বগলী এ সবাহলৈ নগলি কিয়? (ড° লোচন শইকীয়া)

‘মা বগলী বগা কিয় হয় ?’
‘ওঁ, বগা আচলতে ৰং নহয় ।‘
‘কি যে কোৱা মা বগা ৰং নহলে কলাও ৰং নহয় !’
‘সেইটো সঁচাকৈয়ে চিন্তা কৰিবলগীয়া । বাৰু কোৱাচোন তুমিনো বগা ৰঙৰ কথা কিয় সুধিলা ? অঁ বুজিলো, তুমিযে গাখীৰ খাবলৈ বেয়া পোৱা সেইকাৰণে নহয়নে ?’
‘নহয় মা । এই কেইদিন তুমি মন কৰিছানে বগলীবোৰ জাক পাতি আকাশেদি ইমান ধুনীয়া দেখাকৈ উৰি গৈছে ? মা, মা বগলী কত থাকে ? এতিয়া কলৈ উৰি যাব ? তুনি যে গোৱা – বগাকৈ বগলী বহলাই বহিছে বকুল বিয়লি বেলা, বকুল বনতে বকুল সৰিছে বুটলি বিলাওঁগৈ বলা । আকৌ গোৱাচোন । মোৰ আকৌ এবাৰ তোমাৰ মুখত শুনিবলৈ মন গৈছে ।’

বগলীক লৈ কিমান কবিতা । চিত্ৰকাৰ সকলেও বগলীৰ বগা ৰঙক লৈ আকাশ আগুৰি দিগল্ত চুই বগলীৰ ঘৰমূৱা চিত্ৰৰে বিদায়ী বেলিৰ প্ৰহৰ মুখৰিত কৰিছে ।

‘আৰু এটা শুনা –
বগলী এ সবাহলৈ নগলি কিয় ?
গৈছিলো গৈছিলো বাটত ছেংদৈৰ কুকুৰে খালে ।
ছেই কুকুৰ ছেই নাহিবি জপনা দেই
বাঁহৰ মূৰা বগলীৰ বুঢ়া….এ মই পাহৰি পেলালোঁ পাই ! ‘

‘কৰ পৰা আহিলি চকু টেলেকা বুঢ়া । ইয়ে মাই পাহৰি গল । মই পাৰিলোঁ মই পাৰিলোঁ ।‘

পাঠক, মাক জীয়েক বগলী চৰিত্ৰৰ নিচুকনী গীতত ব্যস্ত থাকোতেই বলক আমিও অলপ বগলী কথা পাতি আহোঁ ।

পথাৰত ট্ৰেক্টৰে হাল বোৱা দিনা বগলীবোৰ জানো ক’ৰ পৰা আহে ? আমাৰ পথাৰখনত এটা নহয়, দুটা নহয়, মুঠ চাপ্পনটা বগলী । কেতিয়াবা ষোল্লটা, কেতিয়াবা বত্ৰিশটা । বগা ঢকঢকীয়া বগলী । ট্ৰেক্টৰৰ ফাল ৰ পিচে পিচে লুটিয়াই যোৱা মাটিত বগলী কেউটাই বাৰে বাৰে উৰা মাৰি আগুৱাই মাটিৰ পৰা ওলাই পৰা পোক-পতঙ্গ খাই ফুৰে । আমাৰ কাৰণে এইটো চিৰপৰিচিত দৃশ্য ।

চৰাই ভাল পোৱা সকলে এইটো ভালদৰে জানে যে বগলী চাবলৈ কোনো বাইকুলাৰৰ আৱশ্যকতা নাই । পানীৰ উত্স বিল, ডাঙৰ পুখুৰী, নৈ, হোলা, জান, জুৰি, পানী থকা পথাৰ আদিৰ আশে-পাশে বগলীয়ে বিচৰণ কৰি ফুৰে ।

‘মা তুমি দেখিছানে সৌ বগলী কেইটাই ইমান গহীন গহীন খোজ দি ফুৰিছে ।’
বগলীয়ে খোজ দিওঁতেও গুৰু গম্ভীৰ খোজ । মিনিটত খুউব বেছি ষাঠিটা খোজ বা তাতকৈও কম । বহলকৈ বেঙা মেলি দিয়া বগলীৰ খোজ চাব লগীয়া । মাজে-মাজে এটা এটাকৈ ঠেং জোকাৰি, খুচৰি, পিচলৈ প্ৰসাৰিত কৰি চিকাৰবোৰক ভয় খুৱাই উলিয়াব আনিবও বিচাৰে ।

আমি সদায় দেখি থকা বগলীবোৰ ৬৫-৭২ চেন্টিমিটাৰ ওখ । ঠোঁট হালধীয়া, ঠেং কলা ।প্ৰজননৰ সময়ত ঠোঁট কলা হয় । আমি বৰ বগ বুলি কওঁ ।
চিকাৰ কৰোঁতে বগলীয়ে পাখি মেলি ৰৈ থকাও দেখা যায় । উদ্দেশ্য ছাঁ পেলাই চিকাৰ আকৰ্ষণ কৰা । কিছুমান প্ৰজাতিৰ বগলীয়ে মাছক টোপ দি চিকাৰ কৰে । টোপৰ বাবে ঠাইতে পোৱা উদ্ভিদৰ গুটি, পাত, ফুল ইত্যাদি পানীত পেলাই মাছক আকৰ্ষণ কৰে । কিমান যে আমোদজনক ।

‘চোৱা মা গৰু কেইটাৰ পিঠিত বগলী কেইটা কেনেকৈ উঠি গৈছে ।‘
‘অ সেইয়া গৰু-মহৰ পিঠিত উঠি বগলীয়ে খাদ্য বিচাৰিছে । এইবিধ বগলীৰ ঠোঁট হালধীয়া, ঠেং সেউজীয়া-ছাই বৰণৰ, প্ৰজননৰ সময়ত পিঠি, মূৰ, ডিঙিৰ পাখিৰ বৰণ হালধীয়া হৈ পৰে । থুঁতৰি বগা হৈয়ে থাকে । এইবিধ গৰু-বগে চৰি থকা গৰু-মহৰ খোজত ওলাই অহা পোক-পতঙ্গ ধৰি খায় । জানি আচৰিত হব এনে বগলীয়ে অকলে কৰা চিকাৰতকৈ গৰু-মহৰ লগত থাকি তিনিগুণৰো বেছি খাদ্য গোটাব পাৰে ।’

বগলীৰ খাদ্য তালিকাত পোক-পতঙ্গ, বীজ (কেতিয়াবাহে) ইত্যাদিও সোমায় । সাধাৰতে বগলী মাংসাহাৰী । মাংসাহাৰী মানে পানীত পোৱা উভচৰ প্ৰাণী, সাপ, কেকোঁৰা, শামুক ইত্যাদি সকলো খায় ।

দীঘল ঠেং, দীঘল ইংৰাজী ‘S’ দৰে বেকা ডিঙি আৰু ডেগাৰৰ দৰে দীঘল ঠোঁট বগলীৰ বিশেষত্ব । চিকাৰ কৰোঁতে অগভীৰ পানী বা বামত বগলী গহীন-গম্ভীৰ, একে ঠাইতে ৰৈ মূৰ্ত্তিৰ দৰে চিকাৰলৈ অপেক্ষা কৰে । চিকাৰ দেখা মাত্ৰকে বিজুলী বেগেৰে ঠোঁটেৰে চিকাৰৰ ওপৰত আঘাত সানে ।

‘মা মা চোৱা । বগলীৰ জাক কেইটা বেলেগে বেলেগে কেনেকৈ উৰি আহিছে ।’
‘ওঁ, এতিয়া বেলি লহিয়ালে । বগলী নিজৰ বাঁহলৈ উভটিছে । দিনৰ বেলা এনে দৃশ্য দেখিবলৈ নোপোৱা । কৰবাৰ ওখ ডাঙৰ গছত বাঁহ সাজি আছে । তালৈকে উভটিছে । বগলী জাকৰুৱাকৈ থাকি, উৰি ভাল পায় । বগলীৰ উৰণ দৃশ্য, স্বৰ্গীয় । লাহে-লাহে কোবোৱা ডেউকাৰ লহৰ, ডিঙি সামান্য পিচুৱাই শৰীৰলৈ সুমুৱাই ঠেং যোৰ দীঘলকৈ পিচলৈ প্ৰসাৰিত কৰি বগলীৰ উৰণ অতি মোহনীয় । সন্মূখত এটি বগলী আৰু সেইটোক অনুসৰণ কৰি পিচৰখিনি কাড়ৰ আকৃতিৰ দৰে বিস্তৃত । ’

বগলীৰ মতা মাইকী সতকাই চিনি পাবলৈ টান । দুয়োৰ মাজত পাৰ্থক্য অতি সামান্য । প্ৰজননৰ সময়ত ঠোঁটৰ ৰং কলা হৈ পৰে । লওক আৰু এটা খবৰ আছে । বেছি ভাগ জাতৰ বগলীয়ে জীবন কালত এবাৰহে সঙ্গী গোটায় । অৱশ্যে বগলীৰ প্ৰজাতি ভেদে কিছু তাৰতম্য নোহোৱা নহয় । জাক পাতি থাকিলেও নিজৰ সঙ্গীৰ লগ নেৰে । মতা বগলীতোৱে বাঁহ সাজিবলৈ আৰম্ভ কৰি মাইকী বগলীজনীক আকৰ্ষণ কৰিবলৈ যত্ন কৰে । জাকৰুৱা চৰাইৰ ক্ষেত্ৰত প্ৰদৰ্শণকামী গুণতোৱে বৰ কাম দিয়ে । ডেউকা মেলি সঙ্গীক আকৰ্ষণৰ চেষ্টা কৰে । হালৰে মিলন বাঁহতোত হয় ।

‘মা বগলীৰ নিচিনা একে, ডিঙি চুটি, একে ধৰণৰ ঠোঁট জোঙা চৰাইতোও বগলীৰ লগৰে নেকি ! সেই যে পুখুৰী পাৰত জোপ লৈ থাকে ।’
‘তুমি চাগে কণামুছৰিৰ কথা কৈছা ।’
‘আমি সচৰাচৰ দেখা বগলীৰ সম্বন্ধীয় প্ৰজাতি আৰু তেষষ্টিটা আছে । তাৰে এটা ভালকৈয়ে চিনি পাওঁ, সেইটো হৈছে কণামুছৰি । কণামুছৰিৰো কেইবা প্ৰকাৰৰ আছে জাত আছে । কোনোটো ধোঁৱাবৰণীয়া, কোনোটো নীলা বৰণীয়া, কোনোটোবা সেউজীয়া ইত্যাদি ।’
‘মা তুনি টিকনি থকা বগলী দেখিছা ?’
‘আইঔ মাজনী তুমি কিন্তু কিছু মন কৰা দেই । ওঁ, সঁচাকৈকে তুমি কোৱা টিকনি থকা বগলীৰ জাতো আছে ।

আমি দেখি থকা বৰ-বগলীবোৰে বৰকৈ ঠাই সলাই নুফুৰে । সামান্য পৰিমাণে পৰিভ্ৰমী । ঋতু অনুযায়ী খোৱা বস্তুৰ যোগান মতেই নিজৰ খোৱাৰ তালিকা সলাই লয় ।’

‘মা বগলীয়ে নতুন বছৰ আদৰেনে ? সিঁহততো এইদৰে সদায় অহা-যোৱা কৰি আছে ।’
‘ওঁ মাজনী, আমিও বগলীয়ে উৰা চাই আত্মবিভোৰ হৈ ৰম । সৃষ্টfকৰ্ত্তাৰ অনিৰ্বচনীয় সৃষ্টি চাই সুখী হোৱাৰ অভিনয় কৰিম ।’

(পাঠক কণমানিজনীৰ কথাত নধৰিব । প্ৰকৃতিৰ ৰেহৰুপ ঋতু লৈ সলনি হয় । ইংৰাজী গ্ৰেগৰিয়ান কেলে্ণ্ডাৰ বছৰতো সলনি হয় । আমাৰ জীবন যাত্ৰা একেই থাকে । আনন্দ-উছাহৰ ঢল আহে যায় । )

নতুন বছৰ ২০১৬ৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ । আপোনালোকৰ জীবন মধুময় হওক ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments