হৃদৰোগৰ প্ৰতিৰোধ: নিৰ্দেশাত্মক পদক্ষেপ আৰু ব্যৱহাৰিক আঁচনি (ডা° মৃগাংক শেখৰ চলিহা)

(যোৱা সংখ্যাৰ পাছৰ পৰা)

হৃদৰোগৰ প্ৰতিৰোধৰ ক্ষেত্ৰত আমি ইতিমধ্যে কাৰকসমূহ আৰু লগতে খাদ্যাভ্যাস তথা জীৱন-নিৰ্বাহ প্ৰণালীৰ বিষয়ে আলোচনা কৰিলোঁ। কিন্তু বাস্তৱিকতে এজন ব্যক্তিয়ে কেনেকৈ হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰে সেই কথা জনাটো গুৰুত্বপূৰ্ণ।

হৃদৰোগৰ প্ৰতিৰোধী আঁচনি এখন যুগুত কৰোঁতে বিশ্বৰ হৃদৰোগ সম্পৰ্কীয় বিভিন্ন সংস্থাসমূহে আগবঢ়োৱা নিৰ্দেশাৱলীসমূহো বিবেচনা কৰিবলগীয়া হয়। লগতে প্ৰাথমিক বা প্ৰথম শ্ৰেণীৰ প্ৰতিৰোধ আৰু দ্বিতীয় শ্ৰেণীৰ প্ৰতিৰোধ এই দুয়োটা দিশ ইয়াত অন্তৰ্ভুক্ত হ’ব লাগিব। যদিহে এজন ব্যক্তি হৃদৰোগত আক্ৰান্ত হোৱা নাই তেন্তে তেওঁৰ ক্ষেত্ৰত ইয়াক প্ৰথম শ্ৰেণীৰ বা প্ৰাথমিক প্ৰতিৰোধ বুলি কোৱা হয়। আনহাতে এবাৰ হৃদৰোগ হোৱাজনৰ ক্ষেত্ৰত দ্বিতীয়বাৰ নহ’বৰ বাবে লোৱা ব্যৱস্থা বা প্ৰতিৰোধী আঁচনিক দ্বিতীয় শ্ৰেণীৰ প্ৰতিৰোধ বুলি কোৱা হয়।

প্ৰাথমিক প্ৰতিৰোধ: প্ৰাথমিক প্ৰতিৰোধৰ ক্ষেত্ৰত তলত দিয়া পদক্ষেপসমূহ গুৰুত্বপূৰ্ণ।

(১) ধূমপান বৰ্জন:

ধূমপান বৰ্জনৰ লক্ষ্য হ’ল সম্পূৰ্ণ বৰ্জন। এইক্ষেত্ৰত ধূমপায়ীজনৰ মানসিক শক্তিৰ লগতে পৰিয়াল, বন্ধু-বান্ধৱ আৰু সমাজৰ সহায়ৰ প্ৰয়োজন। বাস্তৱিক দৃষ্টিৰে চালে তলত দিয়া উপায়সমূহ গ্ৰহণ কৰিব পাৰি।

(ক) নিক’টিনযুক্ত দ্ৰব্যৰ প্ৰলেপ: দিনে ২০টা চিগাৰেট সেৱন কৰাসকলৰ বাবে ২১ মিলিগ্ৰামৰ প্ৰলেপ আৰু ১০টা খোৱাসকলৰ বাবে ১৪ মি:গ্ৰা:ৰ প্ৰলেপৰ প্ৰয়োজন।

(খ) বিউপ্ৰ’প্ৰিয়ন নামৰ ঔষধ: বিউপ্ৰ’প্ৰিয়ন নামৰ ঔষধ সেৱন কৰাৰ দুসপ্তাহৰ পিছত ধূমপানৰ প্ৰতি অনীহাই দেখা দিয়ে। ১৫০ মি:গ্ৰা:ৰ টেবলেট খাবলৈ দিব পাৰি। জিভা শুকোৱা, অনিদ্ৰা, মানসিক অস্থিৰতা, ৰক্তচাপ বৃদ্ধি আদি পাৰ্শ্বক্ৰিয়া থাকিলেও এইবিধ দৰবক ধূমপান এৰোৱাত উপযোগী আৰু নিৰাপদ দৰব বুলিয়েই ক’ব পাৰি। এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন।

(গ) ভাৰেনিক্লিন (Varenicline) নামৰ ঔষধ: এতিয়ালৈকে বিশেষ অধ্যয়ন নোহোৱা এই দৰববিধক ভৱিষ্যতে ধূমপান বৰ্জনত ব্যৱহাৰ কৰা হ’ব বুলি চিহ্নিত কৰা হৈছে।

(২) ৰক্তচাপ নিয়ন্ত্ৰণ:

প্ৰাথমিক লক্ষ্য হ’ল ৰক্তচাপ ১২০/৮০ৰ তলত ৰখা। যিসকলক উচ্চ ৰক্তচাপ থকা বুলি চিহ্নিত কৰা হৈছে তেওঁলোকৰ ৰক্তচাপৰ ১৮০/৯০ৰ তলত থকাটো বাঞ্চনীয়। মধুমেধ ৰোগ আৰু বৃক্কৰ ৰোগ থকাসকলৰ ৰক্তচাপ ১৩০/৮০ৰ তল হোৱাটো যুগুত। প্ৰথমতে ওজন কমাই, খাদ্যত নিমখৰ পৰিমাণ কমাই (দৈনিক ৬ গ্ৰামতকৈ কম), প্ৰচুৰ পৰিমাণে ফলমূল, সেউজীয়া শাক-পাচলি খাই বা স্নেহ পদাৰ্থ কম থকা গাখীৰ (skimmed milk) খাই আৰু দৈনিক ৩০ মিনিট সময় শাৰীৰিক পৰিশ্ৰম কৰি চেষ্টা কৰিব লাগে। নোৱাৰিলে চিকিৎসকৰ পৰামৰ্শমতে উপযুক্ত দৰবৰ সহায় ল’ব লাগে। এইক্ষেত্ৰত দৰবৰ পাৰ্শ্বক্ৰিয়াৰ ভয় অমূলক। কিয়নো ৰক্তচাপ বৃদ্ধিৰ পৰা হ’ব পৰা শাৰীৰিক ক্ষয়-ক্ষতিসমূহ দৰবৰ পাৰ্শ্বক্ৰিয়াৰ তুলনাত নগণ্য বুলি ধৰা হয়।

(৩) খাদ্যাভ্যাসৰ পৰিৱৰ্তন:

  • শৰ্কৰাজাতীয় খাদ্য (চাউল, আটা আদি)ৰ পৰিমাণ দৈনিক ১০০ৰ পৰা ৩০০ গ্ৰামৰ ভিতৰত থাকিব লাগে।
  • শৰ্কৰাখিনি হ’লগ্ৰেইন (Whole grain) আৰু কম গ্লাইচেমিক ইন্‌ডেক্সৰ হ’লে ভাল। যেনে- নকটা চাউল, ওখোৱা চাউল, ৰঙা আটাৰ পাউৰুটী, দাইল ইত্যাদি।
  • সংপৃক্ত চৰ্বিযুক্ত খাদ্য পৰা দৈনিক প্ৰয়োজনীয় শক্তিৰ শতকৰা ৭ ভাগহে গ্ৰহণীয়। অৰ্থাৎ দৈনিক ১৫০০ কেল’ৰিৰ আহাৰ গ্ৰহণ কৰোঁতাজনে ১২ গ্ৰামতকৈ বেছি সংপৃক্ত চৰ্বি খোৱাটো অনুচিত। এই ১২ গ্ৰাম সম্পৃক্ত চৰ্বি গাক্গীৰ, মাংস, ঘিঁউ, মাখন আদিৰ পৰা আহিব। গতিকে এনেবোৰ খাদ্যবস্তুৰ ব্যৱহাৰ অতি সীমিত হ’ব লাগে।
  • খাদ্যত ট্ৰেন্সফেট কম থাকিব লাগিব। সৰহসময় তেলত ভজা চৰ্বি, কে’ক, বিস্কুট, বেকাৰীজাত খাদ্য, পিজ্জা, ফাষ্ট ফুড, বনস্পতি তেল, চিংৰা, কচুৰী, পৰঠা ইত্যাদিত ট্ৰেন্স ফেট থাকে।
  • অসংপৃক্ত চৰ্বি থকা খাদ্যৰ যোগেদি শৰ্কৰাৰ পৰিমাণ কমাব পাৰি। এক-অসংপৃক্ত ফেটী এচিড সৰহকৈ থকা খাদ্যসমূহ হ’ল মিঠাতেল, জলফাই তেল আদি। বাদাম, এলমণ্ড, কাজু, আখৰুট ইত্যাদিতো এক-অসংপৃক্ত ফেটী এচিড থাকে। দৈনিক আহাৰৰ এটা বুজন অংশ এক-অসংপৃক্ত চৰ্বিৰ দ্বাৰা হ’ব লাগে (২০%)। বহু-অসংপৃক্ত ফেটী এচিডো খাদ্যত থকা বাঞ্চনীয় (১০%)। বহু-অসংপৃক্ত চৰ্বিৰ উদাৰহণ হ’ল ৰিফাইন তেল, তিলৰ তেল, চয়াবিন তেল, আখৰুট তেল আদি।
  • গাখীৰ সম্পূৰ্ণৰূপে বাদ দিব নালাগে। কিন্তু চৰ্বিযুক্ত গাখীৰতকৈ কম চৰ্বিৰ গাখীৰ ভাল। ম’হৰ গাখীৰতকৈ গৰুৰ গাখীৰ ভাল।
  • মাংসতো চৰ্বি থাকে। কিন্তু মাংসত অসংপৃক্ত চৰ্বিও থাকে।। সেইবাবে মাংস ব্যৱহাৰ কৰিলে কম চৰ্বি থকা (Lean meat) মাংস (যেনে পোৱালি কুকুৰা)হে ব্যৱহাৰ কৰিব লাগে। দৈনিক ১৫০ গ্ৰামতকৈ বেছি মাংস খোৱাটো যুগুত নহয়।
  • সপ্তাহত ৩০০ গ্ৰাম তেলেতীয়া মাছ খাদ্যত থকাটো বাঞ্চনীয় (ছেলম’ন, হেৰিং, মেকাৰেল ইত্যাদি টিনত থকা মাছ)। মাছত অ’মেগা-৩ নামৰ এবিধ অসংপৃক্ত ফেটী এচিড থাকে যি আমাক হৃদৰোগৰ পৰা বাচি থকাত সহায় কৰে। মাছ নাখালে বজাৰত পোৱা মাছৰ তেলৰ দৰবো (দৈনিক ২৫০ মি:গ্ৰা:) গ্ৰহাণ কৰিব পাৰে।
  • ৰন্ধা তেলৰ ক্ষেত্ৰত মিঠাতেল, ৰিফাইন তেল, তিল তেলৰ সুষম ব্যৱহাৰ প্ৰয়োজনীয়। নাৰিকল তেল বৰ্জনীয়।
  • প্ৰ’টিন জাতীয় খাদ্য‌ই দৈনিক প্ৰয়োজনীয় শক্তিৰ ২৫% যোগান ধৰিব লাগে।এই প্ৰ’টিন উদ্ভিদজাত প্ৰ’টিন (বিভিন্ন দাইল) হ’লে ভাল। নহ’লে কম চৰ্বিৰ মাংস ব্যৱহাৰ কৰিব পাৰে।
  • বিভিন্ন ধৰণৰ বাদামজাতীয় খাদ্য যেনে এলমণ্ড, বাদাম, আখৰুট, পেষ্টা দৈনিক গ্ৰহণীয়। দৈনিক ৬০ গ্ৰাম বাদামজাতীয় খাদ্য খাব পাৰে।
  • দৈনিক আধা কিলোগ্ৰাম সেউজীয়া শাক-পাচলি, বীন বা মটৰমাহ খাব লাগে। শাকপাচলি বেছিকৈ তেলত ভাজিব নালাগে।
  • দৈনিক আধা কিলো ফলমূল গ্ৰহণীয়।

(৪) তেজত কলেষ্টেৰলৰ নিয়ন্ত্ৰণ:

এজন মানুহৰ হৃদৰোগৰ আশংকাৰ লগত সংগতি ৰাখি তেজত এল ডি এল কলেষ্টেৰলৰ নিয়ন্ত্ৰণ বাঞ্চনীয়। কম আশংকা (আশংকা নিৰূপণৰ বিষয়ে আগৰ সংখ্যাটোত কোৱা হৈছে) থকাজনৰ এল ডি এল কলেষ্টেৰল ১৬০ মি:গ্ৰা:/ডে:লি:তকৈ কম হ’ব লাগে। উচ্চ আশংকা থকাজনৰ ১০০ মি:গ্ৰা:/ডে:লি:তকৈ কম হ’ব লাগে। কেতিয়াবা (যদি হৃদৰোগ ইতিমধ্যে হৈছে) ইয়াক ৭০ মি:গ্ৰা:/ডে:লি:তকৈ কমত ৰখাটো প্ৰয়োজন হৈ পৰে। খাদ্যত সংপৃক্ত চৰ্বিৰ পৰা শক্তিৰ যোগান কমাব লাগে (<৭%)। উদ্ভিদজাত ষ্টেৰল বা দ্ৰৱণীয় আঁহ বাফাইবাৰ (বাৰ্লি, অ’ট্‌ছ আদি)ৰ পৰিমাণ বঢ়াইও বেয়া কলেষ্টেৰল কমাব পাৰি। শাৰীৰিক পৰিশ্ৰম আৰু ওজন হ্ৰাসেও ইয়াত সহায় কৰে। ভাল কলেষ্টেৰল বা এইচ্ছ ডি এল কলেষ্টেৰল ৪০ মি:গ্ৰা:/ডে:লি:তকৈ বেছি হোৱাটো বাঞ্চনীয় আৰু ট্ৰাইগ্লিচাৰাইড ১৫০ মি:গ্ৰা:তকৈ কম থকাটো বাঞ্চনীয়। ষ্টেটিন জাতীয় দৰবে (উদাহৰণ Atorvastatin) এইক্ষেত্ৰত সহায় কৰিব পাৰে। ট্ৰাইগ্লিচাৰাইড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শাৰীৰিক পৰিশ্ৰম, সুৰাপান সীমিতকৰণ, ফাইব্ৰেট জাতীয় ঔষধ গ্ৰহণৰ সুফল আছে।

(৫) শাৰীৰিক পৰিশ্ৰম:

দৈনিক ৩০ মিনিট শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন। মিনিটত ১০০ খোজ কাঢ়িব পৰা বেগত খোজ কঢ়াটো এইক্ষেত্ৰত যথেষ্ট।

(৬) ওজন হ্ৰাস:

এজন মানুহৰ বডি-মাচ-ইন্‌ডেক্স (BMI) ১৮ৰ পৰা ২৫ৰ ভিতৰত থকাটো বাঞ্চনীয়। কঁকালৰ জোখ পুৰুষৰ ক্ষেত্ৰত ৯০ চে:মি:তকৈ কম আৰু নাৰীৰ ক্ষেত্ৰত ৮০ চে:মি:তকৈ কম হ’ব লাগে।

(৭) মধুমেহ ৰোগ নিয়ন্ত্ৰণ:

তেজত কিমান চেনি থাকিব লাগে সেয়া কোৱাতকৈ তেজত হিম’গ্ল’বিন এ ৱান চি (H A1c)ৰ পৰিমাণ ৭ শতাংশতকৈ কম থাকিব লাগে বুলি কোৱা ভাল। ই তেজত চুগাৰৰ দীৰ্ঘকালীন নিয়ন্ত্ৰণ সূচায়।

(৮) এছপিৰিন:

যদি এজন মানুহৰ আগন্তুক দহবছৰত হৃদৰোগ হোৱাৰ আশংকা ১০ শতাংশতকৈ বেছি বুলি ঠাৱৰ কৰা হয় তেন্তে তেওঁ হৃদৰোগ হোৱাৰ আগতেই প্ৰাথমিক প্ৰতিৰোধী ব্যৱস্থা হিচাপে দৈনিক ৭৫ মি:গ্ৰা:ৰ পৰা ১৫০ মি:গ্ৰা: জোখত এছপিৰিন নামৰ দৰববিধ খাই থাকিব লাগে।

দ্বিতীয় শ্ৰেণীৰ প্ৰতিৰোধ

দ্বিতীয় শ্ৰেণীৰ প্ৰতিৰোধী আঁচনিখনত প্ৰাথমিক প্ৰতিৰোধৰ আঠটা পদক্ষেপৰ লগতে দুবিধ দৰবৰ নাম উল্লেখযোগ্য।

(১) বিটা ব্লকাৰ (Beta blocker) নামৰ ঔষধ: এবাৰ হৃদৰোগ হোৱাজনে দ্বিতীয়বাৰ সেয়া নহ’বৰ বাবে আজীৱন এইবিধ দৰব খোৱাটো বাঞ্চনীয়। এইবিধ দৰবে হৃদৰোগীজনক পৰৱৰ্তী হৃদৰোগৰ পৰা নিৰাপত্তা দিয়াৰ লগতে ‘হঠাৎ-মৃত্যু’ (Sudden cardiac death)ৰ পৰাও ৰক্ষা কৰে।

(২) এ চি ই প্ৰতিৰোধী ঔষধ (ACE inhibitor): এনালাপ্ৰিল, ৰেমিপ্ৰিল ইত্যাদি নামেৰে থকা এইবিধ ঔষধো এবাৰ হৃদৰোগ হোৱাজনৰ বাবে আজীৱন প্ৰয়োজনীয়।

 

ডা° মৃগাংক শেখৰ চলিহা, হৃদৰোগ বিশেষজ্ঞ, অসম চিকিৎসা মহাবিদ্যালয়

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক