অসাধাৰণ মহিলা চম্পা বড়া – মীনাক্ষী বৰুৱা

      পৃথিৱীৰ “চৌৰাশী লক্ষ জীৱৰ মাজত মানুহেই হ’ল বাক্-শক্তিপ্ৰাপ্ত শ্ৰেষ্ঠ জীৱ ।” এই শ্ৰেষ্ঠ জীৱসকলৰ মাজত অমানুহৰ সংখ্যা একেবাৰে নগণ্য নহয় । হত্যাকাৰী, লুণ্ঠনকাৰী, শোষণকামী, ধৰ্ষণকামী, বিকৃত মনোবৃত্তি আদিৰ মানুহে শ্ৰেষ্ঠ জীৱ হৈয়ো পৃথিৱীখন বিষময় কৰি তোলে । অৱশ্যে এই কথাও সত্য যে, ভাল কাম, ভাল কথাতকৈ বেয়া কাম, বেয়া কথাৰ প্ৰচাৰ তড়িৎ গতিত হয় । ভাল মানুহ আছে বাবেই পৃথিৱীখন এতিয়াও মানুহৰ বাসোপযোগী হৈ আছে আৰু থাকিব । তেনে বহু ভাল মানুহৰ মাজৰে এগৰাকী হৈছে আমাৰ অতিকে শ্ৰদ্ধাৰ চম্পা বড়া বাইদেউ । হিংসা, পৰশ্ৰীকাতৰতা, স্বাৰ্থপৰতা, আত্মকেন্দ্ৰিকতাৰে ভৰা সমাজত বাইদেউ এগৰাকী অনন্য মহিলা । অনাড়ম্বৰ জীৱন, নিৰহংকাৰী, পৰোপকাৰী, উদাৰ দৃষ্টিভংগীসম্পন্ন বাইদেউ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে প্ৰেৰণাৰ সমুজ্জ্বল প্ৰতীক ।

১৯৩৫ চনত শিৱসাগৰৰ চাৰিং বাৰূৱতী গাঁৱত চম্পা বড়াৰ জন্ম হয় । চালুকীয়া বয়সতে মাতৃহীনা হোৱাত বায়েক বাসন্তী বড়াৰ আদৰ-যত্নত চম্পা বড়া ডাঙৰ হৈছিল । মাতৃহীন শিশুৰ চিৰাচৰিত দুখ কষ্টৰ মাজত ডাঙৰ হৈয়ো চম্পা বড়াই পঢ়া-শুনাৰ লগে লগে নাটক কৰা, ধান কটা, মৰণা মৰা আদি কোনো কামতে পিছ হুহকি পোৱা নাছিল । যৌথ পৰিয়ালত ডাঙৰ হোৱা বাবে দিনৰ দিনটো কামৰ অন্ত নাছিল । সেয়ে তেওঁ পঢ়াৰ অভ্যাস গঢ়ি তুলিছিল ৰাতি । ১৯৫৫ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ ১৯৫৬ চনত শৰণীয়াৰ কস্তুৰবা আশ্ৰমত এবছৰীয়া গ্ৰামসেৱিকাৰ প্ৰশিক্ষণ লয় । ইয়াৰ পিছতে তেওঁ সমাজ কল্যাণ বিভাগৰ চাকৰিত যোগদান কৰে কাছাৰত । ইয়াৰ লগে লগে তেওঁৰ স্বাৱলম্বী জীৱন গঢ়াৰ স্বপ্নত বিফল হোৱাৰ আশংকাৰ অৱসান ঘটিল। এই বিভাগত দুবছৰ চাকৰি কৰাৰ পিছতে তেওঁৰ মুখ্য সেৱিকালৈ প্ৰমোচন হয় । ১৯৭৫ চনত চম্পা বড়াই অসম চৰকাৰৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰিদৰ্শক পদত নিযুক্তি লাভ কৰে । পৰৱৰ্তী সময়ত, ১৯৮৬ চনত সহকাৰী প্ৰকল্প বিষয়ালৈ পদোন্নতি হয় । অৱসৰৰ সময়ত অৰ্থাৎ ১৯৯৭ চনত তেওঁ আৱেক্ষণ বিষয়াৰ পদত অধিস্থিত হৈ আছিল ।

তামিল নীতিশাস্ত্ৰ তিৰুকুৰলত কোৱা হৈছে, “জ্ঞানৰ অংকুশেৰে যি পঞ্চ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিছে সেই সকলেই পৃথিৱীৰ সকলোবোৰ উৎকৃষ্ট গুণৰ বীজ বহন কৰিছে ।” চম্পা বড়া বাইদেৱে প্ৰকৃত অৰ্থত সমাজ সেৱাৰ মনোভাৱেৰে অসমৰ বিভিন্ন ঠাইত জীৱিকা নিৰ্বাহ কৰি অৱশেষত গুৱাহাটীৰ আজাৰা অঞ্চলত স্থায়ীভাৱে বসবাস কৰিবলৈ ল’লে । সমাজ সম্পৰ্কে বাইদেউৰ দৃষ্টিভংগী যোগাত্মক । চাকৰি কালত এই সৰ্বগুণী মহিলাগৰাকীয়ে বোৱা-কটা, মেচিন চিলাই কৰা, খেতি-বাতি কৰা আদি সকলো কামতে পাৰ্গত হোৱা বাবে সকলোৰে পৰা যথেষ্ট শ্ৰদ্ধা আৰু আদৰ পাইছিল । সেইবাবে এঠাইৰপৰা আন ঠাইলৈ বদলি হোৱাৰ সময়ত কেন্দ্রত কান্দোনৰ ৰোল উঠিছিল । চম্পা বড়া বাইদেউৰ গুণ-গৰিমাৰ কথা কৈ শেষ কৰিব নোৱাৰি । তেওঁৰ মৰমীয়াল অন্তৰখনে সকলোকে পলকতে আপোন কৰি ল’ব পাৰে । শৰণীয়াত থাকোঁতে হৰিজন কলনিত এবাৰ চাফাই কাৰ্য্যসূচী চলিছিল । তাত চন্দ্ৰপ্ৰভা শইকীয়ানী, ইন্দুপ্ৰভা বৰুৱা, সুৰবালা বৰদলৈ আদি বিশিষ্টা মহিলায়ো সহযোগ কৰিছিল । হৰিজন কলনিৰ প্ৰতি ঘৰৰ ভিতৰে-বাহিৰে চাফাই অভিযান চলিছিল । পুৰুষ-মহিলা সকলোকে গা-পা ধুবলৈ দি একেলগে মিঠাই পৰিবেশন কৰি মদ নাখাবলৈ বুজনি দিয়া হৈছিল । সেই অভিজ্ঞতাৰে অনুপ্ৰাণিত হৈ বাইদেউৱে ছাত্ৰীসকলৰ বাবে অফিচত কৈ ইউনিফৰ্মৰ ব্যৱস্থা কৰিছিল । চাওতাল গাঁৱৰ সমৰী নামৰ ছোৱালী এজনীৰ জপৰা চুলি কাটি, গা-পা ধুৱাই, ইউনিফৰ্ম পিন্ধাই ঘৰলৈ লৈ গৈছিল । জীয়েকক নতুন ৰূপত দেখি আবেগিক দেউতাকে বাইদেউক কৈছিল – “বাইদ, তুই মানুষ নাই আছ ৰে, দেৱী লাগিছ !”

অসুখীয়া শিশুৰ গাৰ ঘাঁ-ফোঁহাবোৰো বাইদেউৱে নিজ হাতে চাফা কৰি তাত মলম লগাই দিছিল । বাইদেউৰ কৰ্মময় জীৱন কাহিনী যেন সমাজৰ সাধাৰণ মানুহৰ বাবে আশা আৰু প্ৰেৰণাৰ বাণী । পিতৃ-মাতৃৰ বিয়োগৰ পিছত তিনিটা ভাই-ভনীক অনাদৰ নকৰি চম্পা বড়াই নিজৰ লগত থাকিবলৈ লৈ আনিছিল । ৰাজ্যিক পৰিষদৰ নিয়ম অনুযায়ী এই কথা অৱশ্যেই নিয়ম বহিৰ্ভূত আছিল । সেইহেতুকে তেখেতে কৰ্তৃপক্ষক প্ৰতিশ্ৰুতি দিছিল ভাই-ভনীক লগত ৰখাৰ বিনিময়ত অধিক কাম কৰি দিয়াৰ । পুৱা কেন্দ্ৰসমূহত প্ৰাক্-প্ৰাথমিক শ্ৰেণীত পঢ়াই তেখেত গাঁও পৰিদৰ্শন কৰিবলৈ গৈছিল। বয়ন শিল্পৰ প্ৰসাৰণ, গৰ্ভৱতী আৰু প্ৰসূতি মাতৃৰ সহায় কৰা আদি কামবোৰ কৰি বাইদেউৱে কৰ্তৃপক্ষক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিছিল । আত্মজীৱনী “স্মৃতি-মাধুৰী”ত তেখেতে লিখিছে “সৎ কামৰ পৰা উৎপন্ন হোৱা আনন্দই প্ৰকৃত আনন্দ ।” গান, বাজানা সকলোতে আগৰণুৱা চম্পা বড়া বাইদেৱে এজন মণিপুৰী বিষয়াৰপৰা বন্দুক চলোৱাৰ কৌশলো আয়ত্ব কৰি লৈছিল । এইগৰাকী সমাজ সেৱিকাই গোটেই জীৱন সমাজৰ, বিশেষকৈ নাৰী আৰু শিশুৰ উৎকৰ্ষ সাধনৰ অৰ্থে নিজৰ জীৱন উচৰ্গা কৰিছে । তেখেতৰ মতে, “পৰক ভাল পাব পৰাটোহে আচল ভালপোৱা । নিজৰ সন্তানক সকলোৱেই ভাল পায় ।”

চন্দ্ৰপ্ৰভা শইকীয়ানী, ইন্দুপ্ৰভা বৰুৱা, অমলপ্ৰভা দাস আদি বিশিষ্ট সমাজ সেৱিকাৰ সান্নিধ্য লাভ কৰা চম্পা বড়া অসমৰ প্ৰথমগৰাকী স্কুটাৰ চলোৱা মহিলা । চাকৰিৰ দায়িত্ব পালন কৰাৰ সময়ত চাইকেল চলাই এঠাইৰপৰা আন ঠাইলৈ ঘূৰি ফুৰা বাবে ইউনিচেফে তেওঁক লেব্ৰেটা স্কুটাৰ এখন কিনি দিছিল । চীনা যুদ্ধৰ সময়ত ভগনীয়াৰ শিবিৰ পৰিদৰ্শন কৰিবলৈ আহোঁতে বাইদেৱে লগ পাইছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু তেখেতৰ জীয়ৰী ইন্দিৰা গান্ধীক । আত্মজীৱনীত এই স্মৃতি তেখেতে বৰ সুন্দৰভাৱে বৰ্ণনা কৰিছে । কুঞ্জলতা মেধিৰ সম্পাদনাত আত্মজীৱনীখন প্ৰকাশ কৰি উলিয়াইছে লয়াৰ্ছ বুক ষ্টলে ।

সাতখন শিশু পুথিকে ধৰি বৰ্তমানলৈকে চম্পা বড়াৰ প্ৰকাশিত কিতাপৰ সংখ্যা দহখন । সাতসৰী মাতৃ সমাজ, শ্ৰীমন্ত শংকৰদেৱ সংঘ, অসম গো-উন্নয়ন সমিতি, কস্তুৰবা আশ্ৰম, আমাৰ ঘৰ, আজাৰা সাহিত্য সভা, আজাৰা লেখিকা সমাৰোহ সমিতি আদিৰ সৈতে তেখেত ওতঃপ্ৰোতভাৱে জড়িত । ‘শিশু সেৱাৰ অঞ্জলি’ নামৰ শিশু পুথিখনৰ ‘জীৱন পৰিচয়’ নামৰ কবিতাটিত তেওঁ লিখিছে –
..”ল’ৰালিৰ কাম ঘৰতে শিকা
ডেকা কালত কৰা ।
কাম কৰিলে সফল হয়
মানুহ জনম ধৰা ।।
ডাঙৰ কথা নহয় সোণাই
কেৱল পিন্ধা খোৱা
ডাঙৰ কথা দুখীয়া হৈয়ো
গিয়ানী নাম পোৱা ।।
মূৰত দিছে মগজুখিনি
মুখত দিছে ভাষা
মনত দিছে সাহস বুধি
বুকুত দিছে আশা ।।
বান্দৰ নহয় কাউৰী নহয়
মানুহ আমাৰ নাম ।
মন ধুনীয়া কৰোঁ যদি
পোহৰ বিচাৰি পাম ।।”

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডুমৰদহ অধিবেশনৰ মূল মণ্ডপৰ ১০৮ টা খুটাত চম্পা বড়াই শ্ৰীকৃষ্ণৰ অষ্টোত্তৰ শতনাম ছন্দ আকাৰত লিখি পিছত সেইখনৰ পুথি ৰূপ দিছিল ।

আলফাতুন নেছা ইছলামধৰ্মী মহিলা । কলিয়াবৰ প্ৰকল্পত একেলগে থকাৰ সময়ত বাইদেউৱে তেওঁক শৰণীয়াত শিকা কোৰাণৰ প্ৰাৰ্থনা এটি গাই শুনালে । উচ্ছ্বসিত হৈ আলফাতুনে বাইদেউক হিন্দুৰ প্ৰাৰ্থনা এটি শিকাই দিবলৈ খাটনি ধৰিলে । বাইদেউৱে শিকালে – “খাটিছোঁ মাধৱ, প্ৰাণৰে বান্ধৱ… ভকতি অমিয়া দিয়া ।” জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত বাইদেউৱে কৈছিল, গান্ধীয়ে ঈশ্বৰ আৰু আল্লাৰ মাজত বিভেদ আনিব খোজা নাছিল । ঈশ্বৰ-আল্লা একেজনেই । এই আলফাতুনৰ সৈতে একেলগে এসপ্তাহ পৰ্য্যন্ত ৰোজা ৰাখি বাইদেউৱে ইছলাম ধৰ্মৰ প্ৰতি থকা সদিচ্ছা প্ৰকাশ কৰিছিল । কুসংস্কাৰ, অন্ধবিশ্বাসৰ বিৰুদ্ধে সদা সৰৱ চম্পা বড়াই নাৰী আৰু শিশুৰ উৎকৰ্ষ সাধনৰ হকে জীৱন উচৰ্গা কৰিছে । আজাৰাৰ সামাজিক ক্ষেত্ৰখনত চম্পা বড়াৰ অৱদান সদাস্মৰণীয় । মানৱ ধৰ্মৰে দীক্ষিত এই মহীয়সী নাৰী গৰাকীৰ স্থায়ী ঠিকনা আজাৰাৰ ‘ত্ৰিকন্যালয়’। তিনিখন ভিন্ন ক্ষেত্ৰৰপৰা অহা তিনিগৰাকী বহলমনা নাৰীৰ আবাসস্থলী ‘ত্ৰিকন্যালয়’ । তিনিও অবিবাহিতা । এগৰাকী অনিতা বৰুৱা, আনগৰাকী অঞ্জনা বৰা । চাকৰি জীৱনত লগ পোৱা এই তিনি নাৰীৰ জীৱিকাৰ ক্ষেত্ৰখন একে বা সমমানৰ নাছিল যদিও একেলগে থকাৰ প্ৰস্তাৱ আগবঢ়াইছিল চম্পা বড়া বাইদেৱে । এতিয়া তিনিও বাই-ভনীৰ দৰে । সকলোৱে সম্বোধন কৰে ডাঙৰ বাইদেউ, মাজু বাইদেউ আৰু সৰু বাইদেউ বুলি । চাকৰিৰ তাগিদাত অসমৰ চুক-কোণ চলাথ কৰা বাইদেৱে ভাৰতৰ বিভিন্ন ঠাইলৈ যোৱাৰ সুযোগ লাভ কৰিছে । এই ধাৰ্মিক নাৰীগৰাকীয়ে আপোন কৰি লোৱা এটা পৰিয়ালৰ বাবেই ১৯৮৪ চনত সুদূৰ ব্ৰিটেইন ভ্ৰমণৰ সুযোগ লাভ কৰিছিল ।

ইলোৰা বিজ্ঞান মঞ্চলৈ দেহ-দান কৰি থোৱা বাইদেৱে ২৯/১১/২০১৭ তাৰিখে ৮২ বছৰ সম্পূৰ্ণ কৰিলে । জন্মদিনৰ এই শুভক্ষণত তেখেতৰ সুস্বাস্থ্য আৰু শতায়ু কামনা কৰিলোঁ ।

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!