বৃন্দাবনৰ প্ৰেম (৮) – গোবৰ্ধন ধাৰণ – (প্ৰতিম প্ৰতাপ বৰুৱা)

বৃন্দাবনৰ প্ৰেম (৮) – গোবৰ্ধন ধাৰণ
– (প্ৰতিম প্ৰতাপ বৰুৱা)


(যোৱা সংখ্যাৰ পিছত পৰা)
ব্ৰজবাসীয়ে ইন্দ্ৰপূজা কৰিছিল |
এবাৰ যশোদাই ইন্দ্ৰপূজাৰ বাবে সামগ্ৰী তৈয়াৰ কৰি থাকোতে কৃষ্ণই আহি সুধিলে – “আমি কিয় ইন্দ্ৰদেৱতাক পূজা কৰিব লাগে?” যশোদাই উত্তৰ দিলে – “এনেকৈ নকয় কানাই| ইন্দ্ৰ দেৱতাৰ খং ভয়ানক| পূজা নকৰিলে তেওঁ বজ্ৰৰে সকলো ধ্বংস কৰিব|” কৃষ্ণই ক’লে – “মা, আমি ভয়ানকৰ পূজা কিয় কৰিব লাগে? এই পূজা বাদ দিয়া| যি পূজনীয় তাক পূজা কৰা|”
– পূজনীয় কোন?
– আমাৰ বাবে পূজনীয় প্ৰকৃতি, গাই আৰু গোবৰ্ধন পৰ্বত| গোবৰ্ধন পৰ্বতৰ পূজা কৰা|
ব্ৰজবাসীয়ে তাকেই কৰিবলৈ মান্তি হ’ল| কৃষ্ণৰ এই কথাত খং উঠি ইন্দ্ৰই ব্ৰজধামৰ ওপৰত ভয়ানক ধুমুহা বৰষুণৰ তাণ্ডৱ কৰালে| সকলো উটি বুৰি গ’ল| ঘৰ-দুৱাৰ ভাঙি শেষ হ’ল| কিন্তু ইমান বিপদৰ মাজতো ব্ৰজবাসীয়ে নিজৰ বাবে নহয়, কৃষ্ণৰ বাবে চিন্তা কৰিলে – “ক’ত কৃষ্ণ| কৃষ্ণ ঠিক আছেতো?”
আৰু কৃষ্ণই কি কৰিলে? নিজৰ বাওঁহাতৰ সৰু আঙুলিত গোটেই গোবৰ্ধন পৰ্বতটো ধাৰণ কৰি তাৰ তলত সমস্ত ব্ৰজবাসীক আশ্ৰয় দিলে| একেলেথাৰীয়ে সাতদিন সাতৰাতি চলিল ইন্দ্ৰৰ তাণ্ডৱ আৰু সাতদিন সাতৰাতি কৃষ্ণই গোবৰ্ধন পৰ্বত ধাৰণ কৰি থাকিল| গোবৰ্ধন পৰ্বতৰ তলত, কৃষ্ণৰ আশ্ৰয়ত সমস্ত ব্ৰজবাসী নিৰ্ভয়ে থাকিল|
অৱশেষত হাৰ মানি ইন্দ্ৰই আহি কৃষ্ণৰ ওচৰত ক্ষমা খুজিলে| অভিভূত হ’ল ব্ৰজবাসীৰ কৃষ্ণৰ প্ৰতি প্ৰেম দেখি| কৃষ্ণই ইন্দ্ৰক বৰ বিচাৰিবলৈ ক’লে| ইন্দ্ৰই বৰদান বিচাৰিলে – “হে প্ৰভু, হে নাৰায়ণ, মোক ক্ষমা দান দিয়া| আৰু যদি মোক ক্ষমা কৰিছা তেন্তে মোৰ পুত্ৰ অৰ্জ্জুনক ৰক্ষা কৰিবা|”
ৰাধা-কৃষ্ণৰ অসীম কৃপাত মই প্ৰত্যেক মাহে এবাৰ এই গোবৰ্ধন পৰ্বতৰ পৰিক্ৰমা কৰোঁ| কেতিয়াবা পত্নী-পুত্ৰ-কণ্যা সকলোকে লৈ যাওঁ| গৰমকালি ৰাতি আৰু ঠাণ্ডাকালি দিনত পৰিক্ৰমা কৰোঁ| এই ২১ কিলোমিটাৰ পথ শুদা ভৰিৰে খোজকাঢ়ি পৰিক্ৰমা কৰোতে ভক্তসকলৰ আস্থা, প্ৰেম আৰু ভক্তিৰ পৰীক্ষা হয়| কেতিয়াবা আন্ধাৰত শিলত উজুটি খাই ভৰিৰ নখ ছিগি যায়, কেতিয়াবা তলুৱাত ঢৌ উঠি প্ৰতি খোজত ভৰি বিষায়| কিন্তু মুখত ৰাধা-কৃষ্ণৰ নাম লৈ আমি পৰিক্ৰমা সম্পূৰ্ণ কৰোঁ| মানুহৰ মন আৰু শৰীৰ সম্পূৰ্ণ পৃথক| উদ্দেশ্যত সমৰ্পণ থাকিলে, মনত প্ৰেম আৰু ভক্তি থাকিলে শৰীৰৰ কষ্ট অনুভৱেই নহয়| পত্নী-পুত্ৰ-কণ্যাসহ যেতিয়া যাওঁ তেতিয়া পৰিক্ৰমা মাৰ্গত থকা মুখাৰবিন্দ মন্দিৰৰ ওচৰত আমাৰ লৰা-ছোৱালীহালে গোবৰ্ধন পৰ্বতৰ নামনিত দৌৰা-ধপৰা কৰি অলপ সময় খেলে| দুইটা ধূলিত পোত খায়| কেনেবাকৈ উজুটি খাই পৰে বুলি চিন্তাও লাগে| কিন্তু মই মনে মনে ভাবো – “যিমানদেৰী মন যায় সিমানদেৰী খেলি থাকা| ইয়াত পৰিলেও একো নহয়| আৰু এয়া ধূলি নহয়| এয়া ব্ৰজৰজ| এই ব্ৰজৰজ শিৰত ল’বলৈ গোটেই পৃথিৱীৰ মানুহ ইয়ালৈ আহে| এয়া আমাৰ কৃষ্ণৰ ঠাই| কোনে জানে মাখন চুৰ কৰি কৃষ্ণ আৰু লগৰীয়াহঁতে হয়তো এই বাটেদিয়েই পলাইছিল| এই ঠাইতেই হয়তো কৃষ্ণই গৰু চৰাইছিল, বাঁহী বজাইছিল|”
গোবৰ্ধন ধাৰণৰ পিছত “দুষ্টক দমন, সন্তক পালন”ৰ অনেক কাম কৰাৰ পিছত ১১ বছৰ বয়সত কৃষ্ণই ব্ৰজৰ গোপীসকলৰ প্ৰেমৰ প্ৰতিদান হিচাপে তেওঁলোকৰ লগত ৰাসলীলা কৰে| যমুনাৰ পাৰত, বংশীবটৰ তলত, নিধিবনত একেলেথাৰীয়ে ৬ মাহ, প্ৰতিনিশা এই ৰাসলীলা চলিছিল| কৃষ্ণৰ এই মহাৰাসত স্বৰ্গৰ দেৱীসকলেও অংশ লৈছিল| দেৱতাসকলে আকাশৰ পৰা চাই ধন্য হৈছিল| মহাদেৱে গোপীৰ ৰূপ লৈ কৃষ্ণৰ ৰাসলীলাত নাচিছিল| সেয়ে মহাদেৱৰ আন এটা নাম গোপীশ্বৰ হ’ল| সুৰদাসে সুন্দৰকৈ গাইছে –
“বাসনাৰ ওপৰত সাধনাৰ জয়ৰ প্ৰতীক
এই মহাৰাসত
অনীতিৰ অংশমাত্ৰও নাই |”

(ক্ৰমশ:)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক