অসমীয়া ভাষা আৰু বৰ্ণ বিভ্ৰাট: সৰ্বেশ্বৰ বৰুৱা

যি স্পষ্ট ধ্বনি উচ্চাৰণ কৰি মানুহে দৈনন্দিন জীৱনত মনৰ ভাৱ পূৰ্ণৰূপে প্ৰকাশ কৰে তাকেই ভাষা বুলি কোৱা হয়৷ বিভিন্ন পৰিস্থিতিত ভাষাৰ জন্ম হয়৷ ধৰা হওক কোনো নিৰ্জন দ্বীপত সময়ত দুফালৰ পৰা দুজন মানুহ গৈ মিলিত হ’ল৷ দুয়ো দুয়োৰে বাবে আচহুৱা৷ ইজনৰ ভাষা সিজনে নুবুজে; সিজনৰ ভাষা ইজনে নুবুজে৷ অথচ দুয়ো একেলগে থাকিবলৈ বাধ্য৷ তেনে পৰিস্থিতিত সিহঁতে সিহঁতৰ মনৰ ভাৱ ব্যক্ত কৰিবলৈ লোৱাত সময়ত এক নতুন ভাষাৰ জন্ম হ’ব৷ ভাষাৰ জন্মৰ দৰে ইয়াৰ বিকাশ প্ৰক্ৰিয়াও আছে৷ সময়ত ভাষাৰ মৃত্যুও ঘটিব পাৰে৷

মানুহৰ গোষ্ঠী বা বংশ পৰম্পৰাৰ দৰেই পৃথিৱীৰ ভাষাসমূহৰো স্বকীয় পৰম্পৰা আছে৷ পৃথিৱীত থকা এই ভাষা পৰিয়ালবোৰৰ ভিতৰত ইন্দো ইউৰোপীয় ভাষা পৰিয়ালটিয়ে আটাইতকৈ ডাঙৰ৷ এই ইন্দো ইউৰোপীয় ভাষা পৰিয়ালৰে এটি ঠাল আমাৰ ভাৰতীয় আৰ্য্য ভাষা৷ বিৱৰ্তনৰ পথত ভাৰতীয় আৰ্য্য ভাষা আগবাঢ়ি আহে৷ সংস্কৃত ভাষাৰ পৰা সময়ত প্ৰাকৃত, পালি আৰু অপভ্ৰংশ ভাষাসমূহৰ জন্ম হয়৷ মাগধী অপভ্ৰংশও প্ৰাকৃত ভাষাৰপৰা উদ্ভৱ হোৱা এনে এক ভাষা৷ এই মাগধী অপভ্ৰংশৰ পৰাই অসমীয়া, বঙালী আৰু উৰিয়া ভাষাৰ জন্ম হৈছে৷ একে মাক বাপেকৰ পৰা উদ্ভৱ হোৱা সন্তানবোৰৰ মাজত আকৃতি প্ৰকৃতিৰ মিল থকাৰ দৰেই এই ভাষা তিনিটাৰ ক্ষেত্ৰতো কোনো কোনো বিষয়ত মিল লক্ষ্য কৰিব পৰা যায়৷

খৃষ্টীয় দশম/একাদশ শতিকাতেই বিভিন্ন প্ৰান্তীয় অপভ্ৰংশ ভাষাসমূহৰ পৰা আধুনিক ভাৰতীয় ভাষাসূহে সম সাময়িক ভাৱে জন্ম লাভ কৰে৷ সেই দৃষ্টিৰে আমাৰ অসমীয়া ভাষায়ো খৃষ্টীয় দশম একাদশ শতিকাত জন্ম লাভ কৰা বুলি ঠাৱৰ কৰিব পাৰি৷

ভাষাৰ নিদৰ্শন সাহিত্যত সংৰক্ষিত হয়৷ অসমীয়া ভাষাত ৰচিত প্ৰাচীন সাহিত্য পৰম্পৰা আমি প্ৰাক্ শংকৰী যুগ বা খৃষ্টীয় চতুৰ্দ্দশ শতিকাৰ পৰাহে লাভ কৰিছোঁ৷ তাৰ আগৰ প্ৰায় তিনিশ বছৰৰ কোনো উল্লেখযোগ্য সাহিত্য সাক্ষী নাই৷ চৰ্য্যাপদসমূহো অপভ্ৰংশ ভাষাৰ শেষ স্তৰৰ নিদৰ্শন বুলি পণ্ডিতসকলে মন্তব্য দিছে৷ সংস্কৃত সাহিত্য সৃষ্টিৰ পৰম্পৰা ভঙ্গৰ অপৰাধ বিবেচনা কৰিয়েই হয়তো অসমীয়া প্ৰান্তীয় ভাষাত সেই কালছোৱাত সাহিত্য সৃষ্টি হোৱা নাছিল, নাইবা সংৰক্ষণৰ অভাৱত হয়তো ৰচিত সাহিত্য আমি হেৰুৱাব লগা হৈছে৷ খৃষ্টীয় একাদশ শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈ — এই কালছোৱাত অসমীয়া ভাষাৰ পূৰ্ণ বিকাশৰ প্ৰমাণ আমাক দিয়ে প্ৰাক্ বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলিৰ সাহিত্যই৷

লিখিতভাৱে অসমীয়া ভাষাৰ গঠন প্ৰণালী সম্বন্ধে সেই সময়ত কোনো ব্যাকৰণ পুথিৰ সৃষ্টি নহ’লেও কথিতভাৱে এই ভাষাই এক স্বকীয় ৰূপ পৰিগ্ৰহণ কৰাটোৰ প্ৰমাণ আমি আমি অপ্ৰমাদী কবি মাধৱ কন্দলিৰ ৰচনাৰ জৰিয়তে দৃঢ়ভাৱে ধাৰণা কৰিব পাৰো৷ বিভক্তি প্ৰত্যয়ৰ ব্যৱহাৰ, কৰ্ত্তা – কৰ্ম- ক্ৰিয়াৰ সংগতি, ছন্দ অলংকাৰৰ যথোপযোক্ত প্ৰয়োগে পৰৱৰ্তী কবি সাহিত্যিকলৈ আদৰ্শ ৰাখিছে৷ বৈষ্ণৱ যুগৰ পিছত অসমীয়া ভাষা সাহিত্যত এক বিস্তাৰ যুগৰো সূচনা হৈছিল৷ কিন্তুু সময়ৰ সোঁতত কাল ধুমুহাই উটুৱাই নিছিল অসমীয়া ভাষা সাহিত্যক মহাসাগৰৰ বুকুলৈ৷ অসমীয়া ভাষা- সাহিত্যত এক অন্ধকাৰ যুগ নামি আহিছিল৷ ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে অসম ইংৰাজৰ হাতলৈ যোৱাত বঙালী কেৰাণী মহৰিসকলে শাসক ইংৰাজক বুজাবলৈ প্ৰয়াস কৰিছিল যে অসমীয়া ভাষা বঙালী ভাষাৰে এক চহা ৰূপ মাথোন৷ তেওঁলোকৰ দুৰভিষন্ধি সফল হৈছিল৷ ইং 1836 চনত অসমৰ স্কুল আৰু কাছাৰীৰ পৰা অসমীয়া ভাষাক অপসাৰণ কৰি তাৰ ঠাইত বঙালী ভাষাক প্ৰতিষ্ঠা কৰা হ’ল৷

সৌভাগ্যক্ৰমে ইং 1836 চনতেই খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আমেৰিকান ’বেপ্টিষ্ট মিছনে’ অসমত পদাৰ্পণ কৰিছিল৷ ধৰ্ম্ম প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে অসমীয়া ভাষাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল৷ ইং 1840 চনত তেওঁলোকে শিৱসাগৰত ’ছপাখানা’ বহুৱাই দুই এখনকৈ ধৰ্ম্ম বিষয়ক পুথি প্ৰকাশ কৰিবলৈ ললে৷ ইং 1839 চনত ৰবিন্সন চাহাবে ইংৰাজীত “ A Grammar of Assamese Language“ নামৰ অসমীয়া ভাষাৰ ব্যাকৰণ এখনো ৰচনা কৰে৷ মিছনেৰী সকলৰ চেষ্টাৰ ফলতেই জন্ম ললে অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয়ে ( ইং 1846)৷ ইমানতে ক্ষান্ত নাথাকি মিছনেৰী সকলে অসমীয়া ভাষাক অসমৰ পঢ়াশালি আৰু আদালতত পুনৰ প্ৰচলন কৰিবলৈ উঠি পৰি লাগিছিল৷ ইংৰাজ চৰকাৰৰ ওচৰত অসমীয়া ভাষাৰ হৈ সবল যুক্তি দাঙি ধৰিছিল৷ ফলত ইং 1873 চনত ইংৰাজ চৰকাৰে অসমৰ পঢ়াশালি আৰু আদালতত অসমীয়া ভাষাক পুনৰ হেৰুৱা মৰ্য্যাদা প্ৰদান কৰিবলৈ বাধ্য হ’ল৷

আজি অসমীয়া ভাষা বিকাশত পোনপটীয়া বাধা নাই সঁচা, আওপকীয়া বাধা কিন্তুু নথকা নহয়৷ সমূহ অসমীয়া ভাষা ভাষী লিখক, পাঠক আৰু প্ৰকাশক সকলৰ ওপৰতে নিৰ্ভৰ কৰিব অসমীয়া ভাষাৰ ভৱিষ্যত৷

   ভাষা মাত্ৰৰে নিজস্ব ৰীতি- নীতি তথা গঠন প্ৰণালী আছে৷ এই ক্ষেত্ৰত অসমীয়া ভাষাৰো সুকীয়া বৈশিষ্ট্য বিৰাজমান৷ ভালেকেইজন অসমীয়া ভাষাৰ পণ্ডিতে এই বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰিছে৷ ডঃ বাণীকান্ত কাকতিদেৱৰ গৱেষণা গ্ৰন্থ “Assamese, Its Formation and Development“ – এই ক্ষেত্ৰত আমাৰ এক অমূল্য দলিল৷

অসমীয়া ভাষাৰ সেৱকসকলে অসমীয়া ভাষাৰ বৈশিষ্ট্যৰাজি আয়ত্ত কৰাটো নিত্যান্তই বাঞ্ছনীয়৷ ভাষাৰ বিকাশত ব্যাকৰণ আৰু অভিধানৰ ভূমিকা যথেষ্ট আছে৷ অসমীয়া ভাষাৰ বিকাশত অভিধান আৰু ব্যাকৰণে কিমানখিনি অৰিহণা যোগাব পাৰিছে তাক নিৰ্ণয় কৰাটোও আমাৰ পক্ষে টান হৈ পৰিছে৷ বহুতো ক্ষেত্ৰত ব্যাকৰণ প্ৰণেতাসকল যেন একমত হ’ব পৰা নাই৷

ভাষাৰ স্বাভাৱিক ৰূপ দুটা-এটা কথিত আৰু আনটো লিখিত৷ অসমীয়া ভাষাৰো কথিত আৰু লিখিত দুয়োটা ৰূপ আছে৷ কথিত ভাষা ঠাই বিশেষে বেলেগ বেলেগ৷ নদ-নদী, পাহাৰ-পৰ্বতবোৰে অঞ্চলভেদে কথিত ভাষাই বেলেগ বেলেগ ৰূপ লোৱাত সহায় কৰিছে৷ অসমীয়া ভাষা সূৰুজমুখী গতিৰে অগ্ৰসৰ হৈছিল পশ্চিমৰ পৰা পূৱলৈ৷ অবিভক্ত গোৱালপাৰা জিলাৰে সোমাই ই কামৰূপ নগাওঁ হৈ শিৱসাগৰ পাইছিলগৈ৷ অসমীয়া ভাষাই এই গতিপথত ক্ৰমে ক্ৰমে চহা ৰূপ এৰি মাৰ্জিত বা মান্য ৰূপ লৈছিল৷ উচ্চাৰণৰ বেলিকাও পৰিবৰ্তনৰ ছাপ পৰিছিল৷ সেয়ে শিৱসাগৰৰ কথিত অসমীয়া ভাষা আৰু গোৱালপাৰাৰ কথিত অসমীয়া ভাষাৰ মাজত যথেষ্ট প্ৰভেদ৷ পিচলৈ শিৱসাগৰৰ কথিত ভাষাই মান্য ভাষা (Standard Language)ৰূপে স্বীকৃত হয়৷ অসমীয়া ভাষা ভাৰতীয় সংবিধান স্বীকৃত মুঠ পোন্ধৰটি ভাষাৰ অন্যতম৷

“বৰ্ণ-বিভ্ৰাট” আজি অসমীয়া ভাষাৰ এক ডাঙৰ সমস্যা৷ আমাৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া ভাষাৰ বহুতো শব্দ ভুলকৈ লিখে৷ পৰীক্ষাৰ বহী পৰীক্ষা কৰাত এনে বানানৰ ভুলবোৰে পৰীক্ষকক অতিষ্ঠ কৰি তোলে৷ যাৰ ফলত শুদ্ধ উত্তৰ লিখিত বানান ভুলৰ দোষৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া ভাষাত ভাল নম্বৰ নাপায়৷ ছাত্ৰ-ছাত্ৰীসকলে জনা উচিত যে শুদ্ধ লিখনি আৰু ধুনীয়া আখৰে অসমীয়া ভাষাত ভাল নম্বৰ পোৱাত যথেষ্ট সহায় কৰে৷ অসমীয়া ভাষাৰ জ্ঞান বিদ্যালয়সমূহত যথোপযুক্তভাৱে দিয়া হয় বুলি ক’ব নোৱাৰি৷ অসমীয়া ভাষা যেন “ মাকৰপৰা শিকা মাতৃভাষা“ -এনে ধাৰণাৰে অসমীয়া ভাষাৰ ব্যাকৰণ শিক্ষাত বহুতে গুৰুত্ব দিবলৈ নিবিচাৰে৷ শুদ্ধ অসমীয়া লিখিবলৈ হ’লে অসমীয়া ব্যাকৰণ শিক্ষাত গুৰুত্ব দিবই লাগিব৷ নিৰস ব্যাকৰণ শিক্ষাৰ পাঠদান শ্ৰেণী আৰম্ভৰ 1ম বা 2য় পিৰিয়দত হ’লে বেছি ভাল হয়৷ ব্যাকৰণ পাঠদান কৰা শিক্ষকসকলক বিভাগীয়ভাৱে ভাষা-শিক্ষা দিব পাৰিলে ফলপ্ৰসূ হ’ব৷ শ্ৰেণীত শ্ৰুতলিপি বিষয়ৰ প্ৰৱৰ্তন কৰিলেও কিছু উপকৃত হ’ব নিশ্চয়৷ বিদ্যালয়সমূহৰ পৰা সংস্কৃত ভাষাক বিদূৰ কৰাটোও বৰ্ণ বিভ্ৰাটৰ অন্যতম কাৰণ হৈ পৰিছে৷ সংস্কৃত শিক্ষাই শুদ্ধ অসমীয়া লিখনত সহায় কৰে৷ অসমীয়া ভাষাৰ তৎসম, অৰ্ধ তৎসম, তদ্ভৱ -শব্দৰাজি মূলত: সংস্কৃত জাতীয় শব্দ৷

যুক্তাক্ষৰ অসমীয়া শব্দৰাজিৰ ক্ষেত্ৰত যদিও, আজিৰ পণ্ডিতে আধুনিকতাৰ নিদৰ্শন দেখুৱাইছে এই ক্ষেত্ৰত প্ৰাচীনতাকো পৰিহাৰ কৰা নাই৷ উদাহৰণস্বৰূপে- ‘অঙ্ক’ শব্দটি আজি লিখা হয় অংক বুলি৷ কিন্তু কোনো ছাত্ৰই ইয়াক যদি ‘অঙ্ক’ বুলিও লিখে লিখে তাক ভুল বুলি কোৱা নহয়৷ এনে ক্ষেত্ৰত বাস্তৱতাৰ লগত হাত মিলোৱাতো একো বেয়া কথা নহয়৷ অসমীয়া ভাষালৈ অহা বিদেশী শব্দবোৰৰ বানান লিখনতো আমাৰ ভাষাবিদসকলে কিছুমান নীতি -নিৰ্দেশনা আগবঢ়াইছে৷ এই নীতিবোৰ সমূহীয়াভাৱে মানি লোৱা উচিত৷

অসমীয়া ভাষাৰ শব্দবোৰৰ অৰ্থ বুজিব পাৰিলে, সমজাতীয় শব্দসমূহৰ অৰ্থৰ প্ৰভেদ বিচাৰি উলিয়াব পাৰিলে বৰ্ণ- বিভ্ৰাটৰ পৰা ভালেখিনি হাত সাৰিব পৰা যায়৷ বৰ্ণৰ হ্ৰস্ব, দীৰ্ঘৰ উপৰিও ট-বৰ্গ, ত-বৰ্গ আৰু চ, ছ, শ, স, ষ বৰ্ণৰ যথোপযুক্ত ব্যৱহাৰ, ণত্ব বিধি, ষত্ব বিধিৰ জ্ঞান শুদ্ধ লিখনিৰ সহায়ক৷ ভাষা শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ ভাষাটোৰ প্ৰতি আন্তৰিকতাৰ প্ৰয়োজন৷

বৰ্ণ-বিভ্ৰাটৰ ক্ষেত্ৰত অঞ্চলভেদে গঢ় লোৱা উচ্চাৰণৰ তাৰতমযয়ো যথেষ্ট সহায় কৰিছে৷ এসময়ত মেট্ৰিক পৰীক্ষাৰ বহী পৰীক্ষা কৰাৰ সৌভাগ্য ঘটিছিল৷ তুলসী দাস সম্বন্ধীয় এটি প্ৰশ্নৰ উত্তৰত পৰীক্ষাৰ্থীজনে লিখিব লগা হৈছিল, “তুলসী দাস তিৰোতা সেৰুৱা লোক আছিল৷” “কিন্তু তেওঁ লিখিলে “তুলসী দাস তিৰোতা হেৰুৱা লোক আছিল৷” ‘সেৰুৱা’ শব্দটি ‘হেৰুৱা’ হোৱাটো উজনি অসমৰ কথিত অসমীয়া ভাষাৰ প্ৰভাৱ নহয় জানো? পৰীক্ষাৰ বহী পৰীক্ষা কৰাৰ সময়ত এনে বিভ্ৰাটবোৰে পৰীক্ষকক হাস্যৰসৰো যোগান ধৰে৷

বৰ্ণ বিভ্ৰাটৰ এনে দোষৰ বাবেই বহুতো কিতাপ পঢ়াৰ উপায় নাই৷ ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰ আদিয়ে বিভিন্ন বিজ্ঞাপন চাইনবোৰ্ড আদিত বহুতো ভুল বানান লিখি বিভ্ৰাটৰ সৃষ্টি কৰিছে৷

এনে বিভ্ৰাটক প্ৰতিৰোধ কৰাৰ বাবে এক সফল আন্দোলনৰ আজি প্ৰয়োজন হৈ পৰিছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments