ৰঙালী বিহুৰ অনুষ্ঠান : কিছু ব্যক্তিগত অনুভৱ (- প্ৰৱাল পাতৰ আমছি)

 


ৰঙালী বিহুৰ মঞ্চৰ বিহুৱতী প্ৰতিযোগিতা ও সাংস্কৃতিক অনুষ্ঠানবোৰ ব’হাগমাহৰ প্ৰথমৰ পৰা দ্বিতীয় সপ্তাহৰ ভিতৰতেই শেষ কৰিব পৰা নাযায় নেকি? বহুঠাইত ব’হাগৰ শেষ ও জেঠ পৰ্য্যন্ত অনুষ্ঠান চলি থকা দেখা যায় কিন্তু এই প্ৰথাটোৱে অসমীয়াৰ ক্ষতি কৰা নাই নে?
‎আজিকালি বিহুৱতী প্ৰতিযোগিতাৰ দিনা প্ৰতিযোগী সহ দলটোৱে সাধাৰণতে কাহিলী পুৱাহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেখা গৈছে। ইয়াৰ কাৰণটো হ’ল তেওঁলোকে একেৰাতিতেই একাদিক্ৰমে বহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহে। গতিকে পলম হোৱাটো স্বাভাৱিক কিন্তু তেওঁলোকৰ বাবে অপেক্ষা কৰোতে কৰোতে সমিতি খনৰ লগতে শ্ৰোতাদৰ্শকৰ যথেষ্ট আমনি লাগে। আনকি বহু দৰ্শকে ঘৰমূৱাও হোৱা দেখা যায় আৰু সেইয়া স্বাভাবিক। গতিকে মই ভাৱো তেনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সমিতিখনে বিশেষ কেইটামান ভাল দলক এটা বিশেষ মাননি দি প্ৰতিযোগিতাত অংশগ্ৰহণৰ ব্যৱস্থা কৰাব লাগে তাকো এক সময় সূচীৰ ভিতৰতেই। অৱশ্যে প্ৰতি বছৰে দলবোৰ অলপ চলপ সলনি কৰিব লাগে নহলে দৰ্শকে বেয়াও পাব পাৰে। এনে কৰিলে প্ৰতিযোগিতাখনি উন্নত মানৰো হোৱাৰ থল থাকে আৰু সময়মতে শেষো কৰিব পৰা যাব।
stage2
‎এতিয়া আহো সাংস্কৃতিক অনুষ্ঠানৰ কথালৈ — আজিকালি প্ৰতিযোগিতাৰ দিনত কোনে কিমান দামী গায়ক আনিব পাৰে তাতো প্ৰতিযোগিতা হোৱাটো নতুন কথা নহয়। গতিকে সেই নিগনি দৌৰৰ প্ৰতিযোগিতাত পৰি সমিতি এখনে লাখ লাখ টকা খৰচ কৰি জনপ্ৰিয় সংগীত শিল্পীক আনিবলৈ প্ৰচেষ্টা লয় আৰু তাৰ চিকাৰ হয় সৰু সুৰাৰ পৰা ধৰি বৃহৎ ব্যৱসায়ী ও সমাজৰ বিভিন্ন লোকৰ সঞ্চিত ধন।মুঠিয়ে মুঠিয়ে টকাৰ উজান বয়। মই ভাৱো আমি এনেদৰে লাখ লাখ টকা দি শিল্পী নানিলেও অনুষ্ঠান এটি সুন্দৰভাৱে সফল হ’ব পাৰে। তাৰ বাবে লাগিব সকলোৰে মাজত একতা , সংগ্ৰাম কৰি থকা শিল্পীক বিচাৰি আনি এক মঞ্চ দি জনপ্ৰিয় কৰাৰ হাবিয়াস ও সুহৃদয়তা আৰু লোকশিল্পী ও বিভিন্ন জনজাতীয় শিল্পীৰ দক্ষতাক বুজি পোৱাৰ। গতিকে আমি লাখ লাখ টকাৰ শিল্পীক সেই টকা নিদি উপৰোক্ত শিল্পী গণক মঞ্চলৈ আনি সন্মান আৰু উৎসাহ যোগোৱাৰ দৰে কাম কৰিলেহে আমি হয়তু সগৌৰৱেৰে অসমীয়া হিচাপে ক’বপাৰিম।
বি.দ্ৰ. :- বৰ্তমানৰ জনপ্ৰিয় যিকোনো গায়ক এজনো কিন্তু এদিন সংগ্ৰাম , সংৰ্ঘষ কৰিয়েই আজি জনপ্ৰিয় হৈছে কিন্তু তাক মৰ্যদা দিছো আমিয়েই। গতিকে আহকচোন আমি সকলোৱে সকলোকে মৰ্যাদা দিওঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!