলো আচলতে এনে কাৰক সন্দৰ্ভত সন্দিহান, নহলেনো আব্ৰাহাম কোভুৰে আৰু বৰ্তমানলৈকে তেওঁৰ পুত্ৰই আগবঢ়াই অহা প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কিয় কোনো এজন অতি-প্ৰাকৃতিক শক্তিৰ বিশ্বাসী লোক আগবাঢ়ি অহা নাই?

অৱশ্যে আমি এই কথা উলাই কৰিব নোৱাৰো যে বিজ্ঞানৰ বহু আৱিষ্কাৰ যেনে নিউক্লিয়েৰ বোমা, বাৰুদ, প্ৰদূষণ সৃষ্টিকাৰী যন্ত্ৰৰ ব্যৱহাৰে আমাৰ পৃথিৱীখনত ঋণাত্মক প্ৰভাৱ পেলাইছে, কিন্তু এই কথা আমি পাহৰি গ’লে নহ’ব যে বিজ্ঞান বুলি কোনো একক সত্বা নাই যাৰ ভুল-শুদ্ধৰ বোধশক্তি থাকিব, বিজ্ঞানৰ প্ৰভাৱ সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে ই প্ৰদান কৰা আৱিষ্কাৰ ব্যৱহাৰ কৰা মানুহৰ মানসিকতাৰ ওপৰত, এটা উদাহৰণ দিলেই এই কথা স্পষ্ট হ’ব যে বৰ্তমান বিশ্ব সভ্যতাক সংকটত পেলোৱা ধৰ্মীয় সন্ত্ৰাসবাদীসকলেও কিন্তু বিজ্ঞানকৃত অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰে৷ বিজ্ঞানৰ এনে নেতিবাচক দিশবোৰকেই সোঁৱৰাই মানৱ জাতিটোৰ বাবে বিজ্ঞান এক অভিশাপস্বৰূপ বুলি চিঞৰি অহাসকলে এই কথা অগ্ৰাহ্য কৰিব পাৰিবনে যে এই বিজ্ঞানৰ ফলতেই বৰ্তমান আমি তুলনামূলকভাৱে এক আৰামী আৰু নিৰাপদজনক উন্নত মানদণ্ডৰ জীৱন-যাপন কৰিবলৈ সক্ষম হৈছোঁ, নে তেওঁলোকে বিজ্ঞানৰ সকলো অৱদানক অগ্ৰাহ্য কৰি উভতি যাব বিচাৰিব সেই অন্ধকাৰ যুগলৈ য’ত জুইৰ আবিষ্কাৰ এক কল্পনা আছিল? বিজ্ঞানক জনহিতকৰ আৰু প্ৰতি-প্ৰকৃতি নোহোৱাকৈ নিশ্চয়কৈ ব্যৱহাৰ কৰিব পৰা হ’ব যেতিয়া বিজ্ঞানী, ৰাজনীতিক, উদ্যোগ পামৰ অধিকাৰী আৰু কৰ্মী আৰু সাধাৰণ নাগৰিকসকল প্ৰতিটো খোজতেই পৰিমেয় চিন্তা আৰু পৰস্পৰ-হিতকাৰী মানসিকতাৰে উদ্বুদ্ধ হৈ এই বিষয়ত সজাগ আৰু সচেতন হ’ব৷ কিন্তু ধৰ্মৰ ক্ষেত্ৰত, বৰ্তমানত বিশ্বৰ সৰহ সংখ্যক লোকে অনুসৰণ কৰা প্ৰতিটো আনুষ্ঠানিক ধৰ্মই কেন্দ্ৰস্থল হিচাপে গণ্য কৰে অতি-প্ৰাচীন কিছুমান ৰূপ-কথা অথবা পৰিবৰ্তিত সময়ৰ লগত খাপ নোখোৱা কিছুমান আওপুৰণি চিন্তাধাৰাক, আৰু এই চিন্তাধাৰাবোৰ প্ৰায়েই প্ৰতি-মানৱাধিকাৰ, প্ৰতি-স্বাধিকাৰ, প্ৰতি-সাম্যতা, প্ৰতি-প্ৰগতিশীল আৰু প্ৰতি-জীৱনমুখী কাৰক হিচাপেহে সক্ৰিয় হোৱা দেখা যায়৷ আজি পৰ্য্যন্ত সভ্যতাৰ পথত মানৱ জাতিটোক এখোজমানো আগবঢ়াই নিব পৰাকৈ ধৰ্মই কোনো প্ৰভাৱ পেলোৱা চকুত নপৰে, ধৰ্মানুৰাগীসকলে দাবী কৰে যে সামাজিক শৃংখলতা আৰু সাংস্কৃতিক ভাৱধাৰা কেৱল ধৰ্মৰ উপস্থিতিৰ বাবেহে বৰ্তি আছে, কিন্তু মানৱীয় চিন্তাৰ অধিকাৰী বুলি দাবী কৰাসকলে এই কথা গ্ৰহণ কৰিবনে যে কৰ্তব্যজ্ঞান, কৰ্তব্যনিষ্ঠা, কৰ্তব্যপৰায়ণতা, নিয়মানুৱৰ্তিতা, কৰ্মাণুৰাগ, দায়িত্বজ্ঞান, পৰোপকাৰিতা, সুন্দৰ আৰু সংস্কৃতিৰ সাধনা কেৱল ধৰ্মৰ প্ৰভাৱ আছে কাৰণতেই বৰ্তি আছে বুলি?
ওপৰত উল্লেখ কৰি অহা হৈছে যে আমাৰ মাজতে আৰু এচামলোক আছে যি ধৰ্ম আৰু বিজ্ঞানৰ সম্পৰ্ক তথা সংঘাতৰ বিষয়কলৈ এক নিৰপেক্ষ ভূমিকা পালন কৰে বুলি দাবী কৰে, কিন্তু তেওঁলোকৰ মানসিকতাক অলপ সূক্ষ্মভাৱে বিচাৰ কৰি চালে এটা কথা স্পষ্ট হয় যে তেওঁলোক এক সমান্তৰাল চিন্তা-ব্যৱস্থাৰ পৃষ্ঠপোষকহে, কথাটো এটা উদাহৰণৰ সহায়ত এইদৰে ব্যাখ্যা কৰিব পাৰি যে পেছাদাৰী বা শৈক্ষিক জীৱনত তেওঁলোকে এই কথা সত্য বুলি গ্ৰহণ কৰে যে বহু বিজ্ঞানী তথা বিজ্ঞানকৰ্মীৰ অক্লান্তশ্ৰম আৰু অধ্যৱসায়ৰ ফলতেই আমি আজি যন্ত্ৰ-পাতি বা অন্য সা-সঁজুলিসমূহ ব্যৱহাৰ কৰিবলৈ পাইছোঁ, কিন্তু যেতিয়াই তেওঁলোক সেই শৈক্ষিক/পেছাদাৰী জীৱনৰ পৰা ওলাই আহি সাধাৰণ জীৱন-যাপন কৰে তেতিয়া কিন্তু সেই যন্ত্ৰ-পাতি বা অন্য প্ৰযুক্তিগত আৱিষ্কাৰৰ কৃতিত্ব কিন্তু বিশ্বকৰ্মাকহে দিয়ে৷ বিজ্ঞানৰ বহু শিক্ষকে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক জীৱৰ “ক্ৰমবিকাশ আৰু বিৱৰ্তন“ৰ শিক্ষা দিয়ে কিন্তু শ্ৰেণীকোঠাৰ বাহিৰৰ জীৱনত তেওঁলোকে একান্তভাৱে বিশ্বাস কৰে যে “যত জীৱ-চৰাচৰ, সৰ্ব ভগৱত সৃষ্ট”, আনকি তেওঁলোকে দ্বিধাবোধ নকৰাকৈ মানি লয় যে গোটেই বিশ্ব অথবা জীৱ-জগত ভগৱান বোলা সত্বা এটাই মুহূৰ্ত্ততে সৃষ্টি অথবা ধংস কৰে৷

আৰম্ভণিৰে পৰাই ক্ষমতাত অধিষ্ঠিত আৰু ক্ষমতালোভীসকলৰ বাবে ধৰ্ম এক লাভজনক অস্ত্ৰ হিচাপে পৰিগণিত হৈ আহিছে, কাৰণ ধৰ্মৰ যোগেদিয়েই সাধাৰণ জনগণক আভুৱা ভাৰি অথবা আতংকিত কৰি শোষণ/ দমনৰ যোগেদি নিয়ন্ত্ৰণ কৰিবলৈ সহজ, বৰ্তমান সময়তো ৰাজনৈতিক মুনাফালোভীসকলেও ধৰ্মকেন্দ্ৰিক সাম্প্ৰদায়িকতাৰ যোগেদি আত্মস্বাৰ্থ অটুট ৰাখিবলৈ অহৰহ চেষ্টা কৰে৷ আনহাতে প্ৰকৃত বৈজ্ঞানিক মানসিকতাক গ্ৰহণ কৰাসকলে বিজ্ঞানৰ যোগেদি সত্যৰ উন্মেষণ কৰাতহে গুৰুত্ত্ব দিয়ে (উদাহৰণস্বৰূপে ডাইনী অথবা ভূত-প্ৰেত লম্ভা বুলি দাবী কৰা অস্বাভাবিক আচৰণ কৰি থকা মানুহৰ ক্ষেত্ৰত মনস্তত্ত্ব বিজ্ঞানৰ যোগেদি তেনে অস্বাভাবিকতাৰ কাৰণ বিচাৰ কৰিবলৈ চেষ্টা কৰে)৷ সত্যৰ অন্বেষণ আৰু সত্যৰ প্ৰকাশৰ এই অবিৰত যাত্ৰাত বিজ্ঞান কেতিয়াও থমকি নৰয়, যুগ যুগ ধৰি মানুহক আভুৱা ভাৰি অহা ধৰ্মইযে বিজ্ঞানৰ এই যাত্ৰাত আগলৈও হেঙাৰ হিচাপে থিয় দিব সেয়াও নিশ্চিত, তেনেস্থলত এয়া একান্তভাৱে আমাৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰিব যে আমি কোনটো পথ বাচি ল’ম, সত্যৰ নে ধৰ্মান্ধতাৰ?

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Priyakhi boruah
5 years ago

প্ৰায় ভাগ ধৰ্মকে দেখা যায় ই এক ঠেক গণ্ডিৰ মাজত সীমাবদ্ধত। ইয়াত কোনো যুক্তিৰ স্থান নাই । তাৰ পৰিবৰ্তে সকলোৱে কিছুমান অন্ধবিশ্বাসক খামুছি ধৰি থাকে ।