লিড’লাম – এটা পথ…এখন কিতাপ আৰু কিছু অনুভৱ… – (অৰিন্দম তালুকদাৰ)

এটা পথ…এখন কিতাপ আৰু কিছু অনুভৱ…

অৰিন্দম তালুকদাৰ

সেয়া আছিল বিগত শতিকাৰ আশীৰ দশকৰ কথা। আমাৰ দেউতা তেতিয়া অসমৰ গড়কাপ্তানি বিভাগৰ(উত্তৰ পূৱ পৰিষদ শাখা) অভিযন্তা। সেই সময়ত চৰকাৰে উত্তৰ পূৱ পৰিষদৰ পুঁজিৰে উত্তৰ পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ সৈতে পথ যোগাযোগ সুচল কৰি তুলিবৰ বাবে অসমৰ সীমান্তবৰ্তী পথসমূহ নিৰ্মাণ কৰিবৰ বাবে এখন অভিলাষী আঁচনি লৈছিল। সেই আঁচনিৰ অধীনত দেউতাই তেতিয়াৰ ডিব্ৰুগ়ড জিলাৰ অসম অৰুণাচল সীমান্তৰ মাৰ্ঘেৰিটাৰ আগৰ লেখাপানী-জয়ৰামপুৰ পথ এটিৰ কামত ব্যস্ত আছিল। দেউতাই তেতিয়া আমাক কৈছিল যে এই পথটি আচলতে এটি ঐতিহাসিক পথৰ অংশ বিশেষ। দ্বিতীয় মহাযুদ্ধৰ সময়ত নিৰ্মাণ কৰা এই পথটিৰ নাম হল ষ্টিলৱেল পথ।এই পথেৰে হেনো ব্ৰহ্মদেশ হৈ চীন দেশলৈ যাব পাৰি। সেয়ে প্ৰথম শুনিছিলোঁ ষ্টিলৱেল পথৰ কথা। দেউতাই পথৰ কাম পৰিদৰ্শন কৰিবলৈ যাওতে মাজে সময়ে আমাকো লগত লৈ গৈছিল। ষ্টিলৱেল পথত টিৰাপ নৈৰ ওপৰত তেতিয়া এখন যুদ্ধৰ সময়তে বনোৱা লোঁৰ দলং আছিল তাৰ কাষতে সেইপথত তেতিয়া টিৰাপ নদীৰ ওপৰত এখন ডাঙৰ দলং নিৰ্মাণ কৰা হৈ আছিল। যুদ্ধ স্মৃতি বিজৰিত সেই পথত ভ্ৰমণ কৰি আমিও ৰোমাঞ্চিত হৈ পৰিছিলোঁ। কৈশোৰ মনতোৰে কল্পনা কৰিছিলোঁ সেই বাটেৰে গৈ গৈ চীন দেশ পাব পৰা হ’লে !! সাধাৰণভাবে পথটোৰ লগত তেনেদৰে পৰিচিত হোৱাৰ বাহিৰে আমি তেতিয়া আৰু পথটোৰ বিষয়ে বেলেগ একো কথা জনা নাছিলোঁ যদিও আমাৰ কৈশোৰ মনক জোকাৰি যোৱা সেই পথটোৰ কথাই আমাক সদায় ৰোমাঞ্চিত কৰি ৰাখিছিল আৰু আমাৰ মাজত লুকাই থকা পৰ্যটক মনটোৱে বাৰে বাৰে এই পথটোৰে ভ্ৰমণ কৰাৰ বাবে মনটোক উচটাই আছিল… মাৰ্ঘেৰিটা-লিডু- লেখাপানী- জয়ৰামপুৰ –নামপং- পাংচুপাচ- ব্ৰহ্মদেশ আৰু তাৰ পৰা চীনদেশ, যাব পৰা হ’লে !!! যি বাটে এদিন গৈছিল শ শ যুদ্ধৰ সামগ্ৰী কঢিওৱা বাহন,অযুত সেনা আৰু যোছেফ ষ্টিলৱেলৰ দৰে স্বপ্ন দ্ৰষ্টা সামৰিক মহানায়ক আৰু বহুতো ! এই অনন্ত কৌতূহলৰ বশবৰ্তী হৈয়েই পঢ়িছিলোঁ এই বাটৰ ইতিহাস। যি বাটেৰে পাটকাইৰ সিপাৰৰ পৰা আহিছিল আমাৰ পূৰ্বপুৰুষ, ৰেচম সূতাৰ পৰশ লগা এই বাট আছিল আমাৰ ঐতিহ্যপূৰ্ণ পূৱৰ দুৱাৰ ! পৰৱৰ্তী সময়ত সুদূৰ এমেৰিকাৰ পৰা অহা সেনা দলৰ নেতৃত্বত হাজাৰ হাজাৰ শ্ৰমিক বনুৱাই অৰণ্যাকীৰ্ণ ,পাহাৰীয়া দূৰ্গম অঞ্চলৰ মাজেৰে নিৰ্মাণ কৰি উলিয়াইছিল চীন দেশলৈ মটৰ গা়ডী যাব পৰা ১৭২৬ কি.মি দূৰত্বৰ এক পোনপটীয়া বাট। এমেৰিকাৰ সামৰিক ইতিহাসৰ পাত লুটিয়ালেই পাব পাৰি এই পথৰ বিস্তৃত ইতিহাস। ইন্টাৰনেটতো আছে কিছু তথ্য। সেয়া আছিল ২য় মহা যুদ্ধৰ সময়ৰ কথা। মাৰ্কিন ৰাষ্ট্ৰপতি ৰুজভেল্টে ব্ৰহ্মদেশ পুনৰুদ্ধাৰ আৰু যুদ্ধ বিধ্বস্ত চীনৰ সৈন্য বাহিনীলৈ ইন্ধন আৰু ৰছদ পাতি যোগান ধৰিবলৈ এটা সুচল পথৰ সন্ধান কৰিছিল,কাৰণ জাপানে যেতিয়া ব্ৰহ্মদেশ অধিকাৰ কৰি চীন দেশৰ বাৰ্মা ৰোডটো অৱৰোধ কৰিছিল তেতিয়া চীনত আৱদ্ধ হৈ থকা মিত্ৰ পক্ষৰ সেনাক জাপানী সেনাৰ বিৰুদ্ধে যুদ্ধ চলাই যাবৰ বাবে যুদ্ধাস্ত্ৰ আৰু আন আন প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ বাবে এটা বিকল্প পথৰ বৰ আৱশ্যক হৈছিল। সুউচচ হিমালয় পৰ্বতৰ ওপৰেৰে ভাৰত আৰু চীন দেশৰ মাজত ডি হাম্প নামৰ এটা অত্যন্ত বিপদ সংকুল আকাশী পথ আছিল যদিও ইয়াৰ ওপৰেৰে বিমান চলোৱাটো এক প্ৰকাৰ দুৰূহ কাৰ্য আছিল। সেইবাবে এমেৰিকান চৰকাৰে অসমৰ পৰা ব্ৰহ্মদেশহৈ চীন দেশলৈ এনে এটি পথ নিৰ্মাণ কৰাৰ পৰিকল্পনা হাতত লৈছিল আৰু ইয়াৰ দায়িত্ব দিয়া হৈছিল জেনেৰেল যোছেফ ৱাৰেন ষ্টিলৱেলক কাৰণ তেওঁ অনুধাৱন কৰিব পাৰিছিল এনে এটি পথৰ গুৰুত্বৰ কথা। ষ্টিলৱেলে তেওঁৰ সামৰিক ডায়েৰিত লিখিছিল”Events are forcing all concerned to see the importance of Burma. We must get the airline [the Hump] going at once,and also build both the back-country roads [Ledo Road; Imphal Road].” (Ref-` Stil well`s Mission to China` by Charles F.Romanus and Sunderland 1956) তাহানিৰ চিংফৌ সকলে ব্যৱহাৰ কৰা লিডলামৰ (লিডু পথ) পৰাই ১৯৪২ চনৰ ডিচেম্বৰ মাহত আৰম্ভ হৈছিল এই পথ নিৰ্মাণ যুঁজ আৰু ১৯৪৫ চনৰ জানুৱাৰী মাহত অসমৰ লিডুৰ পৰা চীনদেশৰ কুনমিঙলৈ আৰম্ভ হৈছিল এক মহা যাত্ৰাৰ। উচিত ভাৱেই চীন চৰকাৰে এই পথটো ষ্টিলৱেলৰ নামত অৰ্পণ কৰিছিল। এই দৰে ৰচিত হৈছিল বিশ্বৰ অভিযান্ত্ৰিক ইতিহাসৰ এক বিস্ময়কৰ অধ্যায়। অকাডেমিক দৃষ্টি ভংগীৰে পঢিছিলোঁ এই পথৰ ইতিহাস আৰু মনত উকমুকাই আছিল পথটোৰে ভ্ৰমণ কৰাৰ এক তীব্ৰ বাসনা।

কিন্ত কেৱল চৰকাৰী সামৰিক ইতিহাসেৰে অন্ত পেলাব নোৱাৰি ষ্টিলৱেল পথৰ কথা, কাৰণ সামৰিক ইতিহাসে নকয় লেখাপানী, জয়ৰামপুৰৰ সমাধিক্ষেত্ৰ বা ষ্টিলৱেল পথৰ আশে পাশে চিৰ দিনলৈ শুই থকা অজস্ৰ জনৰ কথা,এই বাট সজা হেজাৰ বিজাৰ লোকৰ অবৰ্ণনীয় সকৰুণ কাহিনী যাৰ ত্যাগ আৰু আত্মবলিদান অবিহনে হয়তো অসম্ভৱ হলহেঁতেন ষ্টিলৱেল পথ। তেন্তে কোনে লিখিব এই সকল লোকৰ কথা ! যুদ্ধৰ নথিত তেওঁলোক কেৱল একোটি নাম…নহয় তেওঁলোক একোটি জীৱন ! এনে একোটাহঁত জীৱনৰ কথাৰেই হয় সাহিত্য। সেয়ে সাহিত্য ইতিহাসৰ উৰ্দ্ধত।

ষ্টিলৱেল পথৰ বৰ্ণাঢ্য ইতিহাসৰ আধাৰত শেহতীয়াকৈ সৃষ্টি হৈছে জুৰী বৰা বৰগোহাঞি ৰচিত এখন অনুপম উপন্যাস লিড’লাম (২০১২)। এবাৰ নহয় দুবাৰ নহয় কেবাবাৰো পঢিলোঁ উপন্যাসখনি। এটি পথ নিৰ্মাণৰ ইতিহাসৰ আধাৰত লিখিত উপন্যাস খনে আমাক আকৌ লৈ গ’ল ২য় মহাসমৰৰ সময়লৈ। কোনে কয় ইতিহাস নীৰস নিৰ্জীৱ অৱস্হাৰ দলিল..এটা পথ নিৰ্মাণৰ ইতিহাসো কেনে বৰ্ণাঢ্য হব পাৰে সেয়া লিড`লামৰ পাতে পাতে পৰিস্ফূট। মূলত ষ্টিলৱেল পথ নিৰ্মাণৰ সত্য কাহিনী ভাগক মূল কথা ৰূপে লৈ ৰচিত হৈছে উপন্যাসখনি। এই পথ সজাৰ কামত জড়িত হেজাৰ বিজাৰ দেশী বিদেশী লোকৰবৰ্ণনাতীত পৰিশ্ৰম ,ত্যাগ,আৰু মৰ্মবেদনাৰ ভিত্তিত লেখিকাই সৃষ্টি কৰিছে লিড`লামৰ কাহিনী ভাগ।

যুদ্ধৰ আহ্বানত সুদূৰ এমেৰিকাৰ ৱেষ্ট পইন্ট মিলিটেৰি অকাডেমিৰ সামৰিক পাঠ্যক্ৰম আধৰুৱাকৈ এৰি থৈ এমেৰিকাৰ পৰা ১৪ হাজাৰ মাইল দূৰৰ লিডুত উপস্হিত হব লগা হৈছিল জৰ্জজনাথন,এলেক্স,ৰৱাৰ্ট,পল,বব ইত্যাদি বহু হেজাৰ জন। ব্ৰহ্মদেশ, চীন,নেপাল,আৰু ভাৰতৰ অন্য প্ৰান্তৰৰ পৰা আহিছিল ৱাং,মানকি,হেমৰম হতঁৰ নিচিনা অজস্ৰ জন। যুদ্ধকে ধৰি বিভিন্ন সংঘাতত জডিত এই সকলোঁবোৰ আছিল বিধ্বস্ত প্ৰায় মানুহ,সকলোৰে বুকুৱেদি বৈ আছিল একোখন দুখৰ নৈ ! এক দু:সাহসিক কাৰ্য সম্পাদন কৰাবলৈ লিডু অনা হৈছিল তেওঁলোকক.. কোনেও জনা নাছিল কিমান কন্টকাকীৰ্ণ হ’ব তেওঁলোক ৰ সমাগত যাত্ৰা !

নামত এমেৰিকান হ’লেও লছ এঞ্জেলছ ষ্টেচনৰ ওচৰৰ লেতেৰা গলিত ডাঙৰ হোৱা জৰ্জ, এলেক্স,ৰৱাৰ্টহঁত আছিল আফ্ৰিকীয় মূলৰ এমেৰিকান… তেওঁলোকৰ গাৰ ছালৰ ৰং কলা। কৃঞ্চাংগ হোৱাই তেওঁলোকৰ অভিশাপ। সেয়ে জৰ্জহঁতে সামৰিক শিক্ষা লাভৰ মানসেৰে সামৰিক বিদ্যালয়ত ভৰ্তি হৈছিল , শিক্ষা সমাপ্ত কৰি মৰ্যদা সহকাৰে শ্বেতাংগ সকলৰ সমানে বুকু ফিন্দাই আগবাঢি যোৱাৰ সপোন দেখিছিল।কিন্ত যুদ্ধকালীন পৰিস্হিতিয়ে সিহঁতক পোৱালেহি দক্ষিণ পূৱ এছিয়াৰ সীমান্তবৰ্তী লিডু নামৰ এখন অখ্যাত ঠাই। দূৰ্গম পাহাৰৰ কিনাৰৰ অৰণ্য বেষ্টিত লিডুৰ পৰিবেশ জৰ্জহঁতৰ বাবে আছিল সম্পূৰ্ণ অপৰিচিত আৰু আচহুৱা। যুদ্ধ নহয়, জৰ্জহঁতৰ ওপৰত দায়িত্ব ন্যস্ত হ`ল অৰণ্যাকীৰ্ণ ,পাহাৰীয়া দূৰ্গম অঞ্চলৰ মাজেৰে লিডুৰ পৰা ব্ৰহ্মদেশ হৈ চীন দেশলৈ মটৰ গা়ডী যাব পৰা ১৭২৬ কি.মি দূৰত্বৰ এক পোনপটীয়া বাট নিৰ্মাণৰ কাম। এমেৰিকাত থাকোতেই গাডী চলাবলৈ শিকা জৰ্জ জনাথন হ’লগৈ পথ নিৰ্মাণৰ কামত জডিত সামৰিক বাহিনীৰ ট্ৰাক চালক। এমেৰিকাৰ মসৃণ পথৰ পৰিবৰ্তে দক্ষিণ পূব এছিয়াৰ এনে অজান্তি মূলুকত এক প্ৰকাৰ দূৰ্গম পথহীন অঞ্চলৰ মাজেৰে জৰ্জহঁতে আগুৱাই লৈ যাব লগা হ’ল পথ নিৰ্মাণৰ সামগ্ৰী আৰু শ্ৰমিক কঢ়িওৱা এমেৰিকীয় ট্ৰাক সমূহ। আৰম্ভ হল এক দুৰন্ত যাত্ৰাৰ… “যি যাত্ৰা নিৰ্মাণৰ যাত্ৰা” ৷ ভাৰতৰ লিডুৰ পৰা ব্ৰহ্মদেশৰ বাৰ্মা ৰোড পৰ্যন্ত সম্পূৰ্ণ এছোৱা পথ নকৈ নিৰ্মাণৰ কাম আৰম্ভ হ’ল আৰু তাৰ পৰা পূৰ্বৰ বাৰ্মা ৰোডক পুনৰ নিৰ্মাণ কৰি চীনৰ কুনমিঙৰ সৈতে লিডুক সংযোগ কৰাৰ মাৰ্কিন সামৰিক নেতা ৰ্ষ্টিলৱেলৰ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ দুৰন্ত অভিযানত ব্ৰতী হ’ল সকলো। আৰম্ভ হ’ল বাটে বাটে মৃত্যুৰ কিৰীলি। এপিনে প্ৰতিকূল প্ৰাকৃতিক পৰিবেশ, অলংঘ্য যোগাযোগ, সভ্যতাৰ পোহৰ নেদেখা স্হানীয় জনজাতীয় অধিবাসী সকলৰ আক্ৰমণৰ আশংকা, জাপানী শত্ৰু সেনাৰ আক্ৰমণৰ সম্ভাৱনা ইত্যাদি সকলো প্ৰতিবন্ধকতা আঁতৰাই সিহঁত আগুৱাব লগা হ’ল।

এক সম্পূৰ্ণ অপৰিচিত আৰু আচহুৱা পৰিবেশৰ সন্মুখীন হ’লেও জৰ্জৰ কিন্তু লিডুৰ সেউজীয়া খিনি ভাল লাগিল। জৰ্জৰ ভাল লাগি আহিল ওচৰৰ চাহ বাগিছাৰ পৰা অহা এক সেউজীয়া সুঘ্ৰাণ ! চুলিত গোন্ধতেল সানি,মূৰত ৰঙীন ফিটা মাৰি লচপচাই দৌৰি ফুৰা যৌৱনমতী ৰাধাই জৰ্জলৈ কঢিয়াই আনিলে সেই সেউজীয়া সুঘ্ৰাণ !! একেই কৃঞ্চ বৰ্ণা যৌৱনোচ্ছল ৰাধাৰ মাজত জৰ্জে বিচাৰি পালে তাৰেই সমগোত্ৰীয় একান্ত আপোন কাৰোবাক। চীন দেশলৈ বুলি নতুনকৈ বাট নিৰ্মাণ কৰি থকা জৰ্জে আনহাতে ৰাধাৰ হৃদয়লৈ গঢি তুলিলে নিৰ্ভেজাল প্ৰেমৰ এক সপোনৰ বাট ! লছ এঞ্জেলছৰ পৰা লিডুলৈ এক সুদীৰ্ঘ পৰিক্ৰমা, কিন্ত হৃদয়ৰ পৰা হৃদয়লৈ গঢা বাটত দূৰত্বযে কোনো বিষয় নহয় বা ভাষা কোনো যে অন্তৰায় নহয় তাকে প্ৰমাণ কৰি সামৰিক নিয়মৰ কঠোৰতাৰ মাজতো ৰাধাৰ হৃদয়ৰ বাটলৈ আৰম্ভ হল জৰ্জৰ অবাধ অহা-যোৱা। লিডুলৈ আহি জৰ্জে আৰু লগ পালে যুদ্ধ বিধ্বস্ত চীনৰ পৰা ভাগি অহা ৱাঙক। ইংৰাজী ক’ব জনা ৱাঙৰ সৈতে গঢ়ি উঠিল জৰ্জৰ এক সুন্দৰ বন্ধুত্ব। ৱাঙৰ পৰা জৰ্জে জানিব পাৰিলে ২য় মহাসমৰৰ বহু নজনা কথা তাৰ লগতে যুদ্ধই চীনত সৃষ্টি কৰা ভয়ংকৰ দুৰ্যোগৰ কথা। লগ পালে অসমৰ নীলকান্ত, হেমৰমহঁতক, নীলকান্তই জৰ্জক কলে অসমৰ বিভিন্ন কথা। জৰ্জৰ ভাল লাগিল সিহঁতক। হেজাৰ,হেজাৰ মাইল দূৰত এৰি থৈ অহা পৰিয়ালৰ প্ৰিয়জনলৈ মনত পৰি থাকিলেও এই নতুন বন্ধু বোৰে জৰ্জক ক্ষন্তেকলৈ হ’লেও পাহৰাই ৰাখিলে প্ৰিয়জনৰ বিচ্ছেদৰ কথা।

ভৰ বাৰিষাই সৃষ্টি কৰা প্ৰতিকূল বতৰৰ বাবে ৰাস্তা বনোৱা কাম কেবাবাৰো পিছুৱাব লগা হ’ল। আনহাতে জ্বৰ,গ্ৰহণী আৰু বহুতো অচিন ৰোগৰ আক্ৰমণত পথ নিৰ্মাণত নিয়োজিত সামৰিক লোক আৰু শ্ৰমিক বনুৱা সমূহৰ দুখ-দুৰ্দশাৰ অন্ত নোহোৱা হ’ল। পথ নিৰ্মাণৰ যাত্ৰা একপ্ৰকাৰ হৈ পৰিল মৃত্যু পথ যাত্ৰা ! নিৰ্মীয়মান পথৰ কাষে কাষে পৰি ৰ’ল অচিন অখ্যাত লোকৰ মৃতদেহ ! জৰ্জৰ চকুৰ আগতে মৃত্যু হল তাৰ বাল্যবন্ধু এলেক্সৰ, সি একো কৰিব নোৱাৰিলে। আনকি প্ৰিয়বন্ধু জনক সি ভালকৈ শুৱাইও থ’ব নোৱাৰিলে কোনো এক সমাধিক্ষেত্ৰত….। নিৰ্মীয়মান পথৰ কাষৰ বোকাৰ মাজত সি চিৰ দিনৰ বাবে শুৱাই দিলে এলেক্সক… বোকাৰে ঢাকি জৰ্জে তাৰ বাবে এলানি প্ৰাৰ্থনা গালে। এনেকৈয়ে গুছি গল অজস্ৰ জন। যুদ্ধ কতৃপক্ষই ৰেজিষ্টাৰ বহীত তেওলোকৰ নামৰ আগত লিখি দিলে ‘লেট’। একোটা জীৱনৰ সমস্ত গাথা কেৱল দুটা আখৰেৰে চিৰ দিনলৈ মচি পেলোঁৱা হল! ইয়াৰ সমান্তৰালকৈ কিন্ত শ্বেতাংগ বৃটিছ,এমেৰিকীয় বিষয়া সকলে যাপন কৰি থাকিল এক বিলাসী আডন্বৰ পূৰ্ণ জীৱন। মাৰ্ঘেৰিটা, লিডু আদিৰ সামৰিক চাউনিত চলি থাকিল শ্বেতাংগ বিষয়া সকলৰ অবাধ ভোগ-সম্ভোগ আৰু আমোদ প্ৰমোদ। মদ,মাংস, আৰু সহজলভ্য নাৰী দেহৰ সোৱাদত মত্ত হৈ থাকিল তেওঁলোক …দুৰন্ত অত্যাচাৰ আৰু শোষণ চলাই থাকিল সাধাৰণ জনৰ ওপৰত। তেওঁলোক যে জন্মসূত্ৰে ভোগৰ দাবীদাৰ! Privileged people! কাৰণ বগা মানুহ সিহঁত!! শ্বেতাংগ বিষয়া সকলৰ এনে মইমতালীয়ে বিক্ষুদ্ধ কৰি তুলিলে জৰ্জহতঁৰ নিচিনা বহু শোষিত বঞ্চিত জনক কাৰণ সকলোঁৰে বাবে শোষণ আৰু বঞ্চনাৰ ভাষা একেই..গৃহভূমিৰ পৰা অজস্ৰ যোজন আতঁৰত সিহঁত আটাইৰে হাত-ভৰি সকলোঁ বন্ধা। শিবিৰৰ ভিতৰতেই সিহঁতৰ ক্ষোভৰ উদ্গীৰণ আৰু তাতেই সমাপ্তি। প্ৰতিবাদৰ ভাষা বুজি নাপায় শোষকে…কোনোবাই প্ৰতিবাদ কৰিলে চিৰদিনৰ বাবে কন্ঠ ৰুদ্ধ কৰি দিয়া হয় সিহঁতৰ।

এনে এক পুতিগন্ধময় পৰিবেশৰ মাজতো জৰ্জৰ বুকুত গজালি মেলা ভালপোৱাৰ গছডাল লহপহকৈ বাঢি থাকিল। ভাষাৰ দুৰ্বোধ্যতা,ভিন্ন সামাজিক বাতাৱৰণ আৰু যুদ্ধকালিন পৰিবেশৰ মাজতো জৰ্জ আৰু ৰাধাৰ প্ৰেমৰ জয় হয়। এটা গুণগুণ গান হৈ ৰুণজুণকৈ ৰাধাই তাৰ হৃদয়ত খোপনি পুতি লয়! ইপিনে যুদ্ধই ৱাংৰ জীৱনলৈ নমাই আনে বিভীষিকা।চীন দেশত হোৱা জাপানী সেনাৰ ভয়াবহ আক্ৰমণত নিচিন্হ হৈ যায় ৱাংৰ পৰিয়ালৰ সকলোঁ…এনে দুখ সহিব নোৱাৰি ৱাঙেও মৃত্যুক সাৱটি লয়। পথ নিৰ্মাণৰ কাম আগবঢাৰ লগেলগে বাঢিব ধৰিল জৰ্জৰ দুখবোৰ…জ্বৰত আক্ৰান্ত হৈ ৰাধাৰ দেউতাকে মৃত্যু বৰণ কৰে।অকলশৰীয়া হৈ পৰিল ঘাটমাউৰী ৰাধা। সুদূৰ এমেৰিকাৰ জৰ্জে এইবাৰ তাইৰ ওচৰত থিয় হয় এক প্ৰচন্ড নিৰাপত্তা হৈ…তাৰ ডিয়েৰ ৰাধাক সি প্ৰতিশ্ৰুতি দিয়ে যুদ্ধ শেষ হ’লেই সি লৈ যাব ৰাধাক…লছএঞ্জেলছলৈ।

দুৰন্ত গতিত আগবাঢিল পথ সজাৰ কাম। আৰম্ভ হয় ইৰাৱতী নৈৰ ওপৰত এখন ডাঙৰ দলং সজাৰ কাম।ইয়াৰ পিচতে লিডুৰ পৰা সজা নতুন পথ়়টি লগ লগাই দিয়া হল বাৰ্মা ৰোডৰ লগত। ষ্টিলৱেলৰ স্বপ্ন সাৰ্থক কৰি এদিন লিডুৰ পৰা চীনৰ কুনমিঙলৈ ১৭২৬ কিমি দীঘল বাটেৰে গাডী চলিব পৰা হল। জৰ্জ হতঁৰ কাম কিন্ত নকমিল, নকৈ সজোৱা দীঘলীয়া বাটটোত সি দিনৰ পিচত দিন গাডীৰে চীনলৈ বস্তু কঢিয়াব লগা হল। সমগ্ৰ কষ্ট আওকাণ কৰি সি কাম কৰি গল আৰু আকুল আগ্ৰহেৰে অপেক্ষা কৰি থাকিল যুদ্ধ শেষ হোৱা দিনটোলৈ…তাৰ মৰমৰ ৰাধাক লৈ উভতিব লগা দিনটোলৈ! কিন্ত ৰুঢ বাস্তৱে সেয়া হব নিদিলে, সেই সময়ৰ সামগ্ৰিক পৰিস্হিতি আৰু ব্যক্তি বিশেষৰ বিশ্বাসঘা়টকতাৰ বলি হল ৰাধা। এক কৰুণ নাটকীয় পৰিস্হিতিত তাই সৰ্বস্ব হেৰুৱাব লগা হল।জৰ্জে যেতিয়া এই কথা গম পালে তেতিয়া বহুত পলম হৈ গল। আৰু ৰাধা! পাহুৱাল জৰ্জৰ বুকুৰ মাজত নিৰাপদে আশ্ৰিত হৈ থাকিব খোজা ৰাধাই জৰ্জক নেপালেও অইন কাৰোৰে হৈ নাথাকি অকলেঅকলে এই পৃথিবী এৰি গুছি গল। আকন্ঠ সুৰা পান কৰি জৰ্জে পাহৰিব চেষ্টা কৰিলে তাৰ মৰমৰ ৰাধাক হেৰুৱাৰ বেদনাক। নিসংগ জৰ্জে কাকো কব নোৱাৰিলে তাৰ বিধ্বস্ত হৃদয়ৰ কথা।

ইতিমধ্যে যুদ্ধ শেষ হল। স্বগৃহলৈ প্ৰত্যাবৰ্তনৰ সময় আহি পৰিল, শত যোজন দূৰত এৰি অহা আপোনজনক লগ পাবলৈ ব্যাকুল হৈ পৰিল সকলোঁ…জৰ্জো উভতিল একান্ত আপোন কৰি লব খোজা ৰাধাৰ কৰুণ স্মৃতি বুকুত লৈ…।তেজ মঙহৰ ৰাধা জনীক লগত লৈ যাব নোৱাৰিলেও জৰ্জে লগত লৈ গল এজনী নিষ্পাপ যুৱতীৰ নিষ্কলুষ প্ৰেমৰ এক চিৰসেউজীয়া সুঘ্ৰাণ!!

ষ্টিলৱেল পথৰ অভিযান্ত্ৰিক ইতিহাসক সাৰথি কৰি এইদৰে লেখিকাই সৃষ্টি কৰিছে লিড`লামৰ লেখীয়া অনুপম সাহিত্য কৰ্ম। তেওঁৰ কলমত উজলি উঠিছে ষ্টিলৱেল পথ নিৰ্মাণৰ আৰঁৰ কাৰুণ্যৰ ইতিহাসৰ অশ্ৰুসিক্ত বৰ্ণনা। ক্ষেত্ৰ অধ্যয়ন, মৌখিক সাক্ষাতকাৰ,প্ৰসংগ পুথি আৰু আন আন ঐতিহাসিক সমলৰ গৱেষণামূলক অধ্যয়নৰ জৰিয়তে লেখিকাই আমাৰ আগত উপস্হাপন কৰিছে এখন সুখপাঠ্য ৰ্নিভূল ঐতিহাসিক দলিল। ২য় মহাযুদ্ধৰ পটভূমি, যুদ্ধকালিন আন্তৰ্জাতিক কূটনৈতিকপৰিস্হিতি,ভাৰতবৰ্ষৰ সমসাময়িক পৰিবেশ, যুদ্ধ বিধ্বস্ত বিশ্বৰ সকলোঁ প্ৰান্তৰৰ বিভীষিকাময় পৰিবেশৰ সাৱলীল ব্যাখাৰে লেখিকাই সমৃদ্ধ কৰিছে উপন্যাস খনৰ প্ৰতিটো পৃষ্ঠা। যুদ্ধ আৰু তাৰ বিভীষিকাৰ পৰা কোনোযে মুক্ত নহয় সেয়া লেখিকাই জৰ্জ,ৰাধা,এলেক্স ,ৱাং হতঁৰ কাহিনীৰে সুন্দৰকৈ দেখুৱাইছে। কাল্পনিক কাহিনীৰ মাজেৰে ঘটনাক্ৰম আগুৱাই লৈ গ’লেও লেখিকাই কেতিয়াও বাস্তবৰ ৰুঢতাক এৰাই চলা নাই ,কতো প্ৰশয় দিয়া মাত্ৰাধিক ৰোমান্টিক ভাৱ বিলাসিতাক। লেখিকাই যথেষ্ট সংবেদনশীলতাৰে উপস্হাপন কৰিছে বৰ্ণবৈষম্যই বিশ্বত সৃষ্টি কৰা ঘৃণীত পৰিস্হিতিৰ কথা আৰু উদঙাই দেখুৱাইছে তথাকথিত শ্বেতাংগ সকলৰ দাম্ভিকতা আৰু শোষণমুখী চৰিত্ৰৰ স্বৰূপ। , যুদ্ধকালিন ইতিহাসৰ সৈতে সংপৃক্ত হৈ থকা ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন আৰু অসমত ইয়াৰ প্ৰসাৰৰ বিষয়টোও লেখিকাই চুই গৈছে।গৱেষণামূলক বিশ্লেষণ,প্ৰাঞ্জল ভাষা আৰু অপূৰ্ব বৰ্ণনা শৈলীৰে সমৃদ্ধ লিড`লাম নি:সন্দেহে এখন সুখপাঠ্য উপন্যাস। ২য় মহাযুদ্ধৰ পটভূমিত ৰচিত অসমীয়া সাহিত্যকৰ্ম সমূহৰ ভিতৰত লিড`লামে সদায়েই এক সুকীয়া আসন দখল কৰি থাকিব।

ইতিহাসৰ হেনো পুনৰাবৃতি হয়!!

দক্ষিণ পূৱ এছিয়াৰ দেশ সমূহৰ সৈতে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ প্ৰত্যক্ষ যোগাযোগ গঢি তোলাৰ বহুল চৰ্চা চলি থকাৰ সময়ত,মণিপুৰৰ পৰা থাইলেন্ড হৈ চীন দেশলৈ আন্তৰাষ্ট্ৰীয় হাইৱে নিৰ্মাণ কৰাৰ অভিলাষী আঁচনি হাতত লোঁৱাৰ সময়ত আৰু ভাৰত চৰকাৰৰ পূৱলৈ চোৱা নীতি(দৰাচলতে কোনো নীতি নাই!)ৰ বিশদ আলোঁচনা বিলোঁচনা চলি থকাৰ সময়তেই তাহানিৰ পূৱলৈ অহা যোৱা কৰা ঐতিহাসিক স্হল পথ এটিৰ ইতিহাসক সাহিত্যৰ মাধ্যমেৰে আমাৰ আগত দাঙি ধৰি জুৰী বৰা বৰগোহাঞিয়ে আকৌ এবাৰ জীৱন্ত কৰি তুলিলে ১৭২৬ কি.মি. পথৰ এক কৰুণ ইতিহাস! কত শত জনৰ ত্যাগ আৰু শ্ৰমৰ বিনিময়ত নিৰ্মিত ষ্টিলৱেল পথৰ ম্যানমাৰ অংশ যুদ্ধৰ পাচৰে পৰা পৰিত্যক্ত আৰু বন্ধ। ইতিহাসৰ পুনৰাবৃতি ঘটাই অদূৰ ভৱিষ্যতে হয়তো মুকলি হব পাৰে লিডুৰ পৰা চীন দেশলৈ যোৱা ষ্টিলৱেল পথ! লিড`লামে আকৌ জীপাল কৰি তুলিলে আমি কৈশোৰতে দেখা সেই পৰ্যটক সপোন… যদি এই সপোন ফলিয়ায় তেন্তে ষ্টিলৱেল পথেৰে এবাৰ যাত্ৰা কৰি কেকুৰিয়ে, কেকুৰিয়ে শুনিবলৈ চেষ্টা কৰিম জৰ্জ,ৰৰ্ৱাট,এলেক্স হঁতে চলোঁৱা ট্ৰাকৰ ঘৰ ঘৰ শব্দ,ওচৰৰ পৰা চাম lake of no return! পাটকাই,ইৰাৱতী সকলোঁ পাৰ হৈ পামগৈ মহা চীন! যাত্ৰা পথত শুনা আৰ্ত শ্ৰমিক বনুৱাৰ যন্ত্ৰণা কাতৰ চিঞৰৰ প্ৰতিধ্বনিয়ে হয়তো বেদনাহত কৰি তুলিব মন! এবাৰ অন্ত:কৰণে প্ৰাৰ্থনা কৰিম সেই সকলৰ বাবে যি সকলে নিজৰ জীৱন বিপন্ন কৰিও আমালৈ খুলি থৈ গৈছিল পূৱৰ দুৱাৰ! হবনে বাৰু ইতিহাসৰ পুনৰাবৃতি?? খুলিবনে লিড`লাম!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments