ব্যাকৰণ ৰচনা, মই, বসন্ত চাৰ আৰু অন্যান্য (মনোজ নেওগ)

সৰ্বমুঠ ১০ নম্বৰ আছিল ৰচনাখনত৷ সহপাঠী কেইজনে ৫, ৭, ৮ এনেকৈ নম্বৰ পাইছিল৷ সকলোৱে ভাৱিছিল প্ৰতিদিন পোৱাৰ দৰে মইয়েই ১০ নম্বৰৰ ভিতৰত ১০ পাম!
ঠিকেই ভাৱিছিল৷ নৱমমান শ্ৰেণীৰ ষষ্ঠ পিৰিয়দত বসন্ত শইকীয়া চাৰৰ অসমীয়া ব্যাকৰণ ৰচনা ক্লাছত আমাক লিখিবলৈ দিয়া ৰচনাখনৰ মুঠ ১০ নম্বৰৰ ভিতৰত মই ১০ কোব বেত পাইছিলোঁ৷
আজিওঁ মনত পৰে৷
:”মোৰ জীৱনৰ লক্ষ্য এজন চিকিৎসক হৈ সমগ্ৰ দেশৰ লগতে মানৱ জাতিৰ সেৱা কৰা- “১০ নম্বৰৰ ভিতৰত ৯ পোৱা দিগন্ত এতিয়া ঠিকাদাৰ৷ ব্লেক লিষ্টেদ হৈছে হেনো কোনোবা ৰাস্তা নিৰ্মাণ কেলেংকাৰীত!
:”মই এজন সফল কৃষক হ’ব খোজো, মোৰ নাঙলেৰে চহাই সোণগুটি সিঁচিব খোজো”
ইমৰান হুচেইন-১০ নম্বৰৰ ভিতৰত ৭, সি তিনি লাখ ঘোচ দি চৰকাৰী পিয়নৰ পোষ্টত যোগ দিলে অলপতে!
তেনেকেই বিপুলে লিখিছিল পাইলট হোৱাৰ লক্ষ্যৰে৷ ১০ নম্বৰৰ ভিতৰত ৩৷ সি এতিয়া ইঞ্জিনীয়াৰ৷
আৰু মই !! পৰম বিদ্ৰোহেৰে ভৰিৰ শিল গুটিটো চুত মাৰি পঠিয়ালোঁ৷ তৎমুহুৰ্ততে শিল গুটিটো উফৰি অদৃশ্য হৈ পৰিল কৰবাত৷ মনে মনে অতীত আওৰালোঁ৷
:ৰচনাখন স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে কোনো কাৰণত উপযোগী হয় বুলি মোৰ মনে নধৰে৷ জীৱন সদায় গতিশীল৷ গতিকে জীৱনৰ স্থিৰ লক্ষ্য চিকিৎসক, ইঞ্জিনিয়াৰ হ’ব নোৱাৰে৷ এনেবোৰ জীৱনৰ সাময়িক প্ৰাপ্তিৰ লগতে কৰ্মময় উদ্যমৰ নাম৷
মোৰ জীৱনৰ লক্ষ্য ৰচনাখন আচলতে লিখিবলৈ গলে মাত্ৰ এটা শব্দৰে ৰচনা শেষ হ’ব৷
মোৰ জীৱনৰ লক্ষ্য-“মৃত্যু”
১০ নম্বৰৰ ভিতৰত ১০ কোব বেত!
দেওঁবাৰৰ দিন৷
পুৰণি চৰিত্ৰৰ লুকাভাকু মনত৷ কেতিয়াবা আমাৰ মগজৰ পৰাওঁ মগজলৈ বাৰ্তা বিয়পি যায়, আচম্বিতে মনে মনে মনৰ সংযোগৰ সুত্ৰ পায়৷
হঠাৎ টেলিপেথি!!
বসন্ত চাৰৰ বয়স বাঢ়িছে, চুলিবোৰ তেতিয়াৰ ক’লা নহয়৷ শুকুলা হৈ পৰিল৷ চকুৰ দিপ্তী একেই৷ যেন চাৰ চাৰ লগা আগৰ সেই একেই চাৱনি৷ বহুদিন বিৰতিৰ পিছত গুৰু শিষ্যৰ মুখামুখিৰ আকুলতা৷
ভৰি চুই চাৰৰ কুশল বাৰ্তা ল’লো৷ মোৰ এনে লাগিল যেন বসন্তচাৰৰ ওচৰত এটা ক্লাছ আজিও আধৰুৱা হৈ আছে! চাৰেও জানে, মইয়ো জানো!!
সময়ে সকলোকে পূৰ্ণতাৰ সুযোগ দিয়াৰ দৰে আমাকো সুযোগ দিছে আজি৷ আমাক লগ দিলে৷ চাৰে বুজিছে, মইয়ো বুজিছো৷ আধৰুৱা এটা ক্লাছ!!
:”বল বল বাইদেউৱে তোৰ নাম এতিয়াও লৈয়ে থাকে৷ ব’ল৷”
সুযোগসন্ধানী হৈ পোৱা নাই৷ সেইবাবে পস্তাইছো বহুবাৰ৷ নিজক সলাই পেলোৱাৰ কথা ভাবিও সদায় থমকি ৰোৱা যাত্ৰাৰ প্ৰথম খোজ দিবলৈ মন গল দুৰ্বাৰ গতিৰে-“ব’লক চাৰ”
চাৰৰ ড্ৰয়িং ৰুমত বিকাজী ভুজিয়া ফিকা চাহৰ পৰ্ব শেষ কৰি মই চালোঁ- চাৰে পুৰণা ফাইল এটা লৈ কিবা খুচৰিছে৷ একোবত খাকী চামৰাৰ এখন বহী উলিয়াই মোৰফালে আগকৰি দিলে৷ মই বহীখন চায় নিৰ্বাক৷Manuj Neog_Bhinoswad
লেবেলত লিখা আছে মোৰ নাম৷ নবমমান শ্ৰেণী৷
বিষয়-অসমীয়া ব্যাকৰণ ৰচনা৷ কপা কপা হাতেৰে পাত লুটিয়ালোঁ৷
ইমান স্পৰ্শসুখ…স্পৰ্শসুখ ইমান!!
আৰু এখন পাত লুটিয়ালেই তেতিয়া মই লিখা নিৰ্দিষ্ট ৰচনা খন…..!!
চাৰে মাত দিলে-“ৰচনাখন মনত আছেনে তোৰ?”
মই হাঁহিলোঁ৷ লাহেকে ক’লো-
:”চাৰ, আজিও মই আপোনাৰ হাতেৰে ১০ কোব খাম”
চাৰে দীঘলকৈ উশাহ টানি বুকুখন বতাহেৰে পূৰ্ণ কৰিলে৷ ময়ো সাজু হলোঁ যেন এটি আধৰুৱা ক্লাছৰ বাবে৷
:”সেই দিনা তোৰ ভুল মাঠোঁ ইমানেই আছিল, তই জীৱন আৰু আনুষ্ঠানিকতাক একাকাৰ কৰি পেলাইছিলি”
মুৰ্হূত্বতে মোৰ যেন সকলো পৰিষ্কাৰ হৈ গ’ল৷
জীৱন…!!
আনুষ্ঠানিকতা…!!
এখন ৰচনা, মুঠ নম্বৰ ১০…!!
:”আনুষ্ঠানিকতাৰ ১০ নম্বৰ খুবেই জৰুৰী বুজিছ৷ সেয়ে আমি কওঁ ভাল দৰে পঢ়৷ এশৰ ভিতৰত ৯০ মাৰ্ক ১০০ মাৰ্ক…জীৱন কোনো সূত্ৰত আৱদ্ধ নহয়৷ কিন্তু আনুষ্ঠানিকতাৰ সূত্ৰ ভুল কৰিলে ‘য়ু আৰ লুজাৰ!’ সেয়ে এচাৰিৰে কোব দি সূত্ৰ শিকাওঁ৷”
মই মুক হৈ পৰিলোঁ৷ নিজৰ প্ৰতি পৰম বিষাদগাৰৰ ভাৱনাই জন্ম ললে মনত৷ চাৰে কৈ গ’ল-
:”ক্লাছ নাইনত তোক মই এই খিনি কথা কোৱাটো জটিল বুলি ভাৱিছিলোঁ৷ কিন্তু সেইয়া মোৰ ভুল আছিল৷ দেৰিকৈ বুজিছোঁ প্ৰতিজন ছাত্ৰক জীৱন আৰু আনুষ্ঠানিকতাৰ জ্ঞান ভালকৈ দিয়া জৰুৰী৷ তেতিয়া ১০ নম্বৰৰ ৰচনাখনত ১০০ পাব লগা ছাত্ৰ এজনক মোৰ দৰে শিক্ষকে দহ কোব দিব লগা নহয়৷”
চাৰৰ চকুৰ পৰা দুটোপ অশ্ৰু জল বিৰিঙি আহিল৷ মই মুক হৈ ৰলো৷
চাৰে নিজৰ ৰঙা কলমটো উলিয়াই মোৰ বহীখন ল’লে৷ মই বিস্ময়েৰে চাই থাকিলোঁ৷ একেই হস্তাক্ষৰ৷ চাৰে মোৰ নৱম শ্ৰেণীতে লিখা ৰচনাখনত ১০ নম্বৰৰ ভিতৰত ১০০ নম্বৰ দি ক’লে-
:”তোৰ প্ৰাপ্য আছিল৷”
মোৰ চাৰিও ফালে মোৰ সহপাঠীবোৰ আছে বুলি আতুৰৰ দৰে চোৱাত লাগিলোঁ৷
ক’ত পাম তেতিয়াৰ কাৰোবাক, কাক ক’ম…!!

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
4 years ago

খুব ভাল লাগিল……

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক