বাৰ্থডে’ কে’ক (- হীৰকজ্যোতি বৈশ্য)

ঘটনাটো হৈছে মোৰ জন্মদিনৰ। মই তেতিয়া পঞ্চম শ্ৰেণীৰ ছাত্ৰ। চুবুৰীৰ বন্তী আৰু মই নলে গলে লগা বন্ধু। তেতিয়া লগৰ দুজনমানে নিজৰ নিজৰ জন্মদিনত বাৰ্ডে’ কেক বোলা নতুন বস্তু এটা কাটি আমাৰ বয়সৰ সকলোকে বেছ তবধ লগাই থৈছিল। এইটো অবিহনে হেনো চহৰত জন্মদিন হ’বই নোৱাৰে। বাৰ্ডে’ কেক মই তেতিয়ালৈ দুবাৰহে দেখিছিলোঁ। প্ৰথমতে ওচৰৰ দুলাল হঁতৰ টিভিত এদিন দেখিছিলোঁ, সৰু ল’ৰা এজনৰ জন্মদিনত ৰং-চঙীয়া ঘূৰণীয়া বস্তু এটাৰ চাৰিওফালে মম জ্বলাই লৈ চুৰি এখনেৰে কাটিছে। মাকক খুৱাই দিছে, দেউতাকক খুৱাই দিছে, লগৰ বোৰক খুৱাই দিছে আৰু তাৰ পিছত লগৰবোৰে তাক বহুত উপহাৰ দিছে। আৰু দ্বিতীয়বাৰ দেখিছিলো কেইমাহমান আগত বন্তিৰ জন্মদিনত। তায়ো বহুত মানুহৰ মাজত নতুন ফুটফুটীয়া ফ্ৰকটো পিন্ধি দেউতাকে আনি দিয়া সেই ঘুৰণীয়া কিবাটো চুৰী এখনেৰে কাটিছিল। তাইৰ মাকে হেনো গুৱাহাটীত থকা মোমায়েকৰ পুতেকৰ জন্মদিনত এনেকুৱা বাৰ্ডে’ কেক কটা নিয়মটো দেখি আহিছিল। কেকটো কটাৰ সময়ত চোন মাকজনীয়ে কিবা “হেপী বাৰ্ডে টু ঊ, হেপী বাৰ্ডে টু ঊ” বুলি আওৰাইছিল আৰু আমাকো আওৰাব কৈছিল। আমিও আওৰাইছিলো একেদৰে। সৰু সৰু একোটুকুৰা কেক আমাকো খাবলৈ দিছিল। বাহঃ ইমান যে সোৱাদ লগা আছিল। আমন্ত্ৰিত মানুহবোৰে তাইক হৰেক ৰকমৰ ৰং-চঙীয়া উপহাৰ দিছিল। কি যে ভাল লাগিছিল!

birthday cake

কথাটো ভাবিয়ে মোৰ মনটো ৰিমজিম ৰিমজিম কৰিলে। কাইলৈ মোৰ জন্মদিন। এতিয়ালৈ যিমান বাৰ মোৰ জন্মদিন আহিছে, প্ৰতিবাৰেই মায়ে চুবুৰিৰ তিৰোতাসকলক মাতি চোতালত নাম জুৰে। নাম শেষ হ’লে তিৰোতাসকলক চাহ-জলপান খুৱাই। খাই-বৈ তিৰোতাসকল গুচি যায়। মায়ে দিয়া নতুন কাপোৰ আৰু দেউতাই দিয়া মহৎ লোক এজনৰ জীৱনী কিতাপখনৰ বাদে আৰু কোনেও একো উপহাৰ নিদিয়ে মোক। ধেই, সেয়াও কিবা জন্মদিন হ’লনে! এইবাৰ নহ’ব এনেকৈ। মোকো লাগিব বাৰ্ডে’ কেক। লাগিবই। লগৰবোৰক মাতিম। উপহাৰো পাম। এতিয়া দেউতাক সৈমান কৰাৰহে কথা।
ভয়ে ভয়ে দেউতাৰ ওচৰলৈ গ’লো। কথাটো ক’লো। দেউতাই প্ৰথমতে একো কোৱা নাই। মই বাৰে বাৰে কৈ থকাত দেউতাই ঘোপাকৈ চাই ক’লে, “কেক কাটিবি? হ’বদে কালি পুৱাই লৈ আনিম।” মই আচৰিত। দেউতাই গালিও নিদিলে অথচ লগে লগে সৈমানো হ’ল! ইমান ভাল দেউতা‍!
আনন্দত আত্মহাৰা হৈ স্কুললৈ গ’লো। লগৰ বিলাকক মাতিলোঁ, “অ’ই শুন সকলোৱে। কালি মোৰ জন্মদিন। আবেলিকৈ আমাৰ ঘৰলৈ যাবি সকলোৱে। বাৰ্ডে কেক আনিব দেউতাই। আৰু এটা কথা নাপাহৰিবি। কেকটো মই কাটিবৰ সময়ত তহঁতে ডাঙৰ ডাঙৰকৈ ক’বি হেপী বাৰ্ডে টু ঊ। আহিবি দেই।” কালি আগৰ শাৰীত বন্তীৰ কাৰণে ঠাই ৰখাৰ বাবে ৰতনৰ লগত মোৰ কাজিয়া লাগিছিল। বন্তীৰ ঠাইখিনিতে সি বহিব খুজিছিল। মই নিদিও। সি স্কেলেৰে মোক কোব এটা শোধালে। ময়ো তাৰ পিঠিত ঘোচ এটা বহাই দিলো। তথাপি বন্তীৰ ঠাইত বহিব নিদিলোঁ। তাৰ লগত মোৰ মতামতি নাই কালিৰ পৰা। হ’লেও জন্মদিনত এটা উপহাৰৰ আশাত তাকো ক’লো, “ৰতন, তয়ো যাবি।” সি ক’লে, “ও।”
পিছদিনা ৰাতিপুৱা উঠি দেখো দেউতা নাই। ভাবিলোঁ কেক আনিবলৈ গৈছে চাগে। আবেলিটোৰ বাবে মনতে জল্পনা-কল্পনা কৰোতে ১১ টা বাজিল। দেউতাই বাহিৰৰপৰাই মাত লগালে, “অ’ নোমল, তোৰ কেক আহি গ’ল।” একে জাপে দৌৰি গ’লো। বাহঃ, কাৰ্টনৰ ভিতৰত আনিছে! ইমান ডাঙৰ কাৰ্টন! কেকটোও চাগে ইমানেই ডাঙৰ। আপোনাআপুনি হাঁহি এটা ওলাই আহিল। কেকটো এবাৰ চাবলৈ খুব মন গ’ল। দেউতাক ওজৰ দেখুৱালো এবাৰ চাবৰ কাৰাণে। দেউতাই ক’লে, “এতিয়া নালাগে। খৰধৰ কৰোতে কেনেবাকৈ কেকটো ভাঙি গ’লে সকলো অথলে যাব। একেবাৰে আবেলি খুলি দিম।” ইমানকৈ কোৱাৰ পিছতো দেউতাই নামানিলে। হওক তেনে। আবেলি হ’বই অলপ পিছত।

আবেলি হ’ল। লগৰবোৰ আহিল ধুনীয়া কাপোৰ পিন্ধি। বন্তীও তাইৰ সেই ফুটফুটীয়া ফ্ৰকটো পিন্ধি আহিল। ফুটফটীয়া ফ্ৰকত ইমান ভাল লাগে তাইক। ময়ো মায়ে আনি থোৱা নতুন গেঞ্জী, নতুন চোলা আৰু নতুন হাফ পেণ্ট পিন্ধি সাজু হ’লো। লগৰকেইটাৰ লগত টেবুল এখন বাৰান্দালৈ উলিয়াই আনি মম কেইডালমান টেবুলখনৰ কাষে কাষে জ্বলাই দিলো। দেউতাক ক’লো কেকটো উলিয়াই অনাৰ কথা। দেউতাই কেকটোৰ ওচৰলৈ গ’ল। পাছে পাছে মই। কাৰ্টনটো আৱৰি থকা ৰছীৰ বান্ধবিলাক দেউতাই খুলি দিলে। মই চকু ডাঙৰ কৰি দিলো। কেনেকুৱা বা ৰং কেকটোৰ। টিভিত দেখা কেকটো বগা আছিল, বন্তীৰ কেকটো গুলপীয়া। মোৰটো একা? দেউতাই লাহে লাহে হাতখন সোমাই দিলে কাৰ্টনৰ ভিতৰত। মই এবাৰ সেপ ঢুকি মনতে আওৰালোঁ, “হেপী বাৰ্ডে টু ঊ….”। দেউতাই লাহে লাহে উলিয়াই আনিলে। এয়া কি!! এটা প্ৰকাণ্ড জাতিলাও!!!

পিছদিনা পুৱা মোৰ প্ৰচণ্ড অনিচ্ছা সত্ত্বেও দেউতাই স্কুললৈ যাব ক’লে। মই নাযাও। দেউতাৰ ৰঙা চকু। দেউতাই ক’লে যে মোক চাইকেলেৰে থৈ আহিব স্কুলত। হ’লেও আজি যাবৰ মন নাই। সকলোৱে আজি মোক লাজ দিব। বন্তিয়েও। দেউতাই চাইকেলত উঠাই মোক লৈ গ’ল। ৰাস্তাত বন্তিৰ মাকে দেউতাক মাত লগালে, “কিহে নোমলৰ দেউতাক, কালি পুতেকৰ জন্মদিনত লাও এটুকুৰা দি পঠিয়ালে যে?” দেউতাই এখন ভৰি নমাই চাইকেলৰ ওপৰত বহিয়েই হাঁহি এটা মাৰি ক’লে, “কি ক’ব বন্তীৰ মাক, ল’ৰাক চহৰীয়া নে বিলাতী কেক লাগে। মই বোলো এইবিলাক নিজেও খাব নালাগে লগৰ পেন্দুকনা কেইটাক খুৱায়ো জিভাত ৰং লগাব নালাগে। তাতকৈ ঘৰৰে জাতিলাওটো খা। নিজেও খা, অইনকো খুৱা। বহুত উপকাৰী। কেক কটাৰ দৰেই চুৰীৰে ঘেচেপ ঘেচেপ কাটি ভগাই দিয়ালো আৰু। হে হে হে। পুঠি-খলিহনা দুটামান লাওটুকুৰাৰ লগত খাৰেৰে ৰান্ধি খাব, বাৰ্ডে কেকতকৈ বেছি তৃপ্তি পাব।” কথাখিনি কৈ দেউতাই হাঁহি হাঁহিয়ে স্কুললৈ লৈ গ’ল মোক।

(বিঃ দ্ৰঃ- যোৱাৰাতি বন্ধু কাজলে কোৱা ঘটনা এটাৰ আধাৰত লিখা)

-হীৰক(০৫/০৫/১৫)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক