বৰ্ণবাদ আৰু পুৰুষতন্ত্ৰ : এটি সংক্ষিপ্ত টোকা (জিতেন বেজবৰুৱা)

১৯৯০ চনত পিছপৰা শ্ৰেণীসমূহৰ বাবে সংৰক্ষণৰ পোষকতা কৰা মণ্ডল আয়োগৰ পৰামৰ্শাৱলী চৰকাৰে কাৰ্যকৰী কৰিব খোজাৰ বিৰুদ্ধে বিশেষকৈ উত্তৰ ভাৰতত ব্যাপক ছাত্ৰ আন্দোলনে দেখা দিছিল। এই আন্দোলনে ৰাজপথৰ ধৰ্ণাৰপৰা আত্মজাহলৈকে বিভিন্ন ৰূপ পৰিগ্ৰহ কৰিছিল। এই আন্দোলনৰ মাজতে এটা আচহুৱা দৃশ্য দেখিবলৈ পোৱা গ’ল : দিল্লীৰ কলেজীয়া ছাত্ৰীসকলৰ প্ৰতিবাদী সমদলত এখন বেনাৰত লিখা আছিল ‘আমি নিবনুৱা পতি নিবিচাৰোঁ’। সাংবাদিকে যেতিয়া ছাত্ৰীগৰাকীক সুধিলে, তেওঁ উত্তৰ দিলে যে সংৰক্ষণে ‘তেওঁলোকৰ’ পুৰুষসকলক চাকৰি-বাকৰিৰপৰা বঞ্চিত কৰিব। তেনেহ’লে দেখোন ‘পিছ পৰা’ পুৰুষলৈ বিয়া সোমালেই হ’ল? স্বাভাৱিকভাৱেই ছাত্ৰীগৰাকীয়ে এই প্ৰশ্নৰ কোনো স্পষ্ট উত্তৰ দিব নোৱাৰিলে। এইটো উক্ত বিশাল আন্দোলনটোৰ এটা সৰু দৃশ্যাংশ মাত্ৰ, কিন্তু ইয়াৰ মাধ্যমেৰে আন্দোলনটোৰ এটা অনালোকিত দিশৰ ওপৰত আলোকপাত কৰিব পাৰি যিটো সেই সময়ৰ উদাৰনৈতিক-মানৱতাবাদী পৰ্যবেক্ষকসকলৰ চকুত পৰা নাছিল। মণ্ডল আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰীকৰণে ছেকুলাৰ, আধুনিক আৰু মানৱতাবাদী ৰাজহুৱা পৰিসৰ আৰু নতুন প্ৰজন্মটোৰ ওপৰত জোৰ-জবৰদস্তি বৰ্ণবাদ জাপি দিছে বুলি অভিযোগ কৰা হৈছিল। বৰ্ণ, সম্প্ৰদায় আৰু লৈংগিক পৰিচয়ৰ ঊৰ্ধ্বত যাব পাৰিলেহে যে সমতা স্থাপন সম্ভৱ মণ্ডল-বিৰোধী আন্দোলনটোৱে সেয়া সজোৰে উত্থাপন কৰিছিল। মণ্ডল-বিৰোধী আন্দোলনকাৰীসকল প্ৰকৃত জাতীয়তাবাদ, ছেকুলাৰবাদ আৰু মানৱতাবাদৰ সাৰ্থক প্ৰতিনিধিৰূপে উদ্ভাসিত হৈ উঠিছিল; তাৰ বিপৰীতে সংৰক্ষণৰ সমৰ্থনকাৰীসকল পৰিগণিত হৈছিল সংকীৰ্ণ বৰ্ণবাদৰ সমৰ্থক হিচাপে। এনে প্ৰেক্ষাপটত উক্ত আচহুৱা দৃশ্যটোৰ ব্যাখ্যা কৰা যায় কেনেকৈ?

ক’ব পাৰি যে মণ্ডল-বিৰোধী আন্দোলন আৰু তাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াবিলাকেই মূলতঃ ভাৰতৰ নাৰীবাদী চিন্তা-চৰ্চাত পুৰুষতন্ত্ৰ আৰু বৰ্ণবাদৰ সম্পৰ্কৰ বিষয়টো গভীৰ ৰূপত উত্থাপন কৰে। ইয়াৰ আগলৈকে ভাৰতৰ সমাজ সম্পৰ্কে সমাজতাত্ত্বিক চৰ্চা আৰু নাৰীবাদী তাত্ত্বিক চৰ্চাৰ মাজত বিশেষ তেনে যোগসূত্ৰ নাছিল। কিন্তু ইয়াৰ পাছৰপৰা পুৰুষতন্ত্ৰৰ বিশিষ্ট ভাৰতীয় ৰূপৰ নিৰ্ণয়ত বৰ্ণবাদৰ গুৰুত্ব উপলব্ধি কৰাৰ লগে লগে নাৰীবাদী চিন্তা-চৰ্চাত সমাজতাত্ত্বিক সমলসমূহৰ সাৰ্থক ব্যৱহাৰ হ’বলৈ আৰম্ভ কৰে। সমসাময়িক আন এটা ঘটনাই পুৰুষতন্ত্ৰ আৰু বৰ্ণবাদৰ সম্পৰ্কৰ প্ৰশ্নটোক অধিক জটিল ৰূপত উপস্থাপন কৰি এই ক্ষেত্ৰত অনুঘটকৰ ভূমিকা পালন কৰিছিল। সেয়া আছিল ১৯৯১ চনত অন্ধ্ৰ প্ৰদেশৰ চুণ্ডুৰুত উচ্চবৰ্ণ ৰেড্ডিসকলৰদ্বাৰা তেৰজন দলিতৰ হত্যা। এই হত্যাকাণ্ডৰ আৰম্ভণি বিন্দুটো আছিল এটা চিনেমা হলত বৰ্ণহিন্দু গাভৰু এগৰাকীয়ে দখল কৰি ৰখা ছিটটোত এজন হৰিজন যুৱকে ভৰি উঠোৱা কাৰ্যত। উক্ত যুৱকজনক নাৰীক অশালীন ব্যৱহাৰ কৰাৰ ‘অপৰাধ’ত মাৰধৰ কৰি থানালৈ লৈ যোৱা হৈছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ হত্যাকাণ্ড আৰু ক্ৰিয়া-প্ৰতিক্ৰিয়াসমূহত সোচ্চাৰ হৈ উঠা প্ৰসংগটো আছিল দলিত পুৰুষৰদ্বাৰা উচ্চবৰ্ণ নাৰীৰ অপমান আৰু যৌন আতিশয্য। উচ্চবৰ্ণ নাৰীসমাজে পুলিচী জবানবন্দী, সমূহীয়া অভিযোগ, প্ৰতিবাদী আন্দোলন আদি সকলো মাধ্যমেৰে দলিত পুৰুষসকলে যুগ যুগ ধৰি তেওঁলোকৰ ওপৰত চলাই অহা যৌন আতিশয্যৰ বৰ্ণনা দাঙি ধৰিছিল।

সি যি নহওক, এই ঘটনাৰাজিয়ে নাৰীবাদীসকলৰ সন্মুখত বহুতো জটিল প্ৰশ্ন উত্থাপন কৰিছিল। মণ্ডল-বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰা মধ্যবিত্ত নাৰীসকলে তাত অংশগ্ৰহণ কৰিছিল নাগৰিক হিচাপে, নাৰী হিচাপে নহয়। কিয়নো লিংগৰ প্ৰশ্নটো উত্থাপন কৰাৰ লগে লগে তেওঁলোকে মধ্যবিত্ত পুৰুষৰ বিপৰীতে থিয় দিবলগা হ’লহেঁতেন। কিন্তু নাগৰিক হিচাপে নিজক থিয় কৰাৰ মাধ্যমেৰে তেওঁলোকে যেনেকৈ দলিত-নিম্নবৰ্ণ পুৰুষৰ বিৰুদ্ধে থিয় দিছিল, একেদৰে দলিত-নিম্নবৰ্ণ নাৰীৰ বিৰুদ্ধেও থিয় দিছিল। কিন্তু একাধাৰে নাগৰিকৰ ভাষাত কথা কোৱা আৰু বৰ্ণবাদৰ পোষকতা কৰা কেনেকৈ সম্ভৱ? তাৰ বাবে ভাৰতীয় নাগৰিক-সত্তাটোৰ চৰিত্ৰৰ প্ৰতি মন দিব লাগিব। এই সত্তাটো ঘাইকৈ এনলাইটেনমেণ্টৰ মানৱ-সত্তাটোৰ ওপৰত আধাৰিত। ইয়াত এক মজ্জাগত মানৱীয় সাৰবত্তাৰ কথা কোৱা হয় : লিংগ, বৰ্ণ, সম্প্ৰদায় আদি পৰিচিতিক ইয়াত চিৰন্তন মানৱ-সত্তাটোৰ সাময়িক বৈশিষ্ট্য হিচাপে গণ্য কৰা হয়। এনেকৈ ইয়াত ৰাজনীতিৰ বিষয়ী-সত্তা হিচাপে মানুহৰ ঐতিহাসিক আৰু সামাজিক-সাংস্কৃতিক নিৰ্মাণক ঢাকি ৰখা হয়। ভাৰতৰ আদৰ্শনীয় নাগৰিক-সত্তাটোৰ প্ৰকৃত চৰিত্ৰ হৈছে উচ্চবৰ্ণ, মধ্যবিত্ত, হিন্দু আৰু পুৰুষ। কিন্তু এই নাগৰিক-সত্তাটোক তুলি ধৰা হয় আধুনিক, ছেকুলাৰ আৰু গণতান্ত্ৰিক হিচাপে। গতিকে ভাৰতীয় নাগৰিকৰ ধাৰণাটোৰ মাজতে একপ্ৰকাৰ বৰ্ণবাদী আৰু পুৰুষতান্ত্ৰিক আধিপত্য অন্তৰ্নিহিত হৈ আছে। আনহাতে, চুণ্ডুৰুৰ ঘটনাই দেখুৱাইছিল যে নাৰীৰ ধাৰণাটো মূলতঃ মধ্যবিত্ত, উচ্চবৰ্ণ নাৰীক লৈয়ে গঠিত, তাত নিম্নবৰ্ণ নাৰীৰ স্থান নাই। নিম্নবৰ্ণ পুৰুষৰদ্বাৰা উচ্চবৰ্ণ নাৰীৰ ওপৰত যৌন আক্ৰমণে সকলো সামাজিক পৰিসীমা উলংঘন কৰি যি চূড়ান্ত আতংকৰ সৃষ্টি কৰে, উচ্চবৰ্ণ পুৰুষৰদ্বাৰা নিম্নবৰ্ণ নাৰীৰ ওপৰত অজস্ৰ যৌন আক্ৰমণক একপ্ৰকাৰ ‘বৰ্ণগত অধিকাৰ’ৰ ৰূপত সহজভাৱে গ্ৰহণ কৰা হয়। এইখিনিতে ‘ভাল নাৰী’ আৰু ‘বেয়া নাৰী’ৰ দ্বৈত বিভাজনটো প্ৰাসংগিক, যিটোৰ দেধাৰ উদাহৰণ জনপ্ৰিয় সংস্কৃতিত সুলভ। ভাল নাৰী হ’ল মধ্যবিত্ত, উচ্চবৰ্ণ নাৰী যি পবিত্ৰতা আৰু সতীত্বৰ প্ৰকৃত দাবীদাৰ আৰু যাক সুৰক্ষা দিয়াটো প্ৰয়োজনীয়। আনহাতে, বেয়া নাৰী হ’ল দৰিদ্ৰ, নিম্নবৰ্ণ নাৰী যি অসভ্য আৰু যৌনভাৱে সহজলভ্য। গতিকে তেনে বেয়া নাৰীৰ ওপৰত কৰা যৌন অত্যাচাৰে অপৰাধৰ অভিধা লাভ নকৰাত আচৰিত হ’বলগীয়া একো নাই। আৰু ভালেমান ধৰ্ষণৰ ঘটনাত আদালতৰ বিচাৰ প্ৰক্ৰিয়াত তেনে ফলাফল বাস্তৱিকতে দেখা গৈছে, য’ত ভুক্তভোগী নাৰীগৰাকীক ব্যভিচাৰী বা ‘বেশ্যা’ বুলি অভিহিত কৰা হৈছে যাৰ যৌন আতিশয্যক লৈ অভিযোগ কৰাৰ কোনো অধিকাৰ নাই। এইখিনিতে ধৰ্ষণৰ ধাৰণাটোৰ স্বৰূপ উপলব্ধি কৰাটো অতিকে প্ৰয়োজনীয়। এই ধাৰণাত ভুক্তভোগী নাৰীগৰাকীৰ নিজৰ যৌনতা আৰু শাৰীৰিক সংহতিৰ ওপৰত অধিকাৰ গুৰুত্বপূৰ্ণ নহয়। ইয়াত ধৰ্ষণ হ’ল নাৰীৰ পৱিত্ৰতা আৰু সতীত্বৰ বিৰুদ্ধে সংঘটিত কৰা এটা অপৰাধ, যি পৱিত্ৰতা আৰু সতীত্ব ৰক্ষাৰ দায়িত্ব ন্যস্ত থাকে সংশ্লিষ্ট বৰ্ণ, সম্প্ৰদায়, জাতি বা গোষ্ঠীটোৰ হাতত। গতিকে ধৰ্ষণ হ’ল উক্ত বৰ্ণ, সম্প্ৰদায়, জাতি বা গোষ্ঠীটোৰ ওপৰত এক বিধ্বংসী আক্ৰমণ। এইটো কাৰণতে ধৰ্ষণৰ অভিযুক্ত তথা অভিযুক্তৰ গোষ্ঠীটোৰ ওপৰত প্ৰতিশোধমূলক আক্ৰমণেও চূড়ান্ত উত্তেজনাপূৰ্ণ আৰু হিংস্ৰ ৰূপ পৰিগ্ৰহ কৰে। প্ৰকৃততে ধৰ্ষণ আৰু তাৰ বিপৰীতে প্ৰতিশোধমূলক আক্ৰমণ, এই দুয়োটা একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি, দুয়োটা পুৰুষতান্ত্ৰিক হিংসাৰে প্ৰকাশ। এই প্ৰক্ৰিয়াত নাৰীৰ স্থান তেনেই গৌণ। গতিকে নাৰীৰ নিজৰ যৌনতা আৰু শাৰীৰিক সংহতিৰ ওপৰত অধিকাৰৰ প্ৰশ্নটোৱেহে ধৰ্ষণৰ ধাৰণাটোক নাৰীৰ স্বাৰ্থানুকূলে আনিব পাৰিব। সি যি নহওক, মণ্ডল-বিৰোধী আৰু চুণ্ডুৰু এই দুয়ো ক্ষেত্ৰতে প্ৰতিবাদী আন্দোলনত নাৰীয়ে আগস্থান দখল কৰিছিল। প্ৰথমটোত যদি তেওঁলোকে কৰিছিল
নাগৰিক হিচাপে, দ্বিতীয়টোত কৰিছিল নাৰী হিচাপে। নাৰীবাদী আলোচকসকলে আঙুলিয়াই দিছে যে জাতি আৰু নাগৰিকত্বৰ দাবীদাৰ হিচাপে ৰাজহুৱা পৰিসৰত নাৰীৰ এই আৱিৰ্ভাৱে একধৰণে নিম্নবৰ্ণ শ্ৰেণীসমূহৰ ‘পুৰুষকৰণ’ ঘটাইছিল। মণ্ডল-চুণ্ডুৰুৰ ঘটনাৰাজিত এনে এখন ছবি ফুটি উঠিছিল যে নাৰীসকলেই হ’ল উচ্চবৰ্ণ আৰু আনহাতে নিম্নবৰ্ণ শ্ৰেণীসমূহ হ’ল পুৰুষ। ইয়াত উচ্চবৰ্ণৰ সমস্ত উচ্চ প্ৰমূল্য আৰু আত্মসন্মানৰ প্ৰতিমূৰ্তি হ’ল নাৰীসকল; আনহাতে, নিম্নবৰ্ণ বা পুৰুষসকল হ’ল তাৰ বিৰুদ্ধে আগ্ৰাসনৰ প্ৰতীক। গতিকে ইয়াৰপৰা এইটোও দেখা গ’ল যে নাৰীৰ কোনো বিমূৰ্ত ধাৰণাৰে এই জটিল পুৰুষতান্ত্ৰিক ৰাজনীতি বুজিব নোৱাৰি; ভাৰতীয় সমাজৰ বহুস্তৰীয় সামাজিক গাঁঠনি তথা সম্পৰ্কসমূহৰ প্ৰেক্ষাপটত এই ধাৰণাটোৱে কি ৰূপ লাভ কৰিছে সেইটো অনুধাৱন কৰাটো অতিকে জৰুৰী। এই ক্ষেত্ৰত নিৰ্ধাৰকৰ ভূমিকা পালন কৰা বৰ্ণবাদৰ প্ৰসংগ আহি পৰে।

আলোচনাৰ সুবিধাৰ্থে আমি সহজ ৰূপত পুৰুষতন্ত্ৰৰ এটা সংজ্ঞা ঠিক কৰি ল’ব পাৰোঁ কাম চলাব পৰাকৈ। পুৰুষতন্ত্ৰ হ’ল পুৰুষসত্তা আৰু নাৰীসত্তাৰ এক সংজ্ঞাবদ্ধ ধাৰণাৰ ওপৰত নিৰ্ভৰশীল এক সামাজিক ব্যৱস্থা, যি বিশেষধৰণৰ যৌন আৰু সম্পত্তিগত ব্যৱস্থাপনাৰ জৰিয়তে নাৰীৰ স্বাৰ্থ আৰু ইচ্ছা-অনিচ্ছাৰ ওপৰত পুৰুষৰ স্বাৰ্থ আৰু ইচ্ছা-অনিচ্ছাৰ আধিপত্য প্ৰতিষ্ঠা কৰে। এই ব্যৱস্থাক বৰ্তাই ৰাখে বৈচিত্ৰ্যপূৰ্ণ আৰু অসংখ্য সামাজিক সম্পৰ্ক আৰু সাংস্কৃতিক আচৰণৰ এক নেটৱৰ্কে যি বিষমলৈংগিক যৌনতা, নাৰীৰ উৰ্বৰতা আৰু  মাতৃত্বক অলংঘনীয় আদৰ্শ হিচাপে দাঙি ধৰে, আৰু পুৰুষৰ আধিপত্যৰ ওচৰত নাৰীৰ আত্মসমৰ্পণক মহিমামণ্ডিত ৰূপত উপস্থাপন কৰে। ভাৰতবৰ্ষত এই ব্যৱস্থাক নিটোল ৰূপ প্ৰদান কৰিছে আৰু তাত্ত্বিক আধাৰ যোগান ধৰিছে বৰ্ণবাদে। তাৰ ব্যাখ্যাৰ বাবে নাৰীবাদী চিন্তাবিদসকলে ‘ব্ৰাহ্মণ্যবাদী পুৰুষতন্ত্ৰ’ৰ ধাৰণা বিকশিত কৰিছে। প্ৰকৃতাৰ্থত জোতিৰাও ফুলে, পেৰিয়াৰ, আম্বেদকাৰ আদি চিন্তাবিদৰ ৰচনাতেই এই সম্পৰ্কে বিস্তৰ আৰু অন্তৰ্ভেদী আলোচনা পোৱা যায়। সেইসমূহৰ পুনৰালোচনা-পুনৰ্ব্যাখ্যা কৰাৰ লগতে সাম্প্ৰতিক নাৰীবাদী চিন্তাবিদসকলে নতুন তাত্ত্বিক দৃষ্টিকোণ আৰু গৱেষণাৰ সংযোজন ঘটাইছে। এই ক্ষেত্ৰত উমা চক্ৰৱৰ্তী, ভি. গীতা, শৰ্মিলা ৰেজে, গেইল অমভেট, প্ৰেম চৌধুৰীৰ নাম থোৰতে উল্লেখ কৰিব পাৰি। এইখিনিতে উনুকিয়াব পাৰি যে ব্যৱস্থা হিচাপে বৰ্ণবাদৰ শক্তি আৰু আধিপত্য ক্ৰমক্ষয়মান। তদুপৰি সি ভাৰতীয় সমাজৰ সামাজিকতা আৰু সখিত্বৰ সকলোধৰণৰ ৰূপক সামৰি ল’ব নোৱাৰে। ঐতিহাসিক আৰু দৈনন্দিন দুয়োটা অৰ্থতে বৰ্ণ-নিৰ্বিশেষ আৰু বৰ্ণ-অতিক্ৰমী বিভিন্নধৰণৰ অৰ্থনৈতিক আৰু সামাজিক আদান-প্ৰদান ভাৰতীয় জনসাধাৰণৰ মাজত ঘটি আহিছে। শেহতীয়া সময়ছোৱাত যোগাযোগৰ উন্নতি, ৰাজহুৱা পৰিসৰৰ প্ৰসাৰ, নব্য উদাৰবাদী অৰ্থনৈতিক জীৱনৰ সৰ্বগ্ৰাসী ৰূপ আৰু গণতান্ত্ৰিক গাঁঠনি তথা প্ৰেক্টিচৰ বিকাশে এই ছবিখন মূলগতভাৱে সলনি কৰি পেলাইছে। আৰু ইয়াৰ ফলস্বৰূপে মতাদৰ্শ আৰু স্বাৰ্থৰ সৈতে জড়িত সামাজিক সম্পৰ্ক তথা সংগঠনৰ ক্ৰমাৎ প্ৰসাৰ ঘটিছে। কিন্তু তৎসত্ত্বেও সমাজৰ প্ৰমূল্যগত আধাৰ হিচাপে বৰ্ণবাদে এতিয়াও নিৰ্ণায়ক ভূমিকা পালন কৰি আছে। পুৰুষতন্ত্ৰৰ ব্যাখ্যাত বৰ্ণবাদৰ গুৰুত্বই সেই সত্যকে প্ৰমাণিত কৰে।

মাৰ্ক্সবাদ আৰু নাৰীবাদৰ মাজৰ বিতৰ্কসমূহত ঘাইকৈ পুঁজিবাদ আৰু পুৰুষতন্ত্ৰৰ মাজৰ সম্পৰ্ক তথা উৎপাদন আৰু প্ৰজননৰ মাজৰ সম্পৰ্কৰ বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰে। নাৰীবাদীসকলে উৎপাদন আৰু প্ৰজনন উভয়ৰে পূৰ্ণব্যাখ্যাৰ মাধ্যমেৰে দুয়োৰে মাজত অংগাঙ্গী সম্পৰ্ক উন্মোচন কৰিবলৈ সক্ষম হৈছে। আমি এই মুহূৰ্তত সেই বিশাল বিতৰ্কলৈ নগৈ আন এটা কথাহে উনুকিয়াব খুজিছো। উৎপাদন আৰু প্ৰজনন এই দুইটাৰ মাজেৰেই সমাজত দুইধৰণৰ শোষণ অব্যাহত ৰখা হয় : এফালে শ্ৰমৰ মাধ্যমেৰে শ্ৰমিক শ্ৰেণীৰ শোষণ, আনফালে যৌনতাৰ মাধ্যমেৰে নাৰীৰ শোষণ। ভাৰতীয় সমাজত এই দুইধৰণৰ শোষণক একেটা সামাজিক আধাৰত ধৰি ৰাখিছে আৰু দুইটাৰ মাজত সম্পৰ্ক স্থাপন কৰিছে বৰ্ণবাদী ব্যৱস্থাই। বৰ্ণ ব্যৱস্থাৰ মূলতেই আছে সম্পদৰ প্ৰতি প্ৰৱেশাধিকাৰৰ নিয়ন্ত্ৰণ। আনহাতে, ব্যৱস্থাটো টিকি থকাৰ ঘাই সূত্ৰটো হ’ল বৰ্ণগত অন্তৰ্বিবাহ। বৰ্ণবাদী ব্যৱস্থাপনাৰ জৰিয়তে সম্পদৰ ওপৰত আধিপত্যশালী বৰ্ণৰ বিভিন্ন শক্তিশালী গোষ্ঠীৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰা হয়। আনহাতে, অন্তৰ্বিবাহৰ জৰিয়তে নিজা বৰ্ণৰ ভিতৰত বিবাহ নিশ্চিত কৰি উক্ত নিয়ন্ত্ৰণৰ ধাৰাবাহিকতা বৰ্তাই ৰখা হয়। এই ব্যৱস্থাই কোনে কাৰ সৈতে বিয়াত বহিব সেইটো নিশ্চিত কৰি বিভিন্ন বৰ্ণৰ মাজৰ মিলা-মিছা বন্ধ কৰি ৰাখে। আনহাতে, ই উচ্চবৰ্ণ নাৰীৰ যৌনতাৰ নিয়ন্ত্ৰণৰ দায়িত্ব পুৰুষৰ হাতত অৰ্পণ কৰে। গতিকে বৰ্ণবাদে দুইধৰণৰ শোষণ বৰ্তাই ৰাখে : এটা হ’ল নিম্নবৰ্ণ-দলিত শ্ৰেণীসমূহৰ শোষণ আৰু আনটো হ’ল উচ্চবৰ্ণ নাৰীৰ শোষণ। এইখিনিতে নাৰীৰ প্ৰজননৰ ধাৰণাটো কিছু বহলাই চোৱা প্ৰয়োজন। প্ৰজননে কেৱল শাৰীৰিকভাৱে এটি শিশুৰ জন্ম দিয়াটোকেই নুবুজায়। ই হ’ল এক গতিশীল সামাজিক প্ৰক্ৰিয়া যাৰ জৰিয়তে নাৰীয়ে শিশু জন্ম দিয়ে, লালন-পালন কৰে আৰু ভৱিষ্যতৰ সমাজৰ বাবে সাজু কৰি তোলে। ই হ’ল একপ্ৰকাৰ পুনৰুৎপাদন : ই হ’ল সামাজিক জীৱন আৰু সম্পৰ্কসমূহৰ পুনৰুৎপাদন, ই হ’ল সামাজিক-সাংস্কৃতিক ধাৰণা আৰু আচৰণসমূহৰ পুনৰুৎপাদন যিসমূহে একোজন ব্যক্তিক এখন সমাজৰ অভিন্ন অংগত পৰিণত কৰে। গতিকে নাৰীৰ প্ৰজননৰ ওপৰত নিয়ন্ত্ৰণৰ জৰিয়তে ক’বলৈ গ’লে সমগ্ৰ বৰ্ণ ব্যৱস্থাটোৰ ধাৰাবাহিকতা আৰু দীৰ্ঘায়িতকৰণ নিশ্চিত কৰা হয়। নাৰীক কৰা এই অৱদমন আৰু শোষণৰ ৰূপটো কেনেকুৱা? ইয়াত যিহেতু নাৰীক বৰ্ণ ব্যৱস্থাটোৰ প্ৰমূল্য আৰু মৰ্যাদাৰ প্ৰতিমূৰ্তি বুলি গণ্য কৰা হয়, গতিকে নাৰীৰ ৰক্ষণাবেক্ষণৰ ওপৰত কেন্দ্ৰীয় গুৰুত্ব আৰোপ কৰা হয়। নিম্নবৰ্ণ পুৰুষৰ যৌনতা হ’ল উচ্চবৰ্ণ পৱিত্ৰতাৰ প্ৰতি মূল ভাবুকি, গতিকে উচ্চবৰ্ণ নাৰীৰ ওচৰলৈ তেওঁলোকৰ যৌন প্ৰৱেশ প্ৰাতিষ্ঠানিকভাৱে বন্ধ ৰখাটোৱেই ইয়াৰ ঘাই উদ্দেশ্য। সেইবাবে নাৰীৰ কেৱল বৈবাহিক সম্পৰ্কৰ ওপৰতেই নহয়, নাৰীৰ সমগ্ৰ জীৱন আচৰণৰ ওপৰতে সি কঠোৰ নিয়মাৱলী আৰোপ কৰে। সতীত্ব আৰু মাতৃত্বক নাৰী জীৱনৰ সৰ্বোচ্চ আদৰ্শ হিচাপে তুলি ধৰা হয় যাৰ জৰিয়তে নাৰীসমাজৰ স্বেচ্ছামূলক আত্মসমৰ্পণ নিশ্চিত কৰা হয়। কোৱা হয় যে নাৰী চৰিত্ৰ মজ্জাগতভাৱেই জান্তৱ (‘স্ত্ৰীস্বভাৱ’), নিয়ন্ত্ৰণ অবিহনে যিকোনো মুহূৰ্ততে নাৰী সেই অৱস্থালৈ উভতি যাব পাৰে – একমাত্ৰ ‘স্ত্ৰীধৰ্ম’ৰ মাজেৰেহে সেই জান্তৱতাৰপৰা নাৰীৰ মুক্তি সম্ভৱ হ’ব পাৰে। এনেদৰে নাৰীৰ সংজ্ঞায়নৰ মাধ্যমেৰেই নাৰীৰ শোষণ আৰু অৱদমনক ন্যায্য প্ৰতিপন্ন কৰা হয়।

এইটো অনস্বীকাৰ্য যে ব্ৰাহ্মণ্যবাদী পুৰুষতন্ত্ৰৰ ধাৰণাই ভাৰতীয় সমাজত পুৰুষতন্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ অংশ সামৰি ল’লেও তাক সম্পূৰ্ণ ৰূপত উন্মোচন কৰিব নোৱাৰে। তাৰ বাবে সমাজত ক্ৰিয়াশীল অন্যান্য সামাজিক-সাংস্কৃতিক গাঁঠনিসমূহ তথা অৰ্থনৈতিক-ৰাজনৈতিক কাৰকসমূহৰো উমান ল’ব লাগিব। উত্তৰ ভাৰতৰ বাহিৰৰ সমাজসমূহৰ (ধৰক, অসমৰ) বিশ্লেষণত সেই সেই সমাজসাপেক্ষ গাঁঠনি তথা কাৰকসমূহ, লগতে বৰ্ণবাদৰো বিশিষ্ট ৰূপৰ ওপৰত আলোকপাত কৰিব লাগিব। ভাৰতৰ মুছলমান আৰু খ্ৰীষ্টিয়ান সমাজতো বৰ্ণবাদৰ গভীৰ প্ৰভাৱৰ কথা গৱেষকসকলে দেখুৱাইছে। কিন্তু সেইসমূহ সমাজৰ পুৰুষতন্ত্ৰৰ বিশ্লেষণত অন্য কাৰকৰ প্ৰভাৱ অধিক কেন্দ্ৰীয় বুলি বিবেচিত হ’ব। সি যি নহওক, বৰ্ণবাদ আৰু পুৰুষতন্ত্ৰৰ সম্পৰ্ক বিষয়ক আলোচনাসমূহে পুৰুষতন্ত্ৰ সম্পৰ্কে অত্যন্ত আলোকসঞ্চাৰী আৰু কেন্দ্ৰীয় পৰ্যবেক্ষণ কিছুমান দাঙি ধৰিছে যাৰ জৰিয়তে ভাৰতীয় সমাজত পুৰুষতন্ত্ৰৰ স্বৰূপ, তাৰ ক্ৰিয়াশীলতা আৰু আধিপত্যৰ চৰিত্ৰ নিৰ্ণয় কৰিব পাৰি। লগতে, পুৰুষতন্ত্ৰৰ বিশ্লেষণত বিমূৰ্ত নাৰীৰ ধাৰণাটো যে পোনপ্ৰথমে বিনিৰ্মাণ কৰাটো প্ৰয়োজনীয়, এই কথা প্ৰতিপন্ন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!