অথঃ বুধীয়া সংবাদ – মনোজ কুমাৰ মহন্ত

budhiyaতলৰ কল্প কাহিনীটো আমাৰ বিচিত্ৰ দেশৰ এক সঁচা ঘটনাৰ আলমত আনুমানিক বিদেশী সংস্কৰণৰ ৰূপ আঁকিবলৈ যত্ন কৰা হৈছে, অৰ্থাৎ ঘটনাৰ স্থান সলনি কৰি কল্পনা কৰা হৈছে। কাহিনীৰ প্ৰথম অংশৰ স্থান ইউৰোপৰ কোনো এখন দেশৰ, ভিতৰুৱা গাঁও। নায়কৰ নাম উইলিয়াম ডেৰেক স্মিথ, বয়স তিনি বছৰ পাৰ হৈছে। নামটো মৰমতে মাক এলিনা আৰু ককাক স্মিথে দিয়া। ফূৰ্তিবাজ, তজবজীয়া ল’ৰা কিন্তু ধুৰন্ধৰ। ডেৰেকৰ গাত স্কুল যোৱাৰ নামগোন্ধ নাই, কেৱল ককাকৰ লগত কাম কৰা ফাৰ্মত দৌৰি ঢাপৰি ঘূৰি ফুৰে। ল’ৰাটোৰ এটা বিশেষত্ব আছিল সি খোজ কাঢ়িবলৈ যেন অপৰাগ ! খোজ কঢ়াৰ সলনি সকলো সময়তে দৌৰি দৌৰি অহা যোৱা কৰে। মাক আৰু ককাকে বহু চেষ্টা কৰিও তাৰ এই অস্বাভাৱিক অভ্যাসৰ সলনি কৰিব পৰা নাই। ডেৰেকৰ দেউতাকৰ পৰিচয় নাই। অন্ততঃ সি নিজে নাজানে তাৰ দেউতাক কোন বা ক’ত থাকে। কমবয়সীয়া লৰা -ছোৱালীৰ মুক্ত যৌনজীৱনৰ অবাধ মিলামিচাৰ পৰিণতিত জন্ম ডেৰেক। ই সেইখন সমাজৰ এশ এটা ঘটনাৰ দৰে তেনেই এটা সাধাৰণ দুৰ্ঘটনা। যি কি নহওক ককাক স্মিথ আৰু মাক এলেনাৰ অতি আদৰ আৰু মৰমৰ মাজত ডাঙৰ -দীঘল হৈছিল চটফটীয়া ডেৰেক। দুখীয়া পৰিয়ালৰ ছোৱালী এলেনা কৰ্মত এগৰাকী পেচাদাৰী দেহোপজীৱিনী। নিজৰ কামৰ খাতিৰত প্ৰায়ে ঘৰৰ বাহিৰত কটাব লগাত পৰে। সেয়ে ডেৰেক অকলশৰীয়া ককাকৰ লগতে থাকে। সপ্তাহত দুদিন শনিবাৰ আৰু দেওবাৰে নিয়মীয়াকৈ মাক আহে ডেৰেকৰ লগত কটাবলৈ। বাকী কেইদিন ডেৰেক অতিবাহিত কৰে ককাৰ লগত। দিনত ককাক স্মিথ মালিকৰ ফাৰ্মত ব্যস্ত থকাৰ সময়ত ডেৰেক উমলি থাকে ফাৰ্মৰ বিভিন্ন ঘৰচীয়া জীৱ-জন্তুৰ লগত। ফাৰ্মত প্ৰায়ে উৎপতীয়া ডেৰেকে বদমাচি কৰি স্মিথক আহুকাল দিয়ে। এনে বদমাচিৰ বাবে মাজে মাজে শাস্তিও নোখোৱা নহয়। কিন্তু অনবৰতে দৌৰি ভাল পোৱা চঞ্চল ডেৰেকক এনে শাস্তিয়ে তলাব নোৱাৰে।
 
এদিন অঘাইটং নাতিয়ে ফাৰ্মত এনে এটা কাণ্ড কৰিলে যে ককাৰ এসপ্তাহৰ সকলো পৰিশ্ৰম পণ্ডহৈ গ’ল। তাকে দেখি খঙত ৰ’ব নোৱাৰি স্মিথে শাস্তি দিবলৈ ফাৰ্মৰ সংলগ্ন সৰু ঘূৰণীয়া চৰণীয়া পথাৰ খনলৈ লৈ গ’ল আৰু ধমক দি দৌৰিবলৈ লগাই দিলে। ধমক খাই কণমানি ডেৰেকে কান্দি কান্দি দৌৰিবলৈ লাগিল। তেনেতে স্মিথক ফাৰ্মৰ মালিকে মতাত তেওঁৰ লগত কামত ব্যস্ত হৈ পৰিল। বয়সৰ চাপ পৰা স্মিথে কামৰ চাপত ডেৰেকৰ কথা পাহৰি গ’ল। প্ৰায় চাৰি ঘণ্টামানৰ পাছত কাম শেষ হোৱাত হঠাৎ ডেৰেকৰ কথা মনত পৰি স্মিথে ততাতৈয়াকৈ পথাৰলৈ ঘুৰি আহি বিস্ময়ে লক্ষ্য কৰে, কণমানি ডেৰেকে তেতিয়াও পথাৰত ঘামি জামি দৌৰিয়ে আছে। স্মিথৰ মনত বৰ দুখ লাগিল আৰু দৌৰিগৈ মৰমৰ ডেৰেকক সাৱতি ধৰি চুমাৰে উপচাই পেলালে। পিচমুহূৰ্ততে একেৰাহে চাৰিঘণ্টা দৌৰি থকা শিশুটোৰ দেহত কিবা বিৰূপ প্ৰভাৱ পৰাৰ আশংকাত স্মিথে নাতিনিয়েকক লৈ গ’ল ওচৰৰ ডাক্টৰজনৰ কাষলৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ। স্বাস্থ্য পৰীক্ষাৰ অন্তত দেখা গ’ল যে ডেৰেকৰ হাৰ্টবিট, প্ৰেচাৰ আদি সকলো নৰ্মেল। ঘটনাৰ সবিশেষ ডাক্টৰজনক বিৱৰি কোৱাত ডক্টৰজনে আশ্বৰ্য প্ৰকাশ কৰি পুনৰ এবাৰ স্বাস্থ্য পৰীক্ষা কৰে, কিন্তু সকলো ঠিকেই পাই ডেৰেকৰ প্ৰতি কৌতূহলী হৈ পৰে আৰু মনোযোগৰে লক্ষ্য কৰি দেহৰ গঠনত অসাধাৰণ কিছুমান বিশেষত্ব দেখা পায়। এদিন কথা প্ৰসংগত ডক্টৰে ডেৰেকৰ বিষয়ে এজন বন্ধুক জানিবলৈ দিয়ে। ডক্টৰৰ বন্ধুজন আছিল সেই দেশৰে এজন নামী প্ৰাক্তন এথ্‌লিট। বৰ্তমান এথ্‌লিটজন দেশৰ এখন বিখ্যাত এথ্‌লেতিক একাডেমীৰ মালিক আৰু নিজেই তাৰ মুখ্য প্ৰশিক্ষক। এথ্‌লিট জনে ডেৰেকৰ বিষয়ে শুনি ডেৰেকক লগ কৰিবলৈ আহে। কথিত যে প্ৰতিভাইহে প্ৰতিভাক চিনি পায়, আৰু ‘child prodigy’ ডেৰেকৰ গাত লুকাই থকা ভৱিষ্যতৰ এজন প্ৰতিভাবান দৌৰবীৰৰ গুণ দেখা পাই, স্মিথ আৰু মাক এলেনাক ডেৰেকক নিজৰ লগত ৰাখি প্ৰশিক্ষণ আৰু পঢ়া -শুনাৰ দ্বায়িত্ব লবলৈ আগ্ৰহ প্ৰকাশ কৰে। কিন্তু স্মিথ আৰু এলেনাই মৰমৰ ডেৰেকক গতাই দিবলৈ অস্বীকাৰ কৰে।
 
দুৰ্ভাগ্যবশতঃ কেইদিনমানৰ পাছতে ডেৰেকৰ মাক এলিনাৰ মৃতদেহ,এটা নৈশ ক্লাৱত আবিষ্কৃত হয়। ঘটনাৰ আকস্মিকতাত হতভম্ভ হৈ বৃদ্ধ স্মিথৰ হাৰ্ট ষ্ট্ৰ’ক হয় আৰু সেই ডাক্টৰজনৰ হস্পিতালত দীৰ্ঘদিনৰ বাবে ভৰ্তি হ’ব লগাত পৰে। ফলত কণমানি ডেৰেক হৈ পৰে নিঠৰুৱা আৰু উপায়ন্তৰ হৈ স্মিথে ডাক্টৰৰ সহযোগত তেওঁৰ বন্ধু প্ৰাক্তন এথ্‌লিটজনৰ হাতত ডেৰেকক চমজাই দিয়ে। এথিলিটজনে সম্পূৰ্ণ নীতি নিয়মৰে চাৰে তিনি বছৰীয়া ডেৰেকৰ দ্বায়িত্ব লয়। প্ৰাক্তন এথ্‌লিটজনৰ নিজা তত্বাৱধানত একাডেমীত ডেৰেকৰ দৌৰৰ প্ৰশিক্ষণ লগতে যাৱতীয় স্কুলীয়া শিক্ষা আৰম্ভ হয় আৰু। কম সময়ৰ ভিতৰতে ডেৰেকে ৩০টা মাৰাথান দৌৰি সমাপ্ত কৰি বিশ্বৰ সৰ্বকণিষ্ঠ মাৰাথান দৌৰবীৰ হিচাপে খলকনি তোলে আৰু লিমকা বুক অৱ ৰেকৰ্ডতো নাম সন্নিৱিষ্ট হয়। একে ৰাতিয়েই ডেৰেক দেশৰ এগৰাকী চেলিব্ৰেটি হৈ পৰে। কিন্তু ডেৰেকৰ ভৱিষ্যত লক্ষ্যৰ প্ৰতি দৃষ্টি ৰাখি প্ৰশিক্ষক এথ্‌লিটজনে ডেৰেকক প্ৰচাৰ মাধ্যম আৰু চেলিব্ৰেটি ইমেজৰ পৰা সাৱধানে আঁতৰত ৰাখে আৰু নিয়মীয়া প্ৰশিক্ষণ চলাই যায়। এই কাৰ্য্যত এথ্‌লিটজন বহুতৰ দ্বাৰা সমালোচিত হ’ল, কিন্তু ডেৰেকৰ ককাকৰ পূৰ্ণ সমৰ্থনত তেওঁ ডেৰেকৰ ট্ৰেইনিং দুগুণ উৎসাহৰে চলায় যায়। ইতিমধ্যে স্মিথ কিছু সুস্থ হ’লেও ৰোগ আৰু বাৰ্ধক্যৰ হেচাঁত এটা বৃদ্ধ আশ্ৰমত থাকিবলৈ লয়। ইফালে একাডেমীত ভৱিষ্যতৰ অতি প্ৰতিভাৱান দীৰ্ঘদূৰত্বৰ দৌৰবিদ হোৱাৰ বাবে ডেৰেকৰ কঠোৰ সাধনা চলি থাকে । লক্ষ্য বিশ্বৰ সৰ্বকালৰ এজন শ্ৰেষ্ঠ মাৰাথন দৌৰবীৰ হোৱা। ইতিমধ্যে লিম্‌কা বুক অৱ ৰেকৰ্ডৰে দেশত পৰিচিতি লাভ কৰা ডেৰেকে জীৱনৰ প্ৰথমটো ৰাষ্ট্ৰীয় মাৰাথন দৌৰত শীৰ্ষ স্থান দখল কৰি সকলোকে চমকৃত কৰে। কিন্তু দহ বছৰীয়া শিশু হোৱাৰ সূত্ৰে ডেৰেকে আনুষ্ঠানিক স্বীকৃতি পাবলৈ সক্ষম নহয়। ইয়াত হতাশ নহৈ ডেৰেকৰ প্ৰশিক্ষণ পূৰ্ণদ্যমে চলি থাকে। কিন্তু এক ভয়াবহ পথ দুৰ্ঘটনাত প্ৰশিক্ষকজন আৰু তেওঁৰ পত্নীগৰাকী মৃত্যুমুখত পৰে আৰু পুনৰবাৰ ডেৰেক নিঠৰুৱা হয়। বৃদ্ধ স্মিথ তেতিয়া ডেৰেকৰ সম্পূৰ্ণ দ্বায়িত্ব লবলৈ প্ৰায় অসমৰ্থ! এনে সংকটৰত সময়ত প্ৰচাৰ মাধ্যমৰ আহ্বানত, ইতিমধ্যে দেশত জনাজাত হোৱা নিঠৰুৱা ডেৰেকৰ সমস্যা সমাধানৰ বাবে কিছু সমাজ সচেতক, প্ৰতিষ্ঠিত খেলুৱৈ, উদ্যোগী আৰু ৰাজনীতিকবিদ একেলগে ওলাই আহিল। এজন দীৰ্ঘদূৰত্বৰ শ্ৰেষ্ঠ দৌৰবীৰ গঢ়াৰ লক্ষ্যৰে সকলোৰে সহযোগত এটা ট্ৰাষ্ট গঠন কৰি, ডেৰেকৰ দ্বায়িত্ব এজন পেচাদাৰী অৰু নামী প্ৰশিক্ষকৰ হাতত অৰ্পণ কৰা হ’ল। প্ৰাপ্তবয়স্ক নোহোৱা পৰ্যন্ত তেওঁৰ প্ৰশিক্ষণৰ লগতে আন খৰচ এই ট্ৰাষ্টে বহন কৰি যোৱাৰ সিদ্ধান্ত ল’লে। কাৰ্যক্ষেত্ৰত দেশখনৰ এজন দৌৰবীৰ গঢ়াৰ স্বাৰ্থত সমাজৰ লোক সকলে দেশৰ চৰকাৰলৈ আনুষ্ঠানিক কামখিনিৰ বাদে, একো কামেই বাকী নাৰাখিলে। ডেৰেকৰ যাৱতীয় প্ৰশিক্ষণ নিশ্চিত কৰিবলৈ চৰকাৰেও এজন পৰ্য্যবেক্ষক নিয়োগ কৰিলে। আশা কৰা ধৰণে প্ৰতিভাৱান ডেৰেকে দীঘলীয়া প্ৰশিক্ষণ কালত প্ৰতিটো দীৰ্ঘদূৰত্বৰ দৌৰৰ ইভেণ্টত এটাৰ পাছত এটাকৈ বিশ্ব অভিলেখৰ সময় অতিক্ৰম কৰিবলৈ সক্ষম হ’ল। দেশ আৰু ক্ৰীড়াপ্ৰেমী জনতাই খেল জগতৰ ইতিহাসত উইলিয়াম ডেৰেক স্মিথ নামৰ বহুল চৰ্চিত ল’ৰাটোৱে আনুষ্ঠানিকভাৱে মাৰাথান দৌৰ আৰু আন দীৰ্ঘদূৰত্বৰ শাখাৰ সকলো ৰেকৰ্ড ভংগ কৰালৈ অধীৰ আগ্ৰহৰে বাট চাই থাকিল। কাৰণ তেতিয়ালৈকে বয়সৰ ফালৰপৰা দীৰ্ঘদূৰত্বৰ দৌৰত অংশগ্ৰহণৰ বাবে ডেৰেকে যোগ্যতা লাভ কৰা নাছিল।
এনেদৰে খেল আৰু খেলুৱৈক সততাৰে ভাল পোৱা আৰু সন্মান দিব জনা এখন দেশ আৰু দেশৰ লোকে এটা হেৰাই যাব খোজা প্ৰতিভাক লালন-পালন কৰি বিশ্বক এজন কিংবদন্তী দৌৰবিদ উপহাৰ দিবলৈ প্ৰস্তুতি চলাই গ’ল। সি সঁচাই অনুকৰণীয়।
এইটো হ’ল এটা সম্পূৰ্ণ কল্পনাপ্ৰসূত কাহিনী। অনুমান কৰিবলৈ মুঠেই টান নহয় যে শিৰোনামাৰ আচল কাহিনীটো (অৰিজিনেল ভাৰ্চন!) হ’ল এসময়ত গোটেই ভাৰতৰ সৰ্বত্ৰ খলকনি তোলা চেলিব্ৰেটি (! ), “নেক্সট অলিম্পিক ৰানাৰ (!! )” হিচাপে অভিহিত কনিষ্ঠতম দৌৰবিদ ‘Child prodigy’ বুধীয়া সিঙৰ। ওপৰৰ আশাব্যঞ্জক সাধুটোৰ বিপৰীতে সঁচা দেশীয় কাহিনীটোত আছে যেন নিৰাশা ভৰা এখন ছবিহে। ইয়াৰ পৰাই দেশৰ ক্ৰীড়াক্ষেত্ৰত বিৰাজ কৰা প্ৰকৃত মানসিকতাৰ কিঞ্চিত ছবি এখন অনুমান কৰিব পাৰি। প্ৰায় সকলোৰেই চিনাকি বুধীয়াৰ থুলমূল কাহিনীটো এনেধৰণৰ:
উৰিষ্যাৰ এক শ্লাম এৰিয়াত ২০০২ চনত বুধীয়া সিঙৰ জন্ম হয়। দৰিদ্ৰঘৰত জনম লোৱা বুধীয়াক তাৰ তিনি বছৰ বয়সত নিজ মাকে মাত্ৰ ৮০০ টকাৰ বিনিময়ত এজন লোকক বিক্ৰি কৰে। লোকজনে বুধীয়াক শাৰীৰিকভাৱে নিৰ্যাতন কৰাত মাকে প্ৰখ্যাত জুদো প্ৰশিক্ষক বিৰিঞ্চি দাসৰ কাষ চাপে। বিৰিঞ্চি দাসে জুদো প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে এটা অনাথ আশ্ৰম চলায়। মাকৰ অনুৰোধত বিৰিঞ্চি দাসে লোকজনক ৮০০ টকা দি বুধীয়াক নিজৰ অনাথ আশ্ৰমলৈ আনে আৰু তোলনীয়া পো হিচাপে ৰাখে। এদিন অনাথ আশ্ৰমত লগৰীয়া এজনৰ লগত কাজিয়া কৰাৰ অপৰাধত বুধীয়াক দৌৰাৰ শাস্তি প্ৰদান কৰে। বুধীয়াক দৌৰিবলৈ লগাই দি বিৰিঞ্চি দাস ক’ৰবালৈ ওলাই যায় আৰু কথাটো পাহৰি পেলায়। চাৰি ঘণ্টামানৰ পাছত উভতি আহি দাসে আশ্বৰ্যৰে দেখে যে তেতিয়াও অৰ্থাৎ চাৰি ঘণ্টা জুৰি বুধীয়াই শাস্তি মূৰ পাতি লৈ একেৰাহে দৌৰিয়েই আছে! লগে লগে বুধীয়াৰ স্বাস্থ্য পৰীক্ষা কৰে আৰু হাৰ্টবিট আদি স্বাভাৱিক পায়। ঘটনাটোত বিৰিঞ্চি দাসে তিনি বছৰীয়া বুধীয়া সিংৰ অনন্য প্ৰতিভাৰ উমান পায় আৰু তেতিয়াৰে পৰা মাৰাথান দৌৰৰ প্ৰশিক্ষণ আৰম্ভ কৰে। প্ৰশিক্ষণকালতে বুধীয়াই জন্মগত প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰে। ২০০৬ চনৰ ৪ মে’ ত বুধীয়াই পুৰীৰ পৰা ভূৱনেশ্বৰলৈ ৬৫ কিমি দূৰত্ব একেৰাহে ৭ ঘণ্টা ২ মিনিটত অতিক্ৰম কৰি চাঞ্চল্যকৰ ৰেকৰ্ড গঢ়ে। আৰু চাৰি বছৰ বয়সতে ৪৮টা মাৰাথান দৌৰ সমাপ্ত কৰি বিশ্বৰ কনিষ্ঠতম মাৰাথন দৌৰবিদ হিচাপে স্বীকৃতি লাভ কৰি আলোড়ন সৃষ্টি কৰে। লিমকা বুক অৱ ৰেকৰ্ডত বুধীয়াৰ নামো সান্নিৱিষ্ট হয়। লগে লগে ভাৰতীয় প্ৰচাৰ মাধ্যমৰ কৃপাত কণমানি দৌৰবীৰ বুধীয়া সিং বিখ্যাত হৈ পৰে। বুধীয়া সিঙে চেলিব্ৰেটিৰ মৰ্যাদা পায়। বিভিন্ন কমাৰ্চিয়েল টেলিভিচন চেনেলত ভুমুকি মাৰিবলৈ লয় বুধীয়াই। আনকি আন আন চেলিব্ৰেটিৰ দৰেই শ্বপিং মল আৰু গানৰ ভিডিঅ’ উদ্বোধন কৰিবলৈ নিমন্ত্ৰিত হয়। উল্লেখযোগ্য যে বুধীয়া সিঙৰ ওপৰত HBO আৰু BBC ৰ অৰ্থ সাহাৰ্যৰে এখন তথ্যচিত্ৰ তৈয়াৰ কৰা হয়। ২০১১ চনত ৰিলিজ হোৱা ‘Marathon Boy’ তথ্যচিত্ৰখনে EMMY Award ৰ বাবেও নমিনেচন লাভ কৰে। (এইবছৰৰ আগষ্ট মাহত উৰিষ্যাৰ চিনেমা পৰিচালক অভিনেতা মনোজ বাজপায়ীক লৈ বুধীয়াৰ সিঙৰ কাহিনীৰ আধাৰত এখন চিনেমা কৰাৰ বিষয়ে খবৰ ওলাইছিল। বৰ্তমান প্ৰজেক্টটো কি স্তৰত আছে জানিব পৰা হোৱা নাই।)
ভৱিষ্যতৰ অলিম্পিকৰ মাৰাথন ৰানাৰ হিচাপে জনাজাত হোৱা বিস্ময়বালক বুধীয়া সিঙৰ ঈৰ্ষনীয় সফলতাই তালৈ তথা অভিভাৱক, প্ৰশিক্ষক বিৰিঞ্চি দাসলৈ স্বাভাৱিকতে আনি দিয়ে খ্যাতি, মান, যশ আৰু লগতে ধন। তাৰ উপৰি বাতৰিত প্ৰকাশ হয় যে বুধীয়া আৰু বিৰিঞ্চি দাসলৈ ডুবাইৰ Koohiji Group এ ১৯ লাখ টকাৰ স্পনচৰশ্বিপ ঘোষণা কৰি দুয়োকে ডুবাইত থকাৰ প্ৰস্তাৱ দিয়ে। বোধকৰোঁ এইখিনিৰ পৰাই আচল কেণাটো লাগে আৰু ঘটনা নিৰাশজনক পৰিসমাপ্তিৰ ফালে আগবাঢ়ে। এচাম আগগুৰি চিন্তা নকৰা তথাকথিত সমাজ সচেতকে অভিযোগ কৰে যে ধন আৰু যশৰ লোভত প্ৰশিক্ষক বিৰিঞ্চি দাসে শিশু বুধীয়াক দীৰ্ঘ দূৰত্বৰ দৌৰিবলৈ বাধ্য কৰি শিশুটোৰ ওপৰত অমানুষিক যাতনা জাপি দিছে। অৰ্থত দেখদেখকৈ শিশু নিৰ্যাতন চলোৱা হৈছে!! আমোদজনকভাৱে এই অভিযোগকাৰীসকলৰ ভিতৰত অন্যতম আছিল নিচেই সৰুতে বুধীয়াক আনৰ হাতত টকাৰ বিনিময়ত তুলি দিয়া বুধীয়াৰ নিজা মাক! ফলত ‘Child prodigy’ বুধীয়াৰ ভাগ্যৰ চকৰি ওলোটা দিশত ঘূৰিবলৈ ধৰে। বিৰিঞ্চি দাসক আদালতে দোষী সাব্যস্ত কৰে আৰু তেওঁৰ জেইল হয়। পাছত তেওঁ দোষমুক্ত হয়। বিষয়টোত ভাৰত চৰকাৰে হস্তক্ষেপ কৰে আৰু উৰিষ্যাৰ ৰাজ্যিক চৰকাৰে ২০০৭ চনত বুধীয়াৰ দ্বায়িত্ব লৈ ক্ৰীড়া হোষ্টেললৈ লৈ যায়। চৰকাৰী নীতিমতে ১১ বছৰ বয়স পৰ্য্যন্ত শিশুৰ দীৰ্ঘদূৰত্বৰ দৌৰ নিষেধ হেতু বুধীয়া সিঙৰ মাৰাথান দৌৰৰ প্ৰশিক্ষণৰ ইতি পৰে। প্ৰশিক্ষক বিৰিঞ্চি দাসক ২০০৮ চনত আততায়ীয়ে হত্যা কৰাৰ লগে লগে বুধীয়াৰ শেষ আশাকণো মৰহি যায়। আজি বুধীয়া সিঙৰ বয়স ১২ বছৰ। শেহতীয়া তথ্যমতে বৰ্তমান, ভাৰতৰ “ভৱিষ্যতৰ অলিম্পিক ৰানাৰ” বুলি প্ৰতিশ্ৰুতি থকা বুধীয়া সিঙক লৈ কাৰো কোনো বিশেষ পৰিকল্পনা নাই। বৰ্তমানৰ বুধীয়াৰ এথ্‌লেটিক প্ৰশিক্ষক  ৰুপান্দিতা পাণ্ডাৰ মতে বুধীয়া “too young to run even 600 metres, let alone a marathon.” তেওঁৰ বাবে বুধীয়া কোনো বিশেষ ধৰণৰ প্ৰতিভাসম্পন্ন শিশু নহয়!! বুধীয়া সন্দৰ্ভত এই ধৰনৰ খবৰবোৰ কিমান দূৰ সত্য জনা নাযায় যদিও এটা কথা থিক আমাৰ ক্ৰীড়াক্ষেত্ৰ, পৰিকাঠামোৰ অনেক উন্নত হোৱাৰ থল আছে। যি সময়ত জাপান, কোৰিয়া, ৰাচিয়া, চীন আদি দেশত ৩ বছৰ বয়সৰ পৰাই খেলুৱৈৰ প্ৰশিক্ষণ আৰম্ভ কৰা হয়, আমাৰ দেশত ১১ বছৰ বয়সতহে প্ৰশিক্ষণ দিয়াৰ নিয়ম! যদি বুধীয়াৰ দৰে প্ৰতিভাবান শিশু উন্নত দেশ এখনে পালেহেঁতেন তেন্তে ওপৰত উল্লেখিত কল্প কাহিনীৰ দৰেই হয়তো দেশখনে বিশ্বত এজন কিংবদন্তি দৌৰবিদ উপহাৰ দিবলৈ সৰ্বোপ্ৰকাৰে চেষ্টা কৰিলেহেঁতেনে। বৰ্তমানৰ ক্ৰীড়া হোষ্টেলৰ প্ৰশিক্ষণে বুধীয়াক কিমান দূৰলৈ আগবঢ়াই নিয়ে ক’ব পৰা নাযায়। কিন্তু ভূ-ৰখা মহলে বুধীয়াৰ ভৱিষ্যতৰ প্ৰতি দ্বিধাহীনভাৱে আশংকা প্ৰকাশ কৰি কৈছে “ Today, Budhia is 12 years old but he has no motivation, has no time to follow his sports regimen, his coach and only supporter is dead. Budhia could have been a fantastic, inspiring athlete and an Olympic runner will now thanks to this country and the crazy media be what he was born -poor and ordinary. ”
আমাৰ সমাজৰ খাটি খোৱা চামৰ মাজত জন্মলোৱা শ শ প্ৰতিভাধৰ শিশুৰ সম্ভাব্য উজ্জ্বল ক্ৰিয়া ভবিষ্যত দেশৰ নীতি, প্ৰচাৰ মাধ্যম আৰু জনতাৰ কাণ্ডজ্ঞানহীন কৰ্মই কেনেদৰে কলিতেই মাৰ যোৱাৰ বাট কাটে , সেয়া ‘বুধীয়া সিং’ৰ কাহিনী এক উৎকৃষ্ট নিদৰ্শন। ভাৰত খেল জগতখনৰ ওপৰত কিবা মন্তব্য দিয়াৰ বাবে আমাৰ জ্ঞান আৰু অভিজ্ঞতা শূন্যৰ ঘৰত, তথাপি অনুভৱ হয় আজি IPL, ISL আদি ব্যৱসায়িক প্ৰতিযোগিতা সমূহৰ ওপৰতে অকল নিৰ্ভৰ কৰি ভৱিষ্যতৰ উজ্জ্বল ক্ৰীড়াক্ষেত্ৰৰ কল্পনাত বিভোৰ নহৈ দেশৰ ক্ৰিয়া নীতি, দৃষ্টিভংগী, মনোভাৱ আদি উন্নত কৰাৰ খুবেই প্ৰয়োজন আছে। বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰখন ৰাজনৈতিকবিদৰ প্ৰত্যক্ষ দপদপনি, দালালৰ টিঘিলঘিলনি, লুভীয়া ব্যৱসায়ীৰ লাভ লোকচানৰ হিচাপ আৰু প্ৰচাৰ মাধ্যমৰ অতিৰঞ্জিত বাতৰিৰ পৰা নিলগাই ৰাখিব নোৱাৰিলে, যিমানেই প্ৰতিভা নাথাকক কিয় ভাৰতে বিশ্বৰ ক্ৰীড়াজগতত চীন, ইউ এচ এ আদিৰ লগত হয়তো কোনোদিনে মোকাবিলা কৰিব নোৱাৰিব। বাকী চিন্তা বিজ্ঞ ৰাইজৰ বাবে এৰিলোঁ।
উৎস: বুধীয়া সিঙৰ কাহিনীৰ সকলোখিনি তথ্য ইণ্টাৰনেটত উপলব্ধ ৱেবচাইট, ব্লগ, নিউজ আদিৰ পৰা লোৱা হৈছে।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক